অসমীয়া ভ্ৰমণ সাহিত্য : চমু আলোচনা
(অসমীয়া সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ল ভ্ৰমণ সাহিত্য। ভ্ৰমণ সাহিত্যৰ গুৰুত্ব আৰু অসমীয়া সাহিত্যত ইয়াৰ চৰ্চা সম্পৰ্কে সাৰথিৰ পাঠকলৈ এক চমু লেখা )
মানুহ স্বভাৱতে ভ্ৰমণ বিলাসী। সকলো মানুহৰে ভ্ৰমণৰ দুৰ্বাৰ আকাংক্ষা থাকে। অৱশ্যে সকলো মানুহৰ ভ্ৰমণৰ উদ্দেশ্য ভিন্ন। কোনোৱে নয়নৰ তৃপ্তিৰ বাবে, কোনোৱে শিক্ষা বা জ্ঞান লাভৰ বাবে, কোনোৱে আত্মাৰ পৰিশুদ্ধি আৰু পূণ্য অৰ্জনৰ বাবে, কোনোৱে আৱিস্কাৰৰ আগ্ৰহত, কোনোৱে স্বাস্থ্যজনিত কাৰণত আৰু কোনোৱে কেৱল ভ্ৰমণৰ হেঁপাহত ভ্ৰমণ কৰে। ভ্ৰমণৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ স্বাদ নিজৰ মাজতে আবদ্ধ নাৰাখি আনকো তাৰ ভাগ দিয়াৰ চেষ্টাৰ ফলশ্ৰুতিত সৃষ্টি হৈছে ভ্ৰমণ সাহিত্য।
লেখকে ভ্ৰমণৰ বাস্তৱ অভিজ্ঞতাক নিজস্ব ৰচনাশৈলীৰে, ভাষাৰ মাধুৰ্যৰে সাহিত্য গুণ প্ৰয়োগ কৰি যেতিয়াই লিখিত ৰূপ দিয়ে তাকে ভ্ৰমণ সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। গতিকে ভ্ৰমণ সাহিত্য হৈছে দেশ-বিদেশ ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতাৰ ফচল। বাস্তৱ তথ্য সমৃদ্ধ হোৱাৰ কাৰণেই এই শ্ৰেণীৰ সাহিত্যই সকলো ভাষাতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভ্ৰমণ সাহিত্যও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ভ্ৰমণ সাহিত্যসমূহে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সেয়েহে গদ্য সাহিত্যৰ ক্ষেত্ৰখনত ভ্ৰমণ সাহিত্যৰ যথেষ্ট গুৰুত্ব লক্ষ্য কৰা যায়।
ভ্ৰমণ সাহিত্যৰ বৈশিষ্ট্য
আন আন সাহিত্যৰ দৰে ভ্ৰমণ সাহিত্যৰ ক্ষেত্ৰটো কেইটামান বৈশিষ্ট্য পৰিলক্ষিত হয়।
- ১) ভ্ৰমণ সাহিত্য ব্যক্তিনিষ্ঠ সাহিত্য। এই সাহিত্য সম্পূৰ্ণৰূপে লেখকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত। ইয়াত লেখকে ভ্ৰমণ কৰা ঠাইৰ বৰ্ণনাৰ লগতে নিজৰ চিন্তা, অভিব্যক্তি আৰু দৃষ্টিভংগীৰ প্ৰকাশ ঘটায়।
- ২) ভ্ৰমণ সাহিত্য হ’বলৈ হ’লে লেখকজনৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি, কাব্যিক সংবেদনশীল মন আৰু ভাষাৰ প্ৰকাশ সাৱলীল হোৱা প্ৰয়োজন।
- ৩) কোনো এখন ঠাইৰ প্ৰাকৃতিক, সাংস্কৃতিক, সামাজিক আদি দিশৰ বৰ্ণনাই ভ্ৰমণ সাহিত্যৰ সৃষ্টি নকৰে। ভ্ৰমণ সাহিত্য হ’বলৈ লেখাটোৰ সাহিত্যিক মূল্য থাকিব লাগিব।
বিষয়বস্তু অনুসৰি অসমীয়া ভ্ৰমণ সাহিত্যক দুটা ভাগত ভাগ কৰিব পাৰি। অন্তৰ্দেশীয় ভ্ৰমণ সাহিত্য আৰু বহিৰ্দেশীয় ভ্ৰমণ সাহিত্য।
অন্তৰ্দেশীয় ভ্ৰমণ সাহিত্য
দেশৰ সীমাৰ ভিতৰতে ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ৰচিত সাহিত্যক অন্তৰ্দেশীয় ভ্ৰমণ সাহিত্য বুলিব পাৰি –
ক) তীৰ্থভ্ৰমণ সম্পৰ্কীয় ভ্ৰমণ সাহিত্য
খ) অৱসৰ বিনোদনৰ উদ্দেশ্যে কৰা ভ্ৰমণৰ আধাৰত ৰচিত ভ্ৰমণ সাহিত্য
গ) উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় ভ্ৰমণ সাহিত্য
ঘ) শৈক্ষিক উদ্দেশ্যেৰে কৰা ভ্ৰমণৰ আধাৰত ৰচিত ভ্ৰমণ সাহিত্য
বহিৰ্দেশীয় ভ্ৰমণ সাহিত্য
বিদেশলৈ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ আধাৰত ৰচিত সাহিত্যক বহিৰ্দেশীয় ভ্ৰমণ সাহিত্য বুলিব পাৰি-
ক) শৈক্ষিক উদ্দেশ্যেৰে কৰা ভ্ৰমণৰ আধাৰত ৰচিত ভ্ৰমণ সাহিত্য
খ) অৱসৰ বিনোদনৰ উদ্দেশ্যে কৰা ভ্ৰমণৰ আধাৰত ৰচিত ভ্ৰমণ সাহিত্য
অসমীয়া ভ্ৰমণ সাহিত্যৰ ইতিহাস
অসমীয়া ভ্ৰমণ সাহিত্যৰ ঐতিহ্য খুব বেছি প্ৰাচীন নহয়। প্ৰথম অৱস্থাত ভ্ৰমণ সাহিত্যই সাহিত্যৰ আন বিভাগৰ সমানেই বিকাশ লাভ নকৰিলেও বৰ্তমান সময়ত ভ্ৰমণ সাহিত্যই উল্লেখযোগ্য স্থান দখল কৰিছে।
প্ৰাচীন যুগৰ অসমীয়া ভ্ৰমণ সাহিত্যৰ প্ৰথম নিদৰ্শনৰূপে ‘বৃন্দাবন চৰিত্ৰ’ৰ কথা উল্লেখ কৰিব পাৰি। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ (১৬৪৫-৬৩ খৃঃ) ৰাজত্ব কালত ৰাম মিশ্ৰই ৰচনা কৰা ‘বৃন্দাবন চৰিত্ৰ’ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। এই ভ্ৰমণ বৃত্তান্তত ৰাম মিশ্ৰই বৃন্দাবন ভ্ৰমণ কৰি আহি সেই অঞ্চনৰ ভূগোল, ইতিহাস আৰু লোক-কথা সংগ্ৰহ কৰি মনোৰম পদত ৰচনা কৰিছে।
স্বৰ্গদেউ ৰুদ্ৰ সিংহই ত্ৰিপুৰাৰ ৰজা ৰত্নমাণিক্যৰ ৰাজ সভালৈ পঠিওৱা ৰত্ন কন্দলী আৰু অৰ্জুন দাস বৈৰাগী নামৰ কটকী দুজনে ৰচনা কৰা ত্ৰিপুৰা বুৰঞ্জী (১৭২৪)খনকো ভ্ৰমণ সাহিত্যৰ মৰ্যদা দিব পাৰি। আহোম যুগীয়া বাস্তৱ ধাৰাৰ গদ্যত ৰচিত এই পুথিত লেখকদ্বয়ে ত্ৰিপুৰালৈ যোৱা বাট-পথ, ত্ৰিপুৰা ৰজাৰ নগৰ, ৰাজদৰবাৰ, লোক-সংস্কৃতি, ধৰ্মবিশ্বাস, মন্দিৰ-দুৰ্গৰ স্থাপত্য আদিৰ তথ্যসমৃদ্ধ বিতং বৰ্ণনা দিছে।
অষ্টাদশ শতিকাত সংকলিত গুৰুচৰিত-কথাৰ মাজতো শংকৰদেৱ আৰু তেওঁৰ শিষ্য-প্ৰশিষ্যৰ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থ-ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণিত হৈছে। সেয়ে চৰিত পুথিৰ মাজতো ভ্ৰমণ সাহিত্যৰ বহুখিনি উপাদান লুকাই আছে।
আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য
আধুনিক অসমীয়া ভ্ৰমণ সাহিত্যৰ অংকুৰণ ঘটিছিল ‘অৰুনোদই’ আলোচনীৰ পাতত। ১৮৪৯ চনৰ আগষ্ট সংখ্যা ‘অৰুনোদই’ত প্ৰকাশিত ‘আমেৰিকালৈ জোআ এজন নগাওঁ স্কুলৰ চাতৰৰ পৰা’ শিৰোনামৰ লেখাটোতেই অসমীয়া ভ্ৰমণ কাহিনীৰ বীজ নিহিত আছিল বুলিব পাৰি। নিচেই চুটি লেখাটো আছিল এখন চিঠি। লুচি এন হেইডেন নামৰ ছাত্ৰজনে ১৮৪৯ চনৰ মে’ মাহত চিঠিখন লিখিছিল। ১৮৫২ চনৰ ফেব্ৰুৱাৰী মাহৰ ‘অৰুনোদই’ত ‘তিনিজন ভাইৰ মিস্যনেৰি জাত্ৰা’ শীৰ্ষক নিধিলিবাই ফাৰৱেলৰ ৰচনাখনকো ভ্ৰমণ বৃত্তান্তৰ শাৰীত ধৰিব পাৰি।
আধুনিক অসমীয়া ভ্ৰমণ কাহিনীৰ বাটকটীয়াৰূপে গুণাভিৰাম বৰুৱাদেৱক অভিহিত কৰা হয়। ‘জোনাকী’ৰ দ্বিতীয় বছৰৰ অষ্টম সংখ্যালৈকে প্ৰকাশিত তেওঁৰ ‘সৌমাৰ ভ্ৰমণ বৃত্তান্ত’ নামৰ প্ৰবন্ধলানিয়ে প্ৰকৃত অসমীয়া ভ্ৰমণ বিষয়ক ৰচনাৰ প্ৰথম নিদৰ্শন। ডায়েৰিৰ আৰ্হিত লিখা এই ভ্ৰমণ বৃত্তান্তত সৌমাৰপীঠে সামৰি লোৱা ঊনবিংশ শতিকাৰ অসমৰ যাতায়ত, যোগাযোগ আদিৰ উপৰি এই ঠাইবোৰৰ সৈতে জড়িত বুৰঞ্জী আৰু পুৰাণৰ ঘটনাবোৰো ইয়াত বৰ্ণিত হৈছে। এই ভ্ৰমণ বৃত্তান্ত হৈছে অন্তৰ্দেশীয় ভ্ৰমণ সাহিত্যৰ উদাহৰণ।
দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ‘আৱাহন’ত খণ্ড খণ্ডকৈ বিকাশ চন্দ্ৰ গোঁহাইৰ ‘বিলাত ভ্ৰমণ’ শীৰ্ষক এক আকৰ্ষণীয় ভ্ৰমণ বৃত্তান্ত প্ৰকাশ হৈছিল। সেইদৰে মাধৱ বেজবৰুৱাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ ভ্ৰমণৰ বৰ্ণনা আৱাহনত লিখিছিল।
লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত জ্ঞানদাভিৰাম বৰুৱাৰ ‘বিলাতৰ চিঠি’ অসমীয়া ভ্ৰমণ সাহিত্যৰ দ্বিতীয়টো নিদৰ্শন। গ্ৰন্থাকাৰে এই ভ্ৰমণ কাহিনী ১৯৩৯ চনত প্ৰকাশ পায়। ১৮৩৯ চনত লিখা আনন্দচন্দ্ৰ আগৰৱালাৰ ‘ব্ৰহ্মযাত্ৰীৰ ডায়েৰি’ হৈছে বহিৰ্দেশীয় ভ্ৰমণ কাহিনী। সেই দিশৰ পৰা এই ভ্ৰমণ বৃত্তান্তৰ অসমীয়া সাহিত্যত গুৰুত্বপূৰ্ণ স্থান আছে। লগতে লক্ষ্মীনাথ ফুকনৰ ‘উত্তৰ-পশ্চিম’ আদি প্ৰাক্-স্বাধীনতা কালৰ উপাদেয় ভ্ৰমণ কাহিনীৰ যোগেদি অসমীয়া ভ্ৰমণ সাহিত্য ক্ৰমবিকাশৰ পথত আগবাঢ়ে।
স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত অসমীয়া ভ্ৰমণ সাহিত্য বিশেষ চহকী হৈ উঠে। এই কালছোৱাত অসমৰ জীৱনধাৰালৈ পৰিৱৰ্তন আহিল। দেশ-দেশান্তৰত ভ্ৰমণ কৰা সহজ আৰু সুবিধা হোৱাত ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক আৰু বাণিজ্যিক উদ্দেশ্য আগত ৰাখি বহুতো মানুহে বিদেশ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিলে। ফলস্বৰূপে অসমীয়া ভাষাত ভ্ৰমণ বৃত্তান্ত ক্ৰমাগতভাৱে বৃদ্ধি পালে। স্বাধীনতাৰ পৰৱৰ্তী কালৰ অসমীয়া ভ্ৰমণ কাহিনীসমূহক দুটা ভাগত ভাগ কৰিব পাৰি – ক) ভাৰত ভ্ৰমণ সম্পৰ্কীয় খ) বিদেশ ভ্ৰমণ সম্পৰ্কীয়।
ক) ভাৰত ভ্ৰমণ সম্পৰ্কীয়ঃ
ভাৰত সম্পৰ্কীয় ভ্ৰমণ কাহিনীৰো দুটা ভাগ- তীৰ্থ ভ্ৰমণ আৰু সাধাৰণ ভ্ৰমণ। তীৰ্থ ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থৰ ভিতৰত সুব্ৰতা বৰুৱাৰ ‘হিমতীৰ্থ বদ্ৰীনাথ’(১৯৬২), দেৱেশ্বৰ গোস্বামীৰ ‘ভ্ৰমণ পথত’(১৯৬৮), শ্ৰীনাথ দেৱগোস্বামীৰ ‘ভাৰত তীৰ্থ কাহিনী’(১৯৭১), হেমলতা দত্তৰ ‘অলকানন্দাৰ পৰা সাগৰ তীৰলৈ’(১৯৭৮), লাৱণ্য দেৱীৰ ‘ভাৰত তীৰ্থৰ বাটে বাটে’(১৯৮০), নিৰুপমা কটকীৰ ‘দেৱভূমি বদ্ৰীনাথৰ পৰা দেৱী কন্যাকুমাৰী’, সৰোজবালা দত্তৰ ‘শান্তিৰ সন্ধান’ ইত্যাদি।
সাধাৰণ ভ্ৰমণ কাহিনীৰ ভিতৰত হৰিনাৰায়ণ দত্তবৰুৱাৰ ‘ভাৰত ভ্ৰমণ’, ধৰ্ম দত্ত শৰ্মাৰ ‘দক্ষিণাৱতী’, মুস্তাফিজুৰ ৰহমানৰ ‘তুষাৰ মৰুৰ প্ৰান্তত’, হেমন্ত কুমাৰ শৰ্মাৰ ‘কাবেৰীৰ পাৰে পাৰে’, আটাওৰ ৰহমানৰ ‘ভাৰত ভ্ৰমিলো’, খগেন্দ্ৰ নাথ দাসৰ ‘ভাৰত দৰ্শন’, ৰমা বৰঠাকুৰৰ ‘ভাৰত দৰ্শন’, ৰোহিনী কুমাৰ কাকতিৰ ‘হিম কন্যা’, দেৱেন্দ্ৰনাথ বৰাৰ ‘ৰাজতৰঙ্গিনী কাশ্মীৰ’, ‘দেৱভূমি ভাৰত’ আদি। অনু বৰুৱাৰ ‘দিল্লীৰ ডুখৰীয়া ছবি’ত দিল্লীৰ বৈচিত্ৰময় জীৱনৰ ছবি অংকিত হৈছে।
দিপীকা ভট্টাচাৰ্য্যৰ কেইবাখনো ভ্ৰমণ বৃত্তান্ত প্ৰকাশ হৈছে। সেইবোৰ হ’ল ‘গিৰিতীৰ্থ কেদাৰবদ্ৰী’, ‘কুম্ভমেলাৰ মধুৰ স্মৃতিত’, ‘ত্ৰিকূটেশ্বৰী বৈষ্ণু দেৱী’, ‘স্মৃতিৰ পাপৰি মেলি’, ‘মন্দিৰ নগৰী ভুৱনেশ্বৰ’, ‘মোহময় কুমায়ূনৰ প্ৰান্তৰে প্ৰান্তৰে’, ‘অপৰূপা কিন্নৰ’ আদি। উত্তৰাখণ্ডৰ হিমালয় ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ অনিল কুমাৰ ভূঞাৰ ‘ৰূপতীৰ্থ কুমায়ুন হিমালয়’ আৰু ‘হিমালয়ৰ প্ৰান্তে প্ৰান্তে’। ভাৰতবৰ্ষৰ প্ৰতিবেশী নেপাল ভ্ৰমণ সম্পৰ্কীয় মনোৰম ভ্ৰমণ কাহিনী হৈছে দিপীকা ভট্টাচাৰ্য্যৰ ‘মোহময় নেপাল’, যতীন গোস্বামীৰ ‘বাগ্মতী দেখিছোঁ’, শিৱানন্দ শৰ্মাৰ ‘ৰূপহী নেপাল আৰু মুক্তি ক্ষেত্ৰ’ ইত্যাদি।
পৰ্বতাৰোহণৰ কাহিনীৰে ৰচিত প্ৰণয় বৰদলৈৰ ‘হিমালয়ৰ শিখৰে কন্দৰে’ গ্ৰন্থখন অসমীয়া ভ্ৰমণ সাহিত্যত এক উল্লেখযোগ্য সংযোজন। হিমালয়ৰ দুৰ্গম অঞ্চল ভ্ৰমণ কৰি গোটোৱা অভিজ্ঞতাৰে ৰচনা কৰা কুসুম উজীৰৰ ‘দুৰ্গম গিৰিতীৰ্থ মুক্তিনাথ’ গ্ৰন্থখনো উল্লেখযোগ্য।
অন্তৰ্দেশীয় ভ্ৰমণ কাহিনীৰ ভিতৰত অসমীয়া ভাষাত উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থৰ ভিতৰত লক্ষেশ্বৰ শৰ্মাৰ ‘মিচিমি পাহাৰৰ ৰণশিঙা’, লীলা গগৈৰ ‘সীমান্তৰ মাটি আৰু মানুহ’, হেমলতা বৰাৰ ‘সেউজীয়া পাহাৰৰ মাজে মাজে’, চন্দ্ৰ বৰদলৈৰ ‘লিমেকিঙৰ পৰা ইটানগৰলৈ’ আদি ঘাইকৈ অৰুণাচল প্ৰদেশৰ জনজীৱন, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ আভাস থকা ভ্ৰমণ কাহিনী।
খ) বিদেশ ভ্ৰমণ সম্পৰ্কীয়ঃ
স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত পৰ্যটন উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰে বিদেশ ভ্ৰমণ অধিক সুচল কৰি তুলিলে। আমেৰিকাৰ সৈতে ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিশেষ আদান-প্ৰদান ঘটিল। ফলত আমেৰিকা ভ্ৰমণ বিষয়ক গ্ৰন্থও অসমীয়া ভাষাত ৰচনা হ’বলৈ ধৰিলে। এই সময়চোৱাৰ আটাইতকৈ শক্তিশালী আৰু আলোড়ন সৃষ্টিকাৰী লেখকজন হ’ল হেম বৰুৱা। হেম বৰুৱাৰ ‘সাগৰ দেখিছা’(১৯৫৪) আমেৰিকা ভ্ৰমণ বিষয়ক প্ৰথম অসমীয়া গ্ৰন্থ।
আমেৰিকা ভ্ৰমণ সম্পৰ্কীয়
১৯৫৩ চনৰ ৬ ডিচেম্বৰত আমেৰিকা ভ্ৰমণৰ বাবে যাত্ৰা কৰা হেম বৰুৱাই তিনিকুৰি সোতৰ দিন ধৰি নিউয়ৰ্ক, ৱাছিংটন, বুষ্টন, চিকাগো, ছানফ্ৰান্সিস্কো, দাৰহাম্, লছ-এঞ্জেলছ্ আদি মহানগৰ ভ্ৰমণ কৰি ‘সাগৰ দেখিছা’ ৰচনা কৰিছিল। বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰে ৰচনা কৰা তেওঁৰ আন আন বিখ্যাত গ্ৰন্থকেইখন হ’ল- ‘ৰঙা কৰৱীৰ ফুল’(১৯৬৯), ‘ইজৰাইল’(১৯৬৫) আৰু ‘মেকং নৈ দেখিলো’(১৯৬৭)। তদুপৰি তেওঁৰ ‘সানমিহলি’ গ্ৰন্থখনত ব্ৰহ্মদেশ আৰু ইজিপ্ত ভ্ৰমণৰ অভিজ্ঞতাৰ প্ৰবন্ধও সন্নিবিষ্ট হৈছে।
বিংশ শতিকাৰ ৬০ৰ দশকৰ আমেৰিকাৰ শিক্ষা, সংস্কৃতি, গাৰ্হস্থ্য, ৰীতি-নীতি আদিৰ বিষয়ে বিস্তৃত বিৱৰণ থকা এখন উল্লেখযোগ্য ভ্ৰমণ বৃত্তান্ত হ’ল- বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘প্ৰফেচাৰ বৰুৱাৰ চিঠি’(১৯৬৮)। লোক-সংস্কৃতিৰ ভিজিটিং প্ৰফেচাৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত আঠমাহ কাল অধ্যাপনা কৰাৰ বিৰল অভিজ্ঞতাৰে ৰচনা কৰা এই গ্ৰন্থখন এখন উপাদেয় ভ্ৰমণ বৃত্তান্ত। প্ৰফুল্ল দত্ত গোস্বামীয়েও ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগত ভিজিটিং প্ৰফেচাৰ হিচাপে কাৰ্যভাৰ লৈ নিউয়ৰ্ক, ৱাছিংটন প্ৰমুখ্যে আমেৰিকাৰ বহু ঠাই ভ্ৰমণ কৰিছিল। মুখ্যতঃ আমেৰিকা ভ্ৰমণক কেন্দ্ৰ কৰি ‘পৃথিৱীৰ চৌপাশে এপাক’(১৯৬৮) নামৰ ভ্ৰমণ কাহিনী এখন তেওঁ লিখি উলিয়ায়।
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘আমেৰিকাৰ চিঠি’(১৯৭৪) ও এখন মনোৰম ভ্ৰমণ কাহিনী। নগেন শইকীয়াৰ ‘আমেৰিকাত দহ দিন’(১৯৯৩) আধুনিক অসমীয়া ভ্ৰমণ সাহিত্যৰ এক উল্লেখযোগ্য সংযোজন। বিংশ শতিকাৰ আমেৰিকাৰ ৰাজনৈতিক, সামাজিক, পাৰিবাৰিক আৰু প্ৰযুক্তিগত প্ৰগতিৰ দিশৰ স্পষ্ট ছবি আঁকিবলৈ সক্ষম হৈছে ‘মহাসমুদ্ৰৰ সিপাৰে’(১৯৯৭) নামৰ গ্ৰন্থত ৰথীন্দ্ৰনাথ গোস্বামীয়ে। জীৱনৰ বহুদিন বিদেশ ভ্ৰমণত কটোৱা ভূপেন হাজৰিকাৰ একমাত্ৰ ভ্ৰমণ গ্ৰন্থখন হ’ল ‘দিহিঙে-দিপাঙে’(১৯৮৩)। লক্ষ্মীনন্দন বৰাৰ আমেৰিকা ভ্ৰমণ বিষয়ক ‘সীমাৰ পৰিধি ভেদি’(১৯৯৭) পশ্চিমীয়া সমাজখনৰ লগত ভাৰতীয় সমাজৰ তুলনামূলক আলোচনা থকা এখন সুখপাঠ্য ভ্ৰমণ গ্ৰন্থ।
কৰৱী ডেকা হাজৰিকাৰ ‘নীলা সাগৰ আৰু সোণালী দেশ’(২০০০) ফ্ল’ৰিডা বিশ্ববিদ্যালয়লৈ এখন ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ যোৱা লেখিকাৰ ফ্ল’ৰিডা, অৰ্ণাণ্ডো, লণ্ডন আৰু ছিংগাপুৰ ভ্ৰমণৰ বিচিত্ৰ অভিজ্ঞতাৰঞ্জিত কাব্যিক অনুভূতিলদ্ধ ৰচনা।
ইংলেণ্ড ভ্ৰমণ সম্পৰ্কীয়
ইংলেণ্ড ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণিত বহুকেইখন অসমীয়া ভ্ৰমণ গ্ৰন্থ আছে। প্ৰফুল্ল দত্ত গোস্বামীৰ ‘সোণ ৰূপৰ নহয় ই দেশ’(১৯৫৮), ‘বিলাতত থকা সাতমহীয়া অভিজ্ঞতাৰ বিৱৰণ’। পেৰিছৰ চীয়েন নদীৰ পাৰৰ মানুহৰ ছবি উদ্ভাসিত হৈছে উমা বৰুৱাৰ ‘ইউৰোপৰ বাটত’, অনু বৰুৱাৰ ‘সাগৰ দেখিলো’, ক্ষীৰদা কুমাৰী বৰুৱাৰ ‘স্মৃতিমুখৰ ইউৰোপ’, বাসন্তী গোস্বামীৰ ‘অন্য এক দিগন্ত’, চৈয়দ আব্দুল মালিকৰ ‘চিনাকি দ্বীপৰ তটৰেখা’, লক্ষ্মীনন্দন বৰাৰ ‘পশ্চিমৰ পম খেদি’ আৰু ‘জোৰা লগা জাৰ্মেনীত’ আদি উল্লেখযোগ্য।
অসমীয়া ভ্ৰমণ সাহিত্য বিশেষভাৱে সমৃদ্ধ কৰিছে গৌতম প্ৰসাদ বৰুৱাই। ‘দেশে দেশে নানা ৰং : শিল্পীৰ দেশত’, ‘সাত সাগৰৰ সংগম’, ‘নতুন বিশ্বৰ ঘটনা’ আদি তেওঁৰ প্ৰকাশিত ভ্ৰমণ কাহিনীত সংবেদনশীল বুদ্ধিদীপ্ত মনৰ প্ৰকাশ ঘটিছে।
চীন আৰু ৰাছিয়া ভ্ৰমণ সম্পৰ্কীয়
চীন ভ্ৰমণ সম্পৰ্কীয় ৰচনাৰ ভিতৰত দিলীপ শৰ্মাৰ ‘চীন ভ্ৰমণ’ত লেখকে ৬০ৰ দশকৰ কমিউনিষ্ট চীনৰ বিষয়ে কিছু তথ্য দাঙি ধৰিছে। হেমাংগ বিশ্বাসৰ চীন ভ্ৰমণ সম্পৰ্কীয় দুখন গ্ৰন্থ ‘চীন চাই আহিলো’, ‘আকৌ চীন চাই আহিলো’ত চীনৰ ৰাজনৈতিক জীৱনধাৰাৰ লগতে সাংস্কৃতিক জীৱনধাৰাৰো আভাস পাব পাৰি।
স্বাধীনতাৰ পাছত ভাৰতবৰ্ষৰ লগত ৰাছিয়াৰ সম্পৰ্ক ৰাজনীতি, অৰ্থনীতি, সাহিত্য-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত স্থাপিত হয়। ৰাছিয়া ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থৰ ভিতৰত চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত সমগ্ৰ ছোভিয়েট ৰাষ্ট্ৰ ভ্ৰমণ কৰি ৰচনা কৰা ‘মাজত মাথোন হিমালয়’ উল্লেখযোগ্য ভ্ৰমণ গ্ৰন্থ। সুৰেন্দ্ৰ মোহন দাসৰ ‘টলষ্টয়ৰ দেশত’ ৬০ৰ দশকত ৰচনা হোৱা এখন উল্লেখযোগ্য ভ্ৰমণ বৃত্তান্ত।
সাম্প্ৰতিক অসমীয়া ভ্ৰমণ সাহিত্য
সাম্প্ৰতিক সময়ছোৱাত দেশ-বিদেশ ভ্ৰমণ সম্পৰ্কীয় যথেষ্ট ভ্ৰমণ কাহিনী ৰচিত হৈছে। মুকুল কুমাৰ শৰ্মাৰ ‘দেশ-দেশান্তৰৰ কাহিনী’, ‘অভিজ্ঞতা দেশ-বিদেশৰ’, টংকেশ্বৰ বৈৰাগীৰ ‘আমেৰিকা যুক্তৰাষ্ট্ৰত এভুমুকি’, অদীপ কুমাৰ ফুকনৰ ‘মিচিচিপি পাৰৰ টুকুৰা খবৰ’, হেমলতা দত্তৰ ‘আটলান্টিকৰ ইপাৰ-সিপাৰ’, বিকাশ বৰুৱাৰ ‘লাষ্ট ষ্টপেজ ছান্তামণিকা’, হীৰেণ গোঁহাইৰ ‘আখ্যানৰ আঁৰৰ আমেৰিকা’, গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘ডেফ’ডিল ফুল দেখিছা’ আদি আমেৰিকাৰ ভ্ৰমণ অভিজ্ঞতা নিহিত থকা গুৰুত্বপূৰ্ণ ভ্ৰমণ সাহিত্যৰ নিদৰ্শন।
কিৰণ তামুলীৰ ‘টেমছৰ দুয়ো পাৰ’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মেঘালীৰ আঁৰে আঁৰে টেমছৰ পাৰে পাৰে’, অৱনী কুমাৰ ভাগৱতীৰ ‘দেশ নৈ আৰু মানুহ’, শান্তনু নন্দন শৰ্মাৰ ‘লণ্ডনত সংবাদ বুটলোতে’ আদি উল্লেখযোগ্য ভ্ৰমণ বৃত্তান্ত। সুনীল কুমাৰ শইকীয়াৰ ‘অপৰূপা ইউৰোপ’, জয়ন্তী চুতীয়াৰ ‘বিথোভেনৰ ঘৰত এৰাতি’, অনন্ত হাজৰিকাৰ ‘সপোনৰ ইউৰোপ দিঠকৰ ভ্ৰমণ’, ৰীণা বৰাৰ ‘মৰুভূমিত দুনিশা’ ইত্যাদি ভ্ৰমণ কাহিনীবোৰ বহু দিশৰ পৰা মূল্যবান।
সাহিত্য জাতি তথা সমাজৰ দাপোনস্বৰূপ। ভ্ৰমণ সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। ভ্ৰমণ সাহিত্যত বিভিন্ন ঠাইৰ বৰ্ণনাৰ লগতে মানৱ জাতিৰ জীৱন তথা সমাজ-সংস্কৃতিৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। সেয়ে গদ্য সাহিত্যৰ ক্ষেত্ৰখনত ভ্ৰমণ সাহিত্যৰ যথেষ্ট গুৰুত্ব আছে।
আৰু পঢ়ক প্ৰত্ন অসমীয়া সাহিত্যৰ পৰিচয়
[…] আৰু পঢ়ক – অসমীয়া ভ্ৰমণ সাহিত্য […]
এ ই লেখাটোৰ লেখকজনৰ নাম টো জনাবচোন…লগতে কন্টেক নংটো
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ। বিশেষ কাৰণত সাৰথি গোটৰ সদস্য তথা লেখকজনক ৰাজহুৱা কৰিব খোজা নাই, আপোনাৰ জানিবলগীয়া বা আপত্তি থাকিলে আমাক মেইলযোগে অৱগত কৰিব। ধন্যবাদ