প্ৰত্ন অসমীয়া সাহিত্যৰ পৰিচয়
প্ৰত্যেক ভাষাৰে লিখিত ৰূপ সৃষ্টি হোৱাৰ পূৰ্বে এক মৌখিক ৰূপ লক্ষ্য কৰা যায়। অসমীয়া সাহিত্যও তাৰ ব্যতিক্ৰম নহয়। অসমীয়া ভাষাৰ লিখিত ৰূপৰ আগতে এটা মৌখিক ৰূপ জনসমাজৰ মাজত প্ৰচলিত আছিল।
খ্ৰীষ্টীয় দশম শতিকা মানৰ পৰা অসমীয়া, বাংলা, হিন্দী, উৰিয়াকে আদি কৰি নব্য ভাৰতীয় ভাষাসমূহৰ উৎপত্তি হয়। অসমীয়া ভাষাৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে, প্ৰকৃত অসমীয়া ভাষাৰ নিদৰ্শন চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’হে পোৱা যায়।
কিন্তু তাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ আগৰ পৰ্যায়ত অসমীয়া ভাষাত কোনো কাব্য বা সাহিত্যৰ সৃষ্টি হোৱা নাছিল। যদিও সংৰক্ষণৰ অভাৱত বহুতো পুথি-পাঁজি লুপ্ত হৈ গৈছে। তথাপিও দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি অনুমান কৰা- চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূণ্য পুৰাণ আদি গ্ৰন্থত অসমীয়া সাহিত্য বা কবিতাৰ প্ৰাচীনতম নিদৰ্শন পোৱা যায়।
চৰ্যাপদ
কাব্যিক গুণ নিহিত হৈ থকা অসমীয়া ভাষাত লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন স্বৰূপ চৰ্যাপদক চৰ্যাগীত, বৌদ্ধ গান বা দোহা নামেৰেও জনা যায়। চৰ্যাপদসমূহ বৌদ্ধ ধৰ্মৰ তান্ত্ৰিক সহজযান পন্থাৰ ধৰ্মীয় সাধনতন্ত্ৰৰ গীত। বৌদ্ধ ধৰ্মৰ সিদ্ধ পুৰুষসকলে ধৰ্মীয় আচাৰ-নীতি সমূহ গীত আকাৰে প্ৰচাৰ কৰিছিল।
চৰ্যাপদসমূহ উদ্ধাৰ হোৱা বৰ বেছি দিন হোৱা নাই। ১৯০৪ চনত বংগদেশৰ মহাহমোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজকীয় গ্ৰন্থাগাৰৰ পৰা চৰ্যাগীতিকোষ নামৰ এখন কিতাপ সংগ্ৰহ কৰে। এই পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা(লৌহিত্যপাদ), সৰহপা/সৰহপাদ, মীননাথ, মৎসেন্দ্ৰনাথ (মছীন্দ্ৰ) আদি সিদ্ধাচাৰ্যসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে।
এই গীতসমূহক বাংলাভাষী আৰু উৰিয়াভাষী পণ্ডিত সকলেও নিজৰ বুলি দাবী কৰি আহিছে। কিন্তু বাণীকান্ত কাকতিকে আদি কৰি কেইবাজনো অসমীয়া ভাষাবিদে যুক্তিৰ সহায়ত ফহিয়াই দেখুৱাইছে যে, ভাষাগত আৰু ব্যাকৰণগত দিশৰ পৰা চৰ্যাপদসমূহ অসমীয়াৰ অধিক কাষ চপা।
পাঠকৰ আগ্ৰহৰ বাবে কেইটামান চৰ্যাপদৰ উদাহৰণ দাঙি ধৰা হ’ল-
- (১) কা অ তৰুবৰ পঞ্চ বি ডাল
চঞ্চল চীত্ৰ পইঠো কাল। - (২) দিঢ় কৰিঅ মহাসুহ পৰিমাণ
লুই ভনই গুৰু পুচ্ছিঅ জ্ঞান।
এই চৰ্যাগীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নিৰ্বাণ লাভৰ উপায় সম্পৰ্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক নাশ কৰি অহংভাৱৰ বিলুপ্তি ঘটাই শূণ্যতাত স্থিত হ’ব পাৰিলেই যে, সহজানন্দ লাভ হয়, এই কথাও চৰ্যাপদসমূহৰ মাজেদি বুজাবলৈ যত্ন কৰা হৈছে।
বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন
খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি প্ৰমাণ পোৱা আৰু এখন উল্লেখযোগ্য কাব্য পুথি হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। এই পুথিখনত অসমীয়া আৰু বংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন পোৱা যায়।এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক আছিল বসন্তৰঞ্জন ৰায় বিদ্যুৎবল্লভ। তেওঁৰ ওপৰত অভিযোগ আছে যে, তেওঁ পুথিখনৰ সম্পাদনা কৰোঁতে অসমীয়া ভাষাৰ আৱৰণ গুচাই অত্যধিক বঙলুৱা কৰিবলৈ যাওঁতে পুথিখনক যথেষ্ট বিকৃত কৰি তুলিছিল। কিন্তু ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ জড়িয়তে শ্ৰীকৃষ্ণ কীৰ্তনত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা দৃঢ়তাৰে প্ৰমাণ কৰিছে।
এই পুথিখনত কৃষ্ণ, ৰাধা আৰু বড়াই(বৰ আই) এই তিনিটি চৰিত্ৰকে লৈ এটি প্ৰণয় কাহিনী তুলি ধৰা হৈছে। প্ৰকৃততে শ্ৰীকৃষ্ণ কীৰ্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখন মনোৰম কাব্য। ইয়াৰ কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। পুথিখনত ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে। কাব্যখনত অংকীয়া নাটৰ দৰে মাজে মাজে সংস্কৃত শ্লোক আছে আৰু পদবোৰত কথোপকথন থকাত কাব্যখনে নাটকীয় গুণ লাভ কৰিছে।
ৰমাই পণ্ডিতৰ শূণ্য পুৰাণ
শূণ্য পুৰাণৰ কবি ৰামাই পণ্ডিতৰ জন্মৰ সময় সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে। শূণ্য পুৰাণৰ সম্পাদকদ্বয় নগেন্দ্ৰনাথ বসু আৰু দীনেশ চন্দ্ৰ সেনৰ মতে, তেওঁ একাদশ শতিকাৰ লোক। আন কোনো কোনো পণ্ডিতে আকৌ তেওঁক চতুৰ্দশ আৰু পঞ্চদশ শতিকাৰ লোক বুলিও মত প্ৰকাশ কৰিছে। তেওঁৰ জন্মৰ সময় যিয়েই নহওক শূণ্য পুৰাণত প্ৰাচীন অসমীয়া ভাষাৰ শাব্দিক আৰু বৈয়াকৰণিক ৰূপলৈ লক্ষ্য কৰি পুথিখনক অসমীয়া আৰু বাংলাৰ পূবাৱস্থাৰ নাইবা উমৈহতীয়া নিদৰ্শন বুলি গণ্য কৰিব পাৰি। বঙালী সম্পাদকৰ হাতত পৰি অধিক বঙলুৱা হৈ পৰিলেও পুথিখনৰ বহু ঠাইত অসমীয়া ৰূপ স্পষ্ট ৰূপত বিদ্যমান।
পাঠকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি শূণ্য পুৰাণৰ কবিতাৰ এটি পংক্তি উদ্ধৃত কৰা হ’ল-
নাছিল জল থল নাহিছি আকাশ।
মেৰু মন্দাৰ নাছিল না (ছিল) কৈলাস।।
নাহি ছিষ্টি ছিল আৰ নাহি সুৰ নৰ।
ব্ৰহ্ম বিষ্ণু নাছিল নাছিল আঁবৰ।।
আৰু পঢ়ক চুডাংফা- অষ্টমজন আহোম স্বৰ্গদেউ
[…] পঢ়ক প্ৰত্ন অসমীয়া সাহিত্যৰ পৰিচয় […]
Please stop shows ads.. it’s disturbing