আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুডাংফা -আহোমৰ অষ্টমজন স্বৰ্গদেউ

( চুডাংফা অথবা বামুণী কোঁৱৰ আছিল আহোমৰ অষ্টমজন স্বৰ্গদেউ। চুডাংফা স্বৰ্গদেউৰ সম্পৰ্কে সাৰথিৰ পাঠকসকলৰ বাবে এক চমু লেখা )

১৩৮৭ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ সপ্তমজন স্বৰ্গদেউ ত্যাওখামথিৰ মৃত্যু ঘটিল। সেইসময়ত আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হ’বলৈ কোনো উপযুক্ত ৰাজকোঁৱৰ নাছিল। সেইহেতুকে ১৩৮৭ ৰ পৰা ১৩৯৭ লৈ প্ৰায় ১০টা বছৰ আহোম ৰাজ্যখন বুঢ়াগোঁহাই-বৰগোঁহাই সহিতে আন বিষয়াবৰ্গই শাসন কৰি আছিল। সেইসময়তে বিষয়াবৰ্গই হাবুংৰ ব্ৰাহ্মণৰ ঘৰত থকা ৰাজলক্ষণযুক্ত ল’ৰা এজনৰ খবৰ পালে।

তেতিয়া তেওঁলোকে গম লৈ নিশ্চিত হ’ল যে এই ৰাজলক্ষণযুক্ত ল’ৰাজন আন কোনো নহয়, এই ৰাজকোঁৱৰজন ত্যাওখামথি ৰজাৰ সৰু কুঁৱৰীৰ পুত্ৰ। তেতিয়াই সকলো আহোম ডা-ডাঙৰীয়া গৈ হাবুঙত উপস্থিত হ’ল আৰু সেই ৰাজকোঁৱৰজনক স-সন্মানে আহোম ৰাজ্যলৈ ৰাজধানীলৈ লৈ আহিল আৰু আহোমমতে চুডাংফা নাম লৈ আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হ’ল। চুডাংফাক বামুণৰ ঘৰত তুলি-তালি ডাঙৰ-দীঘল কৰা বাবে চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। 

শিঙৰি ঘৰত উঠা প্ৰথা –

চুডাংফা ওৰফে বামুণী কোঁৱৰ স্বৰ্গদেউৰ দিনৰে পৰাই আহোম ৰাজ্যত শিঙৰি ঘৰত উঠি অভিশেষ কৰাৰ প্ৰথা আৰম্ভ হয়। শিঙৰি ঘৰৰ খুঁটা, চটি, ৰুৱা, চাল সকলো শিঙৰি কাঠৰ থাকে। চুডাংফাৰ আগতে কোনো আহোম ৰজাই শিঙৰি ঘৰত উঠি ৰাজঅভিষেক কৰা নাছিল। 

ৰাজধানী স্থাপন –

চুডাংফা ওৰফে বামুণী কোঁৱৰৰ দিনতে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰিত কৰা হয়। চৰগুৱা হৈছে আহোম ৰাজত্বৰ দ্বিতীয়খন স্থায়ী ৰাজধানী। 

চুডাংফাৰ দিনত আহোম ৰাজ্যত হিন্দু ধৰ্ম –

চুডাংফা ওৰফে বামুণী কোঁৱৰৰ দিনতেই আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে হিন্দুধৰ্মই আহোম ৰাজ্যৰ ৰাজচ’ৰাত স্থান লাভ কৰে। চুডাংফা যিঘৰ বামুণৰ ঘৰত লালিত-পালিত হৈছিল,সেইঘৰত এখনি “লক্ষ্মীনাৰায়ণ শালগ্ৰাম” আছিল। সেই লক্ষ্মীনাৰায়ণ শালগ্ৰামখনিও তেতিয়াৰে পৰাই আহোম স্বৰ্গদেউ ৰাজচ’ৰাত পূজা কৰা হৈছিল। আৰু তাৰ লগতেই সেই হাবুঙীয়া বামুণৰ পুত্ৰসকলক আহোম ৰাজ্যৰ ৰাজধানীলৈ আনি বিষয়-বাব প্ৰদান কৰিলে। 

চুডাংফাৰ ৰাজত্বৰ বৰগোঁহাই আৰু বুঢ়াগোঁহাই –

স্বৰ্গদেউ চুডাংফাৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বুঢ়াগোঁহাই আছিল চাওচাইথুম আৰু বৰগোঁহাই আছিল নাংচুখাম। 

চুডাংফাৰ বিবাহ :

স্বৰ্গদেউ চুডাংফাই নাংচেং নামৰ এগৰাকী টিপামৰ গাভৰুক বিয়া কৰাইছিল। কিন্তু এই নাংচেং গাভৰুৰ বিবাহৰ পূৰ্বতেই তাইচুলাই নামৰ টিপামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। আৰু নাংচেং গাভৰুয়ে স্বৰ্গদেউ চুডাংফাৰ লগত বিবাহত বহাৰ পাছতো তাইচুলাইৰ লগত সম্পৰ্ক ৰাখিছিল। 

নৰা দেশৰ লগত বিবাদ :

স্বৰ্গদেউ চুডাংফাৰ কুঁৱৰী নাংচেংৰ পূৰ্বৰ প্ৰেমিক তাইচুলায়ে আহোম ৰাজ্যৰ পৰা নৰা ৰাজ্যলৈ গৈ নৰা ৰজাৰ আগত এইবুলি মিছাকৈ গোচৰ তৰেগৈ যে আহোম ৰাজ্যত আহোম ৰাজবংশৰ তেজ নথকা বামুণৰ পোৱালি এটা ৰাজপাটত বহিছে। 

এই কথাৰ বিষয়ে গম পায়েই নৰা ৰাজ্যৰ তেতিয়াৰ ৰজা চুৰমফাই আহোম ৰাজ্যৰ চুডাংফাৰ বিপক্ষে যুদ্ধ কৰিবলৈ তাইচুলাইৰ লগত নৰা ৰাজ্যৰ যোদ্ধা প্ৰেৰণ কৰে। তেতিয়া চুডাংফাৰ আহোম সৈন্যবাহিনীও আগুৱাই যায় আৰু দুয়োপক্ষৰ মাজত কুঁহিয়াৰবাৰীত যুদ্ধ হয়। কিন্তু তেনেতে আহোম আৰু নৰা ৰাজ্যৰ বৰগোঁহাই দুজন এই অভিসন্ধিৰ বিষয়ে অৱগত হয় আৰু যুদ্ধ স্থগিত কৰে আৰু ডই-কাউ-ৰঙ্গ পাহাৰক সীমাৰূপে লৈ তাতে নৰা আৰু আহোমে কুকুৰা কাটি মিত্ৰৰূপে শপত খায়। তেতিয়াৰ পৰাই এই পৰ্বতক পাটকাই পৰ্বত নামেৰে জনা যায়। 

কমতা ৰাজ্যৰ লগত বিবাদ –

নৰা ৰাজ্যৰ লগত আহোম ৰাজ্যৰ মিত্ৰতা স্থাপিত হোৱাত তাইচুলায়ে এইবাৰ কমতা ৰাজ্যৰ লগ লাগে আৰু কমতা ৰাজ্যৰ ৰজাৰ লগত চুডাংফাৰ আহোম ৰাজ্য আক্ৰমণ কৰাৰ পাং পাতে। 

আহোম ৰজা চুডাংফাই এই বিষয়ে গম পাই কমতা ৰাজ্যক তাইচুলাইক আহোমৰ হাতত গতাই দিবলৈ আহ্বান জনায় কিন্তু কমতা ৰজাই তাইচুলাইক আহোমক গতাই দিবলৈ অমান্তি হয়। আৰু তেতিয়াই চুডাংফাই সৈন্য-সামন্ত লৈ কমতা ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ে। তেনেস্থলত কমতা ৰজাই উপায়ন্তৰ হৈ তাইচুলাইক আহোমৰ হাতত গতাই চুডাংফা ৰজাৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হয় আৰু নিজৰ জীয়েক ভাজনীক চুডাংফালৈ বিয়া দিয়ে। 

মৃত্যু

মাথোঁ দহ(১০) বছৰ আহোম ৰাজ্য শাসন কৰি স্বৰ্গদেউ চুডাংফাই ১৪০৭ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি হয়। চুডাংফাই আহোম ৰাজ্যত প্ৰথমবাৰৰ বাবে নিজৰ নামত মোহৰ মৰাৰ কাম হাতত লয়। চুডাংফাৰ ৰাজত্বকালত আহোম সাম্ৰাজ্যৰ গৌৰৱ অক্ষত অৱস্থাত আছিল। চুডাংফাই আহোম ৰাজ্যত বহুতো নতুন প্ৰথাৰ আৰম্ভণি কৰি থৈ যায়। মুঠৰ ওপৰত চুডাংফাই শান্তি-সম্প্ৰীতিৰ মাজেৰেই তেওঁৰ ৰাজত্বকালৰ সমাপন কৰে। 

তথ্যসূত্ৰঃ

১। আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা

২। ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ

৩। সাতসৰী অসম বুৰঞ্জী – সূৰ্যকুমাৰ ভূঞা

3 2 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক চুডাংফা- অষ্টমজন আহোম স্বৰ্গদেউ […]

1
0
Would love your thoughts, please comment.x
()
x