তথ্যকোষসাময়িকী

মহেন্দ্ৰ সিং ধোনি ওৰফে মাহি আৰু ভাৰতীয় ক্ৰিকেট

    ২২ গজৰ খেল পথাৰত সাত নম্বৰ জাৰ্চি আজি তেওঁৰ বাবেই চিনাকি,তেওঁ হ’ল মহেন্দ্ৰ সিং ধোনি। বিশ্বৰ খেলজগতৰ এটা অতিকে জনপ্ৰিয় নাম ধোনি যি অগণন ক্ৰীড়াপ্ৰেমীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে। এই মহেন্দ্ৰ সিং ধোনি নামৰ ধ্ৰুৱতৰাটো যে ভাৰতবাসীয়ে পাইছে এইটো আমাৰ বাবেই নিতান্তই গৌৰৱৰ কথা। এক কথাত কবলৈ গ’লে বিশ্বৰ ক্ৰিকেট জগতৰ এটা সৰ্বজনপ্ৰিয় নাম ধোনি,যি আমাৰ ভাৰত নালাগে বিশ্বৰ সকলো দেশতে সমানেই জনপ্ৰিয়। মহেন্দ্ৰ সিং ধোনি যি বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফিনিচাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ উইকেটকীপাৰ হিচাপে অনন্য টেকনিকৰ উদ্ভাৱন কৰিছে। তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক হৈ আই চি চিৰ তিনিওটা ট্ৰফীয়েই জয় কৰিছে। তেওঁ লাভ কৰা নাছিল কি?সকলো সফলতাই লাভ কৰিছিল মহেন্দ্ৰ সিং ধোনিয়ে। মহেন্দ্ৰ সিং ধোনি যি এক জীৱন্ত কিংবদন্তি। 

    তেতিয়াৰ বিহাৰ ৰাজ্যৰ এখন চহৰ ৰাঁচী যি বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাজধানী, এই ৰাঁচীতেই পান সিং ধোনি আৰু দেৱকী ধোনিৰ ঘৰত ১৯৮১ চনৰ ৭ জুলাইত  জন্ম হয় মহেন্দ্ৰ সিং ধোনিৰ। ধোনি ডি এ ভি জৱাহৰ বিদ্যা মন্দিৰৰ ছাত্ৰ আছিল। তেওঁ পঢ়াত ইমান মেধাৱী নাছিল যদিও সকলো খেলা-ধূলাতে তেওঁ পাৰ্গত আছিল। ধোনিয়ে প্ৰথম বেডমিণ্টন আৰু ফুটবল খেলিছিল। তেওঁ স্কুলৰ ফুটবল দলৰ গলৰক্ষক আছিল। এদিন তেওঁৰ স্কুলৰ খেলৰ প্ৰশিক্ষক কেশৱ বেনাৰ্জীয়ে স্কুলৰ নিয়মীয়া উইকেটকীপাৰৰ অনুপস্থিতিত ধোনিক এখন স্থানীয় খেলত উইকেটকিপিং কৰিবলৈ পঠিয়ায়। আৰু তাত ধোনিৰ প্ৰদৰ্শনত প্ৰশিক্ষক মুগ্ধ হয় আৰু তেওঁক নিয়মীয়া উইকেটকীপাৰ কৰি লয়। সেয়াই মহেন্দ্ৰ সিং ধোনিৰ ক্ৰিকেটত প্ৰৱেশ।

    তেতিয়াৰ পৰা ধোনিয়ে কেতিয়াও পাছলৈ ঘূৰি চাব লগা হোৱা নাই। ধোনিয়ে তাৰপাছত ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈ “কামাণ্ড’ ক্ৰিকেট ক্লাৱ”ৰ নিয়মীয়া উইকেটকীপাৰৰূপে খেলে। তেওঁৰ প্ৰদৰ্শনত ওপৰত ভিত্তি কৰি ১৯৯৭/৯৮ চনৰ আন্তঃ১৬ বছৰীয়া ভিনো মানকাড ট্ৰফীত তেওঁ বিহাৰ দলত স্থান লাভ কৰে আৰু তাত ধোনিয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। দশম শ্ৰেণী উত্তীৰ্ণ পাছতহে ধোনিয়ে ক্ৰিকেটক বেছিকৈ গুৰুত্ব দিয়ে আৰু সময় দিয়ে। এনেদৰেই ক্ৰিকেট খেলি খেলৰ বলতে তেওঁ খড়্গপুৰ ৰে’ল ষ্টেচনত টিকেট পৰীক্ষকৰ চাকৰি পায় আৰু আৰম্ভ কৰে জীৱনৰ কঠিন যাত্ৰা। 

ধোনিৰ ঘৰুৱা ক্ৰিকেট কেৰিয়াৰঃ

বিহাৰৰ কণিষ্ঠ দলঃ  

    ১৯৯৮ চনত ধোনি নিৰ্বাচিত হয় ডেৱল চাহাইৰ চেণ্ট্ৰেল ক’ল ফিল্ড লিমিটেডৰ বাবে ক্ৰিকেট খেলিবলৈ। তেতিয়াৰ পৰাই ছিক্স মৰাত ধোনিৰ চখ আছিল আৰু তেতিয়া তেওঁক ডেৱল চাহায়ে এটা ছিক্স মৰাৰ বিনিময়ত ৫০ টকাকৈ উপহাৰ দিছিল। আৰু ডেৱল চাহায়েই ধোনিৰ প্ৰতিভা আৰু সততা দেখি ধোনিক ক্ৰিকেটৰ পথাৰত আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু তাৰ বলতে ধোনিয়ে এবছৰৰ ভিতৰতে বিহাৰ ৰঞ্জী দলত স্থান লাভ কৰে। ধোনি ১৯৯৯-২০০০ বৰ্ষত বিহাৰ ৰঞ্জী দলৰ বাবে উইকেটকীপাৰ বেটছমেন ৰূপে নিৰ্বাচিত হয়। ধোনিক তাৰ পূৰ্বে ১৯৯৮-৯৯ বর্ষৰ বিহাৰ আন্তঃ ১৯ বৰ্ষীয় দলৰ বাবে নিৰ্বাচন কৰা হৈছিল। তাত ধোনিয়ে ৫ খন খেলত ১৭৬ ৰাণৰ বৰঙণি যোগাইছিল। 

    ১৯৯৯-২০০০ বৰ্ষৰ কোচবিহাৰ ট্ৰফীৰ ফাইনেলত বিহাৰ দল উপনীত হয়। ফাইনেলত ধোনিয়ে ৮৪ ৰাণ কৰে যদিও বিহাৰ পৰাস্ত হয়। এই টুৰ্ণামেণ্টত ধোনিয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে আৰু ৯ খন মেছত ৫ টা অৰ্ধশতকসহ ৪৮৮ ৰাণ কৰে আৰু লগতে ১৭ টা কেচ আৰু ৭ টা ষ্টাম্পিং কৰিছিল। ইয়াৰ পাছতে ধোনি চি কে নাইডু ট্ৰফীৰ বাবে পূৱ মণ্ডলৰ হৈ খেলিবলৈ সুবিধা পায়। কিন্তু তাত ধোনিয়ে চাৰিখন খেলত মাত্ৰ ৯৭ ৰাণ কৰি শোচনীয় প্ৰদৰ্শন দাঙি ধৰে। 

বিহাৰ ক্ৰিকেট দলঃ

    ধোনিয়ে প্ৰথম বিহাৰৰ হৈ ৰঞ্জী মেচ খেলে ১৯৯৯-২০০০ ছিজনত। ধোনিয়ে প্ৰথম ৰঞ্জী মেচ খেলে অসমৰ বিৰুদ্ধে আৰু তাৰ দ্বিতীয় ইনিংছত তেওঁ ৬৮ ৰাণ কৰি অপৰাজিত হৈ ৰয়। ছিজনৰ শেষত ধোনিয়ে ৫ খন খেলত ২৮৩ ৰাণ কৰে। 

    পুনৰ ২০০০-০১ ৰ ৰঞ্জী ট্ৰফীৰ বাবে ধোনি বিহাৰ দললৈ নিৰ্বাচিত হয় আৰু বংগৰ বিৰুদ্ধে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত জীৱনৰ প্ৰথমটো শতক অৰ্জন কৰে। সেইটো ৰঞ্জী ছিজনত তেওঁ আৰু উন্নতমানৰ প্ৰদৰ্শন কৰা নাছিল। পুনৰ ধোনিয়ে ২০০১-০২ ৰঞ্জী ছিজনো খেলিলে যদিও তাত কেৱল পাঁচটা অৰ্ধশতকহে কৰিলে। 

ঝাৰখণ্ড ক্ৰিকেট দলঃ

    এইবাৰ ধোনিৰ যাত্ৰা আৰম্ভ হ’ল ঝাৰখণ্ড ক্ৰিকেট দলৰ হৈ। ২০০২-০৩ ৰঞ্জী ছিজনত ধোনিয়ে তিনিটা অৰ্ধশতক কৰে লগতে দেওধৰ ট্ৰফীটো ২ টা অৰ্ধশতক কৰে। তেতিয়াৰ পৰাই তেওঁ এজন লৱাৰ অৰ্ডাৰৰ মাৰমুখী আক্ৰমণাত্মক বেটছমেনৰূপে স্বীকৃতি লাভ কৰে। ২০০৩-০৪ বৰ্ষত ৰঞ্জী এদিনীয়া টুৰ্ণামেণ্টৰ প্ৰথম মেচতে ধোনিয়ে অসমৰ বিৰুদ্ধে অপৰাজিত ১২৮ ৰাণ কৰে। সেইবাৰৰ দেওধৰ ট্ৰফীটো ধোনিয়ে পূৱ মণ্ডলৰ হৈ খেলাৰ সুযোগ লাভ কৰে আৰু এটা শতকসহ চাৰিখন মেচত ২৪৪ ৰাণ কৰে। সেইটো ছিজনত পূৱ মণ্ডলে দেওধৰ ট্ৰফী জয় কৰে। সেইবাৰৰে দুলীপ ট্ৰফীৰ ফাইনেলত দল পৰাস্ত হলেও ধোনিয়ে দ্বিতীয় ইনিংছত অৰ্ধশতক অৰ্জন কৰে। আৰু তেতিয়াই ধোনি বি চি চি আইৰ চকুত পৰে। সেইসময়ত বি চি চি আয়ে ভিতৰুৱা অঞ্চলৰ ক্ৰিকেট প্ৰতিভাসমূহ উলিয়াই আনিবলৈ এখন কমিটি গঠন কৰিছিল। তাৰেই ফলশ্ৰুতিত ধোনি ৰাষ্ট্ৰীয় নিৰ্বাচকৰ তথা তেতিয়াৰ ভাৰতৰ অধিনায়ক সৌৰভ গাংগুলীৰ চকুত পৰে। 

ভাৰত-এ দলঃ

    তাৰপাছতেই ধোনিৰ ২০০৩-০৪ চনৰ প্ৰদৰ্শনত ভিত্তিত কেনিয়া আৰু জিম্বাবয়ে’ৰ লগত হ’বলগা ত্ৰিদেশীয় শৃংখলাৰ বাবে “ভাৰত এ” দলৰ বাবে ধোনিক নিৰ্বাচিত কৰে। এই শৃংখলাত ধোনিয়ে জিম্বাবয়ে’ৰ বিৰুদ্ধে এটা শতক অৰ্জন কৰে। লগতে ধোনিয়ে এই শৃংখলাত সুন্দৰ উইকেটকীপিংৰ প্ৰদৰ্শন কৰে আৰু ৭ টা কেটচ ধৰে আৰু ৪ টা ষ্টাম্পিং কৰে। তাৰপাছত পাকিস্তান আৰু কেনিয়াৰ লগত হোৱা ত্ৰিদেশীয় শৃংখলাত ধোনিয়ে পুনৰ “ভাৰত এ” দলত স্থান লাভ কৰে। আৰু ইয়াত ধোনিয়ে ছটা ইনিংছত দুটা শতক আৰু এটা অৰ্ধশতকেৰে ৩৬২ ৰাণ সংগ্ৰহ কৰে। আৰু ধোনিয়ে ইয়াৰ পাছতে ভাৰতীয় দলৰ নিৰ্বাচক তথা অধিনায়কৰ দৃষ্টিলৈ আহে।

2 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x