আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনি
এদিনীয়া ক্ৰিকেট কেৰিয়াৰঃ
ভাৰত এ দলৰ হৈ কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত ধোনিক ভাৰতীয় ছিনিয়ৰ দলত দলভুক্ত কৰা হয় ২০০৪-০৫ চনৰ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে। ২০০৪ চনৰ ২৩ ডিচেম্বৰত মহেন্দ্ৰ সিং ধোনিয়ে জীৱনৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক মেচ খেলে কিন্তু দুৰ্ভাগ্যজনকভাৱে ধোনি এই খেলখনত কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হ’বলগা হয় । সেই গোটেই শৃংখলাটোত ধোনিৰ নিৰাশাজনক প্ৰদৰ্শন আছিল । তাৰপাছতেই ধোনিক পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা হয় । আৰু এই শৃংখলাৰ দ্বিতীয় মেচতে ধোনিয়ে দুৰ্দান্ত মাৰমুখী বেটিঙেৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে আৰু ইয়াৰ যোগেদি বিশ্বক জনাই দিলে যে এয়াই ধোনি যুগৰ আৰম্ভণি । তেওঁ বিশাখাপটনমৰ এই খেলখনত মাত্ৰ ১২৩ টা বলত ১৪৮ ৰাণ কৰে । এনেদৰেই ধোনিয়ে প্ৰতিটো শৃংখলাতে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি উইকেটকীপাৰ বেটছমেনৰূপে ভাৰতীয় এদিনীয়া দলত নিজৰ স্থান নিগাজী কৰে।
পুনৰ ধোনি ধামাকা হয় ২০০৫ চনৰ অক্টোবৰ-নৱেম্বৰৰ দেৱালীৰ সময়ত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত। ধোনিয়ে এই শৃংখলাৰ প্ৰথম দুখন খেলত বেটিং কৰিবলৈ বৰকৈ সুযোগ পোৱা নাছিল যদিও জয়পুৰৰ চাৱাই মানসিং ষ্টেডিয়ামত হোৱা তৃতীয় এদিনীয়াত ধোনিক তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ পঠিওৱা হয়। এই খেলখনত ২৯৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ধোনিৰ মাৰমুখী বেটিংৰ ফলত বিজয়ী হয়। এই খেলখনত ধোনিয়ে ১৪৫ বলত ১৮৩ ৰাণত এক অপৰাজয়ী বৃহৎ ইনিংছ খেলে। এই শৃংখলাত ধোনিয়ে সৰ্বমুঠ ৩৪৬ ৰাণ সংগ্ৰহ কৰে আৰু “মেন অৱ দ্য ছিৰিজ”ৰ সন্মান লাভ কৰে। সেইবছৰৰে শেষত ধোনিয়ে বি চি চি আইৰ “বি গ্ৰেড” কনট্ৰেক্ট লাভ কৰে।
এনেদৰেই এখনৰ পাছত আনখন খেলত ধোনিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই যায় আৰু ২০০৬ চনৰ ২০ এপ্ৰিলত ৰিকী পণ্টিংক পাছ পেলাই আই চি চি এদিনীয়া ৰেংকিংত প্ৰথম স্থান অধিকাৰ কৰে। তাৰপাছতে ২০০৬ চনতে ধোনিয়ে বিশ্ব এদিনীয়া একাদশত স্থান লাভ কৰে।
২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেটঃ
২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেট ভাৰতৰ বাবে একেবাৰেই সুখকৰ নাছিল লগতে ধোনিৰ বাবে এক তিক্ত অভিজ্ঞতা আছিল। এই বিশ্বকাপত ধোনিয়ে ৩ খন খেলত মাত্ৰ ২৯ ৰাণহে কৰিবলৈ সক্ষম হয়। বাংলাদেশৰ লগত পৰাস্ত হৈ ভাৰতে এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। তেতিয়া সমূহ ভাৰতীয় ক্ৰিকেটাৰসকলক সমালোচনাৰে থকা-সৰকা কৰা হৈছিল লগতে ধোনিৰ ঝাৰখণ্ডৰ ৰাঁচীৰ ঘৰটোৰো উগ্ৰ কিছু লোকে ক্ষতিসাধন কৰিছিল।
এই সকলোবোৰক একাষৰীয়া কৰি ধোনিয়ে পুনৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে সমালোচকৰ মুখ বন্ধ কৰে। ধোনিয়ে ২০০৭ চনত হোৱা আফ্ৰো-এছিয়া কাপত তিনিখন মেচত এটা শতকসহ ১৭৪ ৰাণ কৰে।
তাৰপাছতেই ধোনিয়ে ২০০৭ চনৰ জুনত বি চি চি আইৰ “গ্ৰেড এ” কনট্ৰেক্ট লাভ কৰে। আৰু তেওঁৰ প্ৰদৰ্শন তথা নেতৃত্বৰ লক্ষণ দেখি বি চি চি আয়ে ধোনিক ভাৰতীয় এদিনীয়া দলৰ সহঅধিনায়ক ৰূপে নিযুক্তি দিয়ে। আৰু তাৰপাছত ২০০৮ চনত ধোনিক এদিনীয়াত অধিনায়কৰূপে নিযুক্তি দিয়ে।
২০০৯ বৰ্ষটো ধোনিৰ বাবে আছিল জীৱনৰ অন্যতম সফল বৰ্ষ। এই বৰ্ষতে চেম্পিয়নছ ট্ৰফীত ধোনিয়ে জীৱনৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰে। আৰু ধোনিয়ে এই বৰ্ষতে পুনৰ এদিনীয়া ৰেংকিংত প্ৰথম স্থানত অধিষ্ঠিত হয়। ২০০৯ বৰ্ষত ধোনিয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰাণ কৰিছিল। ধোনিক ২০০৯ বৰ্ষৰ আই চি চিৰ বিশ্ব একাদশ এদিনীয়া দলৰ অধিনায়ক আৰু উইকেটকীপাৰ নিৰ্বাচিত কৰা হয়।
২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটঃ
২০১১ চন সকলো ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে এক সপোনৰ বছৰ। এই বছৰতে ভাৰতে মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত সুদীৰ্ঘ ২৮ বছৰৰ পাছত ভাৰতে বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী জয় কৰিছিল। আৰু এই খেল শেষত ছিক্স মাৰি জয় কৰোৱাইছিল ধোনিয়ে। ধোনিয়ে বিশ্বকাপৰ ফাইনেলত ৭৯ বলত অপৰাজিত ৯১ ৰাণ কৰিছিল আৰু “মেন অৱ দ্য মেচ” বঁটা লাভ কৰিছিল আৰু ভাৰতৰ হাতত পৰিছিল বিশ্বকাপ ট্ৰফী।
২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীঃ
ধোনিয়ে পুনৰ সবল নেতৃত্বৰে ভাৰতীয় দললৈ কঢ়িয়াই আনে ২০১৩ ৰ চেম্পিয়নছ ট্ৰফী। মহেন্দ্ৰ সিং ধোনি ইয়াৰ জৰিয়তে আই চি চিত তিনিওখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট জয় কৰা প্ৰথম অধিনায়ক হয় আৰু বৰ্তমানো সেই অভিলেখ অক্ষত আছে।
২০১৫ বিশ্বকাপ ক্ৰিকেটঃ
এই বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। এই বিশ্বকাপতে ধোনি আন এক ৰেকৰ্ডৰ গৰাকী হয়। সেই ৰেকৰ্ড আছিল প্ৰথম অনা-অষ্ট্ৰেলিয়ান অধিনায়কৰূপে ১০০ খন এদিনীয়া মেচ জয়। এই বিশ্বকাপৰ ছেমি ফাইনেলত ধোনিয়ে ৬৫ ৰাণ কৰে যদিও দলৰ বিজয়ৰ বাবে যথেষ্ট নাছিল।
অধিনায়কত্ব ত্যাগঃ
২০১৭ চনৰ জানুৱাৰীত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে অধিনায়ক পদৰ পৰা অব্যাহতি লয় আৰু বিৰাট কোহলীক ইয়াৰ দায়িত্ব অৰ্পণ কৰে। এই বছৰতে হোৱা চেম্পিয়নছ ট্ৰফীত নিজ প্ৰদৰ্শনৰ বাবে ধোনিয়ে “টুৰ্ণামেণ্টৰ টিম”ত উইকেটকীপাৰৰূপে স্থান লাভ কৰে। এই চেম্পিয়নছ ট্ৰফীত ভাৰত পাকিস্তানৰ হাতত ফাইনেলত পৰাস্ত হয়।
এই বছৰেই আগষ্টত ধোনিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত কুমাৰ ১০০ টা ষ্টাম্পিং কৰাৰ ৰেকৰ্ড গঢ়ে। ধোনিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰীত এদিনীয়াত উইকেটকীপাৰ হিচাপে ৪০০ টা চিকাৰৰ ৰেকৰ্ড গঢ়ে। ২০১৮ চনতে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচত ধোনিয়ে চতুৰ্থজন ভাৰতীয় হিচাপে এদিনীয়াত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰে। পুনৰ ২০১৮ ৰ শেষৰফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা তিনিখনীয়া এদিনীয়া শৃংখলাত ধোনিয়ে তিনিওখন খেলতে অৰ্ধশতক অৰ্জন কৰে আৰু মুঠ ১৯৩ ৰাণ সংগ্ৰহ কৰে আৰু এই শৃংখলাৰ “মেন অৱ দ্য ছিৰিজ” সন্মান লাভ কৰে।
২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটঃ
২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দলত পুনৰ ধোনি অন্তৰ্ভুক্ত হয়। এই বিশ্বকাপত ভাৰত ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হয়। ধোনিয়ে এই খেলত ৫০ ৰাণ কৰে যদিও দুৰ্ভাগ্যজনকভাৱে ৰাণ আউট হয়।
এইখনেই আছিল মহেন্দ্ৰ সিং ধোনিৰ অন্তিম এদিনীয়া মেচ তথা জীৱনৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচ।