চুক্লেনমুং অথবা গড়গঞা ৰজা – পঞ্চদশজন স্বৰ্গদেউ
১৫৩৯ খ্ৰীষ্টাব্দত চতুৰ্দশজন আহোম স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাক তেখেতৰ পুত্ৰ চুক্লেনে হত্যা কৰোৱালে আৰু চুক্লেনমুং নাম লৈ পঞ্চদশজন আহোম স্বৰ্গদেউ হিচাপে আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে। চুক্লেনমুং ওৰফে গড়গঞা ৰজাৰ ৰাজত্বকাল অসম বুৰঞ্জীৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো তেওঁৰ দিনতে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰা হৈছিল য’ৰ পৰা পৰৱৰ্তী প্ৰায় তিনিটা শতিকা ধৰি ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকলে ৰাজকার্য চলাইছিল। স্বৰ্গদেউ চুক্লেনমুং ওৰফে গড়গঞা ৰজাৰ ৰাজত্বকালতে আহোমসকলে কোঁচসকলক কেইবাখনো যুদ্ধত পৰাস্ত কৰিছিল। স্বৰ্গদেউ চুক্লেনমুং ওৰফে গড়গঞা ৰজা আহোম ৰাজ্যৰ এজন অন্যতম সফল স্বৰ্গদেউ আছিল।
স্বৰ্গদেউ চুক্লেনমুং ওৰফে গড়গঞা ৰজাৰ ৰাজত্বকালৰ আহোমৰ ৰাজবিষয়া:-
স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালত এজনৰ পিছত আনজনকৈ তিনিজন ব্যক্তিয়ে বুঢ়াগোঁহাই পদবীত অধিষ্ঠিত হৈছিল। সেইসকল আছিল ক্ৰমে নাজান,নাপেত তাওফ্ৰংডাম আৰু আখেক। তনখাম আহোম ৰাজ্যৰ বৰগোঁহাই আছিল। তেওঁ স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতো এবাৰ বৰগোঁহাই পদত অধিষ্ঠিত হৈছিল। স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালত কনচেং বৰপাত্ৰগোঁহাইৰ পুত্ৰ কনজাং আছিল আহোমৰ বৰপাত্ৰগোঁহাই।
বকতাৰ পৰা গড়গাঁৱলৈ আহোম ৰাজধানী স্থানান্তৰ:-
স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ ৰাজধানী আছিল বকতা। ১৫৩৯ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হৈ স্বৰ্গদেউ চুক্লেমুং ওৰফে গড়গঞা ৰজাই তেওঁৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰ কৰে। স্বৰ্গদেউ চুক্লেনমুঙে গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয়। চুক্লেন ডেকা ৰজা হৈ থাকোতে তেওঁ নিজ পিতৃ স্বৰ্গদেউ চুহুংমুঙক হত্যা কৰোৱাত সেইসময়ৰ বহু বিষয়া আৰু সাধাৰণ লোকে চুক্লেনক বেয়া পালে। সেয়ে,স্বৰ্গদেউ হৈ চুক্লেনমুঙে প্ৰথমতে আহোম ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিলে। এই গড়গাঁও নগৰৰ সকলো নক্সা অংকন কৰিছিল স্বৰ্গদেউ চুক্লেনমুংৰ পত্নী চাওছিং কুঁৱৰীয়ে।
গড়গাঁও নগৰৰ পুৰণি নাম আছিল হেমেনাবাৰী। হেমেনাবাৰীত হেমেনা নামৰ এজন ব্যক্তিৰ ব্যক্তিগত বাৰী আছিল। তেখেতৰ কোনো পুত্ৰ সন্তান নাছিল। হেমেনা জীয়াই থাকোতেই স্বৰ্গদেউ চুক্লেনমুঙে গড়গাঁৱত ৰাজধানী স্থাপন কৰিব বিচাৰিছিল কিন্তু হেমেনা জীয়াই থাকোতে ৰাজধানী স্থাপন কৰিবলৈ নিদিলে। অৱশেষত,হেমেনাৰ মৃত্যুৰ পিছতহে স্বৰ্গদেউ চুক্লেনমুঙে দিখৌ নৈৰ পাৰত হেমেনাবাৰীৰ চাৰিওফালে গড় মাৰি ৰাজধানী স্থাপন কৰে আৰু গড়গাঁও নামেৰে নামকৰণ কৰে। গড়গাঁৱৰ আহোম নাম আছিল চে-হুন।
বানফেৰা আৰু বানচুঙীয়া নগাৰ বিদ্ৰোহ:-
স্বৰ্গদেউ চুক্লেনমুং ওৰফে গড়গঞা ৰজাৰ ৰাজত্বকালত বানফেৰা আৰু বানচুঙীয়া নগাই আহোম ৰাজ্যৰ বিপক্ষে বিদ্ৰোহ কৰিছিল কিন্তু স্বৰ্গদেউ চুক্লেনমুঙে এক শক্তিশালী আহোম সৈন্যবাহিনী প্ৰেৰণ কৰি তেওঁলোকক যুদ্ধত পৰাস্ত কৰে। বানফেৰা আৰু বানচুঙীয়া নগাই আহোম ৰজা চুক্লেনমুংৰ বশ্যতা স্বীকাৰ কৰে আৰু বিভিন্ন উপহাৰে প্ৰেৰণেৰে আহোম ৰজাৰ কৰতলীয়া শাসনকৰ্তা হৈ থাকে।
নৰা ৰজাৰ লগত বন্ধুত্ব:-
স্বৰ্গদেউ চুক্লেনমুঙে নৰা ৰজা আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত হৈ থকা ভূমি বিবাদত হস্তক্ষেপ কৰিছিল আৰু এই বিবাদত নৰা ৰজাৰ পক্ষ গ্ৰহণ কৰিছিল। ইয়াৰ পৰাই স্বৰ্গদেউ চুক্লেনমুং আৰু নৰাৰজাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে। আৰু এই মিত্ৰতা চিনস্বৰূপে নৰা ৰজাই নিজ কন্যা চাওছিং কুঁৱৰীক স্বৰ্গদেউ চুক্লেনমুংলৈ বিয়া দিয়ে। এই চাওছিং কুঁৱৰী অত্যন্ত বুদ্ধিমতী আছিল। বহু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চাওছিং কুঁৱৰীয়ে স্বৰ্গদেউ চুক্লেনমুংক প্ৰভাৱিত কৰিছিল।
আহোম-কোঁচৰ যুদ্ধ:-
স্বৰ্গদেউ চুক্লেনমুংৰ ৰাজত্বকালতে আহোম আৰু কোঁচত মাজত প্ৰথমবাৰ বাবে যুদ্ধ সংঘটিত হয় ১৫৪৬ খ্ৰীষ্টাব্দত। কিছু সৰু-সুৰা অৰিয়া-অৰিৰ পৰা ই যুদ্ধৰ ৰূপ লয়। কোঁচ ৰজা নৰনাৰায়ণৰ আদেশমৰ্মে তেওঁৰ ভাতৃ তথা কোঁচ ৰাজ্যৰ সেনাপতি শুক্লধ্বজ ওৰফে বীৰ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ সৈন্য-সামন্ত, ৰচদ-পাতিসহ যাত্ৰা কৰে। চিলাৰায়ে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ ভৈৰৱী নৈলৈকে উজাই আহে আৰু আহোম ৰাজ্য আক্ৰমণ কৰে। প্ৰথমে হোৱা দিকৰাইৰ যুদ্ধত আহোম সৈন্য পৰাভূত হয় আৰু পলায়ন কৰে। তাৰপাছত,আহোম সৈন্যসকল ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ কলিয়াবৰলৈ যায় আৰু কোঁচ সৈন্যই আহোম সৈন্যক খেদি গৈ কলিয়াবৰতো ৰণত লিপ্ত হয়। এই ৰণতো আহোম সৈন্যৰ পৰাজয় ঘটিল।
ইয়াৰ পাছতেই শলা নামৰ ঠাইত আহোম সৈন্যই কোঁচ সৈন্যৰ বিৰুদ্ধে যুদ্ধ দিয়েহি। এই যুদ্ধতো আহোম সৈন্যৰ পৰাজয় ঘটিল আৰু চিলাৰায়ে এই যুদ্ধৰ পৰা আহোম ৰাজ্যৰ অন্তৰ্গত কেইবাখনো ঠাই অধিকাৰ কৰিলে। এই যুদ্ধত দুজনমান আহোম সেনাপতিৰ বীৰ চিলাৰায়ত হাতত মৃত্যু হয়। স্বৰ্গদেউ চুক্লেনমুং আৰু আহোমৰ আন আন ৰাজবিষয়াসকলৰ মন্ত্ৰণাত আহোম সৈন্যই কোঁচ সৈন্যৰ বিৰুদ্ধে কিছুদিনৰ বাবে কোনো গতি-বিধি নকৰিলে। এইখিনি সময়তে চিলাৰায়ে আহোম ৰাজ্যৰ পৰা দখল কৰা অঞ্চলসমূহ কোঁচ ৰাজ্যৰ অন্তর্ভুক্ত কৰিলে আৰু কোঁচ ৰাজ্যৰ পৰা এই অঞ্চললৈ সঞ্চালনৰ বাবে এটি পথ নিৰ্মাণ কৰিবলৈ ভায়েক গোঁহাই কমলক নিৰ্দেশ দিলে। গোঁহাই কমলে অতি কমদিনৰ ভিতৰতে কোচবিহাৰৰ পৰা লক্ষীমপুৰৰ নাৰায়ণপুৰলৈ এটা পথ নিৰ্মাণ কৰিলে আৰু নাৰায়ণপুৰত কোঁচ সৈন্যৰ কোঠ মাৰিলে। এই পথটোকে ইতিহাসত “গোঁহাই কমল আলি” বুলি জনা যায়।
এনেদৰে,কোঁচ সৈন্য আহোম ৰাজ্যৰ ক্ৰমাৎ ভিতৰলৈ আহি থাকিল আৰু ই আহোম ৰাজতন্ত্ৰৰ ভৱিষ্যত সম্পৰ্কে এক অশনি সংকেত দিলে। পৰিস্থিতি বিষম হবলৈ লোৱা দেখি আহোম স্বৰ্গদেউ চুক্লেনমুঙে নিজেই নেতৃত্ব দি কোঁচ সৈন্যক প্ৰত্যাহ্বান জনালে আৰু পিছলা নৈৰ পাৰত আহোম সৈন্যৰ কোঠ নিৰ্মাণ কৰিলে। চিলাৰায়ৰ নেতৃত্বত কোঁচ সৈন্যই পিছলা নদীৰ পাৰৰ কোঠত আহি আহোম সৈন্যক আক্ৰমণ কৰিলে। আহোমসকলে স্বৰ্গদেউ চুক্লেনমুঙৰ নেতৃত্বত বীৰত্বৰে মৰণপণ যুঁজ দি বীৰ চিলাৰায় নেতৃত্বাধীন কোঁচ সৈন্যবাহিনীক পৰাস্ত কৰিলে। পিছলীপৰীয়া ৰণত আহোম স্বৰ্গদেউ চুক্লেনমুঙৰ হাতত পৰাস্ত হৈ বীৰ চিলাৰায়ে কোঁচ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰিলে। স্বৰ্গদেউ চুক্লেনমুঙৰ নেতৃত্বত আহোম সৈন্যবাহিনীয়ে কোঁচ সৈন্যই হস্তগত কৰা আহোম ৰাজ্যৰ অঞ্চলসমূহ পুনৰ দখল কৰি আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিলে।
স্বৰ্গদেউ চুক্লেনমুংৰ ধৰ্মীয় নীতি:-
স্বৰ্গদেউ চুদাংফাৰ ৰাজত্বকালৰ পৰা আহোম ৰজাৰ উপাসনাস্থলত চোমদেউ দেৱতাৰ লগতে লক্ষ্মীনাৰায়ণ শালগ্ৰামকো স্থাপন কৰা হৈছিল। স্বৰ্গদেউ চুক্লেনমুঙে একে ঠাইতে দুজন দেৱতা থাকিব নালাগে বুলি লক্ষ্মীনাৰায়ণ শালগ্ৰামক ৰাজপ্ৰাসাদৰ ভিতৰৰ উপাসনাস্থলতে ৰাখি চোমদেওক ৰাজপ্ৰাসাদৰ বাহিৰত এটা উপাসনা গৃহ সাজি উলিয়ায় দিছিল। এই চোমদেওৰ উপাসনাস্থলত পহৰা দিবলৈ স্বৰ্গদেউ চুক্লেনমুঙে এচাম লোকক নিয়োগ কৰিছিল। এই লোকসকলক “গোঁহাই চেতিয়া” বুলি জনা গৈছিল। ইয়াৰ জৰিয়তে গম পোৱা যায় যে স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালৰ পৰা আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হৈ গৈছিল।
১৫৪৮ খ্ৰীষ্টাব্দৰ ভূমিকম্প :-
স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালত ১৫৪৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যত এক বিৰাট ভূমিকম্প সংঘটিত হৈছিল।
মুদ্ৰাৰ ব্যৱহাৰ:-
আহোম ৰাজ্যত স্বৰ্গদেউ চুদাংফাৰ ৰাজত্বকালৰ পৰা মুদ্ৰাৰ ব্যৱহাৰ হোৱাৰ তথ্য লাভ কৰা গৈছে যদিও স্বৰ্গদেউ চুক্লেনমুঙৰ পৰাহে আহোম ৰাজ্যৰ মুদ্ৰা উদ্ধাৰ কৰিব পৰা গৈছে। বৰ্তমানলৈ স্বৰ্গদেউ চুক্লেনমুঙৰ দিনৰ পৰাহে আহোম ৰাজ্যৰ মুদ্ৰা উদ্ধাৰ হৈছে। আহোম ৰাজ্যৰ মুদ্ৰাসমূহ আছিল আঠচুকীয়া।
স্বৰ্গদেউ চুক্লেনমুংৰ মৃত্যু :-
১৫৩৯ খ্ৰীষ্টাব্দৰ পৰা ১৫৫২ চনলৈ সৰ্বমুঠ তেৰ(১৩) বছৰ আহোম ৰাজ্যত সফলতাৰে ৰাজত্ব কৰি ১৫৫২ খ্ৰীষ্টাব্দত চুক্লেনমুং স্বৰ্গগামী হয়। স্বৰ্গদেউ চুক্লেনমুং আহোম ৰাজ্যৰ এজন অন্যতম সফল স্বৰ্গদেউ আছিল। স্বৰ্গদেউ চুক্লেনমুঙৰ দিনত আহোম ৰাজ্যই সকলো দিশতেই আগুৱাই গৈছিল। তেওঁ পিতৃ স্বৰ্গদেউ চুহুংমুঙৰ পৰা পোৱা আহোম ৰাজ্যৰ সীমা অক্ষুন্ন ৰাখিছিল। স্বৰ্গদেউ চুক্লেনমুঙে আহোমসকলৰ বীৰত্বও অক্ষুন্ন ৰাখিছিল আৰু চুক্লেনমুঙে শক্তিশালী কোঁচসকলক পৰাস্ত কৰি আহোম ৰাজ্যৰ বিজয়ধ্বজা উৰুৱাইছিল।
সহায়ক গ্ৰন্থপঞ্জী :
১) ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ
২) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৩) অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা
৪) আসাম বুৰঞ্জী – হৰকান্ত বৰুৱা সদৰামিন
৫) A History of Assam – Sir Edward Gait
[…] পঞ্চদশজন আহোম স্বৰ্গদেউ চুক্লেনমুঙৰ ১৫৫২ খ্ৰীষ্টাব্দত মৃত্যু ঘটিল। তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ বৰপুত্ৰ চুখামফাই আহোম ৰাজ সিংহাসনত আৰোহণ কৰে। ইতিহাসত স্বৰ্গদেউ চুখামফাক খোৰা ৰজা বুলিও জনা যায়। আহোম ৰাজ সিংহাসনত অধিষ্ঠিত হোৱাৰ কিছুদিনৰ পাছতেই এবাৰ স্বৰ্গদেউ চুখামফা হাবিলৈ চিকাৰ কৰিবলৈ যাওঁতে হাতীৰ পৰা বাগৰি পৰাত স্বৰ্গদেউ চুখামফাৰ ভৰি এটা খোৰা হৈছিল। তাৰপৰাই স্বৰ্গদেউ চুখামফাক “খোৰা ৰজা” বুলি অভিহিত কৰা হয়। স্বৰ্গদেউ চুখামফা আহোম ৰাজ্যৰ ইতিহাসত আটাইতকৈ দীৰ্ঘদিন ৰাজত্ব কৰা ৰজা। তেওঁ ১৫৫২ খ্ৰীষ্টাব্দৰ পৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ প্ৰায় একাৱন(৫১) বছৰ আহোম ৰাজ্যৰ ৰজা হৈ আছিল। স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত বহুকেইটা উল্লেখযোগ্য ঘটনা সংঘটিত হয়। […]