অম্বিকাগিৰী ৰায়চৌধুৰী

(অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আধুনিক অসম গঢ়োতাসকলৰ অন্যতম পুৰোধা ব্যক্তি। অম্বিকাগিৰী ৰায়চৌধুৰী সম্পৰ্কে সাৰথিৰ পাঠকলৈ আমাৰ এই বিশেষ লেখা।)
আজিৰ দিনত আমি প্ৰায় সকলোৱেই জানো বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে মংগল গ্ৰহত উপনিৱেশ স্থাপন কৰিবলৈ কৰা পৰিকল্পনাৰ কথা। তেওঁ প্ৰায়েই ভাষণ প্ৰসংগত কয়- তেওঁ যদিও এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, তেওঁ কিন্তু মংগল গ্ৰহৰ ভূমিতহে মৃত্যুবৰণ কৰিব বিচাৰে! কিন্তু আপোনালোকে জানেনে, ইলন মাস্কে এই ঘোষণা কৰাৰ প্ৰায় ১০০ বছৰ আগতেই এই অসমভূমিতেই এজন ব্যক্তিয়ে ঘোষণা কৰিছিল অন্য গ্ৰহত মানুহে উপনিৱেশ স্থাপন কৰাৰ প্ৰয়োজনীয়তাৰ কথা আৰু বিশ্বত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কথা। এই ব্যক্তিজন আৰু আন কোনো নহয়, তেওঁ হৈছে কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী। ১৯১৪ চনত ৰচনা কৰা তেওঁৰ ‘জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ পথ’ নামৰ গ্ৰন্থখনত তেওঁ এই পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। কি নাছিল অম্বিকাগিৰী? তেওঁ আছিল একাধাৰে সমাজ সংস্কাৰক, ৰাজনৈতিক নেতা, ব্যায়ামবিদ, যন্ত্ৰ সংগীতজ্ঞ, গায়ক, অভিনেতা, সংবাদসেৱী, আনকি চাৰ্কাছ আৰু যাত্ৰাদলৰ স্থাপনকৰ্তাও। আহকচোন এই চমু প্ৰবন্ধটোৰ জড়িয়তে আমি ভূমুকি মাৰো অম্বিকাগিৰীৰ মহান জীৱন আৰু কৰ্মৰাজিত।

অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম আৰু বংশ পৰিচয়

অম্বিকাগিৰীৰ জন্ম হৈছিল বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৮৮৫ চনৰ ১৮ ডিচেম্বৰ তাৰিখে। বৰপেটাৰ দক্ষিণহাটী আছিল তেওঁৰ জন্ম স্থান। পিতৃৰ নাম আছিল কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম আছিল দৈৱকী দেৱী। এই ৰায়চৌধুৰী পৰিয়ালৰ আদি পুৰুষ হ’ল শ্ৰীমন্ত শংকৰদেৱৰ বংশধৰ জগদানন্দ বা ৰাম ৰায় আৰু শংকৰদেৱৰ চৰিত পুথি ৰচনা কৰা ৰামচৰণ ঠাকুৰ আছিল মাতৃৰ পক্ষৰ পূৰ্বপুৰুষ। কোচবিহাৰৰ কোচ ৰাজবংশ আৰু আহোম স্বৰ্গদেউ সকলৰ সময়ছোৱাত ৰাম ৰায়ৰ বংশৰ অসমত যথেষ্ট সুনাম আৰু প্ৰতিপত্তি আছিল। কোচ ৰজাই ৰাম ৰায়ৰ উত্তৰ পুৰুষক দিয়ে ‘ৰায়বৰুৱা’ উপাধি আনহাতে আহোম স্বৰ্গদেউ শিৱ সিংহই দিছিল ‘চমুৱা’ পাইকৰ মৰ্যাদা। এই বংশই পাছলৈ বৰপেটাৰ বিখ্যাত ‘ৰায়চৌধুৰী’ বংশ হিচাপে বিখ্যাত হৈ পৰিছিল।
Ambikagiri

অম্বিকাগিৰীৰ শৈশৱকাল

বিখ্যাত বংশৰ মানুহ আছিল যদিও অম্বিকাগিৰীৰ পিতৃ কৃষ্ণৰাম অতি সহজ-সৰল প্ৰকৃতিৰ মানুহ হোৱাৰ বাবে পৈত্তিক মাটি-সম্পত্তিৰ পৰা বঞ্চিত হৈ অতি সাধাৰণ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। তেওঁ হাত বেজীৰ কাম কৰাৰ লগতে নানান কাৰুকাৰ্য খটুৱাই সুন্দৰ চন্দ্ৰতাপ আৰু চৌগা-চাপকণ আদি চিলাব পাৰিছিল। এই বস্তুবোৰকে তেওঁ কীৰ্তন ঘৰ আৰু অভিজাত পৰিয়ালবোৰৰ মাজত বিক্ৰী কৰি কিছু অৰ্থ উপাৰ্জন কৰিছিল আৰু এনেদৰেই তেওঁ চাৰিটা সন্তানৰ সৈতে তেওঁৰ সংসাৰখন চলাই নিছিল। কিন্তু অম্বিকাগিৰীৰ বয়স ১২ বছৰ হওঁতেই দেউতাক কৃষ্ণৰাম ৰায়চৌধুৰীৰ অকাল মৃত্যু হয়। কিন্তু এনে বিপদৰ সময়তো অম্বিকাগিৰীৰ মাতৃ দৈৱকী দেৱীয়ে অসীম ধৈৰ্য আৰু সাহসেৰে চাৰিওটা সন্তানকে কোনো বিপদত নপৰাকৈ তুলি-তালি ডাঙৰ-দীঘল কৰে।
দৈৱকী দেৱী আছিল বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰীৰ কন্যা। সেই হেতুকে তেওঁ বৰগীত, ঘোষা আদিবোৰ সুন্দৰকৈ সুৰ লগাই গাব পাৰিছিল। সংগীতৰ ক্ষেত্ৰখনত থকা তেওঁৰ এই জ্ঞান তেওঁৰ চাৰিওটা সন্তানকো দি গৈছিল। অম্বিকাগিৰীয়ে মাতৃৰ পৰা পোৱা শিক্ষাৰ ফলতেই পাছৰ জীৱনত এজন সফল গায়ক আৰু সংগীতজ্ঞ হ’ব পাৰিছিল।  
দৰিদ্ৰতাৰ যান্ত্ৰণা কি– সেয়া অতি কম বয়সতেই শিকিছিল অম্বিকাগিৰীয়ে। স্কুললৈ যোৱাৰ সময়ৰে পৰা অম্বিকাগিৰীয়ে মাকক সৰু-সুৰা ঘৰুৱা কামত সহায় কৰি দিছিল। তদুপৰি সেই সময়ত বৰপেটা অঞ্চলতো ধান আৰু খাদ্যবস্তুৰে উভৈনদী আছিল। অম্বিকাগিৰীৰ গাঁৱৰ মানুহবোৰো খাদ্য শস্যত কিছু চহকী আছিল। তেওঁলোকে ধান আৰু অন্যান্য বস্তু দি অম্বিকাগিৰীৰ পৰিয়ালকো সহায় কৰিছিল। সেই সময়ত তেওঁ বিভিন্নজনৰ ঘৰলৈ গৈ ধান আৰু অন্যান্য বস্তু সংগ্ৰহ কৰি আনিছিল। সেইবোৰৰ কিছুমান তেওঁলোকে ঘৰত খাইছিল আৰু ৰাহি হোৱাবোৰ বজাৰত বিক্ৰী কৰি অন্যান্য খৰচ-পাতি উলিয়াইছিল। ইমান দৰিদ্ৰতাৰ মাজত ডাঙৰ হোৱা স্বত্বেও কিন্তু শিশু অম্বিকাগিৰীয়ে কাহানিও পৰিশ্ৰম আৰু সত্যনিষ্ঠাৰ পথৰ পৰা বিচ্যুত হোৱা নাছিল।

অম্বিকাগিৰীৰ আনুষ্ঠানিক শিক্ষা 

অম্বিকাগিৰীয়ে স্কুলীয়া শিক্ষাৰ আৰম্ভণি কৰিছিল বৰপেটাৰ গণককুছি প্ৰাথমিক বিদ্যালয়ত। মাকৰ উপদেশমৰ্মে সংগ্ৰাম পূৰ্ণ জীৱন যাত্ৰাৰ মাজতেই শিশু অম্বিকাগিৰীয়ে দিনটো কিছু সময় হ’লেও ৰাহী কৰি নিজৰ পঢ়া-শুনা নিয়মীয়াকৈ চলাই নিছিল। সেয়েহে তেওঁ প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষাত বৃত্তিসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। বৃত্তি পোৱাৰ বাবেহে তেওঁৰ মাতৃয়ে তেওঁক সাহস কৰি বৰপেটাৰ পৰা বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে পঠিয়াই। তেওঁ হাইস্কুলীয়া শিক্ষা লʼলে গৌৰীপুৰ, শিৱসাগৰ আৰু একেবাৰে শেষত গুৱাহাটীৰ সোণাৰাম হাইস্কুলত। হাইস্কুলৰ থাৰ্ড ক্লাছ (বৰ্তমানৰ অষ্টম শ্ৰেণী) পৰ্যন্ত পঢ়িয়েই তেওঁ শিক্ষা সাং কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। আনুষ্ঠানিক শিক্ষা বাদ দিলেও কিন্তু জ্ঞান পিপাষু অম্বিকাগিৰীয়ে গোটেই জীৱনজুৰি বিভিন্ন বিষয়ৰ নানান  কিতাপ পঢ়ি নিজৰ ব্যক্তিগত জ্ঞান যাত্ৰা চলাই নিছিল। তেখেতৰ অসমীয়া, সংস্কৃত, বাংলা আৰু ইংৰাজী ভাষাত বিশেষ দখলৰ আছিল বুলি জনা যায়।

স্বদেশী আন্দোলন আৰু অম্বিকাগিৰী

১৯০৫ চনৰ কথা। সেই বছৰেই ভাইছৰয় লৰ্ড কাৰ্জনৰ আমোলত বংগদেশক দুভাগত বিভক্ত কৰি  পশ্চিম বংগ আৰু পূব বংগ আৰু অসম নামেৰে দুখন ৰাজ্যৰ গঠন কৰা হৈছিল। ইংৰাজৰ এই বংগ বিভাজন কাৰ্যই বংগত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে বংগত বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ কাৰ্যসূচী ব্যাপক ভাৱে লোৱা হৈছিল। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছিল বৃটিছ বিৰোধী সভা-সমিতি। অসমতো এই আন্দোলনৰ প্ৰভাৱ ছেগা- ছোৰোকাকৈ নপৰাকৈ থকা নাছিল। অসমত অসন্তুষ্টিৰ মূল কাৰণ আছিল অসমৰ সৈতে বংগদেশক সংলগ্ন কৰি দিয়াতো। সেই সময়ত অম্বিকাগিৰী আছিল গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ ছাত্ৰ। এই সময়তে তেওঁ গুৱাহাটীৰ গভৰ্ণমেণ্ট হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বছেৰেকীয়া সৰস্বতী পূজাত ‘ভাৰত বন্দিনী’ নামেৰে এখন নাটক ৰচনা কৰি মঞ্চস্থ কৰে। নাটকখন মূলত বৃটিছ বিৰোধী হোৱা বাবে চৰকাৰৰ পুলিচ বাহিনীয়ে সেইখন বাজেয়াপ্ত কৰে। নাটকৰ কলা-কুশলী আৰু শিল্পীসকলেও ইয়াৰ বাবে পুলিচ বাহিনীৰ নজৰত থাকিব লগা হয়।
সেই সময়ছোৱাতে অম্বিকাগিৰী আৰু তেওঁৰ বন্ধুসকলে লগ লাগি বংগৰ আৰ্হিত গুৱাহাটীতো স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, দৰিদ্ৰ আৰু ৰোগীয়াসকলৰ সেৱাৰ বাবে সেৱা দলৰ গঠন কৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অম্বিকাগিৰীৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল কলিকতাৰ ক্ষুদিৰাম বসু, কবিন্দ্ৰ ঘোষ, উল্লাস্কৰ দত্ত আদি বিপ্লৱীয়ে গঠন কৰা এনাৰ্কিষ্ট(অৰাষ্ট্ৰবাদী) দলৰ আৰ্হিত অসমতো এটা এনাৰ্কিষ্ট দলৰ গঠন কৰি বৃটিছক অসমভূমিৰ পৰা বিতাড়ণৰ এক দুঃসাহসিক প্ৰচেষ্টা কৰাটোহে। এই বিপ্লৱী দলৰ হৈ তেওঁলোকে লোৱা প্ৰথমটো কাৰ্যসূচী আছিল গুৱাহাটীৰ দীঘলী পুখুৰীৰ উত্তৰ পাৰে থকা ইংৰাজসকলৰ আমোদ-প্ৰমোদৰ থলী ‘আন্দামহল’ নামৰ ক্লাবঘৰতোত জুই দিয়া। এই কাৰ্যৰ বাবে অম্বিকাগিৰী আৰু তেওঁৰ সংগীসকলকে পুলিচে সন্দেহ কৰিছিল যদিও উপযুক্ত প্ৰমাণ পোৱা নাছিল। তথাপিও পুলিচে অম্বিকাগিৰীক এনাৰ্কিষ্ট বুলি সন্দেহ কৰি  বৰপেটাৰ স্বগৃহত নজৰ বন্দী কৰি থয়।

সাহিত্য চৰ্চাৰ আৰম্ভণি

বৰপেটাৰ স্বগৃহত নজৰ বন্দী হৈ থকা সময়তে অম্বিকাগিৰীৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয়। সেই সময়ত বৰপেটা অঞ্চলত বাংলা নাটকৰ বিশেষ প্ৰচলন আছিল। কেইবাটাও নাট্য দলে সেই সময়ত বৰপেটাৰ উৎসৱ-পাৰ্ৱণত বঙালী ভাষাৰ নাটক মঞ্চস্থ কৰি ৰাইজৰ সঁহাৰি লাভ কৰিছিল। অম্বিকাগিৰীয়ে অসমীয়া অভিনেতা সকলৰ মুখত বাংলা ভাষাৰ সংলাপ শুনি বৰ অসন্তোষ পাইছিল। এদিন তেওঁ বৰপেটাৰ দুটা মুখ্য নাট্য দলক লগ ধৰি অসমীয়া ভাষাত নাটক লিখিলে তেওঁলোকে অভিনয় কৰিবনে নকৰে সুধিলে। তেতিয়া নাট্য গোষ্ঠীৰ মুখিয়াল সকলে ক’লে বৰ্তমান যি কেইখন অসমীয়া নাটক আছে, সেইকেইখনৰ সংলাপবোৰ ক’বলৈ বৰ অসুৱলা আৰু গীতবোৰো আচহুৱা। সেয়ে তেওঁলোকে উপায় নাপায় হে বাংলা ভাষাৰ নাটকবোৰ মঞ্চস্থ কৰিব লগা হৈছে।
অম্বিকাগিৰীয়ে তেতিয়া তেওঁলোকক কথা দিলে যে–তেওঁ লিখিব অসমীয়া ভাষাৰ নাটক, যিবোৰ সম্পূৰ্ণভাৱে অভিনয়ৰ উপযোগী হ’ব। কথা মতেই কাম। অম্বিকাগিৰীয়ে নেৰা-নেপেৰাকৈ দুমাহ কষ্ট কৰি ‘জয়দ্ৰথ বধ’ আৰু ‘ভক্ত গৌৰৱ’ নামেৰে দুখন নাটক লিখি উলিয়ালে। আৰু নিজেই হাৰমনিয়াম, বেহেলা, তবলা শিকি অসমীয়া বৰগীত, ঘোষা আৰু দেহ-বিচাৰ গীতৰ সানমিহলি সুৰেৰে সেই নাটকৰ গীতবোৰো লিখি উলিয়ায়। এই নাটক দুখন প্ৰথম বাৰৰ বাবে মঞ্চস্থ হৈছিল ১৯১২ চনৰ মাধৱদেৱৰ তিথিৰ দিনা। স্থান আছিল বৰপেটা কীৰ্তন ঘৰৰ আগচোতাল। সিদিনা সমবেত হোৱা বৰপেটা অঞ্চলৰ সকলো পুৰুষ মহিলাই পুৱতি নিশা লৈকে অসমীয়া নাটক চালে আৰু অম্বিকাগিৰীৰ প্ৰতিভাক ভূয়সী প্ৰশংসাৰে উপচাই পেলালে। সিদিনাই পৰা বৰপেটা অঞ্চলত বাংলা ভাষাৰ নাটকৰ অপমৃত্যু হৈ অসমীয়া ভাষাৰ নাটকৰ জয়যাত্ৰা আৰম্ভ হ’ল। অম্বিকাগিৰীৰ নাট দুখন পিছে কেৱল বৰপেটাতে সীমাবদ্ধ নাথাকিল। অসমৰ সকলোবোৰ চহৰতে নাট মঞ্চস্থ কৰি অম্বিকাগিৰীদেৱে গুৰি ধৰা ‘সনাতন সংগীত সমাজ’ নামৰ নাট্য গোষ্ঠীটোৱে নাট পৰিৱেশন কৰি অসমীয়া ভাষাৰ জয় ঘোষণা কৰিলে।
বৰপেটাত গৃহত নজৰ বন্দী হৈ থকা সময়তে অম্বিকাগিৰীয়ে তেওঁৰ দুখন বিখ্যাত কবিতা পুথি ‘তুমি’ আৰু ‘বীণা’ লিখি সমাপ্ত কৰে। সেই সময়তে বিশ্বব্যাপী আৰম্ভ হোৱা প্ৰথম মহাযুদ্ধত অম্বিকাগিৰীয়ে ইংৰাজৰ হৈ যুদ্ধ কৰিম বুলি কথা দিয়াত ইংৰাজে তেওঁৰ ওপৰত থকা এনাৰ্কিষ্ট আখ্যা উঠাই দিয়ে। গৃহ বন্দীত্বৰ পৰা মুক্তি পায়েই অম্বিকাগিৰীয়ে ‘তুমি’ আৰু ‘বীণা’ৰ পাণ্ডুলিপি দুখন বুকুত বান্ধি সেই দুখন পুথি আকাৰে প্ৰকাশ কৰাৰ মানসেৰে ডিব্ৰুগড়লৈ ঢাপলি মেলে।
১৯১৬ চনত ‘তুমি’ৰ প্ৰকাশে অম্বিকাগিৰীলৈ আনি দিয়ে সদৌ অসমজোৰা খ্যাতি। বিভিন্ন সাহিত্য সমালোচকে তেওঁৰ কবিতাক প্ৰশংসাৰে উপচাই পেলালে। বাণীকান্ত কাকতিৰ দৰে আগশাৰীৰৰ সাহিত্য সমালোচকেও ক’লে যে, ভৱিষ্যতে যদি অম্বিকাগিৰীয়ে আন চিন্তা বাদ দি একানপটীয়াকৈ সাহিত্য সাধনাতে লাগে, তেনেহ’লে তেওঁ এদিন নিশ্চয় অসমলৈ সাহিত্যৰ ন’বেল বঁটা আজুৰি আনিব।
১৯১৫ ৰ পৰা ১৯১৭ চনলৈ এই সময়ছোৱাত অম্বিকাগিৰী ডিব্ৰুগড়ত আছিল আৰু ‘আসাম বান্ধৱ’ আলোচনীৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও ডিব্ৰুগড়ত থকা সময়ছোৱাত তেওঁ বিভিন্ন অস্থায়ী কাম কৰি নিজৰ জীৱিকা অৰ্জন কৰিছিল বুলি জনা যায়। পাছলৈ আসাম বান্ধৱৰ সম্পাদকৰ সৈতে মনোমালিন্য হোৱাত তেওঁ দ্বায়িত্ব এৰি গুৱাহাটীলৈ পুনৰ উভতি আহে আৰু তেওঁ নিজা মতৰ এখন আলোচনী উলিয়াবলৈ মনস্থ কৰে।

অৰুণা প্ৰেছৰ প্ৰতিষ্ঠা আৰু চেতনাৰ প্ৰকাশ

ডিব্ৰুগড়ৰ পৰা প্ৰত্যাৱৰ্ণ কৰাৰ পাছত অম্বিকাগিৰীয়ে গুৱাহাটীত এটা প্ৰেছ প্ৰতিষ্ঠা কৰাৰ বাবে পণ লয়। তাৰ বাবে তেওঁ হাতত থকা সীমিত ধনেৰে এটা প্ৰেছ কিনিবৰ বাবে কলিকতা মহানগৰলৈও যায়। কিন্তু তেওঁৰ হাতত থকা ধনেৰে প্ৰেছ কিনা অসম্ভৱ বুলি বুজি পায় কলিকতাৰ পৰা বিফল মনোৰথেৰে ঘূৰি আহে। তাৰ পাছত তেওঁ বৰপেটাৰ এজন ব্যক্তিৰ পৰা এটা হেণ্ড প্ৰেছ মাহিলি ২০ টকা ভাড়াত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰে। পোনপ্ৰথমে দুজন কৰ্মচাৰীৰে সৈতে অসীম কষ্টৰে তেওঁ সেইসময়ৰ গুৱাহাটীৰ একমাত্ৰ প্ৰেছটো প্ৰতিষ্ঠা কৰে। আৰু নাম ৰাখে ডাঙৰ ভতিজাকৰ নামেৰে ‘অৰুণা’। অম্বিকাগিৰীয়ে আত্মজীৱনীত উল্লেখ কৰা অনুসৰি মাত্ৰ ২ টকা মূলধনেৰে আৰম্ভ কৰা প্ৰেছটোৰ জড়িয়তে কেইবাহাজাৰ টকা ঘটে। তথাপিও কিন্তু তেওঁ বিশেষ ধনী মানুহ হ’ব নোৱাৰিলে কাৰণ ব্যৱসায় কৰি ঘটা বেছি ভাগ টকাই তেওঁ সামাজিক কাম-কাজৰ বাবেই খৰছ কৰিলে।
কেইমাহ মান প্ৰেছৰ কাম কৰাৰ পাছত তেওঁ সেই প্ৰেছৰ পৰাই নিজা সম্পাদনাত চেতনা নামেৰে এখন মাহেকীয়া আলোচনী উলিয়ায়। ১৯১৮ চনৰ পৰা প্ৰকাশ পোৱা চেতনাই ৯ বছৰ কাল অসমীয়া সাহিত্যৰ সেৱা কৰি অসমীয়া সাহিত্যত এটা বিশেষ যুগৰ সৃষ্টি কৰে। চেতনা আলোচনীখন আছিল সেই সময়ৰ অসমীয়া জাতীয়তাবাদৰ ধ্বজাবাহক। আলোচনীখন সেইসময়ৰ অসমীয়া ৰাইজে বিশেষ ভাৱে আকোৱালি লৈছিল আৰু প্ৰতিমাহে দুহেজাৰৰো অধিক কপি বিক্ৰী হৈছিল।

অসহযোগ আন্দোলনত অংশগ্ৰহণ আৰু কাৰাবাস

পাঞ্জাৱৰ জালিৱানৱালাগত হোৱাত নিৰ্মম গণ হত্যাৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে মহাত্মা গান্ধীৰ নেতৃত্ব অসহযোগ আন্দোলন আৰম্ভ হ’ল। অসমতো এই আন্দোলনৰ প্ৰভাৱ পৰিল। অসমতো সাধাৰণ জণগনে মহাত্মা গান্ধীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিদেশী সামগ্ৰী বৰ্জন, স্কুল-কলেজ, অফিচ-কাছাৰী আদি বৰ্জন কৰিবলৈ ল’লে। দেশ আৰু জাতিৰ সেৱাৰ বাবে সদা প্ৰস্তুত অম্বিকাগিৰীয়েও এই আন্দোলনত এজন আগৰণুৱা হৈ অসমত ইয়াৰ নেতৃত্ব দিলে। বৰপেটাৰ এখন সভাত বৃটিছ বিৰোধী ভাষণ দিয়াৰ অপৰাধত অম্বিকাগিৰীক পুলিচে গ্ৰেপ্তাৰ কৰে আৰু বিচাৰৰ অন্তত তেওঁক এবছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০০ টকাৰ জৰিমনা বিহে। অম্বিকাগিৰীৰ বিচাৰৰ দিনটো আছিল ১২/০২/১৯২১। কাৰাদণ্ডৰ প্ৰথম ১৭ দিন গুৱাহাটীৰ কাৰাগাত কটাই তেওঁ বাকী সময়ছোৱা তেজপুৰৰ কাৰাগাৰাত কটাবলগা হয়।
তেওঁ কাৰাগাৰত থকা সময়ছোৱাতে তেওঁৰ অৰুণা প্ৰেছ আৰু চেতনাৰ কাৰ্যালয়ত জুই লাগে। কিন্তু তেওঁ ককায়েক গীৰিশচন্দ্ৰ ৰায়চৌধুৰীৰ প্ৰচেষ্টাত প্ৰেছটো আৰু চেতনাখন পুনৰ সজীৱ হৈ উঠে। ১৯২২ চনত কাৰাগাৰৰ পৰা মুক্ত হৈ অম্বিকাগিৰীয়ে পুনৰ প্ৰেছ আৰু চেতনাৰ দ্বায়িত্ব চমজি লয়।

বিবাহ

যদিও অম্বিকাগিৰীয়ে আজীৱন অবিবাহিত থাকি দেশ আৰু জাতিৰ সেৱা কৰিম বুলি ভাবিছিল, তথাপি পৰিয়ালৰ হেঁচাত ১৯২৩ চনত নলবাৰীৰ পকোৱা গাঁওৰ কৌশল্যা দেৱীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ  বিয়াৰ সময়ত এটা বিতৰ্কিত ঘটনা হৈছিল। ঘটনাটো এনেধৰণৰ- সেইসময়ত সামাজিক নিয়ম অনুসৰি আঢ্যৱন্ত পৰিয়ালৰ লোকসকলে কইনা আনিবলৈ যাওঁতে দোলাত উঠি গৈছিল। কিন্তু মানৱতাবাদী অম্বিকাগিৰীয়ে দোলা কঢ়িওৱা মানুহৰ কষ্ট হ’ব বুলি দোলাত উঠি কইনা আনিবলৈ যাবলৈ অমান্তি হ’ল। তাৰ সলনি তেওঁ তিনি মাইল বাট খোজ কাঢ়ি যাব বুলি সিদ্ধান্ত ল’লে। সেই কথাত কইনা ঘৰৰ মানুহে তেওঁলোকৰ সন্মান হানি হ’ব বুলি ভাবি আপত্তি কৰিলে। যাৰ ফলত তেওঁলোকৰ বিয়া ভাঙিবৰ উপক্ৰম হৈছিল। শেষত ককায়েকৰ কথামতে তেওঁ দৰা হৈ হাতীত যাবলৈ মান্তি হয়। আৰু সুকলমে বিয়াখনো হৈ যায়।
অম্বিকাগিৰী মুঠ ৬ টা সন্তান আছিল যদিও ৪ জনহে জীৱিত আছিল। তাৰে ভিতৰত অসমৰ প্ৰথমগৰাকী মহিলা দণ্ডাধীশ শুচিব্ৰতা ৰায়চৌধুৰী আৰু অধ্যাপক ভগগিৰী ৰায়চৌধুৰীয়ে অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।

পাণ্ডু কংগ্ৰেছত অংশগ্ৰহণ আৰু অসম সংৰক্ষিণী সভাৰ গঠন

১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৬ সংখ্যক অধিৱেশনখন সফল কৰাত অম্বিকাগিৰীৰ বিশেষ ভূমিকা আছিল। এই সভাৰ উদ্বোধনী গীতটিৰ ৰচনাৰ ভাৰ পৰিছিল অম্বিকাগিৰী ৰায়চৌধুৰীৰ ওপৰত। তাৰেই ফলশ্ৰুতিত সৃষ্টি হৈছিল- আজি বন্দো কি ছন্দেৰে নামৰ কালজয়ী গীতটি। গীতটিয়ে সমগ্ৰ ভাৰতৰ পৰা অহা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি বৰ্গৰ পৰা বিশেষ আদৰ আৰু সন্মান বুটলিবলৈ সক্ষম হৈছিল। তেওঁ সেই অধিৱেশনত ‘কাৰ কি আৱাহন’ নামেৰে আন এটি গীতো ৰচনা কৰিছিল। দুয়োটা গীতেই বাণীকান্ত কাকতিয়ে ইংৰাজীলৈ অনুবাদ কৰি সমগ্ৰ দৰ্শক মণ্ডলীৰ মাজত বিলাই দিছিল। আৰু গীত দুটিৰ কথাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছিল। পাছত এই গীত দুটিৰ ইংৰাজীৰ অনুবাদটো ভাৰতৰ আগশাৰীৰ সকলোবোৰ ইংৰাজী কাকততে প্ৰকাশ হৈ গোটেই ভাৰততে বিখ্যাত হৈ পৰিছিল।
যদিও অসমত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনে অসমক সৰ্বভাৰতীয় পৰ্যায়ত পৰিচয় দাঙি ধৰাত সহায় কৰিছিল তথাপিও অসমৰ স্বাৰ্থ ৰক্ষা কৰাত ই বিশেষ সহায় নকৰে বুলি অনুভৱ কৰি অম্বিকাগিৰী ৰায়চৌধুৰীৰ নেতৃত্বত আৰু গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত ‘অসম সংৰক্ষিণী সভা’ নামেৰে এটি অনুষ্ঠানৰ শুভাৰম্ভণি পাণ্ডু কংগ্ৰেছৰ এই মণ্ডপতে কৰা হয়। এই সভাৰ উদ্দেশ্য আছিল অসম আৰু অসমীয়াৰ সকলো ধৰণৰ স্বাৰ্থ সুৰৰ্ক্ষিত কৰা। পাছলৈ অসম জাতীয় মহাসভা নামেৰে নামাকৰণ কৰা এই সংগঠনটোৱে অসমত পূৰ্ববংগীয় মূলক মুছলমান লোকসকলে অসমৰ কৃষিভূমিত চলোৱা আগ্ৰাসন, অসমৰ চৰকাৰী চাকৰি আৰু ব্যৱসায়ত বহিৰাগতৰ আগ্ৰাসন আদি বিষয়সমূহক লৈ কুৰি শতিকাৰ তৃতীয় দশকৰে পৰা প্ৰতিবাদ কৰি আহিছিল।

মায়াবিনী কেমিকেল ৱৰ্কছ স্থাপন

অম্বিকাগিৰী ব্যৱসায়ী নাছিল বা তেওঁৰ ধনী হোৱাৰ বাসনাও নাছিল। তাৰ বিপৰীতে তেওঁ আছিল অসমীয়া সাহিত্য আৰু জাতিৰ সেৱক হে। সেয়েহে তেওঁ ১৯৩০ চনত জীৱিকাৰ তাড়ণাত নহয়, অসমীয়া ডেকাসকলক উদ্যমিতাৰ এক আদৰ্শ দেখুৱাবৰ বাবেহে ‘মায়াবিনী কেমিকেল ৱৰ্কছ’ নামৰে এটি কেমিকেল উদ্যোগৰ প্ৰতিষ্ঠা কৰি চিয়াঁহী, তেল, চাবোন আদি প্ৰস্তুত কৰিছিল। কিন্তু পুঁজিৰ অভাৱত তেওঁ এই উদ্যোগটো দুবছৰ মান চলাইয়ে বন্ধ কৰিব লগা হয়।
এই সামগ্ৰীসমূহৰ নিৰ্মাণ কাৰ্য তেওঁ বিভিন্ন বাংলা আৰু ইংৰাজী কিতাপ পঢ়ি আয়ত্ব কৰিছিল বুলি জনা যায়। কাৰখানা আছিল পাণবজাৰৰ নিজা বাসগৃহতেই। সেই সময়ত বংগতো আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ দৰে ব্যক্তিয়ে বেংগল কেমিকেলছ দৰে স্বদেশী প্ৰতিষ্ঠান গঢ়ি তুলিছিল। অম্বিকাগিৰীয়েও এনেবোৰ প্ৰচেষ্টাৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিল বুলি ধাৰণা কৰিব পৰা যায়।

ডেকা অসমৰ প্ৰকাশ আৰু অসম জাতীয় মহাসভাৰ গঠন

১৯৩৫ চনত পাণবজাৰৰ অৰুণা প্ৰেছৰ পৰা  অসম সংৰক্ষিণী সভাৰ মুখপত্ৰ ‘ডেকা অসম’ প্ৰকাশ পায়। এই আলোচনীখন সাহিত্যৰ নাছিল, ই আছিল ৰাজনৈতিক ধৰ্মীহে। অসমীয়া নৱ প্ৰজন্মক অসমৰ সমস্যাৰাজিৰ প্ৰতি সজাগ-সচেতন কৰি তোলাৰৰ লগতে অসমৰ উন্নতিত তেওঁলোকৰ ভূমিকা কেনে হ’ব লাগে সেই বিষয়ৰ প্ৰবন্ধ-পাতিৰে ভৰপূৰ আছিল ডেকা- অসমৰ পৃষ্ঠাসমূহ।
১৯৩৬ চনত অসম সংৰক্ষিণী সভাৰ উদ্দেশ্য আৰু আদৰ্শৰ পৰিসৰ বহলাই অসম জাতীয় মহাসভা নামেৰে নামাকৰণ কৰা হয়। অসমৰ ৰাজনীতিৰ জটিল ক্ষণসমূহত অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসম জাতীয় মহাসভাই অসম আৰু অসমীয়াৰ পক্ষত থাকি অতি বলিষ্ঠ ভূমিকা পালন কৰিছিল বুলি আমি ইতিহাসত উল্লেখ পাঁও।

গ্ৰুপিঙৰ বিৰোধিতা আৰু আত্মৰক্ষী বাহিনী গঠন

১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ সময়ত কেবিনেট মিছনৰ প্ৰস্তাৱ মৰ্মে গ্ৰুপিং আঁচনি লোৱা হৈছিল আৰু ভাৰতৰ প্ৰদেশসমূহক ক খ আৰু গ নামেৰে তিনিটা ভাগত ভাগ কৰি তিনিওটা ভাগকে নিজ নিজ সংবিধান ৰচনা কৰিবলৈ সংবিধান সভা গঠন কৰিবলৈ নিৰ্দেশ দিছিল। এই গ্ৰুপিং আঁচনিত অসমক জিন্নাৰ মুছলিম লীগৰ পৰামৰ্শ মৰ্মে ‘গ’ শাখাত ৰাখি বংগদেশৰ সৈতে যোগ দিয়া হৈছিল। এই কাৰ্যৰ ফলত অসম পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ উপক্ৰম হৈছিল। গোপীনাথ বৰদলৈকে আদি কৰি অসমৰ কংগ্ৰেছ নেতা সকলে বৃটিছ চৰকাৰ আৰু কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিৰ ওচৰত এই গ্ৰুপিংৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নেহৰু, পেটেলকে আদি কৰি কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলে অসমৰ গ্ৰুপিং বিৰোধী আন্দোলনক বিশেষ গুৰুত্ব নিদিলেও মহাত্মা গান্ধীয়ে অসমৰ পক্ষত থাকি অসমৰ কংগ্ৰেছ নেতাসকলক সাহস দিছিল।
কৈছিল যদিহে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ কংগ্ৰেছীসকলৰ দাবী মানি ন’লয় তেনেহ’লে অসমে সংবিধান সভাৰ পৰা ওলাই আহিব লাগে আৰু অসমে নিজৰ সংবিধান নিজেই ৰচনা কৰিব লাগে। ১৯৪৬ চনৰ ৫ জুনৰ দিনা জগদীশ চন্দ্ৰ মেধীৰ নেতৃত্বত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চহৰ আৰু গাঁওসমূহত সভা-সমিতি পাতি গ্ৰুপিং বিৰোধী দিৱস পালন কৰা হয়। অসম কংগ্ৰেছৰ এই গ্ৰুপিং বিৰোধী আন্দোলনত অসম জাতীয় মহাসভায়ো সৰ্বতো প্ৰকাৰে সহায় কৰিছিল আৰু এই আন্দোলনটো জনসাধাৰণৰ মাজলৈ লৈ যোৱাত সহায় কৰিছিল। অসম জাতীয় মহাসভাৰ তদানীন্তন সাধাৰণ সম্পাদক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰি আমৰণ অমশন কৰিছিল বুলি জনা যায়।
অসমক  পূব-পাকিস্তানত চামিলকৰণৰ এই ষড়যন্ত্ৰ ওফৰাবলৈ অম্বিকাগিৰীয়ে অসম আত্মৰক্ষী বাহিনী নামেৰে এটা সংগঠনৰো আৰম্ভণি কৰিছিল। অম্বিকাগিৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ-হাজাৰ যুৱকে এই সংগঠনত যোগদান কৰিছিল বুলি জনা যায়।

অসম সাহিত্য সভা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী

অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ জন্ম-লগ্নৰ সদস্য আছিল। ১৯১৭ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তেওঁ কাৰ্যনিৰ্বাহক সদস্য আছিল। সেইসময়ত তেওঁ ডিব্ৰুগড়ত আসাম-বান্ধৱ আলোচনীৰ সহকাৰী সম্পাদক হিচাপে কাৰ্য-নিৰ্বাহ কৰি আছিল বাবে তেওঁ ডিব্ৰুগড়ক প্ৰতিনিধি কৰিছিল। পাছলৈ তেওঁ অসমৰ বিভিন্ন ৰাজনৈতিক আন্দোলনত লাগি থাকিব লগা হোৱা বাবে সাহিত্য সভাৰ বিশেষ সেৱা কৰিব পৰা নাছিল।
১৯৫০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি নিৰ্বাচিত হয়। তেওঁৰ সভাপতিত্বৰ কালৰ পৰাই অসম সাহিত্য সভাৰ মজিয়াত অসমীয়া ৰাজ্যভাষা দাবী দিৱস পালনৰ আৰম্ভণি হয় আৰু ই অসমীয়া ভাষাই ১৯৬০ চনত ৰাজ্যভাষা হিচাপে স্বীকৃতি পোৱা পৰ্যন্ত চলি আছিল। অসমীয়া ভাষাক অসমত ৰাজ্যভাষাৰ মৰ্যাদা দিব লাগে বুলি তেওঁ গোটেই অসম জুৰি জনমত গঠন কৰিবৰ বাবে বিভিন্ন সভা-সমিতি আয়োজন কৰিছিল। তেওঁ আমৃত্যু অসম সাহিত্য সভাৰ এজন শুভচিন্তক আছিল আৰু অসম সাহিত্য সভাৰ অধিৱেশনসমূহলৈ তেওঁ শুভেচ্ছা বাণী কৰি প্ৰেৰণ কৰি সভাৰ বিভিন্ন দিহা পৰামৰ্শ দি ধন্য কৰিছিল।

শেষ জীৱন আৰু মৃত্যু

জীৱনৰ শেষৰ সময়ছোৱাত অম্বিকাগিৰীয়ে অৱশ্যে কিছু স্বীকৃতি পাইছিল। ১৯৫৬ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কবি সন্মিলনত আকাশবাণীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ সুযোগ পাইছিল। ১৯৬০ চনত তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। ( যদিও তেওঁ সেই পেঞ্চন ত্যাগ কৰিছিল।) পিছে জীৱনৰ এই সময়ছোৱাত তেওঁ একেবাৰেই নিঃসংগ হৈ পৰিছিল। গোটেই জীৱনজুৰি তেওঁ যি আদৰ্শ আৰু বাণী মানুহৰ মাজত বিলাইছিল তাক যেন সেইসময়ৰ ডেকা-গাভৰু সকলে পালন কৰিবলৈ কোনো কাণ-সাৰেই দিয়া নাছিল। অসম আৰু অসমীয়াক ৰক্ষা কৰাৰ লগতে এটা সুস্থ সবল আৰু প্ৰগতিশীল জাতি নিৰ্মাণৰ তেওঁৰ যি সপোন তাক সাকাৰ কৰিবলৈ তেওঁ কোনো লগৰীয়া বিচাৰি নাপাই তেওঁ বৰ হতাশা আৰু যান্ত্ৰণাৰ জীৱন কটাইছিল। ১৯৬৭ চনৰ ২ জানুৱাৰীৰ নিশা হৃদৰোগত আক্ৰান্ত হৈ এইজনা যুগশ্ৰেষ্ঠ অসমীয়াই হঠাতে এই পুণ্য অসমভূমিৰ পৰা মেলানি মাগিলে।১৯৬৭ তেওঁক মৰণোত্তৰভাবে বেদনাৰ উল্কা কবিতা পুথি খনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হয়।
সহায়ক গ্ৰন্থপঞ্জীঃ
১) মোৰ জীৱনৰ ধুমুহা এছাটি- অম্বিকাগিৰী ৰায়চৌধুৰী 
২) অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী -সম্পাদনা- ড° সত্যেন্দ্ৰনাথ শৰ্মা
0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top