গৰখীয়া সবাহ
(গৰখীয়া সবাহ অসমীয়া জনজীৱনৰ এক উল্লেখযোগ্য অনুষ্ঠান। সময়ৰ সোঁতত নিস্তেজ হৈ পৰা গৰখীয়া সবাহ সম্পৰ্কে সাৰথিৰ পাঠক সমাজলৈ চমুকৈ আগবঢ়ালোঁ)
সংস্কৃতিয়ে এটা জাতি অথবা এখন সমাজৰ স্বৰূপ নিৰ্ণয় কৰে। এই সংস্কৃতিৰে অন্যতম এটা ভাগ হৈছে লোক-সংস্কৃতি আৰু অসমীয়া লোক-সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে গৰখীয়া সবাহ। অসমীয়া সমাজত অতীতৰ পৰা বৰ্তমানলৈকে গৰখীয়া সবাহৰ প্ৰচলন দেখিবলৈ পোৱা গৈছে। কিন্তু অতীতৰ পৰা বৰ্তমানৰ মাজত কিছু পৰিৱৰ্তন আহি পৰিছে। অসমীয়া লোক-জীৱনত গৰখীয়া সবাহৰ লগতে গৰখীয়া সকামৰো যথেষ্ট তাত্পৰ্য আছে।
গৰখীয়া সবাহ কি ?
অসমৰ গাঁও অঞ্চলত বাস কৰা লোকসকলৰ জীৱিকাৰ প্ৰধান সম্বল হৈছে কৃষি। গাঁৱৰ চহা লোকসকলৰ কৃষিৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল ঘৰত থকা গৰু বা ম’হ কেইটা। গতিকে প্ৰত্যেক ঘৰতে গৰু কেইটা চোৱা-চিতা কৰিবলৈ, ঘাঁহ-বন খুৱাই চৰাই ফুৰিবলৈ একোজনকৈ লোক থাকে, তেওঁক কোৱা হয় গৰখীয়া। গৰখীয়া সকলক আমন্ত্ৰণ কৰি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰাৰ অৰ্থে যি সবাহৰ আয়োজন কৰে তাকে সাধাৰণভাৱে গৰখীয়া সবাহ বুলি কব পাৰি। এই সবাহত বাৰজন গৰখীয়া হলে ভাল। যদি বাৰ জন নাথাকে পাঁচ জনকে আমন্ত্ৰণ কৰি আনি তেওঁলোকক সেৱা জনাই আহাৰ গ্ৰহণ কৰাই শ্ৰদ্ধাৰে বিদায় দিয়ে। অঞ্চল ভেদে অথবা জাতি-জনগোষ্ঠী ভেদে এই সবাহৰ আয়োজন অথবা পালন কৰা নীতি-নিয়ম সমূহৰ মাজত কিছু পাৰ্থক্য আছে। যদিও গৰখীয়া সবাহ মুখ্যত গৰু-মহ কেইটাৰ মংগল কামনা কৰি আয়োজন কৰা হয় বুলি কওঁ যদিও ইয়াৰ পাছতো অতীতৰ পৰা অনেক দিশ জড়িত হৈ আছে। গৰখীয়া সেৱাৰ কাৰণ একাধিক—
(ক) নিঃসন্তান দম্পতীয়ে পুত্ৰ সন্তান কামনাৰ্থে গৰখীয়া সেৱাৰ আয়োজন কৰে।
(খ) গো-জাতিৰ শ্ৰীবৃদ্ধিৰ কামনাত কোনোৱে গোপাল পূজা আগবঢ়ায়।
(গ) সৰু লৰাৰ অসুখ-বিসুখ হলে বা বয়স অনুযায়ী বাঢ়িব নোৱাৰিলে ল’ৰাৰ আৰোগ্য কামনাৰে অথবা গৰু-গাই হেৰাই পোৱাৰ পাছত বহুতে গৰখীয়া সেৱা পাতে।
(ঘ) এজন প্ৰখ্যাত জ্যোতিষীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি ড০ ভৃগুমোহন গোস্বামীয়ে লিখিছে যে, শনিৰ কোপ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মানুহে গৰখীয়া সেৱা পাতে।
গৰখীয়া সবাহৰ পৰম্পৰা-
অঞ্চলভেদে গৰখীয়া সবাহৰ পৰম্পৰাৰ মাজত সাদৃশ্য বৈসাদৃশ্য পৰিলক্ষিত হয়। এই সবাহ নিজা ঘৰত অথবা ৰাজহুৱাকৈ আয়োজন কৰা হয়। এই সকামত পোন প্ৰথমে কেইজনক নিজ গৃহলৈ আমন্ত্ৰণ কৰা হয়, তেওঁলোকক ঘৰৰ চোতালখন হাৰি-মচি ঢাৰি পাৰি ধূপ-চাকি জ্বলাই তাত বহিবলৈ দিয়া হয়। তাৰ পাছত সেৱা জনাই খাবলৈ দিয়া হয়। শেষত তেওঁলোকক পুনৰ সা-সন্মানেৰে সেৱা জনাই বিদায় দিয়া হয়।
গৰখীয়া সকলক আপ্যায়ন কৰোঁতে কোনো কোনোৱে ভীম কল, পিঠাগুৰ, গাখীৰ, গুৰেৰে আপ্যায়ন কৰে। আকৌ কেনোৱে লাড়ু, পিঠা, পায়সেৰে আপ্যায়ন কৰে। যদিহে সবাহখন ৰাজহুৱাকৈ আয়োজন কৰে তেতিয়া গোটেই সমাজখন একগোট হৈ ৰাজহুৱাকৈ খোৱা-লোৱাৰ ব্যৱস্থা কৰি গৰখীয়াক আপ্যায়িত কৰি ৰাইজে খাদ্য গ্ৰহণ কৰে। কামৰূপ জিলাৰ বৰকুৰিহা সৰুবুঢ়া আতা সচঙত প্ৰতিবছৰে পৰম্পৰাগতভাবে এই সবাহৰ আয়োজন কৰে। কামৰূপৰ ডিমৰীয়া অঞ্চলত যেতিয়া ৰাজহুৱাকৈ ইয়াক আয়োজন কৰে, তেতিয়া সবাহৰ আগদিনা গাঁৱৰ পুৰুষ- স্ত্ৰীয়ে উপবাসে থাকি সবাহৰ দিনা সকলোৱে মিলি নাম লয় আৰু খেতিৰ মংগল কামনা কৰে। ভোগৰ বাবে লাড়ু- পিঠা, পায়স-পৰমান আয়োজন কৰে। অঞ্চল ভেদে অথবা জাতিভেদে বেলেগ বেলেগ সময়ত এই সবাহৰ আয়োজন কৰা হয়। কোনোৱে কাতি, কোনোৱে মাঘ আকৌ কোনোৱে বহাগ মাহত।
গৰখীয়া সবাহৰ লগত জড়িত লোক-বিশ্বাস
গৰখীয়া সবাহটো যিহেতু লোক-বিশ্বাসৰ অবিচ্ছেদ্য অংগ। গতিকে এই সবাহৰ লগত অনেক লোক-বিশ্বাস জড়িত হৈ আছে-
(ক) গৰখীয়া সবাহত গৰখীয়াক সন্তুষ্ট কৰিব নোৱাৰিলে গৃহস্থৰ অপায়- অমংগল হব বুলি বিশ্বাস কৰে।
(খ) গাঁৱৰ নিৰক্ষৰ লোকসকলৰ কোনো নিঃসন্তান হ’লে গৰখীয়া সবাহ পাতি গৰখীয়াক খুৱাই সন্তুষ্ট কৰি কাপোৰ আৰু এডাল এচাৰি দান কৰিলে সন্তানসম্ভৱা হয় বুলি বিশ্বাস কৰে।
(গ) এই সবাহ পাতিলে গৰু-গাইৰ বেমাৰ-আজাৰ নহয় আৰু লগতে খেতি ভাল হয় বুলি জনবিশ্বাসৰ প্ৰচলন আছে।
(ঘ) কোনো ল’ৰা-ছোৱালী যদি খোজ কাঢ়িব নোৱাৰে, বিভিন্ন বেমাৰ-আজাৰ হৈ থাকে বা কথা ক’ব নোৱাৰা হয় সেয়া গৰখীয়া লেথাত পৰা বুলি বিশ্বাস কৰি গৰখীয়া সবাহৰ আয়োজন কৰে। গৰখীয়াহঁতক সন্তুষ্ট কৰিলে এই দুখবোৰ দূৰ হয় বুলি বিশ্বাস কৰে।
(ঙ) শনিগ্ৰহৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ গৰখীয়া সবাহ পাতে।
অতীতত গৰখীয়াসকলক লৈ অথবা গৰখীয়া সবাহক লৈ যি ৰীতি-নীতি, পৰম্পৰা গঢ় লৈ উঠিছিল সেয়া বৰ্তমানৰ জনসমাজত নগৰমুখিতাৰ প্ৰভাৱতেই হওক অথবা অন্য কাৰণতেই হওক পৰিৱৰ্তন অহাৰ লগতে এই সবাহৰ পৰম্পৰাও কিছু হ্ৰাস পাইছে। লক্ষীমপুৰ আৰু শোণিতপুৰত অৱস্থিত গৰখীয়া থান, বৰনগৰৰ সমীপস্থ গৰখীয়া গোঁসাইৰ থান আৰু তেলেতীয়া গোঁসাইৰ থান, সৰভোগৰ গৰখীয়া থান, বেজেৰাৰ নামতা গোঁসাইৰ থান আৰু অসমৰ বিভিন্ন অঞ্চলত প্ৰতিষ্ঠিত গৰখীয়া থান আদিৰ জৰিয়তে অসমীয়া লোক-জীৱনত গৰখীয়া আৰু গৰখীয়া সেৱা-পূজা বা গৰখীয়া পোহা পৰম্পৰাৰ আভাস পাব পাৰি। গতিকে ক’ব পাৰি যে অসমীয়া জন-জীৱনত গৰখীয়াসকল আৰু গৰখীয়া সবাহৰ তাত্পৰ্য কোনোধৰণে নুই কৰিব নোৱাৰি।
তথ্যসূত্ৰঃ
১। অসমীয়া লোক-সংস্কৃতিৰ আভাস- ড০ নবীনচন্দ্ৰ শৰ্মা,(পৃ-২৬৩)
২। অসমৰ সংস্কৃতি-কোষ, মুখ্য সম্পাদনা- ড০ নাৰায়ণ দাস, সম্পা- পৰমানন্দ ৰাজবংশী,(পৃ- ১৭৪)
আৰু পঢ়ক- অসমীয়া কল্পবিজ্ঞান সাহিত্য