চিপকো আন্দোলনৰ হোতা সুন্দৰলাল বহুগুণা
মূৰত এখন বগা ৰঙৰ স্কার্ফ, বগা দীঘলীয়া দাড়ি, ক্ষীণ হাঁহি আৰু চকুত এক অস্পষ্ট জিলিকনিৰে সেই ব্যক্তিজনেই আছিল সুন্দৰলাল বহুগুণা। সুন্দৰলাল বহুগুণা, যিজন ভাৰতীয় লোকসকলৰ পৰিচিত মুখবোৰৰ ভিতৰত এখন অন্যতম মুখ আছিল আৰু এজন পৰিৱেশবিদ হিচাপে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতো অত্যন্ত জনপ্ৰিয়। সুন্দৰলাল বহুগুণাই সমগ্ৰ জীৱনজুৰি নিজৰ বিবেক আৰু চেতনাক পৰিৱেশ সংৰক্ষণত আৱদ্ধ কৰি ৰাখিছিল। ইয়াৰোপৰি তেওঁ হিমালয় তথা ইয়াৰ পাদদেশৰ অৰণ্যৰ সংৰক্ষণৰ প্ৰতিও সমানে সোচ্চাৰ হৈ আছিল। সুন্দৰলাল বহুগুণাক আজিও “চিপকো” মানুহ বুলি কোৱা হয়। ভাৰতৰ লোকসকলক তথা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক পৰিৱেশৰ প্ৰতি সজাগ হ’বলৈ শিকাই পৰিৱেশ আন্দোলনত জড়িত কৰোৱা ব্যক্তিজনেই আছিল সুন্দৰলাল বহুগুণা।
সুন্দৰলাল বহুগুণাৰ জন্ম, প্ৰাৰম্ভিক জীৱন আৰু বিবাহ:-
প্ৰকৃতিপ্ৰেমী সুন্দৰলাল বহুগুণাৰ জন্ম হৈছিল ১৯২৭ চনৰ ৯ জানুৱাৰী তাৰিখে, উত্তৰাখণ্ডৰ টেহৰিৰ নিকটৱৰ্তী গাঁও মাৰোদাত। তেওঁৰ পিতৃৰ নাম আছিল অম্বাদত্ত বহুগুণা। সুন্দৰলাল বহুগুণাৰ পিতৃ অম্বাদত্তই বন বিভাগত চাকৰি কৰিছিল। সুন্দৰলাল বহুগুণা এটা চহকী পৰিয়ালতে জন্মলাভ কৰিছিল।

সুন্দৰলাল বহুগুণা এজন প্ৰখ্যাত গান্ধীবাদী লোক আছিল। শ্ৰীদেৱ সুমন নামৰ বন্ধু এজনৰ প্ৰভাৱত তেৰ(১৩) বছৰ বয়সতে সুন্দৰলাল বহুগুণাই সামাজিক তথা ৰাজহুৱা জীৱন আৰম্ভ কৰিছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈছিল আৰু অহিংস নীতিৰে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ঔপনিবেশিক ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে শিৰ দাঙি থিয় হৈছিল। সুন্দৰলাল বহুগুণাই ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে যুঁজত ভাৰতীয় লোকসকলক একত্ৰিত কৰিছিল।
১৯৫৬ চনত সুন্দৰলাল বহুগুণা বিমলা নাওটিয়ালৰ লগত বিবাহপাশত আৱদ্ধ হয়। ১৯৬০ চনত সুন্দৰলাল বহুগুণাই বিনোৱা ভাবেৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ তেতিয়াই পৰ্বত-পাহাৰৰ পাৰিৱেশিক অৱস্থাৰ অৱনতি দেখি পাইছিল আৰু পৰৱৰ্তী কালত তেওঁ এইবোৰৰ বাবেই পৰিৱেশ সুৰক্ষাৰ আন্দোলনত জঁপিয়াই পৰিল।
সুন্দৰলাল বহুগুণাৰ সমাজ-হিতৈষীমূলক কাৰ্য্য:-
১) দলিতসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ আন্দোলন:-
সুন্দৰলাল বহুগুণা এটা ধনী ব্ৰাহ্মণ পৰিয়ালত জন্ম লাভ কৰিছিল যদিও তেওঁ সদায় দলিত তথা সমাজৰ নিপীড়িত শ্ৰেণীৰ লোকৰ বাবে কাম কৰিছিল। তেওঁ প্ৰথমে সমাজত অস্পৃশ্য বুলি গণ্য কৰা দলিতসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়াৰ হকে এটা আন্দোলন গঢ়ি তুলিছিল। ১৯৫০ চনত তেওঁ কিছুমান দলিত সম্প্ৰদায়ৰ লোকক লগত লৈ বাদুকেডাৰ নামৰ ঠাইৰ এটা মন্দিৰত প্ৰৱেশ কৰিছিল।
২) সুৰাবিৰোধী অভিযান:-
সমাজ সংস্কাৰক সুন্দৰলাল বহুগুণাই ১৯৬৫-৭০চনৰ ভিতৰত উত্তৰাখণ্ডৰ পাহাৰীয়া লোকৰ মাজত সুৰাবিৰোধী অভিযান আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ পাহাৰীয়া অঞ্চলৰ মহিলাসকলক সংগঠিত কৰিছিল। সুৰাবিৰোধী অভিযান আৰম্ভ কৰা বাবে সুন্দৰলাল বহুগুণাই তিনিবাৰ কাৰাগাৰবৰণ লৰিবলগা হয়।
৩) চিপকো আন্দোলন:-
১৯৭০ৰ দশকত আৰম্ভ হয় বিশ্ববিখ্যাত চিপকো আন্দোলন। সুন্দৰলাল বহুগুণাই এই আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰিছিল। ১৯৭৪ চনৰ ২৬ মাৰ্চ তাৰিখে তেতিয়া উত্তৰ প্ৰদেশ(আজিৰ উত্তৰাখণ্ড)ৰ হিমালয়ৰ পাদদেশৰ গাৰহোৱালৰ চামোলিৰ ৰেইনী নামৰ গাঁৱত চিপকো আন্দোলন আৰম্ভ হৈছিল। চৰকাৰী কৰ্তৃপক্ষই অৰণ্য ধ্বংস কৰাক লৈ এই চিপকো আন্দোলন গঢ় লৈ উঠিছিল। এই গাঁওখনৰ মহিলাসকলেই এই আন্দোলনটো গঢ়ি তুলিছিল। এই আন্দোলনটো গঢ়ি তোলাৰ মূল মানুহগৰাকী আছিল সুন্দৰলাল বহুগুণাৰ পত্নী বিমলা বহুগুণা। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলন সফল কৰি তুলিবলৈ মহিলাসকলক সংগঠিত কৰিছিল আৰু চিপকো আন্দোলনক এক সৰ্বভাৰতীয় ৰূপ প্ৰদান কৰিছিল। সমগ্ৰ ভাৰতৰ মাজত চিপকো আন্দোলনক চিনাকি কৰাই দিয়া মানুহজনেই আছিল সুন্দৰলাল বহুগুণা। হিমালয়ৰ পাহাৰৰ পাদদেশত ট্ৰেন্স-হিমালয় পদযাত্ৰাৰ জৰিয়তে ৫০০০ কিলোমিটাৰতকৈ অধিক খোজ কাঢ়ি ইখন ঠাইৰ পৰা আনখন ঠাইলৈ গৈ তেওঁ চিপকো আন্দোলনৰ বাবে গণসমৰ্থন আদায় কৰিছিল।
অৱশেষত, ১৯৮০ চনত এই আন্দোলনে সফলতা লাভ কৰিছিল। সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গাৰহোৱাল হিমালয় অঞ্চলত লগতে ১৫ বছৰৰ বাবে উত্তৰাখণ্ডত গছ-গছনি কটাত নিষেধাজ্ঞা জাৰি কৰে।
৪) টেহৰি বান্ধ বিৰোধী আন্দোলন:-
চিপকো আন্দোলনৰ পাছতো সুন্দৰলাল বহুগুণা টেহৰি বান্ধ বিৰোধী আন্দোলনতো মুখ্য ভূমিকাত অৱতীৰ্ণ হয়। কেইবাদশক ধৰি তেওঁ টেহৰি বান্ধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ অহিংস নীতিৰে সত্যাগ্ৰহৰ জৰিয়তে এই প্ৰতিবাদ কৰিছিল। টেহৰি বান্ধ নিৰ্মাণৰ প্ৰতিবাদত ভাগীৰথী নদীৰ পাৰত তেওঁ বহুবাৰ অন্নশন কৰিছিল।
টেহৰি বান্ধৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ বিষয়ে পৰ্যালোচনা কমিটি নিযুক্তি নিদিয়াৰ প্ৰতিবাদত সুন্দৰলাল বহুগুণাই ১৯৯৫ চনৰ মে’ মাহত পঞ্চল্লিছ(৪৫) দিনৰ অন্নশন কৰিছিল। অৱশেষত, সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে পৰ্যালোচনা সমিতি সন্দৰ্ভত প্ৰতিশ্ৰুতি দিয়া বাবে সুন্দৰলাল বহুগুণাই তেওঁৰ পঞ্চলিছ(৪৫) দিনীয়া অনশন প্ৰত্যাহাৰ কৰিছিল। কিন্তু তাৰপাছত পুনৰ এবছৰৰ ভিতৰত এই প্ৰতিশ্ৰুতি ৰূপায়ন নোহোৱাত সুন্দৰলাল বহুগুণাই চৌসত্তৰ(৭৪) দিনীয়া অনশন কৰে। কিন্তু সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই প্ৰতিশ্ৰুতি পূৰণৰ ব্যক্তিগত আশ্বাস দিয়ে বাবে তেওঁ অন্নশন ত্যাগ কৰিছিল। কিন্তু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নহ’ল। পুনৰ টেহৰি বান্ধ নিৰ্মাণ কৰা হ’ল।
সুন্দৰলাল বহুগুণাই লাভ কৰা সন্মান:-
◆ ১৯৮১ চনত সুন্দৰলাল বহুগুণাক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে কিন্তু ভাৰত চৰকাৰে টেহৰি বান্ধ নিৰ্মাণ বন্ধ নকৰাৰ বাবে তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
◆ ১৯৮৬ চনত সুন্দৰলাল বহুগুণাই যমুনালাল বাজাজ বঁটা লাভ কৰে।
◆ ১৯৮৭ চনত সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে “ৰাইট লাইভলিহোড বঁটা” লাভ কৰে।
◆ ১৯৮৯ চনত আই আই টি ৰুৰকীয়ে সুন্দৰলাল বহুগুণাক সমাজ শাস্ত্ৰত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
◆ ২০০৯ চনত ভাৰত চৰকাৰে পৰিৱেশ সংৰক্ষণত আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে সুন্দৰলাল বহুগুণাক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰে।
সুন্দৰলাল বহুগুণাৰ মৃত্যু:-
সুন্দৰলাল বহুগুণা বিশ্বৰ এজন আগশাৰীৰ প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশবিদ। তেওঁৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন তেওঁৰ কাৰ্যকলাপৰ পৰাই পোৱা গৈছে। এইজনা মহান প্ৰকৃতিপ্ৰেমী মহীৰূহৰ মৃত্যু হয় কোভিড ১৯ মহামাৰীত যোৱা ২০২১ চনৰ ২১ মে’ৰ দিনা ১২.০৫ বজাত। তেখেতৰ মৃত্যুয়ে ভাৰতৰ প্ৰকৃতিৰ লগত জড়িত ব্যক্তিসকলক অভিভাৱকহীন কৰি থৈ গ’ল।
সুন্দৰলাল বহুগুণা কেৱল ভাৰতৰে নহয়, তেওঁ সমগ্ৰ বিশ্বৰ বাবে এজন আদৰ্শ পুৰুষ। সুন্দৰলাল বহুগুণাই তেখেতৰ প্ৰতিবাদী সত্ত্বাৰ জৰিয়তে ভাৰতৰ পৰিৱেশ সংক্ৰান্তীয় সমস্যাবোৰ সকলোৰে আগত দাঙি ধৰিলে আৰু লগতে প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে সোচ্চাৰ হৈ তেওঁৰ মহান প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে। আজিৰ প্ৰজন্মই সুন্দৰলাল বহুগুণাৰ পৰা তেওঁৰ দৰে প্ৰকৃতিপ্ৰেমৰ জ্ঞান লওক আৰু আমাৰ দেশখন সেউজীয়া কৰি ৰাখক।
আৰু পঢ়ক- নগা লোক-সংস্কৃতিৰ চমু আভাস
[…] কৰিছিল। উদাহৰণ স্বৰূপে, ১৯৭৪ চনত সুন্দৰলাল বহুগুণাই চৰকাৰৰ বন নীতিৰ বিৰুদ্ধে প্ৰতিবাদত […]