তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

মৌলিক অধিকাৰ -(ভাৰতীয় সংবিধান-৩)

মৌলিক অধিকাৰ সমূহ

(এই অধ্যায়টোত ভাৰতীয় সংবিধানৰ অন্তৰ্গত মৌলিক অধিকাৰসমূহ অনুচ্ছেদ অনুযায়ী একাদিক্ৰমে বৰ্ণনা কৰা হৈছে। মৌলিক অধিকাৰসমূহ প্ৰত্যেক জন নাগৰিকেই উপভোগ কৰিব পাৰে আৰু ইয়াৰ উলংঘন হ’লে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে।)

অনুচ্ছেদ-১২, পৰিভাষাঃ

এই ভাগত প্ৰসংগক্রমে আন অর্থ অপেক্ষিত নহলে ‘ৰাজ্য’ শব্দই ভাৰত চৰকাৰ আৰু সংসদ আৰু ৰাজ্য সমূহৰ প্ৰতিখনৰ চৰকাৰ আৰু বিধানমণ্ডল আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত অথবা ভাৰত চৰকাৰৰ নিয়ন্ত্রণাধীন সকলােবােৰ স্থানীয় বা অন্য প্রাধিকাৰীক বুজাব । 

অনুচ্ছেদ-১৩, মৌলিক অধিকাৰ সমূহৰ লগত অসংগত বা অল্পীকাৰক বিধিঃ

(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূর্বে ভাৰতৰ ৰাজ্যক্ষেত্ৰত বলবৎ হৈ থকা সকলাে বিধি যিমানখিনিলৈকে এই ভাগৰ উপবন্ধাবলীৰ লগত অসংগত হয় , সিমানখিনিলৈকে বাতিল হ’ব ।

(২) ৰাজ্যই এই ভাগে প্ৰদান কৰা অধিকাৰ বিলাক হৰণ কৰা বা নুই কৰা কোনাে বিধি প্রণয়ন কৰিব নােৱাৰিব আৰু এই খণ্ড উলংঘা কৰি প্রণয়ন কৰা যিকোনাে বিধি সেই উলংঘনৰ বিস্তৃতি পর্যন্ত বাতিল হ’ব ।

(৩) প্ৰসংগক্রমে আন অর্থ অপেক্ষিত নহ’লে এই অনুচ্ছেদত—

(ক) ‘বিধি’ বুলিলে যিকোনাে অধ্যাদেশ,আদেশ, উপবিধি, নিয়ম, বিনিয়ম, অধিসূচনা আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰত বিধিৰ বল থকা দস্তুৰ বা প্রথাও ইয়াৰ অন্তৰ্গত হ’ব ;

(খ) ‘বলবৎ বিধি’য়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূর্বে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনাে বিধানমণ্ডল, বা আন ক্ষমতাযুক্ত প্রাধিকাৰীৰ দ্বাৰা পাৰিত, প্রণীত আৰু ইতিপূর্বে নিৰসিত নােহােৱা সকলাে বিধিক অন্তর্গত কৰিব,– যদিওবা সেই সময়ত কোনাে বিধি বা তাৰ কোনাে ভাগ পূর্ণতঃ বা কোনাে ক্ষেত্রবিশেষত প্রবর্তিত নেথাকিবও পাৰে । — 

(৪) এই অনুচ্ছেদৰ কোনাে কথাই অনুচ্ছেদ ৩৬৮ ৰ অধীনত কৰা হােৱা এই সংবিধানৰ কোনাে সংশােধনীৰ ক্ষেত্ৰত প্ৰয়ােগ নহ’ব ।

সমতাৰ অধিকাৰ 

অনুচ্ছেদ-১৪, বিধিৰ আগত সমতাঃ

ৰাজ্যই ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনাে ব্যক্তিকে বিধিৰ আগত সমতাৰ পৰা বা বিধিৰ সমান সংৰক্ষণৰ পৰা বঞ্চিত নকৰিব । 

অনুচ্ছেদ-১৫, ধৰ্ম, জাতি, বর্ণ, লিংগ বা জন্মস্থানৰ হেতুত বিভেদকৰণৰ নিষেধঃ

(১) ৰাজ্যই কেৱল ধর্ম,জাতি, বর্ণ ,লিংগ ,জন্মস্থান বা ইয়াৰ যিকোনো এটাৰ হেতুত কোনাে নাগৰিকৰ বিৰুদ্ধে বিভেদ সৃষ্টি কৰিব নােৱাৰিব । 

(২) কেৱল ধর্ম, জাতি, বর্ণ, লিংগ, জন্মস্থান বা ইয়াৰ যিকোনো এটাৰ হেতুত কোনাে নাগৰিককেই 

      (ক) দোকান,সার্বজনিক ভােজনালয়,হােটেল আৰু যিকোনাে ৰাজহুৱা আমােদ-প্রমােদৰ স্থানত প্ৰৱেশৰ, কিম্বা 

      (খ) ৰাজ্য নিধিৰ পৰা পূৰাকৈ বা আংশিক ভাবে প্রতিপালন কৰা অথবা জনসাধাৰণৰ ব্যবহাৰৰ কাৰণে উছৰ্গা কৰা কুঁৱা, পুখুৰী, গা ধােৱা ঘাট, পথ, জনসমাগমৰ স্থান সমূহৰ ব্যৱহাৰৰ সম্পৰ্কত, কোনাে নির্যোগ্যতা,দায়িত্ব, নিৰ্বন্ধন বা চৰ্ত্তৰ অধীন নহ’ব ।

(৩) তিৰােতা আৰু ল’ৰা ছােৱালীৰ বাবে বিশেষ উপবন্ধ প্রস্তুত কৰাৰ পৰা এই অনুচ্ছেদ কোনাে কথাই ৰাজ্যক বাধা নিদিয়ে ।

(৪) এই অনুচ্ছেদৰ বা অনুচ্ছেদ ২৯ ৰ খণ্ড ২ ৰ কোনাে কথাই সামাজিক ভাৱে আৰু শিক্ষাৰ ফালৰ পৰা পিছ পৰা শ্ৰেণীৰ নাগৰিক সমূহৰ উন্নতিৰ বাবে অথবা অনুসূচিত জাতি সমূহৰ আৰু অনুসূচিত জনজাতি সমূহৰ বাবে কোনাে বিশেষ উপবন্ধ কৰাত ৰাজ্যক বাধা নিদিয়ে । 

অনুচ্ছেদ-১৬, চৰকাৰী নিয়ােগৰ বিষয়ত সুযােগৰ সমতাঃ

(১) ৰাজ্যৰ অধীনস্থ কোনাে পদত নিয়ােজন বা নিযুক্তিৰ বিষয়ত সকলােবােৰ নাগৰিকৰ বাবে সুযােগৰ সমতা থাকিব । 

(২) কেৱল ধর্ম,জাতি,বর্ণ,লিংগ,উদ্ভৱ,জন্মস্থান,বাসস্থান বা তাৰ যিকোনাে এটাৰ হেতুতেই ৰাজ্যৰ অধীনস্থ কোনাে নিয়োজন বা পদৰ বাবে কোনাে নাগৰিকেই অপাত্র বা বিভেদীকৃত নহ’ব ।

(৩) কোনাে ৰাজ্য চৰকাৰ বা কোনাে সংঘ ৰাজ্য চৰকাৰৰ অথবা তাৰ অন্তৰ্গত কোনাে স্থানীয় বা অন্য প্রাধিকাৰীৰ অধীনস্থ কোনাে এক শ্ৰেণীৰ বা শ্ৰেণীসমূহৰ পদত নিয়ােজন বা নিযুক্তিৰ সম্পৰ্কত তেনে নিয়ােজন বা নিযুক্তিৰ পূর্বে সেই ৰাজ্যৰ বা সংঘ ৰাজ্যৰ অন্তৰ্গত নিবাস বিষয়ক কোনাে আবশ্যকতা বিহিত কৰি বিধি প্রস্তুত কৰাৰ পৰা এই অনুচ্ছেদত থকা কোনাে কথাই সংসদক নিবাৰণ কৰিব নােৱাৰিব । 

(৪) ৰাজ্যৰ মতে কোনাে পিচপৰা শ্ৰেণীৰ নাগৰিক সকল যদি ৰাজ্যৰ সেৱা সমূহত, উপযুক্ত পৰিমাণে প্রতিনিধিত্ব প্রাপ্ত হােৱা নাই তেনেহ’লে তেওঁলােকৰ অনুকূলে পদ ৰক্ষার্থে বা নিযুক্তি সম্পর্কে কোনাে উপবন্ধ প্রস্তুত কৰাৰ পৰা এই অনুচ্ছেদৰ কোনাে কথাই ৰাজ্যক নিবাৰণ নকৰিব ।

   (ক) ৰাজ্যৰ মতে কোনাে অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ লােক সকল যদি ৰাজ্যৰ সেৱা সমূহৰ কোনাে এক শ্রেণীৰ বা শ্রেণী সমূহৰ পদত পদোন্নতিৰ বিষয়ত উপযুক্ত পৰিমানে প্রতিনিধিত্ব প্রাপ্ত হােৱা নাই তেনেহলে তেওঁলােকৰ অনুকুলে আৰক্ষণৰ বাবে কোনাে উপবন্ধ প্রস্তুত কৰাৰ পৰা এই অনুচ্ছেদৰ কোনাে কথাই ৰাজ্যক নিবাৰণ নকৰিব ।

(৫) কোনাে ধর্মমূলক বা সম্প্রদায়মূলক সংস্থাৰ কাৰ্য্যাৱলীৰ সম্বন্ধত থকা কোনাে পদধাৰীয়ে বা তাৰ পৰিচালক মণ্ডলীৰ কোনাে সদস্যই কোনাে এক বিশেষ ধর্ম মানিব কিম্বা, কোনাে এক বিশেষ সম্প্রদায়ৰহে অনুবর্তী হ’ব লাগিব বুলি উপবন্ধ কৰা কোনাে বিধিৰ প্ৰৱৰ্তনত এই অনুচ্ছেদৰ কোনাে কথাই প্রভাৱ নেপেলাব ।

অনুচ্ছেদ-১৭, অস্পৃশ্যতাৰ বিলােপনঃ

‘অস্পৃশ্যতা’ বিলােপ কৰা হ’ল আৰু যি কোনাে ৰূপতে ইয়াৰ আচৰণ নিষিদ্ধ কৰা হ’ল। অস্পৃশ্যতাৰ পৰা উদ্ভূত যিকোনাে নির্যোগ্যতাৰ প্ৰয়ােগ বিধিমতে দণ্ডনীয় অপৰাধ হ’ব । 

অনুচ্ছেদ-১৮, খিতাপ বিলােপনঃ

(১) সৈনিক বা বিদ্যা সম্বন্ধীয় উপাধিৰ বাহিৰে ৰাজ্যই কোনাে খিতাপ প্রদান নকৰিব । 

(২) কোনাে বিদেশী ৰাজ্যৰ পৰা ভাৰতৰ কোনাে নাগৰিকে কোনাে খিতাপ গ্রহণ নকৰিব । 

(৩) ভাৰতৰ নাগৰিক নােহােৱা কোনাে ব্যক্তিয়ে ৰাজ্যৰ অধীনত লাভ বা বিশ্বাসৰ কোনাে পদ ধাৰণ কৰি থাকোতে ৰাষ্ট্ৰপতিৰ সন্মতি বিনা কোনাে বিদেশী ৰাজ্যৰ পৰা কোনাে খিতাপ গ্ৰহণ নকৰিব ।

(৪) ৰাজ্যৰ অধীনত লাভ বা বিশ্বাসৰ পদ ধাৰণ কৰি থকা কোনাে ব্যক্তিয়ে ৰাষ্ট্রপতি সন্মতি বিনা কোনাে বিদেশী ৰাজ্যৰ পৰা বা তাৰ অধীনত কোনাে উপহাৰ , উপলব্ধি বা যিকোনাে ধৰণৰ পদ গ্ৰহণ কৰিব নােৱাৰিব ।

স্বতন্ত্রতাৰ অধিকাৰ 

অনুচ্ছেদ-১৯, বাক স্বতন্ত্রতা আদি বিষয়ক কিছুমান অধিকাৰ সংৰক্ষণঃ

(১) সকলাে নাগৰিকৰে এইবােৰত অধিকাৰ থাকিব–

(ক) বাক আৰু অভিব্যক্তিৰ  স্বতন্ত্রতা ; 

(খ) শান্তিপূর্ণ ভাবে আৰু বিনা অস্ত্রে গােট খােৱা ; 

(গ) সংস্থা বা সংঘ গঠন কৰা ; 

(ঘ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সর্বত্রে অবাধ চলাচল কৰা ;  

(ঙ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনাে অংশত থকা-মেলা আৰু বসতি কৰা ; আৰু

(চ) নিৰসিত

(ছ) যিকোনাে বৃত্তি চলােৱা, কিম্বা যিকোনাে উপজীৱিকা, বেহা-বেপাৰ বা কাৰবাৰ চলােৱা । 

(২) খণ্ড (১) ৰ উপখণ্ড (ক) ৰ কোনাে কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্রদত্ত অধিকাৰ প্রয়ােগৰ ওপৰত, ভাৰতৰ প্রভুত্ব আৰু অখণ্ডতাৰ, ৰাজ্যৰ নিৰাপত্তাৰ,বিদেশী ৰাজ্যৰ লগত মৈত্রীপূর্ণ সম্বন্ধ, সার্বজনিক শৃঙ্খলাৰ, শিষ্টাচাৰৰ বা সদাচাৰৰ হিতৰ বাবে অথবা ন্যায়ালয় অৱমাননা, মানহানি বা অপৰাধ প্ৰৰােচনা সম্পর্কত , কোনাে বর্তমান বিধিয়ে যি পৰ্য্যন্ত যুক্তিযুক্ত নিৰ্বন্ধন আৰােপ কৰে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনত প্রভাব নেপেলাব অথবা এনে কোনাে বিধি প্রস্তুত কৰাত ৰাজ্যক বাধা নিদিব । 

(৩) উক্ত খণ্ডৰ (খ) উপখণ্ডৰ কোনাে কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্রদত্ত অধিকাৰ প্রয়ােগৰ ওপৰত, ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতাৰ অথবা সার্বজনিক শৃঙ্খলাৰ হিতৰ বাবে কোনাে বর্তমান বিধিয়ে যি পৰ্য্যন্ত যুক্তিযুক্ত নিৰ্বন্ধন আৰােপ কৰে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনত প্রভাৱ নেপেলাব অথবা এনে কোনাে বিধি প্রস্তুত কৰাত ৰাজ্যক বাধা নিদিব । . 

(৪) উক্ত খণ্ডৰ (গ) উপখণ্ডৰ কোনাে কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্রদত্ত অধিকাৰ প্রয়ােগৰ ওপৰত ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতাৰ অথবা সার্বজনিক শৃঙ্খলা বা সদাচাৰৰ হিতৰ বাবে,কোনাে বর্তমান বিধিয়ে যি পৰ্য্যন্ত যুক্তিযুক্ত নিৰ্বন্ধন আৰোপ কৰে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনত প্রভাব নেপেলাব অথবা এনে কোনাে বিধি প্রস্তুত কৰাত ৰাজ্যক বাধা নিদিব ।

(৫) উক্ত খণ্ডৰ (ঘ), আৰু (ঙ) উপখণ্ড সমূহৰ কোনাে কথাই উক্ত উপখণ্ড সমূহৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ যিকোনােটোৰ প্ৰয়ােগৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ হিতৰ বাবে নাইবা কোনাে, অনুসূচিত জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে , কোনাে বর্তমান বিধিয়ে যি পৰ্য্যন্ত যুক্তিযুক্ত নিৰ্বন্ধন আৰােপ কৰে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনত প্ৰভাৱ নেপেলাব অথবা এনে কোনাে বিধি প্রস্তুত কৰাত ৰাজ্যক বাধা নিদিব।

(৬) উক্ত খণ্ডৰ (ছ) উপখণ্ডৰ কোনাে কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্রদত্ত অধিকাৰ প্রয়ােগৰ ওপৰত সর্বসাধাৰণ ৰাইজৰ হিতৰ বাবে, কোনাে বর্তমান বিধিয়ে যি পর্যন্ত যুক্তিযুক্ত নিৰ্বন্ধন আৰােপ কৰে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনত প্রভাৱ নেপেলাব অথবা এনে কোনাে বিধি প্রস্তুত কৰাত ৰাজ্যক বাধা নিদিব, আৰু বিশেষকৈ উক্ত উপখণ্ডৰ কোনাে কথাই–

 (I) কোনাে বৃত্তি অবলম্বনৰ নিমিত্তে অথবা কোনাে উপজীবিকা বা বেপাৰ বা কাৰবাৰ চলাবৰ নিমিত্তে আৱশ্যকীয় বৃত্তি বিষয়ক বা কাৰিকৰী অৰ্হতা সম্বন্ধে অথবা 

(II) ৰাজ্যৰ দ্বাৰা অথবা ৰাজ্যৰ স্বামীত্বাধীন বা নিয়ন্ত্রণাধীন কোনাে নিগমৰ দ্বাৰা, নাগৰিক সকলক সম্পূর্ণতঃ বা আংশিক ভাবে বাদ দিয়েই হওক বা অন্যথাই হওক , কোনাে বেপাৰ, কাৰবাৰ, উদ্যোগ বা সেৱা চলােৱাৰ সম্বন্ধে–

কোনাে বর্তমান বিধিয়ে যি পর্যন্ত সম্বন্ধ ৰাখিছে সেই পর্যন্ত তাৰ প্ৰৱৰ্তনৰ ওপৰত প্রভাৱ নেপেলাব অথবা এনে সম্বন্ধীয় কোনাে বিধি প্রণয়নত ৰাজ্যক বাধা নিদিব। 

অনুচ্ছেদ-২০, অপৰাধৰ বাবে দোষী সাব্যস্তকৰণৰ সম্পৰ্কত সংৰক্ষণঃ

(১) কোনাে ব্যক্তি, ‘অপৰাধ’ বুলি অভিহিত কোনাে কার্য কৰাৰ সময়ত বলবৎ থকা বিধিৰ উলংঘনৰ কাৰণত বাহিৰে আন একো অপৰাধত দোষী সাব্যস্ত হ’ব নােৱাৰিব, নতুবা অপৰাধটো কৰাৰ সময়ত বলবৎ থকা বিধিৰ অধীনত যিমানখিনি শাস্তি বিহিব পৰা গ’লহেঁতেন তাতকৈ গুৰুতৰ শাস্তিৰ দ্বাৰা দণ্ডনীয় হ’ব নােৱাৰিব ।

(২) একেটা অপৰাধৰ বাবে কোনাে ব্যক্তি একাধিক বাৰ অভিযােজিত আৰু দণ্ডিত হ’ব নােবাৰিব ।

(৩) যি কোনাে অপৰাধত অভিযুক্ত কোনাে ব্যক্তিকে নিজৰ বিৰুদ্ধে সাক্ষী হ’বলৈ বাধ্য কৰাব নােৱাৰিব । 

অনুচ্ছেদ-২১, জীৱন আৰু ব্যক্তি স্বাধীনতাৰ সংৰক্ষণঃ

বিধিৰ দ্বাৰা স্থাপিত কোনাে প্রক্রিয়াৰ ব্যতিৰেকে কোনাে ব্যক্তি জীৱন আৰু ব্যক্তি স্বাধীনতাৰ পৰা বঞ্চিত হ’ব নােৱাৰিব ।

অনুচ্ছেদ-২২, কোনাে কোনাে ক্ষেত্ৰত বন্দীকৰণ আৰু নিৰুদ্ধকৰণৰ পৰা সংৰক্ষণঃ

(১) বন্দীকৃত কোনাে ব্যক্তিক যিমান সােনকালে পৰা যায় সিমান সােনকালে বন্দীকৰণৰ হেতু নজনােৱাকৈ হাজোতত নিৰুদ্ধ কৰি ৰাখিব নোৱাৰিব নতুবা তেওঁৰ অভিৰুচিৰ বিধি ব্যৱসায়ীৰ(অধিবক্তা) দ্বাৰা পক্ষসমর্থিত  হােৱাৰ আৰু তেওঁৰ লগত পৰামৰ্শ কৰাৰ অধিকাৰৰ পৰা তেওঁ বঞ্চিত হ’ব নােৱাৰিব । 

(২) বন্দীকৃত আৰু হাজোতত নিৰদ্ধ প্রত্যেক ব্যক্তিক, বন্দীকৰণৰ ঠাইৰ পৰা দণ্ডাধিকাৰীৰ ন্যায়ালয়লৈ যাওঁতে আৱশ্যক হােৱা সময়খিনি বাদ দি , এনে বন্দীকৰণৰ চৌবিশ ঘন্টাৰ ভিতৰত নিকটতম দণ্ডাধিকাৰীৰ ন্যায়ালয়ত হাজিৰ কৰাব লাগিব ; আৰু এনে কোনাে ব্যক্তিক দাধিকাৰীৰ প্ৰাধিকাৰ বিনা উক্ত কালতকৈ অধিক সময় হাজোতত নিৰুদ্ধ ৰাখিব নােৱাৰিব ।

(৩) খণ্ড (১) আৰু (২) ৰ কোনাে কথা 

(ক) সেইসময়ৰ শক্র অন্যদেশীয় কোনাে ব্যক্তিৰ প্ৰতি ; বা 

(খ) নিবাৰক নিৰােধৰ(‌preventive detention) কাৰণে উপবন্ধিত কোনাে বিধিৰ অধীনত বন্দী বা নিৰুদ্ধ হােৱা কোনাে ব্যক্তিৰ প্রতি প্রযােজ্য নহ’ব ।

(৪) নিবাৰক নিৰােধৰ কাৰণে উপবন্ধিত কোনাে বিধিয়ে তিনিমাহতকৈ অধিক সময়ৰ কাৰণে কোনাে ব্যক্তিক নিৰােধ কৰাৰ প্ৰাধিকাৰ নিদিব যদিহে 

(ক) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা পূর্বে ন্যায়াধীশ হৈ থকা বা ন্যায়াধীশ নিযুক্ত হ’বৰ কাৰণে অৰ্হতা থকা ব্যক্তি সকলৰে গঠিত উপদেষ্টা বাের্ডে উক্ত তিনিমাহ সময়ৰ সমাপ্তিৰ পূর্বে, নিজৰ বিবেচনা অনুসৰি তেনে নিৰোধৰ পৰ্য্যাপ্ত কাৰণ আছে বুলি প্রতিবেদন দিয়া নাই।

পৰন্তু , খণ্ড (৭) ৰ উপখণ্ড (খ) ৰ অধীনত সংসদে প্রণয়ন কৰা কোনাে বিধিৰ দ্বাৰা বিহিত অধিকতম সময়ৰ পিচত কোনাে ব্যক্তিকে নিৰােধ কৰি ৰাখিবলৈ এই উপখণ্ডৰ কোনাে কথাই প্রাধিকৃত নকৰিব ; অথবা 

(খ) খণ্ড (৭) ৰ উপখণ্ড (ক) আৰু (খ) ৰ অধীনত সংসদে কৰা কোনাে বিধিৰ উপবন্ধ অনুযায়ী এনে ব্যক্তিক নিৰোধ কৰা হােৱা নাই । 

৫) নিবাৰক নিৰােধৰ কাৰণে উপবন্ধিত কোনাে বিধিৰ অধীনত দিয়া আদেশ অনুসৰি যেতিয়া কোনাে ব্যক্তিক নিৰােধ কৰা হয় তেতিয়া উক্ত আদেশ দিয়া প্ৰাধিকাৰীয়ে যথা শীঘ্ৰে তেনে নিৰুদ্ধ ব্যক্তিক কি কাৰণত উক্ত আদেশ দিয়া হৈছে সেইটো জনাই দিব আৰু উক্ত আদেশৰ বিৰুদ্ধে অভ্যাবেদন দিবলৈ তেওঁক শীঘ্রাতিশীঘ্রে সুযােগ দিব । 

৬) খণ্ড  (৫) ৰ কোনাে কথাৰ দ্বাৰা সেই খণ্ডত যথা উল্লিখিত তেনে কোনাে আদেশ দিয়া প্ৰাধিকাৰীয়ে যিবােৰ তথ্য প্রকট কৰিলে লােকহিতৰ পৰিপন্থী বুলি বিবেচনা কৰে,তেনেবােৰ তথ্য তেনে প্ৰাধিকাৰীয়ে প্ৰকট কৰাটো অপেক্ষিত নহ’ব।

(৭) সংসদে বিধিৰ দ্বাৰা —

(ক) কি বােৰ পৰিস্থিতিৰ অধীনত আৰু কি কি শ্ৰেণীৰ বা শ্রেণীসমূহৰ গােচৰত খণ্ড (৪) ৰ উপখণ্ড (ক) ৰ উপবন্ধ অনুযায়ী উপদেষ্টা বােৰ্ডৰ মতামত নােলােৱাকৈ নিবাৰক নিৰােধৰ কাৰণে উপবন্ধিত কোনাে বিধিৰ অধীনত তিনি মাহতকৈ অধিক কালৰ কাৰণে কোনাে ব্যক্তিক নিৰােধ কৰিব পাৰিব সেই পৰিস্থিতি সমূহ আৰু শ্রেণী বা শ্রেণী সমূহ , 

(খ) কি অধিকতম কালৰ কাৰণে কোনাে শ্রেণী বা শ্রেণীসমূহৰ গােচৰত যিকোনাে ব্যক্তিক নিবাৰক নিৰােধৰ বাবে উপবন্ধিত কোনাে বিধিৰ অধীনত নিৰুদ্ধ কৰিব পাৰিব সেই অধিকতম কাল, আৰু

(গ) খণ্ড (৪)ৰ উপখণ্ড (ক) ৰ অধীনস্থ কোনাে পৰিপৃচ্ছাত উপদেষ্টা বােৰ্ডৰ দ্বাৰা অনুসৰণীয় প্রক্রিয়া, –বিহিত কৰিব পাৰে । 

শােষণৰ বিৰুদ্ধে অধিকাৰ 

অনুচ্ছেদ-২৩,মানৱ পণন আৰু বলাতশ্ৰম কৰােৱাৰ প্রতিষেধঃ

(১) মানৱ পণন আৰু ‘বেগাৰ’ আৰু অন্যান্য অনুৰূপ প্ৰকাৰৰ বলপূর্বকভাৱে কৰােৱা শ্ৰমৰ প্রতিষেধ কৰা হৈছে , আৰু এই উপবন্ধৰ কোনাে উলংঘন বিধি অনুযায়ী দণ্ডনীয় অপৰাধ হ’ব ।

(২) এই অনুচ্ছেদৰ কোনাে কথাই ৰাজহুৱা প্ৰয়ােজনৰ অৰ্থে বাধ্যতামূলক সেৱা আৰোপণ কৰাৰ পৰা ৰাজ্যক নিবাৰণ নকৰিব আৰু এনে সেৱা আৰােপণত ৰাজ্যই কেৱল ধর্ম, জাতি, বর্ণ বা শ্রেণী অথবা ইয়াৰ কোনাে এটাৰ হেতুতে কোনাে বিভেদ নকৰিব ।

অনুচ্ছেদ-২৪, কাৰখানা আদিত ল’ৰা-ছােৱালীৰ নিযুক্তিত প্রতিষেধঃ

চৈধ্য বছৰৰ কম বয়সৰ কোনাে ল’ৰা-ছােৱালীকে কোনাে কাৰখানা বা খনিৰ চাকৰিত কিম্বা আন কোনাে সংকটজনক চাকৰিত নিযুক্ত নকৰিব ।

ধর্ম স্বতন্ত্রতাৰ অধিকাৰ 

অনুচ্ছেদ-২৫, বিবেকৰ স্বতন্ত্রতা আৰু ধৰ্মৰ অবাধ ধাৰণ , আচৰণ আৰু প্ৰচাৰৰ স্বতন্ত্রতাঃ

(১) সার্বজনিক শৃঙ্খলা, সদাচাৰ আৰু স্বাস্থ্য আৰু এইভাগৰ অন্যান্য উপবন্ধাৱলীৰ সাপেক্ষে বিবেকৰ স্বতন্ত্রতা পাবলৈ আৰু অবাধে ধৰ্মৰ ধাৰণ, আচৰণ আৰু প্ৰচাৰৰ অধিকাৰ পাবলৈ সকলাে ব্যক্তিৰে সমানে অধিকাৰ থাকিব। 

(২) এই অনুচ্ছেদৰ কোনাে কথাই কোনাে বর্তমান বিধিৰ প্ৰৱৰ্তনত প্রভাৱ নেপেলাব কিম্বা ৰাজ্যক এনে কোনাে বিধি প্ৰস্তুত কৰাৰ পৰা নিবাৰণ নকৰিব যি বিধিয়ে,

(ক) ধর্মাচৰণৰ লগত সম্বন্ধ থকা কোনাে আর্থিক, বিত্তীয়, ৰাজনৈতিক বা অন্যান্য লৌকিক কার্যকলাপ বিনিয়মন বা নিৰ্বন্ধন কৰে ;

(খ) সামাজিক, কল্যাণ আৰু সংস্কাৰৰ অৰ্থে উপবন্ধ কৰে কিম্বা হিন্দুৰ সার্বজনিক প্ৰকাৰৰ ধৰ্মমূলক প্রতিষ্ঠান সমূহ সকলাে শ্ৰেণীৰ বা সম্প্রদায়ৰ হিন্দু সকলৰ নিমিত্তে উন্মুক্ত কৰি দিয়ে । 

স্পষ্টীকৰণ ১ – কৃপাণ ধাৰণ কৰা আৰু লগত লৈ ফুৰাটো শিখ ধর্ম মানি চলাৰ অন্তৰ্গত বুলি গণ্য কৰা হ’ব । 

স্পষ্টীকৰণ ২ – খণ্ড (২) ৰ উপখণ্ড (খ) ত হিন্দু সকল বুলি কৰা নির্দেশে শিখ, জৈন আৰু বৌদ্ধ ধর্ম মানি চলা লােক সকলকো নির্দেশ কৰা বুলি অর্থ কৰা হ’ব আৰু হিন্দু ধর্মমূলক প্রতিষ্ঠান সমূহৰ নিৰ্দেশনাে সেই অনুসাৰে অৰ্থ কৰা হ’ব । 

অনুচ্ছেদ-২৬, ধৰ্মমূলক কামৰ পৰিচালনাৰ স্বতন্ত্রতাঃ

সার্বজনিক শৃঙ্খলা, সদাচাৰ আৰু স্বাস্থ্যৰ সাপেক্ষে–

(ক) ধর্মীয় বা পূৰ্ত্ত প্রয়ােজনৰ কাৰণে প্রতিষ্ঠান স্থাপন আৰু পােষণ কৰিবলৈ, 

(খ) ধৰ্মৰ বিষয়ত নিজৰ কাৰ্য্য পৰিচালনা কৰিবলৈ ;

(গ) অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি অর্জন কৰিবলৈ আৰু তাৰ স্বামিত্ব লাভ কৰিবলৈ ; আৰু

(ঘ) বিধি অনুযায়ী এনে সম্পত্তিৰ প্ৰশাসন কৰিবলৈ প্রত্যেক ধর্ম সম্প্রদায়ৰ বা তাৰ কোনাে বিভাগৰ অধিকাৰ থাকিব । 

অনুচ্ছেদ-২৭, কোনাে বিশেষ ধৰ্মৰ উন্নতিৰ অৰ্থে কৰ শােধােৱা বিষয়ত স্বতন্ত্রতাঃ 

যিবিলাক কৰৰ আগম কোনাে বিশেষ ধৰ্মৰ বা ধর্ম সম্প্রদায়ৰ উন্নতি বা পােষণৰ অর্থে ব্যয় কৰাৰ কাৰণে নির্দিষ্টৰূপে বিনিয়োগ কৰা হয়, সেইবিলাক কৰ শােধাবলৈ কোন ব্যক্তিকে বাধ্য কৰিব নােৱাৰিব । 

অনুচ্ছেদ-২৮, কিছুমান শিক্ষা প্রতিষ্ঠানত ধৰ্ম শিক্ষা বা ধর্মীয় উপাসনাত উপস্থিতিৰ বিষয়ত স্বতন্ত্রতাঃ

(১) ৰাজ্য নিধিৰ পৰা সম্পূর্ণৰূপে পােষণ কৰা কোনাে শিক্ষা প্রতিষ্ঠানতে ধর্মীয় শিক্ষা দিয়া নহ’ব । 

(২) ৰাজ্যৰ দ্বাৰা প্ৰশাসিত কিন্তু ধর্ম – শিক্ষাৰ আৱশ্যকতাৰ কথা থকা কোনাে ধৰ্মীয় নিধি  বা ন্যাসৰ অধীনত স্থাপিত হােৱা শিক্ষা প্রতিষ্ঠানত খণ্ড (১)ৰ কোনাে কথা প্রযােজ্য নহ’ব । 

(৩) ৰাজ্যই স্বীকৃতি দিয়া বা ৰাজ্য নিধিৰ পৰা সাহায্য পােৱা কোনাে শিক্ষা প্রতিষ্ঠানত অধ্যয়ন কৰা কোনাে ব্যক্তিয়ে এনে প্রতিষ্ঠান দিয়া ধর্ম শিক্ষাত কিম্বা এনে প্রতিষ্ঠানত অথবা তাৰ লগত সংলগ্ন কোনাে স্থানত অনুষ্ঠিত ধর্মীয় উপাসনাত ভাগলােৱাটো আৱশ্যক বুলি ধৰা নহ’ব যদিহে এনে ব্যক্তিয়ে বা তেওঁ নাবালক হ’লে তেওঁৰ অভিভাৱকে, তাৰ বাবে সন্মতি দিয়া নাই ।

সংস্কৃতি আৰু শিক্ষা সম্বন্ধীয় অধিকাৰ

অনুচ্ছেদ-২৯, সংখ্যালঘুসকলৰ স্বাৰ্থৰ সংৰক্ষণঃ

(১) সুকীয়া ভাষা, লিপি বা সংস্কৃতি থকা আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰত বা তাৰ কোনাে অংশত বাস কৰা নাগৰিক সকলৰ যিকোনাে বিভাগৰ সেইবােৰ সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব । 

(২)ৰাজ্যৰ দ্বাৰা পােষিত হােৱা বা ৰাজ্য নিধিৰ পৰা সাহায্য পােৱা কোনাে শিক্ষা প্রতিষ্ঠানত কেৱল ধর্ম , জাতি , বর্ণ , ভাষা বা তাৰ কোনােটোৰ হেতুতে কোনাে নাগৰিকক প্রবেশ নিদিয়াকৈ থাকিব নােৱাৰিব । 

অনুচ্ছেদ-৩০, শিক্ষা প্রতিষ্ঠান স্থাপন বা প্রশাসন কৰিবলৈ সংখ্যালঘুসকলৰ অধিকাৰঃ

(১) ধৰ্মৰ ভিত্তিতেই হওঁক বা ভাষাৰ ভিত্তিতেই হওঁক সকলাে সংখ্যালঘু সম্প্রদায়ৰ নিজৰ মনােমত শিক্ষা প্রতিষ্ঠান স্থাপন আৰু প্রশাসন কৰাৰ অধিকাৰ থাকিব।

১ (ক) খণ্ড (১) ত উল্লিখিত কোনাে সংখ্যালঘুৰ দ্বাৰা স্থাপিত আৰু প্রশাসিত কোনাে শিক্ষানুষ্ঠানৰ কোনাে সম্পত্তি বাধ্যতামূলক অর্জনৰ বাবে উপবন্ধ কৰা কোনাে বিধি প্রণয়ন কৰােতে ৰাজ্যই এইটো সুনিশ্চিত কৰিব লাগিব যে এনে সম্পত্তি অর্জনৰ বাবে এনে বিধিৰ দ্বাৰা নির্দিষ্ট কৰা বা তাৰ অধীনত ধার্য্য কৰা ধনৰ পৰিমাণ এনে হ’ব যাতে তাৰ দ্বাৰা সেই খণ্ডৰ অধীনত প্রত্যাভূতি দিয়া অধিকাৰত বাধা আৰােপ নকৰে বা তাক নিৰাকৃত নকৰে ।

(২) ৰাজ্যই শিক্ষা প্রতিষ্ঠান সমূহলৈ সাহায্য মঞ্জুৰী দিওঁতে কোনাে প্রতিষ্ঠানৰ বিৰুদ্ধে এনে আধাৰৰ ওপৰত বিভেদ নকৰিব যে সেই প্রতিষ্ঠান ধৰ্মৰ ভিত্তিতেই হওক বা ভাষাৰ ভিত্তিতেই হওক, কোনাে সংখ্যালঘুৰ দ্বাৰা পৰিচালিত । 

অনুচ্ছেদ-৩১ [সম্পত্তিৰ বাধ্যতামূলক অর্জন] সংবিধান (চতুঃচত্বাবিংশ সংশােধন) অধিনিয়ম , ১৯৭৮ ধাৰা ৬ ৰ দ্বাৰা নিৰাসিত (২০-৬-৭৯ তাৰিখৰ পৰা) ।

[কোনো কোনো বিধিৰ সংৰক্ষণ]

অনুচ্ছেদ-৩১(ক)- সম্পদ আদি অর্জনৰ নিমিত্তে উপবন্ধকাৰী বিধিসমূহৰ সংৰক্ষণঃ

(১) অনুচ্ছেদ ১৩ ত অন্তর্বিষ্ট যি কোনাে কথা থাকিলেও

     (ক) ৰাজ্যৰ দ্বাৰা কোনাে সম্পদা বা তাত থকা কোনাে অধিকাৰ অৰ্জনৰ নিমিত্তে অথবা এনে কোনাে অধিকাৰ লােপকৰণ বা পৰিৱৰ্তনৰ নিমিত্তে , বা

     (খ) ৰাজ্যৰ দ্বাৰা লােকহিতকৰ কাৰণেই হওক বা সেই সম্পত্তিৰ উচিত পৰিচালনাৰ কাৰণেই হওক, কোনাে সম্পত্তিৰ পৰিচালনা সীমিত কালৰ বাবে হাতলৈ অনাৰ নিমিত্তে,বা

     (গ) দুই বা ততােধিক নিগমক লােকহিতৰ কাৰণেই হওক বা নিগম সমূহৰ যি কোনাে একৰ পৰিচালনা সুনিশ্চিত কৰাৰ কাৰণেই হওক, লগ লগােৱাৰ নিমিত্তে, বা

     (ঘ) নিগম সমূহৰ প্ৰবন্ধ-অভিকর্তা, সচিব আৰু কোষাধ্যক্ষ, প্রবন্ধ-নির্দেশক, নির্দেশক বা প্রবন্ধক সকলৰ কোনাে অধিকাৰৰ অথবা তাৰ অংশীদাৰ সকলৰ কোনাে ভােটাধিকাৰৰ লােপ সাধনৰ বা পৰিবৰ্তনৰ নিমিত্তে, বা 

    (ঙ) কোনাে খনিজ বা খনিজ তেল বিচাৰিবৰ কাৰণে বা লব্ধ কৰিবৰ কাৰণে হােৱা কোনাে চুক্তি, পট্টন বা অনুজ্ঞপ্তিৰ বলত উদ্ভূত কোনাে অধিকাৰৰ লােপ সাধন বা পৰিৱৰ্তনৰ নিমিত্তে অথবা এনে কোনাে চুক্তি,পট্টন বা অনুজ্ঞপ্তি সময়ৰ পূর্বে পৰ্য্যাবসান ঘটোৱাৰ বা ৰদকৰণৰ নিমিত্তে, উপবন্ধকাৰী কোনাে বিধি, [অনুচ্ছেদ ১৪ বা অনুচ্ছেদ ১৯]ৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ কোনাে এটাৰ লগত অসঙ্গত হােৱাৰ বা তাৰ কোনাে এটাক হৰণ কৰা বা নুন্য কৰাৰ আধাৰত বাতিল বুলি গণ্য কৰা নহ’ব :

[পৰন্তু , য’ত নেকি এনেকুৱা বিধি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধি হয় তাত এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্রয়ােগ নহ’ব, যদিহে এনেকুৱা বিধি ৰাষ্ট্ৰপতিৰ বিবেচনাৰ্থে ৰক্ষিত হৈ তেওঁৰ অনুমতি লাভ নকৰেঃ ] 

 [অধিকন্তু , য’ত নেকি কোনাে বিধিয়ে ৰাজ্যৰ দ্বাৰা কোনাে সম্পদা অর্জন কৰাৰ কোনাে ব্যৱস্থা কৰে আৰু য’তনেকি কোনাে সম্পদাত সমাবিষ্ট কোনাে ভূমি কোনাে ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত কৃষিৰ অধীনত ধাৰণ কৰে তাত তেওঁৰ ক্ষেত্ৰত প্রযােজ্য সাম্প্রতিক ভাবে বলবৎ থকা যিকোনাে বিধিৰ অধীনত থকা সর্বোচ্চ সীমাৰ ভিতৰত পৰা এনে ভূমিৰ যিকোনাে ভাগ অথবা তাত অৱস্থিত বা তাৰ লগত অনুলগ্ন কোনাে ঘৰ বা কোনাে নির্মাণ অর্জন কৰাটো ৰাজ্যৰ বাবে বিধিপূর্ণ নহ’ব , যদিহে এনে ভূমি , ঘৰ বা নির্মাণ অর্জন সম্বন্ধীয় বিধিয়ে এনে নিৰিখত ক্ষতিপূৰণ দিয়াৰ ব্যবস্থা নকৰে যি নিৰিখ তাৰ বজাৰ দৰতকৈ কম নহয়।]

(২) এই অনুচ্ছেদত –

(ক) কোনাে স্থানীয় ক্ষেত্ৰৰ প্ৰসংগত ‘সম্পদা’ বুলিলে সেই ঠাইত থকা ভূ-ধাৰণ সম্বন্ধীয় বর্তমান বিধিত এই পদৰ বা ইয়াৰ স্থানীয় প্রতিশদৰ যি অর্থ বুজায় সেই অর্থকে অভিপ্রেত কৰিব ; আৰু

(১) কোনাে জাগীৰ, ইনাম বা মু আফী বা আন কোনাে অনুৰূপ অনুদান আৰু তামিলনাডু আৰু কেৰেলা ৰাজ্যত যিকোনাে জন্মম অধিকাৰ ; 

(২) ৰায়তী বন্দবস্ত ধাৰণ কৰা যিকোনাে ভূমি ;

(৩) কৃষিৰ প্ৰয়ােজনৰ বাবে অথবা পতিত ভূমি, বন ভূমি, চৰণীয়া ভূমি বা ভূমিৰ কৃষক, কৃষি বনুৱা আৰু গঞা শিল্পী সকলে দখল কৰা গৃহনির্মাণ বা অন্য নির্মাণ স্থানকে ধৰি কৃষিৰ বা সেই সম্বন্ধীয় প্রয়ােজন সমূহৰ বাবে ধাৰণ কৰা বা পট্টন দিয়া ভূমিও ইয়াৰ অন্তর্ভুক্ত হ’ব;

(খ) কোনাে সম্পদাৰ সম্বন্ধত,“অধিকাৰসমূহ” বুলিলে স্বত্বধাৰী, উপস্বত্বধাৰী, অধীন স্বত্বধাৰী, ভূ-ধৃতিধাৰী [ৰায়ত , অধীন-ৰায়ত ] বা অন্য মধ্যবর্তীৰ ওপৰত ন্যস্ত যিকোনাে অধিকাৰ আৰু ভূমি – ৰাজস্ব সম্পৰ্কত থকা যি কোনাে অধিকাৰ বা বিশেষাধিকাৰৰ ইয়াৰ অন্তর্ভুক্ত হ’ব । 

অনুচ্ছেদ ৩১ (খ)- কোনাে কোনাে অধিনিয়ম আৰু বিনিয়মৰ মান্যকৰণঃ 

অনুচ্ছেদ ৩১ (ক)ত সন্নিবিষ্ট উপবন্ধ সমূহৰ ব্যাপকতাৰ ওপৰত প্ৰতিকূল প্রভাৱ নেপেলােৱাকৈ , নৱম অনুসূচীত উল্লিখিত অধিনিয়ম আৰু বিনিয়ম সমূহৰ কোনাে খনেই বা তাৰ উপবন্ধ সমূহৰ কোনোটোৱেই এনে অধিনিয়ম , বিনিয়ম বা উপবন্ধ এই ভাগৰ যিকোনাে উপবন্ধৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ কোনােটোৰ লগত অসংগত হােৱাৰ কাৰণত বা এনে অধিকাৰৰ কোনাে এটা হৰণ কৰাৰ বা নুই কৰাৰ কাৰণত বাতিল বুলি বা কেতিয়াবা বাতিল হােৱা বুলি গণ্য কৰা নহ’ব , আৰু ইয়াৰ প্ৰতিকূলে কোনাে ন্যয়ালয় বা ন্যায়াধিকৰণৰ নিৰ্ণয়, ডিক্রী বা আদেশ থাকিলেও, উক্ত অধিনিয়ম আৰু বিনিয়মৰ প্রত্যেক খনেই তাক নিৰসন বা সংশােধন কৰিব পৰা কোনাে ক্ষমতাশীল বিধান মণ্ডলৰ ক্ষমতা সাপেক্ষে বলবৎ হৈ চলি থাকিব ৷

অনুচ্ছেদ ৩১( গ)- কোনাে কোনাে নির্দেশক সূত্ৰাৱলী কাৰ্য্যান্বিত কৰা বিধিসমূহৰ সংৰক্ষণঃ

অনুচ্ছেদ ১৩ ত যিকোনাে কথা থকা সত্ত্বেও চতুর্থ ভাগত উল্লিখিত সূত্র সমূহৰ সকলাে বা যি কোনােটো সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যৰ নীতিক কার্যান্বিত কৰা কোনাে বিধি এই আধাৰত বাতিল বুলি গণ্য কৰা নহ’ব যে তেনে বিধি [অনুচ্ছেদ ১৪ অথবা অনুচ্ছেদ ১৯] ৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ কোনােটোৰ সৈতে অসঙ্গত অথবা ই তেনে অধিকাৰৰ কোনােটো হৰণ কৰিছে বা নুই কৰিছে [আৰু এনে নীতি কার্যান্বিত কৰিবৰ অৰ্থে প্রণীত বুলি ঘােষণা থকা কোনাে বিধিৰ বিৰুদ্ধে কোনাে ন্যায়ালয়ত এই আধাৰত প্ৰশ্ন কৰিব নােবাৰিব যে তেনে বিধিয়ে এনে নীতি কার্য্যাম্বিত কৰা নাই।] 

পৰন্তু , যেতিয়া তেনে বিধি কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কৰা হয় তেতিয়া এই অনুচ্ছেদৰ উপবন্ধ সমূহ তাত প্রয়ােগ নহ’ব – যদিহে তেনে বিধি ৰাষ্ট্রপতি বিবেচনাৰ বাবে ৰক্ষিত হােৱাৰ পাচত তেখেতৰ সন্মতি প্রাপ্ত নহয় । ] 

অনুচ্ছেদ ৩১-(ঘ)  [ৰাষ্ট্ৰ – বিৰােধী কার্যকলাপ সম্বন্ধীয় বিধিৰ সংৰক্ষণ] 

সাংবিধানিক প্রতিকাৰৰ অধিকাৰ

অনুচ্ছেদ-৩২, এই ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰসমূহ বলবৎ কৰাৰ কাৰণে প্ৰতিকাৰসমূহঃ

(১) এই ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহ বলবতৎ কৰাৰ কাৰণে সমুচিত কাৰ্যবাহীৰ দ্বাৰা উচ্চতম ন্যায়ালয়লৈ আবেদন কৰাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে ।

(২) এই ভাগৰ দ্বাৰা প্রদত্ত যিকোনাে অধিকাৰ বলবতৎ কৰাৰ কাৰণে নির্দেশ বা আদেশ অথবা লেখ সমূহ, যাৰ অন্তৰ্গত বন্দী প্রত্যক্ষীকৰণ(habeas corpus), পৰমাদেশ(mandamus), প্রতিষেধ(prohibition), অধিকাৰপৃচ্ছা (quo warranto)  আৰু উৎপ্রেষণ(certiorari) লেখৰ প্ৰকৃতিৰ লেখ সমূহ পৰিব, ইয়াৰ যিটোৱেই সমুচিত হয়, উচ্চতম ন্যায়ালয়ৰ জাৰি কৰাৰ ক্ষমতা থাকিব ।

(৩) উচ্চতম ন্যায়ালয়ৰ ওপৰত খণ্ড (১) আৰু (২) ৰ দ্বাৰা প্রদত্ত ক্ষমতা সমূহৰ ওপৰত প্রতিকূল প্ৰভাৱ নপৰাকৈ সংসদে বিধিৰ দ্বাৰা আন যিকোনাে ন্যায়ালয়কে ইয়াৰ ক্ষেত্ৰাধিকাৰৰ স্থানীয় সীমাৰ ভিতৰত খণ্ড (২)ৰ অধীনত উচ্চতম ন্যায়ালয়ে প্রয়ােগ কৰিব পৰা সকলাে ক্ষমতা বা তাৰ যিকোনােটো প্রয়ােগ কৰিবলৈ ক্ষমতা দিব পাৰে। ; 

(৪) এই সংবিধানৰ দ্বাৰা অন্যথা উপবন্ধিত ব্যতিৰেকে এই অনুচ্ছেদৰ দ্বাৰা সুনিশ্চিত অধিকাৰ নিলম্বিত হ’ব নােৱাৰিব । 

অনুচ্ছেদ-৩২ (ক) (নিৰসিত)

অনুচ্ছেদ-৩৩, সেনাবাহিনী আদিৰ প্ৰতি প্রয়ােগৰ ক্ষেত্ৰত এই ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰসমূহ সাল – সলনি কৰিবলৈ সংসদৰ ক্ষমতাঃ

এই ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ যিকোনােটো– 

(ক) সশস্ত্র বাহিনী সমূহৰ সদস্য সকলৰ প্ৰতি ; বা 

(খ) জন-শৃঙ্খলা ৰক্ষাৰ দায়িত্বভাৰত থকা বাহিনীৰ সদস্য সকলৰ প্ৰতি ; বা 

(গ) গুপ্তচৰৰ বা প্রতি গুপ্তচৰৰ প্রয়ােজনৰ বাবে ৰাজ্যই প্রতিষ্ঠা কৰা কোনাে বিউৰ’ৰ বা আন সংগঠনত নিযুক্ত ব্যক্তি সকলৰ প্ৰতি 

(ঘ) খণ্ড (ক)ৰ পৰা (গ) লৈকে এই খণ্ড সমূহত নির্দেশিত কোনাে বাহিনী, বিউৰাে বা সংগঠনৰ প্রয়ােগ বাবে প্রতিষ্ঠা কৰা টেলিসংযােগ ব্যৱস্থাত বা তাৰ সম্বন্ধত নিয়ােজিত ব্যক্তি সকলৰ প্রতি, প্রয়ােগ কৰােতে তেওঁলােকৰ মাজত অনুশাসন বজাই ৰাখিবলৈ আৰু তেওঁলােকৰ কাৰ্য্যৰ উচিত নির্বহন সুনিশ্চিত্ত কৰিবলৈ কি পর্যন্ত সংকুচিত বা নিৰাকৃত কৰিব সেইটো সংসদে বিধিৰ দ্বাৰা বিনিশ্চিত কৰিব পাৰে । 

অনুচ্ছেদ-৩৪, যি কোনাে অঞ্চলত সামৰিক বিধি বলবৎ হৈ থকা কালত এই ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰৰ ওপৰত নিৰ্বন্ধনঃ

এই ভাগৰ পূর্ববর্তী উপবন্ধ সমূহত যিকোনাে কথা থকা সত্বেও সংসদে বিধিৰ  দ্বাৰা সংঘৰ বা আন কোনাে এখন ৰাজ্যৰ সেৱাত থকা কোনাে ব্যক্তি বা আন যিকোনাে ব্যক্তিক সামৰিক বিধি বলবৎ হৈ থকা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰুৱা কোনাে অঞ্চলত শৃংখলা অনুৰক্ষণ বা পুনঃস্থাপনৰ সম্বন্ধত তেওঁ কৰা কোনাে কাৰ্য্যৰ বাবে ক্ষতিপূৰণ দিব পাৰিব কিম্বা এনে ক্ষেত্ৰত সামৰিক বিধিৰ অধীনত দিয়া হােৱা দণ্ডাদেশ, বিহিত শাস্তি আৰু আদেশ দিয়া হােৱা বাজেয়াপ্তি বা আন কোনাে কাৰ্য বিধিমান্য কৰিব পাৰিব।

অনুচ্ছেদ-৩৫, এই ভাগৰ উবন্ধসমূহক কাৰ্য্যকৰী কৰিবলৈ বিধানঃ

এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও – 

(ক) নিম্নোক্ত বিষয়ত বিধি প্রণয়ন কৰিবলৈ সংসদৰ ক্ষমতা থাকিব আৰু ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা নেথাকিব–  

(১) অনুচ্ছেদ ১৬ ৰ খণ্ড (৩), অনুচ্ছেদ ৩২ ৰ খণ্ড (৩) , অনুচ্ছেদ ৩৩ আৰু অনুচ্ছেদ ৩৪ ৰ অধীনত সংসদে কৰা বিধিৰ দ্বাৰা উপবন্ধিত কৰিব পৰা বিষয়বােৰৰ যিকোনাে বিষয় সম্পর্কে ; আৰু 

(২) এই ভাগত অপৰাধ বুলি ঘােষিত কার্যাৱলীৰ বাবে শাস্তি বিহিত কৰিবলৈ ; আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত যথাসম্ভৱ শীঘ্ৰে উপখণ্ড (২) ত নির্দেশিত কাৰ্যবােৰৰ বাবে শাস্তি বিহিত কৰিবলৈ সংসদে বিধি প্রস্তুত কৰিব ; 

(খ) এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূর্বে ভাৰতৰ ৰাজ্যক্ষেত্ৰত বলবৎ থকা আৰু খণ্ড (ক) ৰ উপখণ্ড (১) ত নির্দেশিত বিষয়বােৰৰ যিকোনােটোৰ লগত সম্বন্ধ থকা কিম্বা সেই খণ্ডৰ উপখণ্ড(২)ত নির্দেশিত কাৰ্যৰ বাবে শাস্তিৰ উপবন্ধ কৰা কোনাে বিধি তাত থকা নিবন্ধন সমূহৰ আৰু অনুচ্ছেদ ৩৭২ ৰ অধীনত কৰা যিকোনাে অনুকূলন আৰু ৰূপভেদ সাপেক্ষে সংসদে পৰিৱৰ্ত্তিত, নিৰসিত বা সংশােধিত নকৰা পৰ্য্যন্ত বলবতৎ হৈয়েই থাকিব ।

স্পষ্টীকৰণ–এই অনুচ্ছেদত ‘বলবৎ হৈ থকা বিধি’ এই বাক্যাংশৰ অৰ্থ অনুচ্ছেদ ৩৭২ ত থকা উক্ত বাক্যাংশৰ অৰ্থৰ সৈতে একে।

আৰু পঢ়ক নাগৰিকত্ব

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

0
Would love your thoughts, please comment.x
()
x