তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

অভিৰুচি ক্ৰীড়া দিৱস আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা

  ৩ ছেপ্টেম্বৰ, অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। ৩ ছেপ্টেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোতেই সমগ্র অসমত “অভিৰুচি ক্ৰীড়া দিৱস” পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰৰ দিনটোত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে পালন কৰি অহা হৈছে। 

   “অভিৰুচি” আলোচনী অসমৰ ক্ৰীড়াজগতৰ এক চিনাকি নাম। এই “অভিৰুচি” আলোচনীখনৰ স্বত্বাধিকাৰী বলেন চক্ৰৱৰ্তীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতি অনন্তকাললৈ সঞ্জীৱিত কৰি ৰাখিবলৈ “অভিৰুচি ক্ৰীড়া দিৱস”ৰ আৰম্ভণি কৰে। সেয়াই আৰম্ভণি হ’ল আৰু তাৰ পৰাই প্ৰতি বছৰে অসম চৰকাৰে তথা অসমৰ ৰাইজে এই ৩ ছেপ্টেম্বৰ দিনটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত “অভিৰুচি ক্ৰীড়া দিৱস”ৰূপে পালন কৰি অহা হৈছে। 

   অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ নামৰ এক অঞ্চলত। তেওঁ সৰুতে প্ৰথম এজন ফুটবল খেলুৱৈহে আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ দৌৰত মনোনিৱেশ কৰে আৰু ৰাজ্য তথা দেশৰ গৰিমা কঢ়িয়াই আনে। ১৯৬০ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। তেওঁ ১৯৬৩ চনত নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণপদক, ১৯৬৪ চনত শ্রীলংকাত অনুষ্ঠিত অ’পেন এথলেটিকছত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক অধিকাৰ কৰিছিল৷ চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত আৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪–৬৫ চনৰ ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বর্ণপদক অধিকাৰ কৰে ৷

   অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত তেওঁৰ ঈৰ্ষণীয় সাফল্যৰে নিজ মাতৃভূমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰেৰে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা তেঁৱেই হৈছে প্ৰথম অসমীয়া। তেওঁৰ এই সাফল্যৰ পাছতেই ১৯৬৭ চনত ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে অৰ্জুন বঁটা। ভোগেশ্বৰ বৰুৱাই আছিল অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমজন অসমীয়া। তাৰপাছত, ১৯৭০ চনৰ ষষ্ঠ এছিয়ান গেমছত ৪×৪০০ মিটাৰ ৰীলে ৰেছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটিৰ ভোগেশ্বৰ বৰুৱা অন্যতম সদস্য আছিল। 

   অৰ্জুন ভোগেশ্বৰ বৰুৱা ‘অল ইণ্ডিয়া কাউন্সিল অৱ স্প’টছ’ আৰু ৰাষ্ট্রীয় এথলেটিক দলৰ নির্বাচক কমিটীৰ সদস্যও আছিল। ১৯৬৭ চনৰ পৰা দীৰ্ঘকালৰ বাবে প্রায় ৫০ বছৰ কাল তেওঁ অর্জুন বঁটা সমিতিৰ নির্বাচক হিচাপেও সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰিছিল। 

   অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেখেতৰ জীৱনজোৰা সাধনা তথা সাহসিকতাৰ বাবে অসম চৰকাৰে ২০২০ চনত তেওঁক “বীৰ চিলাৰায় বঁটা” প্ৰদান কৰে। 

   অসমীয়াই প্ৰতিবছৰে “অভিৰুচি ক্ৰীড়া দিৱস” অনুষ্ঠিত কৰি গৈ আছে আৰু কৰি থাকিব। অসমীয়া হিচাপে আমি সদায় অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ যি প্ৰাপ্তি তাৰ বাবে আমি সদা গৌৰৱান্বিত। ভোগেশ্বৰ বৰুৱাই তেওঁৰ আদৰ্শৰে বহু অসমীয়া যুৱক-যুৱতীক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিলে। ক্ৰীড়া বিশ্বত তেঁৱেই অসমৰ নাম প্ৰথমবাৰৰ বাবে বিশ্বৰ নিনাদিত কৰিলে। অসমৰ ক্ৰীড়া জগতত ভোগেশ্বৰ বৰুৱাৰ নাম আৰু কাম সদায় জিলিকি থাকিব। কিন্তু এইটো সদায় দুখ লাগি থাকিব যে উন্নত আন্তঃগাথঁনিৰ অভাৱত তথা চৰকাৰী পক্ষৰ সদিচ্ছাৰ অভাৱত ভোগেশ্বৰ বৰুৱাৰ দৰে দুৰন্ত দৌৰবিদ আৰু আগুৱাই যাবলৈ সক্ষম নহ’ল। 

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x