তথ্যকোষমনোৰঞ্জনসাময়িকী

অসমৰ ৰঙ্গমঞ্চৰ ইতিহাস

   সাহিত্যৰ বিভিন্ন বিধাবিলাক যেনে —উপন্যাস, গল্প, কবিতা আদিৰ দৰে নাটকো একপ্ৰকাৰৰ সৃষ্টিশীল কৰ্ম। নাটকক পৰিৱেশ্য কলাৰ সম্পূৰ্ণ ৰূপ বুলি কোৱা হয়। দৃশ্য-শ্ৰৱ্য মাধ্যম হিচাপেও নাটকে অতীজৰে পৰাই এক বিশেষ সমাদৰ লাভ কৰি আহিছে।

   নাট্যকলাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে ৰঙ্গমঞ্চৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এক কথাত নাটক আৰু ৰঙ্গমঞ্চৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। দৃশকাব্য হিচাপে নাটকৰ গুৰুত্ব তেতিয়াহে হব যেতিয়া নাট্যকাৰৰ চিন্তাক পৰিচালকে কলাত্মকভাৱে মঞ্চত প্ৰতিষ্ঠা কৰিব পাৰিব। 

   শংকৰী যুগত নামঘৰেই আছিল নাট্য আন্দোলনৰ মূল ভেঁটি। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে এই নামঘৰতেই অংকীয়া নাট ভাওনাৰ প্ৰদৰ্শনেৰে সাংস্কৃতিক দিশত এক জাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰত এটা ডাঙৰ নামঘৰ পাতি তেখেতৰ “ভোজন বিহাৰ” , “দধিমথন” আদি নাট প্ৰদৰ্শন কৰিছিল। এই ঘৰক “ৰঙীয়াল ঘৰ” বোলা হৈছিল। প্ৰথম অৱস্থাত অভিনয় অনুষ্ঠিত কৰিবলৈ ৰঙ্গমঞ্চৰ গুৰুত্বক বৰকৈ উপলব্ধি কৰা হোৱা নাছিল। নাট্যাভিনয় বিশেষকৈ লোকনাট্য সমূহ মুকলি ঠাইতে প্ৰদৰ্শিত হৈছিল।

   লাহে লাহে মাটিৰ ভেঁটিৰ ঠাইত ওখ চাং, কাঠেৰে নিৰ্মিত অস্থায়ী ৰঙ্গমঞ্চ আদিৰ ব্যৱস্থা কৰা হৈছিল । এই ৰঙ্গমঞ্চবিলাকৰ সন্মুখত এখন আঁৰ কাপোৰৰ ব্যৱহাৰ কৰা হৈছিল। দৃশ্যসমূহ আন্ধাৰৰ মাজতে দৃশ্যসজ্জাৰ পৰিৱৰ্তন কৰা হৈছিল। আন্ধাৰৰ মাজতেই চৰিত্ৰই মঞ্চত প্ৰৱেশ কৰি স্থিতি লোৱাৰ পাছতহে পোহৰৰ বাবে আৰিয়া আৰু জোঁৰসমূহ  আগলৈ অনা হৈছিল। পৰৱৰ্তী সময়ত আৰিয়া আৰু জোঁৰবিলাকৰ  পৰিবৰ্তে লণ্ঠন আৰু গেছলাইট ব্যৱহাৰ কৰা হৈছিল। অসমৰ পুৰণি দিনৰ অভিনয়স্থলী এনেদৰেই নিৰ্মান কৰা হৈছিল। 

   অসমত দুৰ্গাপূজাৰ উপলক্ষে নাটক প্ৰদৰ্শন কৰাটো এটা পৰম্পৰা আছিল। অসমীয়া নাটকৰ বিকাশৰ ক্ষেত্ৰত এই পৰম্পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পূজাস্থলীত অস্থায়ী মঞ্চ নিৰ্মান কৰি নাট্যভিনয় প্ৰদৰ্শন কৰা হৈছিল। ৯১০-১১চনত গুৱাহাটীৰ নাট্যদল এটাই অস্থায়ী মঞ্চ সাজি দুৰ্গোৎসবৰ অষ্টমী পূজাৰ উপলক্ষে “কীচক বধ” নাটক মঞ্চস্থ কৰিছিল। যোৰহাট, শিৱসাগৰ, গোলাঘাট , তেজপুৰ আদি চহৰসমূহত  পূজা মণ্ডপৰ লগত অস্থায়ী মঞ্চ সাজি থিয়েটাৰ পতাৰ পৰম্পৰা গঢ়ি উঠিছিল। 

   অসমৰ প্ৰায়বিলাক চহৰত শিক্ষিত লোকসকল অভিনয়, সঙ্গঠন আদি কাৰ্যত লিপ্ত হোৱাৰ লগে লগে অসমত নাট্যকলাৰ বিকাশে এক সুকীয়া গুৰুত্ব লাভ কৰে। এই বিশিষ্ট লেখকসকলৰ ভিতৰত ৰাধানাথ ফুকন , হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, ভৱনীচৰণ ভতাচাৰ্য , ৰামৰতন চৌধুৰী, মানিকচন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, নবীনচন্দ্ৰ  বৰুৱা, ৰঘুনাথ চৌধাৰী, নবীনচন্দ্ৰ বৰদলৈ, বেণুধৰ ৰাজখোৱা, শৈলধৰ ৰাজখোৱা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, ৰাধাকান্ত সন্দিকৈ, দুৰ্গেশ্বৰ শৰ্মা আদি বিশিষ্ট ব্যক্তিসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই অসমৰ বিভিন্ন নগৰ চহৰত লাহে লাহে স্থায়ী ৰঙ্গমঞ্চ প্ৰতিষ্ঠা হবলৈ ধৰে। কাৰণ, অস্থায়ী ৰঙ্গমঞ্চ বিলাকত সুপৰিকল্পিত নাটক পৰিবেশন সম্ভৱ হৈ নুঠা বাবে নাটকৰ বিকাশৰ গতি অতি লেহেমীয়া হৈ পৰিছিল। গতিকে অভিনয় কলাক স্থায়ী আৰু বাস্তৱ ৰূপ দিবলৈ স্থায়ী ৰঙ্গমঞ্চৰ গুৰুত্ব অনস্বীকাৰ্য হৈ পৰিল ।

   উনৈশ শতিকাৰ দ্বিতীয় দশকতেই আধুনিক অসমীয়া নাটকৰ সূচনা হৈছিল যদিও শতিকাটোৰ প্ৰথম চাৰিটা দশকত মৌলিক নাটক ৰচনাৰ সংখ্যা কম আছিল। ১৯ শতিকাৰ শেষৰফালে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গোলাঘাট, প্ৰমুখ্যে নাগাৰসমূহত মৌলিক অসমীয়া নাটকৰ অভাৱৰ বাবে অনূদিত বাংলা নাটক মঞ্চস্থ কৰিবলগা হৈছিল । লাহে লাহে মঞ্চৰ প্ৰগতি আৰু প্ৰসাৰৰ লগে লগে নাট্যকাৰসকলে মৌলিক নাট ৰচনাত মনোনিবেশ কৰে। 

   ১৯ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণিত অসমৰ বিভিন্ন চহৰত ৰঙ্গমঞ্চ স্থাপিত হবলৈ ধৰিলে। অভিনয় কলাক স্থায়ী আৰু বাস্তৱ ৰূপ দিবলৈ ৰঙ্গমন্সৰ গুৰুত্ব সচেতন সমাজে উপলব্ধি কৰিলে। এই সময়ছোৱাত অসমৰ মঞ্চাভিনয়ত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা নাট্যমাঞ্চকেইখন হল গুৱাহাটীৰ ভাস্কৰ নাট্যমন্দিৰ, আৰ্য নাট্যমঞ্চ, তেজপুৰৰ বাণ থিয়েটাৰ , যোৰহাটৰ এমেচা থিয়েটাৰ, ডুমডুমা ৰঙ্গমঞ্চ, শ্বিলঙৰ আচাম ক্লাব, শিৱসাগৰৰ নাট্যমন্দিৰ, বিশ্বনাথ চাৰিআলিৰ বীনাপানী নাট্যমন্দিৰ, বিহপুৰীয়াৰ সন্মিলিত নাট্যসমাজ আৰু ইউনিয়ন থিয়েটাৰ , নাজিৰা নাট্যমন্দিৰ, দেৰগাঁৱৰ বাপুজী নাট্যমন্দিৰ, উত্তৰ গুৱাহাটীৰ ৰংমহল নাট্য সমিতি, ডিব্ৰুগড় আমোলাপট্টি নামঘৰ নাট্যমন্দিৰ, বৰপেটাৰ তৰুণৰাম ফুকন হল আৰু মঞ্চ, নলবাৰী নাট্যমন্দিৰ ইত্যাদি। 

   এই ৰঙ্গমঞ্চসমূহৰ ভিতৰত ১৯০৭ চনত প্রতিস্থা হোৱা “বাণ থিয়েটাৰ” আৰু ১৮৯৯ চনত প্ৰতিস্থা হোৱা “শিৱসাগৰ নাট্যমন্দিৰ” এ শতবৰ্ষ অতিক্ৰম কৰি অসমৰ নাট্যজগতত এক নতুন অভিলেখ সৃষ্টি কৰিলে। অসমৰ পুৰণি ৰঙ্গমঞ্চ হিচাপে বাণ ৰঙ্গমঞ্চই অসমৰ নাট্যকলাৰ গুৰিধৰোঁতা। উল্লেখযোগ্য যে এই ৰঙ্গমঞ্চতেই  জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আদিৰ দৰে সংস্কৃতিৰ কাণ্ডাৰীসকলে সাধনা কৰিছিল। এই ৰঙ্গমঞ্চসমূহৰ ভিতৰত ১৯৫৮ চনত শিৱসাগৰ নাট্যমন্দিৰত আৰু ১৯৬৪ চনত বিশ্বনাথ চাৰিআলি নাট্যমন্দিৰত ঘূৰন্ত ৰঙ্গমঞ্চ স্থাপন কৰা হৈছিল। অবশ্য পাছত আধুনিক নাট্য নিবেদনৰ নতুন পৰীক্ষা নিৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে এই ঘুৰন্ত ৰঙ্গমঞ্চৰ বিলুপ্তি ঘটে। তদুপৰি অসমৰ গাৱে-ভুয়েও ভেলেখিনি নাট্যমঞ্চ গঢ় লৈ উঠি অসমীয়া নাটকৰ সম্প্ৰসাৰণৰ বাট মুকলি কৰে। 

   দেশ স্বাধীন হোৱাৰ পিছত চৰকাৰী পৃষ্ঠপোষকতাত স্থাপন হোৱা গুৱাহাটীত ৰবীন্দ্ৰ ভৱন আৰু প্ৰায়বিলাক জিলা সদৰতে স্থাপন হোৱা মঞ্চসমূহত নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। 

   নাট্যকলাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে ৰঙ্গমঞ্চৰ গুৰুত্ব সৰ্বাধিক। প্ৰথম অবস্থাৰ পৰা বৰ্তমানলৈকে অসমত যিমানবিলাক ৰঙ্গমঞ্চ প্ৰতিষ্ঠা হৈছে প্ৰাইবিলাকতে বিজ্ঞানসন্মত ধাৰণাটো মানি চলা পৰিলক্ষিত নহয়। আধুনিক নাট্য নিবেদনৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা এই ৰঙ্গমঞ্চসমূহত সম্ভৱ নহয় বুলিব পাৰি।

3 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

0
Would love your thoughts, please comment.x
()
x