তথ্যকোষসাময়িকী

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ

পৰিস্থিতিতন্ত্ৰ মানৱ সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাৰ বাবেই মানৱ প্ৰজাতি বিশ্বত বৰ্তি আছে। পৰিস্থিতিতন্ত্ৰক নিৰ্ভৰ কৰিয়েই বৰ্তমান বিশ্বখন সুস্থিৰ ভাবে বৰ্তি আছে। কিন্তু মানুহৰ কিছুমান পৰিৱেশধ্বংসী কাৰ্যকলাপৰ বাবে আজি পৰিস্থিতিতন্ত্ৰও ধ্বংসৰ গৰাহত পৰিছে। পৰিস্থিতিতন্ত্ৰৰ অৱনতি ঘটাৰ বাবে পৃথিৱীৰ আয়ুসকালো ক্ৰমাত্ হ্ৰাস হৈ আহিছে আৰু মানৱ জাতিৰ ভৱিষ্যতো এক অন্ধকাৰ দিশলৈ গতি কৰিছে। এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই ক্ষেত্ৰত মানৱ জাতিৰ দ্বায়িত্ব অপৰিসীম। আৰু সেয়েই ইয়াৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত বিশ্ব পৰিৱেশ দিৱসত এই বছৰৰ(২০২১) বিষয়বস্তু হিচাপে ‘পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ’(ECOSYSTEM RESTORATION)ক বাছনি কৰিছে।

পৰিস্থিতিতন্ত্ৰ কি ?

পৰিৱেশৰ মৌলিক এককেই হৈছে পৰিস্থিতিতন্ত্ৰ। পৰিস্থিতিতন্ত্ৰই প্ৰকৃতিৰ বিভিন্ন জীৱিত বা অজীৱিত উপাদানবোৰৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক, সিহঁতৰ মাজত আদান-প্ৰদানৰ মাজেৰে চলি থকা প্ৰক্ৰিয়াটোক বুজায়। পৰিস্থিতিতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ ECOSYSTEM। এই শব্দটো পোনপ্ৰথমবাৰৰ বাবে ১৯৩৫ চনত A. G. TENSLEY নামৰ এজন বিজ্ঞানীয়ে ব্যৱহাৰ কৰিছিল। পৰিৱেশৰ জৈৱ আৰু অজৈৱ উপাদানসমূহৰ মাজত সৃষ্টি হোৱা সন্মিলিত ব্যৱস্থাই হৈছে পৰিস্থিতিতন্ত্ৰ। পৰিস্থিতিতন্ত্ৰ বিশেষকৈ দুটা উপাদানেৰে গঠিত।

  • ১) জৈৱ উপাদান আৰু  
  • ২) অজৈৱ উপাদান।

পৰিস্থিতিতন্ত্ৰ এটাত থকা উদ্ভিদ, জীৱ-জন্তু, অনুজীৱ ইত্যাদি জীৱিত উপাদানবোৰ হৈছে জৈৱিক উপাংশ। পৰিস্থিতিতন্ত্ৰ এটাৰ ভৌতিক আৰু ৰাসায়নিক উপাদানসমূহ হৈছে অজৈৱিক উপাংশ।

পৰিস্থিতিতন্ত্ৰৰ উপাদানসমূহক আকৌ গুণ বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তিনিভাগত ভগাব পাৰি। সেইকেইটা হৈছে- ১) উত্পাদক  ২) উপভোক্তা আৰু ৩) বিয়োজক।

পৰিস্থিতিতন্ত্ৰ দুই প্ৰকাৰৰ হ’ব পাৰে-

১) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু

২) কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ।

পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ

সাধাৰণ অৱস্থাত প্ৰতিটো পৰিস্থিতিতন্ত্ৰই শৃংখলাবদ্ধ ৰূপত কাৰ্যক্ষম হৈ থাকে। সূৰ্যৰ পৰা লাভ কৰা শক্তি এটা নিদিৰ্ষ্ট দিশত উত্পাদকৰ পৰা ক্ৰমান্বয়ে তৃণভোজী আৰু মাংসভূজি প্ৰাণীলৈ প্ৰবাহিত হয়। এই প্ৰবাহত ক্ৰমান্বয়ে শক্তি হ্ৰাস পায় গৈ থাকে। পৃথিৱীত পৰা সূৰ্যৰ ৰশ্মিৰ ০.০২ শতাংশ সেউজীয়া উদ্ভিদে সালোক-সংশ্লেষণত ব্যৱহাৰ কৰে। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা সূৰ্যৰ পোহৰৰ প্ৰায় ৩৪ শতাংশই প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যায় লগতে ইয়াৰ ১০ শতাংশ অ’জন স্তৰ, জলীয় বাষ্প আৰু বিভিন্ন গেছসমূহে ধৰি ৰাখে। বাকী ৫৬ শতাংশ পৃথিৱীৰ উপৰিভাগ পায়হি। ভূপৃষ্ঠৰ জলভাগ আৰু স্থলভাগে পৃথিৱীৰ এই পোহৰৰ ১-৫ শতাংশ গ্ৰহণ কৰে। সৌৰ শক্তিৰ ওপৰতে পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱ নিৰ্ভৰ কৰে। ইয়েই হৈছে পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ। পৰিস্থিতিতন্ত্ৰত সৌৰশক্তিৰ প্ৰবাহ এক নিৰ্দিষ্ট ধৰণেৰে আৰু একে দিশত প্ৰবাহিত হয়।

পৰিস্থিতিতন্ত্ৰৰ  অৱনমন

বৰ্তমান সময়ত সমগ্ৰ বিশ্বত পৰিস্থতিতন্ত্ৰৰ অৱনমন ঘটা পৰিলক্ষ্ত হৈছে আৰু ই পৰিৱেশলৈ এক ভয়াবহ ইংগিত কঢ়িয়াই আনিছে। পৰিস্থিতিতন্ত্ৰৰ অৱনমনে পৃথিৱীৰ জীৱ প্ৰজাতিসমূহৰ আয়ুসকাল ক্ৰমে হ্ৰাস কৰি আনিছে। পৰিস্থিতিতন্ত্ৰৰ অৱনমন ৰোধ হ’লেহে পৃথিৱীৰ অৱস্থা সুস্থিৰ হৈ থাকিব।

পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে নিৰ্বননিকৰণ। জীৱশ্ৰষ্ঠৰূপে স্বীকৃত মানুহে বিভিন্ন কৃষি কাৰ্য কৰিবলৈ অৰণ্য ধ্বংস কৰি আহিছে। ইয়াৰ উপৰিও উদ্যোগ নিৰ্মাণ, গৃহ নিৰ্মাণ আদিৰ বাৰে মানুহে পোনপটীয়াকৈ অৰণ্য ধ্বংস কৰি তাৰ বাবে ঠাই উলিয়ায়। অত্যধিক জনসংখ্যা বৃদ্ধিৰ ফলতো মানুহক অধিক ইন্ধন তথা অৰণ্যৰ আন বহুতো উপাদানৰ প্ৰয়োজন হৈছে। সেইবাবেই অৰণ্য ধ্বংস কৰিবলৈও মানুহে কোনো কুন্ঠাবোধ কৰা নাই।

বনজুইৰ ফলতো পৰিস্থিতিতন্ত্ৰৰ অৱনমন ঘটা পৰিলক্ষিত হৈছে। বনজুইয়ে এটা সমগ্ৰ অঞ্চলৰ গছ-গছনিকে ধৰি পৰিস্থিতিতন্ত্ৰৰ সকলো উপাদান দাহ কৰে। ফলত পৰিস্থিতিতন্ত্ৰৰ দ্ৰুত অৱনমন হয়।

বিভিন্ন খনিজ পদাৰ্থ নিষ্কাশনৰ বাবে হাতত লোৱা পন্থাসমূহেও পৰিস্থিতিতন্ত্ৰৰ অৱনমনত ইন্ধন যোগাই আহিছে। ইয়াৰ উপৰিও অবাধ ৰূপত জীৱ হত্যা, মত্স্য চিকাৰ আদিয়েও পৰিস্থিতিতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। লগতে কিছুমান প্ৰাকৃতিক দুৰ্যোগ তথা পৰিঘটনাৰ বাবেও মাজে সময়ে পৰিস্থিতিতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰি আহিছে।

পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ ফলত কি হয় ?

পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ ফলত আমি বহুতো সমস্যাৰ সন্মুখীন হওঁ। পৰিস্থিতিতন্ত্ৰৰ এই অৱনমনৰ ফলত সমগ্ৰ বিশ্বৰ ভৱিষ্যত সম্পৰ্কেই এক প্ৰশ্নবোধকৰ অৱতাৰণা হৈছে। পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ ফলত সমগ্ৰ বিশ্বৰ ক্ৰিয়া-কলাপত প্ৰভাৱ পৰে। পৰিস্থিতিতন্ত্ৰৰ অৱনমনে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমাই তুলিছে আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ দৰে এটা ব্যাপক সমস্যা পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ ফলতে সৃষ্টি হৈছে। পৰিস্থিতিতন্ত্ৰৰ অৱনমনৰ ফলত পৃথিৱীত ভয়াৱহভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলতে মেৰু অঞ্চলৰ বৰফ গলি পৃথিৱীৰ জলপৃস্থৰ উচ্চতা বৃদ্ধি হৈ গৈ আছে। পৰিস্থিতিতন্ত্ৰৰ অৱনমনে এনে বহুবোৰ সমস্যাৰ সৃষ্টি কৰিছে যিবোৰৰ ফলত মানৱ জাতি তথা পৃথিৱীৰ ভৱিষ্যত আজি সংকটৰ গৰাহত।

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ বা পুনৰসংস্থাপনে অৱনমন ঘটা পৰিস্থিতিতন্ত্ৰক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে বুজায়। সুস্থিৰ পৰিস্থিতিতন্ত্ৰই আমাক এটা সুস্থিৰ পৰিৱেশ প্ৰদান কৰিব য’ত আমি এটা পৰিৱেশমৈত্ৰী জীৱন-যাপন কৰিব পাৰিম।

পৰিস্থিতিতন্ত্ৰৰ উদ্ধাৰ বিভিন্ন প্ৰকাৰে কৰিব পাৰি। পৰিৱেশৰ সংৰক্ষণ আৰু বহমক্ষম উন্নয়নৰ বাবে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ অতিকে প্ৰয়োজনীয়। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰেহে পৃথিৱীৰ জৈৱ-বৈচিত্ৰক প্ৰকৃত ৰক্ষণাবেক্ষণ দিব পাৰিব।

পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰত আমাৰ দ্বায়িত্ব

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত ক্ষেত্ৰত আমাৰ বহুতো দ্বায়িত্ব আছে। মানুহক যিহেতু জীৱশ্ৰেষ্ঠ বুলি  কোৱা হয়, মানুহেই যদি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ দ্বায়িত্ব নলয়, তেনেহ’লে কোনে ল’ব? পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত প্ৰতিজন ব্যক্তিয়ে আগভাগ ল’লেহে ই সফলকাম হ’ব। আমি নিজৰ ঘৰত কম শক্তি ক্ষয় হোৱা এল. ই. ডি. বাল্ব, ফ্ৰীজ, টিভি আদি ব্যৱহাৰ কৰিব লাগে আৰু আমি পাৰ্যমানে সৌৰ শক্তিৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত বিদ্যুত শক্তিৰ ৰাহি হয় আৰু ই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰতো সহায় কৰিব। ইয়াৰ উপৰিও আমি পানী অবাবত নষ্ট কৰিব নালাগে আৰু পানী সংৰক্ষণৰ ব্যৱস্থা হাতত ল’ব লাগে।

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে আমি বহনক্ষম উন্নয়নৰ ধাৰণা গ্ৰহণ কৰিব লাগে। আমি এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে আৰু সহজে মাটিত পঁচি যোৱা বস্তু ব্যৱহাৰ কৰিব লাগে। আমি কিছুমান সামগ্ৰীৰ উত্পাদনৰ ক্ষেত্ৰত পুনৰাৱৰ্তন পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগে। খেতি-পথাৰতো ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ সম্ভৱপৰ হ’ব।

আমি যিমান পৰা যায় সিমান গছ ৰোপণ কৰিব লাগে। যিকোনো সেউজীয়া উদ্ভিদেই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত অৰিহণা যোগায়। আমি অনাহকত গছ-গছনি কটা বন্ধ কৰিব লাগে। এ়জোপা গছ কাটিলে আমি তাৰ ঠাইত আন দহজোপা গছ ৰুব লাগে।

বৰ্তমান বিভিন্ন কাৰণত পৰিস্থিতিতন্ত্ৰ ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে। তাৰ ফলত পৃথিৱীৰ জীৱকূলো সংকটত পৰিছে আৰু ভৱিষ্যত ক্ৰমাত্ অন্ধকাৰৰ দিশে গতি কৰিছে। এনে সময়ত পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰেহে পৃথিৱীক নতুন জীৱন প্ৰদান কৰিব পাৰিব। যুগনায়ক শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ছয় শতাব্দীৰ আগেয়েই এজোপা গছ দহজন পুত্ৰৰ সমান বুলি কৈ গৈছে। আমি সেই আদৰ্শৰেই আগুৱাই গৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ কামত ব্ৰতী হ’ব লাগে।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x