আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম



ৰাজ্যিক

১) কালি উদ্বোধন কৰা হ’ল অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা। অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰে সদ্যঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানখন। বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বি টি আৰৰ শাসকীয় পক্ষৰ বিধায়কসকল উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত।

২) কোভিড ১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত অসমত। যোৱা ২৪ ঘণ্টাত কৰণা মহামাৰীত আক্ৰান্ত হৈছে ৩৭৫৬ জন লোক আৰু মৃত্যু হৈছে ৫১ জন লোকৰ। সৰ্বাধিক ৰোগী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ জিলাত।

৩) গুৱাহাটী মহানগৰীৰ নলা নিষ্কাশন কাৰ্যত জড়িত ৭১ জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী গুৱাহাটী পৌৰনিগমৰ আয়ুক্তৰ। সময় উকলি যোৱা স্বত্বেও কামৰ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।

৪) অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব জুলাইৰ মধ্যভাগত। কোভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ গলেই পাতিব পাৰিব পৰীক্ষা।

উত্স- অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. নতুন দিল্লীয়ে বেইজিংক ভাৰতীয় নাগৰিকসকলক চীন ভ্ৰমণৰ অনুমতি দিবলৈ কৈছে। ইতিমধ্যে নতুন দিল্লীয়ে চীনা নাগৰিকক ভাৰতবৰ্ষত ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰিছে।

২. ভাৰত-বাংলাদেশ সীমান্তৰ পৰা চীনা নাগৰিকক আটক। পশ্চিম বংগৰ মালদা জিলাৰ পৰা আটক কৰা হৈছে ব্যক্তিজনক।

৩. অপৰিকল্পিত টিকাকৰণৰ ফলত কোভিড-১৯ৰ মিউটেন্ট ষ্ট্ৰেইন উদ্ভৱ হ’ব পাৰে– প্ৰধানমন্ত্ৰীক দাখিল কৰা প্ৰতিবেদনত স্বাস্থ্য বিশেষজ্ঞসকলে কয়।

৪.গুজৰাটৰ চুৰাটত অগ্নি সুৰক্ষাৰ নিয়ম অনুসৰণ নকৰাৰ বাবে ১৪ খন ভোজনালয় বন্ধ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ মুখ্য বিষয়াজনে কয় যে, ১৪ দিনৰ ভিতৰত অগ্নি সুৰক্ষাৰ বাবে উপযুক্ত সামগ্ৰীসমূহ স্থাপন কৰাৰ শপতনামা দিলেহে ভোজনালয়কেইখনক পুনৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰিব।

৫. পুৰীৰ ৰথ যাত্ৰা একেৰাহে দ্বিতীয় বছৰৰ বাবে ভক্তবিহীন হ’ব। এইবাৰো ৰীতি-নীতি বোৰ পুৰী জগন্নাথ মন্দিৰতে সীমাবদ্ধ থাকিব। আনহাতে, ক’ভিড পৰীক্ষাত নিগেটিভ হ’লে বা সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হ’লেহে সৰ্বাধিক ৫০০ জন লোকক প্ৰতিখন ৰথ টানিবলৈ অনুমতি দিয়া হ’ব প্ৰশাসনে জানিবলৈ দিছে।

উত্স- দা হিন্দু

আন্তঃৰাষ্ট্ৰীয়

১. ম্যানমাৰ চৰকাৰী কৰ্তৃপক্ষই ক্ষমতাচুত্য নেত্ৰী চ্যু কীৰ বিৰুদ্ধে নতুন দুৰ্নীতিৰ গোচৰ ৰুজো কৰিছে। ৭৫ বছৰীয়া নেত্ৰীগৰাকী বিৰুদ্ধে জুণ্টা প্ৰশাসনে ইতিমধ্যে এনেধৰণৰ বহুকেইটা অভিযোগ উত্থাপন কৰিছে।

২. বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক “সতেজ বায়ুৰ এক ডাঙৰ উশাহ” বুলি অভিহিত কৰিছে। জলবায়ু পৰিৱৰ্তন, ক’ভিড-১৯ৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে–গুৰুত্বপূৰ্ণ গোলকীয় বিষয়বোৰত মিত্ৰশক্তিৰ সৈতে কাম কৰাৰ সংকল্পক জনছনে প্ৰশংসা কৰিছে।

৩. ইজৰাইলৰ বিশেষ বাহিনীয়ে বৃহস্পতিবাৰে তেওঁলোকৰ দ্বাৰা অধিকৃত পশ্চিম তীৰত অভিযান চলাই এজন ইছলামিক জেহাদী উগ্ৰপন্থী আৰু দুজন ফিলিস্তিনি নিৰাপত্তাৰক্ষীক গুলীই হত্যা কৰে।

৪. ফ্ৰান্সৰ এখন আদালতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক চৰ মৰা ব্যক্তিজনক ৪ মাহৰ কাৰাদণ্ড বিহিছে। ৰাষ্ট্ৰপতিজনে যোৱা মংগলবাৰে জনসাধাৰণৰ সৈতে হাত মিলাই থকা অৱস্থাতে ২৮ বছৰীয়া ডেমিয়েন টাৰেল নামৰ ব্যক্তিজনে তেওঁক এটা চৰ মাৰিছিল।

৫. বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আফ্ৰিকাৰ প্ৰায় ৯০ শতাংশ দেশেই তেওঁলোকৰ জনসংখ্যাৰ কমেও ১০ শতাংশ লোকক কোভিড-১৯ ৰ বিৰুদ্ধে টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হ’ব  নোৱাৰিব। কিয়নো মহামাৰীৰ তৃতীয় ঢৌৱে মহাদেশখনক ইতিমধ্যেই স্পৰ্শ কৰিছে।

উত্স – ৰয়টাৰ

ক্ৰীড়া –

১) ফ্ৰেন্স অপেন ২০২১ৰ মিক্সড ডাবলছৰ খিতাপ দখল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেচিৰে ক্ৰাকজিক আৰু ব্ৰিটেইনৰ জো চেলিচবাৰীৰ। ক্ৰাকজিক-চেলিচবাৰীৰ যুটিটোৱে ৰাছিয়াৰ আছলান কাৰাটছেভ আৰু এলিনা ভেছনিনাক ২-৬, ৬-৪, ১০-৫ ত পৰাস্ত কৰি দখল কৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ খিতাপ।

২) এলিয়েষ্টাৰ কুকক অতিক্ৰম কৰি ইংলেণ্ডৰ পেছবলাৰ জেমছ এণ্ডাৰচন পৰিণত হ’ল আটাইতকৈ বেছি টেষ্ট মেচ খেলা ইংলিছ খেলুৱৈত। নিউজিলেণ্ডৰ বিপক্ষে দ্বিতীয় টেষ্ট খেলি এই ৰেকৰ্ডৰ গৰাকী হ’ল জেমছ এণ্ডাৰচন। বৰ্তমানলৈকে ইংলেণ্ডৰ হৈ ১৬২ খন টেষ্ট খেলিছে এণ্ডাৰচনে।

৩) শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগা তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা। ভাৰতীয় দলৰ নিয়মিত অধিনায়ক বিৰাট কহলি আৰু সহঃ অধিনায়ক ৰোহিত শৰ্মা ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত ব্যস্ত থাকিব লগা হোৱা বাবে শিখৰ ধৱনক ভাৰপ্ৰাপ্ত অধিনায়কৰূপে নিযুক্তি বি চি চি আইৰ।

৪) ইংলেণ্ড-নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট – ৰ’ৰী বাৰ্নছ আৰু ডেন লৰেন্সৰ অৰ্ধশতকৰ সহায়ত প্ৰথমদিনৰ অন্তত ইংলেণ্ডৰ স্ক’ৰ ২৫৭/৮। নিউজিলেণ্ডৰ হৈ ট্ৰেন্ট বল্ট, মেট হেনৰী আৰু আজাজ পেটেলৰ দুটাকৈ উইকেট।

৫) ১৯৯৮ চনৰ এছিয়ান গেমছৰ বক্সিং প্ৰতিযোগিতাত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা ডিংকো সিংৰ মৃত্যু। দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগত ভুগি আছিল বক্সাৰগৰাকী।লগতে কোভিড ১৯ৰ সংক্ৰমণে মৃত্যুমুখলৈ ঠেলি দিলে বিখ্যাত বক্সাৰগৰাকীক।

উৎস – দা ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x