তথ্যকোষসাময়িকী

শংকৰোত্তৰ যুগৰ অসমীয়া কবিতা

উত্তৰ শংকৰী বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা বৃটিছ যুগৰ আৰম্ভণিৰ সময়(১৮২৬ চন)লৈকে ধৰা হয়। শংকৰোত্তৰ যুগৰ সাহিত্যৰ প্ৰধান অৱলম্বন আছিল ঘাইকৈ সত্ৰসমূহৰ লগতে আহোম, কোচ, কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতা। সপ্তদশ শতিকাৰ মাজ সময়ছোৱাত অসমীয়া সাহিত্যত কোনো বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা নগৈছিল। কিন্তু অষ্টাদশ শতিকাৰ আৰম্ভণিৰে পৰা অসমীয়া সাহিত্যত নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। গীত, কাব্য আৰু নাটক আদি সাহিত্যৰ শাখাসমূহ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰা দেখা যায়।

উত্তৰ-শংকৰী যুগৰ কবিসকলে শংকৰদেৱৰ সাহিত্যৰ আদৰ্শকে সাৰোগত কৰি কবিতা ৰচনা কৰিছিল। শংকৰদেৱৰ কবিতাৰ মূল আদৰ্শ আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ আনহাতে শংকৰোত্তৰ যুগৰ কবিসকলৰ লিখনিৰ গুৰুজনাৰ ভক্তিধৰ্মৰ আদৰ্শই প্ৰসাৰতা লাভ কৰিছিল যদিও ই পূৰ্বৰ গভীৰতা হেৰুৱাই পেলাইছিল। এই যুগৰ কবিসকলৰ কাব্য ৰচনাৰ আধাৰ আছিল- ব্ৰহ্মবৈৱৰ্ত পুৰাণ, পদ্মপুৰাণ, ধৰ্মপুৰাণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থসমূহ।

শংকৰোত্তৰ যুগৰ কেইজনমান উল্লেখযোগ্য কবি হৈছে- গোপাল আতা, পদ্মপ্ৰিয়া, গোপাল মিশ্ৰ, গোবিন্দ মিশ্ৰ, দামোদৰ দাস, ৰামমিশ্ৰ, বিষ্ণু ভাৰতী, অনিৰুদ্ধ আৰু কবিৰাজ চক্ৰৱৰ্তী।

গোপাল আতা বা গোপালদেৱ

মাধৱদেৱে পতা বাৰজন ধৰ্মাচাৰ্যৰ ভিতৰত গোপাল আতা আছিল অন্যতম। গোপাল আতাৰ জন্ম হৈছিল ঐতিহাসিক শিৱসাগৰ জিলাৰ খোখোৰা গাঁৱৰ নাচনি ঘাটত আৰু বৰ্তমান গড়গাঁৱৰ সমীপৰ বালিঘাটৰ বৰদুৱাৰমুখত। তেওঁ জন্মৰ সময় ১৫৪০ খ্ৰীষ্টাব্দ বুলি ধৰা হয়। পিতৃৰ নাম কামেশ্বৰ বা কামদেৱ ভূ়ঞা আৰু মাতৃৰ নাম বজ্ৰাঙ্গী। ১৫৬৪ চনত কোঁচ আক্ৰমণৰ সময়ত তেওঁলোকৰ পৰিয়ালটো ভটিয়াই আহি বৰপেটা অঞ্চলৰ ভৱানীপুৰত বাস কৰিবলৈ লয়। গোপাল আতাই মাধৱদেৱৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে আৰু পাছলৈ মাধৱদেৱৰ প্ৰিয় শিষ্য হৈ পৰে। গোপাল আতা বৈষ্ণৱ সমাজত কথাৰ সাগৰৰূপে পৰিচিত আছিল। উদাহৰণেৰে সৈতে অতি সুন্দৰকৈ সাধুকথা আৰু ধৰ্মবিষয়ক কথাবোৰ বুজাই ক’ব পাৰিছিল বাবেই তেওঁক এই আখ্যা দিছিল বুলি জনা যায়।

গোপাল আতা মহাপুৰুষীয়া ধৰ্মৰ কাল সংহতি শাখাৰ প্ৰৱৰ্তক। মাধৱদেৱে জীৱনৰ শেষ বয়সত নিজৰ বাৰজন শিষ্যক ধৰ্মাচাৰ্য পাতি উজনি আৰু মধ্য অসমত প্ৰচাৰৰ দায়িত্ব দিয়ে। সেই অনুসৰি গোপাল আতাই ভৱানীপুৰত থাকি ধৰ্মৰ কামত আত্মনিয়োগ কৰে। কেৱল ধৰ্ম প্ৰচাৰক হিচাপেই নহয়, এগৰাকী কবি আৰু নাট্যকাৰ হিচাপেও গোপাল আতা সৰ্বজনবিদিত। তেওঁ ৰচনা কৰা উদ্ধৱযান, জন্মযাত্ৰা আৰু নন্দোত্সৱ নামৰ প্ৰয়োজন অনুসৰি গীত সন্নিবিষ্ট কৰিছে। নাট কেইখনৰ গীতবোৰ অতি সুমধুৰ। নাটৰ গীতৰ বাহিৰেও তেওঁ অন্যান্য বহুতো গীত আৰু ঘোষা ৰচনা কৰিছে। গীতবোৰত মহাপুৰুষ মাধৱদেৱৰ প্ৰভাৱ সুস্পষ্ট। কালসংহতিৰ সত্ৰবোৰত এই গীতবোৰক বৰগীতৰ মৰ্যাদা প্ৰদান কৰিছে। আতাই ৰচনা কৰা গীতবোৰত তেওঁৰ কাব্য প্ৰতিভাৰ নিদৰ্শন ফুটি উঠিছে। কোনো কোনোৱে আনকি তেওঁক মহাপুৰুষীয়া ধৰ্মৰ তৃতীয়জন ধৰ্মাচাৰ্য বুলিও অভিহিত কৰিছে।

গোপাল আতাৰ গীতৰ নমুনা

ধ্ৰুং।। 

সুনহ উদ্ধৱ প্ৰাণ জীৱ মেৰি জাই।

কহতু কানু গোকুলে মিলব দুনাই।।

পদ।।

নয়নে দেখিবো চান্দ মুক এক বাৰ।

তেবেসে সাম্ফল সখী জীৱন হামাৰ।।

নুহি ওহি দহে দেহা বিৰহ আনলে।

কহবি উদ্ধৱ কৃষ্ণ-চৰণে কমলে।।

শ্ৰৱণে নুশুনোঁ আৰ ন ভাসে নয়নে।

হাস্য লাস্য মধু স্যাম সুচান্দ বয়নে।।

সুমৰিত দহে দেহা ধৰণ নজাই।

দিনে টুটে প্ৰাণ চুটে ক্ষণক যুগ জাই।।

কান্দিতে ৰহল গোপিসৱ দুখ মনে।

কহয় গোপাল গতি মাধৱ চৰণে।।

পদ্মপ্ৰিয়া

পদ্মপ্ৰিয়া আই অসমৰ প্ৰথম গৰাকী মহিলা কবি। গোপালদেৱৰ দুগৰাকী ভাৰ্যা আছিল- বৃন্দাৱতী আই আৰু শুভাগী আই। প্ৰথমা পত্নী বৃন্দাৱতী আইৰ কন্যা আছিল পদ্মপ্ৰিয়া আই।

পদ্মপ্ৰিয়াৰ বিয়া হৈছিল এজন শাক্ত ধৰ্মীয় লোকৰ লগত। আনহাতে, পদ্মপ্ৰিয়া আই একশৰণ ধৰ্মত শৰণ লৈছিল। ধৰ্মৰ এই মতানৈক্যৰ বাবেই তেওঁলোকৰ বৈবাহিক জীৱন টিকি নাথাকিল। স্বামীৰ লগত সহধৰ্ম আচৰণ কৰিব নোৱাৰি পদ্মপ্ৰিয়া পিতৃৰ ঘৰলৈ ঘূৰি আহে। পাছলৈ পদ্মপ্ৰিয়াই অধ্যয়ন আৰু অনুশীলনৰ যোগেদি গীত-পদ ৰচনা কৰি অসমৰ কাব্য জগতখনলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।

পদ্মপ্ৰিয়া আইয়ে গীত ৰচনা কৰাৰ মূলতে আছিল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু দেউতাক গোপালদেৱৰ পৰা লাভ কৰা প্ৰভাৱ আৰু অনুপ্ৰেৰণা। তেওঁলোকৰ আৰ্হিতে পদ্মপ্ৰিয়াই ৰাগযুক্ত গীত ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতবোৰ ৰামগিৰি, ৰামকেলি আদি ৰাগৰ। পদ্মপ্ৰিয়াই তেওঁৰ গীতবোৰৰ মাজেৰে শংকৰদেৱ,মাধৱদেৱ আৰু গোপালদেৱৰ বন্দনাও ফুটাই তুলিছে।

পদ্মপ্ৰিয়া আইৰ গীতৰ নমুনা

দুলড়ি

জয় জয় ৰাম         কৰোহো প্ৰণাম

        শংকৰৰ পদ দুই।

কায়স্থ কুলৰ         কুসুম্বৰ গৃহত

        পৰম পুৰুষ হুই।।

নৰ ৰূপে আসি      ভৈলা অৱতাৰ

        হৰিলা ভূমিৰ ভাৰ।

বালক কালত        খণ্ডক মৰ্দ্দিলা

        কৰিলা বিনোদে বিহাৰ।।

পূ্ৰ্বৰ সাধনা         কৰিতে গুপুত   

       সাধু সঙ্গে লগে লৈলা।

গোপী সমস্তক               যিমতে মুহিলা

       ৰসত মগন ভৈলা।।

অসংগী জীৱন        সঙ্গ কৰাইলন্ত

       শংকৰ স্বৰূপ হৰি।

মাধৱ স্বৰূপে         ভকতি বঢ়াইলা

        নিজ মায়া বশ্য কৰি।।

গোপাল স্বৰূপে              সেহি অনুৰূপে

        ভকতিক পালিলন্ত।।

আনন্দ সমুদ্ৰ         ৰস মাজে মজি

        ৰহিলা যত মহন্ত।। 

গোপাল মিশ্ৰ

গোপাল মিশ্ৰৰ জন্মৰ সময় আনুমানিক খ্ৰৃষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত। গোপাল মিশ্ৰ দামোদৰ দেৱৰ শিষ্য আছিল। তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰখনৰ নাম খুদীয়া সত্ৰ। গোপাল মিশ্ৰ ভট্টদেৱৰো এজন ঘনিষ্ঠ বন্ধু আছিল। গোপাল মিশ্ৰই তেওঁৰ পাণ্ডিত্য গুণ আৰু কাব্য প্ৰতিভাৰ বাবে কবিৰত্ন উপাধি লাভ কৰিছিল। তেওঁৰ জীৱনকাল সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে বুলি অনুমান কৰা হয়।

গোপাল মিশ্ৰই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বুলি জনা যায়। তাৰ ভিতৰত ঘোষাৰত্ন অন্যতম। ‘শংখচূড় বধ’, ‘মহিষাসুৰ বধ’ আদি গ্ৰন্থ তেওঁৰ ৰচনা বুলি দেৱেন্দ্ৰনাথ বেজবৰুৱাই উল্লেখ কৰি গৈছে যদিও গ্ৰন্থ কেইখন পোৱা নাযায়। ‘ঘোষাৰত্ন’ নামঘোষা জাতীয় গ্ৰন্থ। গোপাল মিশ্ৰৰ পাণ্ডিত্যৰ নিদৰ্শন ‘ঘোষাৰত্ন’তে নিহিত হৈ আছে। ভগবানক জগবন্ধু বুলি উল্লেখ কৰি, তেওঁ ভগবানৰ দাস হিচাপে কৃপা ভিক্ষা কৰি ‘ঘোষাৰত্ন’ত লিখিছে—

জয়-যদুপতি জগন্নাথ, নিয়োক দাসক উদ্ধাৰি।

তযু দাস বুলি মোক কৃপা কৰা তুমি জগবন্ধু হৰি।।

গোপাল মিশ্ৰই ‘ঘোষাৰত্ন’ত শৰণৰ কথা কৈছে এনেদৰে-

দেৱতাৰ আশা দূৰ কৰি      পুত্ৰাদিৰ স্নেহ পৰিহৰি

       কেৱলে হৰিত বিশ্বাস কৰয় মাত্ৰ।

প্ৰাকৃত শৰণ তাৰ নাম বিষয় তৃষ্ণাত তেজে কাম,

       সিতো পাচে প্ৰেম ভকতিৰ হোৱে পাত্ৰ।।

তীৰ্থ তপে জপে আশা তেজে, কায়বাক্যমনে হৰি ভজে,

       যথোচিত সেৱা হৰিক সদা কৰয়।

বাক্যে গোবিন্দৰ নামে গাৱে, মনে কদাচিতো লাগ পাৱে,

       মধ্যম শৰণ তাহাঙ্ক শাস্ত্ৰে কহয়।।

শৰীৰৰ আশা দূৰ কৰে,      নাম গায়া কৰে মন পূৰ,

       জগতৰ পতি ভগৱন্ত চক্ৰপাণি।

তান্ত প্ৰেম ভক্তি ভৈল যাৰ,   উত্তম শৰণ কৱে তাক,

       উত্তম শৰণে সংসাৰক কৰে হানি।।

গোবিন্দ মিশ্ৰ

গোবিন্দ মিশ্ৰৰ জন্ম হৈছিল খৃষ্ট্ৰীয় ষোড়শ শতাব্দীৰ মাজভাগত। গোবিন্দ মিশ্ৰৰ জন্মস্থান সম্পৰ্কে সঠিকৈ কব নোৱাৰি। অসমীয়া সাহিত্যৰ পণ্ডিতসকলৰ মতে, পীতাম্বৰ চক্ৰৱৰ্তীৰ বংশত তেওঁৰ জন্ম। গোবিন্দ মিশ্ৰৰ পিতৃৰ নাম তাৰাপতি আৰু ককাৰ নাম কলাপচন্দ্ৰ। গোবিন্দ মিশ্ৰই বালিগ্ৰামত বাস কৰিছিল। গোবিন্দ মিশ্ৰক ভট্টদেৱৰ শিষ্য বুলি অনুমান কৰিব পাৰি। কিয়নো তেওঁৰ দ্বাৰা অনুদিত গ্ৰন্থ ‘ভক্তিবিৱেকত’ত ভট্টদেৱক ইষ্টদেৱতা বুলি ভক্তি নিবেদন কৰিছে। গোবিন্দ মিশ্ৰৰ জীৱনকাল সপ্তদশ শতিকাৰ আদি ভাগলৈকে আছিল বুলি জনা যায়।

গোবিন্দ মিশ্ৰৰ শ্ৰীমদ্ভাগৱতৰ অনুবাদ পদগীতা অতি সৰল ভাষাত ৰচিত অসমীয়া কাব্য সাহিত্যৰ মূল্যবান গ্ৰন্থ। পদগীতাৰ উপৰিও গোবিন্দ মিশ্ৰই ভট্টদেৱৰ ‘ভক্তিবিৱেক’ৰ অসমীয়া পদানুবাদ কৰি তেওঁৰ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে। পদগীতাৰ ৰচনাত তেওঁ শংকৰাচাৰ্য, ভাস্কৰীৰ মত আৰু হনুমন্তী টীকা, আনন্দগিৰি আৰু শ্ৰীধৰ স্বামীৰ টীকা বিচাৰ কৰি নিজ বুদ্ধিৰ প্ৰয়োগ ঘটাইছে বুলি উল্লেখ কৰিছে। দুয়োখন গ্ৰন্থতে কবিগৰাকীৰ পাণ্ডিত্যৰ চিন সুস্পষ্ট।

গোবিন্দ মিশ্ৰৰ কবিতাৰ নমুনা

শ্ৰীমদ্ভাগৱত গীতা (দ্বিতীয় অধ্যায়)

দৈৱকী তনয়         দেৱ কৃপাময়

       কৃষ্ণ দেৱীতাৰ সাৰ।

পঙ্কজ চৰণে         প্ৰৱেশিয়া মনে

       পুনু কৰো নমস্কাৰ।।

সঞ্জয় বদতি          শুনা কুৰুপতি

       পাছে যেন কথা ভৈলা।

শোক সমুদ্ৰত        মোহ উৰ্মি পায়া

       ধনঞ্জয় তল গৈলা।। 

দামোদৰ দাস

দামোদৰ দাস খৃষ্ট্ৰীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্ধৰ কবি। তেওঁ বৰপেটা অঞ্চলৰ মানুহ আছিল। দামোদৰ দাসৰ ৰচনাসমূহৰ মাজত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা-ভক্তি ফুটি উঠিছে।

দামোদৰ দাসে মহাভাৰতৰ ‘শল্য-পৰ্ব’ আৰু ‘দ্ৰোণ-পৰ্ব’ অসমীয়ালৈ অনুবাদ কৰিছে। ‘শল্য-পৰ্ব’ৰ মাজেৰে ভাগৱত ভট্টাচাৰ্যৰ প্ৰতি তেওঁৰ ভক্তি প্ৰকাশ পাইছে। আনহাতে, ‘দ্ৰোণ-পৰ্ব’ কাব্যত শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁৰ অচলা ভক্তি প্ৰকাশ পাইছে। তেওঁৰ ৰচনাৰাজিৰ ভাব-ভাষা অতি প্ৰাঞ্জল,সহজে বুজিব পৰা বিধৰ। গ্ৰন্থ দুখনে তেওঁৰ কাব্যশক্তিৰ লগতে গভীৰ পাণ্ডিত্যৰ পৰিচয় দিছে।

দামোদৰ দাসৰ কবিতাৰ নমুনা

মহাভাৰত (দ্ৰোণ পৰ্ব)

দ্ৰোণ বধ

সঞ্জয় বদতি শুনিয়োক নৃপবৰ

ধৰ্মৰাজে শুনি হেন বচন কৃষ্ণৰ।।

অন্তৰে মাথা তুলি বুলিলা বচন।

কৰিবো তোমাৰ আজ্ঞা কমল লোচন।।

সেহি সময়ত গুৰু দ্ৰোণ উপস্থিত।

পুত্ৰক কুশল পুছিলন্ত নৃপতিত।।

শুন বাপ ধৰ্মৰাজ বচন আমাৰ।

শিশুকাল হন্তে জানো স্বভাৱ তোমাৰ।।

এতেকে নৃপতি মই আসিলো আপুনি।

অশ্বত্থামা তনয়ৰ মন্দ বাৰ্তা শুনি।।

ৰামমিশ্ৰ

ৰামমিশ্ৰ সপ্তদশ শতিকাৰ মাজভাগৰ কবি। ৰামমিশ্ৰই আহোম ৰজা জয়ধ্বজ সিংহৰ(১৬৫০-১৬৬৩) পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰামমিশ্ৰৰ পূৰ্বপুৰুষৰ ঘৰ লক্ষ্মীমপুৰৰ নাৰায়ণপূৰ অঞ্চলত আছিল। তেওঁ দিচৈ নদীৰ পাৰত থাকি কাব্য ৰচনা কৰিছিল।

ৰামমিশ্ৰই চাৰিখন গ্ৰন্থ ৰচনা কৰিছিল। সেইকেইখন হ’ল- হিতোপদেশ, মহাভাৰতৰ ভীষ্মপৰ্ব, পুতলা চৰিত্ৰ আৰু বৃন্দাবন-চৰিত্ৰ। ৰজাৰ শহুৰ পুতেক ভদ্ৰসেন বৰুৱাৰ উত্সাহ আৰু আদেশ পাই ৰামমিশ্ৰই হিতোপদেশ অসমীয়ালৈ ভাঙণি কৰে। হিতোপদেশত বহুতো সজ উপদেশ আছে।

হিতোপদেশ গ্ৰন্থৰ পৰা ৰামমিশ্ৰৰ কবিতাৰ নমুনা তুলি ধৰা হ’ল-

অসন্তোষ ভৈলে       বিপ্ৰ নষ্ট যাই,

       সন্তোষে নৃপতি চয়।

লাজ পৰিত্যাগে       কুলস্ত্ৰীৰ নাশ

       লাজ নাশে বেশ্যা হয়।।

দীৰ্ঘ দৰ্ব্বি নামে       বৃদ্ধ মন্ত্ৰী বোলে

       শুনিয়ো সংগ্ৰাম বিধি।

অস্ত্ৰ নজনাক         সঙ্গে লৈয়া গৈলে,

       সংগ্ৰামত নাহি সিদ্ধি।।

বিষ্ণু ভাৰতী

বিষ্ণু ভাৰতী ‘ধ্ৰুব চৰিত্ৰ’ আৰু ভাগৱত-ৰত্ন নামৰ দুখন গ্ৰন্থৰ ৰচক। কবিতাৰ মাজেৰে তেওঁ নিজকে ‘কবিৰত্নসুত’ বুলি পৰিচয় দিছে। বিষ্ণু ভাৰতীৰ ৰচনাত প্ৰসিদ্ধ টীকাকাৰ শ্ৰীধৰ গোস্বামীৰ প্ৰভাৱ লক্ষ্য কৰা যায়। এই কথা তেওঁ নিজেই ‘ভাগৱত ৰত্ন’ গ্ৰন্থৰ আৰম্ভণিতে উল্লেখ কৰিছে। ভাগৱত- ৰত্নক দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ গ্ৰন্থ বুলি কব পাৰি। কবিজনৰ জীৱনৰ বিষয়ে বৰ বিশেষ কথা ইতিহাসত পাবলৈ নাই।

বিষ্ণু ভাৰতীৰ কবিতাৰ নমুনা

ধ্ৰুব চৰিত্ৰ

মৈত্ৰেয় বদতি        শুনা কুৰুপতি

যেন ভৈলা আত পৰে।

যক্ষক নিৰ্ভয়         ধ্ৰুবৱ মহত্ত

       হেন দেখি ধনেশ্বৰে।।

অতি অদভূত         দিলা মহাশয়

       শুনিয়া পৰম ৰঙ্গে।

পুষ্পকত চড়ি        তৈকে গৈলা লৰি

       সিদ্ধ মুণিগণ সঙ্গে।

অনিৰুদ্ধদেৱ

অনিৰুদ্ধদেৱ আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক। ইয়াৰোপৰি তেওঁ অসমত এক-শৰণ নাম-ধৰ্মৰ চতুৰ্থজন মুখ্য প্ৰচাৰক। লক্ষ্মীমপুৰ জিলাৰ নৰনাৰায়ণপুৰ অঞ্চলৰ বালিকুছিত ১৫৫৩ খৃষ্টাব্দত অনিৰুদ্ধদেৱৰ জন্ম হয়। তেওঁ গোপালদেৱৰ প্ৰধান শিষ্য আছিল। গোপাল আতায়ে তেওঁক অনিৰুদ্ধ নাম প্ৰদান কৰিছিল। তেওঁৰ পিতৃপ্ৰদত্ত নাম আছিল হৰকণ্ঠ। প্ৰভু গোপালদেৱে ‘এতেকে তোমাক আমি সেহি শ্ৰাস্ত্ৰ দিলো। আজি ধৰি তোক বাপ আচাৰ্য পাতিলো’ বুলি কৈ শ্ৰীমন্ত শংকৰদেৱৰ পৰা সম্প্ৰদা সূত্ৰে পাই অহা শাস্ত্ৰখিনি অনিৰুদ্ধদেৱৰ হাতত সমৰ্পণ কৰি তেওঁক আচাৰ্য বাব দিয়াৰ কথা জনা যায়। তাৰ পিছত অনিৰুদ্ধদেৱে নিজ গাঁৱলৈ উভতি গৈ শ্ৰীবিষ্ণু বালিকুঞ্চি সত্ৰ প্ৰতিষ্ঠা কৰে আৰু গোপালদেৱে দিয়া শাস্ত্ৰখিনি থাপনাত পাতি শৰণ দিয়াৰ কাম আৰম্ভ কৰে। বালিকুঞ্চি সত্ৰত পাঁচ বছৰ কাল থকাৰ পাছত ১৬০৬ চনত মৰনৈৰ দাঁতিত নাহৰআটী সত্ৰ প্ৰতিষ্ঠা কৰে আৰু মহাপ্ৰয়াণৰ সময় পৰ্যন্ত তেওঁ এই সত্ৰতে জীৱনকাল অতিবাহিত কৰে। মায়াসৰ্প স্ৰজন কৰি পুনৰ তাক নিবাৰণ কৰাৰ কাৰণে অনিৰুদ্ধদেৱৰ ধৰ্মমতক ‘মায়ামৰা’ নামেৰে জনা যায়।

মায়ামৰা সম্প্ৰদা/ গঠনত কৃতিত্ব দেখুওৱাৰ দৰে কবিতা আৰু গীত ৰচনা কৰাৰ ক্ষেত্ৰতো অনিৰুদ্ধদেৱে বিশেষ পাৰদৰ্শিতা দেখুৱাই গৈছে। নাহৰ আটি সত্ৰত থকা কালত অনিৰুদ্ধদেৱে পাঁচখন শাস্ত্ৰ ৰচনা কৰিছিল। সেইকেইখন হ’ল- ভাগৱত পুৰাণ পঞ্চমস্কন্ধ ভাগৱতৰ মূল টীকাৰ ভাঙনি, পয়াৰ ছন্দত লিখা চতুৰ্থ স্কন্ধ ভাগৱকৰ পঁচিশ অধ্যায়ৰ পৰা একত্ৰিশ অধ্যায়লৈ মূল টীকাৰ ভাঙনি, ভক্তিমঙ্গল শাস্ত্ৰ, ছয়টা টোটয় ভটিমাৰে বৰগীতৰ গীতশাস্ত্ৰ আৰু কথা আৰু শ্লোকত ৰচনা কৰা গুপুত নিজশাস্ত্ৰ। মৃত্যুৰ আগেয়ে তেওঁ ঝুমুৰা ৰাগৰ ‘এ ভাই কমন কৰ বিহাৰ’ আৰু ‘এমনে কেমনে পাৰল নিন্দ’ এই গীতদুটা ৰচনা কৰি থৈ গৈছে। অনিৰুদ্ধদেৱে ৰচনা কৰা গীতৰ সংখ্যা নকুৰি। এই গীতবোৰত তেওঁৰ পৰমপুৰুষৰ প্ৰতি থকা ভক্তি ভাৱৰ মুক্ত প্ৰকাশ ঘটিছে। গীতবোৰৰ জড়িয়তে তেওঁ দেহৰ অসাৰত্ব আৰু হৰিভক্তিৰ জয়গান গাইছে।

অনিৰুদ্ধদেৱে ৰচনা কৰা গীতৰ এটি নমুনা দাঙি ধৰা হ’ল-

গীত (ঝুমুড়া) 

এ ভাই কেমনে কৰ বিহাৰ।

প্ৰচণ্ড বেগৰ          ঠাঠে ৰুহি আছে

উমানন পৱাগাৰ।।

গন্ধৰ্ৱ কটক          গোটে গোটে পড়ি

       আগতে মৰিয়া যাই।

তৃষ পাইকৰ         হাজৰা পড়য়

       ৰঙ্গ কৰ তাকে চাই।।

ৰত্ন কৰ গোট               আগতে পৰয়,

       আনন্দ কৰ অধিক।

সকলে কটক         পাৰিয়া নিলেক

       উমানন পৱা কিক।।

শিলাঞ্চাৰ গড়        ভাঙ্গিয়া কটক

       ইটাৰ গড় গড় খসাই।

তথাপি নিসাৰে       আছ কেনে ভাই

       অগ্নিৰ গড় নিমাই।।

কবিৰাজ চক্ৰৱৰ্তী

কবিৰাজ চক্ৰৱৰ্তীক শংকৰোত্তৰ যুগৰ শ্ৰেষ্ঠ কবি বুলি আখ্যা দিয়া হয়। তেওঁৰ প্ৰকৃত নাম আছিল ৰানমাৰায়ণ চক্ৰৱৰ্তী। তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ শাসনকালত আহোম ৰাজসভাৰ ৰাজকবি আছিল। তেওঁৰ পাণ্ডিত্যৰ বাবেই কবিৰাজ উপাধি লাভ কৰিছিল বুলি জনা যায়। কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, গীতগোবিন্দ, শঙ্খচূড় বধ, শকুন্তলা, ভাস্বতী আদি গ্ৰন্থ ৰচনা কৰিছিল।

কবিৰাজ চক্ৰৱৰ্তীয়ে তেওঁৰ গ্ৰন্থসমূহত দীঘলীয়া ৰাজ প্ৰশস্তি দাঙি ধৰিছে, তাৰ লগতে তেওঁ আত্ম পৰিচয়ো দাঙি ধৰিছে। ‘ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ’ত তেওঁ কৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে বৰ্ণনা দাঙি ধৰাৰ লগতে কৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ কথাও বৰ্ণনা কৰিছে। এই গ্ৰন্থত তেওঁ অতি দক্ষতাৰে উপমাৰ জড়িয়তে ৰাধা-কৃষ্ণৰ সৌন্দৰ্যৰ বিৱৰণ দাঙি ধৰিছে। সেইদৰে প্ৰাকৃতিক দৃশ্যৰাজিৰ বৰ্ণনাতো তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। মদাৰ, চম্পা, আম, চন্দন, খেজুৰ, ডালিম, কল, বেল, তেতেলী, ডিমৰু, মল্লিকা, মাধৱী, মালতী, কেতেকী, যুতি আদি ফল-ফূলৰ উল্লেখে কাব্যখন আৰু অধিক মোহময় কৰি তুলিছে।

‘শঙ্খচূড় বধ’ত আছে শঙ্খচূড় আৰু সতী তুলসীৰ কাহিনী। কাহিনীটোৱে সতী তুলসীৰ পূৰ্ব জন্মৰ বৃত্তান্ত, শঙ্খচূড়ৰ লগত প্ৰণয়জনিত বিবাহ, শঙ্খচূড়ৰ লগত মহাদেৱৰ যুদ্ধ, ছদ্মবেশী কৃষ্ণগ দ্বাৰা তুলসীৰ সতীত্ব নাশ, শঙ্খচূড়ৰ মৃত্যু আৰু বৈকুণ্ঠত তুলসীৰ কৃষ্ণক পত্নীত্ব লাভক সামৰি লৈছে। কবিৰাজ চক্ৰৱৰ্তীয়ে এই কাহিনীভাগৰ মাজতে শালগ্ৰাম শিলৰ উত্পত্তি আৰু তুলসী গছ আৰু পাতৰ মাহাত্ম্যও বৰ্ণনা কৰিছে। ভক্তিৰ গূঢ় ৰসপূৰ্ণ তত্ত্বৰ মাজে মাজে প্ৰকাশ পাইছে শৃঙ্গাৰ ৰসৰ পাতল বৰ্ণনা।এইখন কাব্যৰ বিষয়বস্তুৰ মূল উত্স হৈছে ব্ৰহ্মবৈৱৰ্ত পূৰাণ।

মহাভাৰতৰ আদি-পৰ্বৰ কাহিনীভাগক ভিত্তি কৰি লৈ কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছে আন এখন মনোৰম কাব্য ‘শকুন্তলা’। কালিদাসৰ বিখ্যাত নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ কাহিনীভাগৰ লগত এই কাব্যৰ সাদৃশ্য বিচাৰি পোৱা যায়। এইখন কাব্যত কানকলা আখ্যান নামেৰে আন এটা কাহিনী সংযোজিত হৈছে। শকুন্তলা কাব্যৰ মেনকাই মৃগী ৰূপেৰে দুষ্ম্যন্তক কন্বৰ আশ্ৰমলৈ লৈ যোৱা, দুষ্মন্ত্যৰ ৰাজসভাত শকুন্তলা উপেক্ষিত হোৱা, অনসূয়া আৰু প্ৰিয়ম্বদা দুষ্মন্তৰ ওচৰলৈ সৈৰিন্ধ্ৰীৰ বেশত গৈ আঙুঠিৰ বিচাৰ কৰোৱা, শকুন্তলাৰ বিৰহত জৰ্জৰিত দ্যুষ্মন্তক ঋষিসকলে চন্দ্ৰকেতু আৰু কামকলাৰ কাহিনী শুনাই শান্তনা দিয়া আদিৰ বৰ্ণনাত কবিৰাজ চক্ৰৱৰ্তীৰ মৌলিকতা প্ৰকাশ পাইছে।

কবিৰাজ চক্ৰৱৰ্তীৰ আনএখন গ্ৰন্থ গীত গোবিন্দ তেওঁৰ কাব্যকৃতিৰ আন এক উজ্জ্বলতম নিদৰ্শন। জয়দেৱৰ কাব্যৰ গীতবোৰৰ অনুবাদেই হ’ল গীত-গোবিন্দ। শিৱসিংহৰ ৰাজত্বকালতে প্ৰস্তুত কৰা বুলি অনুমান কৰা এই কাব্যৰ এটি চিত্ৰৰূপো পোৱা যায়। কবিৰাজ চক্ৰৱৰ্তীৰ আটাইকেইখন কাব্যতে অলংকাৰৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায়। সেইদৰে বৰ্ণনীয় বিষয়ৰ লগত সংগতি ৰাখি উপযুক্ত শব্দচয়ন ব্যৱহাৰ কৰাতো কবিৰাজ চক্ৰৱৰ্তী পাকৈত।

কবিৰাজ চক্ৰৱৰ্তীৰ কাব্যৰ নমুনা-

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ

গোলোক বৰ্ণন

অনন্তৰে দেখিলন্ত বিৰজা তটক।

সেহি থানে দেখিলন্ত মহা বিস্ময়ক।

দেখিতে সুন্দৰ শুক্ল যেন দিব্য পট।।

মুকুতা মাণিক মণি ৰত্নৰ আকৰ

থানে থানে জন্মি আছে পৰস পাথৰ।।

কৃষ্ণ শুল্কা পীত ৰক্ত মণিৰ সঞ্চয়।

ঠাৱে ঠাৱে অনেক ৰঞ্জিয়া প্ৰকাশয়।।

দেখিতে আশ্চৰ্য্য আতি জন মনোহৰ।

কোনো থানে প্ৰকাশে অঙ্কুৰ প্ৰবালৰ।।

ব্ৰহ্মাৰো অদৃশ্য যিতো আশ্চৰ্য্য দায়ক।।

দেখি যাত হেন নিধি সম্ভৱ স্থানক।।

কোনো থানে প্ৰকাশিছে ইন্দ্ৰ নীলমণি।

কোনো থানে পদ্মৰাগ যেহেন অগনি।।

কোনো থানে মৰকত মণি বিৰাজিত।

কোনো থানে স্যামন্তক ৰুচক শোভিত।।     

এইসকল কবিৰ উপৰিও বিদ্যা পঞ্চানন, কলাপচন্দ্ৰ দ্বিজ, গোপালচৰণ দ্বিজ, কেশৱ কায়স্থ, অনন্ত কায়স্থ, লক্ষ্মীনাথ দ্বিজ আদি কবিসকলে শংকৰোত্তৰ যুগৰ অসমীয়া কাব্যজগতক বিশেষভাৱে সুশোভিত কৰি তুলিছিল।

লগতে পঢ়ক- প্ৰাক্-শংকৰী যুগৰ অসমীয়া সাহিত্য

3 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x