তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সম্বন্ধ

একাদশ ভাগ

কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সম্বন্ধ

প্রথম অধ্যায়

বিধায়িনী সম্বন্ধ বিধায়িনী ক্ষমতাৰ বিতৰণ

(২৪৫) সংসদ তথা ৰাজ্যৰ বিধান মণ্ডলসমূহৰ দ্বাৰা প্ৰণিত বিধিৰ বিস্তৃতি- (১) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, সংসদে ভাৰতৰ সম্পূৰ্ণ ৰাজ্যক্ষেত্র বা তাৰ যিকোনো ভাগৰ কাৰণে বিধি প্রণয়ন কৰিব পাৰে আৰু কোনো ৰাজ্যৰ বিধান মণ্ডলে সেই সম্পূর্ণ ৰাজ্য বা তাৰ যিকোনো ভাগৰ কাৰণে বিধি প্রণয়ন কৰিব পাৰে।

(২) সংসদৰ দ্বাৰা কৃত কোনো বিধি এই ভিত্তিত অবিধিমান্য বুলি গণ্য কৰা নহব যে ইয়াৰ প্ৰৱৰ্তন ৰাজ্য-ক্ষেত্ৰাতীত হব।

(২৪৬) সংসদৰ দ্বাৰা আৰু ৰাজ্যৰ বিধান মণ্ডল সমূহৰ দ্বাৰা প্ৰণীত বিধিৰ বিষয়বস্তু- (১) খণ্ড (২) আৰু (৩) ত যিকোনো কথা থকা সত্ত্বেও সপ্তম অনুসূচীৰ সূচী (১) ত প্রগণিত (এই সংবিধানত ‘সংঘ-সূচী’ বুলি নির্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত সংসদৰ বিধি প্রণয়ন কৰাৰ অনন্য ক্ষমতা আছে।

(২) খণ্ড (৩) ত যিকোনো কথা থকা সত্ত্বেও সংসদৰ, আৰু খণ্ড (১) ৰ সাপেক্ষে কোনো ৰাজ্যৰ বিধান মণ্ডলৰো, সপ্তম অনুসূচীৰ সূচী (৩)ত প্রগণিত (এই সংবিধানত ‘সমৱৰ্তী সূচী’ বুলি নির্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধি প্রণয়ন কৰাৰ ক্ষমতা আছে।

(৩) খণ্ড (১) আৰু (২)ৰ সাপেক্ষে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সেই ৰাজ্য বা তাৰ যিকোনো ভাগৰ কাৰণে সপ্তম অনুসূচীৰ সূচী (২) ত প্রগণিত (এই সংবিধানত ‘ৰাজ্য-সূচী’ বুলি নির্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধি প্রণয়ন কৰাৰ অনন্য ক্ষমতা আছে।

(৪) তেনে বিষয় ৰাজ্যসূচীত প্রগণিত বিষয় হোৱা সত্ত্বেও সংসদৰ কোনো ৰাজ্যৰ অন্তর্ভুক্ত নোহাৱা ভাৰতৰ-ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগ বিশেষৰ কাৰণে তেনে যিকোনো বিষয়ৰ সম্বন্ধত বিধি প্রণয়ন কৰাৰ ক্ষমতা আছে।  

(২৪৭) কিছুমান অতিৰিক্ত ন্যায়লয় স্থাপনৰ কাৰণে উপবন্ধ কৰিবলৈ সংসদৰ ক্ষমতা- এই অধ্যায়ত যিকোনো কথা থকা সত্ত্বেও, সংঘ-সূচীত প্রগণিত কোনো বিষয়ৰ সম্বন্ধত সংসদৰ দ্বাৰা প্রণীত বিধিৰ বা বিদ্যমান কোনো বিধিৰ অপেক্ষাকৃত সুপ্রশাসনৰ কাৰণে সংসদে বিধিৰ দ্বাৰা কোনো অতিৰিক্ত ন্যায়ালয় স্থাপনৰ বাবে উপবন্ধ কৰিব পাৰে।

(২৪৮) বিধি প্ৰণয়ণৰ অৱশিষ্ট ক্ষমতাসমূহ- (১) সংসদৰ সমৱৰ্ত্তী-সূচী বা ৰাজ্যসূচীত প্রগণিত নোহোৱা যিকোনো বিষয়ৰ সম্বন্ধত কোনো বিধি প্রণয়ন কৰাৰ অনন্য ক্ষমতা আছে।

(২) সেই দুয়োখন সূচীৰ কোনো খনতে উল্লেখ নথকা কোনো কৰাৰোপণ কৰিবলৈ কোনো বিধি প্রণয়ন কৰাৰ ক্ষমতাও তেনে ক্ষমতাৰ অন্তৰ্গত হব।

 (২৪৯) ৰাষ্ট্ৰীয় স্বাৰ্থত ৰাজ্য সূচীৰ কোনো বিষয়ৰ সম্বন্ধত সংসদৰ বিধি প্ৰণয়ণ কৰাৰ ক্ষমতা- এই অধ্যায়ৰ পূৰ্বগামী উপবন্ধ সমূহত যিকোনো কথা থকা সত্বেও যদি ৰাজ্য সভাত উপস্থিত থকা আৰু ভোটদান কৰা সদস্যসকলৰ অন্যুন দুই-তৃতীয়াংশৰ দ্বাৰা সমৰ্থিত সংকল্পৰ দ্বাৰা ঘোষণা কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে ৰাজ্য-সূচীত প্ৰগণিত আৰু সংকল্পত বিনিৰ্দিষ্ট কোনো বিষয় সম্পৰ্কে সংসদে বিধি প্ৰণয়ন কৰা আৱশ্যক আৰু সমীচীন, তেনেহ’লে সেই সংকল্প বলবত্ হৈ থকা সময়ত সেই বিষয় সম্পৰ্কে ভাৰতৰ সম্পূৰ্ণ ৰাজ্যক্ষেত্ৰৰ বাবে বা তাৰ কোনো অংশৰ বাবে সংসদে বিধি প্ৰণয়ন কৰাটো বিধি সংগত হ’ব।
(২) খণ্ড (১) ৰ অধীনত পাৰিত হোৱা সংকল্প তাত বিনিৰ্দিষ্ট কৰা অনুযায়ী অনধিক এবছৰ কালৰ কাৰণে বলবত থাকিবঃ
পৰন্তু, যদি আৰু যিমান বাৰ এনে কোনো সংকল্প বলবত্ ৰখাটো অনুমোদন কৰি খণ্ড(১)ত উপবন্ধিত ৰীতি অনুসৰি কোনো সংকল্প পাৰিত হয় তেতিয়া তেনে সংকল্প, যি তাৰিখৰ পৰা এই খণ্ডৰ অধীনত অন্যথা সেই সংকল্প বলবত্ থকাৰ সমাপ্তি ঘটিলহেঁতেন সেই তাৰিখৰ পৰা অবিচ্ছিন্নভাৱে আৰু এবছৰৰ কাৰণে বলবত্ থাকিব।
(৩) যি বিধি প্ৰণয়ন কৰাৰ কাৰণে খণ্ড (১)ৰ  অধীনত পাৰিত বোৱা সংকল্পৰ অবিহনে সংসদ সক্ষম নহয় তেনে বিধি যিপৰ্যন্ত অক্ষমতা থাকে সেই পৰ্যন্ত সংকল্প বলবত্ নোহোৱাৰ পিছত ছয় মাহ কালাৱধিৰ সমাপ্তিত, উক্ত কালাৱধিৰ সমাপ্তিৰ আগতে কৰা কৰ্ম বা কৰিবলৈ উপেক্ষিত কৰ্মৰ বাহিৰে আন ক্ষেত্ৰত প্ৰভাৱহীন হ’ব।
(২৫০) সংকট অৱস্থাৰ উদঘোষণা প্ৰৱৰ্তিত থকা সময়ত ৰাজ্যসূচীৰ কোনো বিষয়ত সংসদৰ বিধি প্ৰণয়ণ কৰাৰ ক্ষমতা-(১) এই ভাগত যিকোনো কথা থকা সত্বেও যি কালাৱধিত সংকট  অৱস্থাৰ উদঘোষণা প্ৰৱৰ্তিত হৈ থাকে সেই কালাৱধিত সংসদৰ ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সমগ্ৰ বা কোনো ভাগ বিশেষৰ কাৰণে ৰাজ্য-সূচীত প্ৰগণিত যিকোনো বিষয়ৰ সম্বন্ধত বিধি প্ৰণয়ন কৰাৰ ক্ষমতা থাকিব।
(২) যি বিধি প্ৰণয়ন কৰাৰ কাৰণে সংকট অৱস্থাৰ উদঘোষণাৰ অবিহনে সংসদ সক্ষম নহয় তেনে বিধি যি পৰ্যন্ত অক্ষমতা থাকে সেই পৰ্যন্ত সংকট অৱস্থা প্ৰৱৰ্তনৰ সমাপ্তি ঘটাৰ ছয় মাহ কালাৱধিৰ সমাপ্তিত উক্ত কালাৱধিৰ সমাপ্তিৰ আগতে কৰা কাৰ্য বা কৰিবলৈ উপেক্ষিত কৰ্মৰ বাহিৰে আন ক্ষেত্ৰত প্ৰভাৱহীন হ’ব।
(২৫১)অনুচ্ছেদ ২৪৯ আৰু ২৫০ ৰ অধীনত সংসদৰ দ্বাৰা কৃত বিধি আৰু ৰাজ্যিক বিধান মণ্ডলৰ দ্বাৰা কৃত বিধিৰ মাজত অসংগতি- অনুচ্ছেদ ২৪৯ আৰু ২৫০ ৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলৰ এই সংবিধানৰ অধীনত কোনো বিধি প্ৰণয়ন কৰিবলৈ থকা ক্ষমতাৰ ওপৰত নিৰ্বন্ধন আৰোপ নকৰে, কিন্তু কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত কোনো বিধিৰ কোনো উপবন্ধ যদি উক্ত যিকোনোটো অনুচ্ছেদৰ অধীনত থকা ক্ষমতাৰে সংসদৰ দ্বাৰা কৃত কোনো বিধিৰ কোনো উপবন্ধৰ বিৰুদ্ধে হয়, তেনেহ’লে সংসদৰ দ্বাৰা কৃত বিধি অভিভাৱী হ’ব- লাগিলে যি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত বিধিৰ আগতেই পাৰিত হওক বা পাচতেই পাৰিত হওক, আৰু ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত বিধি বিৰোধৰ মাত্ৰা পৰ্যন্ত, কিন্তু যেতিয়ালৈকে সংসদৰ দ্বাৰা কৃত বিধিৰ প্ৰভাৱ চলি থাকে তেতিয়ালৈকেহে, অপ্ৰৱৰ্তনীয় হ’ব।

(২৫২) সন্মতিক্ৰমে দুই বা তাতোধিক ৰাজ্যৰ কাৰণে সংসদৰ বিধি প্ৰণয়ণ কৰাৰ ক্ষমতা আৰু তেনে বিধি আন যিকোনো ৰাজ্যৰ দ্বাৰা গ্ৰহণ-  (১) যদি দুই বা ততোধিক ৰাজ্যৰ বিধান মণ্ডলৰ এইটো বাঞ্চনীয় বুলি প্ৰতীত হয় যে অনুচ্ছেদ ২৪৯ আৰু ২৫০ ত উপবন্ধিত অনুসাৰ ব্যতিৰেকে ৰাজ্য সমূহৰ কাৰণে বিধি প্ৰ ণয়ন কৰিবলৈ সংসদৰ ক্ষমতা নথকা কোনো বিষয় এনে ৰাজ্যত সংসদ কৰ্তৃক প্ৰণীত বিধিৰ দ্বাৰা বিনিয়মিত হোৱা উচিত, আৰু যদি সেই ৰাজ্যসমূহৰ বিধান মণ্ডল সমূহৰ সকলোবোৰ সদনৰ দ্বাৰা সদনৰ দ্বাৰা সেই মৰ্মে সংকল্প পাৰিত হয়, তেনেহ’লে সেই বিষয়টো তদনুসাৰে বিনিয়মিত কৰি কোনো অধিনিয়ম পাৰণ কৰাটো সংসদৰ বাবে বিধিমান্য হ’ব আৰু সেইদৰে পাৰিত যি কোনো অধিনিয়ম তেনে ৰাজ্যত প্ৰয়োগ হ’ব, আৰু আন যি ৰাজ্যই ইয়াৰ পিছত সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ দ্বাৰা অথবা য’ত দুটা সদন থাকে তাত তেনে প্ৰত্যেক সদনৰ দ্বাৰা সেই মৰ্মে পাৰিত সংকল্পৰ দ্বাৰা এনে বিধি গ্ৰহণ কৰে তেনেকুৱা যি কোনো ৰাজ্যত ই প্ৰয়োগ হ’ব।
(২) সংসদে পাৰিত কৰা এনে কোনো বিধি অনুৰূপ ৰীতিৰে পাৰিত বা গৃহীত সাংসদৰ কোনো বিধিৰ দ্বাৰা সংশোধিত বা নিৰসিত হ’ব পাৰে, কিন্তু এনে বিধি প্ৰয়োগ হোৱা কোনো ৰাজ্যৰ সম্বন্ধত সেই ৰাজ্যৰ বিধান মণ্ডলৰ কোনো বিধিৰ দ্বাৰা সংশোধিত বা নিৰসিত হ’ব নোৱাৰিব।
(২৫৩) আন্তঃৰাষ্ট্ৰীয় কৰাৰসমূহ প্ৰভাৱী কৰিবৰ অৰ্থে বিধান- এই অধ্যায়ৰ পূৰ্বগামী উপবন্ধ সমূহত যিকোনো কথা থকা সত্বেও অন্য কোনো দেশ বা দেশসমূহৰ লগত থকা কোনো সন্ধি কৰাৰ বা সংকল্পন(কনভেঞ্চন) অথবা কোনো আন্তৰাষ্ট্ৰীয় সন্মিলন, সংস্থা বা  আন কোনো নিকায়ত কৰা বিনিশ্চয় কাৰ্যান্বয়ন কৰিবৰ নিমিত্তে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ বা কোনো অংশ বিশেষৰ কাৰণে সংসদৰ বিধি প্ৰণয়ন কৰাৰ ক্ষমতা আছে।
(২৫৪) সংসদৰ দ্বাৰা কৰা বিধি আৰু ৰাজ্যিক বিধান মণ্ডলৰ দ্বাৰা কৰা বিধিৰ মাজত অসংগতি- (১) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ কোনো উপবন্ধ যদি সংসদৰ দ্বাৰা প্ৰণীত এনে কোনো বিধিৰ উপবন্ধৰ লগত যি বিধি অধিনিয়মিত কৰিবলৈ সংসদ অক্ষম হয়, অথবা সমৱৰ্তী-সূচীত প্ৰগণিত বিষয় সমূহৰ কোনোটোৰ সম্বন্ধত থকা কোনো বৰ্তমান বিধিৰ কোনো উপবন্ধৰ লগত বিৰোধ হয়, তেনেহ’লে খণ্ড(২)ৰ উপবন্ধ সমূহৰ সাপেক্ষে যথাস্থিতি সংসদৰ দ্বাৰা প্ৰণীত বিধি, লাগিলে এনে ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰমীত বিধিৰ আগতেই পাৰিত হওক বা পাছতেই হওক, অথবা বৰ্তমান বিধি, অভিভাৱী হ’ব; আৰু ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধি বিৰোধৰ মাত্ৰা পৰ্যন্ত বাতিল হ’ব।
(২) যেতিয়া নেকি সমৱৰ্তী সূচীত প্ৰগণিত কোনো বিষয়ৰ সম্বন্ধত কোনো ৰাজ্।ৰ বিধান মণ্ডলে কৰা বিধিত এনে কোনো  উপবন্ধ থাকে যিটোনেকি সংসদে আগতে কৰা কোনো বিধিৰ উপবন্ধৰ লগত বা তেনে বিষয়ৰ সম্বন্ধত থকা কোনো বৰ্তমান বিধিৰ উপবন্ধৰ লগত বিৰোধ হয়, তেতিয়া যদি তেনে ৰাজ্যৰ বিধান মণ্ডলে কৰা বিদি ৰাষ্ট্ৰপতিৰ বিচাৰৰ কাৰণে ৰক্ষিত হৈছিল আৰু তেখেতৰ অনুমতি পাইছিল তেতিয়াহ’লে সেইদৰে কৃত বিধি সেই ৰাজ্যত অভিভাৱী হ’ব।
পৰন্তু, এি উপবন্ধৰ কোনো কথাই ৰাজ্যৰ বিধান মণ্ডলে কৰা তেনে বিধিৰ পৰিবৰ্ধন, সংশোধন, সালসলনি বা নিৰসনকে অন্তৰ্গত কৰি তেনে বিষয়ৰ সম্বন্ধত কোনো সময়ত কোনো বিধি অধিনিয়মিত কৰাৰ পৰা সংসদক নিবাৰণ কৰিব নোৱাৰিব।
(২৫৫) চুপাৰিছ আৰু পূৰ্ব মঞ্জুৰীৰ প্ৰয়োজনীয়তাত কেৱল প্ৰক্ৰিয়াৰ বিষয় বুলি ধৰা হব- যদি সংসদৰ অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো অধিনিয়মত-
(ক) য’ত ৰাজ্যপালৰ চুপাৰিছ লগা হয় তাত ৰাজ্যপালে বা ৰাষ্ট্ৰপতিয়ে;
(খ) য’ত ৰাজ্যপ্ৰমুখৰ চুপাৰিছ লগা হয় তাত ৰাজপ্ৰমুখ বা ৰাষ্ট্ৰপতিয়ে;
(গ) য’ত ৰাষ্ট্ৰপতিৰ চুপাৰিছ অথবা পূৰ্বমঞ্জুৰী লগা হয় তাত ৰাষ্ট্ৰপতিয়ে;
অনুমতি দিছে তেনেহ’লে এনে অধিনিয়ম বা এনে অধিনিয়মৰ কোনো উপবন্ধ কেৱল এই বুলি অবিধিমান্য নহ’ব যে এই সমবিধানৰ মতে দিবলগীয়া চুপাৰিছ দিয়া হোৱা নাই বা পূৰ্বমঞ্জুৰী পোৱা নাই।

 

দ্বিতীয় অধ্যায়

প্ৰশাসনীয় সম্বন্ধ

সাধাৰণ

(২৫৬) ৰাজ্যসমূহৰ আৰু সংঘৰ বাধ্যবাধকতা- প্ৰত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এনেভাবে প্ৰয়োগ কৰিব যাতে সংসদে কৰা বিধিৰ আৰু সেই ৰাজ্যত প্ৰয়োগ কৰা বিদ্যমান বিধিৰ পালন নিশ্চিত কৰে আৰু সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যৰ প্ৰতি এনে নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব যিটোনেকি সেই প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰে আৱশ্যকীয় বোধ কৰে।

(২৫৭) কোনো কোনো বিষয়ত ৰাজ্যসমূহৰ ওপৰত সংঘৰ নিয়ন্ত্ৰণ- (১) প্রত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এনে ভাবে প্ৰয়োগ কৰিব যাতে, সংঘৰ কাৰ্যপালিকা ক্ষমতা প্ৰয়োগত প্রতিবন্ধক নঘটায় বা প্রতিকূল প্ৰভাৱ নেপেলায় আৰু সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যৰ প্ৰতি এনে নির্দেশ দিয়ালৈকে বিস্তৃত হব যিটোনেকি সেই প্রয়োজনৰ বাবে ভাৰত চৰকাৰে আৱশ্যকীয় বোধ কৰে।

(২) সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যক এনে কোনো যোগাযোগ ব্যৱস্থাৰ নির্মাণ আৰু প্ৰতিপালন কৰিবলৈ নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব যিবিলাকনেকি সেই নির্দেশত ৰাষ্ট্ৰীয় বা সামৰিক গুৰুত্ব থকা বুলি ঘোষিত হয়।

পৰন্তু, এই খণ্ডৰ কোনো কথাই ৰাজপথ বা জলপথ সমূহক ৰাষ্ট্ৰীয় ৰাজপথ বাৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰাত সংসদৰ ক্ষমতা বা তেনেকৈ ঘোষিত ৰাজপথ বা জলপথৰ সম্বন্ধত সংঘৰ ক্ষমতা অথবা নৌবাহিনী, স্থলবাহিনী আৰু বিমানবাহিনীৰ কর্মশালা সম্বন্ধীয় কৃত্যৰ অংশ বুলি ভাবি যোগাযোগ ব্যৱস্থাৰ নিৰ্মাণ আৰু প্ৰতিপালন কৰাত সংঘৰ ক্ষমতাৰ নিবন্ধন কৰা বুলি ধৰা নহব।

(৩) সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যৰ ভিতৰত থকা ৰেলপথ ৰক্ষা কৰাৰ কাৰণে অৱলম্বন কৰিবলগীয়া ব্যৱস্থাৰ নিমিত্তে ৰাজ্যখনৰ প্রতি নির্দেশ দিয়ালৈকে বিস্তৃত হব।

(৪) খণ্ড (২) ৰ অধীনত কোনো যোগাযোগ ব্যৱস্থা নির্মাণ বা প্রতিপালন সম্পর্কে বা খণ্ড (৩) ৰ অধীনত কোনো ৰেলপথৰ ৰক্ষা কৰাত অৱলম্বন কৰিবলগীয়া ব্যৱস্থা সম্পর্কে ৰাজ্যৰ প্ৰতি দিয়া নির্দেশ পালন কৰোতে তেনে নির্দেশ নিদিয়াহেঁতেন ৰাজ্যৰ সাধাৰণ কৰ্ত্তব্য নিৰ্বহনত হবলগীয়া খৰচতকৈ যদি অতিৰিক্ত খৰচ হয় তেনেহলে সেই ৰাজ্যৰ দ্বাৰা কৰা অতিৰিক্ত খৰচৰ সম্বন্ধত সন্মত হোৱা অনুসাৰে বা সন্মতৰ অভাবত ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা নিযুক্ত মধ্যস্থৰ দ্বাৰা যথা নিৰ্ধাৰিত পৰিমাণ ভাৰত চৰকাৰৰ দ্বাৰা সেই ৰাজ্যক দিয়া হব।

 (২৫৭) (ক) সংঘৰ সশস্ত্র বাহিনী বা অন্যান্য বাহিনী নিয়োগৰ দ্বাৰা ৰাজ্যসমুহলৈ সাহায্য- নিৰসিত

 (২৫৮) কোনো কোনো বিষয়ত ৰাজ্যৰ ওপৰত ক্ষমতা আদি প্ৰদান কৰিবলৈ সংঘৰ ক্ষমতা-

( ১) এই সংবিধানত যি কোনো কথা থকা সত্ত্বেও ৰাষ্ট্রপতিয়ে কোনো ৰাজ্যৰ চৰকাৰৰ সন্মতিক্রমে সংঘৰ কাৰ্যপালিকা ক্ষমতাৰ বিস্তাৰ থকা কোনো বিষয় সম্পর্কীয় কৃত্য সমূহ কোনো চৰ্তসহ বা বিনাচৰ্তে সেই চৰকাৰৰ ওপৰত বা তাৰ পদাধিকাৰীসকলৰ ওপৰত ন্যস্ত কৰিব পাৰে।

(২) কোনো ৰাজ্যৰ প্রযোজ্য সংসদৰ দ্বাৰা কৃত কোনো বিধিয়ে, তেনে বিধি সেই ৰাজ্যৰ বিধান মণ্ডলে বিধি প্রণয়ন কৰাৰ ক্ষমতা নথকা কোনো বিষয় সম্পর্কীয় হোৱা সত্ত্বেও সেই ৰাজ্যৰ বা তাৰ পদাধিকাৰী সকলৰ বা প্রাধিকাৰী সমূহৰ ওপৰত ক্ষমতা প্রদান আৰু কৰ্ত্তব্য আৰোপণ কৰিব পাৰে অথবা ক্ষমতা প্রদানৰ আৰু কৰ্তব্য আৰোপণৰ বাবে প্ৰাধিকৃত কবিৰ পাৰে।

(৩) য’ত এইঅনুচ্ছেদৰ আধাৰত কোনো ৰাজ্যৰ বা ইয়াৰ পদাধিকাৰীসকলৰ বা প্রাধিকাৰী সমূহৰ ওপৰত ক্ষমতা আৰু কৰ্ত্তব্য প্রদান বা আৰোপণ কৰা হয় তেতিয়া সেই ৰাজ্যৰ দ্বাৰা সেইক্ষমতা আৰু কৰ্ত্তব্য সমূহ প্ৰয়োগৰ সম্পৰ্কত প্রশাসনত কৰা কোনো অতিৰিক্ত খৰচৰ সম্বন্ধত সন্মত হোৱা অনুসাৰে বা সন্মতৰ অভাৱত ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে নিযুক্ত কৰা মধ্যস্থৰ দ্বাৰা যথা নিৰ্ধাৰিত পৰিমাণৰ ধনৰাশি ভাৰত চৰকাৰৰ দ্বাৰা সেই ৰাজ্যক দিয়া হব।  

(২৫৮)(ক) সংঘৰ ওপৰত কৃত্যসমূহ ন্যস্ত কৰিবলৈ ৰাজ্যসমূহৰ ক্ষমতা-  এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও, ভাৰত চৰকাৰৰ সন্মতি ক্রমে কোনো ৰাজ্যৰ ৰাজ্যপালে, ভাৰত চৰকাৰক বা তাৰ পদাধিকাৰীসকলক, ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত যিকোনো বিষয় সম্বন্ধীয় কৃত্যসমূহ, চৰ্ত্তসহ বা বিনাচৰ্ত্তে ন্যস্ত কৰিব পাৰে।

(২৫৯) নিৰসিত।

(২৬০) ভাৰতৰ বাহিৰৰ ৰাজ্যক্ষেত্ৰ সম্পৰ্কে সংঘৰ ক্ষেত্ৰাধিকাৰ- ভাৰতৰ ৰাজ্যক্ষেত্ৰত অন্তর্ভুক্ত নোহোৱা কোনো ৰাজ্যক্ষেত্ৰৰ চৰকাৰৰ লগত সম্পাদিত হোৱা কোনো কৰাৰৰ দ্বাৰা তেনে ৰাজ্যক্ষেত্ৰৰ চৰকাৰৰ ওপৰত নিহিত থকা কাৰ্যপালিকা, বিধায়িনী বা ন্যায়িক কৃত্য সমূহ ভাৰত চৰকাৰে গ্ৰহণ কৰিব পাৰে, কিন্তু এনে প্রত্যেক কৰাৰ সেইসময়ত বলবত্ থকা বিদেশী ক্ষেত্ৰাধিকাৰ প্ৰয়োগ সম্পর্কীয় কোনো বিধি সাপেক্ষে আৰু তেনে বিধিৰ দ্বাৰা শাসিত হব।

(২৬১) সাৰ্বজনিক কাৰ্য, অভিলেখ আৰু ন্যায়িক কাৰ্যবাহীসমূহ- (১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ সংঘৰ আৰু প্রত্যেক ৰাজ্যৰ সার্বজনিক কাৰ্য্য, অভিলেখ আৰু ন্যায়িক কাৰ্য্যবাহী সমূহৰ প্রতি পূর্ণ বিশ্বাস আৰু প্রত্যয় ৰাখিব লাগিব।

(২) খণ্ড (১) ত নির্দেশিত কাৰ্য্য, অভিলেখ আৰুকাৰ্য্যবাহীসমূহ কি ৰীতিৰে আৰু কি কি চৰ্ত্তৰ অধীনত প্রমাণিত কৰিব লাগিব আৰু তাৰ ফলাফল নির্ধাৰিত কৰিব লাগিব সেইটো সংসদ দ্বাৰা কৃত বিধিৰ দ্বাৰা যথা উপবন্ধিত অনুসাৰে হব।

(৩) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশৰ চিভিল ন্যায়ালয়ে প্রদান কৰা বা দিয়া চূড়ান্ত নির্ণয় বা আদেশ সেইৰাজ্যক্ষেত্ৰৰ ভিতৰত যিকোনো ঠাইতে বিধি অনুসাৰে নিষ্পাদন যোগ্য হব।

পানী সম্পৰ্কীয় বিবাদ

(২৬২) আন্তঃৰাজ্যিক নদী বা উপত্যকাৰ পানী সম্পৰ্কে বিবাদৰ ন্যায় নিৰ্ণয়- (১)কোনো অন্তঃৰাজ্যিক নদীৰ বা নদীত অথবা নদী উপত্যকাৰ বা নদী উপত্যকাত পানীৰ ব্যৱহাৰ, বিতৰণ বা নিয়ন্ত্রণ সম্বন্ধে কোনো বিবাদ বা গোচৰৰ ন্যায় নির্ণয়ৰ কাৰণে সংসদে বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে।

(২) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে যে খণ্ড (১) ত নির্দেশিত এনে বিবাদ বা গোচৰ সম্বন্ধে উচ্চতম ন্যায়ালয়ে নাইবা আন কোনো ন্যায়ালয়ে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ নকৰিব।

ৰাজ্যসমূহৰ মাজত সমন্বয়

 (২৬৩) আন্তঃৰাজ্যিক পৰিষদ সম্বন্ধে উপবন্ধাৱলী- যদি কোনো সময়ত ৰাষ্ট্ৰপতিৰ এইটো প্রতীত হয় যে এনে এক পৰিষদ স্থাপনৰ দ্বাৰা সার্বজনিক স্বার্থ পূর্ণ হব যাৰ ওপৰত–

(ক) বিভিন্ন ৰাজ্যৰ মাজত উদ্ভৱ হব পৰা বিবাদৰ বিষয়ত পৰি-প্রশ্ন কৰা আৰু তাৰ ওপৰত মন্ত্রণা দিয়াৰ;

(খ) কেইখন মান বা সকলো ৰাজ্যৰ বা সংঘ আৰু এখন বা ততোধিক ৰাজ্যৰ একে স্বার্থ থকা বিষয়ৰ অনুসন্ধান কৰা আৰু আলোচনা কৰাৰ; অথবা

(গ) এনে কোনো বিষয়ৰ ওপৰত চুপাৰিছ কৰাৰ আৰু বিশেষকৈ সেই বিষয়ৰ সম্বন্ধত নীতি আৰু কাৰ্য্যৰ অধিক সমন্বয়ৰ বাবে চুপাৰিছ কৰাৰ ভাৰ থাকে, তেনেহলে ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা তেনে পৰিষদ স্থাপন কৰা আৰু ইয়াৰ দ্বাৰা পালন কৰিবলগীয়া কৰ্তব্যৰ ধৰণ আৰু ইয়াৰ সংগঠন আৰু প্রক্রিয়া পৰিভাষিত কৰাটো বিধি সংগত হব।

2 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x