আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগে বিদ্যুৎ বিভাগক আদায় দিয়া নাই ১০৬ কোটি টকাৰ বিদ্যুৎ মাচুল। এই বিষয়ে নিমাত চৰকাৰী বিষয়া-কৰ্মচাৰীক ৩০ জুনৰ ভিতৰত মাচুল আদায়ৰ প্ৰমাণপত্ৰ জমা দিবলৈ নিৰ্দেশ। অন্যথা কৰ্তন হ’ব দৰমহা।

২) ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ পাছত মুখ্যমন্ত্ৰীৰ ঘোষণা- ৰাজ্যত ২১ৰ পৰা ৩০ জুনলৈ দৈনিক ৩ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন। ২০০০ টিকাকৰণ কেন্দ্ৰত গ্ৰামাঞ্চলত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ আৰু চহৰাঞ্চলত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ হ’ব টিকাকৰণ। ১ জুলাইৰ পৰা খোলা হ’ব চৰকাৰী কাৰ্যালয়।

৩) হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বিকল্প মূল্যায়নৰ বাবে ড০ অলক কুমাৰ বুঢ়াগোহাঁই আৰু ড০ দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত দুখন শক্তিশালী কমিটি গঠন কৰা হৈছে। ইতিমধ্যে কমিটি দুখনৰ প্ৰথম দুখন বৈঠক সম্পন্ন হৈছে।

৪) যোৱা এবছৰে বন্ধ হৈ থকা অসমৰ লিডু-মাৰ্ঘেৰিটাৰ কয়লা উদ্যোগটো পুনৰ জীয়াই তোলাৰ বাবে দিল্লীত অচিৰেই আৰম্ভ হ’ব বন, পৰিৱেশ, কয়লা মন্ত্ৰালয়ৰ সৈতে আলোচনা- মাৰ্ঘেৰিটা ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ৩৫৭১ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৯৯ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৪০ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. তেলেংগানাই প্ৰত্যাহাৰ কৰিলে লকডাউন- শনিবাৰে তেলেংগানা কেবিনেটে লোৱা এটা সিদ্ধান্ত মৰ্মে ৰাজ্যখনত কৰোণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে ঘোষণা কৰা লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজ্যখনত ২০ মেৰ পৰা নাথাকিব কোনো লকডাউন। ৰাজ্যখনৰ চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞসকলে ৰাজ্য চৰকাৰক জনোৱা মতে, তেলেংগানাত কৰোণা ভাইৰাছৰ নতুন সংক্ৰমণৰ সংখ্যা আৰু পজিটিভিটি হাৰ সাংঘাটিকভাৱে কমি আহিছে আৰু ৰাজ্যখনত বৰ্তমান ৰোগটো নিয়ন্ত্ৰণত আছে। বিষয়া সকলৰ এনে সেউজ সংকেতৰ বাবেই ৰাজ্যখনৰ পৰা লকডাউন প্ৰত্যাহাৰ কৰা হৈছে বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ উপৰিও চৰকাৰে ১ জুলাইৰ পৰা ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰা হব বুলি ঘোষণা কৰিছে।

২. ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হ’ব পাৰে ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ- দেশৰ বিভিন্ন স্থানৰ পৰা ক’ভিড বিধি ভংগৰ বাতৰি আহি থকাৰ সময়তে এমইছৰ পৰিচালক গুলেৰিয়াই শনিবাৰে দেশৰ জনসাধাৰণক সতৰ্ক কৰি দিছে যে, যদিহে ক’ভিডৰ সম্পৰ্কীয় যথাযথ আচৰণ বিধি পালন নকৰে। তেনেহ’লে দেশত ৬ পৰা ৮ সপ্তাহৰ ভিতৰতে ক’ভিড-১৯ ৰ তৃতীয় ঢৌৱে সংসাৰ সৃষ্টি কৰিবহি পাৰে। তেওঁৰ মতে, টিকাকৰণ অভিযানক ত্বাৰান্বিত কৰিলেহে আমি ইয়াৰ পৰা কিছু পৰিমাণে হাত সৰাৰ সম্ভাৱনা আছে।

৩. জম্মু-কাশ্মীৰৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰিবলৈ জম্মু-কাশ্মীৰৰ ১৪ জন নেতাত দিল্লীলৈ আমন্ত্ৰণ প্ৰধান মন্ত্ৰী মোদীৰ। ২০১৯ চনত জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন পাছত প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে আলোচনাৰ বাবে আগবাঢ়িছে। পূৰ্বৰ জম্মু কাশ্মীৰৰ ৪ জন মুখ্যমন্ত্ৰী সহ মুঠ ১৪ নেতাৰ সৈতে হব লগা এই বৈঠকখনত প্ৰধান মন্ত্ৰীয়ে অধ্যক্ষতা কৰিব বুলি জানিব পৰা গৈছে। অহা ২৪ জুনত অনুষ্ঠিত হব লগা এই বৈঠকখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেইবাজনো কেন্দ্ৰীয় নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

৪. দিল্লীত কমিবলৈ আৰম্ভ কৰিছে কৰোণা ভাইৰাছৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ১৩৫ জন আক্ৰান্ত আৰু ৭ জনৰ মৃত্যু। এই সংখ্যা যোৱা ১ এপ্ৰিলৰ পৰা আটাইতকৈ কম বুলি জানিব পৰা গৈছে। আনহাতে দেশলৈ আহিব পৰা ক’ভিডৰ তৃতীয় ঢৌক লৈ সষ্টম হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালৰ সৈতেও এই বিষয়ত আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে।

৫. ইংলেণ্ডৰ ছাউডাম্পটনত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দ্বিতীয় দিনা ভাৰতীয় দলৰ মন্থৰ আৰম্ভণি। নিউজিলেণ্ডৰ বিৰুদ্ধে টছত হাৰি ভাৰতীয় দলটোৱে বেটিংৰ আমন্ত্ৰণ পায়। ১৯ তাৰিখে দিনটোৰ সামৰণিত ভাৰতীয় দলে ৩ উইকেটত ১৪৬ ৰাণ সংগ্ৰহ কৰিছে। আৰু অধিনায়ক ক’হলিয়ে ৪৬ আৰু আজিংক ৰাহানেই ২৯ ৰাণ কৰি বেটিং কৰি আছে।

উত্স: দা হিন্দু

আন্তঃৰাষ্ট্ৰীয়

১. ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা- যোৱা ১৮ জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে। নিৰ্বাচনৰ ফলাফল অনুসৰি ৬২ শতাংশ ভোটেৰে ইব্ৰাহিম ৰাইছিয়ে জয়লাভ কৰিছে। তেওঁ বৰ্তমান ইৰাণৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। কৰোণা মহামাৰীৰ জটিল পৰিস্থিতিৰ মাজত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মাত্ৰ ৪৮.৮ শতাংশ ভোটাৰেহে ভোটদান কৰে। আৰু জনসাধাৰণৰ মাজত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনক লৈ বিশেষ উৎসাহ পৰিলক্ষিত হোৱা নাই।

২. ম্যানমাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত উদ্বিগ্ন ৰাষ্ট্ৰসংঘ- যোৱা ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে ম্যানমাৰত সংঘটিত হোৱা সামৰিক অভ্যুথানে দেশখনলৈ কাল অমানিশা নমাই আনিছে। ম্যানমাৰৰ বাবে নিযুক্ত ৰাষ্ট্ৰসংঘৰ বিশেষ দূতগৰাকীয়ে বুধবাৰে কয় যে, ম্যানমাৰৰ অৱস্থা একেবাৰেই অশান্ত। যদিহে সঠিক সময়ত ব্যৱস্থা লোৱা নাযায় তেনেহ’লে দেশখনত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। সেয়ে দূত গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক ম্যানমাৰ সম্পৰ্কত সময়োপযোগী ব্যৱস্থা হাতত লবলৈ অনুৰোধ জনাইছে। বৰ্তমান দেশখনৰ প্ৰত্যেকখন চহৰতেই এই সামৰিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে। আনহাতে, আং চান চ্যু কিকে আদি কৰি সকলো গণতান্ত্ৰিক নেতাকেই সামৰিক চৰকাৰ খনে গৃহ বন্দী কৰি ৰাখিছে।

৩. ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এইবাৰ ভেকচিন বিতৰ্ক- যোৱা শুক্ৰবাৰে পেলাষ্টাইনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে, তেওঁলোকে ইজৰাইলৰ সৈতে হোৱা ভেকচিন যোগানৰ চুক্তিটো বাতিল কৰিছে। কাৰণ প্ৰাৰম্ভিক পৰ্যায়ত যোগান ধৰা ভেকচিনসমূহ পৰীক্ষা কৰি তেওঁলোকে গম পাইছে যে, এি ভেকচিনবোৰ ম্যাদ কিছুদিনৰ ভিতৰতে উকলিব। আনহাতে, ইজৰাইলে এই সংক্ৰান্তত কয় যে, তেওঁলোকে যোগান ধৰিব লগা ভেকচিন একেবাৰেই সুৰক্ষিত। আৰু তেওঁলোকে এই প্ৰদান কৰিবলৈ যথেষ্ট সময়ো হাতত পাব। জুলাই আৰু আগষ্ট মাহতহে এই ভেকচিনবোৰৰ ম্যাদ উকলিব।

৪. ব্ৰাজিলত কৰোণাৰ কালৰূপ–ব্ৰাজিলত কৰোণা মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই অতি শীঘ্ৰেই ৫,০০,০০০ ঘৰ অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। শুকুৰবাৰে পোৱা স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ব্ৰাজিলত বৰ্তমানলৈকে ১৭,৮০১,৪৬২ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত ৪৯৮,৪৯৯ জন লোকৰ মৃত্যু হৈছে, যি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে আটাইতকৈ বৃহৎ চৰকাৰী মৃত্যুৰ সংখ্যা। যোৱা সপ্তাহৰে পৰা, ব্ৰাজিলত প্ৰতিদিনে গড়ে ২,০০০ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ব্ৰাজিলৰ এই দুৰৱস্থাৰ মূল কাৰণ হিচাপে, বিশেষজ্ঞ সকলে লেহেমীয়া ভেকচিন অভিযান আৰু চৰকাৰে সামজিক দূৰত্ব সম্বন্ধীয় নীতি-নিয়মবোৰ কঠোৰ ভাৱে পালন নকৰা কথাটোক চিনাক্ত কৰিছে।

৫. ইউৰো কাপ ২০২০- ইউৰো কাপত আজিৰ খেল স্পেইন বনাম পোলেণ্ড, ইটালী বনাম ৱেলছ আৰু ছুইজাৰলেণ্ড বনাম টুৰ্কী। কালি অনুষ্ঠিত হৈ যোৱা হাংগাৰী বনাম ফ্ৰান্স খেলখন ১-১ গলৰে ড্ৰ’ হয় আনহাতে, পৰ্টুগাল বনাম জাৰ্মানী খেলখনত ২-৪ গ’লৰ ব্যৱধানত জাৰ্মানী জয়ী হয়।

উত্স: বিবিচি ৱৰ্ল্ড নিউজ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x