তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

লক্ষ্মীনাথ বেজবৰুৱা – জীৱন আৰু কৰ্মৰাজি

(লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া ভাষা-সাহিত্যৰ এজন বাটকটীয়া। বেজবৰুৱাৰ হাততেই জন্ম লাভ কৰিছিল অসমীয়া গল্প সাহিত্যই। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটি লেখা)

এবাৰ শ্বিলঙত লগ পাওঁতে দদাশহুৰ ৰবীন্দ্ৰনাথ ঠাকুৰে ভতিজা জোঁৱাই লক্ষ্মীনাথ বেজবৰুৱাক আক্ষেপ কৰি কৈছিল- ‘তুমিয়েইতো অসমক বাহিৰ কৰি নি বাংলা ভাষাৰ পৰিসৰ কমাই দিলা। কিতাপ লিখি ছপা কৰাবলৈ গ্ৰন্থাকাৰসকলৰ উৎসাহনো ক’ত থাকিবগৈ ?’ ৰবীন্দ্ৰনাথৰ উক্ত কথাষাৰৰ পৰাই অনুমান কৰিব পাৰি বেজবৰুৱাদেৱৰ অসমীয়া জাতি আৰু ভাষা-সাহিত্যলৈ অৱদান কিমান! ব্যৱসায়ৰ সূত্ৰে জীৱনৰ প্ৰায় বেছি ভাগ সময় তেওঁ  অসমৰ বাহিৰতেই পাৰ কৰিছিল যদিও তেওঁৰ মনটো যেন সদায়েই অসমৰ মনোমোহা পাহাৰ নদী, জান-জুৰি আৰু গাঁও-ভুইৰ মাজতেই বিচৰণ কৰি ফুৰিছিল। সততেই বাংলা আৰু ইংৰাজী ভাষাৰে জীৱনচৰ্যা চলাই নিয়া বেজবৰুৱাই উচ্চস্বৰে কৈছিল স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ মাতৃভাষা। আৰু সেই কথাকেই সৰোগত কৰি বেজবৰুৱাই আধুনিক অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো ভাগতেই অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। আহকচোন এইজনা মহান অসমীয়াৰ জীৱন আৰু সাহিত্যৰাজিৰ বিষয়ে কিছু বহলাই আলোচনা কৰোঁ।

জন্ম আৰু বংশ পৰিচয়

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল অসমৰ বিখ্যাত ৰাজবৈদ্য বেজবৰুৱা বংশত। তেওঁলোকৰ উপৰি পুৰুষৰ নাম আছিল কলিবৰ। তেওঁ শাস্ত্ৰবিদ্যাত পাৰ্গত এজন কনৌজ দেশীয় ব্ৰাহ্মণ আছিল। তেওঁ আয়ুৰ্বেদ শাস্ত্ৰত  বিশেষভাৱে পাৰ্গত হোৱাৰ বাবে স্বৰ্গদেউ জয়ধ্বজ সিংহই তেওঁক বেজসকলৰ প্ৰধান বেজবৰুৱা পাতিলে। সেই কলিবৰ বেজবৰুৱাৰে বংশধৰ দীননাথ বেজবৰুৱাৰ পুত্ৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পূৰ্বপুৰুষ সকলৰ দৰেই বজবৰুৱাৰ পিতৃ  দীননাথ বেজবৰুৱাও আহোম ৰজা পুৰন্দৰ সিংহৰ ব্যক্তিগত চিকিৎসক আছিল। পাছলৈ অসমত ৰাজশাসনৰ অন্ত পৰাত তেওঁ ইংৰাজ চৰকাৰৰ অধীনত মুন্সীফ, এক্সট্ৰা এছিচটেন্ট কমিছনাৰ আদি পদত নিযুক্ত হৈছিল। দীননাথ বেজবৰুৱাৰ দুগৰাকী পত্নী আছিল। লক্ষ্মীনাথ দীননাথ বেজবৰুৱাৰ দ্বিতীয় গৰাকী পত্নী থানেশ্বৰী বেজবৰুৱানীৰ সন্তান আছিল। দীননাথ বেজবৰুৱাৰ মুঠ তেৰজন পুত্ৰ সন্তানৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পঞ্চম আছিল বুলি জনা যায়।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ চন-তাৰিখ সম্পৰ্কত কিছু বিতৰ্ক আছে। তেখেতে আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ত লিখা মতে, তেখেতৰ জন্ম পত্ৰিকা পাবলৈ নাই, সেইখন তেখেতে চাবলৈ পোৱাৰ আগতেই জুইত পৰি নষ্ট হৈ গৈছে। তেখেতে নিজৰ জন্মৰ সম্পৰ্কত অনুমান কৰি কৈ গৈছে যে, তেখেতৰ জন্ম ১৮৬৮ চনৰ নবেম্বৰ মাহত। কিন্তু বৰ্তমান বিভিন্ন গৱেষকে চলোৱা গৱেষণাৰ অন্তত তেখেতৰ জন্মৰ সময় ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলিহে নিশ্চিত হৈছে।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান সম্পৰ্কেও এটা আমোদজনক কাহিনী আছে। তেখেত আনবোৰ সাধাৰণ মানুহৰ দৰে ভূমিস্থ হোৱা নাছিল, তেখেত ‘নৌকাস্থ’হে হৈছিল বুলি নিজৰ আত্মজীৱনীত উল্লেখ কৰি গৈছে। কাহিনীটো এনেধৰণৰ- মুন্সিফ দীননাথ বেজবৰুৱাই নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ সপৰিয়ালে নাৱেৰে যাত্ৰা কৰিছে। সেই যাত্ৰাপথতেই তেওঁলোকে নগাঁৱৰ ওচৰৰ আহত গুৰি চাপৰিত ৰাতিটোৰ বাবে জিৰণি লৈছে। সেইসময়ত দীননাথ বেজবৰুৱাৰ দ্বিতীয়া পত্নী থানেশ্বৰী গৰ্ভৱতী আছিল আৰু সেই সন্ধিয়াই নাৱৰ বুকুতেই লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। সেয়ে তেওঁ নিজকে ভূমিস্থ হোৱাৰ সলনি নৌকাস্থ হৈছিল বুলিহে ক’বলৈ ভাল পাইছিল। আনহাতে, লক্ষ্মী পূৰ্ণিমাৰ জোনাক ৰাতি তেওঁৰ জন্ম হৈছিল বাবেই তেওঁৰ নামটো লক্ষ্মীনাথ ৰখা হৈছিল বুলিও তেওঁ উল্লেখ কৰি গৈছে।

বেজবৰুৱাৰ শৈশৱ আৰু কৈশোৰ

এজন মানুহক প্ৰধানকৈ গঢ় দিয়ে শৈশৱ আৰু কৈশোৰত লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাই। সেয়ে বিশ্বৰ মহান মনীশী সকলৰ শৈশৱ, কৈশোৰৰ বিষয়ে জানিবলৈ সকলোৰে প্ৰবল আগ্ৰহ। লক্ষ্মীনাথ বেজবৰুৱাৰো শৈশৱ আৰু কাল আছিল পৃথিৱীৰ আনবোৰ মহান মনীশীৰ দৰেই বিশাল আৰু বৰ্ণাঢ্য।

লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম মাটিত ভৰি দিয়ে বৰপেটাত। তাতেই তেওঁ জীৱনৰ আৰম্ভণিৰ কালছোৱা কটায়। শিশুকালতেই দেখা বৰপেটা কীৰ্তনঘৰৰ বৰখুটাত লগোৱা সহস্ৰ বন্তি আৰু কীৰ্তন ঘৰৰ কাঠীত বহি বুঢ়ী ভকতনীসকলৰ নামগোৱা দৃশ্যৰ প্ৰভাৱ তেওঁ গোটেই জীৱন ব্যাপি আছিল বুলি তেওঁ নিজেই উল্লেখ কৰি গৈছে। ইয়াৰ উপৰিও তেওঁৰ শৈশৱ কালত বিশেষ ভাৱে প্ৰভাৱ পেলোৱা এজন ব্যক্তি আছিল তেওঁলোকৰ আত্মীয় ৰবিনাথ বৰুৱা। সেই ৰবি ককাই শিশু লক্ষ্মীনাথক বিভিন্ন বিষয়ৰ সাধু কৈ শুনাইছিল, বিভিন্ন ধৰণৰ পুৰণি গীত গাই শুনাইছিল আৰু বিভিন্ন নীতিশিক্ষাৰ পাঠ দিছিল। তেখেতৰ শৈশৱ কালত আটাইতকৈ বেছি প্ৰভাব বিস্তাৰ কৰা ব্যক্তিজনেই আছিল ৰবি ককা। তেওঁৰ প্ৰভাৱতেই বেজবৰুৱাৰ মাজত ভৱিষ্যতৰ শিশু সাহিত্যিকজনে একলা দুকলাকৈ প্ৰাণ পাই উঠিছিল।

বৰপেটাৰ পাছত লক্ষ্মীনাথৰ পিতৃ দীননাথ বেজবৰুৱাই ক্ৰমে তেজপুৰ আৰু লক্ষীমপুৰলৈ বদলি হয়। এনেদৰে বেজবৰুৱাৰ শৈশৱকালটোও দেউতাকৰ চাকৰিটোৰ দৰে অসমৰ বিভিন্ন ঠাইত কটাবলৈ সুযোগ পাইছিল। সেয়ে তেওঁ অসমখনৰ সৈতে অধিক একাত্ম হবলৈ আৰু জীৱনৰ বিচিত্ৰ অভিজ্ঞতাসমূহ আহৰণ কৰিবলৈ সুযোগ পাইছিল।

লক্ষীমপুৰত থকাৰ সময়তেই তেওঁ এজন খনিকৰৰ সান্নিধ্য পাইছিল। তেওঁৰ নাম আছিল দুৰ্গেশ্বৰ শৰ্মা। শৰ্মা ডাঙৰীয়াই তেওঁৰ নিপুণ হাতেৰে প্ৰতিমা সজা আৰু ৰং বুলোৱা কাৰ্য তন্ময় হৈ চাই ৰৈছিল শিশু লক্ষ্মীনাথ বেজবৰুৱাই। তেওঁৰ প্ৰভাতেই শিশু লক্ষ্মীনাথে ছবি আঁকিবলৈ আৰু প্ৰতিমা সাজিবলৈ লৈছিল। প্ৰতিমা সজা চখটো তেওঁ পাছৰ জীৱনলৈও অব্যাহত ৰাখিছিল বুলি জনা যায়।

বেজবৰুৱাৰ শিক্ষাজীৱন 

লক্ষীমপুৰত থাকোতে ৰবি ককাৰ তত্বাৱধানতেই অ আ ক খ শিকিছিল যদিও গুৱাহাটীতহে পোনপ্ৰথম বাৰৰ বাবে পঢ়াশালিত প্ৰৱেশ কৰে লক্ষ্মীনাথ বেজবৰুৱাই। স্কুলীয়া জীৱনটো তেওঁ সমূলি ভাল পোৱা নাছিল। এই ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰেই তিক্ত। কিন্তু তেওঁ ৰবীন্দ্ৰনাথৰ দৰে স্কুল এৰি দিয়া নাছিল। অসীম ধৈৰ্য্যৰে তেওঁ বি এ., এম এ. আনকি আইনৰ স্নাতক পৰ্যন্ত শিক্ষা লাভ কৰিলে। পঢ়া-শুনাৰ ক্ষেত্ৰত তেওঁ মজলীয়া বুদ্ধিৰ ছাত্ৰ আছিল বুলি নিজেই উল্লেখ কৰি গৈছে। পঢ়া- শুনাতকৈও তেওঁ বিভিন্ন খেলা-ধূলা কৰা, মাছ মৰা, বৰশী বোৱা আদি কামতহে বেছি মনোযোগ দিছিল। তেওঁ ল’ৰালি কালৰ বিষয়ে তেওঁৰ ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাই লিখিছে- ‘সৰু কালত লক্ষ্মীনাথে বৰশী বোৱা, দল চেলাই মাছ ধৰা, গছত উঠা, সাঁতোৰা, তামোল গছত বগোৱা, ভুৰ খেলা আদি বিদ্যাত আঘাইতং বুলি খ্যাতি আৰ্জিছিল। দিখৌ নৈৰ বুকুলৈ মাৰ নাৱত উঠি গৈ মাজ পানীত জাপ দি বুৰ মাৰি উভত গোৰে নচা আজিকালি কেইটা কুৰি শতিকাৰ ডেকা ওলাব কব নোৱাৰোঁ’।

লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ আত্মজীৱনীত উল্লেখ কৰা মতে, চাৰিবাৰকৈ এন্ট্ৰেন্স পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত ১৮৮৬ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছতেই তেওঁ দেউতাকৰ বিভিন্ন বাধা-আপত্তিক অশেষ কষ্টৰে অতিক্ৰম কৰি কলিকতালৈ উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলিলে। বেজবৰুৱাৰ মতে তেওঁৰ দেউতাকে তেওঁক এইবাবেই কলিকতালৈ পঢ়িবলৈ পঠাবলৈ বিচৰা নাছিল কিয়নো লক্ষ্মীনাথৰ আগত কলিকতালৈ পঢ়িবলৈ যোৱা দুজন ককায়েকে অসমীয়া ঢং গতি পাহৰি একেবাৰেই চাহাবী হৈ পৰিছিল। যি কথাই নৈষ্ঠিক অসমীয়া ব্ৰাহ্মণ দীননাথ বেজবৰুৱাৰ মনত বাৰুকৈয়ে আঘাত দিছিল। দীননাথ বেজবৰুৱাই লক্ষ্মীনাথৰ লগতো সেই কথাৰ পুনৰাবৃত্তি হওঁক সেয়া একেবাৰেই বিচৰা নাছিল।

কলিকতালৈ যাত্ৰা

দেউতাকে তেওঁক অসমতে ওকালতি পৰীক্ষা দিয়াই উকিল কৰাই ল’ব বিচাৰিছিল। কিন্তু লক্ষ্মীনাথৰ উচ্চ শিক্ষাভিলাসী মনটোৱে সেয়া নামানিলে। শেষত তেওঁ ককায়েক গোবিন্দ্ৰচন্দ্ৰ আৰু বিনন্দ চন্দ্ৰ বেজবৰুৱাৰ সমৰ্থনত এক প্ৰকাৰৰ পলাই গৈয়ে কলিকতাত উপস্থিত হৈছিলগৈ।

কলিকতালৈ গৈ বেজবৰুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ঘৰলৈ ঘূৰি আহে। পাছত পুনৰ চিটি কলেজত নাম লগাই এফ.এ পৰীক্ষা পাছ কৰে। ইয়াৰ পাছতেই তেওঁ কলিকতাৰ জেনেৰেল এচেম্বলি কলেজত নাম লগায় আৰু পাশ্চাত্য সাহিত্য-সংস্কৃতি প্ৰতি, সাহিত্য চৰ্চাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয়। সেই সময়ত কলিকতাত থকা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অ.ভা.উ.সাৰ জন্ম দিয়ে আৰু এই সভাৰ পৰাই ১৮৯০ চনৰ মাৰ্চ মাহত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকী আলোচনী প্ৰকাশ কৰি উলিয়ায়। সেইবছৰে অৰ্থাত ১৮৯০ চনত লক্ষ্মীনাথ বেজবৰুৱাই বি.এ. পৰীক্ষা পাছ কৰে। বি.এ. পাছ কৰাৰ পাছত অসম চৰকাৰে তেওঁক দুবাৰ এক্সট্ৰা এচিষ্টেন্ট কমিছনাৰ পদ যাচিছিল যদিও ‘মই স্বাধীনভাৱে পৰিশ্ৰম কৰি এমুঠি ভাত খাম, পৰৰ গোলামি কৰি নহয়’ বুলি তেওঁ সেই পদ প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ পাছতে তেওঁ ৰিপণ কলেজত আইন পঢ়িবলৈ ঠিৰাং কৰি নাম লগালে আৰু লগতে প্ৰেচিডেন্সি কলেজতো ইংৰাজী সাহিত্যত এম.এ পঢ়িবলৈ নাম লগাই ল’লে। কিন্তু তেওঁ আইন আৰু এম.এ. এটাও পাছ কৰিব নোৱাৰিলে আৰু ইমানতে তেওঁ আনুষ্ঠানিক শিক্ষাৰ সামৰণি মাৰিলে। 

বেজবৰুৱাৰ কৰ্মজীৱন 

বেজবৰুৱাই কলিকতাত পঢ়ি থকা কালতে অসমৰ পৰা ‘বৰুৱা-ফুকন ব্ৰাডাৰ্চ’ নামৰ কোম্পানীটোৰ মেনেজাৰ ভোলানাথ বৰুৱাইয়ো গৈ কলিকতাত ভাগ্যৰ অন্বেষণ কৰি আছিল। আৰু আইন পাছ কৰিব নোৱাৰি বেবৰুৱাই ভোলানাথ বৰুৱাৰ লগ লাগে। দুয়োজনে মিলি ১৮৯৩ চনত কাঠৰ ব্যৱসায় আৰম্ভ কৰে। সেই সময়ত কলিকতাত ব্যৱসায়ী মহলৰ বহুতে তেওঁলোক দুয়োজনকে ভাই-ককাই বুলি ভাবিছিল আৰু সেয়ে বেজবৰুৱাই নিজৰ নামটো বহু সময়ত এল.বি. বৰুৱা বুলি লিখিছিল। কবি নৱকান্ত বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ কাঠৰ ব্যৱসায় সম্পৰ্কে কৈছে- ‘তেওঁৰ দুটা ব্যৱসায় আছিল, এটা কাঠৰ আনটো কথাৰ। কাঠে তেওঁক দিছিল সাময়িক ধন-সম্পত্তি আৰু কথাই দিলে চিৰকালৰ ঐশ্বৰ্য। লক্ষ্মীনাথক এজন কৃতকাৰ্য বণিজ-কোঁৱৰ হিচাপে পোৱাতকৈ সাহিত্যৰথী হিচাপে পোৱাটো বেছি সৌভাগ্যৰ কথা।’

সেই সময়ত চেগুণ কাঠৰএকচেটিয়া ব্যৱসায় কৰা গিৰিশ চন্দ্ৰ বোসৰ লগত চিনাকি হৈ ভোলানাথ বৰুৱাই নিজৰ চেগুণ কাঠৰ ব্যৱসায় আগবঢ়াই নিছিল। বেজবৰুৱাক পাই তেওঁ ব্যৱসায় আৰু বহল কৰি নিয়ে। কলিকতাৰ বেংগল টিম্বাৰৰ দৰে বিভিন্ন কাঠৰ কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়ত ফাইনেন্স কৰিবলৈ ধৰিলে। হাবি ঠিকাত লোৱা, কাঠ কটা আদি কামত বেজবৰুৱা পূৰাদমে ব্যস্ত হ’ল। কিন্তু বিভিন্নজনৰ উচতনিত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। যাৰ ফলশ্ৰুতিত ১৯০৩ চনত ভোলানাথ বৰুৱাই এই যুটীয়া ব্যৱসায় ত্যাগ কৰিলে। তথাপিও কিন্তু তেওঁলোকৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰায় আগৰ দৰেই থাকে।

নিজা ব্যৱসায়

ভোলানাথ বৰুৱাক এৰি বেজবৰুৱাই নিজাকৈ ‘অসম বেংগল ষ্টোৰ্চ’ নামৰ এখন দোকান খুলি স্বাধীন ব্যৱসায়ত হাত দিয়ে। ১৯১২ চনত ভোলানাথ বৰুৱাই বেজবৰুৱাক মাতি পঠিয়াইছিল আৰু সেইমতে লক্ষ্মীনাথে ভোলানাথ বৰুৱাক লগ কৰিছিল। ১৯১৪ চনত ভোলানাথ বৰুৱা দিল্লীত মটৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত থাকিব লগা হোৱাটো লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ লগত আছিল। ইতিমধ্যে ১৯১৪ চনত আৰম্ভ হোৱা বিশ্বযুদ্ধৰ কৱলত পৰি দেশৰ অৰ্থনীতি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়। ফলত লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে সৰু ব্যৱসায়ীসকলৰ অৱস্থা অতি শোচনীয় হয়। আত্মজীৱনীত বেজবৰুৱাই লিখা অনুসৰি ইমান বেয়া অৱস্থা হৈছিল যে পুৰণি ষ্টেটছমেন কাকত বেচিহে তেওঁ বজাৰ কৰাৰ খৰছ উলিয়াইছিল।

পৰিস্থিতি ইমান বেয়া পৰ্যায়লৈ যোৱাত বেজবৰুৱাই ১৯১৬ চনত কলিকতাৰ বাৰ্ড্ এণ্ড কোম্পানীত যোগদান কৰে। আৰু ১৯১৭ চনত কোম্পানীৰ কামত সপৰিয়ালে উৰিষ্যাৰ সম্বলপুৰলৈ উঠি যায়। ইয়াৰ পাছৰ পৰা তেওঁ কোম্পানীৰ কামত কলিকতা, বিহাৰ, উৰিষ্যাৰ বিভিন্ন অঞ্চল ভ্ৰমি ফুৰিছিল। তাৰ মাজতে উৰিষ্যাৰ হাবিত চিকাৰ কৰিছিল। উৰিষ্যাত থকাৰ সময়তে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক হৈছিল। ইয়াৰ পাছত ১৯২৩ চনত ভোলানাথ বৰুৱাৰ মৃত্যুৰ সময়ত অন্তিম শয্যাত দেখা কৰে আৰু ১৯২৪ চনত সম্বলপুৰৰ পৰা কলিকতালৈ আহে। সেইবছৰে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। ১৯২৮ চনত বেজবৰুৱাই বাৰ্ড্ এণ্ড কোম্পানীৰ কাম ইস্তফা দি সম্বলপুৰত নিজা ব্যৱসায়ৰ পাতনি মেলে। অৱশ্যে ১৯৩৮ চনত স্বাস্থ্য পৰি অহাত তেওঁ সম্বলপুৰ এৰি অসমলৈ প্ৰত্যাৱৰ্তন কৰে।

বেজবৰুৱাৰ পাৰিবাৰিক জীৱন

কলিকতাত পঢ়িবলৈ গৈ বেজবৰুৱাই ১৮৯১ চনত সেই সময়ৰ কলিকতাৰ অভিজাত ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীক বিয়া কৰাইছিল। প্ৰজ্ঞাসুন্দৰী মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা-জী আছিল। বিয়াৰ পিছত কিছুদিন প্ৰজ্ঞাসুন্দৰী পিতৃ-গৃহত আছিল আনহাতে লক্ষ্মীনাথ আছিল ভোলানাথ বৰুৱাৰ সৈতে বেলেগ এটা ঘৰত। পাছলৈ ব্যৱসায়ত যথেষ্ট উন্নতি হোৱাত এটা ঘৰ কিনি সপৰিবাৰে থাকিবলৈ লয়। ১৮৯৫ চনত তেওঁলোকৰ প্ৰথম সন্তান ‘সুৰভি’ৰ জন্ম হয়। জন্মৰ মাত্ৰ পাঁচ বছৰ পাছতেই ১৯০০ চনত ডিফথেৰিয়া ৰোগত সুৰভিৰ মৃত্যু হয়। অৱশ্যে সুৰভিৰ মৃত্যুৱে বেজবৰুৱাক যথেষ্ট ব্যথিত কৰি তুলিলেও সুৰভিৰ মৃত্যুৰ ১৮ দিন আগতে জন্ম হোৱা তেওঁৰ দ্বিতীয়া কন্যা অৰুণাই সেই দুখ বহুখিনি পাতলাইছিল। ইয়াৰ পাছত ১৯০৩ চনত বেজবৰুৱাৰ তৃতীয়া কন্যা ৰত্নাৱলী আৰু ১৯০৮ চনত চতুৰ্থা কন্যা দীপিকাৰ জন্ম হয়। পিছলৈ দীপিকাই বিলাতলৈ গৈ সন্যাসিনী হয়। অৱশ্যে বেজবৰুৱাৰ মৃত্যুৰ সময়ত তেওঁ পুনৰ অসমলৈ প্ৰত্যাৱৰ্তন কৰে।

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক কীৰ্তি

লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া সাহিত্যৰ এনে এজন প্ৰবাদপ্ৰতিম পুৰুষ যি অসমীয়া সাহিত্যক নিজৰ কলমৰ ৰথেৰে আগুৱাই লৈ গৈছিল। সেয়ে তেওঁক সাহিত্যৰথী বুলি অভিধা প্ৰদান কৰা হৈছে। ইয়াৰোপৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰসপূৰ্ণ লেখনিৰ বাবে তেওঁক ৰসৰাজ বুলিও আখ্যা দিয়াও হৈছে। লক্ষ্মীনাথ বেজবৰুৱা আছিল একেধাৰে কবি, গীতিকাৰ, প্ৰৱন্ধকাৰ, নাট্যকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, গল্পকাৰ, সমালোচক, ব্যংগ লেখক, আলোচনী সম্পাদক তথা সাংবাদিক। তেওঁ আছিল অসমীয়া চুটিগল্পৰ জনক। লক্ষ্মীনাথ বেজবৰুৱা বিনে অসমীয়া সাহিত্যৰ কল্পনা কোনোকালেই কৰিব নোৱাৰি। জীৱনৰ সৰহভাগ সময় তেওঁ বংগত ব্যৱসায় সংক্ৰান্তত বাস কৰিছিল যদিও কিন্তু তেওঁৰ অসম তথা অসমীয়া ভাষাৰ প্ৰতি টান নাইকিয়া হৈ যোৱা নাছিল। প্ৰাণেপনে তেওঁ অসমীয়া সাহিত্যৰ উন্নতি কৰিব বিচাৰিছিল। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অহোপুৰুষাৰ্থ কৰিছিল।

সৰুৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অনুৰাগ আছিল যদিও কলিকতালৈ পঢ়িবলৈ যোৱাৰ পাছৰ পৰাহে তেওঁ সাহিত্য চৰ্চাত অধিক মনোযোগ দিয়ে। সেইসময়ত কলিকতা ভাৰতীয় নৱজাগৰণৰ পীঠস্থান আছিল। আৰু ইয়াতেই বাঙালী সাহিত্যৰ চমকপ্ৰদ উত্থান দেখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্য চৰ্চা কৰিবলৈ অধিক প্ৰেৰণা লাভ কৰে। বেজবৰুৱাদেৱৰ এই স্পৃহাত হাত উজান দিয়ে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাকে ধৰি সেইসময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে। তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰা আলোচনী ‘জোনাকী’তেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্যিক প্ৰতিভাৰ বিকাশ সাধন হয়।

গল্পকাৰ লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া চুটিগল্পৰ বাটকটীয়া। তেওঁ অসমীয়া সমাজ জীৱনৰ দোষ-ত্ৰুটি, অন্ধবিশ্বাস, কু-সংস্কাৰ, জাতীয় চেতনা আদিক তেওঁৰ মূল্যৱান চুটিগল্পসমূহৰ মাজেৰে প্ৰকাশ কৰি থৈ গৈছে। তেওঁৰ চুটিগল্পসমূহত সেইসময়ৰ অসমীয়া সমাজখনৰ ছবি ফুটি উঠিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰথম চুটিগল্পৰূপে বহুতে ‘কন্যা’ গল্পটোক স্বীকৃতি দিয়ে যদিও প্ৰকৃততে বেজবৰুৱাদেৱৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প আছিল ‘সেউতী’। এই ‘সেউতী’ গল্পটো জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থটো সংখ্যাত প্ৰকাশ পায়।

‘সেউতী’ৰ জৰিয়তে অসমীয়া চুটিগল্পৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চাৰিখন গল্পৰ পুথি আছে। তাৰে তিনিখন তেওঁৰ জীৱিতকালতে প্ৰকাশ পোৱা আৰু এখন মৰণোত্তৰভাৱে প্ৰকাশ হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱিতকালতে প্ৰকাশ পোৱা গল্পৰ পুথি তিনিখন হৈছে – ‘সুৰভি’, ‘সাধুকথাৰ কুকি’ আৰু ‘জোনবিৰি’। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা তেওঁৰ গল্পৰ পুথিখন আছিল ‘কেহোঁকলি’।

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘সুৰভি’ প্ৰকাশ পাইছিল ১৯০৯ চনত। ইয়াত মুঠ বাৰটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে। ‘সুৰভি’য়েই আছিল প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন। তেওঁৰ ‘সাধুকথাৰ কুকি’ প্ৰকাশ পাইছিল ১৯১০ চনত। ইয়াত মুঠ সাতাইশটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে। তেওঁৰ ‘জোনবিৰি’ প্ৰকাশ পাইছিল ১৯১৩ চনত। ইয়াত মুঠ ষোল্লটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে।

লক্ষ্মীনাথ বেজবৰুৱাদেৱে বিভিন্ন সমলৰ পৰা পুৰণি অসমীয়া মৌখিক সাধুকথাবোৰ সংগ্ৰহ কৰি নিজৰ ভাষাত ছপা কৰিছিল। তেওঁৰ প্ৰকাশিত সাধুকথাৰ পুথি তিনিখন হৈছে ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ আৰু ‘জুনুকা’। ইয়াৰে বুঢ়ী আইৰ সাধুত একত্ৰিশ(৩১) টা, ককাদেউতা আৰু নাতিল’ৰাত ঊনত্ৰিশ(২৯) টা আৰু জুনুকাত দহ(১০) টাকৈ সাধু সন্নিৱিষ্ট হৈ আছে। বেজবৰুৱাদেৱৰ সাধুকথাবোৰ শিশুসকলৰ মাজত অত্যন্ত জনপ্ৰিয়। তেখেতৰ ‘বুঢ়ী আইৰ সাধু’ পুথিখন আবাল বৃদ্ধ বণিতাৰ মাজত সমানেই জনপ্ৰিয়।

কবি লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা এজন কবিও আছিল। তেওঁৰ কবিতাই জোনাকী, বাঁহী আলোচনীৰ পাতত শোভাবৰ্ধন কৰিছিল। কিন্তু বেজবৰুৱাদেৱে নিজক কবি বুলি ভবা নাছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতাবোৰত দেশপ্ৰেমমূলক, প্ৰেমমূলক, সৌন্দৰ্য চেতনা, আধ্যাত্মিক, খুহুটীয়া, তত্বমূলক আদি নানা তৰহৰ ভাৱধাৰা প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া ৰোমান্টিক কবিতাৰ অন্যতম পথিকৃত। বেজবৰুৱাদেৱৰ প্ৰকাশিত কবিতাপুথি আছিল দুখন। তাৰে এখন কদমকলি যিখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে জীৱিতকালতে ১৯১৩ চনত প্ৰকাশ কৰিছিল। কদমকলি কবিতাপুথিত মুঠ আঠচল্লিছ(৪৮) টা কবিতা সন্নিৱিষ্ট হৈ আছিল। কদমকলিতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কবিতা ‘মোৰ দেশ’ সন্নিৱিষ্ট হৈ আছে যিটোক বৰ্তমান আমি অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ বুলি জানো। ‘কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক’ বুলি পাতনিৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কদমকলি কবিতাপুথিখন প্ৰকাশ কৰিছিল। তেখেতৰ দ্বিতীয়খন কবিতাপুথি পদুমকলি প্ৰকাশ পায় ১৯৬৮ চনত। তেওঁৰ জন্ম শতবৰ্ষ উপলক্ষে মৰণোত্তৰভাৱে এই কবিতাপুথিখন প্ৰকাশ কৰা হৈছিল। পদুমকলিত মুঠ আঠাইশ(২৮) টা কবিতা সন্নিৱিষ্ট হৈ আছে।

নাট্যকাৰ লক্ষ্মীনাথ বেজবৰুৱা

অসমীয়া নাট্য সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান উল্লেখনীয়। তেওঁ গুণাভিৰাম বৰুৱাই ‘ৰাম-নৱমী’ৰ যোগেদি আৰম্ভ কৰা অসমীয়া আধুনিক নাট্য সাহিত্যক লক্ষ্মীনাথ বেজবৰুৱাই এক নতুন ৰূপ প্ৰদান কৰিছিল। জোনাকী আলোচনীৰ পাততে তেওঁ নাট্য জীৱনৰ পাতনি মেলিছিল। লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী আলোচনীৰ প্ৰথম বৰ্ষতে ‘লিতিকাই’ নাটকেৰে নাট্য চৰ্চা আৰম্ভ কৰিছিল। লিতিকাই নাটখন ১৮৯৪ চনত প্ৰকাশ পায়। তাৰপাছতেই ১৯১৩ চনত বেজবৰুৱাদেৱৰ নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি নাটককেইখন প্ৰকাশ পায়। ১৯১৫ চনত প্ৰকাশ পায় তেখেতৰ তিনিখন নাট জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।

লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা নাটসমূহৰ প্ৰকৃতি অনুসৰি দুভাগত বিভক্ত কৰা হৈছে। সেই ভাগ দুটা হৈছে ধেমেলীয়া নাটক(প্ৰহসন) আৰু বুৰঞ্জীমূলক নাটক। বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ধেমেলীয়া নাটককেইখন হৈছে- লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি। তেওঁৰ বুৰঞ্জীমূলক নাটককেইখন হৈছে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।

ঔপন্যাসিক লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱাদেৱে উপন্যাস ৰচনাতো হাত দিছিল। তেওঁৰ দ্বাৰা ৰচিত উপন্যাসখন আছিল ‘পদুম কুঁৱৰী’। পদুম কুঁৱৰী উপন্যাসখন হৰদত্ত আৰু বীৰদত্তৰ দন্দুৱা দ্ৰোহক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিল। পদুম কুঁৱৰী উপন্যাসখন ১৮৯১ চনত জোনাকী আলোচনীৰ তৃতীয়টো বৰ্ষত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল। পদুম কুঁৱৰী উপন্যাসখন ১৯০৫ চনত প্ৰকাশ পায়। পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতীৰ পাছতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পদুম কুঁৱৰী আছিল দ্বিতীয়খন অসমীয়া উপন্যাস।

হাস্য-ব্যংগাত্মক লেখক লক্ষ্মীনাথ বেজবৰুৱা

হাস্য তথা ব্যংগাত্মক প্ৰবন্ধ ৰচনাত লক্ষ্মীনাথ বেজবৰুৱাদেৱ সিদ্ধহস্ত আছিল। তেওঁ এই প্ৰবন্ধসমূহত হাঁহিৰ খোৰাকৰ মাজেৰে স্বদেশ প্রেমী আৰু সমাজ সংস্কাৰৰ আদৰ্শ দাঙি ধৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই প্ৰবন্ধসমূহ জোনাকী, বাঁহী, ঊষা আদি আলোচনীৰ পাতত প্ৰকাশ কৰিছিল। তেওঁ এই হাস্য-ব্যংগাত্মক ৰচনাবিলাক কৃপাবৰ বৰবৰুৱা ছদ্মনামত প্ৰকাশ কৰিছিল। জোনাকী আলোচনীত বেজবৰুৱাদেৱে লিখা হাস্য-ব্যংগাত্মক প্ৰবন্ধলানি ‘কৃপাবৰ বৰুৱা কাকতৰ টোপোলা’ নামেৰে ১৯০৪ চনত প্ৰকাশ পায়। গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী আৰু ঊষা আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই লিখা হাস্য-ব্যংগ ৰচনাবোৰক ১৯০৯ চনত ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ নামেৰে পুথিৰ ৰূপ দি প্ৰকাশ কৰা হয়। বাঁহী আলোচনীত বেজবৰুৱাদেৱে লিখা হাস্য-ব্যংগ প্ৰবন্ধসমূহ ‘বৰবৰুৱাৰ বুলনি’ আৰু ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি’ নাম দি দুখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰে।

ইয়াৰোপৰি লক্ষ্মীনাথ বেজবৰুৱাই ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিক ৰহস্য ‘আৰু ‘কৃপাবৰ বৰুৱাৰ সামৰণি’ শীৰ্ষক প্ৰবন্ধ সংকলন প্ৰকাশ কৰে। কৃপাবৰ বৰবৰুৱা ছদ্মনামত ৰচনা কৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সমগ্ৰ হাস্য-বংগ প্ৰবন্ধৰ সংকলন সমূহক ‘কৃপাবৰী সাহিত্য’ নামেৰে নামকৰণ কৰা হৈছে।

জীৱনীকাৰ লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা এজন জীৱনীকাৰো আছিল। ১৯১১ চনত তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু ৰচনাৱলীৰ চমু আভাস দাঙি ধৰি ‘শংকৰদেৱ’ নামৰ নামৰ এখন জীৱনী লিখিছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন আৰু গ্ৰন্থাৱলী সম্পৰ্কে সম্পূৰ্ণ আলোচনা দাঙি ধৰি ১৯১৪ চনত ‘শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ’ নামৰ দুয়োজন গুৰুৰে এখন জীৱনীগ্ৰন্থ প্ৰকাশ কৰে। অসমৰ বৈষ্ণৱ সাহিত্যলৈ বেজবৰুৱাদেৱৰ এই গ্ৰন্থ দুখন আপুৰুগীয়া অৱদান। তেওঁ নিজ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন সম্পৰ্কেও ১৯০৯ চনত ‘ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিত’ নামৰ এখন জীৱনী গ্ৰন্থও ৰচনা কৰি থৈ গৈছে।

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অনুলিখিত আত্মজীৱনীখনৰ নাম হৈছে ‘মোৰ জীৱন সোঁৱৰণ’। বেজবৰুৱাদেৱৰ এই আত্মজীৱনীখন দুটা খণ্ডত বিভক্ত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ আত্মজীৱনীত ৰসিকতাৰ লগত সুন্দৰ কথন ভঙ্গীৰ সংযোজন ঘটাই তেওঁৰ জীৱনৰ সকলো ঘটনাৰ বিশ্লেষণ দাঙি ধৰিছে।

ধৰ্মমূলক গ্ৰন্থ লেখকৰূপে লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱাদেৱে ধৰ্মমূলক গ্ৰন্থও ৰচনা কৰিছে। ১৯১৫ চনত তেওঁ ধৰ্মীয় আলোচনামূলক গ্ৰন্থ ‘ভগৱত কথা’ ৰচনা কৰে। তাৰপাছত বেজবৰুৱাদেৱে ‘শ্ৰীকৃষ্ণ কথা’ আৰু ‘তত্ব কথা’ নামৰ দুখন ধৰ্মমূলক পুথি ৰচনা কৰে।

ইয়াৰোপৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱে কামত কৃতিত্ব লভিবৰ সংকেত, বাখৰ আৰু অসমীয়া ভাষা আৰু সাহিত্য নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰে। তেওঁ ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ নামৰ এখন বুৰঞ্জীমূলক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰে।

আলোচনী সম্পাদক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱাদেৱে ‘বাঁহী’ আলোচনীৰ সম্পাদনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ তত্বাৱধানত বাঁহী আলোচনী কলিকতাৰ পৰা প্ৰকাশ হৈছিল। ১৯০৯ চনৰ নৱেম্বৰ মাহত বাঁহী আলোচনী পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত। ১৯১৭ চনলৈকে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত বাঁহী আলোচনী প্ৰকাশিত হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী আলোচনীত ‘কাহুদি আৰু খাৰলি’ নামেৰে সম্পাদকীয় লিখিছিল।

বিভিন্ন সংগঠনৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা অসমৰ বিভিন্ন সাহিত্যিক তথা ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে সেইসময়ত কলিকতাত পঢ়া অসমৰ ছাত্ৰসকল লগ হৈ ‘অসমীয়া ভাষা উন্নতিসাধিনী সভা’(অ.ভা.উ.সা) গঠন কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল ‘অ ভা উ সা’ৰ দ্বিতীয় বছৰৰ সম্পাদক। এই ‘অ.ভা.উ.সা’ৰেই মুখপত্ৰখনৰ নাম আছিল ‘জোনাকী’ যিখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ১৮৮৯ চনত প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।

লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বতেই ১৯১৬ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীৰ লতাশিল খেলপথাৰত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল।

১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদাম কৰা হয়। বেজবৰুৱাদেৱক পোনপ্ৰথমবাৰৰ বাবে সাহিত্যৰথী অভিধা প্ৰদান কৰে ৰত্নকান্ত বৰকাকতিদেৱে।

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যু

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যু হয় ১৯৩৮ চনৰ ২৬ মাৰ্চত ডিব্ৰুগড়ত। মৃত্যুৰ সময়ত তেওঁ নিজৰ দ্বিতীয় জীয়াৰী ৰত্না বৰুৱাৰ ঘৰত আছিল। জীৱনৰ অধিকাংশ সময় অসমৰ বাহিৰত থাকিও লক্ষ্মীনাথ বেজবৰুৱাদেৱে কিন্তু শেষত নিজ মাতৃভূমি অসমতেই শেষ নিশ্বাস ত্যাগ কৰিলে।

লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অপৰিসীম। অসমীয়া সাহিত্য জগতৰ প্ৰতিটো ক্ষেত্ৰতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱে অৱদান আগবঢ়াই থৈ গৈছে। বেজবৰুৱাদেৱৰ কেতিয়াবাই মৃত্যু হ’ল কিন্তু তেওঁক আজিও আমি তেওঁৰ সাহিত্য কৃতিৰ বাবে স্মৰণ কৰি আছো। লক্ষ্মীনাথ বেজবৰুৱাদেৱে সমগ্ৰ জীৱন নিজ মাতৃভূমি অসম তথা মাতৃভাষা অসমীয়াৰ প্ৰতি সেৱা আগবঢ়াইছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱ আজি আমাৰ মাজত নাই কিন্তু তথাপিও আমাৰ মাজত আছে বেজবৰুৱাদেৱৰ সাহিত্য আৰু তেখেতৰ আদৰ্শ। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ আজিও আমাৰ মাজত চৰ্চিত আৰু ভৱিষ্যতেও চৰ্চিত হৈ থাকিব। ই প্ৰমাণ কৰে যে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ ৰথখন সাহিত্যৰথী হৈ আজিও ধৰি আছে।

তথ্যসূত্ৰ-

১। লক্ষ্মীনাথ বেজবৰুৱা – লক্ষ্মীনাথ তামুলী

২। লক্ষ্মীনাথ – মহেশ্বৰ নেওগ

৩। মোৰ জীৱন সোঁৱৰণ- লক্ষ্মীনাথ বেজবৰুৱা

0 0 votes
Article Rating
Subscribe
Notify of
guest
6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] কৰে। আৰু সেই সময়তে তেওঁ লগ পালে ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাক। আৰু শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ […]

दिवियाश
3 years ago

An excellent presentation. Clear. Practical. Insightful. Shows a depth of experience. Thank you. Click here to check out sample of Experience Certificate

दिवियाश
3 years ago

नवीनतम समाचार और अपडेट की खोज करते समय मुझे मिली यह उपयोगी जानकारी। बहुत बहुत धन्यवाद। यहां क्लिक करें Pm tractor yojana के बारे में पूरी जानकारी जानने के लिए

दिवियाश
3 years ago

Thanks for sharing the latest updates. keep continuing. Thank you. Check kolkata fatafat today

wellnesstous
2 years ago

I really love your Blog. This one in particular really caught my interest. Thanks for sharing nice information. Thanks for this.

XOXO
WellnessToUs

✅✅ Legs Workout
✅✅ 5 Best FAT burner

wellnesstous
2 years ago

Hello sir, the information provided by you is so concise and informative. I like the way of your Presentaion of the article. Keep sharing quality content just like thsi.

Thankyou.

6
0
Would love your thoughts, please comment.x
()
x