তথ্যকোষসাময়িকী

অযোধ্যা বিবাদঃ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ(দ্বিতীয় খণ্ড)

অযোধ্যা বিতৰ্কৰ ন্যায়িক যুদ্ধঃ

   ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ চলি থকা বিবাদৰ মাজতে ১৯৫০ চনত গোপাল সিং বিশাৰদে এলাহাবাদ উচ্চ ন্যায়ালয়ত অযোধ্যাৰ বিবদমান এলেকাত পূজা কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ এখন লেখ আৱেদন দাখিল কৰে। তাৰ কিছুদিন পাছতেই একেই লেখ আৱেদন দাখিল কৰে অযোধ্যাৰ পৰমহংস দাসে কিন্তু পাছত এইখন উঠাই লয়। ১৯৫৯ চনত এটা হিন্দু ধৰ্মীয় অনুষ্ঠান নিৰ্মোহী আখৰাই বিবদমান ভূমি  তেওঁলোকৰ বুলি তৃতীয়খন লেখা আৱেদন দাখিল কৰে। আকৌ চতুৰ্থখন লেখ আৱেদন দাখিল কৰে চুন্নী ৱাকফ বৰ্ডে আৰু তেওঁলোকে ঘোষণা কৰে সেই বিবদমান এলেকা তেওঁলোকৰ হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি ২০০২ চনত আৰম্ভ কৰে আৰু ২০১০ চনৰ ৩০ ছেপ্টেম্বৰত এই গোচৰৰ শুনানি শেষ হয় আৰু ন্যায়াধীশ এছ. ইউ. খান, সুধীৰ আগৰৱালা আৰু ডি ভি বাৰ্মাৰ নেতৃত্বত ৰায়দান কৰে যে অযোধ্যাৰ বিবদমান এলেকা তিনিভাগত ভাগ কৰা হ’ব। ৰামলালাৰ মূৰ্তি থকা অংশটো লাভ কৰিব ৰামলালাৰ ভক্তগণে,নিৰ্মোহী আখৰাই লাভ কৰিব সীতা ৰচ’ই অৰ্থাৎ সীতাৰ ৰান্ধনিশাল আৰু ৰাম চাবুটাৰা আৰু চুন্নী ৱাকফ বৰ্ডে লাভ কৰিব বাকী থকা অংশটো। কিন্তু কোনো এটা পক্ষই এই ভাগ ভাগ কৰি দিয়া সিদ্ধান্ত মানি নল’লে আৰু পুনৰ ২০১০ চনৰ ডিচেম্বৰত তিনিওটা পক্ষই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে। 

   উচ্চতম ন্যায়ালয়ে ২০১১ চনৰ ৯ মে’ত উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ ঘোষণা কৰে। আৰু তেনেকৈয়ে দিনৰ পাছত দিন গৈ থাকে কিন্তু এই গোচৰ অমীমাংসীত হৈ আছিল। অৱশেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱে ২০১৯ ত ঘোষণা কৰে যে অতি শীঘ্ৰে অযোধ্যা বিবাদৰ নিষ্পত্তি কৰা হ’ব। এই বিবাদ নিষ্পত্তিৰ বাবে ৰঞ্জন গগৈৰ নেতৃত্বত ডি ৱাই চন্দ্ৰচূড়,এ আব্দুল নাজিৰ,অশোক ভূষণ আৰু এছ এ ববদেৰ বেঞ্চ গঠন কৰি দিয়া হয়।  আৰু এই বিবাদৰ উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত শুনানি আৰম্ভ হয় ৬ আগষ্টত আৰু অন্ত পৰে ১৬ অক্টোবৰত। 

   অৱশেষত বুৰঞ্জীমূলক সাক্ষ্য, প্ৰমাণৰ ওপৰত ভিত্তি কৰি এই গোচৰৰ একেবাৰে শেষৰ চূড়ান্ত শুনানি প্রদান কৰে ৯ নৱেম্বৰ তাৰিখে। এই শুনানিত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবদমান ভূমি ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ দিবলৈ আদেশ দিয়ে। লগতে এইটোও আদেশ দিয়ে যে এই বিবদমান ভূমিৰ বিকল্পৰূপে চুন্নী ৱাকফ বৰ্ডক মছজিদ নিৰ্মাণ কৰিবলৈ ৫ একৰ ভূমি প্রদান কৰিবলৈ। 

   উচ্চতম ন্যায়ালয়ে এইটোও ঘোষণা কৰে যে নিৰ্মোহী আখৰা এই ভূমিৰ ন্যায়িক উত্তৰাধিকাৰী নহয় আৰু এওঁলোক ৰামলালাৰ পূজকো নহয়। গতিকে,তেওঁলোকৰ আবেদন খাৰিজ কৰে। 

   উচ্চতম ন্যায়ালয়ত এই ৰায়দান পুনৰ বিচাৰৰ বাবে সৰ্বমুঠ ১৮ খন আৱেদন দাখিল কৰে যদিও ১২ ডিচেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ে সকলো আৱেদন পোনচাতেই খাৰিজ কৰে। 

   আৰু এনেদৰেই মীমাংসা হয় ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ এটা দীঘলীয়া গোচৰ “অযোধ্যা বিবাদ”। এই বিবাদৰ মূলতে হ’ল সকলো পক্ষৰ ধৰ্মীয় সংকীৰ্ণতা। এনে এটা ধৰ্মীয় সংকীৰ্ণ বিষয় ভাৰতীয় উচ্চতম ন্যায়ালয়ে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাকৈ সমাধান কৰাটো ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ এটা যোগাত্মক বিষয়। ভাৰতৰ দৰে দেশত ইমান এটা দীঘলীয়া ধৰ্মীয় ভাৱাবেগ জড়িত বিষয় সমাধান কৰাটো ন্যায়পালিকাৰ বাবে সহজসাধ্য নাছিল কিন্তু এইয়া সম্ভৱ হ’ল ভাৰতীয় ন্যায়পালিকাৰ নিৰপেক্ষতা তথা নিৰ্ভীকতাৰ বাবে। 

   উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি ২০২০ চনৰ ৫ ফেব্ৰুৱাৰী দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ জন সদস্যযুক্ত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস গঠন কৰে। এই ন্যাসটোৰ নেতৃত্বত আছে মহন্ত নৃত্যগোপাল দাসজী মহাৰাজ। আৰু বহু প্ৰতীক্ষিত এই ৰামমন্দিৰৰ ভূমিপূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ৫ আগষ্টত। 

   আশাকৰো এই মন্দিৰ ভগৱান শ্ৰীৰামৰ প্ৰজাহিতকৰ আদৰ্শেৰে পৰিচালিত হ’ব। কেৱল এটা ধৰ্মৰ বাবেই নহয় বিশ্বৰ সকলো ধৰ্মৰ সকলো জনগণৰ বাবেই ন্যায় তথা শান্তিৰ ধ্বজাবাহক হ’ব। ৰাম কোনো ধৰ্মৰ নহয় ৰাম সকলো জনগণৰ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ৰামৰাজ্য। এই ৰাম মন্দিৰে যেন ৰাৱণসদৃশ বিশ্ব তথা মানৱ সমাজৰ ক্ষতিকাৰক লোকসকলৰ মাজৰ পৰা অসূয়া-অপ্ৰীতি নাশ কৰে। 

আৰু পঢ়কঃ অযোধ্যা বিবাদঃ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ (প্ৰথম খণ্ড)

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x