অযোধ্যা বিবাদঃ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ(প্ৰথম খণ্ড)

   (প্ৰথম খণ্ড)

   ভাৰতৰ ন্যায়পালিকাৰ ইতিহাসৰ বৰ্তমানলৈ সুদীৰ্ঘ সময়ৰ বাবে বিচাৰ হোৱা গোচৰৰ ভিতৰত এটা অন্যতম হৈছে অযোধ্যা বিতৰ্ক। ১৯৫০ ৰ পৰা ২০১৯ চনলৈ প্ৰায় ৬৯ বছৰীয়া এই পৰিক্ৰমাত দিনৰ পাছত দিন এই বিষয়টোক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লগতে ভাৰতৰ উচ্চতম ন্যায়ালয়তো বিচাৰ চলি আহিছিল। অৱশেষত ২০১৯ৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত এই অযোধ্যা বিবাদৰ গোচৰ নিষ্পত্তি কৰা হয় আৰু দুয়োপক্ষৰ মাজত মীমাংসা কৰি সিদ্ধান্ত দিয়া হয়। আৰু ইমানতে ন্যায়ালয়ৰ মজিয়াত অযোধ্যা বিতৰ্কৰ ওৰ পৰে। অযোধ্যা বিবাদ সম্পৰ্কে এটা বিশ্লেষণাত্মক অধ্যয়ন আগবঢ়োৱা হ’ল-

অযোধ্যাৰ পৰিচয়ঃ

   অযোধ্যা বৰ্তমান ভাৰতৰ এখন গুৰুত্বপূৰ্ণ মহানগৰ তথা উত্তৰ প্ৰদেশৰ ই এখন গুৰুত্বপূৰ্ণ জিলা। অযোধ্যাৰ অৱস্থিতি হৈছে ২৬.৮০ উত্তৰ অক্ষাংশ আৰু ৮২.২০ পূৱ দ্ৰাঘিমাংশত অৱস্থিত। 

   কোনো কোনো পণ্ডিতৰ মতে অযোধ্যা শব্দটি “যুদ্ধ” শব্দৰ পৰা উৎপত্তি হৈছে। অথৰ্ববেদৰ মতে এইখন আছিল শত্রুয়ে জয় কৰিব নোৱাৰা নগৰ,সেয়ে ই অযোধ্যা নাম পায়। 

   অযোধ্যা এখন ঐতিহাসিক নগৰ। ইয়াতে বিষ্ণুৰ অৱতাৰ শ্ৰীৰামৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। অযোধ্যাৰ পূৰ্বৰ নাম চাকেট আছিল আৰু এই নগৰ কোশল মহাজনপদৰ ৰাজধানী আছিল। কিছুমান বৌদ্ধ আৰু জৈন ধৰ্মৰ পুথিৰ মতে গৌতম বুদ্ধ আৰু মহাবীৰ জৈন আহি এই নগৰত বাস কৰিছিলহি। অযোধ্যা নগৰখন জৈন ধৰ্মৰ পাঁচজন অন্যতম তীৰ্থংকৰ- ঋষভনাথ, অজিতনাথ,অভিনন্দননাথ,সুমাতিনাথ আৰু অনন্তনাথৰ জন্মস্থান আছিল বুলি উল্লেখ আছে। 

   অযোধ্যা হিন্দুধৰ্মৰ সাতখন তীৰ্থক্ষেত্ৰত ভিতৰত অন্যতম। 

   খ্ৰীষ্টীয় চতুৰ্থ শতিকাত গুপ্ত ৰজা স্কন্ধগুপ্তই তেওঁৰ ৰাজ্যৰ ৰাজধানী এই ঠাইলৈ স্থানান্তৰিত কৰি চাকেট নামৰ পৰিৱৰ্তন ঘটাই পুনৰ অযোধ্যা নাম দিয়ে। 

ৰাম জনমভূমিৰ সন্দৰ্ভতঃ

   ৰাম জনমভূমি অৰ্থাৎ বিষ্ণুৰ সপ্তম অৱতাৰ ৰামৰ জন্মস্থান। ৰামায়ণত উল্লেখ থকা মতে ত্ৰেতা যুগত শ্ৰীৰামৰ জন্ম সৰুযু নদীৰ পাৰত অৱস্থিত নগৰ অযোধ্যাত হৈছিল। কিছুমান হিন্দু বিশেষজ্ঞৰ মতে ৰামৰ জন্ম হৈছিল বাবৰি মছজিদ থকা ঠাইত। 

বাবৰি মছজিদ সন্দৰ্ভতঃ

   বাবৰি মছজিদ অৰ্থাৎ বাবৰৰ মছজিদ হৈছে অযোধ্যাত থকা এটা মছজিদ যিটো ৰামৰ জন্মস্থানত  নিৰ্মাণ কৰা বুলি হিন্দুসকলে বিশ্বাস কৰে। এই মছজিদটো বাবৰৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল মোগল সম্ৰাট বাবৰৰ সেনাধ্যক্ষ মীৰ বাকিয়ে। ১৯৪০ চনৰ আগতে এই মছজিদক “মছজিদ ই জন্মস্থান” বুলি জনা গৈছিল। এই মছজিদটো “ৰামকোট” নামৰ পাহাৰত অৱস্থিত য’ত অতীজতে ৰামৰ দুৰ্গ আছিল বুলি বিশ্বাস কৰা হয়। স্থানীয় লোকৰ মতে,এই মছজিদটো ঔৰংগজেৱে তেওঁৰ শাসনকালত ৰামৰ নামত উৎসৰ্গা কৰা এটা মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰাইছিল। 

অযোধ্যা বিতৰ্কৰ ক্ৰমণিকাঃ

   অযোধ্যাৰ বিতৰ্কৰ আৰম্ভণি হৈছিল ১৮৫৫ চনত। ১৮৫৫ চনত প্ৰথম সাম্প্ৰদায়িক ধর্মীয় সংঘৰ্ষ সংঘটিত হৈছিল। চুন্নী মুছলমান সম্প্ৰদায়ৰ কিছুলোকে দাবী কৰিছিল যে হনুমানগড়িৰ বৈৰাগীসকলে ইয়াৰ ওপৰত থকা এটা মছজিদত  আক্ৰমণ কৰি ধ্বংস কৰিছে। তাৰপাছত মুছলমানসকল উত্তেজিত হৈ হনুমানগড়িত আক্ৰমণ কৰিবলৈ গ’ল কিন্তু তেওঁলোকক হিন্দুসকলে তাৰ পৰা খেদি দিলে। মুছলমানসকল তাৰ পৰা পলাই গৈ তাৰ নিকটৱৰ্তী বাবৰি মছজিদত সোমালগৈ। তাৰপিছত হিন্দুসকলে মুছলমানসকলক খেদি গৈ বাবৰি মছজিদত আক্ৰমণ কৰিলগৈ। তাৰপাছৰে পৰাই স্থানীয় হিন্দুসকলে দাবী কৰি আহিছে যে বাবৰি মছজিদ থকা ঠাইখন হিন্দুসকলৰহে পবিত্ৰ তীৰ্থক্ষেত্ৰ আৰু সেয়ে তেওঁলোকক তাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ দিব লাগে। কিন্তু সেইসময়ৰ ব্ৰিটিছ-ভাৰতৰ ঔপনিবেশিক চৰকাৰে সকলো দাবী নস্যাৎ কৰে। 

   পুনৰ ১৯৪৬ চনত “হিন্দু মহাসভা”ৰ এটা ভাতৃ সংগঠন “অখিল ভাৰতীয় ৰামায়ণ মহাসভা”ই বাবৰি মছজিদ থকা ঠাইখন অধিগ্ৰহণ কৰিবলৈ এটা আন্দোলন আৰম্ভ কৰে। 

   ১৯৪৯ চনত গোৰষনাথ মথৰ সন্ত দিগ্বিজয় নাথে “অখিল ভাৰতীয় ৰামায়ণ মহাসভা”ত যোগদান কৰে আৰু তেওঁ নদিনীয়া অখণ্ড “ৰামচৰিত মানস” পাঠৰ অনুষ্ঠান আয়োজন কৰে। এই ৰামায়ণ পাঠৰ অন্ত পৰাৰ পাছতে ২২ ডিচেম্বৰৰ দিনা হিন্দু কাৰ্যকৰ্তাসকলে বাবৰি মছজিদত প্ৰৱেশ কৰি মছজিদৰ কিছু অংশৰ ক্ষতিসাধন কৰে আৰু তাত ৰাম-সীতাৰ মূৰ্তি স্থাপন কৰে। আৰু মানুহে বিশ্বাস কৰে যে অলৌকিকভাৱে ৰাম-সীতাৰ মূৰ্তি বাবৰি মছজিদৰ ভিতৰত প্ৰকট হৈছে। 

   তাৰপাছত,সেইসময়ৰ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে অযোধ্যাৰ স্থানীয় চৰকাৰী বিষয়-ববীয়াক মছজিদৰ পৰা ৰাম-সীতাৰ মূৰ্তি আঁতৰ কৰিবলৈ আদেশ দিয়ে। কিন্তু সেইসময়ৰ অযোধ্যাৰ স্থানীয় উচ্চপদস্থ বিষয়া কে. কে. কে. নায়াৰে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হ’ব বুলি এই কাৰ্য্য কৰিবলৈ অসন্মতি প্ৰকাশ কৰে। (এইটো কাৰণৰ বাবেই কিছুদিনৰ পাছত নায়াৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল)তেতিয়া স্থানীয় আৰক্ষী প্ৰশাসনে এই স্থানৰ প্ৰৱেশদ্বাৰসমূহ বন্ধ কৰি দিয়ে যাতে হিন্দু,মুছলমান কোনো লোকেই ইয়াৰ অভ্যন্তৰত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু একেসময়তে মছজিদৰ ভিতৰত থকা ৰাম-সীতাৰ মূৰ্তি দুটাক পূজা কৰিবলৈ দৈনিক পুৰোহিতক প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। অৰ্থাৎ মছজিদটো কিছু ক্ষেত্ৰত মন্দিৰলৈ পৰিণত হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত “চুন্নী ৱাকফ বৰ্ড” আৰু “অখিল ভাৰতীয় ৰামায়ণ মহাসভা”ই পৃথকে পৃথকে স্থানীয় আদালতত বিবদমান ঠাইখনত নিজৰ নিজৰ অধিকাৰৰ দাবী জনাই আৱেদন দিয়ে। অৱশেষত আদালতে এই ঠাইখন বিতৰ্কৰ ভিতৰত আৰু ন্যায়ালয়ৰ বিচাৰাধীন বুলি ঘোষণা কৰে আৰু ইয়াৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হয়। 

   পুনৰ এই বিতৰ্কটোক গতি প্ৰদান কৰে ১৯৬৪ চনত “বিশ্ব হিন্দু পৰিষদ”ৰ গঠনে। “বিশ্ব হিন্দু পৰিষদ” আৰু “অখিল ভাৰতীয় ৰামায়ণ মহাসভা” দুয়োটা সংগঠন লগ হৈ এইবাৰ সেই বিবদমান এলেকাটো অধিগ্ৰহণ কৰিবলৈ আন্দোলন কৰে। 

   পুনৰ এই বিবদমান ঠাইৰ বাবে জোৰদাৰ আন্দোলন আৰম্ভ হয় ১৯৮০ৰ দশকত। “বিশ্ব হিন্দু পৰিষদে” এই বাবৰি মছজিদ থকা এলেকাটো হিন্দুসকলৰ বুলি পুনৰ দাবী কৰে আৰু তাত মছজিদৰ সলনি ৰামলালা অৰ্থাৎ ৰামৰ বাল্যকালক সোৱঁৰি এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি দাবী জনায়। আৰু এই দাবীৰ ৰাজনৈতিকভাৱে প্ৰচাৰ কৰে ১৯৮০ চনত গঠন হোৱা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে। এইবাৰ ১৯৮৬ চনত জিলা দণ্ডাধীশে এইবুলি ৰায় প্ৰদান কৰে যে এই বিবদমান ঠাইৰ প্ৰৱেশদ্বাৰ অতি শীঘ্ৰে খুলিব লাগে আৰু লগতে হিন্দুসকলক ৰাম-সীতাৰ মূৰ্তিত পূজা-অৰ্চনা কৰিবলৈও অনুমতি প্ৰদান কৰে। আৰু এই ঘোষণাই ৰাম মন্দিৰ নির্মাণৰ সপক্ষে হৈ থকা আন্দোলনক এটা তীব্ৰ গতি দান কৰে। 

   কালক্ৰমত ১৯৯০ চনৰ ছেপ্টেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতা লালকৃষ্ণ আদৱানীয়ে ৰাম মন্দিৰ আন্দোলনৰ সপক্ষে জনজাগৰণ সৃষ্টি কৰিবলৈ আৰু আন্দোলনক গতি প্ৰদান কৰিবলৈ অযোধ্যালৈ “ৰথ যাত্ৰা” আৰম্ভ কৰে। এই ৰথযাত্ৰাৰ ফলত ভাৰতৰ কিছুমান নগৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। আৰু ৰথযাত্ৰাৰ অৱস্থাতে বিহাৰ পুলিচে লালকৃষ্ণ আদৱানীক বিহাৰৰ সমষ্টিপুৰত গ্ৰেপ্তাৰ কৰে। কিন্তু ইয়াৰ পাছতো ক্ষান্ত হোৱা নাছিল “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ”ৰ হিন্দু কৰসেৱকসকল। কৰসেৱকসকল অযোধ্যাত উপস্থিত হয় আৰু বাবৰি মছজিদত আক্ৰমণ কৰিবলৈ উদ্যত হয়। কিন্তু উত্তৰ প্ৰদেশ পুলিচ আৰু পেৰামিলিটাৰী ফৰ্চৰ জোৱানসকলে তেওঁলোকৰ আক্ৰমণৰ চেষ্টাক ব্যৰ্থ কৰে। এই কাৰ্যত বহুতো কৰসেৱকৰ মৃত্যু হয়। এইটো সময়তে ভাৰতীয় জনতা পাৰ্টিয়ে শাসকীয় বিশ্বনাথ প্ৰতাপ সিং চৰকাৰক নিষ্ক্ৰিয় আখ্যা দি কেন্দ্ৰীয় চৰকাৰৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰে। দেশত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ আসন আৰু লাভ কৰা ভোটৰ শতাংশ বৃদ্ধি হয়। লগতে উত্তৰ প্ৰদেশ বিধানসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰে। 

   এইবাৰ ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে বিশ্ব হিন্দু পৰিষদ আৰু ভাৰতীয়  জনতা পাৰ্টিয়ে বাবৰি মছজিদৰ এলেকাত এটা ৰেলীৰ আয়োজন কৰে। এই ৰেলীত আছিল প্ৰায় ডেৰ লাখ ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদৰ হিন্দু কৰসেৱক। এই ৰেলীত জেষ্ঠ্য বিজেপি নেতা লালকৃষ্ণ আদৱানী,মুৰলী মনোহৰ যোশী তথা উমা ভাৰতীয়ে ভাষণ প্ৰদান কৰে। আৰু এই ভাষণৰ দ্বাৰা উত্তেজিত হৈ হিন্দু কৰসেৱকসকলে পাছবেলা বাবৰি মছজিদ ধ্বংস কৰে। মছজিদক সুৰক্ষা দিবলৈ পুলিচ বাহিনী নিয়োগ কৰা হৈছিল যদিও কৰসেৱকৰ সংখ্যাৰ তুলনাত পুলিচ বাহিনী নগণ্য আছিল। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে  বাবৰি মছজিদ ধ্বংস কৰি দিয়া হ’ল। ভাৰতৰ উচ্চতম ন্যায়ালয়ক উত্তৰ প্ৰদেশ চৰকাৰে বাবৰি মছজিদৰ কোনো ক্ষতি নহয় বুলি কথা দিওঁ কথা ৰাখিব নোৱাৰিলে। এই বাবৰি মছজিদৰ ধ্বংসলীলাৰ পাছত দেশৰ বহুত ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ’ল আৰু এইবোৰত প্ৰায় দুহেজাৰ লোক মৃত্যুমুখত পৰে। 

   এই ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ঘটনাৰ তদন্তৰ বাবে হিচাপে ১৬ ডিচেম্বৰৰ দিনা দেশৰ কেন্দ্ৰীয় চৰকাৰে লিবাৰহান আয়োগ গঠন কৰি দিয়ে। এইখনেই আছিল ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া আয়োগ। এই আয়োগৰ ৰিপৰ্টত অটল বিহাৰী বাজপেয়ী,বাল থাকৰে, লালকৃষ্ণ আদৱানী,প্ৰমোদ মহাজন,কল্যান সিং,উমা ভাৰতী,মুৰলী মনোহৰ যোশী,বিজয়া ৰাজে সিন্ধিয়া,অশোক সিংঘল আদিক বাবৰি মছজিদৰ ধ্বংসলীলাৰ বাবে জগৰীয়া কৰে। কিছুমান প্ৰত্যক্ষদর্শীৰ মতে বহুকেইজন নেতাই উত্তেজনামূলক ভাষণ প্ৰদান কৰি জনগণক মছজিদটো ধ্বংস কৰিবলৈ উত্তেজিত কৰিছিল। আৰু লগতে এইটোও কোৱা হৈছে যে তেওঁলোকে ইচ্ছা কৰাহেতেন এই ধ্বংসলীলা স্থগিত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে কৰা নাছিল। 

   বহুতো মুছলমান সংগঠনে বাবৰি মছজিদৰ ধ্বংসলীলাৰ বাবে এতিয়াও ক্ষোভৰ বহিঃপ্ৰকাশ কৰে। ২০০৭ চনত তেতিয়াৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত এম এন গোপাল দাসক বহুতো মুছলমান সন্ত্ৰাসবাদী গোটে হত্যাৰ ভাবুকি দিয়ে। কিছুমান জেহাদী গোটে বাবৰি মছজিদৰ ধ্বংসৰ প্ৰতিক্ৰিয়াস্বৰূপে বহুতো হিংসাত্মক কাৰ্য্য সংঘটিত কৰে।

ক্ৰমশঃ

2.7 6 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2
0
Would love your thoughts, please comment.x
()
x