তথ্যকোষসাময়িকী

মিছাইলমেন- ডঃ এ পি জে আব্দুল কালাম

    ডঃ এ পি জে আব্দুল কালাম-অৰ্থাৎ আবুল পকিৰ জয়নুলাবেদিন আব্দুল কালাম আমাৰ মাজত আব্দুল কালাম হিচাপেই জনপ্ৰিয়। ভাৰতক বিশ্বৰ বুকুত শীৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। দেশ সেৱা আছিল কালামদেৱৰ জীৱনৰ প্ৰথম ব্ৰত যাৰ বাবে তেওঁ সদায় দেশৰ বাবেই কাম কৰি গল। তেওঁ আছিল এজন বিশ্বপ্রসিদ্ধ বিজ্ঞানী আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি। তেওঁক “মিছাইলমেন” অভিধাৰে সকলোৱে চিনি পায়। কালামদেৱ আছিল জনগণৰ ৰাষ্ট্ৰপতি। তেওঁ সদায় সহজ-সৰল জীৱন যাপন কৰাত গুৰুত্ব আৰোপ কৰিছিল। 

    এইজনা মহান বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ জন্ম হয় ১৯৩১ চনৰ ১৫ অক্টোবৰত,সেইসময়ৰ মাদ্ৰাজ ৰাজ্যৰ অন্তৰ্গত ৰামেশ্বৰমত। তেওঁৰ পিতৃৰ নাম আছিল জয়নুলাবেদিন আৰু মাতৃ আছিল আচিয়াম্মা। কালামদেৱৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান স্বচ্ছল নাছিল কিন্তু তেওঁলোক উদাৰ,সুখী আৰু সুহৃদ আছিল। কালামদেৱৰ দেউতাকৰ নাৱৰ ব্যৱসায় আছিল

    আব্দুল কালামদেৱ পঢ়া শুনাত সৰুৰে পৰাই ভাল আছিল। তেওঁ প্ৰথম ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয় নামভৰ্তি কৰে। তাৰপাছত কালামদেৱে ৰামনাথপুৰত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ১৯৫০ চনত তাৰ পৰা পাছ কৰি কালামদেৱে তিৰুবিনাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা ১৯৫৪ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’ল’জীত নামভৰ্তি কৰে আৰু তাৰ পৰা এৰ’স্পেছ ইঞ্জিনীয়াৰিংত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

    পঢ়া শুনা শেষ কৰে এইবাৰ আব্দুল কালামদেৱে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে। প্ৰথমে কালামে দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত জ্যেষ্ঠ বিজ্ঞানীৰ সহায়কৰূপে কাম কৰে। তাত তেওঁ মাহেকত ২৫০ টকাকৈ দৰমহা লাভ কৰিছিল। 

    তাৰপাছত কালামদেৱে ডি আৰ ডি অ’ৰ বেংগালুৰৰ “এৰ’নটিকেল ডেভেলপমেণ্ট এছটাবলিচমেণ্ট”ত মুখ্য বিজ্ঞানী হিচাপে যোগদান কৰে। ইয়াতে তেওঁ তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ দ্বাৰা এখন হোভাৰক্ৰাফ্ট নিৰ্মাণ কৰে আৰু তাৰ নাম দিয়ে “নন্দী”। এই যানখনত কালামদেৱে নিজে চলাই তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননক উঠাইছিল। তাৰপাছত কালামদেৱে ভাৰতীয় মহাকাশ গৱেষণা সমিতিৰ ৰকেট ইঞ্জিনীয়াৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপাছতেই আব্দুল কালামদেৱক নাছালৈ ছমাহৰ প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। 

Embed from Getty Images

ছাত্ৰ-ছাত্ৰীৰ সৈতে কালাম

    ১৯৬৯ চনত আব্দুল কালামদেৱক ইছৰোলৈ বদলি কৰা হয়। আৰু তাত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগা ৰকেট এছ এল ভি-৩ ৰ তেওঁ প্ৰকল্প নিৰ্দেশকৰূপে নিযুক্তি লাভ কৰে। আৰু এই ৰকেটেই ভাৰতীয় কৃত্ৰিম উপগ্ৰহ “ৰোহিনী”ক কক্ষপথত সংস্থাপিত কৰে। ১৯৭০ চনত কালামদেৱে দুটা নতুন প্ৰজেক্টৰ দায়িত্বত লাভ কৰিলে। সেই প্ৰজেক্টকেইটা আছিল এছ এল ভি ৰকেটৰ প্ৰযুক্তিৰ দ্বাৰা বেলিষ্টিক মিছাইল নিৰ্মাণ। প্ৰজেক্ট দুটাৰ নাম আছিল “প্ৰজেক্ট ডেভিল” আৰু “প্ৰজেক্ট ভেলিয়েন্ট”। 

    কালামদেৱ ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা “স্মাইলিং বুদ্ধ”ৰো এজন প্ৰতিনিধি আছিল। 

    ১৯৮২ চনত কালামদেৱে ডি আৰ ডি এলত নিযুক্তি লাভ কৰে। আৰু তাতেই তেওঁ এক সপোনৰ জন্ম দিলে “গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম”। দেশীয় ক্ষেপনাস্ত্ৰ নিৰ্মাণৰ এক কমিটি গঠন কৰিলে আৰু তাৰ অধ্যক্ষ হ’ল ডঃ আব্দুল কালাম নিজেই। এই প্ৰকল্পটিৰ বাবে এক বৃহৎ পৰিমাণৰ ধন ৩৮৮ কোটি লাভ কৰিছিল। আৰু লাহে লাহে কালামৰ দৰে মিছাইল নিৰ্মাণৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলে। ১৯৮৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰথম ভাৰতীয় মিছাইল “ত্ৰিশূল” উৎক্ষেপন কৰা হ’ল। আৰু ১৯৮৮ ৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতে কালাম ডাঙৰীয়াৰ নেতৃত্বত লাভ কৰিলে আন এক সফলতা। সেইদিনা উৎক্ষেপন কৰা হ’ল পৃথ্বী মিছাইল যি পাৰমাণৱিক ক্ষমতাসম্পন্ন আছিল। আৰু তাৰপাছত যথেষ্ট ক্ৰুটি থকাৰ পাছতো ১৯৮৯ৰ ২২ মে’ত কালাম ডাঙৰীয়াৰ নেতৃত্বত দেশে উৎক্ষেপন কৰিলে “অগ্নি” মিছাইল। আৰু তাৰপাছত ক্ৰমান্বয়ে “নাগ” আৰু “আকাশ” এনেদৰেই দেশত মিছাইল সৃষ্টিৰ পথ দেখাই থৈ গ’ল এই বিশ্ববিখ্যাত বিজ্ঞানীজনে।

    ১৯৯২ ৰ পৰা ১৯৯৯লৈ আব্দুল কালামদেৱে ডি আৰ ডি অ’ৰ সচিব আৰু প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাতে ভাৰতে “পোখৰান – ২” ৰ সফল পৰীক্ষণ কৰে আৰু ইয়াত আব্দুল কালামে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই কাৰ্যত কালামদেৱে ৰাজনৈতিক আৰু প্ৰযুক্তিগত দুয়োটা দিশতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৯৮ ত কালামদেৱে হৃদৰোগ বিশেষজ্ঞ  ডঃ ছুমা ৰাজুৰ সৈতে এক কমখৰচী কৰনেৰী ষ্টেণ্ড নিৰ্মাণ কৰি উলিয়ায় যাৰ নামকৰণ কৰা হয় “কালাম-ৰাজু ষ্টেণ্ড” নামেৰে। ১৯৯৯ৰ পৰা ২০০১ চনলৈ কালামদেৱ ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা আছিল আৰু লগতে কেন্দ্ৰীয় কেবিনেটৰ  “চায়েনটিফিক এডৱাইজৰী কমিটি”ৰ চেয়াৰমেন আছিল। 

    কালামদেৱে সকলো পদ অধিকাৰ কৰি শেষত ভাৰতৰ সৰ্বোচ্চ পদটোতো অধিষ্ঠিত হয়। ২০০২ চনৰ ২৫ জুলাই তাৰিখে আব্দুল কালামদেৱে ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। আৰু ২০০৭ চনলৈ তেখেতে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰে। 

    ২০১২ চনত কালামদেৱে তেওঁৰ বন্ধু ডাঃ ছুমা ৰাজুৰ সৈতে স্বাস্থ্যৰ ক্ষেত্ৰত এটা টেবলেট ডিজাইন কৰিলে যাক “কালাম-ৰাজু টেবলেট”নামে জনা যায়। 

    আব্দুল কালামদেৱে দুখনমান গ্ৰন্থও লিখি  কৰি থৈ গৈছে। সেইকেইখন হ’ল – “ইণ্ডিয়া ২০২০-এ ভিছন ফৰ দা নিউ মিলেনিয়াম”,”ছিলড্ৰেন আস্ক কালাম”,”ছায়েন্টিষ্ট টু প্ৰেচিডেন্ট”,গাইডিং চউলছ-ডাইলগছ অন দা পাৰপজ অফ লাইফ”,”এনভিশ্যনিং এন এমপাৱাৰ্ড নেচন-টেকন’ল’জী ফৰ চচিয়েল ট্ৰেন্সফাৰ্মেশ্বন” আদি। 

    আব্দুল কালামদেৱৰ আত্মজীৱনীখনৰ নাম হ’ল “উইংগছ অফ ফায়াৰ”

    সদায় জনতাৰ বাবে উৎসৰ্গিত বিজ্ঞানী ডঃ আব্দুল কালামদেৱৰ মৃত্যু হয় ২০১৫ চনৰ ২৭ জানুৱাৰী তাৰিখে মেঘালয়ৰ শ্বিলঙৰ বেথানী হাস্পতালত। শ্বিলঙৰ আই আই এমত তেওঁ Livable Planet Earthৰ ওপৰত বক্তৃতা দি থাকোতেই অসুস্থ হয় আৰু তাৰপৰাই আমাৰ মাজৰ পৰা হেৰাই যায় কালামদেৱ।  

তেখেতে লাভ কৰা সন্মানসমূহ-

১৯৮১ – পদ্মভূষণ

১৯৯০ – পদ্মবিভূষণ

১৯৯৭ – ভাৰত ৰত্ন

 ১৯৯৭ – ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা

 ১৯৯৮ – বীৰ চাভাৰকাৰ বঁটা

২০০০ – ৰামানুজন বঁটা

২০০৭ –  University of Wolverhampton, U.K ৰ Honorary Doctorate of Science

২০০৭ – Royal Society,U. K. ৰ  King Charles 2 Award

২০০৮ – Nanyang Technological University, Singapore ৰ Doctor of Engineering

২০০৯ – California Institute of Technology,USA ৰ International von Kármán Wings Award

২০০৯ – ASME Foundation, USA ৰ Hoover Medal

২০১০- University of Waterloo ৰ Doctor of Engineering

২০১১- IEEE Honorary Membership

২০১২ – Simon Fraser University ৰ Doctor of Laws

২০১৩- National Science Society ৰ Von Brown Award

২০১৪- Edinburgh University, UK ৰ Doctor of Science

    কালামদেৱ ভাৰতৰ এক অমূল্য ৰত্ন আছিল। দেশৰ বাবে তেওঁ যি কৰি গ’ল সেই কাৰ্যৰ বাবে সমূহ দেশবাসীয়ে তেওঁক সদায় মনত থব। দেশৰ বৈজ্ঞানিক ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x