আধুনিক অসমীয়া ভাষাঃ এক ভাষাতাত্বিক বিশ্লেষণ
ভাষাতাত্বিক দিশৰ পৰা অসমীয়া ভাষা মূলতঃ পূৰ্ব ভাৰতীয় এটা আৰ্যভাষা। আৰু পূৰ্ব ভাৰতীয় আৰ্যভাষা হৈছে পৃথিৱীৰ উল্লেখযোগ্য ভাষা পৰিয়ালসমূহৰ অন্যতম ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। চতুৰ্দশ শতিকাৰ পৰা আজিৰ তাৰিখলৈকে অসমীয়া ভাষাই ভিন্ন সময়ত নিজা লিপি আৰু লিখিত সাহিত্যতে সমৃদ্ধ হৈ আজিৰ ৰূপ পৰিগ্ৰহণ কৰিছে। অসমীয়া সাহিত্যৰ যুগ বিভাগৰ দৰে অসমীয়া ভাষাৰো কেইটামান স্তৰ বা যুগত ভাগ কৰিব পাৰি। ইয়াৰে আধুনিক অসমীয়া ভাষাৰ স্তৰকেইটা হ’ল- ‘অৰুণোদয়’ স্তৰ(১৮২৬-১৮৮৮), ‘জোনাকী’ স্তৰ(১৮৮৯-১৯৪৬), ‘যুদ্ধোত্তৰ’ স্তৰ(১৯৪৬-১৯৯০), ‘সাম্প্ৰতিক’ স্তৰ(১৯৯০-বৰ্তমানলৈ)। আধুনিক অসমীয়া ভাষাৰ এই স্তৰকেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।
ক) অৰুণোদয় স্তৰঃ
অসমীয়া ভাষাৰ আধুনিক স্তৰ আৰম্ভ হয় ইংৰাজৰ ৰাজত্বৰ সময়ৰ পৰা। যদিও ১৮১৩ চনত আত্মাৰাম শৰ্মাই কৰা অসমীয়া ‘নিউ টেষ্টামেন্ট’ অৰ্থাত্ ‘ধৰ্মপুস্তকে’ ছপাৰূপ পোৱাৰ পৰাই আধুনিক অসমীয়া ভাষাৰ আৰম্ভণি বুলি ধৰা হয়। ১৮৪৬ চনত প্ৰকাশিত অৰুনোদই আলোচনীৰ জন্মৰে পৰা জোনাকীৰ সময়লৈকে এই সময়চোৱাক অৰুণোদয় যুগ হিচাপে চিহ্নিত কৰা হৈছে। ১৮৩৬ চনত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকল অসমলৈ আহে। তেওঁলোকে অসমীয়া ভাষাত ব্যাকৰণ ৰচনা কৰাৰ লগতে ১৮৪৬ চনত অৰুনোদই আলোচনী প্ৰকাশ কৰে। এই সময়চোৱাতে অসমীয়া ভাষাই এক শৃংখলিত ৰূপ পায়। বিশেষকৈ মিছনেৰীসকলে অসমীয়া বৰ্ণবিন্যাসৰ ক্ষেত্ৰত এক শৃংখলা আনিবলৈ যত্ন কৰিছিল। এই স্তৰৰ অসমীয়া ভাষাৰ ঠাঁচ তথা ৰীতি বহু বৈচিত্ৰ্যময় আৰু বৈশিষ্টপূৰ্ণ। মিছনেৰীসকলে কথিত ভাষাৰ উচ্চাৰণ অনুসৰি অসমীয়া ভাষাৰ এটা নতুন বৰ্ণ বিন্যাস ৰীতি উদ্ভাৱন কৰিছিল। হস্ব্ৰ স্বৰ আৰু দীৰ্ঘ স্বৰৰ ঠাইত হস্ব্ৰ স্বৰৰ প্ৰয়োগ, যেনে- ইশ্বৰ, গিয়ানি, পানি; দন্ত্য আৰু মূৰ্ধণ্যৰ সলনি দন্ত্যৰ প্ৰয়োগ, যেনে- বৰখুন, দখিন, সোন; ‘চ’ আৰু ‘ছ’ ৰ ঠাইত ‘চ’ ৰ ব্যৱহাৰ, যেনে- খুইচে, আচিল, মিচলিয়া; ‘ঙ’ ৰ ঠাইত ‘ঙ্গ’ ৰ প্ৰয়োগ, যেনে- চিঙ্গি, ফৰিঙ্গ, ওপঙ্গাই, লাঙ্গল ইত্যাদি ধ্বনিতাত্বিক বৈশিষ্ট দেখিবলৈ পোৱা যায়।
ৰূপতাত্বিক বৈশিষ্ট্যৰ ক্ষেত্ৰতো হঁত, সকল, বিলাক, বোৰ, চাৰেক আদি বহুবচনাত্মক প্ৰত্যয়ৰ ব্যৱহাৰ; টো/টে আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ পোৱা যায়। প্ৰাচীন অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ‘আপুনি’ সৰ্বনাম শব্দ নিজ অৰ্থত ব্যৱহাৰ নকৰি সম্ভ্ৰমসূচক দ্বিতীয় পুৰুষত ব্যৱহাৰ হ’বলৈ ধৰিলে। অৰুনোদই শব্দমালাৰ ইংৰাজী অনুবাদ শব্দ কিছুমানৰ নতুন ব্যৱহাৰ দেখা যায়। যেনে-শিলপানী(বৰফ), লতা পনিয়ল(আঙুৰ), নাগমাটি(কয়লা), ঘামকাল(গ্ৰীষ্ম), মাজুলি(আইলেণ্ড), পহুঘৰ(জু), বিজুলী ডাক(টেলিগ্ৰাম), ভাপৰ নাও(ষ্টিম বুট) ইত্যাদি।
এইদৰে ‘অৰুণোদয়’ যুগতে অসমীয়া ভাষাই এটা নতুন ঠাঁচ পৰিগ্ৰহণ কৰে। অৰুণোদয় কালৰে অসমীয়া লেখক আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ ৰচনাৱলীটো অসমীয়া ভাষাই এটা সুকীয়া ঠাঁচ লৈছিল। প্ৰকৃতাৰ্থত হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাস পদ্ধতিৰেই বৰ্তমানে অসমীয়া ভাষা চলি আছে।
খ) জোনাকী স্তৰঃ
অৰুনোদই কাকতৰ পাছতে অসমীয়া ভাষা সাহিত্যৰ আন এক যুগান্তকাৰী আলোচনী ‘জোনাকী’(১৮৮৯)ৰ জন্ম হয়। জোনাকী আলোচনীৰ জন্মৰে পৰাই আৰম্ভ হয় জোনাকী যুগৰ। এই যুগক ৰমন্যাস যুগ, বেজবৰুৱা যুগ বুলিও অভিহিত কৰা হয়। জোনাকী যুগতে অসমীয়া ভাষাটোৱে এটা পৰিমাৰ্জিত ৰূপ পৰিগ্ৰহণ কৰে। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাক অনুসৰণ কৰি পদ্মনাথ গোঁহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ, শৰত্চন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, অতুলচন্দ্ৰ হাজৰিকা প্ৰভৃতি সাহিত্যিকসকলে অসমীয়া ভাষাটোক বিভিন্ন অৱদানেৰে সমৃদ্ধ কৰি তোলে। তদুপৰি এই যুগটোতে ‘আসাম বিলাসিনী’, ‘আসাম নিউজ’, ‘আসাম বন্ধু’, ‘ল’ৰা বন্ধু’ আদি ভালেমান আলোচনীৰ জন্ম হ’ল আৰু বিলুপ্তিও ঘটিল। প্ৰৱন্ধ সাহিত্য, উপন্যাস সাহিত্য, আধুনিক নাটক, জীৱনী, ভ্ৰমণ সাহিত্য, ব্যংগ ৰচনা আদি সাহিত্যৰ অন্যান্য দিশৰ ওপৰত আলোকপাত কৰি অসমীয়া ভাষাক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। এই সময়চোৱাৰ ৰচনাত ধ্বনি, ৰূপ, বাক্য, শব্দ প্ৰয়োগ সকলোতে এটি পৰিৱৰ্তনে দেখা দিলে।
‘অৰুণোদয়’ স্তৰৰ ভাষাৰ দৰে এই যুগৰ ভাষাতো ‘ঙ্গ’ প্ৰয়োগ কৰিছিল, যেনে- ৰণশিঙ্গা, ভেঁঙ্গুচালি, বিৰিঙ্গি ইত্যাদি। মান্য অসমীয়া ভাষাৰ আৰম্ভণিত উ, আ ধ্বনিযুক্ত শব্দ ক্ৰমে ‘অ’ আৰু ‘এ’ লৈ পৰিৱৰ্তন ঘটিছিল। যেনে- এগাগৰি, এজাউৰি, এখামোচ, এচমকা, এঢুকা, পাচমহা ইত্যাদি। পদ্মনাথ গোঁহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই বহু ইংৰাজী শব্দ অসমীয়াত লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিছিল। যেনে- নৰিয়াবিদায়(Sickleave), ভিতৰবিশ্বাস(Confidential), হাত জোকাৰণি চালামী(Handshake), মূলধন(Capital), নিজঘৰ(Home-sick) ইত্যাদি।
এইদৰে জোনাকী যুগৰ অন্যান্য লেখকসকলেও পদ্মনাথ গোঁহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পথকে অনুসৰণ কৰি সাহিত্য ৰচনা কৰি আধুনিক অসমীয়া ভাষাটোক অধিক সমৃদ্ধিশালী কৰি তুলিলে।
গ) যুদ্ধোত্তৰ স্তৰঃ
১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাই অসমকো কঁপাই তুলিলে। মহাযুদ্ধই অসমৰ জাতীয় জীৱনলৈ নানান দুৰ্যোগ আৰু বিপৰ্যয় নমাই আনিলে। অসমৰ ৰাজনৈতি, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে আমূল পৰিৱৰ্তনৰ সূচনা কৰিলে। মানুহৰ মূল্যবোধ আৰু মানসিকতাৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। সাহিত্যৰ বিষয়বস্তু তথা পটভূমিৰো পৰিৱৰ্তন ঘটিল আৰু ইয়াৰ লগে লগে ভাষা-সাহিত্যৰ গতি প্ৰকৃতিৰো সলনি হ’ল। ৰোমান্টিক ভাৱধাৰাৰ পৰিৱৰ্তে বাস্তৱ আৰু প্ৰগতিশীল সাহিত্যৰ সৃষ্টি হ’ল। গতিকে যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ নতুন প্ৰকাশভংগীৰে অসমীয়া ভাষাৰো গতি-প্ৰকৃতি সলনি কৰি পেলালে।
বিশেষকৈ এই যুগৰ ৰচনাত নতুন নতুন শব্দ সংযোজন, পূৰ্বে ব্যৱহাৰ নোহোৱা দেশী-বিদ্শী শব্দৰ প্ৰচুৰ প্ৰয়োগ, চিত্ৰকল্পৰ প্ৰয়োগ, মুক্তক আৰু স্পন্দিত গদ্যৰ ছন্দৰ পৰিৱৰ্তনৰ লগতে স্বাধীনতা আন্দোলন আৰু দ্বিতীয় মহাযুদ্ধৰ লগত জড়িত বহু শব্দৰ প্ৰয়োগ দেখিবলৈ পোৱা গ’ল। যেনে- উদভ্ৰান্ত ছন্দ, জৰাসন্ধৰ কঙ্কাল, অগ্নিকণা, সৰীসৃপ চেঁচা, শ্মশান যাত্ৰা, জীৱাশ্ম, তামৰঙী, বিভীষিকা, হিৰুচিমা, নাগাচাকি, কোৰিয়া, বাৰুদ, কফিন, ফিনিক্স, ক্ৰুছ আদি।
এই সময়চোৱাৰ সাহিত্য ৰচনাই অসমীয়া ভাষাটোৰ অভাৱনীয়ভাৱে পৰিৱৰ্তন আনিলে যদিও নতুন মূল্যবোধ আৰু চিন্তা-চেতনা প্ৰকাশৰ বাবে এক নতুন ভাষা-ৰীতিও গঢ় লোৱাত ইন্ধন যোগালে।
ঘ) সাম্প্ৰতিক স্তৰঃ
অসমীয়া ভাষাৰ সাম্প্ৰতিক স্তৰটো কেতিয়াৰে পৰা আৰম্ভ হৈছে তাৰ সীমাৰেখা নিৰ্ণয় কৰা টান। তথাপি বিংশ শতিকাৰ ৮০/৯০ দশকমানৰ পৰা অসমীয়া ভাষাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ধাৰা এটা লক্ষ্য কৰা যায়। বৰ্তমান সময়ৰ বিশ্বায়নৰ প্ৰভাৱত সাম্প্ৰতিক অসমীয়া ভাষাটোৰ যথেষ্ট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়।
সাম্প্ৰতিক অসমীয়া ভাষাৰ ধ্বনিতাত্বিক দিশত দেখা যায় যে- নিভাঁজ অসমীয়া উচ্চাৰণমতে দুটা আ-আ ধ্বনি ওচৰা-ওচৰিকৈ উচ্চাৰিত নহয়, তাৰ পৰিৱৰ্তে আগৰ স্থানৰ আ, ‘এ’ বা অ’ লৈ ৰূপান্তৰিত হয়। কিন্তু সাম্প্ৰতিক কালৰ অসমীয়া ভাষাত এই নিয়ম স্বাভাৱিকতে পৰিলক্ষিত নহয়। যেনে- পাঠা(পঠা), চাকা(চকা), পাকা(পকা), আন্ধাৰ(এন্ধাৰ), হাজাৰ(হেজাৰ), জানা আছে(জনা আছে) ইত্যাদি। অসমীয়া ভাষাৰ উপধা অক্ষৰৰ পৰিৱৰ্তে সাম্প্ৰতিক সময়ত শ্বাসাঘাত আদ্য বা অন্ত্যাক্ষৰত পৰে। যেনে- তিনি > তিন্(তিনিচুকীয়া), চাৰি > চাৰ্(চাৰিআলি), পুৰণি > পুৰণা ইত্যাদি।
ৰূপতাত্বিক বৈশিষ্ট্যৰ ক্ষেত্ৰটো দেখা যায় যে অসমীয়া নিৰ্দেশবোধক মান্যাৰ্থক তেখেত, এখেত আদি ৰূপৰ ব্যৱহাৰ দেখা নাযায়। অসমীয়া কৈ, ৰূপে, ভাৱে আদি প্ৰত্যয়ান্ত ৰূপৰ পৰিৱৰ্তে হিন্দী সে(ছে) ৰূপৰ বহুল ব্যৱহাৰ দেখা যায়। যেনে- কমছেকম, সবছে, ঠিকছে ইত্যাদি। সাম্প্ৰতিক অসমীয়া ভাষাৰ শব্দগত আৰু বাক্যৰীতিৰ ক্ষেত্ৰটো বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিৰ প্ৰভাৱত ব্যাপক পৰিৱৰ্তন ঘটিছে।
ভাষা সদায় পৰিৱৰ্তনশীল। যুগৰ, সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলোবোৰৰে পৰিৱৰ্তন অৱশ্যাম্ভী। সাম্প্ৰতিক বিশ্বায়নৰ প্ৰভাৱে অসমীয়া ভাষাৰ গতি-প্ৰকৃতিক সলনি কৰাৰ উপক্ৰম ঘটিছে। কিন্তু এই পৰিৱৰ্তনৰ লগত অসমীয়া ভাষাটোৰ মূলৰূপ অক্ষুণ্ণ ৰাখি সহাৱস্থান কৰাটোহে সমিচীন হ’ব।
সহায়ক গ্ৰন্থপঞ্জীঃ
১) ভাষা সাহিত্যৰ বিবিধ চিন্তা- ড০ অৰ্পণা কোঁৱৰ
২) অসমীয়া ভাষাৰ অধ্যয়ন- ড০ অনুপ কুমাৰ বৰুৱা
৩) অসমীয়া আৰু অসমৰ ভাষা-উপভাষা- ড০ উপেন ৰাভা হাকাচাম
[…] আধুনিক অসমীয়া ভাষাৰ এই স্তৰটোৰ বিশেষত্ব ধ্বনিগত, ৰূপগত, […]