তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

মহান অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকন

    অসমীয়া চিনাকি দি আমি সকলোৱে ভাল পাওঁ কিন্তু প্ৰায়ে লক্ষ্য কৰোঁ আমি নিজৰ ভাষাটো চৰ্চা আৰু প্ৰয়োগ কৰাত বহু অৱহেলা কৰোঁ। কিন্তু আমি অসমীয়াই এনে এজন অসমীয়া লাভ কৰিছোঁ যিজনে অসমীয়া ভাষা অসমত পুনৰ প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰি গ’ল-তেওঁ আছিল আনন্দৰাম ঢেকিয়াল ফুকন। এজন প্ৰকৃত অসমীয়া আছিল আনন্দৰাম ঢেকিয়াল ফুকন। 

    ইংৰাজী ১৮২৯ চনৰ ২৪ আগষ্ট তাৰিখে হলিৰাম ঢেকিয়াল ফুকনৰ জ্যেষ্ঠ পুত্র আনন্দৰাম ঢেকিয়াল ফুকনৰ গুৱাহাটীত জন্ম হয় ।  পাঁচ বছৰ বয়সত বিদ্যাৰম্ভৰ পিছতেই তেওঁক দেউতাকে ঘৰতে সংস্কৃত শিক্ষা দিয়াইছিল আৰু অতি কম বয়সতে তেওঁ সংস্কৃতৰ বহু জ্ঞান লাভ কৰিছিল ।  ১৮৩৭ চনত আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ প্ৰথম বিদ্যালয় গুৱাহাটী গভর্নমেন্ট চেমিনাৰীত নাম লগায় আৰু তেওঁ প্রথমৰে পৰাই সদায় ইংৰাজী আৰু সংস্কৃতত সর্বোচ্চ নম্বৰ লাভ কৰিবলৈ সমর্থ হয় ।

    সেই সময়ৰ অসমৰ কমিছনাৰ জেনকিনস্থ চাহাব আৰু আন আন উচ্চ ইংৰাজ বিষয়াসকলে আনন্দৰামৰ দেউতাকক আনন্দৰামক কলকাতালৈ গৈ পঢ়িবলৈ পঠিয়াবলৈ পৰামর্শ দিয়ে , কিন্তু প্রথমে তেওঁৰ মাতৃ আৰু আইতাকে ইয়াত আপত্তি কৰিছিল । তথাপিও কিন্তু আনন্দৰামৰ নিজ ইচ্ছাত তেওঁলােক সন্মত হ’বলৈ বাধ্য হৈছিল ।  এইদৰে ।  অতিকম বয়সতে আনন্দৰাম ঢেকিয়াল ফুকনে লগত এজন ব্রাহ্মণ ৰান্ধনি , এজন ভঁৰালী আৰু এজন লগুৱা লৈ ১৮৪১ চনত আনন্দৰামে কলকাতালৈ অধ্যয়নৰ বাবে যায়। কলকাতাত আনন্দৰামে হিন্দু কলেজত নামভৰ্তি কৰে আৰু তাত তিনি বছৰ কাল অধ্যয়ন কৰে। 

    আনন্দৰামে বৰ শুৱলাকৈ বাংলা ভাষা ক’ব পাৰিছিল। তেওঁৰ এই কথাই তেওঁক কলকাতাত বৰ সহায় কৰিছিল কিয়নো তাত আনন্দৰামে কলকাতাৰ বহুতো প্ৰখ্যাত বাঙালী ব্যক্তিৰ লগত চিনা-পৰিচয় হৈছিল। ইয়াৰোপৰি তেওঁ অসমৰ সম্ভ্ৰান্ত বংশৰ হোৱাহেতুকে তেওঁক তাত সকলোৱে মৰম কৰিছিল।  কলকাত্ৰাত শিক্ষা শেষ কৰি তেওঁ পুনৰ অসমলৈ উভতি আহে কিন্তু তেওঁৰ জ্ঞানপিপাসুতা হ্ৰাস হোৱা নাছিল। তেতিয়া গুৱাহাটীত মেন ব্লেণ্ড নামৰ এজন ইংৰাজ মিছনেৰী চাহাব আছিল । আনন্দৰাম ঢেকিয়াল ফুকনে সেই চাহাবৰ ওচৰত সদায় পঢ়িবলৈ গৈছিল কিয়নো সেই মেন ব্লেণ্ড চাহাব অক্সফোর্ড বিশ্ববিদ্যালয়ৰ স্নাতক আছিল। 

    আনন্দৰাম কলকাতাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ষোল্ল বা সােতৰ বছৰ। সেইসময়ত বাল্যবিবাহৰ প্ৰচলন থকাৰ বাবে আনন্দৰামৰ পৰিয়ালে তেতিয়া তেওঁৰ বিবাহৰ কথা চিন্তা কৰিছিল। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকন বাল্যবিবাহৰ বিবাহৰ ঘোৰ বিৰােধী অছিল। কিন্তু পৰিয়ালৰ তীব্ৰ হেঁচাৰ বাবে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। ১৮৪৫ চনৰ  বহাগৰ এটা দিনত পশুপতি ফুকনৰ কন্যা মাহিন্দ্ৰী দেৱীৰ সৈতে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিবাহ হয়। তেতিয়া স্ত্ৰী শিক্ষাৰ ইমান প্ৰচলন নাছিল। মাক দেউতাকৰ ঘৰত কন্যাক লিখা-পঢ়া শিকোৱা হোৱা নাছিল। কিন্তু সকলোৰে ব্যতিক্ৰম হৈ আনন্দৰাম ঢেকিয়াল ফুকনে নিজে পত্নীক লিখা পঢ়া শিকাইছিল আৰু কিছুদিনৰ ভিতৰতে তেওঁৰ পত্নী মাহিন্দ্ৰী দেৱীয়ে লিখা -পঢ়া শিকিছিল । এনেদৰেই আনন্দৰাম ঢেকিয়াল ফুকনে স্ত্ৰী শিক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল আৰু সকলোকে স্ত্ৰীশিক্ষা দিবলৈ উৎসাহ যোগাইছিল। 

    বিয়াৰ পিছতে আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীত প্রধান সদৰামীনৰ ওচৰত বহি বিচাৰৰ পদ্ধতিৰ শিক্ষা লৈছিল । আৰু কিছুদিনৰ ভিতৰতে আনন্দৰামই এই বহি বিচাৰৰ পদ্ধতি সুন্দৰকৈ আয়ত্ত কৰিলে। সেইসময়ত গুৱাহাটীত ইংৰাজী জনা লোকৰ সংখ্যা এপাচি শাকত এটা জালুকৰ দৰে আছিল। সেয়েহে আনন্দৰাম ঢেকিয়াল ফুকনে তেতিয়া তেওঁৰ ইংৰাজীৰ দক্ষতাৰ বাবে সাধাৰণ লোকসকলক আইনী ক্ষেত্ৰত ইংৰাজীত লিখি মেলি দি বা ইংৰাজীত থকা কাগজ অসমীয়ালৈ ভাঙনি কৰি দি সহায় কৰিছিল। কিন্তু এই কামৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কাৰো পৰা কোনো মাননি লোৱা নাছিল। 

    ইয়াৰ পিছতে আনন্দৰাম ঢেকিয়াল ফুকনক তেতিয়াৰ ইংৰাজ চৰকাৰে নলবাৰীত চৌধুৰী পদত নিযুক্তি দিছিল। একেসময়তে তেওঁ অবিভক্ত গােৱালপাৰা জিলাৰ ৰঙামাটিৰ জমিদাৰ প্ৰতাপ চন্দ্ৰ আৰু বিজনীৰ ৰজাক ভূমি সম্পৰ্কীয় বিষয়ত সহায় কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকন বিজনীৰ ৰজাৰ দেৱানো আছিল। 

    বিজনী ৰজাৰ দেৱান হৈ থাকোতেই ১৮৫০ চনৰ অক্টোবৰত ইংৰাজ চৰকাৰে আনন্দৰাম ঢেকিয়াল ফুকনক অস্থায়ীভাবে নগাঁৱৰ ” চাব – এছিছষ্টেণ্ট ” পদত নিযুক্তি দিয়ে। নগাঁৱত থাকোঁতেও তেওঁ কৃতজ্ঞতাৰ চিনস্বৰূপে তাৰ পৰাই বিজনী ৰজাৰ ৰাজকার্যত পাৰ্যমানে সহায় কৰিছিল ।  ৰাজকীয় কার্য বিশেষকৈ ৰাজহ বিষয়ৰ কামত আনন্দৰাম ঢেকিয়াল ফুকনে ইমান নিয়াৰিকৈ কৰিছিল যে এনে বিষয়ৰ সকলাে সেন নিস্পত্তি কৰিবলৈ তেওঁক নলবাৰী , গােৱালপাৰা আদি ঠাইলৈকো বদলি কৰা কৰিছিল।  সেই ঠাইৰ কাম – কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ পিছত আনন্দৰামক পুনৰ নগাঁৱলৈ বদলি কৰে। 

    তাৰপাছতেই তেওঁক নগাঁও জিলাৰ এছিছষ্টেণ্ট কমিছনাৰ পদ দিয়া হৈছিল । আনকি ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ সময়তাে জিলা চম্ভালাৰ দায়িত্ব আনন্দৰাম ঢেকিয়াল ফুকনক অকলশৰীয়াকৈ দিয়া হৈছিল।  নগাঁৱত চাকৰিকালতেই কৰি ১৮৫৯ চনৰ ১৬ জুনৰ দিনা মাত্র ২৯ বছৰ বয়সতে আনন্দৰাম ঢেকিয়াল ফুকনৰ দেহাৱসান ঘটে।  জীয়াই থকাৰ প্রবল ইচ্ছা আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ।  ব্যক্তিগত চিকিৎসকক মৃত্যুৰ আগমুহুর্তত তেওঁ কাতৰভাৱে প্রার্থনা কৰিছিল— “ ডাক্তৰবাবু মােক জীয়াই ৰাখক ।  মােৰ বহু কাম কৰিবলগীয়া আছে। “কিন্তু তেওঁৰ সকলো আশা ভংগ হৈ তেওঁৰ মৃত্যু হয়। 

    মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ যায় ।  তেওঁৰ বৰপুত্র অন্নদাৰাম ঢেকিয়াল ফুকন এজন বিশিষ্ট ব্যবসায়ী আছিল ।  তেওঁ অসমৰ আন এগৰাকী দেশহিতৈষী মাণিক চন্দ্ৰ বৰুৱাৰ সৈতে পশ্চিমীয়া আৰ্হিৰে চাহ আৰু কাঠৰ ব্যৱসায় কৰিছিল।  তেওঁলােকৰ বৰুৱা ফুকন ব্ৰাদার্শ ” নামৰ ব্যৱসায় – প্রতিষ্ঠানটো আছিল অসমৰ প্রথম যুটীয়া ব্যৱসায়িক প্রতিষ্ঠান। আনজন পুত্ৰ ৰাধিকাৰাম ঢেকিয়াল ফুকন জার্মানীৰ বার্লিন বিশ্ববিদ্যালয়ৰ পবা ডক্টৰেট ডিগ্রী লাভ কৰা প্ৰথম অসমীয়া । তেওঁৰ একমাত্র জীয়াৰী পদ্মাৱতী দেৱী অসমৰ সাহিত্য জগতৰ এটা বিখ্যাত নাম।  

    উদাৰ মনৰ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া জাতি আৰু অসমীয়া ভাষাক মনে – প্রাণে ভাল পাইছিল। ইং ১৮৪৬ চনত প্ৰথমখন অসমীয়া সংবাদ পত্ৰ অৰুণাদই প্রকাশ পায়।  সেই সময়তে অসমত চৰকাৰী হিচাপে বাংলা ভাষাৰ প্রচলন আছিল।  যিটো আছিল আনন্দৰামৰ বাৰে অসহনীয়। পুনৰ অসমত অসমীয়া প্রবর্তনত কৰাত তেওঁ অৰুণােদইত প্রবন্ধ পাতিও লিখিছিল।  এওঁৰ সহযােগিতাত মিছনেৰীসকলেও অসমত অসমীয়া প্ৰচাৰ ক্ৰুবলৈ সাহস পাইছিল। ১৮৪৯ চন আনন্দৰাম ঢেকিয়াল ফুকনে “অসমীয়া ল’ৰাৰ মিত্র” নামৰ কিতাপখন প্রকাশ কৰে , এই কিতাপখন কলকাতাৰ সমাচাৰ চন্দ্রিকা নামৰ ছপাশালত ছপা কৰা হৈছিল।

    “অসমীয়া ল’ৰাৰ মিত্র, অসমীয়া ভাষা বিষয়ক গ্রন্থ ‘ আৰু ‘সদৰ আদালতৰ নিষ্পত্তি’  গ্ৰন্থ প্ৰকাশ কৰি আনন্দৰানে প্ৰথমে নিজৰ নাম দিব খােজা নাছিল কিন্তু পিছত বন্ধু – বান্ধৱৰ অনুৰােধতহে নিজৰ নামটো দিলে। তেওঁ “এ নেটিভ” ছদ্মনামত সাহিত্য চৰ্চা কৰিছিল।  তেওঁৰ বাংলা আৰু ইংৰাজী ভাষাত যথেষ্ট জ্ঞান আছিল যদিও সাধাৰণতে তেওঁ মাতৃভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰি সদায় ভাল পাইছিল।  সেই সময়ত অসমীয়া শিক্ষিত লােকসকলে কোনাে অসমীয়া লােকলৈ চিঠি লিখিলে বঙলা ভাষাতহে লিখিছিল ,কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনে সদায় অসমীয়াতহে লিখিছিল । 

    তেওঁ বিশ্বাস কৰিছিল যে অসমীয়া লােকে অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে কেৱল স্কুল , কাছাৰীত চলি থাকিলে এই ভাষাৰ উন্নতি নহয় ।  অসম আৰু অসমীয়াৰ ঐতিহ্য আৰু পৰম্পৰাক তেওঁ বৰ শ্রদ্ধা কৰিছিল।  ১৮৭২ চনত পুনৰ অসমৰ স্কুল , কাছাৰীত অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তিত হ’ল কিন্তু অসম আৰু অসমীয়া প্রেমী আনন্দৰাম ঢেকিয়াল ফুকনে সেইয়া দেখিবলৈ নাপালে। অসমীয়া বিদ্যালয়ত তেওঁৰ ৰচিত “অসমীয়া ল’ৰাৰ মিত্র” পাঠ্যপুথি হিচাপে ব্যৱহাৰ কৰা হৈছিল ।  

    আনন্দৰাম ঢেকিয়াল ফুকন সকলোৰে বাবে এক আদৰ্শ। তেওঁ আধুনিকতাৰ পৰশত কেতিয়াও লীন হৈ যোৱা নাছিল নিজৰ মাটিৰ টান তেওঁৰ সদায় আছিল। অসমীয়া ভাষা অসমত পুনৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ যি অহোপুৰুষাৰ্থ কৰি থৈ গ’ল তেওঁ আমাৰ সকলোৰে বাবে সদায় চিৰনমস্য। জাতিৰ সংকটকালত সদায় আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে এজন নিজৰ জাতিপ্ৰেমী,ভাষাপ্ৰেমী প্ৰকৃত অসমীয়া সকলোৱে বিচাৰে।

5 1 vote
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] বাৰৰ বাবে গুণাভিৰাম বৰুৱাৰ গ্ৰন্থ ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’ত কিছু পৰিমাণে উল্লেখ […]

trackback

[…] লৈছিল বুলি জনা যায়। তাৰ পাছত তেওঁ আনন্দৰাম ঢেকিয়াল ফুকন দ্বিতীয় বাৰ কলিকতালৈ (১৮৫১ চনৰ ৪ […]

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

2
0
Would love your thoughts, please comment.x
()
x