তথ্যকোষ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

      মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ

      আমিও কৰিব পাৰো জীৱন গঢ়িত । 

      অভিনয় শেষ হ’লে, আয়ু বেলি মাৰ গ’লে

      থই যাব পাৰো খোজ সময় বালিত ।। 

                     (জীৱন সংগীত,আনন্দ চন্দ্ৰ আগৰৱালা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়াৰ আৰাধ্য গুৰু। প্ৰতিজন অসমীয়াৰ হৃদয়ত বাস কৰে শ্ৰীমন্ত শংকৰদেৱ। জাতি,বৰ্ণ, ভাষা,ধৰ্ম নিৰ্বিশেষে সকলোকে এডাল ডোলেৰে গাঁঠি অসমীয়া জাতিৰ ভেঁটি প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। একেধাৰে কবি,নাট্যকাৰ,গীতিকাৰ,অভিনেতা,গায়ক,বাদক,নৃত্যশিল্পী,চিত্ৰকাৰ কি নাছিল তেওঁ,সকলো ফালেই তেওঁ সমানে সপ্ৰতিভ্ৰ আছিল। তেওঁ আছিল অসমীয়া জাতিৰ যুগদ্ৰষ্টা পুৰুষ,অসমীয়াক অসমীয়াত্বৰে জীপাল কৰা এক শক্তি,তেঁৱেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক এক মহাশক্তি প্রদান কৰি থৈ গৈছিল যিয়ে আমাক আজিও একতাৰ জৰীৰে বান্ধি ৰাখিছে। শ্ৰীমন্ত শংকৰদেৱে নিজৰ নীতি,আদৰ্শ,ধৰ্মৰ বাণী প্ৰচাৰ কৰি সোণৰ অসম গঢ়িছিল। 

জন্ম

এইজনা প্ৰবাদপ্ৰতিম অসমীয়া জাতি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৩৭১ শক অৰ্থাৎ ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নামে গাঁৱত সত্যসন্ধাৰ গৰ্ভত আৰু কুসুম্বৰ ভূঞাৰ ঔৰসত। তেখেতৰ জন্ম মাহ তথা জন্মস্থান সম্পৰ্কে বহু পণ্ডিতৰ মাজত মতবিৰোধ দেখা যায় যদিও এইটোকে প্ৰকৃত বুলি বিচাৰ কৰা হৈছে। চৰিত পুথিত উল্লেখ থকা মতে – “শংকৰদেৱৰ জন্মৰ সময়তে ভূঞাসকলৰ ঘৰৰ দেৱী প্ৰতিমাৰ আগত প্ৰজ্জ্বলিত এশগছ বন্তি নুমাই গ’ল আৰু দেৱী প্ৰতিমাসমূহ কাতি হয় পৰিল,ভূঞাসকলৰ ঘৰত এশপুৰা সৰিয়হৰে ভৰ্তি হৈ থকা ডুলিসমূহ বাগৰি পৰিল”। 

জন্মৰ পাছতে শংকৰদেৱৰ বিষয়ে সন্তৰাম দৈৱজ্ঞই গণনা কৰি চাই ক’লে যে তেখেত ধনু ৰাশি, ৰোহিনী নক্ষত্ৰ আৰু মাহেন্দ্ৰ ক্ষণত জন্মলাভ কৰিছে আৰু কয় যে এই শিশুয়ে অনেক প্ৰাণীক মুক্তি দিয়াৰ লগতে নাম-ধৰ্ম প্ৰচাৰিত কৰিব। লগতে তেওঁৰ গুপ্তনামকৰণ কৰে গংগাধৰ আৰু প্ৰকাশ্য নামকৰণ কৰে শংকৰ বুলি। 

শংকৰৰ জন্মৰ তিনিদিন পিছতেই তেওঁৰ মাতৃ সত্যসন্ধাৰ বিয়োগ ঘটে আৰু তাৰ কিছুবছৰ পিছতেই বিয়োগ ঘটে শংকৰৰ পিতৃ কুসুম্বৰ ভূঞাৰ। শংকৰক তাৰপাছত তুলি-তালি ডাঙৰ-দীঘল কৰে তেখেতৰ বুঢ়ীমাক খেৰসূতীয়ে। জন্মৰ পৰা বাৰবছৰ বয়সলৈকে শংকৰে লগৰীয়াৰ সৈতে বিভিন্ন  খেল-ধেমালি কৰি কটায়। সৰুকালৰ পৰাই শংকৰৰ লগৰীয়া আছিল ৰামৰাম। শংকৰৰ বাল্যকালৰ সম্পৰ্কে বহু ৰসাল তথা বিস্ময়কৰ কথা আছে-শংকৰে এবাৰ ভাদমহীয়া বিশাল গভীৰ ফেনে-ফোটোকাৰে বাঢ়ি থকা ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ-সিপাৰ হৈছিল। শংকৰে সৰুকালতেই ষাড় গৰুৰ লগত যুঁজি গৰুটোক বগৰাই পেলাইছিল। এবাৰ শংকৰৰ ঘৰত এটা ডাঙৰ সাপ সোমোৱাত সেই সাপটো ঘৰৰ পৰা নেজত টানি চোঁচৰাই আনি আলাসতে দলিয়াই দিছিল। 

প্ৰতিভাৰ পৰিচয়-

এনেদৰেই নানা ৰং-ধেমালিৰ মাজতে শংকৰৰ বাল্যকালৰ অন্ত পৰিল আৰু বুঢ়ীমাক খেৰসূতীয়ে শংকৰক মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিলে। ভাদ মাহৰ এটা বৃহস্পতিবাৰে শংকৰক বুঢ়ীমাকে মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিয়ে আৰু সেইদিনাই তেওঁ ব্যঞ্জনবৰ্ণ শিকিলে আৰু অতি সোনকালেই শংকৰে কেৱল ব্যঞ্জনবৰ্ণৰেই আ কাৰ,ই কাৰ নথকাকৈ এটা শুৱলা আৰু সুন্দৰ ভাৱসম্পন্ন কবিতা ৰচনা কৰিলে-

      “কৰতল কমল দল নয়ন ।  

      ভবনব দহন গহন বন শয়ন ।।  

      নপৰ নপৰ পৰ সতৰত গম ।  

      সভয় ভয় ভয় মমহৰ সততয় ।।  

      খৰতৰ বৰ হত দশবদন ।

      খগচৰ নগদৰ ফণধৰ শয়ন ।। 

      জগদঘ মপহৰ ভৱভয় তৰণ ।  

      পৰপদ লয় কৰি কমলজ নয়ন ।। “

আৰু ইয়াৰ পৰাই শংকৰ মহেন্দ্ৰ কন্দলিৰ চকুত পৰিছিল আৰু কন্দলিয়ে অনুমান কৰিছিল যে শংকৰ ভৱিষ্যতে  এজন উজ্জ্বল নক্ষত্ৰ হ’ব। 

এদিন শংকৰে টোলত পঢ়া শুনা কৰি শুই থাকোতে তেওঁৰ দেহত ৰ’দ পৰিছিল আৰু তেতিয়াই শংকৰক এটা সাপে ফনাৰে ছাঁ প্রদান কৰি আছিল। পাছত মহেন্দ্ৰ কন্দলি অহাত সাপটো গুচি গ’ল। সেইদিনাৰ পৰাই মহেন্দ্ৰ কন্দলিয়ে গম পালে যে শংকৰৰ গাত দেৱত্ব গুণ আছে। আৰু তেতিয়াৰ পৰাই মহেন্দ্ৰ কন্দলিয়ে শংকৰক দেৱ উপাধি দিয়ে আৰু শংকৰৰ সকলো লগৰীয়াকে শংকৰদেৱ বুলি মাতিবলৈ আজ্ঞা দিয়ে আৰু সেইদিনাৰ পৰাই শংকৰদেৱক পঢ়াশালি মচিব নালাগে বুলি ঘোষণা কৰে। অতি সোনকালে শংকৰদেৱে বিদ্যা শিক্ষা লভি শেষ কৰিলে আৰু শাস্ত্ৰজ্ঞ পণ্ডিত হৈ পৰিল।

ধৰ্ম প্ৰচাৰ

বিদ্যা-শিক্ষা লাভৰ পাছত সকলোফালেই সপ্ৰতিভ্ৰ হৈ শংকৰদেৱে সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰে। তেওঁ আছিল প্ৰজ্ঞা আৰু প্ৰতিভাৰ আকৰ। শংকৰদেৱে এইবাৰ ধৰ্ম-কৰ্ম কৰিবলৈ মন মেলে। লগতে তেখেতে পুথি ৰচনাও আৰম্ভ কৰে আৰু লগতে শংকৰদেৱে অংকীয়া ভাওনাৰো প্ৰচলন ঘটায়। 

শিক্ষা সাং কৰি শংকৰদেৱে বৰদোৱাত এভাগি নামঘৰ প্ৰতিষ্ঠাৰ মন মেলিলে। আৰু তেওঁৱেই বৰদোৱাত অসমত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰে। তেনেতে শংকৰদেৱৰ লগত বহুতো অলৌকিক ঘটনা সংঘটিত হয় আৰু তাৰ পৰা প্ৰমাণ হয় যে শংকৰদেৱৰ গাত ভগৱন্তৰ মহিমা আছে। শংকৰদেৱৰ মহিমাৰ বিষয়ে জ্ঞাত সকলোৱে শংকৰদেৱৰ ওচৰত শৰণ ল’বলৈ ইচ্ছা কৰিলে আৰু তাৰ নিমিত্তে শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ পৰা “গোপী উদ্ধৱ সংবাদ” ৰচনা কৰিলে। আৰু তাৰপাছতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিলে “হৰিচন্দ্ৰ উপাখ্যান” গ্ৰন্থ। 

এই গ্ৰন্থ দুখনি ৰচনাৰ পাছতেই শংকৰদেৱে ভাওনা কৰিবলৈ মন মেলিলে আৰু “চিহ্নযাত্ৰা”ৰে তেওঁৰ এই অভিলাষী প্ৰকল্পৰ আৰম্ভণি কৰিলে। এই ভাওনা কৰিবলৈ শংকৰদেৱে খোল নিৰ্মাণ কৰোৱালে আৰু বৈকুণ্ঠ নগৰৰ দৃশ্যপট নিজেই অংকন কৰিলে। আৰু লগতে নাটৰ বাবে ভটিমা,গীত ৰচনা কৰিলে। 

তাৰপাছত শংকৰদেৱে ১৩৯২ শক অৰ্থাৎ ১৪৭০ খ্ৰীষ্টাব্দত সূৰ্যৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এনেদৰে শংকৰদেৱৰ গাৰ্হস্থ্য জীৱন আৰম্ভ হ’ল কিন্তু ১৩৯৬ শকত শংকৰদেৱৰ পত্নী সূৰ্যৱতীয়ে মনু নামৰ এক সুদৰ্শন কন্যা জন্ম দিয়ে আৰু তাৰ ন মাহ পাছতে  শংকৰদেৱক অকলশৰীয়া কৰি সূৰ্যৱতীয়ে মৃত্যুক সাৱটি লয়। 

সূৰ্যৱতীয়ে এৰি যোৱাৰ পাছত শংকৰদেৱৰ মন ধৰ্ম-কৰ্মলৈ বেছিকৈ ঢাল খায়। কিছুবছৰৰ পাছত শংকৰদেৱে কন্যা মনুক হৰি লৈ বিয়া দিয়ে আৰু তাৰপাছত তেওঁ তীৰ্থভ্ৰমণলৈ ওলাই যায়। 

তীৰ্থভ্ৰমণ

জোঁৱায়েক হৰিক ঘৰ-বাৰী সৰ্বস্ব গতাই দি শংকৰদেৱে প্ৰথম তীৰ্থভ্ৰমণৰ বাবে ওলাল। তেওঁৰ লগত সৰ্বমুঠ ১৭ জন সতীৰ্থ তীৰ্থভ্ৰমণলৈ গৈছিল। তাৰপৰা শংকৰদেৱে জগন্নাথ,কাশী,গয়া, প্ৰয়াগ,পুষ্কৰ,বাৰানসী,অযোধ্যা,সীতাকুণ্ড,বৰাহকুণ্ড, মথুৰা বৃন্দাবন,বদৰিকাশ্ৰম আদি নানা তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰে। আৰু কোনো কোনো তথ্যমতে শংকৰদেৱে বদৰিকাশ্ৰমতে জীৱনৰ প্ৰথমটো বৰগীত “মন মেৰি ৰাম চৰনহি লাগো” ৰচনা কৰে। কিন্তু কোনো কোনো তথ্যমতে শংকৰদেৱে তীৰ্থভ্ৰমণলৈ যোৱাৰ আগতেই জীৱনৰ প্ৰথমটো বৰগীত “ৰাম মেৰি হৃদয়ে পঙ্কজে ৰৈছে” ৰচনা কৰে। আজিলৈকে দুয়োটা যুক্তিৰ ক্ষেত্ৰত সত্যতা নিৰূপণ হ’ব পৰাগৈ নাই। এনেদৰে প্ৰায় ১২ বছৰ তীৰ্থভ্ৰমণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নিজ মাতৃভূমি অসমৰ বৰদোৱালৈ উভতি আহে। 

শংকৰদেৱ তীৰ্থভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছতেই তেওঁৰ বুঢ়ীমাক খেৰসূতী মৃত্যুমুখত পৰে। তাৰপাছতেই জ্ঞাতি-কুটুম্ব সকলো লগ হৈ শংকৰদেৱক পুনৰ বিবাহত বহিবলৈ জোৰ দিয়ে আৰু কালিন্দী আইৰ লগত শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। সেইসময়তে কছাৰীসকলৰ উপদ্ৰৱত তিষ্ঠিব নোৱাৰি শংকৰদেৱসহিতে সকলো ভূঞাই বৰদোৱা ত্যাগ কৰি গাংমৌত বসতি পাতিলেগৈ। আৰু তাতো তেওঁ নামঘৰ স্থাপন কৰিলে। গাংমৌতে শংকৰদেৱৰ প্ৰথম পুত্ৰ ৰামানন্দৰ জন্ম হয়। এই বাতৰি পাই আনন্দত আহ্লাদিত হৈ শংকৰদেৱে এটা যুগজয়ী বৰগীত ৰচনা কৰিলে “পাৱে পৰি হৰি,কৰোহো কাতৰি, প্ৰাণ ৰাখবি মোৰ। ” 

ইয়াৰ পাছতে গাংমৌতে শংকৰদেৱৰ দ্বিতীয় আৰু তৃতীয় পুত্ৰ হৰিচৰণ আৰু কমললোচনৰ জন্ম হয়। গাংমৌতে শংকৰদেৱলৈ ত্ৰিহুটৰ ব্ৰাহ্মণ পণ্ডিত জগদীশ মিশ্রয়ে ভাগৱতগীতা আনি শ্ৰৱণ কৰোৱায়।  ইয়াৰ পৰাই শংকৰদেৱৰ ধৰ্মমূলক গ্ৰন্থ ৰচনাই এক নতুন শক্তি লাভ কৰে। শংকৰদেৱে প্ৰথম কীৰ্তনৰ “পাখণ্ড মৰ্দন” খণ্ড ৰচনা কৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ “অজামিল উপাখ্যান” আৰু “প্ৰহ্লাদ চৰিত্ৰ” ৰচনা কৰিলে। তেওঁ গাংমৌত মুঠ সাতবছৰ ছমাহ বাস কৰিছিল। 

মণিকাঞ্চন সংযোগ

গাংমৌৰ পাছতেই শংকৰদেৱ যায় “ধোঁৱাহাট-বেলগুৰি”লৈ যি মণিকাঞ্চন ক্ষেত্ৰৰূপে চিৰদিন অমৰ হৈ ৰ’ব। এই ধোঁৱাহাট-বেলগুৰিতে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈ মণিকাঞ্চন সংযোগ সম্পন্ন হৈছিল। ইয়াতেই শংকৰদেৱৰ সৈতে মাধৱদেৱ তৰ্কত লিপ্ত হৈছিল আৰু দিনজোৰা তৰ্কৰ অন্তত শেষত শংকৰদেৱৰ “তৰুমুল শ্লোক” শুনিয়েই মাধৱদেৱ শংকৰদেৱৰ শৰণাপন্ন হৈছিল আৰু শংকৰদেৱক তেতিয়াৰ পৰাই গুৰু মানিছিল আৰু চিৰজীৱন তেওঁ গুৰুৰ সেৱা কৰি গৈছিল। আৰু মাধৱদেৱো আছিল শংকৰদেৱৰ আটাইতকৈ প্রিয় শিষ্য।

মাজুলীৰ ধোঁৱাহাট-বেলগুৰিত শংকৰদেৱ-মাধৱদেৱৰ মিলনে সোণত সুৱগা চৰালে আৰু ই আছিল অসমীয়া সমাজ তথা সাহিত্য-সংস্কৃতিৰ বাবে এটা অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। ইয়াত শংকৰদেৱে “শিশু-লীলা” আৰু প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰে আৰু ইয়াৰ লগতে কীৰ্তনৰ কংস বধলৈকে শংকৰদেৱে ইয়াতেই লিখিছিল। ধোঁৱাহাটত থাকোঁতেই শংকৰদেৱৰ ৰুক্মিণী নামৰ এক কন্যা সন্তানৰ জন্ম হৈছিল। এইসময়তে শংকৰদেৱে কেৰোলা নামৰ বাঢ়ৈ এগৰাকীৰ হতুৱাই এজোপা মৰা বেলগছৰ পৰা মদন গোপাল নামৰ এক বিষ্ণুমূৰ্তি তৈয়াৰ কৰোৱাইছিল।

ধোঁৱাহাটত নাম-ধৰ্ম প্ৰচাৰ কৰি থাকোঁতেই শংকৰদেৱৰ জীৱনত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল। সেইসময়ত আহোম ৰাজ্যৰ স্বৰ্গদেউ আছিল চুহুংমুং বা দিহিঙীয়া ৰজা। তেওঁ সেইসময়ত এহেজাৰটা হাতী ধৰিবলৈ ইচ্ছা কৰিলে আৰু সেয়ে চাৰিওফালে হাতী ধৰিবলৈ গড় মাৰিলে। পশ্চিমফালৰ গড়ৰ দায়িত্ব দিলে ভূঞাসকলক আৰু তাত তত্বাৱধানৰ দায়িত্ব দিলে শংকৰদেৱক। ৰজাই সকলোফালে বেলেগ বেলেগ মানুহক গড় ৰক্ষাৰ দায়িত্ব দি ঘোষণা কৰিলে যে যদি কোনো হাতী গড় পাৰ হৈ পলাই যায় তেন্তে সেই গড় ৰখীয়াজনক শিৰচ্ছেদ কৰা হ’ব। তিনিদিন তিনিৰাতি পহৰা দিয়াৰ পাছত চতুৰ্থ দিনা নিশা পশ্চিমদিশে থকা গড় ভাঙি এটা হাতী ওলাই গ’ল আৰু সেই হাতীটোৰ পিছে পিছে আৰু কিছু হাতী গড়ৰ পৰা ওলাই গ’ল।

অসম ত্যাগ

কথা বিষম দেখি শংকৰদেৱ সহিতে ভূঞাসকলে নিৰ্দিষ্ট ঠাইৰ পৰা পলায়ন কৰিলে কিন্তু আহোম স্বৰ্গদেউ চুহুংমুংৰ চাউদাঙে মাধৱদেৱ আৰু শংকৰদেৱৰ জোঁৱায়েক হৰিক অপৰাধী হিচাপে ধৰি লৈ গ’ল। মাধৱদেৱ বৈৰাগী বুলি গম পাই মাধৱদেৱক শাস্তিৰ পৰা ৰেহাই দিলে কিন্তু শংকৰদেৱৰ জোঁৱায়েক হৰিক কাটিলে। এই সময়ত শংকৰদেৱে ধোঁৱাহাটত পালনাম গোৱাই আছিল। ইতিহাসত শংকৰদেৱে প্ৰথমবাৰৰ বাবে ইয়াতেই পালনাম গোৱাইছিল। মাধৱদেৱ ধোঁৱাহাটলৈ ঘূৰি অহাত সকলো বৃত্তান্ত গম পাই শংকৰদেৱ শোকত বিহ্বল হ’ল লগতে শংকৰদেৱৰ জীয়েক মনুও শোকত ভাগি পৰিল।

এই ঘটনাৰ পাছতেই শংকৰদেৱে অসম ৰাজ্য ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু ভটিয়াই গৈ ৰজা নৰনাৰায়ণৰ কোঁচ ৰাজ্যত প্ৰৱেশ কৰিলে আৰু ভকত-বৈষ্ণৱসহিতে চূণপোৰাত থাকিবলৈ ল’লে। সেইসময়তে অনেক লোক আহি শংকৰদেৱৰ চৰণত শৰণ ললেহি। ইয়াত থকাৰ কিছু অসুবিধা পোৱাত শংকৰদেৱ কুমাৰকুছিলৈ যায়। তাৰপাছত তাতো মন নবহাত শংকৰদেৱে সকলোকে লৈ পাটবাউসীলৈ গমন কৰে। তেওঁলোকে পাতবাউসীত স্থায়ীকৈ সত্ৰ স্থাপন কৰি বসতি স্থাপন কৰে। শংকৰদেৱে কীৰ্তন ঘোষাৰ শেষৰ অংশ পাটবাউসীতে ৰচনা কৰি শেষ কৰে। ইয়াৰ লগতে তেওঁ ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ ভাঙনিও পাটবাউসীতে কৰে। তেওঁ ইয়াতেই ৰুক্মিণী হৰণ, ভক্তি প্ৰদীপ, নিমি নৱ সিদ্ধ সংবাদ, কালী দমন আদিও পাটবাউসীতে ৰচনা কৰে। শংকৰদেৱে একমাত্ৰ সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰো পাটবাউসীতে ৰচনা কৰে।

শংকৰদেৱে বিভিন্ন ভটিমা, বৰগীত আদিও পাটবাউসীতে ৰচনা কৰে। তাৰপাছত তেওঁ মাধৱদেৱক এখন গ্ৰন্থ ৰচনাৰ উপদেশ দিয়ে আৰু এই উপদেশ সাৰোগত কৰিয়েই মাধৱদেৱে নামঘোষা ৰচনা কৰে।

কোঁচ ৰাজ্যত শংকৰদেৱ

তাৰপাছত শংকৰদেৱৰ সাক্ষাৎ হয় নৰনাৰায়ণ আৰু চিলাৰায়ৰ সৈতে। নৰনাৰায়ণ আৰু চিলাৰায়ে শংকৰদেৱৰ সৈতে শাস্ত্ৰৰ চৰ্চা কৰিলে আৰু বৃন্দাবনখন পটত চিত্ৰিত কৰি দেখুৱাবলৈ শংকৰদেৱক অনুৰোধ কৰিলে। তেতিয়া শংকৰদেৱে তেওঁলোকক চাৰিমাহৰ মূৰত পট প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিব পৰা হ’ব বুলি নৰনাৰায়ণ আৰু চিলাৰায়ক কথা দিলে। শংকৰদেৱৰ কথাত সন্তোষ লাভ কৰি কোঁচ ৰজা নৰনাৰায়ণে শংকৰদেৱক তাঁতীকুচি ৰাজ্যৰ অধিকাৰ প্ৰদান কৰিলে আৰু তেওঁক পাটবাউসীত বৰভূঞা পদত অধিষ্ঠিত কৰিলে। ইয়াৰ পিছতেই চিলাৰায় আৰু তেওঁৰ পত্নী ভুৱনেশ্বৰীয়ে শংকৰদেৱৰ শৰণ ল’লে।

সকলো যা-যোগাৰ কৰি শেষ হোৱাৰ পাছত শংকৰদেৱে তাঁতীসকলক মতাই আনি ৰজাৰ আজ্ঞামতে বৃন্দাবনী বস্ত্ৰ ববলৈ নিৰ্দেশনা দিলে। শংকৰদেৱে দৈনিক তাঁতীকুচিলৈ গৈ এবেগেতকৈ বোৱাইছিল। এদিন শংকৰদেৱৰ নৰীয়া হোৱাত মাধৱদেৱে গুৰু শংকৰদেৱৰ আজ্ঞা অনুসৰি তাঁতীকুচিলৈ বৃন্দাবনী বস্ত্ৰ বোৱা নিৰীক্ষণ কৰিবলৈ গ’ল। সেইদিনা মাধৱদেৱে এবেগেত চাৰি আঙুল বোৱালে। সেইদিনাৰ পৰাই শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পো নাম দিলে।

বৃন্দাবনী বস্ত্ৰখন বৈ শেষ কৰাত শংকৰদেৱে সেইখন নি কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ সন্মুখত প্ৰদৰ্শন কৰিলে আৰু ৰাজসভাত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে সকলো বুজাই দিলে। নৰনাৰায়ণে শংকৰদেৱৰ কাৰ্যত সন্তোষ লাভ কৰিলে।

দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমণ

তাৰপাছত, শংকৰদেৱ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ গ’ল। তেওঁৰ লগত এইবাৰ তীৰ্থ ভ্ৰমণলৈ গ’ল মাধৱদেৱ, নাৰায়ণ ঠাকুৰ, ৰামৰাম গুৰু, ৰামৰায় আদি। এইবাৰ তেওঁ জগন্নাথ পুৰী, বৃন্দাবনকে আদি কৰি ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিছিল।

শংকৰদেৱৰ গুণ-গৰিমা চাৰিওফালে প্ৰস্ফুটিত হৈছিল আৰু তেতিয়াই কোঁচ ৰাজ্যৰ কিছুমান ব্ৰাহ্মণ পণ্ডিত শংকৰদেৱৰ গৰিমা বৃদ্ধিত ঈৰ্ষান্বিত হৈছিল। তেওঁলোকে ৰজা নৰনাৰায়ণক শংকৰদেৱ অনাচাৰী বুলি গোচৰ দিছিল আৰু সেয়ে ৰজাই শংকৰদেৱক ৰাজসভালৈ আনিবলৈ দূত প্ৰেৰণ কৰিছিল কিন্তু চিলাৰায়ে দূতৰ হাতৰ আনি শংকৰদেৱক লুকুৱাই থৈছিল। এই বিষয়ে গম পাই ৰজা নৰনাৰায়ণে চিলাৰায়ক শংকৰদেৱক তেওঁৰ ৰাজসভালৈ প্ৰেৰণ কৰিবলৈ ক’লে। ৰজা নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈ শংকৰদেৱে তেওঁৰ সাতখলপীয়া সিংহাসনৰ ওপৰলৈ লাহে লাহে উঠি গৈ থাকিল আৰু তাত লগে লগে প্ৰতিটো খলপাতে উঠি তেওঁ এটা টোটয় গাই যাব ধৰিলে। সেই টোটয়টো আছিল –

মধু দানৱ দাৰণ দেৱ ৱৰং ।
ৱৰ ৱাৰিজ লোচন চক্ৰ ধৰং ।।
ধৰণি ধৰ ধাৰণ ধেয় পৰং ।
পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং ।।…

তাৰপাছতেই শংকৰদেৱে ৰজা নৰনাৰায়ণক আশীৰ্বাদ দিলে আৰু শংকৰদেৱৰ পাণ্ডিত্যত মোহ গৈ নৰনাৰায়ণে তেওঁক প্ৰশংসাৰে উপচাই পেলালে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া ব্ৰাহ্মণসকলে লাজ পালে। পাছদিনাখন নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱৰ সৈতে ব্ৰাহ্মণ পুৰোহিতসকলৰ তৰ্ক হ’ল কিন্তু এই তৰ্কযুদ্ধত শংকৰদেৱ জয়ী হ’ল। এই ব্ৰাহ্মণসকলে তাৰপাছত কাশী, প্ৰয়াগৰ পৰাও পণ্ডিত মাতি আনিছিল যদিও শংকৰদেৱক কোনেও তৰ্কযুদ্ধত ঘটাব নোৱাৰিলে বৰঞ্চ লজ্জিতহে হ’ল।

গুণমালাৰ সৃষ্টি

ৰজা নৰনাৰায়ণে সকলো পণ্ডিতকে সুধিলে যে তেওঁলোকে ভাগৱত শাস্ত্ৰৰ সাৰখিনি উদ্ধাৰ কৰি একেদিনাই ৰজাক শুনাব পাৰিবনে নোৱাৰে? আন সকলো ব্ৰাহ্মণ পণ্ডিতে এদিনতে নোৱাৰো বুলি ক’লে কিন্তু শংকৰদেৱে সাধ্য অনুসৰি চেষ্টা কৰি চাম বুলি ক’লে আৰু একে ৰাতিতেই গুৰুজনাই “গুণমালা” শাস্ত্ৰ ৰচনা কৰি ৰজা নৰনাৰায়ণক অৰ্পণ কৰিলে। এই কাৰ্যটোক ভুৰুকাত হাতী ভৰোৱা বুলি কোৱা হয়। শংকৰদেৱৰ এই প্ৰাঞ্জল ৰচনাত সকলো প্ৰফুল্লিত হ’ল আৰু নৰনাৰায়ণে তেওঁক বঁটা-বাহন দি পাটবাউসীলৈ বিদায় দিলে।

কিছুবছৰ পাটবাউসীত বাস কৰি শংকৰদেৱ কোচবিহাৰলৈ গ’ল। কোচবিহাৰত উপস্থিত হোৱাৰ লগে লগে চিলাৰায় আহি মহা আনন্দেৰে শংকৰদেৱক আদৰণি জনালে আৰু ফুলনিবাৰীৰ ঘৰত শংকৰদেৱ থকাৰ ব্যৱস্থা কৰি দিলে। কোঁচ ৰজা নৰনাৰায়ণৰ উপদেশমৰ্মে চিলাৰায়ে শংকৰদেৱক মধুপুৰত এখন সত্ৰ পাতি দিলে। শংকৰদেৱে সদায় ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ আহে আৰু কৃষ্ণৰ গুণানুকীৰ্তন কৰে। এনেদৰেই প্ৰায় আঢ়ৈ বছৰ শংকৰদেৱে কোচবিহাৰত ধৰ্মপ্ৰচাৰ কৰি ৰাজসভালৈ গৈ থকাত ৰজা নৰনাৰায়ণ শংকৰদেৱৰ প্ৰতি সম্পূৰ্ণ আকৃষ্ট হ’ল আৰু তেওঁ শংকৰদেৱৰ ওচৰত শৰণ ল’বলৈ মন মেলিলে। কিন্তু শংকৰদেৱে ৰজাক শৰণ দিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। ৰজা নৰনাৰায়ণে বৰকৈ ধৰিলত শংকৰদেৱে ক’লে যে আপুনি শৰণ ল’বলৈ মন কৰিছে যদি কাইলৈ উপবাসে থাকক, ঈশ্বৰে কৰিলে আপোনাক পৰশিলৈ শৰণ দিয়া হ’ব।

কিন্তু শৰণ দিবলৈ ধার্য কৰা দিনটোতেই শংকৰদেৱৰ বুঢ়া আঙুলিত ফোঁহা এটাই দেখা দিলে। ৰজাই শৰণ ল’বলৈ প্ৰস্তুত হৈ শংকৰদেৱক নিবলৈ দূত পঠিওৱাত ফোঁহাৰ পীড়াত শংকৰদেৱ যাবলৈ নোৱাৰিম বুলি ক’লে। আৰু তাৰপাছতেই কোচবিহাৰৰ মধুপুৰ সত্ৰৰ টেপৰ গছৰ তলতেই ১৪৯০ শক অৰ্থাৎ ১৫৬৮ খ্ৰীষ্টাব্দৰ ভাদৰ দ্বিতীয়া তিথিত দিনৰ ডেৰ বজাত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি –

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কাব্য, নাটক, তত্বমূলক আদি বিবিধ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তাৰোপৰি তেওঁ বৰগীত, ভটিমা, টোটয়, চপয় আদি গীত ৰচনা কৰি থৈ গৈছে।

  • শংকৰদেৱে ৰচনা কৰা নাটসমূহ হৈছে – পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এই নাটকেইখনক একেলগে পকাকেৰুপাৰা বুলি কোৱা হয়।
  • শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ হৈছে – হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ, বলিচলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী-উদ্ধৱ সংবাদ, কৃষ্ণ প্ৰয়াণ-পাণ্ডৱ নিৰ্বাৰণ
  • শংকৰদেৱে ৰচনা কৰা তত্বমূলক গ্ৰন্থসমূহ হৈছে –
    অনাদি পাতন, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ আৰু নিমি নব সিদ্ধ সংবাদ।
  • শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থসমূহ হৈছে – ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, ষষ্ঠ, সপ্তম, অষ্টম, দশম, একাদশ, দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড

ইয়াৰোপৰি শংকৰদেৱৰ জীৱনৰ প্ৰধান কৃতি হ’ল তেওঁৰ কীৰ্তন ঘোষা। ইয়াত সৰ্বমুঠ ৩৪ টা অধ্যায় সন্নিবিষ্ট হৈ আছে। ইয়াৰোপৰি তেওঁ ভাগৱত সীতাৰ সাৰমৰ্ম সন্নিবিষ্ট কৰি গুণমালা লিখি উলিয়াইছিল।

শংকৰদেৱৰ সাংস্কৃতিক কৃতি –

শংকৰদেৱে সৰ্বমুঠ ২৪০ টা অৰ্থাৎ বাৰকুৰি বৰগীত ৰচনা কৰিছিল কিন্তু কমলা গায়নে আওৰাবলৈ লৈ যোৱাত তেওঁৰ অধিকাংশ বৰগীতেই বনজুইত জাহ যায়। বৰ্তমান শংকৰদেৱ বিস্তৃত কেৱল চৌত্ৰিশ(৩৪) টা বৰগীতহে পোৱা যায়।

শংকৰদেৱে ভটিমা ৰচনা কৰিছিল। তেওঁ তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল আৰু সেই প্ৰকাৰ তিনিটা আছিল – দেৱ, ৰাজ আৰু নাট ভটিমা।

শংকৰদেৱ বিৰচিত এই গীতসমূহক ভাৰতীয় ধ্ৰুপদী গীতৰ শাৰীত অন্তৰ্ভুক্ত কৰা হয়। তেওঁ এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল।

শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰি তাত সত্ৰীয়া নৃত্যৰ প্ৰচলন ঘটাইছিল আৰু এই নৃত্য বৰ্তমান ভাৰতীয় ধ্ৰুপদী নৃত্যৰ ভিতৰত অন্যতম। তদুপৰি এই নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিছে।

শংকৰদেৱ চিত্ৰ-কলাতো সিদ্ধহস্ত আছিল। তেওঁ চিহ্নযাত্ৰা নাট কৰিবলৈ সপ্ত বৈকুণ্ঠৰ পট অংকন কৰিছিল। তাৰোপৰি তেওঁ বৃন্দাৱনী বস্ত্ৰ বোৱাইছিল য’ত তেওঁৰ সৃষ্টিধৰ্মী প্ৰতিভা বাৰুকৈয়ে প্ৰকাশ পায়। এই বস্ত্ৰ এতিয়া লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অনন্য প্ৰতিভাৰ আকৰ আছিল। তেওঁৰ দৰে ক্ষণজন্মা ব্যক্তি খুব কমেই জন্ম লাভ কৰে। অসমীয়া সমাজ সংস্কৃতিলৈ তেওঁ প্ৰতিটো দিশতেই অৱদান আগবঢ়াই থৈ গৈছে যি অৱদান আজিও অসমবাসীয়ে পদে পদে অনুভৱ কৰে। শংকৰদেৱ অসমবাসীৰ বাবে এক আশীৰ্বাদ যি আশীৰ্বাদে অসম ভূমিক পূণ্য কৰিছিল। এই পুণ্যতা কেৱল ধৰ্মীয় ক্ষেত্ৰতেই নাছিল। এই পুণ্যতা আছিল সমাজ, সংস্কৃতি, সাহিত্য, পৰিৱেশ আদি সকলো ক্ষেত্ৰতে। শংকৰদেৱ আছিল এজন নিখুঁত সমাজ সংস্কাৰক যিয়ে অসমৰ সমাজ জীৱনত এক নতুন চিন্তা-ধাৰা, দৰ্শনৰ দ্বাৰা নতুন জীৱন দান দিছিল। শংকৰদেৱে পৰিৱেশ সংৰক্ষণৰ কথাও তেতিয়াই কৈ গৈছে। তেওঁ কৈছিল যে এজোপা বৃক্ষ দহজন পুত্ৰৰ সমান। ইয়াৰ পৰাই সেই তেতিয়াই থকা শংকৰদেৱৰ বহল মনৰ কথা বুজিব পাৰি। শংকৰদেৱ তেতিয়াও আছিল আৰু এতিয়াও আছে। এইটো ঠিক শংকৰদেৱ আমাৰ মাজত কায়িকভাৱে নাই কিন্তু শংকৰদেৱ আমাৰ মাজত স্বমহিমাৰে মহিমামণ্ডিত হৈ আছে তেওঁৰ অনন্য সৃষ্টিসমূহৰ জৰিয়তে।

আৰু পঢ়ক- মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ

5 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x