তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

পদ্মনাথ গোহাঞিবৰুৱা

আধুনিক অসমীয়া সাহিত্যৰ প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ মাজৰ এজন অন্যতম হ’ল পদ্মনাথ গোহাঞিবৰুৱা। ১৯১৭ চনতেই তেওঁ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ জন্ম দিছিল, যি অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰাই নহয়, অসমীয়া সমাজ জীৱনৰ বিভিন্ন সংকটপূৰ্ণ সময়ত জাতিটোক পৰিত্ৰাণৰ পথ প্ৰদৰ্শন কৰি আহিছে। ঊনবিংশ শতিকাৰ শেষাৰ্দ্ধত তদানীন্তন বৃটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা অসমীয়া ভাষাত সাহিত্য চৰ্চাৰ যি পৰিৱেশ গঢ়ি উঠিছিল, তাৰেই প্ৰেৰণাত পদ্মনাথ গোহাঞিবৰুৱাইও গল্প, কবিতা, প্ৰবন্ধ আদি ৰচনা কৰাৰ লগতে লিখি উলিয়াইছিল প্ৰথমখন আধুনিক অসমীয়া উপন্যাস ‘ভানুমতী’। অসমীয়া সাহিত্যৰ কবিতা আৰু নাটকৰ ক্ষেত্ৰখনত নিজৰ বিশেষ প্ৰতিভাৰ পৰিচয় দি যোৱা গোহাঞিবৰুৱাদেৱক পিছে অসমবাসীয়ে মনত ৰাখিছে এজন সফল সাহিত্য সংগঠক ৰূপেহে।

 জন্ম আৰু শিক্ষা

পদ্মনাথ গোহাঞিবৰুৱাৰ পিতৃপুৰুষৰ ঘৰ আছিল বৰ্তমানৰ শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলত। তাৰ পৰাই তেওঁলোকৰ পৰিয়ালটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ উত্তৰ লক্ষীমপুৰলৈ প্ৰবজন কৰিছিল। গোহাঞিবৰুৱাৰ পূৰ্বপুৰুষ সম্ভ্ৰান্ত আহোম বংশৰ লোক আছিল। তেওঁলোকে আহোমৰ শাসনকালত উচ্চ খাপৰ বিষয়বাব ভোগ  কৰিবলৈ পাইছিল। গোহাঞিবৰুৱাৰ পিতৃ ঘিণাৰাম গোহাঞিবৰুৱাই ইংৰাজৰ শাসনৰ অধীনত কেইবাটাও চৰকাৰী চাকৰি কৰিছিল আৰু শেষত মৌজাদাৰৰ বিষয়বাব পাইছিল আৰু মৌজাদাৰ হিচাপে সুখ্যাতিৰে কাৰ্য নিৰ্বাহ কৰিছিল।

উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত উক্ত সম্ভ্ৰান্ত পৰিয়ালতে পদ্মনাথৰ জন্ম হয় ১৮৭১ চনৰ ২৪ নৱেম্বৰ তাৰিখে। পিতৃ ঘিণাৰাম গোহাঞিবৰুৱাই দুগৰাকী বিয়া কৰাইছিল। তাৰে দ্বিতীয় গৰাকী লম্ভী দেৱীয়েই হ’ল পদ্মনাথৰ মাতৃ। তেওঁলোকৰ মুঠ চৈধ্যটি পুত্ৰ-কন্যাৰ ভিতৰত পদ্মনাথ আছিল অষ্টম।

গাঁৱৰ পৰিৱেশত এটা আঢ্যৱন্ত পৰিয়ালৰ শিশু হিচাপেই পদ্মনাথ ডাঙৰ-দীঘল হৈছিল আৰু ওচৰ-চুবুৰীয়া লগৰীয়াৰ লগত নানা ধৰণৰ খেল-ধেমালিত মগ্ন হৈ কাল কটাইছিল। সেই গ্ৰাম্য পৰিৱেশত বিশেষকৈ তেওঁৰ ৰাপ বহিছিল বৰশী বোৱা আৰু অন্য প্ৰকাৰে মাছ মৰা কাৰ্যত। ঘৰৰ ওচৰৰ নৈ, বিল, পুখুৰীত সাঁতোৰাটো আছিল পদ্মনাথৰ অতি প্ৰিয় চখপথাৰত চৰি ফুৰা ঘোঁৰা ধৰি আনি পিঠিত উঠি দৌৰোৱাটোও আছিল তেওঁৰ এটা চখ।

স্কুলীয়া শিক্ষা

পোনপ্ৰথমে ঘৰতে পদ্মনাথৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল, সাত বছৰ বয়সত। ইয়াৰ এবছৰৰ পিছতহে তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল উত্তৰ লক্ষীমপুৰৰ নিম্ন প্ৰাইমেৰী পৰ্যায়ৰ পঢ়াশালিত। পাছলৈ তেওঁ অধ্যয়ন কৰা এই কৰা বিদ্যালয়খন ‘মজলীয়া ইংৰাজী ছাত্ৰবৃত্তি’ আৰু ‘মজলীয়া বঙলা ছাত্ৰবৃত্তি’ বিদ্যালয় হিচাপে স্বীকৃত হৈছিল। এই খিনিতেই এটা কথা উল্লেখ কৰিবলগীয়া যে, ১৮৭৩ চনৰ পৰা অসমৰ বিদ্যালয় আৰু আদালতত বঙলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন হ’ল যদিও ছাত্ৰবৃত্তি স্কুল বিলাকত বঙলা ভাষাই চলি আছিল। পদ্মনাথ গোহাঞিবৰুৱাই এনে ধৰণৰ মজলীয়া স্কুলত পঢ়োঁতে বঙালী লেখকৰ পাঠ্যপুথিয়েই পঢ়িব লগীয়া হৈছিল। পদ্মনাথে উল্লেখ কৰা অনুসৰি মজলীয়া বিদ্যালয়ত তেওঁৰ বঙলা ভাষাৰ শিক্ষাহে হ’ল, ইংৰাজী শিক্ষা ভালকৈ নহ’ল।

পঢ়াশালীয়া দিনত গোহাঞিবৰুৱাৰ বাল্যবন্ধু আছিল পানীন্দ্ৰনাথ গগৈ। তেঁৱো এজন সাহিত্যানুৰাগী ছাত্ৰ আছিল। মজলীয়া স্কুলত পঢ়ি থকাৰ সময়তেই দুয়ো কিছু সংখ্যক কবিতাৰে ‘পদ্মপাণি’ নাম দি এখন কিতাপৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল। অৱশ্যে বন্ধু পানীন্দ্ৰ গগৈৰ অকাল বিয়োগৰ পিছত সেই পুথিখন হেৰাল।

হাইস্কুলীয়া শিক্ষা

ইয়াৰ পাছত গোহাঞিবৰুৱা শিৱসাগৰ নগৰলৈ গৈ হাইস্কুলত অৰ্থাৎ উচ্চ ইংৰাজী বিদ্যালয়ত ভৰ্তি হ’লগৈ। কিন্তু মজলীয়া খাপত ইংৰাজী ভাষা শিক্ষা ভালদৰে নোহোৱাৰ ফলত হাইস্কুলত শিক্ষা গ্ৰহণত অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছিল। হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ আগতেই তেওঁ মৌজাদাৰ পিতৃৰ পৰা মৌজাদাৰী চলোৱাৰ বাবে প্ৰয়োজনীয় চাৰ্ভে শিক্ষা ল’বলৈ আদেশ পালে। সেই সময়ত শিৱসাগৰত এখন চাৰ্ভে স্কুল আছিল। তেওঁ সেই স্কুলতে ভৰ্তি হ’ল আৰু এবছৰৰ ভিতৰতে শিক্ষা সমাপ্ত কৰিলে। কিন্তু চৰকাৰে তেওঁৰ পিতৃক চাৰ্ভে শিক্ষা নোহোৱাকৈয়ে মৌজা চলাই যাবলৈ অনুমতি দিয়াত পদ্মনাথে পুনৰ হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰিলে।

শিৱসাগৰৰ হাইস্কুলত পদ্মনাথৰ অতি প্ৰিয় শিক্ষক আছিল প্ৰধান শিক্ষক চন্দ্ৰমোহন গোস্বামী। কিন্তু তেওঁ হাইস্কুলত পুনৰ পঢ়িবলৈ লোৱাৰ সময়তে প্ৰধান শিক্ষক গোস্বামী দেৱৰ নগাপাহাৰ জিলাৰ কহিমা নগৰত থকা হাইস্কুললৈ বদলি হৈ গ’ল। তেওঁৰ প্ৰিয় শিক্ষকজন বদলি হোৱা দেখি তেঁৱো বিদ্যালয় সলনি কৰি কহিমালৈ পঢ়িবলৈ যাবলৈ সিদ্ধান্ত ল’লে। তেওঁৰ সেই দুৰ্গম কহিমা যাত্ৰাৰ সহায়ক আছিল তেওঁৰেই দুজন সহপাঠী আৰু এজন সন্ন্যাসী।

কহিমাত গৈ পদ্মনাথে মাত্ৰ কেইমাহ মানৰ বাবেহে তেওঁৰ প্ৰিয় শিক্ষাগুৰুৰ অধীনত শিক্ষা ল’বলৈ পালে। তাৰ পাছতেই তেওঁৰ বিশ্ববিদ্যালৰ এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ সময় আহিল। কহিমাত তেঁৱেই সৰ্বপ্ৰথম আৰু একমাত্ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ্থী আছিল। কিন্তু কহিমাত পৰীক্ষা কেন্দ্ৰ নথকাৰ বাবে পদ্মনাথে ডিব্ৰুগড় কেন্দ্ৰত পৰীক্ষা দি উত্তীৰ্ণ হৈছিল। এয়া আছিল ১৮৯০ খ্ৰীষ্টাব্দৰ কথা।

 কলিকতাত শিক্ষা-জীৱন

পদ্মনাথৰ দেউতাক আছিল এজন বিদ্যোৎসাহী লোক। তেওঁৰ উৎসাহতে পদ্মনাথে উচ্চ শিক্ষাৰ্থে কলিকতালৈ যাত্ৰা কৰে। সেইসময়ত জাহাজেৰে ব্ৰহ্মপুত্ৰই দি কলিকতালৈ যোৱাই একমাত্ৰ যাতায়তৰ ব্যৱস্থা আছিল। পদ্মনাথে তেওঁতকৈ জেষ্ঠ কলিকতা প্ৰবাসী ছাত্ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে দুজনমান ছাত্ৰৰ লগত শিৱসাগৰৰ পৰা কলিকতালৈ যাত্ৰা কৰিলে। তিনিটা দিন দুটা ৰাতি জাহাজেৰে আৰু এৰাতি ৰে’লেৰে গৈ তেওঁলোক কলিকতাৰ শিয়ালদহ ৰেল ষ্টেছনত নামিলগৈ।

কলিকতাত সেই সময়ত কিছু সংখ্যক ছাত্ৰই উচ্চ শিক্ষাৰ্থে মেচ পাতি আছিল। পদ্মনাথে প্ৰথমে গৈ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটত থকা পকী দুমহলীয়া ঘৰতে থিতাপি ল’লেগৈ। তাত তেওঁৰ সহবাসী আছিল বেণুধৰ ৰাজখোৱা। পদ্মনাথে কলিকতাত গৈ ৰিপন কলেজত ভৰ্তি হ’ল। তাত তেওঁ ইংৰাজী, তৰ্কশাস্ত্ৰ, গণিতৰ উপৰিও লেটিন বিষয় লৈ এফ. এ. মহলাত অধ্যয়ন আৰম্ভ কৰিলে। কিন্তু তাত লেটিন বিষয়টোৰ অধ্যয়ন ভাল নহ’ল। অন্য ছাত্ৰসকলেও একেই সমস্যাৰে সন্মুখীন হ’ল। সেয়ে তেওঁলোকে পিছত ‘চেণ্ট জেভিয়াৰ্ছ’ কলেজত ভৰ্তি হ’লগৈ। তাৰ অধ্যাপসকল ফৰাচী আছিল। পিছে তাতো তেওঁ লেটিন বিষয়ৰ শিক্ষাত আগবাঢ়িব নোৱাৰিলে।

উপায়ন্তৰ হৈ শেষত সেই কলেজ এৰি গৈ তেওঁ ‘জেনেৰেল এচেম্বলি ইনষ্টিটিউচন’ কলেজত ভৰ্তি হ’ল। কিন্তু এফ. এ. চূড়ান্ত পৰীক্ষা দিবৰ সময়ত দেখা গ’ল যে সংস্কৃত ভাষা আয়ত্ব হোৱা সত্ত্বেও শ্ৰেণীত প্ৰয়োজন অনুসৰি উপস্থিতি নোহোৱাৰ বাবে তেওঁ এফ. এ. ফাইনেল পৰীক্ষা দিবলৈ সমৰ্থ নহ’ল। তেওঁ বৰ নিৰাশ হ’ল। পিছৰ বছৰলৈ এফ. এ. পৰীক্ষা দিবলৈ বাট চাই থকাতকৈ আইন শিক্ষাৰ বাবে বি. এল. শ্ৰেণীতে নাম ভৰ্তি কৰিবলৈ এচাম পুৰণি ছাত্ৰই তেওঁক পৰামৰ্শ দিলে। তেঁৱো ভালকৈ পঢ়া-শুনা কৰি আইন পৰীক্ষা দিবলৈ সাজু হ’ল। আৱশ্যকীয় মাচুল আদিও দিয়া হ’ল। কিন্তু আইন পৰীক্ষাত বহিবৰ বাবে উপযুক্ত বয়স নোহোৱাত অৰ্থাৎ তেতিয়া তেইশ বছৰ নোহোৱাত তেওঁ আইন পৰীক্ষা দিব নোৱাৰিলে।

এইদৰেই পদ্মনাথৰ কলিকতাৰ ছাত্ৰ জীৱন ব্যৰ্থ হৈ পৰে। সেইবাবেই তেওঁ সোনকালেই অসমলৈ উভতিল। কিন্তু কলিকতীয়া ছাত্ৰ জীৱন একেবাৰে অথলে গ’ল বুলিও ক’ব নোৱাৰি; কিয়নো কলিকতাত অধ্যয়ন কৰিবলৈ গৈয়ে তেওঁ সাহিত্য চৰ্চাৰ পৰিৱেশ এটা পালে আৰু তাতেই তেওঁৰ সাহিত্যিক জীৱনৰো আৰম্ভ হ’ল।

কলিকতাৰ পৰা প্ৰত্যাৱৰ্তন আৰু বিভিন্ন সামাজিক কাম-কাজ

কলিকতাত পঢ়িবলৈ গৈ কোনো ধৰণৰ ডিগ্ৰী লাভ নকৰাকৈয়ে ঘূৰি আহিব লগীয়া হোৱা কথাটোৱে পদ্মনাথৰ মনত দুখৰ সাঁচ বৰ দকৈয়ে বহুৱালে। সেয়ে কলিকতাৰ পৰা অসমলৈ ঘূৰি আহি প্ৰথমতে গুৱাহাটীত বন্ধু-বান্ধৱৰ লগত দুদিন মান কটাইছিল। সেই সময়তে তেওঁ এজন বন্ধুৰ সৈতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সাক্ষাৎ কৰিছিল। গোহাঞিবৰুৱাই আত্মজীৱনীত উল্লেখ কৰি যোৱা মতে সেইসময়তে হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ৰ ৰচনা সম্পূৰ্ণ কৰিছিল।

কলিকতাৰ পৰা অসমলৈ উভতি আহি পদ্মনাথ গোহাঞিবৰুৱাই এনেই বহি থকা নাছিল। তেওঁ কলিকতাত লগ পোৱা পুৰণি বন্ধু-বান্ধৱৰ উপৰিও অন্যান আত্মীয়-স্বজনক লগ ধৰি পুৰণি বুৰঞ্জীমূলক তথ্য উদ্ধাৰত তৎপৰ হ’ল। কলিকতাৰ পৰা ঘূৰি আহি তেওঁ কৈশোৰ কালৰ বিচৰণভূমি শিৱসাগৰ নগৰত কিছুদিন থাকিল। তাত আহোম শাসনকালৰ পুৰণি কীৰ্তিচিহ্ন সমূহ পুনৰ দেখা পাই তেওঁৰ অন্তৰত অতীত কালৰ গৌৰৱৰ ভাৱ পুনৰ জাগৃত হ’ল।

তেওঁ কলিকতাত থকা কালতেই নিজ মাতৃভূমিৰ উন্নতিৰ হকে কাম কৰিবলৈ মনত উৎসাহ আৰু প্ৰেৰণা লাভ কৰিছিল। উজনি অসমত ইতিমধ্যে দীননাথ বেজবৰুৱা, জগন্নাথ বৰুৱা, গংগাগোবিন্দ ফুকন প্ৰমুখ্যে বিভিন্নজন বিদ্বান লোকে জাতীয় উন্নতিৰ বাবে চিন্তা কৰি কাম-কাজ আৰম্ভ কৰিছিলেই। পদ্মনাথ গোহাঞিবৰুৱায়ো তেওঁৰ সহযোগী সমাজকৰ্মীসকলৰ সৈতে লগ হৈ পোনপ্ৰথমে ‘অসমীয়া জাতীয় উন্নতি সাধিনী সভা’ৰ প্ৰতিষ্ঠা কৰিলে। লাহে লাহে এই অনুষ্ঠানটিৰ  প্ৰভাৱ গোটেই অসমতে বিয়পি পৰিল।

আহোম সভাৰ গঠন

ইয়াৰ উপৰিও পূৰ্বৰ স্বাধীনতা হেৰুৱাই ইংৰাজসকলৰ অধীনত আহোম ৰাজবংশৰ আৰু আহোমসকলৰ আৰ্থিক-সামাজিক অৱস্থা একেবাৰেই শোচনীয় হৈ পৰিছিল। গোহাঞিবৰুৱাই সেই অৱস্থাৰ পৰিৱৰ্তন ঘটাই তেওঁলোকৰ মাজত জাতীয় ভাৱ প্ৰচাৰ কৰিবলৈ অশেষ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে তেওঁ হাতীত উঠি উজনি অসমৰ আহোম বসতিপূৰ্ণ অঞ্চল ভ্ৰমণ কৰি সভা-সমিতি পাতিছিল। তেওঁৰ উ়দ্যোগতে ‘অসম এছোচিয়েচন’ৰ আৰ্হিত ‘আহোম সভা’ প্ৰতিষ্ঠা হৈছিল। এই অনুষ্ঠানটিৰ নাম পিছলৈ ‘আহোম এছোচিয়েচন’ দিয়া হৈছিল। বিভিন্ন ঠাইত ইয়াৰ শাখাও প্ৰতিষ্ঠা হৈছিল। তেওঁ বহুদিন ধৰি এই অনুষ্ঠানৰ সাধাৰণ সম্পাদক পদতো অধিষ্ঠিত হৈ আছিল। ইয়াৰ উপৰি তেওঁ অসমৰ মানুহৰ মাজত কানিৰ অপকাৰিতাৰ বিষয়ে প্ৰচাৰ কৰি ‘কানি নিবাৰণী মেল’ ঠায়ে-ঠায়ে পাতিছিল।

পিতৃভূমি উত্তৰ লক্ষীমপুৰত সাহিত্যানুৰাগী বাল্যবন্ধু পানীন্দ্ৰনাথ গগৈৰ সান্নিধ্য লাভ কৰি গোহাঞিবৰুৱাই সাহিত্যৰ ক্ষেত্ৰতো কিছু সাংগঠনিক কাম কৰে। কলিকতাৰ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ আৰ্হিত উত্তৰ লক্ষীমপুৰতো ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰতিষ্ঠা কৰি সাহিত্য-চৰ্চাৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল।  

পদ্মনাথ গোহাঞিবৰুৱাৰ কৰ্মজীৱন

গোহাঞিবৰুৱাই বিভিন্ন সামাজিক আৰু সাহিত্যিক কামত ব্যস্ত হৈ থাকিলেও ওকালতি পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই আছিল। ঠিক তেনে সময়তে তেওঁ নগাপাহাৰৰ কহিমা গভৰ্ণমেণ্ট ইংৰাজী স্কুলৰ হে’ডমাষ্টৰ হিচাপে নিযুক্তি লাভ কৰে। তেতিয়াৰ অসমৰ শিক্ষা বিভাগৰ ডিৰেক্টৰ জে. উইলচনৰ লগত গোহাঞিবৰুৱাৰ ভাল চিনাকী আছিল। তেঁৱেই গোহাঞিবৰুৱালৈ গম নোপোৱাকৈ নিয়োগ-পত্ৰ পঠিয়াই দিছিল। যিখন স্কুলৰ পৰাই তেওঁ এণ্ট্ৰেন্স পৰীক্ষা দিছিল, তাতেই শিক্ষক হিচাপে নিযুক্তি পাই অতিকৈ আনন্দিত হৈছিল।

গোহাঞিবৰুৱাই কহিমাতো ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা’ কৰিছিল। এয়া আছিল ১৮৯৩ চনৰ কথা। গোহাঞিবৰুৱাই প্ৰতিষ্ঠা কৰা ‘কহিমা সাহিত্য সভা’ এতিয়াও নগালেণ্ডৰ ৰাজধানী কহিমাত বৰ্তি আছে।

কহিমাত কিছুদিন শিক্ষকতা কৰাৰ পিছত গোহাঞিবৰুৱা তেজপুৰৰ নৰ্মাল স্কুললৈ হে’ডমাষ্টৰ ৰূপে বদলি হৈ আহে। তেজপুৰতো তেওঁ ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰিছিল। তেজপুৰ নৰ্মাল স্কুল বন্ধ হৈ যোৱাত তেওঁৰ চাকৰি হ’লগৈ প্ৰথমে তেজপুৰ হাইস্কুলত আৰু তাৰ পাছত বদলি হ’ল যোৰহাট গভৰ্ণমেণ্ট হাইস্কুললৈ। তাৰ পিছত পুনৰ কিছুদিনৰ বাবে তেজপুৰ হাইস্কুললৈ বদলি হৈ আহিছিল। শিক্ষক হিচাপে গোহাঞিবৰুৱা অতি সুদক্ষ আছিল। আনকি তেওঁ নিজেই প্ৰয়োজন মতে কেইবাখনো স্কুলীয়া পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স আৰু এফ. এ. পৰীক্ষাৰো অসমীয়া বিষয়ৰ পৰীক্ষক আৰু বি. এ. মহলাৰ প্ৰশ্নকাৰো আছিল। তেওঁ পাটনা বিশ্ববিদ্যালয়ৰো পৰীক্ষক আছিল। ১৯০৯ চনত গোহাঞিবৰুৱাই যেতিয়া এটা সাহিত্যিক পেঞ্চন(মাহিলী ২৫ টকাকৈ) লাভ কৰিলে, তেতিয়া তেওঁ শিক্ষকতাৰ পদবী ত্যাগ কৰিলে আৰু সাহিত্য আৰু সমাজ সেৱাত একাণপতীয়াকৈ মনোনিৱেশ কৰিলে।

ৰাজনীতিত গোহাঞিবৰুৱা

পদ্মনাথ গোহাঞিবৰুৱাৰ কৰ্মক্ষেত্ৰ আছিল অতি বিস্তৃত। তেওঁৰ ৰাজহুৱা জীৱনৰ ভিতৰত ৰাজনৈতিক কাৰ্যাৱলীও উল্লেখনীয়। তেওঁ আহোম এছোচিয়েচনৰ সভাপতি-সম্পাদক হিচাপে বিষয়-বাব লোৱাৰ উপৰি তেওঁ আচাম লেজিছলেটিভ কাউন্সিললৈ আহোম প্ৰতিনিধিৰূপে মনোনীত হৈছিল।

গোহাঞিবৰুৱাই জীৱনৰ সৰহভাগ কাল তেজপুৰ নগৰতে স্থায়ীকৈ বসবাস কৰিছিল। তেওঁ আছিল তেজপুৰ মিউনিচিপালটিৰ চেয়াৰমেন। তেজপুৰ লোকেল বৰ্ডৰো তেওঁ চৰকাৰৰ মনোনীত সদস্য আছিল। তেজপুৰত তেওঁ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ উপৰিও নামঘৰ, ‘তেজপুৰ অসমীয়া ক্লাব’ পাতিছিল আৰু বিখ্যাত ‘বাণ ষ্টেজ’ প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেওঁ কিছুদিনৰ বাবে মংগলদৈত তহচিলদাৰীও কৰিছিল।

গোহাঞিবৰুৱাক ভাৰত চৰকাৰে ‘ৰায় চাহাব’ আৰু তাৰ পিছত ‘ৰায়বাহাদুৰ’ খিতাপ দিছিল। অসম চৰকাৰে তেওঁক প্ৰথমতে ১৯১৭ চনত ‘অনাৰেৰী মেজিষ্ট্ৰেট’, দুবছৰৰ পিছত দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট আৰু শেষত ১৯৪১ চনত প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট পদ দিছিল। তেওঁ পঁচিশ বছৰ তেজপুৰত অনাৰেৰী মেজিষ্ট্ৰেটৰ দায়িত্ব সুচাৰুৰূপে চলাইছিল। ১৯২০ চনত তেওঁ আসাম প্ৰাদেশিক কাউন্সিললৈ উত্তৰ লক্ষীমপুৰ সাধাৰণ সমষ্টিৰ পৰা নিৰ্বাচিত হয়।

গোহাঞিবৰুৱা অসমৰ সবাতোকৈ বৃহৎ আৰু জনপ্ৰিয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ প্ৰথম অধিৱেশনৰ সভাপতি হৈছিল। শিৱসাগৰ চহৰত ১৯১৭ চনত এই অধিৱেশন অনুষ্ঠিত হৈছিল। তেওঁ আছিল সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক। সেই সময়ৰ অসমৰ এটা জনপ্ৰিয় ৰাজনৈতিক সংস্থা ‘আসাম এছোচিয়েচন’ৰ লগতো গোহাঞিবৰুৱা জড়িত হৈ আছিল। অসমত প্ৰথমবাৰৰ বাবে শিক্ষক সন্মিলনী হওঁতে তেওঁ ইয়াৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল।

বৃটিছৰ লগত সুসম্পৰ্ক বজাই ৰাখিলেও, ‘ৰায়চাহাব’, ‘ৰায়বাহাদুৰ’ৰ দৰে বৃটিছ প্ৰদত্ত উপাধি থকা স্বত্ত্বেও তেওঁ মহাত্মা গান্ধী ১৯২১ চনত পোন প্ৰথমে অসমলৈ আহোঁতে তেজপুৰ নগৰৰ পৰা সদলবলে ব্ৰহ্মপুত্ৰৰ ঘাটলৈ গৈ আদৰণি জনাইছিল। অসমত ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হওঁতে তেওঁ সহায়-সহযোগিতা আগবঢ়াইছিল আৰু অধিৱেশনৰ কেইদিন তাত উপস্থিত আছিল। এই ক্ষেত্ৰত এটা উল্লেখনীয় কথা হ’ল যে উক্ত কংগ্ৰেছ অধিৱেশনৰ বাবে দান-বৰঙণি বিচাৰি তেওঁৰ ওচৰলৈ উদ্যোক্তাসকল যাওঁতে তেওঁ পোৱা সাহিত্যক পেঞ্চনৰ এমাহৰ ধন ২৫ টকা বৰঙণি হিচাপে আগবঢ়াইছিল।

গোহাঞিবৰুৱাৰ ব্যক্তিগত জীৱন

পাৰিৱাৰিক জীৱনত গোহাঞিবৰুৱা এজন সফল ব্যক্তি আছিল বুলিয়েই কʼব পাৰি। অৱশ্যে তেওঁৰ প্ৰথমা পত্নী লীলাৱতী দেৱীৰ অকাল মৃত্যু ঘটে আৰু তেওঁ হীৰাৱতী দেৱীক দ্বিতীয় পত্নীৰূপে গ্ৰহণ কৰে। গোহাঞিবৰুৱা সাতগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ পিতৃ আছিল। কেইবাজনো আত্মীয়-স্বজনৰ অকাল বিয়োগে তেওঁৰ ব্যক্তিগত জীৱনত গভীৰ দুখ দি গৈছিল। সেইসকলৰ মৃত্যুত তেওঁ কেইবাটাও মনোৰম কবিতা ৰচিছিল।

কহিমা হাইস্কুলৰ পৰা তেজপুৰৰ নৰ্মাল স্কুললৈ বদলি হৈ অহাৰ পিছৰে পৰা মৃত্যু পৰ্যন্ত পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰ নগৰতেই স্থায়ীভাৱে বসবাস কৰিছিল। তেওঁ পিন্ধন-উৰণ, কথা-বতৰা, আচৰণ, কামে-কাজে সকলোতে প্ৰাক-স্বাধীনতা কালৰ এজন দেশ-হিতৈষী সম্ভ্ৰান্ত অসমীয়া ভদ্ৰলোকৰ প্ৰতিনিধি আছিল। তেওঁ মাজে মাজে চাহাবী পোছাক, আকৌ মাজে মাজে আঢ্যৱন্ত অসমীয়া ভদ্ৰলোকৰ পোচাকো সমানেই পিন্ধিছিল। সকলো কামতে উদ্যোগী, পৰিশ্ৰমী আৰু অধ্যৱসায়ী হোৱাৰ বাবে ব্যক্তিগত আৰু সামাজিক জীৱন সকলোতে তেওঁ কৃতকাৰ্য হ’ব পাৰিছিল। তেওঁৰ কাম-কাজৰ ধৰণ আছিল ব্যতিক্ৰম ধৰণৰ। নিজৰ ঘৰতে সাহিত্য চৰ্চা, কাকত সম্পাদনা কৰাৰ বাবে এটা পৰিপাটি কাৰ্যালয় আছিল। সেই কাৰ্যালয়ত তেওঁ নিয়মিত কেইবাঘণ্টাও কাম কৰিছিল। তেওঁ ৰাতি দুই-তিনি বজালৈ কাম কৰি পুৱা ন বজালৈ শুইছিল। সদায় পুৱাবেলা আগৰদিনাৰ কাৰ্যাৱলীৰ বিষয়ে দিনপঞ্জী লিখিছিল।

সাংবাদিক গোহাঞিবৰুৱা

এটা অনাকাংক্ষিত ঘটনাক্ৰমে আৰম্ভ হৈছিল গোহাঞিবৰুৱাৰ সাংবাদিক জীৱন। ঘটনাটো আছিল এনে ধৰণৰ- ১৮৮৯ চনৰ কথা। কলিকতা প্ৰবাসী পদ্মনাথ গোহাঞিবৰুৱা আৰু বেণুধৰ ৰাজখোৱাই তেওঁলোকৰ সাহিত্যিক জীৱনৰ আৰম্ভণি কৰিছিল যৌথভাৱে লিখা ‘ডেকা-গাভৰু’ নামৰ বিহুগীতৰ এখন কিতাপেৰে। কিন্তু জোনাকী আলোচনীয়ে তেওঁলোকৰ এই সাহিত্যিক প্ৰচেষ্টাক উৎসাহ জনোৱাৰ বিপৰীতে কিতাপখনক অশ্লীল বুলি সমালোচনাহে কৰিলে। এই কথাতে ক্ষুন্ন হৈ জোনাকী আলোচনীৰ নিয়মীয়া লেখকৰ এটা গোটে জোনাকী আলোচনীৰ লগত সম্পৰ্ক ত্যাগ কৰি ‘আচামিজ লিটাৰেৰী ক্লাব’ নামেৰে এটা অনুষ্ঠান গঢ়িলে আৰু তাৰ পৰাই ‘বিজুলী’ নামৰ এখন মাহেকীয়া আলোচনীও প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে।

১৮৯০ চনৰ পৰা প্ৰকাশ পোৱা এই আলোচনীৰ সম্পাদনাৰ দায়িত্বত আছিল কৃষ্ণপ্ৰসাদ দুৱৰা। বিজুলীৰ উল্লেখযোগ্য লেখকসকলৰ ভিতৰত আছিল গুণাভিৰাম বৰুৱা, বেণুধৰ ৰাজখোৱা, ৰত্নেশ্বৰ মহন্ত, লম্বোদৰ বৰা, আনন্দ চন্দ্ৰ আগৰৱালা আদি। কিন্তু বিজুলীয়ে দ্বিতীয় বছৰত ভৰি দিয়াৰ পিছতেই কৃষ্ণপ্ৰসাদ দুৱৰাৰ বি. এল. ডিগ্ৰী সম্পূৰ্ণ হোৱাত অসমলৈ ঘূৰি আহিব লগা হ’ল আৰু বিজুলীৰ সম্পাদনাৰ দায়িত্বভাৰ আহি পৰিল তৰুণ উদ্যমী সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ হাতত।

সম্পাদকৰূপে গোহাঞিবৰুৱা

‘বিজুলী’ৰ সম্পাদনাৰ ভাৰ হাতত লোৱাৰ সময়ত গোহাঞিবৰুৱা এজন মাত্ৰ কুৰি বছৰীয়া কলেজীয়া ছাত্ৰ। বয়সৰ অভিজ্ঞতাও নাই। আলোচনী চলাবলৈ কাৰো আৰ্থিক সাহায্যও নাই। অথচ ভাষা-সাহিত্যৰ সেৱাৰ বাবেই আলোচনীখন চলাই নিবলৈ তেওঁ দৃঢ়ভাৱে সংকল্পবদ্ধ। সেই যুগত তেনেদৰে একক প্ৰচেষ্টাৰে এখন আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰাটো এক দুঃসাহসিক কাম। তদুপৰি সমসাময়িক আলোচনী ‘জোনাকী’ৰ লগত ‘বিজুলী’ৰ এটা প্ৰতিদ্বন্দিতাৰ ভাবো আছিল। দুয়োখন আলোচনীক কেন্দ্ৰ কৰি দুটা সাহিত্যিকৰ গোষ্ঠীও গঢ়ি উঠিছিল। ‘বিজুলী’ৰ প্ৰতি সংখ্যাৰ আৰম্ভণিতে একোটাকৈ কবিতা প্ৰকাশ কৰা হৈছিল। অন্যান বিষয়ৰ উপৰি পুথি সমালোচনা, সাঁথৰ আদি আলোচনীখনত নিয়মীয়াকৈ প্ৰকাশ কৰা হৈছিল। পুথি সমালোচনা সম্পাদক গোহাঞিবৰুৱাই নিজেই কৰিছিল। এই বিজুলীতেই গোহাঞিবৰুৱাৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া উপন্যাস ‘ভানুমতী’ খণ্ড খণ্ডকৈ প্ৰকাশ হৈছিল।

‘বিজুলী’ৰ সম্পাদনা গোহাঞিবৰুৱাৰ আগৰ জীৱনৰ এক কঠিন অগ্নি পৰীক্ষা আছিল। এই আলোচনী সম্পাদনা কৰোতে তেওঁ আৰ্থিকভাৱে অতি দুৰৱস্থাৰ সন্মুখীন হ’ব লগা হৈছিল। সেই যুগতেই এজন তৰুণ অসমীয়াই কলিকতাত প্ৰবাসী জীৱন কটাই নিজৰ ভাষা-সাহিত্যৰ হকে তেনেকৈ আত্মোৎসৰ্গা কৰাতো কম কথা নাছিল! লগতে অতি দুখৰ কথা আছিল যে তেওঁ যি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল, তাৰো সিমানতে সামৰণি পৰিছিল। অতি কষ্টেৰে তেওঁ ‘বিজুলী’ আলোচনী তৃতীয় বছৰ পৰ্যন্ত চলাইছিল।

আচাম বন্তি

গোহাঞিবৰুৱা জড়িত হৈ পৰা জীৱনৰ দ্বিতীয়খন কাকত আছিল আছিল ‘আচাম-বন্তি’। ইংৰাজী আৰু অসমীয়া উভয় ভাষাতে প্ৰকাশিত এই কাকতখনৰ প্ৰতিষ্ঠাতা আছিল হৰিবিলাস আগৰৱালা আৰু জয়দেৱ শৰ্মা। কাকতখনৰ মুদ্ৰণ কৰা হৈছিল তেজপুৰৰ ‘আচাম চেণ্ট্ৰেল প্ৰেছ’ নামৰ ন-কৈ প্ৰতিষ্ঠিত এটা ছপাশালত। কাকতখনৰ প্ৰধান সম্পাদক আছিল মথুৰামোহন বৰুৱা আৰু তাত সম্পাদনা সহযোগিতা কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। ৰাইজৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে নিয়মীয়াকৈ উপস্থাপন কৰি কাকতখন সেইসময়ত অসমৰ ৰাইজৰ মুখপাত্ৰ স্বৰূপ হৈ পৰিছিল।

১৯০১ চনৰ ১৪ জানুৱাৰীৰ পৰা প্ৰকাশিত হোৱা আচাম বন্তি প্ৰথম অৱস্থাত ঠিকেই চলিছিল যদিও কিছুদিনৰ পিছতে ইয়াৰ অৱস্থা বেয়াৰ ফালে ঢাল খালে। তেতিয়াই ‘আচাম চেণ্ট্ৰেল প্ৰেছ’ গোহাঞিবৰুৱাই জয়দেৱ শৰ্মাৰ সৈতে মিলি ২১০০ টকাত কিনি লয় আৰু ‘আচাম বন্তি’ প্ৰকাশৰ সমস্ত দায়িত্ব গ্ৰহণ কৰে। গোহাঞিবৰুৱাৰ নিজা সম্পাদনাত ‘বন্তি’ আকৌ জনপ্ৰিয় হৈ উঠে। ‘আচাম বন্তি’ প্ৰকাশ কৰোতে তেওঁ নিজেই সম্পাদনা কৰাৰ পৰা কেতিয়াবা ক’ম্প’জ কৰালৈকে আৰু কাকতখনৰ প্ৰচলনৰ পৰা কাৰ্যালয়ৰ যাৱতীয় সমস্ত কামলৈকে চম্ভালিছিল।

প্ৰথম অৱস্থাত উৎসাহেৰে চলোৱাৰ পিছত ‘বন্তি’ চলোৱাৰ ক্ষেত্ৰত গোহাঞিবৰুৱা ঋণৰ বোজাৰে ভাৰাক্ৰান্ত হৈ নানা অসুবিধাৰ সন্মুখীন হৈছিল। ‘আচাম বন্তি’ৰ বাবে এসময়ত গোহাঞিবৰুৱাই গোটেই অসমৰ বিভিন্ন গণ্য-মান্য ব্যক্তিৰ পৰা আৰ্থিক সাহায্যও গ্ৰহণ কৰিব লগা হৈছিল। তেওঁ ‘আচাম বন্তি’ৰ নাম পিছলৈ ‘অসম বন্তি’ কৰিছিল। অতি কষ্টৰে নানা অসুবিধাৰ মাজতো গোহাঞিবৰুৱাই ‘অসম বন্তি’ ১৯৩৭ চনলৈকে চলাই আছিল। প্ৰাক-স্বাধীন কালত ইমান বছৰ ধৰি চলা ‘বন্তি’য়েই আছিল একমাত্ৰ কাকত। কাকতখনৰ মুদ্ৰণ ব্যৱস্থা উন্নত নোহোৱাৰ বাবে বহুতে কাকতখনক সমালোচনাও কৰিছিল। কিন্তু ‘বন্তি’ক সমালোচনা কৰিলে গোহাঞিবৰুৱাই বৰ দুখ অনুভৱ কৰিছিল। কিয়নো শেষ পৰ্যন্ত তেওঁ ‘বন্তি’ক ব্যৱসায় নহয়, জাতীয় সেৱাৰ মাধ্যম ৰূপেহে গণ্য কৰিছিল।

 উষা

পদ্মনাথ গোহাঞিবৰুৱাক আমি মুখ্যতঃ যিখন আলোচনীৰ বাবে জানো সেইখন আছিল ‘ঊষা’। ইতিমধ্য ‘বিজুলী’ আৰু ‘বন্তি’ৰ সম্পাদনাৰ অভিজ্ঞতাৰে অভিজ্ঞ গোহাঞিবৰুৱাই ১৯০৭ চনৰ পৰা আৰম্ভ কৰিলে সাহিত্য আলোচনী ‘ঊষা’। ‘ঊষা’ৰ লক্ষ্য সম্পৰ্কে গোহাঞিবৰুৱাই লিখিছিল-‘জাতীয় সাহিত্যৰ উন্নতি সাধনেই আলোচনীখনৰ মূল উদ্দেশ্য’। সমসাময়িক সাহিত্যিক হেমচন্দ্ৰ গোস্বামীয়েই এই ক্ষেত্ৰত তেওঁক পৰম উৎসাহ যোগাইছিল। তাৰ উপৰি আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত সেই সময়ৰ আন আন প্ৰতিষ্ঠিত অসমীয়া সাহিত্যিক যেনে লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা আদিৰো সহযোগিতা লাভ কৰিছিল। এইসকলৰ বাহিৰেও ‘ঊষা’ৰ আন আন উল্লেখযোগ্য লেখকসকল হ’ল চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, সূৰ্য কুমাৰ ভূঞা, অম্বিকানাথ বৰা, পদ্মধৰ চলিহা, দণ্ডিনাথ কলিতা, জ্ঞাননাথ বৰা, যতীন্দ্ৰনাথ দুৱৰা, নকুলচন্দ্ৰ ভূঞা আদি। এই লেখক সকলেই পৰৱৰ্তীকালত অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ মূল্যবান বৰঙণি আগবঢ়াই প্ৰতিষ্ঠিত হৈছিল।

‘ঊষা’ আলোচনীখন মাত্ৰ পাঁচ বছৰহে প্ৰকাশিত হৈছিল। কিন্তু এই সময়ছোৱাতে আলোচনীখনত কবিতা, প্ৰবন্ধ, ইতিহাস, প্ৰত্নতত্ত্ব, জীৱনী আদি বিবিধ ধৰণৰ ৰচনা প্ৰকাশিত হৈছিল। অসমীয়া সাহিত্যৰ বিভিন্ন বিভাগৰ বিকাশত ইয়াৰ অৰিহণা যথেষ্ট আছিল। ‘ঊষা’ প্ৰকাশৰ শেষৰ ফালে কেইবাখনো অসমীয়া আলোচনী প্ৰকাশ হ’বলৈ আৰম্ভ কৰিছিল। তাৰ বাবে গোহাঞিবৰুৱাই এই বুলি আনন্দ প্ৰকাশ কৰিছিল যে তেওঁৰ উদ্দেশ্য সফল হ’ল। ‘ঊষা’ প্ৰকাশ হৈ থকাৰ সময়তে প্ৰকাশ হৈছিল কুৰি শতিকাৰ আন এখন বিখ্যাত অসমীয়া আলোচনী লক্ষীনাথ বেজবৰুৱাৰ ‘বাঁহী’। সেইসময়ত কিছুমান নীতিগত কাৰণত ‘বাঁহী’ আৰু ‘ঊষা’ৰ মাজত যথেষ্ট বাক-বিতণ্ডা হৈছিল। অথচ গোহাঞিবৰুৱাই যেতিয়া ‘বাঁহী’ৰ সম্পাদক বেজবৰুৱাক লগ পাইছিল, দুয়োৰে মাজত তেতিয়া সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক প্ৰকাশ পাইছিল।

গোহাঞিবৰুৱাৰ কবিতা

অসমীয়া ৰোমাণ্টিক কবিতাৰ ইতিহাসৰ আৰম্ভণি ঊনবিংশ শতিকাৰ শেষৰ ফালে। ‘জোনাকী যুগ’ বুলি খ্যাত এই যুগৰেই অসমীয়া ৰোমাণ্টিক কাব্য আন্দোলনৰ সৃষ্টি এক কাব্য প্ৰতিভা হ’ল পদ্মনাথ গোহাঞিবৰুৱা। জোনাকী আলোচনীৰ পাততে প্ৰকাশিত ‘বনকুঁৱৰী’ নামৰ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ ৰচকৰূপে খ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ লগতে পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, আনন্দচন্দ্ৰ আগৰৱালা,‌ হিতেশ্বৰ বৰবৰুৱা আদিয়েও অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণি দি গৈছে।

গোহাঞিবৰুৱাৰ কবিতাপুথি তিনিখন— (১) লীলা কাব্য, (২) জুৰণি, আৰু (৩) ফুলৰ চানেকি।

১৮৯৯ খ্ৰীষ্টাব্দত লিখি উলিওৱা ‘লীলা কাব্য’ গোহাঞিবৰুৱাৰ ব্যক্তিগত জীৱনৰ কাৰুণ্যৰে ভৰা এখনি কাব্য। কবিৰ প্ৰথমা পত্নী লীলাৰ অকাল আৰু আকষ্মিক বিয়োগৰ নিদাৰুণ পৰিণতি তথা মাত্ৰ ছবছৰীয়া দাম্পত্য জীৱনৰ কবিত্বময় শোকগাঁথা হ’ল ‘লীলা কাব্য’।

মুঠতে সৰু-বৰ পঁচিশটা সৰ্গ সন্নিৱিষ্ট ‘লীলা কাব্য’ৰ আদৰ্শ প্ৰাচীন ভাৰতীয় সংস্কৃত খণ্ডকাব্য; প্ৰাচীন অসমীয়া কাব্যৰ লগতো ইয়াৰ সাদৃশ্য বৰ্তমান। পুথিখনৰ নানা সৰ্গ আৰু অধ্যায়ৰ ধাৰাবাহিকতা তথা নতুনত্বৰ ভাৰসাম্যতা মন কৰিবলগীয়া। আৰম্ভণিৰ ‘বন্দনা’ সৰ্গত যদি কবিয়ে নিজৰ ‘প্ৰিয়া বিৰহত মৰ্মাহত’ অৱস্থাৰ উল্লেখ কৰিছে, দ্বিতীয় অধ্যায় ‘সংকল্প’ত আকৌ ‘সাংসাৰিক লীলাৰ কাহিনী মৰতত অমৰ কৰা’ৰ কথা ব্যক্ত কৰিছে। তৃতীয় সৰ্গত যদি সৃষ্টি পাতনি, প্ৰকৃতি-পুৰুষ আৰুসংসাৰ মায়াৰ আভাসে স্থান পাইছে, তাৰ পৰৱৰ্তী অধ্যায়বোৰত কবিয়ে পত্নী লীলাৰ জীৱনৰ আভাস দিছে একোটা শিৰোনামেৰে।

পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতাৰ বৈশিষ্ট্য

‘লীলা-কাব্য’ত কবিৰ বাসনা হ’ল–

 “মৰতত কৰোঁ এটি কাহিনী অমৰ,

 অমৰে অমৰে মিলি মৰণে জীৱনে,

চকুৰে নেদেখা দৃশ্য জায়া কুঁৱলীত —

আত্মাৰে আত্মাক ধৰি কাব্য কৌশলেৰে

ইমানে, সংকল্প মাথোঁ ইহ জনমৰ।”

কবিৰ ৰোমান্টিক কল্পনাই কাব্যখনত সাৱলীল গতি লাভ কৰিছে। শব্দ-চয়ন আৰু মনোৰম প্ৰকাশভংগীয়ে পুথিখন সুখপাঠ্য কৰি তুলিছে। কিন্তু এইখিনিতে মন কৰিবলগীয়া যে এফালে ‘লীলা কাব্য’ক যিদৰে কবিৰ ব্যক্তিগত জীৱনৰ মৰ্মন্তুদ চিত্ৰ প্ৰকাশক এখনি শোক কাব্য বুলিব পাৰি, আনফালে আকৌ পুথিখন আত্মবৃত্তান্তমূলক। কবিয়ে ব্যক্তিগত শোক-দুখক নৈৰ্ব্যক্তিক (impersonal) ৰূপ দিয়াৰ প্ৰয়াস কৰা নাই।  কিন্তু সেইখিনিতেই কবিৰ মৌলিকতা ফুটি উঠিছে।

‘জুৰণি’ গোহাঞিবৰুৱাৰ দ্বিতীয়খন কবিতাপুথি। এইখন কাব্য কবিতাৰ কেইবাটাও বৈশিষ্ট্যৰ সমাহাৰ। বিভিন্ন আংগিকৰ শতাধিক কবিতা পুথিখনত সন্নিৱিষ্ট হৈছে। তাৰে ৪৪ টা চনেট কবিতা। এই চনেট কবিতাকেইটাৰ একাংশ ব্যক্তিনিষ্ঠ ভাবৰ, যেনে— ‘কবিতা’, ‘কবি’, ‘মন’, ‘কল্পনা’, ‘প্ৰকৃতি’ আদি; আনফালে আন কিছুসংখ্যক চনেট আকৌ বস্তুনিষ্ঠ, যেনে — ‘ব্ৰহ্মপুত্ৰ’, ‘পুৰণি অসম’, ‘অসম আৰু বঙাল দেশ’ আদি। আকৌ আন কিছুমান কবিয়ে পুথিখনত কেইবাজনো বিশিষ্ট ব্যক্তিৰ আৰু আত্মীয়ৰ বিয়োগত ৰচিত শ্ৰদ্ধাৰ্ঘ হিচাপেহে সংযোগ কৰি দিছে। ইয়াৰ ভিতৰত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ন’বেল বঁটা লাভ কৰাত তেওঁলৈ ওলগনি জনাই ৰচনা কৰা এটা কবিতাও আছে (‘কবি ৰবীন্দ্ৰনাথ’)।

পুথিখনৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল যে ইয়াত কিছুমান দুশাৰী, চাৰিশাৰী আৰু ছশাৰীৰ কবিতাও অন্তৰ্ভুক্ত হৈছে, যিবোৰত কবিৰ পাৰ্থিৱ অভিজ্ঞতা আৰু নৈতিক জ্ঞানৰ প্ৰকাশ ঘটিছে। সেইফালৰ পৰা চাবলৈ গ’লে অৱশ্যে দুশাৰীৰ কবিতাকেইটাক ‘নীতিবাক্য’ বুলি ক’লেহে বেছি যুগুত হ’ব যেন লাগে। তথাপি এটা কথা অনস্বীকাৰ্য মে এইধৰণৰ চুটি চুটি নীতিবাক্যৰ ৰূপ লোৱা কবিতাবোৰতো কবিৰ কাব্যপ্ৰতিভাই সততে ভুমুকি মাৰিছে। এটা উদাহৰণৰ পৰা কথাটো স্পষ্ট হৈ পৰে —

“বেঁকা এটি ৰেখা মাথোঁ, লয় খন্তেকত:

সৃষ্টিৰ সৌন্দৰ্য জিনে প্ৰতি ভমকত।”

‘জুৰণি’ৰ কবিতাবোৰ ৰোমান্টিক ভাবাদৰ্শেৰে পৰিপুষ্ট। মাজে-মাজে দুই-চাৰিটা কবিতাত আকৌ ভগৱৎ প্ৰেমৰ সন্ধান লক্ষ্য কৰা যায়। প্ৰেম আৰু প্ৰকৃতিৰ প্ৰতি নিভাঁজ প্ৰেম তথা ছন্দৰ সুপ্ৰয়োগ এই কবিতাবোৰৰ আন এটা লক্ষণ। উল্লেখযোগ্য যে কবিৰ এই ‘জুৰণি’ কবিতাপুথিখন কলিকতা বিশ্ববিদ্যালয়ৰ বি.এ. মহলাৰ অসমীয়াৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছিল।

কবিৰ তৃতীয় কাব্য সংকলন ‘ফুলৰ কলনি’ বিভিন্ন মূলৰপৰা সংগৃহীত ৪২ টা কবিতাৰ সমষ্টি মাথোঁ। কবিৰ স্বৰচিত কেইখনমান নাটক, যেনে ‘জয়মতী’,‌ ‘গদাধৰ’, ‘সাধকী’ নাটকৰ কিছুমান সংলাপ এই পুথিখনত সংযোজিত হৈছে। কিন্তু সেই সংলাপ কবিতাৰ পৰশ লাগি সংলাপ হৈ থকা নাই — কবিয়ে সংলাপবোৰকো এনেকৈ চয়ন কৰিছে যে সিহঁতবোৰো একোটা স্বতন্ত্ৰ কবিতা হৈ গঢ় লৈছে। ‘ফুলৰ চানেকি’ৰ পাতনিত কবিৰ উল্লেখ – “এই ‘চানেকি’ত বছা কবিতা ফুল আটাইবোৰেই মোৰ নিজা ফুলনিৰ। তাৰ নিমিত্তে ম‌ই কাৰো ওচৰত হাত পাতিব লগীয়া হোৱা নাই, আৰু কাৰো ফুলনিলৈ হাত মেলাও নাই।” এইখন কবিতাপুথি কবিয়ে ৰচনা কৰাৰ মূল উদ্দেশ্য আছিল ইয়াক বি.এ. শ্ৰেণীৰ পাঠ্যৰূপে প্ৰচলন কৰা। ‘ফুলৰ চানেকি’ কবিতাপুথিখন উৎসৰ্গিত কবি ৰবীন্দ্ৰনাথৰ নামত।

মুঠৰ ওপৰত নিজৰ কাব্য প্ৰতিভাৰে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া কবিতা জগতত নিজৰ এক সুকীয়া পৰিচয় ৰাখি থৈ গৈছে।

গোহাঞিবৰুৱাৰ নাটক

গোহাঞিবৰুৱাৰ নাট্য ৰচনাৰ প্ৰথম বীজ অংকুৰিত হয় তেওঁৰ হাইস্কুলীয়া জীৱনত। ১৮৮৫ চনত দূৰ্গা পূজাৰ বন্ধত গুৱাহাটীৰ কামাখ্যা মন্দিৰ চাবলৈ গৈ তাত ‘অভিমন্যু বধ’ নামৰ বঙলা নাটক এখন চাই তেওঁ মুগ্ধ হয়, আৰু আহোঁতে তাৰ পৰাই ‘অভিমন্যু বধ’ নামৰ বঙলা নাটকখনৰ এটা কপিও কিনি আনে। শিৱসাগৰলৈ উভতি আহি তেওঁ সহপাঠী ছাত্ৰ সকলৰ সৈতে লগ হৈ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাৰ ঘৰৰ চ’ৰাত সেই নাটকৰ নাট্যানুষ্ঠান পাতিছিল, আৰু নিজেই অভিমন্যুৰ চৰিত্ৰত অভিনয়ো কৰিছিল। এই সন্দৰ্ভত আত্মজীৱনী ‘মোৰ সোঁৱৰণী’ত নিজৰ অভিমত এনেধৰণৰ : “তেতিয়ালৈকে শংকৰীয়া নাটকেইখনৰ বাজে আধুনিক থিয়েটাৰৰ উপযোগী অসমীয়া নাটকৰ সঞ্চাৰেই নাছিল; গতিকে এখন অসমীয়া নাটক ৰচিবলৈ তেতিয়াই ম‌ই কৃতসংকল্প হ‌ওঁ’’।

গাওঁবুঢ়া

গোহাঞিবৰুৱাৰ নাট্য সাহিত্যলৈ অৱদান আনবিলাক সাহিত্য কৰ্মতকৈ বেছি। তেওঁ ঐতিহাসিক, সামাজিক আৰু পৌৰাণিক তিনিও শ্ৰেণীৰ মুঠতে আঠখন জনপ্ৰিয় নাটক লিখিছিল। তেওঁৰ সৰ্বপ্ৰথম নাটক হ’ল ‘গাঁওবুঢ়া’ (১৮৯৭ চন)। এইখন এখন ধেমেলীয়া সামাজিক নাটক— এখন লঘু কমেডি (Light Comedy)। ‘গাঁওবুঢ়া’ৰ কাহিনীভাগ হ’ল : আৰ্থিকভাৱে জুৰুলা ভোগমনে ঘৈণীয়েকৰ পৰামৰ্শমতে মৌজাদাৰক খাটনি কৰি গাঁওবুঢ়াৰ বিষয়বাবটো পালে। সি ভাবিছিল গাঁওবুঢ়া হৈ সি নিজৰ অভাৱ-অনাটন দূৰ কৰিব আৰু সমাজত তাৰ প্ৰতিপত্তি বাঢ়িব। কিন্তু গাঁওবুঢ়া পদটো লাভ কৰাৰ পিচত তাৰ বিপৰিতটোহে হ’ল। শেষত আনকি ভোগমন গাঁওবুঢ়াই নিজৰ খাজনাৰ প‌ইচাকেইটাও দিয়াৰ সামৰ্থকণ হেৰুৱাই পেলালে, আৰু ঘৈণীয়েকৰ কথামতে এইবাৰ আকৌ গাঁওবুঢ়াৰ বাব এৰিবলৈ টানি ধৰিবলগীয়া হ’ল। এদিন নিজৰ মান-সন্মান ৰক্ষা কৰিবলৈ চৰকাৰী গাঁওবুঢ়া হ’বলৈ খাটনি ধৰা ভোগমনে শেষত সেই বিষয়বাব এৰিবলৈ কৌশল অৱলম্বন কৰিবলগীয়া হয়।

ঔপনিৱেশিক শাসনৰ আৰম্ভণিত সৰল-হোজা মানুহৰ আকাংক্ষা আৰু তাৰ পৰিণতিৰ হাস্যৰসাত্মক প্ৰকাশ ‘গাঁওবুঢ়া’ নাটক। ইয়াৰ নায়ক ভোগমনৰ চৰিত্ৰত ভণ্ডামি নাই, আছে নিৰীহ মনৰ মানুহৰ ব্যাকুলতা। সি সহজ-সৰল ভাবেই তাৰ নিজৰ অৱস্থাৰ পৰিৱৰ্তন বিচাৰি মৰীচিকা খেদি হাবাথুৰি খাবলগীয়া হৈছে। তদুপৰি নাটকখনৰ স্ত্ৰী চৰিত্ৰ, যেনে ৰংদৈ, জেতুকী আদিৰ বৰ্ণানাও সজীৱ আৰু আকৰ্ষণীয়।

ধেমেলীয়া নাটক

গোহাঞিবৰুৱাৰ যুগত অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাবাদৰ্শৰ পয়োভৰৰ সময়ত লোক সাহিত্যৰ চৰ্চা আৰম্ভ হৈছিল। ফলস্বৰূপে জনপ্ৰিয় হৈ পৰা সাধুকথাবোৰকে নাট্যৰূপ দিয়াৰ প্ৰয়াসত সেই সময়ত কেইবাখনো নাটক ৰচিত হয়। তেনে এখন নাটকেই আছিল গোহাঞিবৰুৱাৰ দ্বিতীয়খন ধেমেলীয়া নাটক— ‘টেটোন তামুলী’ (১৯০৯)। ৫ টা অংকযুক্ত এই নাটকখনত নাট্যকাৰে জতুৱা-ঠাঁচ, ফকৰা-যোজনা তথা প্ৰবচনৰ বহুল প্ৰয়োগ কৰিছে।

গোহাঞিবৰুৱাৰ তৃতীয়খন ধেমেলীয়া শ্ৰেণীৰ নাটকৰ নাম ‘ভূত নে ভ্ৰম’। ৫ টা অংকৰ এইখন সংস্কাৰধৰ্মী নাটক ৰচনাৰ উদ্দেশ্য হ’ল নিৰক্ষৰ সহজ-সৰল গাঁৱলীয়া মানুহৰ মনৰ পৰা ভূতৰ ধাৰণা আঁতৰ কৰোৱা। নাটকীয় কাহিনীৰ শেষলৈ চৰিত্ৰসমূহৰ মনৰপৰা ভূত-প্ৰমাদ আঁতৰিছে। নাটকখন প্ৰচাৰগন্ধী হোৱা কাৰণে নাটকীয় কলা-কৌশলৰ দিশৰপৰা তাৰ গুৰুত্ব কমিছে।

জয়মতী

অসমীয়া ঐতিহাসিক নাট ৰচনাৰ বাটকটীয়া বুলি পৰিগণিত গোহাঞিবৰুৱাৰ এই শ্ৰেণীৰ প্ৰথম নাটক হ’ল ‘জয়মতী’ (১৯০০)। সপ্তদশ শতিকাত আহোম স্বৰ্গদেউসকলৰ মাজত সিংহাসনক লৈ চলি থকা নানা খোৱা-কামোৰা, ষড়যন্ত্ৰ আদিৰ চিকাৰ হৈ স্বামী গদাধৰ সিংহৰ নগা পাহাৰলৈ পলায়ন; অশেষ জীয়াতু, নিৰ্যাতন ভুগিও পত্নী জয়মতীয়ে  স্বামীৰ বতৰা নিদি অসমীয়া সমাজলৈ ৰাখি থৈ যোৱা আত্মত্যাগ, সুদৃঢ় মনোবল, দেশানুৰাগৰ চানেকি আদিয়েই সম্বলিত এই ‘জয়মতী’ নাটখন। এই কাহিনীত ট্ৰেজিক নাটকৰ সমল আছে। ৫ টা অংকৰ এই নাটখনত নাট্যকাৰৰ কিছু মৌলিক উদ্ভাৱনো চকুত পৰে। গোহাঞিবৰুৱাই সৃষ্টি কৰা ‘জিনু’ নামৰ গাভৰুৰ চৰিত্ৰটি তাৰেই উদাহৰণ। গদাপাণিয়ে নগা পাহাৰত আত্মগোপন কৰি থাকোঁতে লগ পোৱা এই জিনু চৰিত্ৰটো নাটখনৰ এটা আকৰ্ষণীয় চৰিত্ৰ।

গদাধৰ

গোহাঞিবৰুৱাৰ দ্বিতীয়খন ঐতিহাসিক নাটক হ’ল ‘গদাধৰ’ (১৯০৭)। এইখন নাটকৰ কাহিনী তেওঁৰ ‘জয়মতী’ নাটকৰ কাহিনীভাগৰ লগত সংপৃক্ত। পত্নী জয়মতীৰ কৰুণ অৱস্থাত মৃত্যু, গদাপাণি কোঁৱৰৰ গভীৰ মনোবেদনা, ৰাজ্য লাভৰ দৃঢ় প্ৰতিজ্ঞা আৰু পূৰ্বৰ অত্যাচাৰী ৰজাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাসনা দৃঢ়তাৰ ৰূপত প্ৰকাশ পাইছে নাটকখনৰ প্ৰথম অংকত। ‘গদাধৰ’ নাটকখনক এফালৰপৰা ‘জয়মতী’ নাটকৰ পৰিপূৰক বুলিও ভাবিব পাৰি। অৱশ্যে এই নাটকত ‘জয়মতী’ নাটকৰ বৈশিষ্ট্য ৰক্ষা হোৱা নাই। নাটখনৰ বহুখিনি ছন্দ অমিত্ৰাক্ষৰ ছন্দত ৰচিত। ইয়াত সন্নিৱিষ্ট গীতবোৰৰ সুৰ-তাল-মান বান্ধি দিছিল বিখ্যাত অসমীয়া গীতিকাৰ লক্ষ্মীৰাম বৰুৱাই।

সাধনী

এইজন নাট্যকাৰৰ তৃতীয়খন ঐতিহাসিক নাটকৰ নাম ‘সাধনী’ (১৯১০)। নাটকখনত আছে আহোম আৰু চুতীয়াসকলৰ বিবাদৰ বিৱৰণ আৰু সেই সংঘাতৰ পৰিণতি স্বৰূপেই শেষত চুতীয়া ৰজা নীতিপালৰ পত্নী সতী সাধনীৰ চন্দনগিৰি পৰ্বতৰপৰা জঁপিয়াই দিয়া আত্মবলিদানৰ কৰুণ কাহিনী। নাটখনত ট্ৰেজেদিৰ যথেষ্ট উপাদান আছিল যদিও সি সাৰ্থক ট্ৰেজেদিৰ পৰ্যায়লৈ উন্নীত নহ’ল। এইখন নাটকতো নাট্যকাৰে বহুল পৰিমাণে অমিত্ৰাক্ষৰ ছন্দৰ ব্যৱহাৰ কৰিছে।

লাচিত বৰফুকন

বৰুৱাৰ শেষ ঐতিহাসিক নাটক হ’ল ‘লাচিত বৰফুকন’ (১৯১৫ )। মোমাই তামূলী বৰবৰুৱাৰ সুযোগ্য সন্তান তথা অসমৰ ইতিহাসৰ বীৰত্বব্যঞ্জক চৰিত্ৰ লাচিত বৰফুকনৰ অসাধাৰণ ৰণ-কৌশল আৰু দেশপ্ৰেমৰ বলতেই আহোমে পৰাক্ৰমী মোগল বাহিনীক সমূলঞ্চে পৰাস্ত কৰি অসমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখে। এইজন বীৰৰ জীৱন চৰিত্ৰক লৈয়েই ৰচিত এইখন নাটকৰ বিষয়ে নাট্যকাৰে নিজেই কৈছে এইদৰে: “অসাধাৰণ ৰাজনীতিজ্ঞ মহাপুৰুষ চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে পাতি লোৱা দুৰ্জ্জয় শৰাইঘাটৰ মহাৰণৰ চিত্ৰ আঁকি দেখুওৱাটোৱেই এই নাটকৰ ঘাই উদ্দেশ্য।”  নাটকখনত ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু উদয়াদিত্য সিংহৰ সিংহাসন আৰোহণ তথা তেওঁৰ দিনতে লাচিত বৰফুকনৰ নেতৃত্বত আহোমে মোগলক পৰাভূত কৰাৰ কাহিনী সুপৰিকল্পিত আৰু সুগ্ৰথিত ভাবে উপস্থাপন কৰিছে।

অৱশ্যে নাটখনত নাট্যকাৰৰ নিজৰেই সৃষ্ট দুই-এটা উপকাহিনীও নথকা নহয়। ইয়াৰে প্ৰথমটো কোঁচ ৰাজকোঁৱৰ গন্ধৰ্ব নাৰায়ণৰ লগত লাচিত বৰফুকনৰ জীয়েক পিজলা গাভৰুৰ সম্পৰ্ক, আৰু দ্বিতীয়টো মোগল ৰাজকোঁৱৰলৈ দিয়া স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৰ লাচিতৰ সৈতে থকা অতীতৰ প্ৰণয় কাহিনী। এইখন নাটকত দৰ্শক, পাঠকৰ মনত লাচিতৰ ভাবমূৰ্তি উজ্জ্বল কৰি দাঙি ধৰাত নাটকৰ সমল সফল হৈছে। এই নাটখনৰ ব্যতিক্ৰমী ধৰ্মটো হ’ল অমিত্ৰাক্ষৰ ছন্দৰ সংলাপৰ ঠাইত গদ্যৰ সংলাপৰ ব্যৱহাৰ, যিয়ে নাটখনৰ সৌষ্ঠৱ বঢ়াইছে।

বাণৰজা

গোহাঞিবৰুৱাৰ সৰ্বশেষ নাটক ‘বাণৰজা’ (১৯৩২)  তেওঁৰ একমাত্ৰ পৌৰাণিক নাটক। কলেবৰত ই আন কেইখন নাটকতকৈ ডাঙৰ। এইখন নাটক ৰচনাৰ আগতে গোহাঞিবৰুৱাই তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি ‘শ্ৰীকৃষ্ণ’ ৰচনা কৰিছে। উক্ত গ্ৰন্থৰ আলমতে ৰচিত নাটক হ’ল ‘বাণৰজা’। এইখন নাটক ৰচনাৰ আন এটা উপলক্ষ্যও আছিল। গোহাঞিবৰুৱা তেজপুৰৰ বিখ্যাত নাট্যমঞ্চ ‘বাণষ্টেজ’ৰ কেইবছৰমান সম্পাদক আছিল। বাণষ্টেজত পৰিৱেশনৰ কাৰণে ‘বাণৰজা’ নামৰ নাটক এখন ৰচনাৰ দায়িত্বভাৰ দিয়া হৈছিল গোহাঞিবৰুৱা আৰু আন এগৰাকী স্বনামধন্য সাহিত্যিক হেমচন্দ্ৰ গোস্বামীক। কিন্তু পিচলৈ গোস্বামী দেৱৰ মৃত্যু হোৱাত গোহাঞিবৰুৱাই নাটকখন ৰচনা কৰে। 

৫ টা অংকবিশিষ্ট এই নাটখনৰ মূল কাহিনী হ’ল — শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক চিত্ৰবিদ্যাত অদ্বিতীয় চিত্ৰলেখাই দ্বাৰকাৰপৰা হৰণ কৰি আনি বাণৰজাৰ কন্যা সখীয়েক উষাৰ লগত মিলন ঘটোৱা আৰু তাৰ পৰিণতিত বাণৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা প্ৰচণ্ড ৰণ, শেষত বাণৰ পৰাজয় স্বীকাৰ আৰু দুয়োপক্ষৰ মিলন। ‘বাণৰজা’ত গদ্য সংলাপ আৰু অমিত্ৰাক্ষৰ ছন্দৰ সংলাপ দুয়োটাই আছে। ইয়াত প্ৰাচীন অসমীয়া গীত আৰু লোকগীতৰ ব্যৱহাৰ মন কৰিবলগীয়া।

অসমীয়া নাট্যসাহিত্যৰ বুৰঞ্জীত পদ্মনাথ গোহাঞিবৰুৱাৰ এক নিজস্ব স্থান আছে । তেওঁৰ নাটকে সমসাময়িক নাটকৰ অভাৱ পূৰণ কৰাৰ উপৰিও নাটক ৰচনাৰ মৌলিকতাও প্ৰদৰ্শন কৰিছে। লোককথাৰ পৰা বুৰঞ্জী আৰু পৌৰাণিক বিষয়লৈকে তেওঁৰ নাট্য কাহিনীৰ পৰিসৰ। সামাজিক নাটক কেইখন অসমীয়া লোক-জীৱন আৰু অসমীয়া জতুৱা-ঠাঁচৰ প্ৰয়োগৰ দাপোণস্বৰূপ হৈ থাকিব। কবিত্বপূৰ্ণ সংলাপ তেওঁৰ কবিতাৰ আন এটি বৈশিষ্ট্য। এই সকলোবোৰ সমলেৰে পৰিপুষ্ট নাট্যসম্ভাৰৰ স্ৰষ্টা পদ্মনাথ গোহাঞিবৰুৱা অসমীয়া নাট্য জগতৰ এক অক্ষয় বন্তিস্বৰূপ হৈ জ্বলি থাকিব।

গোহাঞিবৰুৱাৰ উপন্যাস

অসমীয়া সাহিত্যত পোন প্ৰথম উপন্যাসৰ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয় ঊনবিংশ শতিকাৰ মাজভাগত। কিন্তু প্ৰথমাৱস্থাত খ্ৰীষ্টান মিছনেৰী সকলৰদ্বাৰা ৰচিত উপন্যসসমূহ মৌলিক নাছিল, সেইবোৰ আছিল কিছুমান ইংৰাজী প্ৰসিদ্ধ লেখকৰ উপন্যাসৰ ভাঙনিহে। আকৌ ঊনবিংশ শতিকাৰ শেষৰ ফালে হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ (১৮৭৬) আৰু পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪) উপন্যাসেৰে অসমীয়া স্থানীয় লেখকৰ হাতত উপন্যাস চৰ্চাৰ ঢৌ উঠে যদিও এই দুয়োখনতেই উপন্যাসৰ বৈশিষ্ট্যবোৰ পূৰামাত্ৰাই বিকশিত হোৱা নাছিল।

তেনেস্থলত, ১৮৯০ চনত ‘বিজুলী’ আলোচনীত মাত্ৰ ঊনৈশ বছৰ বয়সতে ‘ভানুমতী’ নামৰ এখন উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ কৰি পদ্মনাথ গোহাঞিবৰুৱাই সৰ্বপ্ৰথম লেখত ল’বলগীয়া অসমীয়া উপন্যাস ৰচোঁতা হোৱাৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ আত্মজীৱনীত এই বিষয়ে উল্লেখ কৰি থৈ গৈছে এইদৰে — “ ‘বিজুলী’ কাকতেই মোক অসমীয়া ভাষাত লিখিবলৈ বাট লগাই দিয়ে। সেই প্ৰসংগতে মোৰ পোন প্ৰথম উদ্যম হ’ল এখন সামাজিক ঘৰুৱা উপন্যাস লিখা, কিয়নো তেতিয়ালৈকে (১৮৯০) অসমীয়া ভাষাত উপন্যাস বুলিবলৈ এখনো নাছিল। মোৰ ‘ভানুমতী’ সেই উদ্যমৰে ফল। এই উপন্যাসৰ ছোৱা ছোৱা হৈ ‘বিজুলী’ পোহৰত ওলাবলৈ ধৰিলে।”

গোহাঞিবৰুৱাৰ উপন্যাস সৃষ্টিৰ ক্ষেত্ৰত প্ৰেৰণা হ’ল সেই সময়ৰ কলিকতাৰ বন্ধু-বান্ধৱ সকলৰ উৎসাহ-উদগনি। তেওঁৰ উপন্যাসত ইংৰাজী ঔপন্যাসিক ছাৰ ৱাল্টাৰ স্কট আৰু বাঙালী ঔপন্যাসিক বংকিম চন্দ্ৰ চেটাৰ্জীৰ প্ৰভাৱ দেখা যায়।

ভানুমতী 

‘ভানুমতী’ উপন্যাসৰ কাহিনী ৰচিত হৈছে আহোম ৰাজত্বকালত সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত। কাহিনীভাগ আহোম স্বৰ্গদেউ শিৱসিংহৰ সমসাময়িকভাৱে উপস্থাপন কৰা হৈছে। ঔপন্যাসিকে উক্ত ৰজাজনৰ নাম স্পষ্টকৈ উল্লেখ নকৰিলেও বৰ্ণনাৰপৰা সেই কথা সহজেই প্ৰতীয়মান হয়। ঔপন্যাসিকে ইতিহাসৰ সূত্ৰ ধৰিয়েই এটা অধ্যায়ত মোৱামৰীয়া বিদ্ৰোহৰ আসন্ন সূত্ৰপাতৰ বৰ্ণনা দিছে এনেদৰে — “ৰজা হৈ তেওঁ অম্বিকা দেৱী কুঁৱৰীক বিয়া কৰায়। তাৰ পাছত ছমাহ মান ৰজা হ‌ওঁতেই তেওঁৰ ছত্ৰভঙ্গ ৰোগ পৰাত তেওঁ নিজৰ কুঁৱৰীক ৰাজপাটত পাটমাদৈ পাতি মুকলি মূৰীয়া হৈ বহিল। আৰু তিৰোতা সেৰুৱা ৰজাই সকলো বিষয়তে কুঁৱৰীৰ হাতত ৰাজক্ষমতা এৰি দি নিজজঞ্জলীয়া হ’বলৈ ধৰিলে। ইফালে কুঁৱৰীৰ এদিনীয়া ক্ষমতাই ৰাজ্যতে অশান্তি বিয়পাবলৈ ধৰিলে। আনকি ডাঙৰীয়া বিষয়া সকলো পেটে পেটে বৰ অসন্তুষ্ট হৈ উঠিল।”

এই ওপৰত উল্লেখ কৰা ৰজাজন হ’ল শিৱসিংহ আৰু ঔপন্যাসিকে ৰাণীগৰাকী অম্বিকা দেৱী বুলি উল্লেখ কৰিছে যদিও বুৰঞ্জীমতে তেওঁ আছিল ৰাণী ফুলেশ্বৰীহে।

চৈধ্যটা অধ্যায়ত লিখিত এই উপন্যাস নায়িকা ভানুমতীৰ মুখেদি প্ৰথম পুৰুষত বৰ্ণোৱা হৈছে। অৱশ্যে সামৰণিৰ চতুৰ্দশ অধ্যায়টি তৃতীয় পুৰুষত ৰচিত। কম পৰিসৰতে কাহিনী উপস্থাপন কৰি ঔপন্যাসিকে সৰল অথচ আকৰ্ষণীয় ভংগীৰে উপন্যাসখন ৰচনা কৰিছে। ইয়াৰ মূল বক্তব্য প্ৰেম। এই প্ৰেমৰ মূলতে হ’ল পাৰস্পৰিক সহজাত আকৰ্ষণ। লেখকে ইয়াক আদৰ্শ প্ৰেমৰূপে দাঙি ধৰিছে। প্ৰেমৰ ক্ষেত্ৰত যাক ‘প্ৰণয় ত্ৰিভুজ’ বুলি কোৱা হয়, তাৰো কাহিনীত প্ৰকাশ ঘটিছে।

‘ভানুমতী’ তৰুণ ঔপন্যাসিকৰ প্ৰথম উপন্যাস। ইয়াত কল্পনা বিলাসৰ আছে সঁচা, কিন্তু প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট শালীনতা প্ৰদৰ্শন কৰা হৈছে। তদানীন্তন ঊনবিংশ শতিকাৰ অসমীয়া সমাজখনৰ গ্ৰহণযোগ্য ৰূপতহে লেখকে প্ৰেমৰ কথা ব্যাখ্যা কৰিছে। তদুপৰি যি ঐতিহাসিক পটভূমিত এই প্ৰেমৰ কাহিনী উপস্থাপন কৰা হৈছে, সেই সময়ৰ পুৰুষ-নাৰীৰ চৰিত্ৰ আৰু সমাজৰ কথাও লেখকে অনুধাৱন কৰা যেন অনুমান হয়।

‘ভানুমতী’ উপন্যাসৰ নায়ক চৰিত্ৰ চাৰু গোহাঁই অতি সাধু প্ৰকৃতিৰ, সৰল মনৰ যুৱক । নায়িকা ভানুমতীৰ তেওঁ উপযুক্ত প্ৰতিদান দিব পৰা নাই। সকলো পৰিস্থিতিতে চাৰু নিষ্ক্ৰিয় । এই চৰিত্ৰত নায়কোচিত পৌৰুষতব প্ৰকাশ হোৱা নাই। তাৰ পৰিৱৰ্তে নায়িকা ভানুমতীয়েই প্ৰকৃততে কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ। গোটেই ঘটনা চক্ৰতে ভানুমতী সক্ৰিয়। ভানুমতীৰ প্ৰেম অবিচলিত। সেই প্ৰেমৰ বাবেই তাই কন্টকময় পথ অতিক্ৰম কৰিবলগীয়া হৈছে আৰু তাকে কৰিবলৈ তাই দ্বিধাগ্ৰস্তও হোৱা নাই। তথাপি নায়িকাৰ অনুপাতে নায়ক সক্ৰিয় নোহোৱাত উপন্যাসখনৰ সংঘাত বা দ্বন্দ্ব ভালেখিনি সীমিত হৈ পৰিল।

‘ভানুমতী’ উপন্যাসত ইতিহাসৰ পটভূমি যিদৰে গ্ৰহণ কৰা হৈছে, ইতিহাসৰ সঁচা চৰিত্ৰবোৰ কাহিনীত সেইমতে সক্ৰিয় কৰা নাই। ৰজা, ৰাণী, ৰাজকোঁৱৰৰ চৰিত্ৰ আৰু কাৰ্যাৱলীৰ প্ৰভাৱৰ উল্লেখহে আছে, সেই চৰিত্ৰ ইয়াত নায়ক-নায়িকাৰ স্তৰলৈ উন্নীত হোৱা নাই। কিন্তু আমি ‘ভানুমতী’ উপন্যাসৰ বিচাৰ কৰোঁতে এটা কথা মনত ৰখা প্ৰয়োজন যে কিছু সীমাবদ্ধতাৰ সত্ত্বেও এই সৃষ্টিশীল কৰ্ম এজন ঊনৈশ বছৰীয়া লেখকৰ। এক পথিকৃৎ প্ৰয়াস ।

লাহৰী

গোহাঞিবৰুৱাৰ দ্বিতীয় উপন্যাস হ’ল ‘লাহৰী’। এইখন উপন্যাস উপৰোক্ত ‘ভানুমতী’ উপন্যাস ‘বিজুলী’ আলোচনীৰ পাতত থাকোঁতেই গ্ৰ্ন্থাকাৰে প্ৰকাশ হ’ল (১৮৯২)। অৰ্থাৎ অসমীয়া ভাষাত প্ৰথম কিতাপ আকাৰে প্ৰকাশিত উপন্যাসৰ ৰচোঁতাও পদ্মনাথ গোহাঞিবৰুৱাই। উপন্যাসখন ৰচনা কৰোঁতে তেখেতৰ বয়স আছিল ২১ বছৰ । তেতিয়া তেওঁ কলিকতাৰে ছাত্ৰ। উপন্যাসখনৰ পাতনিত লেখকে দায়িত্বসহকাৰে এষাৰ কথা কৈছে এইদৰে — “অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই। সেই অভাৱ আৰু দুৰ্নাম গুচাবৰ মনেৰেই ‘লাহৰী’ ৰচিবলৈ হাতত লোৱা হয়।”

‘লাহৰী’ উপন্যাসৰ কাহিনী অসমৰ ইতিহাসৰ এক দুখজনক অধ্যায় মানৰ অসম আক্ৰমণৰ ঠিক পিছতেই সৃষ্টি হোৱা অশান্ত সামাজিক-ৰাজনৈতিক অৱস্থাৰ পটভূমিত প্ৰতিষ্ঠিত। ৰাজনৈতিক দ্বন্দ্ব, তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা আহুকলীয়া পৰিস্থিতি লাহৰী আৰু কমল নামৰ এহাল ডেকা-গাভৰুৰ মিলনৰ পথত হেঙাৰ হৈ থিয় দিছিল। অৱশেষত সিহঁতৰ মিলন হ’ল আৰু দাম্পত্য জীৱনো সুখেৰে উপচি পৰিল। ‘ভানুমতী’ উপন্যাসৰ কাহিনীৰ তুলনাত ‘লাহৰী’ উপন্যাসৰ গতিপথ অধিক জটিল । কিন্তু ‘ভানুমতী’ৰ বিপৰীতে এই উপন্যাসৰ কাহিনী মিলনাত্মক।

গোহাঞিবৰুৱা বাটকটীয়া অসমীয়া ঔপন্যাসিক । তেওঁৰ চকুৰ আগত নিজৰ ভাষাত কোনো আদৰ্শস্থানীয় উপন্যাস নাছিল । উপন্যাস ৰচনাৰ সময়ত তেওঁৰ বয়সো আছিল খুউব কম। আনহাতে, উল্লেখনীয় যে আগবয়সতে উপন্যাস সৃষ্টিত অগ্ৰসৰ হোৱা এইজন লেখকে পিছলৈ জীৱনৰ পৈণত সময়ছোৱাত উপন্যাস ৰচনা নকৰিলে । সাহিত্যৰ ভিন্ন ক্ষেত্ৰত অৱশ্যে তেওঁ কলম চলাই গ’ল।

শেষ জীৱন আৰু মৃত্যু

পদ্মনাথ গোহাঞিবৰুৱাৰ জীৱন আৰু কৰ্মৰাজিক বিশ্লষণ কৰি আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰো যে, তেওঁ আছিল এজন নিৰলস কৰ্মযোগী। সাহিত্য সাধনা তেওঁৰ বাবে ধন বা যশ ঘটাৰ আহিলা নাছিল, সেয়া আছিল তেওঁৰ বাবে জাতীয় দ্বায়িত্ব। অসমীয়া সাহিত্যৰ অভাৱ পূৰণৰ উদ্দেশ্যেই তেওঁ ইখনৰ পাছত সিখনকৈ গ্ৰন্থ লিখি গৈছিল। বৃদ্ধ বয়সতো ডাক্তৰৰ বাধা নিষেধ নামানি তেওঁ ১০-১২ ঘণ্টাকৈ লিখা-পঢ়া কৰিছিল।

সামাজিক প্ৰতিষ্ঠা, সাহিত্য-খ্যাতি, আৰ্থিক স্বচ্ছলতা আৰু বংশ পৰিয়াল, সন্তান-সন্ততিৰ প্ৰীতিৰ মাজেৰেই পদ্মনাথৰ শেষ জীৱন অতিবাহিত হৈছিল। কোনো ধৰণৰ দুৰাৰোগ্য ৰোগ-ব্যাধিৰ আক্ৰণৰ বলি হোৱা নাছিল যদিও জীৱনৰ শেষ বয়সত গোহাঞিবৰুৱাক বাৰ্ধক্যই কোঙা কৰি পেলাইছিল। অৱশেষত, ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে তেজপুৰৰ নিজা বাসগৃহতেই পদ্মনাথ গোহাঞিবৰুৱাই জীৱন নাটৰ সামৰণি মাৰে।

গোহাঞিবৰুৱাৰ ৰচনাৱলী

গ্ৰন্থসমূহ

১) লাহৰী (উপন্যাস)

২) গাঁওবুঢ়া(ধেমেলীয়া নাটক)

৩) লীলা(কাব্য)

৪) জয়মতী(বুৰঞ্জীমূলক নাট)

৫) জুৰণি (কবিতা)

৬) গদাধৰ (বুৰঞ্জীমূলক নাটক)

৭) ভানুমতী (উপন্যাস)

৮) টেটোন তামুলী (ধেমেলীয়া নাটক)

৯) সাধনী (বুৰঞ্জীমূলক নাটক)

১০) লাচিত বৰফুকন (বুৰঞ্জীমূলক নাটক)

১১) ভূত নে ভ্ৰম (সংস্কাৰমূলক নাটক)

১২) শ্ৰীকৃষ্ণ (আদ্যলীলা খণ্ড)

১৩) শ্ৰীকৃষ্ণ (মধ্যলীলা খণ্ড)

১৪) বাণৰজা (পৌৰাণিক নাটক)

১৫) গীতাসাৰ

১৬) শ্ৰীকৃষ্ণ (আন্ত্যলীলা খণ্ড)

১৭) ফুলৰ চানেকী (কবিতা)

পাঠ্য-পুথিঃ

১) আদি শিক্ষা, আদিছোৱা

২) আদি শিক্ষা, মাজছোৱা

৩) আদি শিক্ষা, শেহছোৱা

৪) মহাৰাণী ভিক্টোৰীয়া চৰিত

৫) নীতি শিক্ষা, আদিছোৱা

৬) নীতি শিক্ষা, মাজছোৱা

 ৭) নীতি শিক্ষা, শেহছোৱা

৮) সাহিত্য-সংগ্ৰহ (পানীন্দ্ৰ গগৈৰ সৈতে যুটীয়াভাৱে সম্পাদিত)

৯) ভূগোল দৰ্পণ

১০) বুৰঞ্জী বোধ

১১) অসমৰ বুৰঞ্জী

১২) জীৱনী সংগ্ৰহ

১৩) দেশী কছৰত্ (ব্যায়ম শিক্ষাৰ পুথি)

১৪) অসমীয়া শিক্ষা বিধি (শিক্ষকৰ হাতপুথি)

১৫) হিন্দু বুৰঞ্জী বা ভাৰতবৰ্ষৰ চমু বুৰঞ্জী

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Fake Mail
11 months ago

I’m often to blogging and i really appreciate your content. The article has actually peaks my interest. I’m going to bookmark your web site and maintain checking for brand spanking new information.

trackback

[…] আৰু পঢ়ক- পদ্মনাথ গোহাঞিবৰুৱা […]

2
0
Would love your thoughts, please comment.x
()
x