তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

কমলাকান্ত ভট্টাচাৰ্য

কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম ঊনৈশ শতিকাৰ দ্বিতীয়াৰ্ধত। সেই সময়ৰ আনবোৰ অসমীয়া মহানায়কৰ তুলনাত তেওঁ এই ক্ষেত্ৰতেই ব্যতিক্ৰম আছিল যে, সেইসময়ৰ আনবোৰ মহানায়ক যেনে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিয়ে ইংৰাজ শাসনৰ প্ৰতি বিশেষ বিৰোধিতা প্ৰদৰ্শন কৰা নাছিল। তাৰ পৰিৱৰ্তে একধৰণৰ ৰাজআনুগত্য হে আছিল বুলিব পাৰি, কিন্তু কমলাকান্ত ভট্টাচাৰ্যই ইংৰাজৰ পৰাধীতাৰ শিকলি দলিয়াই পলাবলৈ অসমবাসীক বাৰে বাৰে আহ্বান কৰাৰ লগতে নিজেও তাৰ বাবে জীৱনপ্ৰাত কৰিছিল। তেখেতে নিজৰ কবিতাবোৰৰ মাজৰে অসমীয়াৰ অতীত গৌৰৱ সুঁৱৰি বাৰে বাৰে দেশীয় ভাই সকলক তেওঁলোকৰ কৰ্মহীনতা, ভীৰুতাৰ বাবে নিন্দা কৰিছিল আৰু ইংৰাজৰ এই পৰাধীনতাৰ শিকলি দলিয়াই অসমীয়া জাতিক বিশ্বৰ এটা শ্রেষ্ঠ জাতি হিচাপে গঢ়ি তোলাৰ কথা কৈছিল। এইজনা মহান মনীষীৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বহলাই কিছু কথা আলোচনা কৰিম।

কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম আৰু বংশ পৰিচয়

কমলাকান্ত ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত। ১৮৫৫ চনৰ ডিচেম্বৰ মাহত। তেখেতৰ পিতৃ বাণেশ্বৰ ভট্টাচাৰ্য বৃটিছ চৰকাৰ পুলিচৰ দাৰোগা আছিল। কমলাকান্ত ভট্টাচাৰ্যই তেখেতৰ আত্মজীৱনীত তেওঁৰ পূৰ্বপুৰুষৰ বিষয়ে এনেদৰে লিখিছে-

“দেউতাই কোৱা শুনিছো কনৌজৰ পৰা বাৰভূঞাৰ লগত অসমলৈ অহা ছয় ঘৰ ব্ৰাহ্মণ আৰু ছয় ঘৰ কায়স্থৰ ভিতৰত আমাৰ পূৰ্বপুৰুষ ৰবিদেৱো আছিল। তেখেতৰ চাৰিটা পুত্ৰ হয়, চতুৰ, মিচিৰ, কংসাৰি আৰু সুনন্দ। ইয়াৰ পৰা আৰু পাহৰিলো। ঠাল-ঠেঙুলি বাঢ়ি অনেক ঘৰ ব্ৰাহ্মণ হ’ল। কোনোৱে নিজ বেদ এৰি যজুৰ্বেদ ল’লে। গোবিন্দ নামেৰে এজন নৱদ্বীপৰ শান্তিপুৰত গৈ বৰ বিদগ্ধ পণ্ডিত হৈ আহে। তেখেত বংগদেশত বহুদিন থকাৰ কাৰণে আৰু আমি বৈদিক শ্ৰেণীৰ ব্ৰাহ্মণ গতিকে চক্ৰৱৰ্ত্তী উপাধি পাই আহিছিল; তেওঁৰ নাম গোবিন্দ চক্ৰৱৰ্ত্তী হয়। এৱেঁই বিশ্বনাথ দেৱালয়ৰ বৰঠাকুৰ হয়। অসম ৰজা জয়ধ্বজ সিংহৰ দিনত আমাৰ ভট্টাচাৰ্য্যদেউ বিশ্বনাথলৈ আহে। ”

কমলাকান্ত ভট্টাচাৰ্যৰ শৈশৱ আৰু শিক্ষা গ্ৰহণ-

কমলাকান্ত ভট্টাচাৰ্যৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল পিতৃ বাণেশ্বৰ ভট্টাচাৰ্যৰ তৎপৰতাত তেওঁলোকৰ ঘৰতে পতা পঢ়াশালিত আন কেইজনমান সমনীয়া ছাত্ৰৰ সৈতে। তাৰ পাছত কিছুদিন তেজপুৰৰ হাইস্কুলত পঢ়ে। তেজপুৰত কিছুদিন পঢ়ি গুৱাহাটীলৈ আহি কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰে। কিন্তু হাইস্কুলত থকা সময়তে দেউতাকৰ মৃত্যু হোৱাত সংসাৰৰ বোজা মূৰ পাতি ল’ব লগা হোৱা বাবে এণ্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈয়ে পঢ়া সামৰণি মাৰে। নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি আৰু শৈশৱ কালৰ বিষয়ে ভট্টাচাৰ্যই তেওঁৰ আত্মজীৱনীত এনেদৰে লিখিছে–

“মোক দেউতাই তেজপুৰৰ পৰা শিশু শিক্ষা কিতাপ এখন নি দিছিল। সেই দিনত বাঙলা ভাষা শিক্ষাহে আছিল। তেতিয়াৰ দিনত বাঙলা শিশু শিক্ষাখন এতিয়াৰ দৰে নহয়। সেই শিশু শিক্ষাখনত ‘অ’ ফলাৰে পৰা ধৰি ‘ক্ষ’ লৈকে যি আছে, ঙ্ক ঙ্খকে ধৰি সকলোবিলাক যুক্ত অক্ষৰো আছে আৰু শুভঙ্কৰীৰ অঙ্ক এক দুইৰ পৰা আৰম্ভ কৰি তেৰেজ, হৰণ, ভগন, ত্ৰৈৰাশিক পৰ্যন্ত সুপিয়েই আছে, খনাৰ বচনো আছে। ইয়াৰ বাহিৰেও চাণক্য শ্লোক, দাতাকৰ্ণ আখ্যানৰ পয়াৰ আদি অনেক কথা আছে। নিতাই ঠাকুৰে এই কিতাপ মোক পঢ়াব নোৱাৰি ঘনে ঘনে ধপাত খবলৈ বুলি ভিতৰলৈ যায়। এই কথা আয়ে তত ধৰিছিল। এসময়ত দেউতা ঘৰলৈ আহোঁতে নিতাই ঠাকুৰে মোক পঢ়াব নোৱাৰা কথা আয়ে ক’লে, পিছে দেউতাই আমাৰ সদায় কাম কৰা পূজাৰী বাণেশ্বৰ ঠাকুৰক মতাই আনি মোক পঢ়াবলৈ অনুৰোধ কৰিলে পিছে তেৱেঁই আহি ঘৰতে পঢ়াব ধৰিলে। এনেতে দেউতাই তেজপুৰত স্কুল ডিপুটী ইন্সপেক্টৰক লগ পাই আমাৰ ঘৰতে পঢ়াশালি পতা মঞ্জুৰ কৰালে আৰু বাণেশ্বৰ ঠাকুৰে চৰকাৰৰ পৰা মাহিলি ৫ টকাকৈ পোৱা ঠিক কৰা হ’ল। বাণেশ্বৰ ঠাকুৰৰ আনন্দৰ সীমা নাই। এবাৰ দেউতাই আহি গাৱঁৰ মানুহক সেই পঢ়াশালিত ল’ৰা পঢ়োৱাবলৈ কৈ দিলে। তেতিয়াৰে পৰা ঘাঁহি গাওঁ আনকি পানী গাৱঁৰ পৰাও ল’ৰাই আহি লাহে লাহে এই পঢ়াশালিত পঢ়িব ধৰিলে। পঢ়াশালিখন পোনতে আমাৰ চ’ৰা ঘৰতে পতা হয়। চ’ৰা ঘৰটিও ডাঙৰ। তাতোকৈও বলি কটা ঘৰটি ডাঙৰ। বলিকটা ঘৰৰে সৈতে লগালগিকৈ মূৰতে গোসাঁনী ঘৰটি, তাত সদায় শালগ্ৰাম পূজা আৰু মাজে মাজে শান্তি কৰম আৰু কেতিয়াবা কেতিয়াবা শ্যাম্য পূজাও পতা হয়। দুৰ্গাপূজাৰ সময়ত কেবা ঠাইৰ কেবা খেলৰ মানুহে আহি গোসাঁনীৰ আগত ৰাতি ভাওনা পাতে আৰু দিনত ঢুলীয়া খুলীয়াই ৰং ধেমালি পাতে দেখি বলিকটা ঘৰটি বৰ ডাঙৰ। দুৰ্গা পূজাৰ সময়ত বিহু পতাও মই দেখিছোঁ। গোসাঁনীৰ আগত যিমান অবাইচ মাত মতা হয় তিমান বোলে গোসাঁনী সন্তুষ্ট হয় এই বিশ্বাস আছিল। ছাত্ৰৰ সংখ্যা যেতিয়া বৰ বেছি হৈ উঠিল তেতিয়া বলিকটা ঘৰত পঢ়াশালি পতা হয়। আগেয়ে প্ৰাথমিক শিক্ষাৰ পঢ়াশালি এইফালে নাছিল – এইখনেই প্ৰথম। বাণেশ্বৰ শৰ্মা পণ্ডিতে অতি উত্সাহেৰে আমাক পঢ়াবলৈ ধৰিলে। মই ছয়মাহ মানৰ ভিতৰতে “শিশু শিক্ষা” কিতাপখন পঢ়ি শেষ কৰিলো – আৰু চাণক্য শ্লোকবিলাক প্ৰায় মুখস্থ হৈ পৰিল। ”

তেখেতে আৰু লিখিছে, “ মই এবছৰৰ ভিতৰতে আখৰো গঢ় লগাই লিখিব পাৰিলোঁ আৰু মহাভাৰত আৰু কীৰ্তিবাসৰ ৰামায়ণ এই দুখন আৰু এখন কালীকৈবল্যদায়িনী এই তিনিখন কিতাপ দেউতাই মোক তেজপুৰৰ পৰা কিনি আনি দিছিল। তাক মই উৰাই ঘূৰাই পঢ়িছিলো। এসময়ত ডেপুটি ইন্সপেক্টৰ বাঙালী বাবুজনে আমাৰ মহলালৈ আহি মোক বৰ প্ৰশংসা কৰিলে। পঢ়াশালিখন মাজ মাজ ঠাইৰ এটি নামঘৰলৈ নি পতাৰ কাৰণে চিলাবন্ধাৰ ৰাইজে খাটিছিল। আমাৰ বলিকটা ঘৰৰ বেৰ নাই, বতাহ বৰষুণ হ’লে পঢ়াৰ বৰ অসুবিধা হয়, এই কাৰণে চৈয়নিচুকৰ নামঘৰলৈ পঢ়াশালি উঠাই নিয়া হয়। সেই ঠাই আমাৰ ঘৰৰ পৰা প্ৰায় আধা মাইল মান হ’ব। তাত গৈ পঢ়িছিলোঁ। ‘অৰুণোদই’ কাকতখন শিৱসাগৰ পৰা মিছনেৰিয়ে পঢ়াশালিলৈ এনেয়ে পঠায়। মই তাক পঢ়িছিলোঁ। আনন্দৰাম ঢেকিয়াল ফুকনৰ বিয়াত গোৱা নাম ছপা হৈ ওলাইছিল – ‘অলনি দলনি পকা দলিয়নি, যাওঁতে, আমাৰ আমাৰ হাত ভৰি ভাগে; তেও নপতিয়ায় আমাৰে চাকোদেউ, তেও বোলে গাভৰুক লাগে’ – এই নামটি মই ৰিঙিয়াই ৰিঙিয়াই গাই ফুৰো, গাৱঁৰ বুঢ়ী, গাভৰু আৰু জীয়ৰী বোৱাৰী সকলোৱে মোক বেৰি লৈ, কোনোৱে কোলাত লৈ হাঁহে, একো একোজনী বুঢ়ী নিজে নিজে কন্যা হৈ মোৰে সৈতে বিয়া পাতে। মই খঙতে জলি উঠি এছাৰি এডাল লৈ সিহঁতক খেদি ফুৰো। ”

প্ৰাথমিক শিক্ষা সাং কৰি তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত পঢ়িবলৈ আহে।গুৱাহাটীৰ স্কুলত পঢ়াৰ অভিজ্ঞতাৰ কথা তেওঁ এনেদৰে বৰ্ণনা কৰিছে-“গুৱাহাটীৰ স্কুলত পঢ়োঁতে মই এজন প্ৰচণ্ড ল’ৰা আছিলোঁ। মোৰ চোকা বুদ্ধি দেখা পাই মাষ্টৰসকলে বৰকৈ শলাগিছিল। মোক কোনো কোনো শিক্ষকে ‘ফিলোচফাৰ’ বুলি মাতিছিল। গুৱাহাটীৰ হাইস্কুলত পঢ়োঁতে ৰঙ্গলাল বন্দ্যোপাধ্যায়ৰ ‘স্বাধীনতা কে বাঁচিতে চায়ৰে, দায়ত্ব শৃঙ্খল বলে কে পড়িবে পায়ৰে’ এই কবিতাই আৰু হেমচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ কবিতাবিলাকে মোৰ, দুৰ্গাকান্ত বৰুৱাৰ, ভোলানাথ বৰুৱা আৰু গোবিন্দ মিশ্ৰৰ মন এনে তপত কৰি তুলিছিল যে স্বদেশৰ কল্যাণ সাধিবলৈ প্ৰতিজ্ঞা কৰিবলৈ হপত খাই মাৰ বান্ধিছিলোঁহক। আগৰণুৱা (Champion) আছিলোঁ মই। ”

কমলাকান্ত ভট্টাচাৰ্যৰ কৰ্মজীৱন

দেউতাকৰ অকাল মৃত্যুৰ কাৰণে সংসাৰৰ দায়িত্ব ল’বঢ়লগা হােৱাত কমলাকান্তই তেজপুৰৰ কাছাৰীত চাকৰি এটি যোগাৰ কৰি কাম কৰিবলৈ লয় । প্রফুল্লদত্ত গোস্বামীয়ে লিখিছে, “ নিজৰ তেজী আৰু অভিমানী স্বভাৱৰ কাৰণে এই সময়ত তেওঁৰ এক চাহাৰৰ লগত খৰিয়াল লাগে। তেওঁ চাহাবক তামোল গছত বান্ধি কিলোৱাৰ পাছত চাকৰি ত্যাগ কৰিবলগীয়া হয়। এনে সময়তে সম্ভৱ এই স্বাধীনচিতীয়া ডেকাজন হৰিবিলাস আগৰৱালাৰ লগ লাগে। আগৰৱালাই ৰবৰ, বেত আদিৰ মহল লৈ কাৰবাৰ কৰিছিল।” পাছলৈ অৱশ্যে তেওঁ স্বাধীনভাৱে ব্যৱসায়ত নামে। জনা যায় তেওঁ মৰাপাট আৰু হাতী ধৰা ব্যৱসায়তো নামে। পোন্ধৰ-ষোল্ল বছৰমান তেওঁ ধুবুৰীত এটি ঘৰ সাজি আছিল আৰু তাৰ পৰা গোৱালপাৰা আৰু কোচবিহাৰৰ হাবিত হাতী ধৰিছিল। গুৱাহাটীৰ ওচৰৰ সোণাপুৰতো তেওঁৰ হাতীৰ মহল আছিল।এটা সময়ত তেওঁৰ হাতীৰ ব্যৱসায় বন্ধ হ’ল। সম্ভৱতঃ ১৯১৮ চনত দুটা নে এটা হাতী লৈ গুৱাহাটী পালেহি৷

স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক কমলাকান্ত ভট্টাচাৰ্য– 

চাকৰি এৰি ব্যৱসায়ত নমাৰ পাছৰে পৰা ব্যৱসায় সূত্ৰে কমলাকান্তই কলিকতালৈ অহা-যোৱা কৰিবলৈ লৈছিল। সেই সূত্ৰেই তেওঁ ১৮৮৬ চনত কলকাতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত অসমৰ প্ৰতিনিধি হিচাপে গৈছিল। তেওঁ ১৯০৫ চনত আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ ঢৌ অসমলৈ বোৱাই আনিছিল আৰু এজন আগশাৰীৰ কৰ্মী হিচাপে আন্দোলনৰ কাৰ্যসূচীত ভাগ লৈছিল। ইয়াৰ উপৰিও তেওঁ অসহযোগ আন্দোলনটো আগভাগ লৈছিল বুলি জনা যায়। বৃটিছ যুগক তেওঁ প্ৰাক-বৃটিছ যুগৰ হিন্দু বা মুছলমান অত্যাচাৰী শাসনতকৈও ভয়ানক আখ্যা দিছিল। তেওঁ কায়িক ভাবে আন্দোলনত যুক্ত হোৱাৰ উপৰিও গীত-কবিতা আৰু প্ৰবন্ধ-পাতি লিখিও মানুহক উদ্বুদ্ধ কৰিছিল।

ভট্টাচাৰ্যই সেই সময়ৰ অসমীয়া সমাজখনত প্ৰচলিত কুসংস্কাৰ আৰু গোড়ামীৰ তীব্ৰ ভাষাৰে আৰু হাতে কামে বিৰোধিতা কৰিছিল। তেখেতে নাৰী শিক্ষা আৰু বিধৱা বিবাহ প্ৰচলনৰ বাবেও মাত মাতিছিল।

ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিও ভট্টাচাৰ্যই ধৰ্মীয় গোড়ামিৰ পৰা মুক্ত আছিল৷ ব্ৰাহ্মণ্য আচাৰৰ বিৰুদ্ধে গৈ তেওঁ গাৰ লগুণ ছিঙি পেলাইছিল৷ হালৰ মুঠিত ধৰিছিল, শালগ্ৰাম কৰিছিল কাগজ চেপি ৰখা পেপাৰৱেইট৷ বহুতৰ ধাৰণাত তেওঁ আছিল ‘মেলেচ’৷ প্ৰকৃতপক্ষে তেওঁ বিধৰ্মী নাছিল; ধৰ্মীয় ৰক্ষণশীলতাৰহে বিৰোধী আছিল৷ সমাজৰ কু-সংস্কাৰ আঁতৰাই এখন সংহতিপূৰ্ণ ভৱিষ্যতমুখী সমাজ গঢ়াটোহে আছিল প্ৰধান লক্ষ্য৷ 

১৮৭১ চনত অসমক বংগদেশৰ সৈতে লগ লগাই দিয়া হয়। তেতিয়া সেই বঙ্গ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰ ছাৰ জৰ্জ কেম্পবেলে অসমত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা চলোৱাত কাৰোবাৰ কিবা আপত্তি আছে নেকি জানিবলৈ গেজেট যোগে মতামত বিচাৰিছিল। সেই সময়ৰ স্কুলীয়া ছাত্ৰ কমলাকান্তই এই কথাৰ ঘোৰ আপত্তি কৰাৰ লগতে, অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। তেওঁ ইংৰাজৰ অধীনত চাকৰি কৰাৰ সলনি নিজে খেতি-বাতি কৰাত বা স্বাধীনভাৱে ব্যৱসায়-বাণিজ্য কৰাটো পছন্দ কৰিছিল। তেওঁ নিজেও ব্যৱসায় কৰাৰ লগতে অসমীয়া মানুহকো কৰ্মমুখী হ’বলৈ আৰু ব্যৱসায়-বাণিজ্য কৰি দেশীয় অৰ্থনীতিৰ উন্নতি সাধন কৰিবলৈ বিভিন্ন ঠাইত  বক্তৃতা দিয়াৰ উপৰিও লেখা- মেলাও কৰিছিল।

কমলাকান্ত ভট্টাচাৰ্যৰ পাৰিবাৰিক জীৱন-

কমলাকান্ত ভট্টাচাৰ্যৰ পাৰিবাৰিক জীৱন বৰ সুখকৰ নাছিল। হাইজা ৰোগত তেওঁ পত্নীসহ তিনিওটি সন্তানকে হেৰুৱাই একেবাৰেই মৰ্মাহত হৈ পৰিছিল। সেয়ে তেখেতে নিজৰ চিন্তাও একেবাৰে বাদ দি দেশ আৰু সমাজৰ চিন্তাতেই জীৱনটো পাত কৰিছিল।

সাহিত্যিক কমলাকান্ত ভট্টাচাৰ্য-

কমলাকান্তই গদ্য – পদ্য দুয়োবিধ সাহিত্যতে অৱদান দি গৈছে ।১৮৯০ চনত এওঁৰ কবিতাৰ পুথি “চিন্তানল”ৰ আগছোৱা, ১৮৯২ চনত শেষছোৱা প্রকাশ হয়। ১৯৩৩ চনত তেখেতৰ ‘চিন্তা-তৰঙ্গ‘ নামৰ দ্বিতীয় কবিতাৰ পুথি প্রকাশ হয়। উপৰোক্ত দুখন কবিতাৰ পুথিত বিভিন্ন আলোচনীত প্রকাশ পোৱা কবিতা সন্নিৱিষ্ট হৈছে। কবিতাবোৰ কমলাকান্তৰ স্বদেশপ্ৰীতিৰ অগ্নিস্ফুলিঙ্গ। কবিতাবোৰত অসমীয়াৰ অতীত গৌৰৱ সুঁৱৰি আৰু বৰ্তমানৰ অধঃপতন আৰু পৰাধীনতালৈ দৃষ্টি কৰি আক্ষেপ কৰিছে আৰু দেশবাসীক উদাত্ত স্বৰে উন্নতিৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে। কমলাকান্তৰ কবিতাৰ ছন্দ সাৱলীল নহয় আৰু বৰ শ্রুতিমধুৰো নহয়; কিন্তু অনুভৱৰ তীব্ৰতা আৰু মৌলিক কল্পনাৰ বাৰুকৈয়ে আছে। ‘ব’হাগীৰ বিয়া’ আদি দুই চাৰিটা ‘জোনাকী’ত প্রকাশ পোৱা কবিতাত কবিৰ সৌন্দর্যবোধৰো আভাস পোৱা যায়। আনহাতে নিষ্কর্মা অসমীয়াক ধিক্কাৰ দি অতীত গৌৰৱ স্মৰণ কৰোঁতে কবিতাৰ মসৃণতা আৰু পৰিচ্ছন্নতাত চকু দিয়াৰ প্ৰয়োজন বোধ নকৰিছিল। কমলাকান্তক অম্বিকাগিৰিৰ পূর্বসুৰী বুলিব পাৰি। তেওঁ ভাৰতীয়ত্ব স্বীকাৰ কৰিও অসমীয়াৰ স্বকীয়তা প্রতিষ্ঠাৰ প্ৰতি অধিক আগ্রহশীল আছিল। 

গদ্য ৰচনাৰ ভিতৰত ‘কঃপন্থা’ আৰু ‘অষ্টবক্ৰৰ আত্মজীৱনী’ নামৰ দুখন পুথিৰ ভিতৰত প্ৰথমখন জীৱিত অৱস্থাতে প্রকাশ হৈছিল।এই দুখন পুথিৰ বাহিৰেও বিভিন্ন আলোচনীত বহুতো মৌলিক চিন্তা আৰু গৱেষণামূলক প্রবন্ধ সিঁচৰতি হৈ আছে। 

ইয়াৰ উপৰিও তেওঁ ‘আসাম বন্তি’ আৰু ‘আসাম হিতৈষী’ নামৰ দুখন আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল বুলি জনা যায়।

সাহিত্য সভাৰ সভাপতি কমলাকান্ত ভট্টাচাৰ্য

১৯২৯ চনত যোৰহাটত অনুষ্ঠিত হোৱা  অসম সাহিত্য সভাৰ একাদশ অধিৱেশনৰ সভাপতিৰ আসনত তেওঁ অধিষ্ঠিত হৈছিল। সভাপতিৰ অভিভাষণত তেওঁ কৈছিল যে, কোনটো জাতি কিমান উন্নত তাৰ একমাত্র সাক্ষী হ’ল জাতিৰ সাহিত্য। ধৰ্মৰ প্রসংগ আলোচনালৈ আনি তেওঁ কৈছিল, ধৰ্মৰ সংস্কাৰ নহ’লে সাহিত্যৰ সংস্কাৰ হ’ব নোৱাৰে। স্ত্রীৰ উন্নতি যে সমাজৰ এটা আৱশ্যকীয় কার্য তাকো আলচ কৰি তেওঁ স্ত্রী-শিক্ষাৰ বহুল প্রচাৰৰ বাবে আহ্বান জনাইছিল।

মৃত্যু

জীৱনৰ শেষ বয়সত ভট্টাচাৰ্য দেৱে গুৱাহাটীৰ চেনিকুঠিত নিগাজিকৈ থাকিবলৈ লয়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহৰ ১৪ তাৰিখে তেওঁৰ নিজা বাসভৱনতে জীৱন নাটৰ সামৰণি মাৰে। 

কমলাকান্ত ভট্টাচাৰ্যদেৱক সমূহ অসমবাসীয়ে তেখেতৰ স্বদেশপ্ৰেমী ভাৱ-ধাৰা তথা তেওঁৰ স্বদেশপ্ৰেমী মনোভাৱৰ বাবে চিৰকাল মনত ৰাখিব। কমলাকান্ত ভট্টাচাৰ্য অসমৰ আকাশৰ এটা উজ্জ্বল জ্যোতিষ্ক।”অগ্নিকবি” উপনামেৰে বিভূষিত হোৱা কমলাকান্ত ভট্টাচাৰ্যৰ কবিতাত সঁচাই অগ্নিৰ স্ফুলিংগ যেন ভাৱধাৰা জাগ্ৰত হৈছিল।জুবিন গাৰ্গ পৰিচালিত “কাঞ্চনজংঘা” বোলছবিত “ঠিক অসমীয়া মানুহ নহয়,অসম শ্মশান নোহে কোনে কয়?” শীৰ্ষক এই কবিতাফাঁকিৰ যোগেদি অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যক স্মৰণ কৰাৰ প্ৰয়াস কৰা হৈছে।

সহায়ক গ্ৰন্থ-

১)কমলাকান্ত ভট্টাচাৰ্যৰ আত্মজীৱনী

২) শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

আৰু পঢ়ক- চিপকো আন্দোলন

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

0
Would love your thoughts, please comment.x
()
x