চুচেংফা বা প্ৰতাপ সিংহ – সপ্তদশজন আহোম স্বৰ্গদেউ 

(চুচেংফা বা প্ৰতাপ সিংহ আছিল আহোম স্বৰ্গদেউসকলৰ ভিতৰত এজন বিশেষভাৱে উল্লেখযোগ্য স্বৰ্গদেউ। প্ৰতাপ সিংহ সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দলৈ একলম-)

১৬০৩ খ্ৰীষ্টাব্দত ষষ্ঠদশজন আহোম স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ বৰকুঁৱৰীৰ পুত্ৰ লাঙি গোঁহাইক ডা-ডাঙৰীয়াসকলে আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰে।আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈ লাঙি গোঁহায়ে আহোমমতে চুচেংফা নাম গ্ৰহণ কৰে। স্বৰ্গদেউ চুচেংফাই আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈ মহাপ্ৰতাপেৰে তেওঁৰ ৰাজত্ব সমাপন কৰিছিল বাবে তেওঁ প্ৰতাপ সিংহ নামেৰে অধিক জনপ্ৰিয়। তেওঁ বৰ বয়সত আহোম স্বৰ্গদেউ হৈছিল বাবে তেওঁক বুঢ়া ৰজা বুলিও জনা যায়।

স্বৰ্গদেউ প্ৰতাপ সিংহএজন বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল বাবে তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও কোৱা হয়। স্বৰ্গদেউ চুচেংফা ওৰফে প্ৰতাপ সিংহ আহোমৰ এজন অন্যতম সফল তথা শ্ৰেষ্ঠ ৰজা আছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতে আহোম প্ৰশাসন সুসংগঠিত ৰূপত গঠন কৰা হৈছিল। তেওঁৰ দিনতে আহোম ৰাজ্য দোপতদোপে উন্নতিৰ পথত আগুৱাই গৈছিল। পাইক প্ৰথা,পচা প্ৰথা আদিৰ দৰে জনপ্ৰিয় তথা দীর্ঘম্যাদী পদক্ষেপ তেখেতৰ উল্লেখযোগ্য কৰ্ম আছিল।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোমৰ পাত্ৰ-মন্ত্ৰী:-

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত একাদিক্ৰমে তিনি(৩)জন লোক এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বুঢ়াগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল ক্ৰমে চাওপ্ৰেত,থকবক আৰু শুকুলাহুদু।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত একাদিক্ৰমে আঠ(৮)জন লোক আহোম ৰাজ্যৰ বৰগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল ক্ৰমে খামপ্ৰেত,পৰ্বতীয়া,পিলিঙা, চেংমুন, সুনীয়াদতা, সোলা,বেকা আৰু সৰুবুঢ়া।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত দুই(২)জন লোক একাদিক্ৰমে বৰপাত্ৰগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল লাকুমৰাণ আৰু ওলেযোৱা।

বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি:-

স্বৰ্গদেউ প্ৰতাপ সিংহই আহোম ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সুদৃঢ় কৰি তুলিবলৈ দুটা নতুন পাত্ৰ-মন্ত্ৰীৰ পদবী সৃষ্টি কৰিছিল। সেইকেইটা আছিল- বৰবৰুৱা আৰু বৰফুকন। বৰফুকনক কলিয়াবৰৰ পৰা পশ্চিমে আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। বৰবৰুৱাক কলিয়াবৰৰ পূবৰ আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। স্বৰ্গদেউ প্ৰতাপ সিংহই আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাৰূপে মোমাই তামুলীক নিযুক্তি প্ৰদান কৰিছিল আৰু প্ৰথম বৰফুকনৰূপে লাঙি পানিসিয়াক নিযুক্তি দিছিল।

দুৰ্গা মূৰ্তিৰ প্ৰচলন:-

স্বৰ্গীয় প্ৰতাপ সিংহৰ ৰাজত্বকালত পৰাই আহোম ৰাজ্যত দুৰ্গা পূজাৰ মূৰ্তিৰ প্ৰচলন ঘটা বুলি কোৱা হয়। কোঁচ ৰাজ্যত ধুম-ধামেৰে মূৰ্তি নিৰ্মাণ কৰি দুৰ্গা পূজা আয়োজন কৰা হয় বুলি জানি স্বৰ্গদেউ প্ৰতাপ সিংহই কোচবিহাৰৰ পৰা মৰঙিয়াল খনিকৰক নিমন্ত্ৰণ কৰি আনিলে।তেওঁ আহোম ৰাজ্যৰ খনিকৰসকলক দুৰ্গা দেৱীৰ মূৰ্তি সাজিবলৈ শিকালে। আৰু তাৰ পাছৰ পৰাই আহোম ৰাজ্যত দুৰ্গা মূৰ্তি নিৰ্মাণ কৰি ধুম-ধামেৰে দুৰ্গা পূজাৰ আয়োজন কৰা প্ৰথাৰ আৰম্ভণি ঘটে।

আহোম-কছাৰীৰ সংঘৰ্ষ:-

স্বৰ্গদেউ প্ৰতাপ সিংহই আহোম ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পাছতেই ১৫০৬ খ্ৰীষ্টাব্দত আহোম-কছাৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই যুদ্ধৰ মূল কাৰণ আছিল জয়ন্তীয়াসকল।

জয়ন্তীয়া আৰু কছাৰীৰ মাজত হোৱা এখন যুদ্ধত কছাৰীসকলে জয়ন্তীয়াসকলক ঘটুৱাইছিল। সেইসময়ত জয়ন্তীয়া ৰজা আছিল ধনমাণিক আৰু কছাৰী ৰজা আছিল যশনাৰায়ণ। কছাৰীৰ হাতত পৰাস্ত হোৱাৰ পাছত জয়ন্তীয়া ৰজা ধনমাণিকে কছাৰীক পৰাস্ত কৰিবলৈ আহোম ৰাজ্যৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ সৈতে মিত্ৰতা স্থাপন কৰিব বিচাৰিলে।

আহোম ৰাজ্যৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ জয়ন্তীয়া ৰজা ধনমাণিকে নিজৰ জীয়েকক আহোম ৰাজ্যৰ ৰজা প্ৰতাপ সিংহলৈ বিয়া দিবলৈ প্ৰস্তাৱ দিলে। আহোম ৰজা প্ৰতাপ সিংহই এই প্ৰস্তাৱ গ্ৰহণ কৰি জয়ন্তীয়া ৰাজ্যলৈ জোৰোণ পঠিয়ালে। কিন্তু ইয়াৰ পাছতেই জয়ন্তীয়া ৰজা ধনমাণিকৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ যশমাণিক জয়ন্তীয়া ৰাজ্যৰ ৰজা হ’ল। যশমাণিকে ৰজা হৈয়ে কছাৰীসকলক আহোমসকলৰ দ্বাৰা পৰাস্ত কৰোৱাৰ পাং পাতিলে আৰু আহোম ৰজা প্ৰতাপ সিংহলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিলে যে তেওঁ জয়ন্তীয়া ৰাজ্যৰ কন্যা কছাৰী ৰাজ্যৰ সাতগাঁৱৰ মাজেৰে আহোম ৰাজ্যলৈ নিব লাগিব। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই কছাৰী ৰাজ্যৰ মাজেৰে জয়ন্তীয়া কন্যা আনিবলৈ কছাৰী ৰাজ্যৰ ৰজা যশনাৰায়ণৰ অনুমতি বিচাৰিলে। কিন্তু কছাৰী ৰজা যশমাণিকে আহোম ৰজা প্ৰতাপ সিংহৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।

এই প্ৰত্যাখ্যানৰ পাছতেই আহোম-কছাৰীৰ মাজত যুদ্ধ সংঘটিত হ’ল। ১৫০৬ চনত আৰম্ভ হোৱা এই সংঘৰ্ষৰ আৰম্ভণিতে আহোম সৈন্যই জয়লাভ কৰিলে আৰু কছাৰী সৈন্যই পিছুৱাই যায়। এই সময়ছোৱাতে কছাৰী ৰজাৰ গৰ্ব খৰ্ব কৰি আহোম ৰাজ্যৰ ৰজা প্ৰতাপ সিংহই জয়ন্তীয়া ৰাজ্যৰ কন্যা আহোম ৰাজ্যৰ ৰাজধানীলৈ আনিলে।

কিন্তু কিছুবছৰ পাছতেই আহোম সেনাপতি সুন্দৰ গোঁহাইৰ কিছু ভুলৰ বাবে কছাৰীয়ে ভীমবল কোঁৱৰৰ নেতৃত্বত পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰি আহোমক পৰাস্ত কৰিলে। এই আক্ৰমণত আহোম সেনাপতি সুন্দৰ গোঁহাইৰ লগতে বহুত সৈন্যৰ মৃত্যু হয় আৰু কছাৰীয়ে বহু যুদ্ধৰ সামগ্ৰী হস্তগত কৰে।

আহোমক পৰাস্ত কৰি কছাৰী ৰাজ্যৰ ৰজা যশনাৰায়ণে প্ৰতাপ নাৰায়ণ নাম গ্ৰহণ কৰে আৰু নিজ ৰাজ্যৰ ৰাজধানী মাইবঙক “কীৰ্তিপুৰ” নামেৰে নামাকৰণ কৰে।

এই পৰাজয়ৰ বাৰ্তা লাভ কৰি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ৰোধিত হৈছিল কিন্তু সেইসময়তে মোগলসকলে অসম আক্ৰমণ কৰিব লৈছিল। দুয়োফালে যুঁজত ব্যস্ত থাকিলে হিতে বিপৰীত হ’ব বুলি দূৰদৰ্শী চিন্তাৰে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই অনিচ্ছাস্বত্বেও কছাৰী ৰজালৈ এগৰাকী আহোম ডাঙৰীয়াৰ কন্যা দি কছাৰী ৰাজ্যৰ সৈতে মিত্ৰতা স্থাপন কৰিলে।

আহোম-মোগল সংঘৰ্ষ:-

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত দীৰ্ঘদিনীয়া আহোম-মোগলৰ সংঘৰ্ষ হৈছিল। কলিয়াবৰত আহোম সৈন্যই দুজন মুছলমান ব্যৱসায়ীক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত হত্যা কৰাৰ বাবেই আহোম-মোগলৰ এই দীঘলীয়া সংঘৰ্ষৰ আৰম্ভণি ঘটিছিল। ১৬১৬ চনত আৰম্ভ হোৱা এই সংঘৰ্ষ চেগা-চোৰোকাকৈ ১৬৩৯ খ্ৰীষ্টাব্দলৈকে চলিছিল।

১৬১৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব শ্বেখ কাচিমে ছৈয়দ হাকিম আৰু আবু বক্কৰৰ নেতৃত্বত দহ হাজাৰ অশ্বাৰোহী আৰু পদাতিক সৈন্য আৰু চাৰিশখন যুদ্ধনাওঁসহ অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰে। তেওঁলোকক সংগ দিয়ে সত্ৰাজিত আৰু আহোম আখেক গোঁহায়ে। কলিয়াবৰলৈকে মোগল সৈন্যই বিনা বাধাৰে আহিল। তাৰপিছত আহোম সৈন্যই ভৰলীমুখত মোগল সৈন্যক আগ ভেটা দিয়ে। এই যুদ্ধত আহোম সৈন্যই পৰাস্ত হৈ পিছহুহকি আহে।  মোগলসকলে ভৰলীতে কোঠ পাতে। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই পৰাজয়ৰ বাৰ্তা পাই মোগলৰ বিৰুদ্ধে এটা শক্তিশালী সেনাবাহিনী প্ৰেৰণ কৰে।  কিন্তু সেনাপতিজনে মোগলক আক্ৰমণ কৰিবলৈ ভয় কৰে। স্বৰ্গদেউ প্ৰতাপ সিংহই পুনৰ নতুন এজনক সেনাপতি হিচাপে নিযুক্তি দিলে।

এই নৱনিযুক্ত সেনাপতিজনে মোগল পক্ষলৈ যোৱা আহোম বিষয়া আখেক গোঁহাইক নিজৰ ফলীয়া কৰি তেওঁৰ উপদেশমৰ্মে মাজনিশা মোগলৰ কোঠত আক্ৰমণ চলায়। এই যুদ্ধত আহোম সৈন্যই জয়লাভ কৰে আৰু আবু বক্কৰক হত্যা কৰে। ইয়াৰোপৰি ভালেমান মোগল সৈন্য এই যুদ্ধত নিহত হয়। সত্ৰাজিতৰ পুতেকক বন্দী কৰি কামাখ্যাত বলি দিয়ে আৰু আখেক গোঁহাইকো বিশ্বাসঘাটকতাৰ বাবে হত্যা কৰে। এই যুদ্ধৰ পৰা আহোমসকলে বহুত যুদ্ধাস্ত্ৰ,হাতী,ঘোঁৰা আদি লাভ কৰে। বাহৰিস্তান-ই-ঘাইবিৰ মতে আহোম-মোগল এই সংঘৰ্ষত মোগলৰ প্ৰায় সোতৰশ(১৭০০) সৈন্য থিতাতে নিহত হয়,প্ৰায় চৌত্ৰিছশ(৩৪০০) সৈন্য আঘাতপ্ৰাপ্ত হয়,নহাজাৰ(৯০০০) সৈন্যক আহোমে বন্দী কৰে আৰু তিনিহাজাৰ(৩০০০) সৈন্যই জংঘলত আশ্ৰয় লৈ প্ৰাণ বচায়।

এনেদৰেই আহোম-মোগল সংঘৰ্ষ ক্ৰমে চেগা-চোৰোকাকৈ চলি থাকিল। আৰু অৱশেষত ১৬৩৮ খ্ৰীষ্টাব্দত চামধৰা আৰু দুইমুনি শিলাৰ যুদ্ধত আহোমসকলে জয়লাভ কৰে।এই দীৰ্ঘকালীন যুদ্ধ অৱশেষত ১৬৩৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত কলিয়াবৰ সন্ধিযোগে সমাপ্ত হয়। এই সন্ধিৰ চৰ্ত অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰ আলি আহোম আৰু মোগলৰ ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হয়। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এনেকৈ আহোম-মোগলৰ দীৰ্ঘদিনীয়া সংঘৰ্ষৰ সমাপ্তি ঘটে।

পাইক প্ৰথাৰ প্ৰৱৰ্তন:-

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাৰ উদ্যোগত আহোম ৰাজ্যত খেল প্ৰথা আৰু পাইক প্ৰথাৰ আৰম্ভণি কৰা হৈছিল। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাক দায়িত্ব দি আহোম ৰাজ্যত পিয়লি কৰোৱাইছিল। পোন্ধৰ(১৫) বছৰৰ পৰা পঞ্চাশ(৫০) বছৰলৈ সকলো কৰ্মঠ পুৰুষক বিভিন্ন খেলত ভাগ কৰি পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰা হৈছিল। প্ৰতিজন কৰ্মঠ লোককেই এজন এজন পাইক বুলি কোৱা হয়। চাৰি(৪)জন পাইকক লগ লগাই এটা পাইকৰ গোট গঠন কৰা হৈছিল। এটা গোটৰ প্ৰতিজন সদস্যই পাল পাতি ৰজাঘৰত গা খাটি দিব লগা হৈছিল। বাকীকেইজনে ৰজাঘৰত গা খাটি দিয়া পাইকজনৰ ঘৰৰ সকলো কাম কৰি দিব লগা হৈছিল। তাৰ বিনিময়ত পাইকসকলক দুপুৰাকৈ নিষ্কৰ মাটি প্ৰদান কৰা হৈছিল। প্ৰতিজন পাইককেই সকলো কাম কৰিব পৰাকৈ সাজু কৰি তোলা হৈছিল।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত গঢ়ি উঠা পাইক প্ৰথা আহোম ৰাজ্যৰ মেৰুদণ্ড আছিল। পাইকসকলে শান্তিৰ সময়ত বনুৱা আৰু যুদ্ধৰ সময়ত ৰণুৱাৰ ভূমিকা পালন কৰা হৈছিল। পাইকসকলক সুশৃংখলিতভাৱে সংগঠিত কৰা হৈছিল। প্ৰতি বিশ(২০) জন পাইকৰ বিপৰীতে আছিল এজন বৰা,প্ৰতি এশ(১০০) জন পাইকৰ বিপৰীতে আছিল এজন শইকীয়া,প্ৰতি এহেজাৰ(১০০০) জন পাইকৰ বিপৰীতে আছিল এজন হাজৰিকা,প্ৰতি তিনিহাজাৰ(৩০০০) জন পাইকৰ বিপৰীতে আছিল এজন ৰাজখোৱা আৰু প্ৰতি ছহেজাৰ(৬০০০) জন পাইকৰ বিপৰীতে আছিল এজন ফুকন।

পাইক প্ৰথা স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু  মোমাই তামুলী বৰবৰুৱাৰ এক অন্যতম গুৰুত্বপূৰ্ণ কীৰ্তি আছিল।

পঁচা প্ৰথাৰ প্ৰৱৰ্তন:-

স্বৰ্গদেউ প্ৰতাপ সিংহই পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। আহোম ৰাজ্যৰ সীমান্তৱৰ্তী গাঁওবোৰক পাহাৰীয়া জাতিসমূহৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ স্বৰ্গদেউ প্ৰতাপ সিংহই পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। মূলতঃ নগাসকলক লক্ষ্য কৰিয়েই এই প্ৰথা প্ৰৱৰ্তন কৰিছিল। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই পাহাৰীয়া জনজাতিবিলাকক শস্য-পাতি নিবলৈ আহোম সীমান্তৰ কিছুমান গাঁও নিৰ্ধাৰণ কৰি দিছিল। এইটো লক্ষ্য কৰিবলৈ  প্ৰতাপ সিংহই কিছুমান বিষয়াক নিয়োগ কৰিছিল। আহোম প্ৰশাসনে এই নিৰ্দিষ্ট গাঁওসমূহৰ পৰা কৰ কমকৈ সংগ্ৰহ কৰিছিল। পঁচা প্ৰথা স্বৰ্গদেউ প্ৰতাপ সিংহৰ এক দূৰদৰ্শী তথা পৈনত ফচল আছিল।

বাৰভূঞা দমন:-

স্বৰ্গদেউ প্ৰতাপ সিংহই ব্ৰহ্মপুত্ৰত উত্তৰপাৰৰ বাৰভূঞাসকলকো দমন কৰিছিল।বৰভূঞা নায়কসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে স্বাধীনভাৱে শাসন কৰিছিল।এই নায়কসকলৰ মাজৰে উদয়সিংহ নামৰ এজন ভূঞা নায়কে আহোম ৰজাক কৰ-কাটল দিয়া বন্ধ কৰিছিল আৰু স্বাধীন ভূঞা ৰাজ্য স্থাপনৰ প্ৰয়াস কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহ ভূঞা নায়কসকলৰ এনে আচৰণত ক্ষুব্ধ হ’ল আৰু ভূঞাসকলক আক্ৰমণ কৰিবলৈ আহোম সৈন্যবাহিনী প্ৰেৰণ কৰিলে। আহোম সৈন্যই ভূঞা নায়কসকলক পৰাস্ত কৰি বন্দী কৰিলে। স্বৰ্গদেউ প্ৰতাপ সিংহই ভূঞা নেতাসকলক মৃত্যুদণ্ড দিলে আৰু ভূঞাসকলক ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে সংস্থাপিত কৰিলে।

ব্ৰাহ্মণ কটকীৰ নিযুক্তি:-

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰা আহোম ৰাজ্যত ব্ৰাহ্মণ কটকী নিযুক্তি দিয়াৰ প্ৰথা আৰম্ভ হয় আৰু এই প্ৰথা আহোম ৰাজত্বৰ শেষলৈকে চলি আছিল।

আহোম কটকীসকল বৰ সহজ-সৰল আছিল। তেওঁলোকে দেশ-বিদেশৰ ৰাজসভাত নিজৰ দেশৰ বাৰ্তাসমূহ ভালদৰে উপস্থাপন কৰিব পৰা নাছিল। আৰু আন দেশৰ ৰাজসভাৰ বাৰ্তাবোৰো নিজ দেশলৈ আহি ভালদৰে ক’ব পৰা নাছিল। সেয়ে, স্বৰ্গদেউ প্ৰতাপ সিংহই এই ক্ৰুটি দূৰ কৰিবলৈ আহোম ৰাজসভাত ব্ৰাহ্মণ কটকী নিয়োগ কৰিছিল।

মুঠ পোন্ধৰ(১৫) ঘৰ ব্ৰাহ্মণক কটকী হিচাপে নিযুক্তি দিয়া হৈছিল। সেই পোন্ধৰঘৰ আছিল – কলিয়া, চতুৰ্ভুজ,চণ্ডীবৰ, ধৰাধৰ,একাদশ,থাকৰি,ৰাম কন্দলি,বৰগুৰু,সাগৰ কন্দলি,বৰকন্দলি, চোটকন্দলি,মাধৱ কন্দলি, শীতলীয়া,বিৰিণা আৰু নিৰহ।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ আহোম স্থাপত্য:-

স্বৰ্গদেউ প্ৰতাপ সিংহই আন বহুতো কাৰ্যৰ লগতে কিছুমান যাউতিযুগীয়া কামো কৰি থৈ গৈছে। তেওঁ অভয়পুৰ,মথুৰাপুৰ,গজপুৰ,তাওকাক,সলালফাট আৰু ৰূপহীত নগৰ স্থাপন কৰিছিল। তেওঁ মুঠ এহেজাৰ(১০০০)টা হাতী ধৰি গজপুৰ নগৰ স্থাপন কৰিছিল আৰু গজপতি উপাধি গ্ৰহণ কৰিছিল।

স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ দেৱালয়ৰ দৌল, বিশ্বনাথ দৌল,মেছাগড় দেৱালয় আৰু মাইদৌল নিৰ্মাণ কৰোৱাইছিল। ইয়াৰোপৰি তেওঁ নেঘেৰিটিংৰ শিৱদৌলৰ প্ৰাৰম্ভিক ভেঁটি গঢ়িছিল বুলি জনা যায়।

স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁও,মেছাগড়, জামুগুৰি,বিশ্বনাথ আৰু তাওকাকত পুখুৰী খন্দাৱাইছিল। তেওঁ জগন্নাথতো পুখুৰী খন্দাইছিল।

স্বৰ্গদেউ প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল।

বৰআলি,চটাইআলি,জবকা আলি,বকতাৰ আলি,পৰ্বতীয়া আলি,হাৰিপৰা আলি আদি স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা পথসমূহৰ নিদৰ্শন।

স্বৰ্গদেউ প্ৰতাপ সিংহই আহোম যুগৰ কেইটামান বিখ্যাত গড় বন্ধাইছিল। সেই গড়কেইটা হৈছে – দোপগড়, চামধৰা গড়, শিমলুগড়, লাদৈগড়,মেছাগড়,ৰাজগড়,কোটোহা গড়, মেৰাগড়, চোৱাতল গড় আদি উল্লেখনীয়।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু:-

স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু হয় ১৬৪১ খ্ৰীষ্টাব্দত। ১৬০৩ ৰ পৰা ১৬৪১ লৈ তেওঁ প্ৰায় আঠত্ৰিছ(৩৮) বছৰ আহোম ৰাজ্য শাসন কৰে।

স্বৰ্গদেউ প্ৰতাপ সিংহ এজন বিখ্যাত আহোম ৰজা আছিল। তেওঁ শাসনকালত যথেষ্ট প্ৰজাৰঞ্জক কাম কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহ আছিল এজন সৰ্বগুনসম্পন্ন ৰজা। তেওঁ নিজৰ আঠত্ৰিছ(৩৮) বছৰীয়া ৰাজত্বকালত অধিক সময় মোগলৰ লগতেই ব্যস্ত থাকিবলগীয়া হৈছিল যদিও তেওঁ যথেষ্ট প্ৰজাহিতকৰ কাম কৰি থৈ গৈছে। নানা আলিবাট নিৰ্মাণ,পুখুৰী খন্দা আদি বহু কাম তেওঁ কৰি থৈ গৈছে। স্বৰ্গদেউ প্ৰতাপ সিংহই আহোম ৰাজ্যত শান্তি স্থাপন কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহক অসমীয়াই চিৰকাল মনত ৰাখিব কিয়নো তেওঁৰ দিনতেই আহোম ৰাজদৰবাৰত অসমীয়া ভাষাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল আৰু তেওঁৰ দিনতেই অসমীয়া ভাষাত আহোমৰ আঠচুকীয়া মুদ্ৰা মৰোৱা হৈছিল।

 সহায়ক গ্ৰন্থপঞ্জী-

১) অসম বুৰঞ্জী -পদ্মনাথ গোহাঞিবৰুৱা
২) সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা
৩) আসাম বুৰঞ্জী – হৰকান্ত বৰুৱা সদৰামিন
৪) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৫) The History of Medieval Assam (1228-1603) – নগেন্দ্ৰনাথ আচাৰ্য

1 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] খ্ৰীষ্টাব্দত আহোমৰ সপ্তদশজন স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছতে […]

1
0
Would love your thoughts, please comment.x
()
x