তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকল

পণ্ডিত আনন্দৰাম বৰুৱা

পণ্ডিত আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া ভাৰতীয় প্ৰশাসনিক বিষয়া(আই. চি. এছ)। আনন্দৰাম বৰুৱা এজন সুদক্ষ  প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও প্ৰথমজন অসমীয়া স্নাতক আৰু অধিবক্তা আছিল। সংস্কৃত ভাষাত বিশেষ পাণ্ডিত্যৰে বিশ্বৰ বিভিন্ন নামজ্বলা পণ্ডিতৰ শাৰীত স্থান পোৱা আনন্দৰাম বৰুৱা সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দলৈ আমাৰ এক চমু লেখা-

জ্ঞানেই পৃথিৱীৰ একমাত্ৰ বস্তু যি মানুহ আৰু অন্যান্য ইতৰ প্ৰাণীৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল অংকন কৰিছে। ইয়াৰ উপৰি মানুহৰ জ্ঞানৰ সঞ্চয় কৰাৰ কৌশলে এই জ্ঞানক যুগে যুগে জীয়াই ৰখাৰ লগতে ইয়াক পৰ্যায় ক্ৰমে বিকশিত কৰিও আহিছে। যদিও পৃথিৱীৰ অধিকাংশ মানুহেই জীৱন আৰু জীৱিকাৰ পাকচক্ৰতেই আবদ্ধ,তথাপিও কিন্তু এনে কিছুমান মহাপুৰুষেও এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে যি জীৱন জীৱিকাৰ চিন্তাৰ পৰা উৰ্দ্ধলৈ গৈ এই জগতক জ্ঞানৰ আলোকেৰে আলোকিত কৰিছে। এই পবিত্ৰ অসমভূমিত জন্মলাভ কৰা তেনে এজন মহাপুৰুষ হৈছে আনন্দৰাম বৰুৱা। তেওঁ যদিও অসমৰ প্ৰথম আৰু ভাৰতৰ ষষ্ঠজন ভাৰতীয় অসামৰিক সেৱাত উত্তীৰ্ণ ব্যক্তি বুলি বিখ্যাত কিন্তু বিশ্ববাসীৰ আগত তেওঁ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হিচাপেহে অমৰ হৈ আছে। 

জন্ম আৰু বংশ পৰিচয়

আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ এক অভিজাত বংশত ১৮৫০ চনৰ ২৪ মে’ তাৰিখে। তেওঁৰ পিতৃ আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃ আছিল দুৰ্লভেশ্বৰী বৰুৱা। পিতৃ গৰ্গৰাম বৰুৱাই ইংৰাজৰ শাসন কালত সদৰামীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ আগেয়েও আহোম ৰাজত্বৰ শেষৰজন মজিন্দাৰ বৰুৱা হিচাপে ৰাজসেৱা আগবঢ়াইছিল গৰ্গৰাম বৰুৱাই। 

আনন্দৰাম বৰুৱাৰ উপৰিপুৰুষ দুৰ্গাচৰণ বৰকাকতি ওৰফে মাণিকচন্দ্ৰ মজিন্দাৰ বৰুৱা এজন ইতিহাসপ্ৰসিদ্ধ ব্যক্তি আছিল। তেওঁ আহোম স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ ৰাজসভাৰ এজন পণ্ডিত আছিল। তেওঁ এবাৰ কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰজালৈ কেঁচুৰ ৰসেৰে লিখা চিঠি এখন আন্ধাৰত পঢ়ি দেখুৱাই ৰজাৰ প্ৰশংসা বুটলিছিল আৰু মজিন্দাৰ বৰুৱা খিতাপ পাইছিল। আনন্দৰাম বৰুৱা গৰ্গৰাম বৰুৱাৰ সাতজন সন্তানৰ ভিতৰত তৃতীয় সন্তান আছিল। তেওঁৰ পৰশুৰাম আৰু জানকীৰাম নামেৰে দুজন জেষ্ঠ ভাতৃ আছিল আৰু মণিৰাম,আত্মাৰাম,অমৃতৰাম আৰু কেশৱৰাম নামেৰে চাৰিগৰাকী কনিষ্ঠ ভাতৃ আছিল। 

বাল্যকাল আৰু পঢ়াশলীয়া শিক্ষা

আঠ বছৰ বয়সতে মাতৃহাৰা হোৱা আনন্দৰাম বৰুৱাই পোনপ্ৰথমে গাঁৱৰ পঢ়াশালিতেই শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ উপৰি অভিজাত বংশৰ হোৱা হেতুকে আনন্দৰাম বৰুৱাক সংস্কৃত শিক্ষা দিবৰ বাবে দেউতাকে হৰগোবিন্দ শৰ্মা নামৰ এজন ঘৰুৱা শিক্ষকো নিয়োগ কৰিছিল। 

ইয়াৰ পাছত তেওঁ গুৱাহাটীত কোম্পানীৰ জাহাজৰ এজেন্ট হিচাপে কাম কৰি থকা ককায়েক পৰশুৰামৰ সৈতে উজান বজাৰত থাকিবলৈ লয় আৰু গুৱাহাটী গৱৰ্ণমেণ্ট স্কুলত(বৰ্তমানৰ কটন কলেজিয়েট স্কুল) নাম লগায়। তাতে কেইবছৰমান পঢ়াৰ পাছত আনন্দৰামৰ দেউতাক গৰ্গৰাম বৰুৱা গোৱালপাৰালৈ বদলি হোৱাত পুতেককো লগত লৈ যায় আৰু গোৱালপাৰা হাইস্কুলত পঢ়িবলৈ দিয়ে। কিন্তু গোৱালপাৰাত থকা সময়তে গৰ্গৰাম বৰুৱাই অৱসৰ লোৱাত তেওঁ আকৌ গুৱাহাটীত ককায়েকৰ লগত থাকি গুৱাহাটী হাইস্কুলত পঢ়িবলৈ লয়। 

সৰুৰে পৰা আনন্দৰাম বৰুৱা পঢ়া-শুনাত বৰ মনোযোগী ছাত্ৰ আছিল। তেওঁ নিৰ্জন ঠাইত থাকি পঢ়া-শুনা কৰি ভাল পাইছিল। সৰুৰে পৰা তেখেতৰ আটাইতকৈ প্ৰিয় বিষয় আছিল সংস্কৃত আৰু অংক। স্কুলত পঢ়ি থকা কালতেই তেওঁ সংস্কৃত অভিধান ‘অমৰকোষ‘খন মুখস্থ মাতিব পাৰিছিল। সেই সময়তে তেওঁ সংস্কৃত ব্যাকৰণ আৰু অলংকাৰৰ বিষয়েও বিশেষভাৱে অধ্যয়ন কৰিছিল। কথিত আছে,সৰুতে ধেমালি কৰোঁতেও তেওঁ সংস্কৃত শ্লোক বিলাক মুখস্থ মাতিছিল। যেতিয়া আনন্দৰামে মনোযোগেৰে কিতাপ পঢ়ি থাকে,তেতিয়া তেওঁক কিবা ক‍’লে নুশুনিছিল। কেইবাবাৰো মতাৰ পাছতহে চক খাই উঠিছিল। 

আনন্দৰাম বৰুৱা গুৱাহাটী হাইস্কুলত পঢ়ি থকা সময়ত তাৰ প্ৰধান শিক্ষক আছিল জন্মেজয় দাস। তেওঁৰ সহপাঠীসকল আছিল মানিক চন্দ্ৰ বৰুৱা, ফটিক চন্দ্ৰ বৰুৱা,ডাঃ জালানুৰ আলি আহমদ, ডাঃ শিৱৰাম বৰা আদি। প্ৰধান শিক্ষক জন্মেজয় দাসে ছাত্র সকলক বিলাতলৈ পঢ়িবলৈ যাবলৈ সেই সময়তে বিশেষ উদগণি যোগাইছিল বুলি জনা যায়। যাৰ বাবে সৰুতেই আনন্দৰাম বৰুৱাৰ মনত বিলাতত পঢ়িবলৈ যোৱাৰ বিশেষ হেপাঁহ জন্মিছিল। 

হাইস্কুলৰ শিক্ষাৰ শেষত ১৮৬৪ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ ‘এন্ট্ৰেন্স’ পৰীক্ষা দিব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ কিছুদিনৰ আগৰে পৰা আনন্দৰাম বৰুৱা অসুখীয়া হৈ পৰাত তেওঁ নৰীয়া গাৰেই পৰীক্ষাত বহিবলৈ বাধ্য হৈ পৰে। ই তেওঁৰ ফলাফলতো প্ৰভাৱ পেলায় আৰু সেই পৰীক্ষা তেওঁ দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হবলৈ সক্ষম হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ ৬ মাহ। 

আনন্দৰাম বৰুৱাৰ কলিকতা যাত্ৰা

কলিকতা আছিল ঔপনিবেশিক বৃটিছে গঢ়া ভাৰতৰ প্ৰথমখন ৰাজধানী। ই বৃটিছৰ কেৱল শাসনৰ কেন্দ্ৰ বিন্দুৱেই নাছিল,ই আছিল সেই সময়ৰ প্ৰাচ্য আৰু পাশ্চাত্য জ্ঞান আৰু সংস্কৃতিৰ মিলনভূমি। ইংৰাজসকলে তাত গঢ়ি তুলিছিল কলিকতা বিশ্ববিদ্যালয়, প্ৰেচিডেঞ্চি কলেজকে আদি কৰি বহুকেইখন অগ্ৰণী শিক্ষানুষ্ঠান।  

এন্ট্ৰেন্স পৰীক্ষা পাছ কৰি আনন্দৰাম বৰুৱাই উচ্চ শিক্ষাৰ্থে কলিকতালৈ বুলি ৰাওনা হয় আৰু ১৮৬৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেঞ্চি কলেজত নাম লগায়।  প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা সময়ত তেওঁ সেই কলেজৰে হিন্দু হোষ্টেলৰ আবাসী আছিল। কলিকতাত গৈ প্ৰথম অৱস্থাত বৰুৱাৰ প্ৰতিভা বিকাশ হবলৈ সুবিধা পোৱা নাছিল,কিন্তু পাছলৈ তেওঁৰ মেধা শক্তি স্পষ্ট ৰূপত প্ৰকট হৈ পৰে। বৰুৱাৰ প্ৰতিভা প্ৰথম চকুত পৰিছিল কলেজৰ গণিতৰ অধ্যাপক গুৰুদাস বন্দোপাধ্যায় মহাশয়ৰ। তেখেতে ছাত্র সকলক অংক কৰিবলৈ দি কোনে কেনেকৈ কৰে চাই ফুৰিছিল। দেখিছিল যে আনন্দৰামে যিমানেই কঠিন অংক নহওক সহজ নিয়মেৰে অতি কম সময়ৰ ভিতৰতে কৰি শেষ কৰিছিল। 

আনন্দৰামে ১৮৬৬ চনৰ ডিছেম্বৰ মাহত এল. এ. (বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা) পৰীক্ষা দিয়ে। সেই পৰীক্ষাত তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ষষ্ঠ স্থান অধিকাৰ কৰে আৰু গণিতত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে। যি জন ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগতহে পাছ কৰিছিল সেইজন ছাত্ৰই ইমান উন্নতি কৰাতো বাস্তৱিকতে বৰ আচৰিত কথা আছিল। ইয়াৰ উপৰি তেওঁ গণিতত সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে ‘ ডাফ্ স্কলাৰ্চিপ’ নামৰ এটা ছাত্ৰ বৃত্তি লাভ কৰে। 

স্নাতক শিক্ষা

এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ পাছত আনন্দৰামে প্ৰেচিডেঞ্চি কলেজতে বি. এ. শ্ৰেণীত নাম লগাই পঢ়িবলৈ লয়। সেই সময়তে কেইজন বংগ যুৱকে বিলাতৰ পৰা ছিভিলিয়ান পৰীক্ষাত পাছ কৰি আহে আৰু তেওঁলোক সেই সময়ত প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা আনন্দৰাম বৰুৱাৰ দৰে ছাত্র সকলৰ বাবে আদৰ্শ হৈ পৰে। ১৮৬৯ চনৰ জানুৱাৰী মাহত বৰুৱাই বি.এ. পাছ কৰে। এই পৰীক্ষাত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছিল। প্ৰথম আছিল কাৰ্তিক চন্দ্ৰ মিত্ৰ আৰু দ্বিতীয় আছিল ত্ৰৈলোক্য নাথ বসু। 

আনন্দৰাম বৰুৱাই বি.এ. পৰীক্ষাত তৃতীয় স্থান পাইছিল যদিও প্ৰেচিডেঞ্চি কলেজৰ অধ্যাপক জেইমছ চাটক্লিফ চাহাবে বৰুৱাক সৰ্বোৎকৃষ্ট ছাত্র বুলি বংগদেশৰ শিক্ষা বিভাগৰ গুৰিয়াল হেনৰি উদ্ৰক পৰিচয় কৰাই দিছিল। বৰুৱাৰ অমায়িকতাত মুগ্ধ হৈ উদ্ৰই বৰুৱাক ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ লগত চিনাকি কৰি দিছিল। সুখ্যাতিৰে বি. এ. পাছ কৰা বৰুৱাই সেই সময়ত ‘স্টেইট্’ আৰু ‘গিলক্ৰাইস্ট’ নামৰ দুটা ছাত্র বৃত্তি লাভ কৰিছিল। সেই বৃত্তি দুটাৰ মূল্য আছিল মাহে ৪০০ টকা। 

১৮৬৮ চনৰ পৰাই বৃটিছ চৰকাৰে ভাৰতীয় ছাত্ৰক বৃত্তি দি বিলাতত পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। এই বৃত্তি পাবৰ বাবে এটা বিশেষ পৰীক্ষা দিব লাগিছিল আৰু বি.এ. পাছ কৰা ছাত্ৰইহে এই পৰীক্ষা দিব পাৰিছিল। পৰীক্ষাত সৰ্বপ্ৰথম হোৱা ছাত্ৰজনেই এই বৃত্তি লাভ কৰিছিল। ১৮৬৯ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত পাছ কৰি আনন্দৰাম বৰুৱাই এই বৃত্তি লাভ কৰে। বৃত্তিটোৰ ধনৰ পৰিমাণ আছিল ৩ হাজাৰ টকা আৰু বৃত্তিটোৰ সময় তিনি বছৰৰ বাবে ধাৰ্য কৰা আছিল। 

বিলাতত পঢ়িবলৈ বৰুৱাৰ বহু দিনৰ পৰাই হেপাঁহ আছিল। তাতে আকৌ চৰকাৰৰ পৰা তিনিটাকৈ বৃত্তি পোৱাত আনন্দৰামৰ সেই আশা আৰু স্থায়ী হ’ল। আৰু তেওঁ বিলাতলৈ যাবলৈ সাজু হ’ল। সেইসময়ত অসমীয়া বা ভাৰতীয় সকলৰ ধাৰণা আছিল যে,জাহাজত উঠি সাগৰ পাৰ হৈ বিদেশলৈ গ’লে জাতি যায়। সেই কাৰণত আৰু তেওঁলৈ থকা মৰমৰ বাবে তেওঁক পৰিয়ালৰ সকলোৱে বিলাতলৈ যাবলৈ বাধা দিছিল। কিন্তু একাগ্ৰমনা বৰুৱাই সকলো বাধা একাষৰীয়া কৰি যাবলৈ ওলাল। সেই সময়তে বংগদেশৰ শিক্ষা বিভাগৰ গুৰিয়াল উদ্ৰ চাহাবো বিলাতলৈ যাবলৈ ওলাইছিল। ১৮৬৯ চনৰ গৰমৰ দিনতেই উদ্ৰ চাহাবৰ লগতেই আনন্দৰামে উচ্চ শিক্ষাৰ আশাত বিলাতলৈ বুলি যাত্ৰা কৰে। 

আনন্দৰাম বৰুৱাৰ বিলাত যাত্ৰা

বিলাতত গৈ শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল আনন্দৰাম বৰুৱা। বৰুৱাৰ এই দুঃসাহসিক প্ৰচেষ্টাই তেওঁক জ্ঞান আৰু সন্মানেৰে সমৃদ্ধিশালী কৰাৰ কৰিছিল আৰু এয়া হৈ পৰিছিল ভাৰতৰ এখন জকাইচুকীয়া ৰাজ্য অসমৰ ছাত্ৰসকলৰ বাবে আদৰ্শ আৰু উৎসাহৰ আধাৰ। কিয়নো তেওঁৰ পাছতেই ইজনৰ পাছত সিজন ছাত্ৰই বিলাতত উচ্চ শিক্ষা লবলৈ অসমী আইৰ বুকুৰ পৰা ঢাপলি মেলিছিল আৰু অসম মাতৃৰ মুখ উজ্জ্বল কৰিছিল।

আনন্দৰাম বৰুৱা ভাৰতৰ পৰা যাওঁতে আই.চি.এচ পৰীক্ষা পাছ কৰাহে লক্ষ্য আছিল; কিন্তু বিলাত পাই বেৰিষ্টাৰী পাছ কৰাও সহজ যেন দেখি, ১৮৭০ চনৰ নৱেম্বৰ মাহত মিডল্ টেম্পল্ নামৰ বিশ্ববিদ্যালয়ত নাম লগালে। আই.চি.এচ পৰীক্ষা পাছ কৰাসকলক চিভিলিয়ান বোলে হৈছিল। এই পৰীক্ষাৰ কাৰণে ইংলণ্ডৰ ৰাজধানী লণ্ডনত থাকিলেই সুবিধা হ’ব বুলি ভাবি তেওঁ লণ্ডনতে থাকিবলৈ ল’লে। ১৮৭০ চনতে লণ্ডন বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেচন পৰীক্ষাত নাম ভৰ্তি কৰে। লগে লগে বি.এচ.চি. পৰীক্ষাৰ কাৰণেও পঢ়িবলৈ ধৰিলে। বৰুৱা গণিতত বৰ পাকৈত আছিল বাবেই বি.এচ.চি পঢ়াত একো টান নাপাইছিল। তদুপৰি বি.এচ.চি পৰীক্ষা দিবৰ কাৰণে বৰুৱাই যি কেইটা বিষয় লৈছিল, সেই বিষয়কে আই.চি.এচৰ কাৰণেও লোৱাত, একে পৰিশ্ৰমতে দুয়োটাৰে সহায় হ’ল।

আনন্দৰাম বৰুৱা সৰুৰে পৰা বৰ নিমাত স্বভাৱৰ মানুহ আছিল। কামটো হৈ নুঠালৈকে কাৰো আগত মনৰ কথা ভাঙি নকৈছিল। সেই কাৰণে আই.চি.এচ. পঢ়ি থকা সময়ত বি.এচ.চি পৰীক্ষালৈ সাজু হোৱা কথাৰ কোনেও ভূ নেপাইছিল। এনেকি বৰুৱাৰ অন্তৰংগ বন্ধুবিলাকেও এই কথাৰ সম্ভেদ নেপাইছিল। ঘৰত পঢ়োতে বৰুৱাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি লৈছিল। কোনো বন্ধু তেওঁৰ ওচৰলৈ আহি দুৱাৰত খুন্দিয়ালে, বি.এচ.চিৰ কিতাপবিলাক লুকাই থৈহে বন্ধুক সোমাবলৈ দুৱাৰ মেলি দিছিল।

আই.চি.এচ. পৰীক্ষা

আই.চি.এচ. পৰীক্ষাত ভৰ্তি হোৱাৰ আগতে কৰ্তৃপক্ষক সন্মানৰ প্ৰশংসা-পত্ৰ(চাৰ্টিফিকেট) দেখুৱাব লাগে। বৰুৱাই তৰুণৰাম ফুকনৰ দেউতাক বলোৰাম ফুকন আৰু শিক্ষক চন্দ্ৰ মোহন গোস্বামীৰ পৰা এই প্ৰশংসাপত্ৰ নিছিল বুলি জনা যায়।

১৮৭০ চনৰ ৭ এপ্ৰিলৰ পৰা আই.চি.এচ পৰীক্ষা আৰম্ভ হয়। সেইবাৰ পৰীক্ষাৰ্থী মুঠ ৪৬৯ জনৰ ভিতৰত ৪১ জনেহে পৰীক্ষা দিবলৈ অনুমতি পাইছিল। সেই ৪১ জনৰ ভিতৰত বৰুৱাই ৩৮তম স্থান অধিকাৰ কৰিছিল। ১৮৬৯ চনত বিলাত পাই এবছৰ পূৰ নৌ হওঁতেই পৰীক্ষাৰ্থী হ’বলৈ পোৱা কম যত্ন আৰু সৌভাগ্যৰ ফল নহয়।

বৰুৱাই সৰুৰে পৰা সংস্কৃত আৰু গণিত বিষয় ভাল পাইছিল। সেই কাৰণে এই দুই পৰীক্ষাত বৰুৱা প্ৰথম হৈছিল। সকলো বিষয়তে সমান পটুতা লাভ কৰা ছাত্ৰৰ সংখ্যা অতি কম। ইংৰাজ ছাত্ৰসকলে গ্ৰীক, ৰোমান সাহিত্য আৰু ইতিহাস ল’ব পাৰিছিল, কিন্তু ভাৰতীয় ছাত্ৰৰ পক্ষে সেই দুই বিষয় লোৱা অসম্ভৱ আছিল। কাৰণ সেই দুই ভাষা ভাৰতীয়া ছাত্ৰৰ পক্ষে তেনেই নতুন। সেই কাৰণে বৰুৱাই প্ৰথম চিভিল চাৰ্ভিচ পৰীক্ষাত বিশেষ কৃতিত্ব দেখুৱাব পৰা নাছিল।

আই-চি-এচৰ দ্বিতীয় বা শেষ পৰীক্ষা ১৮৭২ চনৰ মে’ মাহত হৈছিল। এই পৰীক্ষালৈ সাজু হ’বলৈ বৰুৱাই যথেষ্ট সময় পাইছিল। সেই কাৰণে এই পৰীক্ষাত বৰুৱাই নিজৰ প্ৰতিভা দেখুৱাব পাৰিলে। শেষ আই.চি.এচ পৰীক্ষা পাছ নকৰাকৈ কোনো চিভিলিয়ান হ’ব নোৱাৰিছিল। আৰু শেষ পৰীক্ষাত পাছ হোৱা স্থান অনুসাৰেহে কামৰো আগপাছ হৈছিল।

প্ৰথম পৰীক্ষাত ৩৮ স্থান পোৱা আনন্দৰাম বৰুৱাই দ্বিতীয় পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি ভাৰতৰ মুখ উজ্বল কৰে। 

পৰীক্ষাৰ বিষয়বোৰ পঢ়াত ছাত্ৰসকলক উৎসাহ দিবৰ কাৰণে কেইবাটাও পুৰস্কাৰ দিয়াৰ নিয়ম আছিল। এই পুৰস্কাৰৰ পৰীক্ষা বেলেগে দিব লাগিছিল। আনন্দৰাম বৰুৱাই সংস্কৃতৰ তেনে এটা পৰীক্ষা দি ৭৫ পাউণ্ড(১২২৫ টকা) পুৰস্কাৰ পাইছিল। তদুপৰি ইতিহাস, ভূগোল, সংস্কৃত আৰু বঙলা এই কেইটা বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুৱা বাবে প্ৰত্যেক বিষয়তে ৩০ পাউণ্ডকৈ(৪৫০ টকাকৈ) পুৰস্কাৰ লাভ কৰে।

আই.চি.এচ.ৰ শেষ পৰীক্ষাত বৰুৱা এটা বিপদত পৰিছিল। তেওঁৰ পৰীক্ষা পাৰ হৈ যোৱাৰ পাছত বয়স লৈ গণ্ডগোল লাগিল। বৰুৱাই যিটো বয়স দিছিল পৰীক্ষাৰ কৰ্তৃপক্ষই তাক গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। আনফালে আনন্দৰামৰ মেধা শক্তি আৰু তীক্ষ্ণ বুদ্ধিক প্ৰশংসা নকৰিও নোৱাৰিলে। বিশেষকৈ ভাৰতবৰ্ষৰ ইমান প্ৰতিযোগীৰ মাজত, দুটা ডাঙৰ ৰজাঘৰীয়া বৃত্তিপোৱা ছাত্ৰ এজনক কেনেকৈ তেওঁলোকে উন্নতিৰ বাটত বাধা দিয়ে! উপায়ন্তৰ হৈ পৰীক্ষাৰ কৰ্তৃপক্ষই আনন্দৰাম বৰুৱাক আই.চি.এচ পৰীক্ষাত পাছ কৰাব লাগেনে নালাগে এই কথা সুধি ভাৰত মন্ত্ৰী ‘চেক্ৰেটাৰী অৱ ষ্টেট’লৈ লিখিলে। তেতিয়া ভাৰতৰ ‘আণ্ডাৰ চেক্ৰেটাৰী’ গ্ৰেণ্ড ডাফ্ নামে এজন সুযোগ্য লোক আছিল। তেওঁ আনন্দৰামক এই পৰীক্ষাত বিমুখ কৰিবলৈ অলপো ইচ্ছা নকৰিলে।

আই.চি.এচ. আনন্দৰাম বৰুৱা

গ্ৰেণ্ড ডাফৰ যত্নতে বৰুৱাই হেলাৰঙে আই.চি.এচৰ দুৱাৰ পাৰ হ’ল। পাছত গ্ৰেণ্ড ডাফ মাদ্ৰাছৰ গৱৰ্ণৰ হয়। কম বয়সীয়া এজন ভাৰতীয় ছাত্ৰক আই-চি-এচ পৰীক্ষাত পাছ কৰোৱা বাবে বিলাতৰ মহাসভাই(পাৰ্লিয়ামেন্ট) গ্ৰেণ্ড ডাফৰ কৈফিয়ত খুজিলে। তেতিয়া তেওঁ এই বুলি কৈফিয়ত দিছিল-‘যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ ভৈয়ামৰ পৰা আহি ইমান প্ৰতিযোগিতাৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে, তেওঁৰ আকাংক্ষাৰ বাটত আমি কোনো প্ৰতিবন্ধক জন্মাবৰ ইচ্ছা নকৰো।’

বৰুৱাই একে বছৰতে অৰ্থাত ১৮৭২ চনতে বি.এচ.চি. আৰু বেৰিষ্টাৰী পৰীক্ষা পাছ কৰে। পাছ কৰিয়েই মিডল্ টেম্পোলৰ বেৰিষ্টাৰ হয়। বৰুৱাই যেতিয়া পাছৰ পৰীক্ষা দুটা দিয়ে তেতিয়া সকলোৱে তেওঁৰ পৰিশ্ৰমত তবধ মানিছিল। যিজন লোকে একে বছৰতে এনে কঠিন তিনিটা পৰীক্ষা পাছ কৰিব পাৰিছিল তেওঁ যে এজন অসাধাৰণ প্ৰতিভাশালী মানুহ সেই কাৰ্যৰ পৰাই বুজিব পাৰি। পৰীক্ষা পাছ কৰাৰ উপৰিও বিলাতত থকা কালত বৰুৱাই ফৰাছী ভাষাও ভালকৈ শিকে।

বহুত ভাৰতীয় ছাত্ৰই অজস্ৰ ধন ভাঙি, বুকুত মহত উদ্দেশ্য লৈ, বিলাতৰ জাকজমকতাত পৰি সুদা হাতে ভাৰতলৈ ঘূৰি আহিবলগা হৈছিল। আনন্দৰাম বৰুৱা কিন্তু তেনে বিধৰ মানুহ নাছিল। তেওঁ গৈছিল পশ্চিমৰ জেউতি আনি পূবত বিলাবলৈ। বৰুৱাই ভালকৈ জানিছিল যে, তেওঁ অসমৰ একমাত্ৰ ভাৰসাৰ স্থল। তেওঁৰ প্ৰবল ইচ্ছাত সহজে সফলতাও লভিছিল। বিলাতত ছাত্ৰাৱস্থাত সকলো কাম শেষ কৰি, ১৮৭২ চনৰ ছেপ্তেম্বৰৰ ৯ তাৰিখে জাহাজত আহি বোম্বাই বন্দৰত নামেহি।

লণ্ডন বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত বৰুৱাৰ তীক্ষ্ণ বুধি দেখি সেই বিদ্যালয়ৰ অধ্যাপক কাৰ্পেন্টাৰে কৈছিল- ‘মই ইমানদিনে শিক্ষকতা কৰিছো, কিন্তু আনন্দৰাম বৰুৱাৰ নিচিনা অনুসন্ধিৎসু ছাত্ৰ আজিলৈকে পোৱা নাই।’

আই.চি.এচ পৰীক্ষা পাছ কৰা ছাত্ৰৰ নামৰ তালিকাখন দেখি এলেন মেক্-মিলান নামৰ এজন কবিয়ে কৈছিল-‘আনন্দৰাম নামটোৰ কি অলৌকিক শক্তি! দিনে-নিশাই, সচিতে-সপোনে পুৱাৰ পৰা গধূলিলৈকে এই নামটোৱে মোক লগ নেৰিছিল। কায়াৰ লগত ছায়া ফুৰাৰ দৰে এই নামটোৱে মোক পাছে পাছে খেদি ফুৰিছিল।’ কেৱল দুই এজনে যে আনন্দৰামৰ গুণ বখানিছিল এনে নহয়, সকলো শিক্ষক আৰু জ্ঞানী লোকৰ পৰাই বৰুৱাই প্ৰশংসা আৰু সমাদৰ লভিছিল। লগে লগে অসম মাতৃৰ নামো উজ্বল কৰি তুলিছিল।

আনন্দৰাম বৰুৱা বোম্বাইৰ পৰা আহি কলিকতাত কিছুদিন থাকে আৰু তাত থাকোতেই সংস্কৃতৰ এটা বিশেষ পৰীক্ষা দি ২০০০ টকাৰ পুৰস্কাৰ লয়।

প্ৰশাসনিক বিষয়া হিচাপে আনন্দৰাম বৰুৱা

ইংৰাজ শাসনকালত দক্ষতাৰে সৈতে আই চি এচ পাছ কৰা চিভিলিয়ানসকলে ইচ্ছামতে নিজৰ চাকৰিৰ ঠাই বাচনি কৰি ল’ব পাৰিছিল। আঠ বছৰ কাল বৰুৱা জন্মভূমিৰ পৰা আতঁৰত আছিল। জন্মভূমিৰ প্ৰতি অসীম মৰম আৰু শ্ৰদ্ধা থকা আনন্দৰাম বৰুৱাই পোনপ্ৰথমে নিজৰ কৰ্মভূমি হিচাপে ঐতিহাসিক শিৱসাগৰ জিলাকে বাচনি কৰি লয়। শিৱসাসৰত তেওঁৰ জিলাৰ ‘এচিষ্টেন্ট মেজিষ্ট্ৰেট’ হিচাপে কাৰ্যভাৰ লাভ কৰিছিল। ১৮৭২ চনৰ ডিছেম্বৰ মাহত তেওঁ শিৱসাগৰলৈ আহি নিজৰ কাম চমজি লয়।

শিৱসাগৰত তেওঁ কাম-কাজ নিয়াৰিকৈ পৰিচালনা কৰি গৈছিল যদিও এবাৰ ইংৰাজ বিষয়া কেইজনমানৰ লগত হোৱা এক বিশেষ ঘটনাত তেওঁৰ আত্মসন্মানত আঘাত লগাত বৰুৱাদেৱে স্বইচ্ছাই শিৱসাগৰৰ পৰা বদলি হৈ যাবলৈ চৰকাৰলৈ আবেদন কৰিলে। আৰু সেই আবেদন মৰ্মেই তেওঁক ১৮৭৪ চনৰ এপ্ৰিল মাহত বংগদেশৰ মৈমনসিং জিলালৈ বদলি কৰি দিয়া হয়। বংগদেশৰ মৈমনসিং জিলাত তেওঁ ‘এচিষ্টেন্ট কমিচনা’ৰ আৰু ‘কালেক্টৰ’ হিচাপে নিযুক্ত হয়।

ইয়াৰ পাছত আনন্দৰাম বৰুৱাক ১৮৭৭ চনত একে কামতে দিনাজপুৰলৈ বদলি হয়। তাত তেওঁ অলপদিনহে থাকিবলৈ পালে। সেই একেবছৰতে বৰুৱাক বৰ্দ্ধমান জিলালৈ ‘এচিষ্টেন্ট কমিচনা’ৰ হিচাপে বদলি কৰি দিয়া হয়। ইয়াৰ পাছত বৰুৱা ৰাণীগঞ্জ মহকুমালৈ মহকুমাধিপতি হিচাপে বদলি হৈ আহে। ইয়াৰ পাছত তেওঁ ক্ৰমে কটোৱা আৰু খুনলা মহকুমালৈ বদলি হয়। ইয়াৰ পাছত আনন্দৰাম বৰুৱা ১৮৭৮ চনৰ মে’ মাহত গোৱালপাৰালৈ বদলি হৈ আহে।

১৮৭৯ চনৰ জুন মাহত বৰুৱাদেৱ ‘জইন্ট মেজিষ্ট্ৰেট’ আৰু ‘ডেপুটি কালেক্টৰ’ হিচাপে দ্বিতীয় বাৰৰ বাবে দিনাজপুৰ জিলালৈ বদলি হৈ আহে। দিনাজপুৰত থাকোতে বৰুৱাদেৱ এক বিশেষ সন্মানৰ অধিকাৰী হয়। সেই সময়তে ১৮৮০ চনত কেইমাহমানৰ কাৰণে তেওঁ দিনাজপুৰ জিলাৰ ‘মেজিষ্ট্ৰেট’ আৰু ‘কালেক্টৰ’ হিচাপে কাম কৰে। আৰু ১৮৮২ চনত ভাৰত চৰকাৰে দুজন ভাৰতীয় প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱা আৰু ৰমেশচন্দ্ৰ দত্তক চাকৰিত নিগাজি কৰা সম্পৰ্কে সমৰ্থন কৰি বিলাতলৈ লিখা লিখি কৰে। দুজন ভাৰতীয়ক এনে উচ্চ পদবী দিয়াৰ কথা ওলোৱাত বহুতো ইউৰোপীয়ানেই হকা-বাধা কৰিছিল। কিন্তু চৰকাৰে সকলোবোৰ বাধা-আপত্তি নেউচি তেওঁলোক দুজনক সেই সুবিধা দিলে।

পুনৰ বিলাত যাত্ৰা

দিনাজপুৰত থকা সময়তে দুবছৰৰ বাবে ছুটী লৈ বৰুৱা দ্বিতীয় বাৰৰ বাবে বিলাতলৈ গৈছিল। উদ্দেশ্যে আছিল বাৰটা খণ্ডত প্ৰকাশ পাব লগীয়া ‘সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ’ নামৰ কিতাপখনৰ বাবে উপযুক্ত তথ্য-পাতি গোটোৱা আৰু পশ্চিমীয়া সংস্কৃত পণ্ডিত সকলৰ লগত আলাপ-আলোচনা কৰা। ১৮৮৩ চনৰ ১৬ অক্টোবৰত বৰুৱাদেৱে দ্বিতীয়বাৰ বিলাত যাত্ৰা সম্পন্ন কৰি ভাৰতৰ বোম্বাই বন্দৰত নামিছিলহি। বিলাতৰ পৰা অহাৰ পাছত বৰুৱাদেৱক চৰকাৰে ‘জইন্ট মেজিষ্ট্ৰেট’ আৰু ‘ডেপুটি কালেক্টৰ’ কৰি চট্টগ্ৰামত কাম কৰিবলৈ দিয়ে।

ইয়াৰ পাছত আনন্দৰাম বৰুৱাক ১৮৮৪ চনৰ মে’ মাহত নোৱাখালি জিলাৰ মেজিষ্ট্ৰেট পদলৈলৈ উন্নীত কৰি বদলি কৰি দিয়ে। জিলাখনৰ মুৰব্বী পদটো পোৱাৰ পাছত বৰুৱাদেৱে তাত বহুতো উন্নয়নমূলক কাম কৰিবলৈ লয়। যাৰ বাবে তেওঁ নোৱাখালিবাসীৰ বিশেষ প্ৰিয়ভাজন হৈ পৰে‌। তেওঁ প্ৰথমবাৰৰ বাবে নোৱাখালিত নিযুক্তি পোৱাৰ পাছত কৰা দুটা উল্লেখযোগ্য কাম আছিল- (১) নোৱাখালি আৰু বাৰিশালৰ মাজত অহা-যোৱাৰ সুবিধাৰ্থে কৰ্তৃপক্ষৰ লগত লিখালিখি কৰি এখন জাহাজ চলোৱাৰ ব্যৱস্থা কৰিছিল। (২) নোৱাখালি জিলাৰ নলা-নৰ্দমা আৰু মলয়া নিষ্কাষণ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।

নোৱাখালিৰ পৰা ১৮৮৫ চনত বৰুৱাক ত্ৰিপুৰালৈ বদলি কৰি দিয়ে। তাত তেওঁ বেছিদিন থাকিবলৈ নাপালে। ইয়াৰ পাছত তেওঁক একে দ্বায়িত্বৰে বগুৰা জিলালৈ বদলি কৰি দিয়া হয়। নোৱাখালি,ত্ৰিপুৰা আৰু বগুৰাত থকা সময়ছোৱাত আনন্দৰাম বৰুৱাই সংস্কৃত ব্যাকৰণৰ কামত যথেষ্ট মানসিক পৰিশ্ৰম কৰিব লগা হোৱাত তেওঁক কিছুদিনৰ জিৰণিৰ প্ৰয়োজন হৈ পৰে। সেয়ে তেওঁ ১৮৮৬ চনৰ ডিছেম্বৰ মাহত তিনিমাহৰ বাবে অনুগ্ৰহ বিদায় লয়।

১৮৮৭ চনৰ ফেব্ৰুৱাৰী মাহত মেজিষ্ট্ৰেট হৈ বৰুৱা আকৌ নোৱাখালি জিলালৈ বদলি হয়। সেই বছৰৰ এপ্ৰিল মাহতে তেখেতে ২য় শ্ৰেণীৰ মেজিষ্ট্ৰেট পদলৈ প্ৰমোচন পায়। তেতিয়া বৰুৱাদেৱৰ বেতন মাহে ৯০০ টকা আৰু এলাউন্স ৪০০ টকা আছিল।

নোৱাখালিত আনন্দৰামৰ কৰ্মজীৱন

নোৱাখালি জিলাৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰিবলৈ বৰুৱাই নথৈ যত্ন কৰিছিল। সেই উদ্দেশ্যে জিলাৰ গণ্যমান্য ধনী মানুহবিলাক গোটাই ইংলণ্ড, আমেৰিকা আদি পশ্চিমৰ দেশ বিলাকৰ লগত বেহা-বেপাৰ কৰিবলৈ বুলি এখন সভা পাতে, কিন্তু নিৰ্ধাৰিত টকা গোট নোখোৱাত সেই কাম হৈ নুঠিল। তাৰ মানুহবিলাকে ঘৰুৱা বস্তু বেচা-কিনা কৰিবলৈ ঠায়ে ঠায়ে হাট বৰুৱাইছিল। পানীৰ সুবিধাৰ কাৰণে পুখুৰী খনাই দিয়াইছিল। এতিয়াও নোৱাখালি জিলাৰ “বৰুৱা দিঘী” আৰু “বৰুৱা বাজাৰে” আনন্দৰাম বৰুৱাৰ স্মৃতি সজীৱ কৰি ৰাখিছে। নোৱাখালিৰ জুবিলী ছোৱালী হাইস্কুলখনো বৰুৱাইহে স্থাপন কৰিছিল। মুঠতে নোৱাখালি জিলাত বৰুৱাই যিবিলাক ভাল কাম কৰি আহিল, তাৰ বাবে আজিও তাৰ অধিবাসীবিলাকে বৰুৱাৰ নাম পাহৰিব পৰা নাই।

যিখন ঠাই আৱৰ্জনাৰে পৰিপূৰ্ণ, যিখন ঠাইৰ বাসিন্দাই নিজক নিজে দেখিব নোৱাৰিছিল, সেই হেন ঠাইক বৰুৱাই অময়াপুৰী যেন কৰিলে। অকল চৰকাৰৰ টকাৰেই যে প্ৰজাৰ হিতজনক কাম কৰিছিল এনে নহয়, নিজৰ জেপৰ টকা খৰছ কৰিও প্ৰজাৰ অভাৱ, অসুবিধা দূৰ কৰিছিল। তলত দিয়া উদাহৰণটিৰ পৰা বৰুৱাৰ উদাৰ মনৰ পৰিচয় পোৱা যায়।

সন্দীপ আৰু হাটীয়া দ্বীপ দুটা সাগৰৰ মাজত মানুহ থকা দুটা মাজুলীৰ দৰে। তালৈ অহা-যোৱা কৰোতে নাৱৰ পৰা পৰি বা নাও ডুবি বহুত মানুহ  মৰিছিল। বৰুৱাই প্ৰজাৰ দুৰ্গতি দেখি, তাত এখন সৰু জাহাজ চলাবলৈ বুলি জাহাজ কোম্পানীৰ লগত বহুত লিখালিখি কৰে। জাহাজৰ যাত্ৰী কম হোৱাৰ ভয়ত কোম্পানীয়ে প্ৰথমে জাহাজ চলাবলৈ অমত প্ৰকাশ কৰিছিল। কিন্তু বৰুৱাই নিজৰ পৰা আগধন কোম্পানীক দিও জাহাজ চলালে। লাহে লাহে যাত্ৰীৰ সংখ্যা বেচি হোৱা বাবে সেই জাহাজ স্থায়ীভাৱে চলাচল কৰিবলৈ ধৰিলে।

নোৱাখালিত থাকোতেই বৰুৱাই বৰ বেচিকৈ মানসিক পৰিশ্ৰম কৰিছিল। সেই কাৰণে তেখেতৰ শৰীৰ ক্ৰমে দুৰ্বল হৈ আহিবলৈ ধৰিলে। শেষত ১৮৮৮ চনৰ ডিচেম্বৰ মাহত বৰুৱাৰ শৰীৰত পক্ষাঘাত বেমাৰে দেখা দিলে।নোৱাখালিতে তেওঁ প্ৰাৰম্ভিক চিকিৎসা কৰাইছিল যদিও বিশেষ ফল নাপালে। শেষত উপায়ান্তৰ হৈ ১৮৮৯ চনৰ বৰদিনৰ বন্ধৰ লগতে ২ মাহ কামৰ পৰা ছুটী ল’লে। আৰু কলিকতালৈ গৈ চিকিৎসা কৰাবলৈ সাজু হ’ল।বৰুৱাদেৱৰ হঠাত এনে হোৱাত নোৱাখালিবাসীৰ শোকৰ পাৰ নোহোৱা হ’ল। তেওঁলোকে বৰুৱাৰ আশু আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।

আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া আই. চি. এছ. বিষয়া,প্ৰথম গ্ৰেজুৱেট আৰু বেৰিষ্টাৰ। কিন্তু বিশ্ববাসীৰ আগত তেওঁ অমৰ হৈ আছে এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হিচাপেহে। অতি চমু জীৱনকালত আনন্দৰাম বৰুৱাই কৰি যোৱা বিশাল কৰ্মৰাজী দেখি আজিও বিশ্বৰ বিদ্বান সমাজে তবধ মানে। সৰুৰে পৰা আনন্দৰামৰ প্ৰিয় বিষয় আছিল সংস্কৃত। ছিভিল চাৰ্ভিছৰ পৰীক্ষাতো তেওঁ সংস্কতক ঐচ্ছিক বিষয় হিচাপে লৈছিল। ইয়াৰ উপৰিও তেওঁ পাশ্চাত্য বিদ্বান সমাজত সংস্কৃত সাহিত্যৰ প্ৰতি যি বাঢ়ি অহা জনপ্ৰিয়তা দেখিছিল তাৰ উৎসাহতেই তেওঁ ভাৰতলৈ উভতি আহি জীৱনৰ বাকীছোৱা কাল সংস্কৃত ভাষা আৰু সাহিত্যৰ নামত উৎসৰ্গা কৰিবলৈ মনস্থ কৰিলে। 

ব্যৱহাৰিক ইংৰাজী-সংস্কৃত অভিধান-১ম, ২য় আৰু ৩য় খণ্ড

তেওঁ শিৱসাগৰত এচিষ্টেন্ট মেজিষ্ট্ৰেট হিচাপে চাকৰিত যোগদান কৰাৰ পাছতেই এখন ইংৰাজী-সংস্কৃত অভিধান লিখাৰ কাম আৰম্ভ কৰিলে। এজন ২৩-২৪ বছৰীয়া অসমীয়া ডেকাই অসমৰ দৰে এখন পাছপৰা ঠাইত থাকি তেনে এটা কাম হাতত লোৱাতো সেই সময়ত অতি সাহসৰ কথা আছিল। বৰুৱাই অভিধানৰ পাতনিতে লিখিছিল- “এনে এটা উদ্যম তেওঁৰ পক্ষে ধৃষ্টতা মাত্ৰ। কিন্তু অন্য সংস্কৃতজ্ঞসকলে অভিধান এখন কৰাৰ অলপো চেষ্টা নকৰাতহে তেওঁ এই কাম হাতত ল’বলৈ বাধ্য হব লগাত পৰিল।”

১৯৭৭ চনত আৰম্ভ কৰা এই অভিধান প্ৰণয়নৰ কাম অশেষ পৰিশ্ৰমৰ অন্তত ১৯৮০ চনত দিনাজপুৰত দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত সমাপ্ত হয়। অভিধান খনৰ আকাৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ইয়াক তিনিটা খণ্ডত বিভক্ত কৰিছিল। অভিধান খন প্ৰকাশৰ পাছত ইংৰাজী-সংস্কৃত অভিধানৰ প্ৰথম গৰাকী ভাৰতীয়  আৰু বিশ্বৰ দ্বিতীয় গৰাকী প্ৰণেতা হিচাপে চিনাকী লাভ কৰা আনন্দৰাম বৰুৱাই কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে বিদ্বান সমাজৰ বিশেষ প্ৰশংসা আৰু উদগনি লাভ কৰিছিল।

অভিধানখনি প্ৰকাশিত হৈ ৰাইজৰ আগলৈ ওলোৱাৰ আগতে বৰুৱাই প্ৰথম খণ্ডৰ ৬৪ পৃষ্ঠা জগত বিখ্যাত সংস্কৃত পণ্ডিত আৰু বেদৰ অনুবাদক মেক্স মূলাৰলৈ পঠিয়াই দিছিল। তাৰ উত্তৰত মেক্স মূলাৰে আনন্দৰাম বৰুৱালৈ লিখি পঠাইছিল-“আপোনাৰ অভিধানখনি সংস্কৃত- ইংৰাজী অভিধানৰ মাথোন ওভোতা সংস্কৰণ নহয়- আপুনি প্ৰত্যকটো শব্দকে সুকীয়াকৈ ধৰিছে আৰু প্ৰত্যেক ইংৰাজী শব্দৰ যথাসম্ভৱ উপযুক্ত সংস্কৃত প্ৰতিশব্দ দিয়াত আপোনাৰ এই দুই ভাষাৰ বচনভংগীত যে কেনে বিস্তৃত জ্ঞান সেইটো ভালকৈ ফুটি ওলাইছে।  আৰু আপুনি সংস্কৃত গ্ৰন্থাকাৰসকলৰ শব্দ প্ৰয়োগৰ উদাহৰণৰ কাৰণে যিবোৰ বাক্য তুলি দিছে তাৰ পৰা কিতাপখনৰ উপকাৰ বৰকৈ বাঢ়িছে আৰু কিতাপখনক পাণ্ডিত্যপূৰ্ণ কৰি তুলিছে।”

পিতৃ-মাতৃলৈ অসীম মৰম আৰু শ্ৰদ্ধা থকা আনন্দৰামে তেওঁৰ এই সৰ্বপ্ৰথম গ্ৰন্থ অৰ্থাৎ অভিধানখনি পিতৃ-মাতৃৰ উদ্দেশ্যে এইদৰে মৰমিয়াল ভাষাৰে উচৰ্গা কৰে-“মোৰ প্ৰিয়তম মাতৃ আৰু পিতৃ, দুৰ্লভেশ্বৰী আৰু গৰ্গৰাম বৰুৱাৰ প্ৰবিত্ৰ স্মৃতিত পৰিচিতৰ প্ৰশংসা,পুত্ৰৰ স্নেহ আৰু শিষ্যৰ কৃতজ্ঞতাৰ সৈতে ভক্তিভাৱে এই গ্ৰন্থ উচৰ্গা কৰিলো।”

উচ্চ সংস্কৃত ব্যাকৰণ

আনন্দৰাম বৰুৱাই এই ব্যাকৰণখন ইংৰাজীতে লিখা। প্ৰথমতে ইয়াক অভিধানৰ দ্বিতীয় খণ্ডৰ লগত পাতনিৰূপে সংযোগ কৰি দিয়া হয়। পাতনি যদিও ই এখন স্বাধীন গ্ৰন্থ আছিল- বহুতে এই গ্ৰন্থ কিনিবলৈ ইচ্ছা কৰাত বৰুৱাই তাক অভিধানৰ বুকুৰ পৰা আঁতৰাই সুকীয়া গ্ৰন্থৰূপে ছপা কৰি উলিয়ায়। এই গ্ৰন্থখনিয়ে পশ্চিমীয়া শিকাৰু সকলৰ পক্ষে সংস্কৃত শিক্ষাৰ বাট বৰ সুচল কৰি দিয়ে। এই গ্ৰন্থখনত ঘাইকৈ সংস্কৃত লিংগপ্ৰকৰণ আৰু বাক্যবিন্যাসৰ আলোচনা আছে। বৰুৱা গ্ৰীক আৰু লেটিন ভাষাত সুপণ্ডিত আছিল। তেওঁ সম্ভৱপৰ ঠাইত ইয়োৰোপীয় প্ৰাচীন ভাষাৰে সৈতে ভাৰতৰ প্ৰাচীন ভাষাৰ ব্যাকৰণৰ নিয়মাৱলীৰ সাদৃশ্য দেখুৱায় দি গৈছে।

প্ৰাচীন ভাৰতৰ ভূগোল

এই গ্ৰন্থখন আনন্দৰাম বৰুৱাই তেওঁৰ অভিধানৰ তৃতীয় খণ্ডৰ পাতনি হিচাপে লিখিছিল। এই গ্ৰন্থখনত ভাৰতীয় কাব্য,নাটক, পুৰাণ আদিত সঘনাই উল্লেখিত ঠাই সমূহৰ বিৱৰণ আছে। ভাৰতৰ পুৰাতত্ত্ব যিসকলে আলোচনা কৰিছে তেওঁলোকৰ কাৰণে এই প্ৰাচীন ভূগোলখনি বৰ লাগতিয়াল।

ভৱভূতিৰ মহাবীৰচৰিত- জানকীৰাম ভাষ্য টীকা সম্বলিত

১৮৭৭ চনৰ অক্টোবৰ মাহত আনন্দৰাম বৰুৱাই স্বৰচিত টীকাৰে সৈতে সম্পাদিত কৰি মহাকবি ভৱভূতিৰ ‘মহাবীৰচৰিত’ নাটকৰ এটি সংস্কৰণ প্ৰকাশ কৰে। সংস্কৃত টীকাকাৰসকলে নিজৰ ৰচিত ব্যাখ্যা বা টীকাৰ এটি এটি নাম দিয়ে। আনন্দৰামে ভৱভূতিৰ মহাবীৰচৰিতৰ যি ভাষ্য ৰচনা কৰিলে তাৰ নাম তেওঁ প্ৰিয় ককায়েকৰ নাম অনুসৰি ৰাখিলে জানকীৰাম -ভাষ্য।

কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কৃত শিক্ষাৰ্থী আণ্ডাৰ গ্ৰেজুৱেটৰ সহচৰ

কলিকতা বিশ্ববিদ্যালয়ে ১৮৭৮-৮৯ চনৰ এফ.এ. আৰু বি. এ. পৰীক্ষাৰ কাৰণে মেঘদূত কুমাৰসম্ভৱ ১-৭ সৰ্গ, ৰঘুবংশ ১- ৯ সৰ্গ,ভট্টিকাব্য ১- ৫ সৰ্গ আৰু অভিজ্ঞান শকুন্তলা পাঠ্যৰূপে নিৰ্ধাৰিত কৰিছিল। এই গ্ৰন্থখনত তেওঁ উক্ত গ্ৰন্থ কেইখনৰ লাগতিয়াল অংশৰ ওপৰত টীকা, সমালোচনা আৰু অন্যান্য অভিমত সন্নিবিষ্ট কৰিছিল।

ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান

মহাবীৰচৰিতৰ পাতনিত অঙ্গীকাৰ কৰা ‘ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান’ নামে কিতাপখনি ১৮৭৮ চনৰ ফেব্রুৱাৰী মাহত প্রকাশিত হয়। এইখনি সংস্কৃত সাহিত্য বুৰঞ্জীৰ অন্তৰ্গত এখনি বৰ লাগতিয়াল কিতাপ। এইটো সদায় আক্ষেপৰ কথা  হৈ আছিল যে, ভাৰতীয় পণ্ডিতসকলে সমালােচনা পদ্ধতি অৱলম্বন কৰি সংস্কৃত সাহিত্যৰ বুৰঞ্জী ৰচনা কৰা নাই, আৰু কোনাে প্রাচীন কবি বা গ্রন্থকাৰৰ বিষয়ে সম্যক আলােচনাও কৰা নাই। মেক্স মূলাৰ, ওয়েবাৰ, ফ্রেজাৰ, মেনেল আদি ইউৰােপীয় পণ্ডিতে সংস্কৃত সাহিত্যৰ বুৰঞ্জী লিখিছে, ভাৰতীয় পণ্ডিতে তেতিয়ালৈকে সেই বিভাগত অগ্ৰসৰ হােৱা নাছিল। আনন্দৰাম বৰুৱাই সেই বিভাগৰ ৰচনাৰ পােনতে সূত্রপাত কৰে। 

আনন্দৰামৰ সকলােবিলাক গ্ৰন্থতকৈ বােধকৰোঁ ভৱভূতিৰ বিষয়ে এই ৰচনাখনিয়েই সবাতকৈ বেছি মৌলিক। ভৱভূতিৰ কাল, ৰাম সম্পর্কীয় নাটক, আৰু ভৱভূতিৰ কাব্য আৰু লক্ষণৰ বিষয়ে যি মত বৰুৱাই এই গ্ৰন্থত প্ৰকাশ কৰিছে, সেইবােৰ বৰ সৰুৱা, অন্যান্য গ্রন্থকাৰসকলে তাক বৰ আনন্দেৰে নিজৰ গ্রন্থাদিত উদ্ধৃত কৰি তাক সমর্থন কৰে বা তাৰ দ্বাৰাই নিজৰ মত সমর্থন কৰায়।

বামণৰ সূত্ৰ-বৃত্তি, বাগভটৰ অলংকাৰ আৰু সৰস্বতীৰ কণ্ঠাভৰণ

সংস্কৃতত যিকেইখন অলঙ্কাৰ শাস্ত্ৰৰ গ্ৰন্থ আছে বৰুৱাই তাক একেলগে কৰি কিতাপৰ আকাৰে প্ৰকাশ কৰে। বামণৰ সূত্রবৃত্তি, বাগভটৰ অলঙ্কাৰ আৰু সৰস্বতী কণ্ঠাভৰণ এই তিনিখনি অলঙ্কাৰ শাস্ত্ৰৰ গ্ৰন্থ একেলগে কৰি ছপােৱাত, আৰু তাৰ লগত প্রাচীন টীকাকাৰসকলৰ টীকাৰ সাৰাংশ আৰু প্রাকৃত পৰিৱৰ্তনবিলাকৰ বিবৰণ দিয়াত এই কিতাপখনি অতি প্রকাণ্ড হয়, সেই দেখি ইয়াৰ মূল্য পােন্ধৰ টকা নিৰ্দ্ধাৰিত হয়। কিন্তু দুখীয়া পণ্ডিতসকলে ইমান দাম দি কিনিব নােৱাৰাত পাছলৈ তাৰ মূল্য কমাই সাত টকা আঠ অনা কৰা হয়।

সৰস্বতী-কণ্ঠভাৰণ

১৮৮৩ চনত বামণ আৰু বাগভটৰ অলঙ্কাৰ গ্ৰন্থৰ লগত সৰস্বতীকণ্ঠাভৰণে প্রকাশিত হয়। কিন্তু সেই গ্রন্থৰ দাম অধিক হােৱাত সাধাৰণ পণ্ডিতসকলে তাক কিনিব নােৱাৰিছিল। সেই দেখি বৰুৱাই ১৮৮৪ চনত সৰস্বতী-কণ্ঠাভৰণৰ এটি নতুন সংস্কৰণ উলিয়ায়। এই সংস্কৰণৰ পাতনিত তেওঁ কৈছে যে সৰস্বতী – কণ্ঠাভৰণৰ আগৰ সংস্কৰণৰ দাম বেচি হােৱাত ভাটপাড়া আৰু মূলাজৰৰ পণ্ডিতসকলে সেই কিতাপ কিনিব পৰা নাই, সেই বিষয়ে বৰুৱাৰ ওচৰলৈ অনেকে ওজৰ-আপত্তি কৰি চিঠি লিখিছিল। সেইবাবে অলপ মাথােন টীকা আৰু ব্যাখ্যা সম্বলিত কৰি পাঁচ টকা দামত বৰুৱাই সৰস্বতী- কণ্ঠাভৰণৰ এই নতুন সংস্কৰণ প্রকাশ কৰে।

অমৰসিংহৰ নামলিঙ্গানুশাসন

আনন্দৰাম বৰুৱাই নানা সংস্কৃত শব্দশাস্ত্ৰ মন্থন কৰি এইটো কথা ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিলে যে সংস্কৃত শব্দশাস্ত্র শিক্ষা কৰিবৰ কাৰণে নৱৰত্ন সভাৰ উজ্জ্বল মণি অমৰসিংহৰ অমৰকোষ বা নামলিঙ্গানুশাসনৰ দৰে গ্ৰন্থ নাই। অমৰসিংহৰ অভিধানত নােহােৱা শব্দ নাই আৰু কোনাে এটি শব্দৰ এনে এটি অর্থ নাই যাৰ উল্লেখ পণ্ডিত ৰাজ অমৰসিংহই কৰা নাই। যদিহে কাচিৎ কোনাে ঠাইত কিবা হীন – ডেঢ়ি আছে। তেন্তে অমৰকোষৰ বিচক্ষণ টীকাকাৰসকলৰ যত্নত সেই বঢ়া-টুটাও পূৰণ হৈছে। আনন্দৰাম বৰুৱাই প্ৰকাশ কৰা নামলিঙ্গানুশাসন অমৰসিংহৰ অমৰকোষৰ এটি সংস্কৰণ মাথােন।

ধাতুকোষ বা ধাতুপাঠ

আনন্দৰাম বৰুৱাৰ ধাতুকোষ বা ধাতুপাঠ গ্ৰন্থত সকলো সংস্কৃত ধাতুৰ বৰ্ণনুক্ৰমে নাম আৰু অৰ্থ আছে। তাৰ লগে লগে মাধৱ, দুৰ্গাসিংহ আৰু বোপাদেৱ আদি বৈয়াকৰণিকসকলৰ গ্ৰন্থাৱলীৰ পৰা সাৰ টোকা দিয়া হৈছে।

সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ

মহাত্মা আনন্দৰামৰ বৰুৱাৰ সংস্কৃত সাহিত্য উপাসনাৰ সর্বশ্রেষ্ঠ অনুষ্ঠান হৈছে এই বৃহৎ সংস্কৃত ব্যাকৰণৰ ৰচনা আৰু সংকলনৰ আয়ােজন আৰু সেই আয়ােজনৰ আংশিকৰূপে কাৰ্যত পৰিণতি। আনন্দৰামৰ এটি ডাঙৰ অভিলাষ আছিল যে তেওঁ সংস্কৃত ব্যাকৰণৰ যতদূৰ সম্ভৱপৰ অংশ আছে- ধাতু, শব্দ, লিঙ্গ , প্রত্যয়, বিভক্তি, ছন্দ, অলঙ্কাৰ আদি তাৰ সকলােৰে আতি-গুৰি মাৰি এখন বৃহৎ ব্যাকৰণ লিখিব। এই গ্ৰন্থ লিখিবলৈ মন কৰিয়েই বৰুৱাই দেখিলে মেজিষ্ট্রেট দৰে এটা গুৰুদায়িত্বপূর্ণ কাম চলাই তাৰ লগে লগে এই বৃহৎ ব্যাকৰণ ৰচনাত মন কৰিলে দুয়াে কাম অসিদ্ধ হ’ব।

সেইদেখি বৰুৱাই বন্ধুবৰ তাৰকনাথ পালিতৰ সৈতে পৰামৰ্শ কৰি বহমপুৰত এটি ঘৰ কিনে আৰু কিতাপ-পত্ৰ ছপােৱাৰ সুবিধাৰ কাৰণে নিজে এটি সংস্কৃত ছপাখানা কিনে, আৰু ভায়েকৰ নাম অনুসৰি সেই ছপাখানাৰ নাম থয় ‘মণিৰাম যন্ত্র’। বৰুৱাই ১৮৮১ চনৰ মে’ মাহৰপৰা তিনি মাহৰ অনুগ্রহ বিদায় লৈ এই সুবৃহৎ গ্রন্থ ৰচনাৰ আয়ােজন কৰে। কিন্তু অচিৰে তেওঁৰ এইটো অভিজ্ঞতা হ’ল যে ভাৰতত সংস্কৃত সমুচিত আলােচনা নহয়, বৰঞ্চ ইউৰােপীয় শিক্ষাকেন্দ্ৰবােৰতহে সংস্কৃতৰ যথাযথ আলােচনা চলিছে, তাত সংস্কৃতৰ প্রাচীন গ্রন্থাদি যিদৰে পােৱা যায় ভাৰতত সেইদৰে পােৱাটো অসম্ভৱ। সেইবাবে তেওঁ ১৮৮১ চনৰ নৱেম্বৰ মাহৰ পৰা দুবছৰৰ কাৰণে দীঘলীয়া বিদায় লৈ বিলাতলৈ যাবলৈ আয়ােজন কৰিলে। 

আনন্দৰাম বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱ আৰু পণ্ডিতসকলৰ মাজত এই বৃহৎ গ্ৰন্থখনৰ প্ৰচাৰ কৰিবলৈ চাৰি পৃষ্ঠাজোৰা এখন জাননীত প্রকাশ কৰিছিল। ইয়াত লিখা আছিল- বাৰ খণ্ডত সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিবলৈ আয়ােজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ব্যাকৰণৰ নিয়মাৱলী যথাসম্ভৱ সবল কৰা, সেইবােৰৰ ঐতিহাসিক পৰিৱৰ্তন আদি পৰীক্ষা আৰু আলােচনা কৰা, বৰ্তমান আৰু প্রাচীন সাহিত্যৰ পৰা তাৰ সম্পূর্ণ উদাহৰণ দিয়া, আৰু চাৰিওখনি বেদৰ এটি সম্পূর্ণ টীকা আৰু ব্যাখ্যা প্রদান কৰা। কিন্তু অতি দুখৰ কথা যে, নিয়তিয়ে অকাল বয়সতে এই পৃথিৱীৰ পৰা লৈ যোৱাৰ বাবে আনন্দৰাম বৰুৱাই এই পৰিকল্পনাটোক সম্পূৰ্ণ সাকাৰ ৰূপ দিব নোৱাৰিলে। ইয়াৰ কেৱল দুটা খণ্ডহে প্ৰকাশ হৈ ওলাল। বৰুৱাৰ গভীৰ পাণ্ডিত্যৰ চিনাকী স্বৰূপ এই গ্ৰন্থ দুখন হʼল-

(১) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। দশম খণ্ড, ছন্দ : প্ৰকৰণ

(২) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। তৃতীয় খণ্ড,বৰ্ণ আৰু তাৰ পৰিৱৰ্তন, প্ৰথম ভাগ, নানাৰ্থসংগ্ৰহ

ৰোগাক্ৰমণ 

নােৱাখালিত থাকোতেই বৰুৱাই বৰ বেচিকৈ মানসিক পৰিশ্ৰম কৰিছিল। সেই কাৰণে তেখেতৰ শৰীৰ ক্ৰমে দুর্বল হৈ আহিবলৈ ধৰিলে। শেষত ১৮৮৮ চনৰ ডিচেম্বৰ মাহত বৰুৱাৰ গাত পক্ষাঘাত বেমাৰে দেখা দিলে। কামত থাকিয়েই যিমান পাৰে সিমান বেমাৰৰ চিকিৎসা কৰাইছিল। সাগৰৰ পানীত গা ধুলে বেমাৰৰ উপশম হ’ব বুলি ডাক্তৰ সকলে উপদেশ দিয়াত বৰুৱাদেৱে সাগৰত গা ধুবলৈ ধৰিলে। গা ধুৱাৰ পৰা বৰুৱাৰ বেমাৰ কমাৰ বিপৰীতে ক্ৰমে বেছিহে হ’বলৈ ধৰিলে। শৰীৰৰ সোঁফালে সাৰ – সিকতি নােহােৱা হৈ পৰিল। আনে সহায় নকৰিলে নিজে উঠিব বহিব নােৱাৰা হ’ল। উপায়ান্তৰ হৈ ১৮৮৯ চনৰ বৰদিনৰ বন্ধৰ লগতে ২ মাহ কামৰ পৰা ছুটি ল’লে। আৰু কলিকতালৈ গৈ চিকিৎসা কৰাবলৈ সাজু হ’ল। বৰুৱাদেৱৰ হঠাৎ এনে হােৱাত, নােৱাখালিবাসীৰ শােকৰ পাৰ নােহােৱা হ’ল। তেওঁলােকে বৰুৱাৰ আশু-আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত হাতযােৰ কৰি প্রার্থনা কৰিবলৈ ধৰিলে। 

বেমাৰী অৱস্থাত চিকিৎসাৰ বাবে কলিকতালৈ যােৱা সময়ত বৰুৱাৰ শৰীৰ একেবাৰেই অৱশ। সেই কাৰণে বৰুৱাই নিজে তেখেতৰ কলিকতাৰ পুৰণি বন্ধু তাৰকনাথ পালিতলৈ বেমাৰী অৱস্থাত সহায় কৰিবলৈ বুলি এখন চিঠি লিখে –“মােৰ শৰীৰৰ অৱস্থা ভাল নহয়। চিকিৎসাৰ কাৰণে দুমাহ ছুটী লৈছোঁ। কলিকতালৈ গৈ আপোনাৰ ঘৰতে আশ্রয় ল’মগৈ। মােৰ লৰিব – চৰিব পৰা শক্তি একেবাৰেই নাই বুলিলেও বঢ়াই কোৱা নহ’ব। অনুগ্ৰহ কৰি শিয়ালদহ ষ্টেচনলৈ আহিব, আৰু লগত এখন লেণ্ডোগাড়ী লৈ আহিব, যাতে মই কোনাে কষ্ট নােপােৱাকৈ শুই – মেলি যাব পাৰে।” 

বৰুৱাৰ চিঠি মতেই পালিতে গাড়ী লৈ নির্দিষ্ট সময়ত শিয়ালদহ ষ্টেচনলৈ আহিল । সেই সময়ত বৰুৱাৰ এনে অৱস্থা আছিল যে, গাড়ীত তােলােতে আৰু নমাওঁতে মানুহে ধৰাধৰি কৰি ডাঙিহে নিব লাগিছিল। বৰুৱাদেৱৰ এনে শােকলগা অৱস্থা দেখি পালিতে বৰ বেজাৰ পালে। থাকিবৰ বাবে পালিতে নিজ ঘৰৰ এটা কোঠালি আজৰি কৰি দিলে। পালিতৰ ঘৰত বৰুৱাক সকলােৱে দেহেকেহে লাগি শুশ্রূষা কৰিছিল। বৰুৱাৰ ইচ্ছানুযায়ী কলিকতাৰ সকলো বিলাক বিখ্যাত কবিৰাজৰ দ্বাৰাই চিকিৎসা কৰাইছিল। কিন্তু সেইবিলাক চিকিৎসাৰ পৰা বেমাৰ অলপো উপশম নহ’ল। তাৰ পাছত ক্রমে জাৰ্মান হােমিওপ্যেথিক ডাক্তৰ চেলেজাৰ, বঙ্গদেশৰ মহেন্দ্ৰলাল সৰকাৰ আৰু কবিৰাজ বিজয়ৰত্ন সেনে চিকিৎসা কৰিছিল। তেওঁ কিন্তু কাৰোৰে পৰা উপকাৰ নেপালে। 

নিজৰ অভিজ্ঞতা আৰু ডাক্তৰসকলৰ মতামতৰ পৰা তাৰকনাথ পালিতে বৰুৱাৰ জীৱনৰ আশা কম বুলি জানিলে। সেই কাৰণে বৰুৱাৰ সম্পত্তি বিলাক উইল কৰা উচিত বিবেচনা কৰি বৰুৱাক সেই কথা ক’লে। তেতিয়াও বৰুৱাই জীৱনৰ আশা নেৰাৰ কাৰণেই নেকি উইল কৰিবলৈ সন্মত নহ’ল? তেতিয়া পালিতে বৰুৱাৰ কোনাে আত্মীয় স্বজনকে তেওঁৰ ওচৰলৈ মাতিবলৈ স্থিৰ কৰিলে । সেই মতেই বৰুৱাৰ খুৰাক বেণুধৰ উকিললৈ বৰুৱাৰ অৱস্থা বর্ণাই টেলিগ্রাম কৰিলে। বেণুধৰ সেই সময়ত কোনাে এৰাব নােৱাৰা লেঠাত পৰি আহিব নােৱাৰিলে। তেতিয়া বেণুধৰৰ ভতিজাক ৰত্নধৰ কলিকতাত থাকি পঢ়িছিল। বেণুধৰে বৰুৱাৰ ওচৰলৈ যাবলৈ ৰত্নধৰলৈ টেলিগ্রাম কৰিলে। তেতিয়াহে কলিকতাৰ অসমীয়া ছাত্ৰসকলে বৰুৱাদেৱৰ বেমাৰৰ খবৰ পালে।

মৃত্যু

লাহে লাহে বৰুৱাই গম পালে যে তেওঁ আৰু নাবাচে। তেতিয়াহে তেওঁৰ সম্পত্তি বিলাক উইল কৰিবলৈ মত দিলে। তাৰকনাথ পালিতৰ আগত এই কথা কোৱাত, পালিতে হাই ক’ৰ্টৰ এটণি এন.চি. বােচক উইল লিখাবলৈ মাতি আনিলে। তেখেতে উইলৰ ওপৰৰ শিৰোনামাটো লিখি, বৰুৱাৰ ক’বলগীয়া কথা শুনিবলৈ মুখলৈ চালে। মৃত্যুৰ বেজাৰত বৰুৱাৰ দুগালেদি দুধাৰি চকুলাে গ’ল। বােচে মনৰ দুখতে সেই দিনা উইল লিখিবলৈ স্থগিত ৰাখি, পাছদিনা আহি লিখিম বুলি কৈ গুচি গ’ল। পাছদিনাৰ পৰা বৰুৱাৰ বেমাৰ ক্ৰমাৎ টান হৈ আহিবলৈ ধৰিলে। অসমীয়া ছাত্ৰসকলে দলে দলে আহি বৰুৱাৰ বেমাৰৰ খবৰ ল’বলৈ ধৰিলে। সেই সময়ত বৰুৱাৰ চেতনা প্রায় নােহােৱাৰ নিচিনা। বেণুধৰৰ ভতিজাক ৰত্নধৰে সুধিলে, “আমি সদৌ অসমীয়া ছাত্রই আপােনাক শুশ্ৰূষা কৰিবলৈ পালে ভাল পাম।” উত্তৰত বৰুৱাই ক’লে, “এয়া তােমালােক ইচ্ছা। মই তােমালােকক কেতিয়াও একো উপকাৰ কৰা নাই, সেইবাবে তােমালােকক কোনো কথা অনুৰােধ কৰিবলৈ মােৰ একো অধিকাৰ নাই।” 

সকলো অসমীয়া ছাত্ৰই বৰুৱাদেৱৰ খা-খবৰ, সেৱা-শুশ্রুষা কৰি দুপৰীয়া আহাৰ কৰিবলৈ দিহাদিহি গ’ল। সেই দিনাৰ বেমাৰ আন দিনাতকে টান যদিও পালিতে বেমাৰৰ উক দিছে বুলিহে ভাবিছিল। আকৌ ভাল হ’ব বুলি ভাবি, তেখেতৰ জৰুৰী মােকৰ্দ্দমা এটা থকাৰ বাবে হাইক’র্টলৈ গ’ল। হাইক’র্ট পৰা ঘূৰি আহি দেখে যে, বৰুৱাৰ শেষ নিশ্বাস পৰিবলৈ আৰু বেছি সময় নাই। পালিতে লৰালৰিকৈ অসমীয়া ছাত্ৰ সকলৰ ছাত্রাবাসলৈ এই খবৰ দি তেওঁলোকক সােনকালে মাতি পঠালে। অসমীয়া ছাত্ৰসকল আহি পােৱাৰ আগতে, ১৮৮৯ চনৰ ১৯ জানুৱাৰী শুক্রবাৰে আবেলি দুই বজাত অসম মাতৃৰ সুপুত্র আনন্দৰাম বৰুৱাই পৰলােকলৈ গতি কৰিলে। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স ৩৯ বছৰেই সম্পূৰ্ণ হােৱা নাছিল। এই খবৰ এক নিমিষতে চাৰিওফালে প্রচাৰ হৈ গ’ল। আবেলি ৫ বজাতহে অসমীয়া ছাত্ৰসকল আহি পালেহি। পালিতে অসমীয়া ছাত্রাবাসলৈ বৰুৱাৰ টান হােৱা বাতৰি পঠাওতেই কলিকতাবাসী সকলােৱে বৰুৱাক চাবলৈ লৰি আহিছিল; কিন্তু তেওঁলাকে আহি বৰুৱাৰ নিৰ্জ্জীৱ শৰীৰটোহে দেখিবলৈ পালেহি। 

অসমীয়া ছাত্ৰসকলে বৰুৱাৰ মৃতদেহ আন মানুহক চুবলৈ নিদিলে। যাৰ ঘৰত বৰুৱা ইমান দিন ৰোগ শয্যাত পৰি আছিল, সেই তাৰকনাথ পালিতকো শৱ চুবলৈ নিদিলে। মৰা শৱটোৰ ওপৰত এখন বগা কাপােৰ দি ঢাকি থােৱা হৈছিল। তেনেতে এজন বঙালী ডেকাই ক’লে, “সৌৱা চোৱা বঙ্গৰ গৌৰৱ অন্তিম শয্যাত শায়িত।” এই কথা শুনি অসমীয়া এজনে গৰজি উঠিল আৰু ক’লে, “বঙ্গৰ গৌৰৱ নহয়, এয়া অসম গৌৰৱ অনন্ত শয্যাত নিমগ্ন।” মৰা শৱ সমুখত লৈ অসমীয়া আৰু বঙালী দুয়ো দলৰে তৰ্ক -বিতর্ক হ’বলৈ ধৰিলে। তেনেতে এজন বঙালী ঠিকাদাৰে ক’লে, “নহয়, এয়া এজন ভাৰত গৌৰৱ মহাপুৰুষ অনন্ত নিদ্ৰাত নিমগন।” ঠিকাদাৰ জনে কোৱা কথাষাৰেই প্রকৃত সত্য।  কাৰণ বৰুৱাই চকাৰৰ চাকৰি কৰিহে অসম আৰু বঙ্গৰ যি পাৰে উপকাৰ কৰিছিল, আনফালে ভাৰতৰ উন্নতিৰ হকে নিজৰ শৰীৰটোকো আওকান কৰি, সংস্কৃত ভাষাত যি দান দি গ’ল, সেই দানৰ বাবেই তেখেতৰ নাম ভাৰতত নেলাগে সমগ্ৰ পৃথিৱীতে অমৰ হৈ ৰ’ল।

সহায়ক গ্ৰন্থ-

১। আনন্দৰাম বৰুৱাঃ সূৰ্য কুমাৰ ভূঞা

5 1 vote
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

3
0
Would love your thoughts, please comment.x
()
x