তথ্যকোষসাময়িকী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১

(ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতিবছৰে সমগ্ৰ ভাৰতবৰ্ষতে ২৮ ফেব্ৰুৱাৰী তাৰিখে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১ৰ লগত সংগতি ৰাখি আমাৰ এক বিশেষ লেখা-)

বিজ্ঞানে আনিব জোৱাৰ

শত শত বন্তিৰে জ্ঞানৰ দিপালীৰে 

জিলিকাব লুইতৰ পাৰ…..(ড০ ভূপেন হাজৰিকা)

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ধাৰণাঃ

প্ৰাচীন প্ৰস্তৰ যুগৰ পৰা আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম উন্নতিৰ যুগলৈ মানুহৰ নজনাক জনাৰ অপাৰ কৌতুহলে সভ্যতাক চূড়ান্ত শিখৰলৈ লৈ গৈছে। এই কৌতুহল আধাৰিত মানৱ মনৰ নিৰন্তৰ সাধনাই জন্ম দিলে বিজ্ঞানৰ। সেয়েহে কোৱা হয়, বিজ্ঞান কেৱল উদ্ভাৱন আৰু নতুন প্রযুক্তিয়েই নহয়, ই কৌতুহল আধাৰিত মানৱ মনৰ এক সূক্ষ্ম কলা। প্ৰকৃতাৰ্থত, প্ৰাচীন গুহাত আশ্ৰয় লোৱা মানুহে যিদিনাই শিলে শিলে ঘঁহাই জুই জ্বলাবলৈ সক্ষম হৈছিল তেতিয়াই জন্ম হৈছিল প্ৰায়োগিক বিজ্ঞানৰ। মানুহে অন্বেষণ কৰিছিল নতুন জ্ঞানৰ; নতুুন আৱিষ্কাৰৰ।

বিজ্ঞানৰ এই সাধনাই যিহেতু গুহাবাসী মানুহক সভ্য, আধুনিক আৰু জীৱশ্ৰেষ্ঠ প্ৰাণী কৰি তুলিলে সেয়েহে আজিৰ মানৱ সমাজত বিজ্ঞান এক অবিচ্ছেদ্য বিষয়। তদুপৰি বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ অর্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে এক অত্যাৱশ্যকীয় অংগ।  

বিজ্ঞানৰ এই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু সূদূৰপ্ৰসাৰী যাত্ৰাত অংশ ল’ব পৰাকৈ দেশৰ ভিন্ন শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই প্ৰতিবছৰে আমাৰ দেশ ভাৰতবৰ্ষত ২৮ ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে এই দিনটো বাছি লোৱাৰ কাৰণ হৈছে- এই দিনটোতে ভাৰতীয় পদার্থবিজ্ঞানী ছাৰ চি. ভি. ৰমনে ১৯২৮ চনত পােহৰ বিচ্ছুৰিত হােৱা ৰমন পৰিঘটনাৰ আৱিষ্কাৰ কৰে। আৰু এই ৰমন পৰিঘটনাৰ আৱিষ্কাৰৰ বাবে, তেওঁক ১৯৩০ চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল।

পদার্থবিজ্ঞানৰ ক্ষেত্ৰত আৰু ৰমন পৰিঘটনাৰ আৱিষ্কাৰত চি.ভি. ৰমনৰ অৱদানৰ বাবে ৰাষ্ট্রীয় বিজ্ঞান আৰু প্রযুক্তি যােগাযােগ পৰিষদে (এন.চি.এছ.টি.চি) ১৯৮৬ চনত ভাৰত চৰকাৰক প্রতি বছৰে ২৮ ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰিবলৈ এক প্ৰস্তাৱ দাঙি ধৰে। এই প্ৰস্তাৱটোত ভাৰত চৰকাৰে অনুমােদন জনায় আৰু ১৯৮৭ চনৰ পৰা এই দিনটো সমগ্র দেশতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোত বিজ্ঞানৰ ক্ষেত্ৰৰ সন্মুখীন হােৱা গুৰুত্বপূর্ণ বিষয়বােৰৰ বিষয়ে আলােচনা তথা নতুন বৈজ্ঞনিক আৱিষ্কাৰসমূহৰ বিষয়ে আলোচনা কৰা হয়।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১ৰ থিমঃ

প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস একোটা থিম বা মুখ্য বিষয়ৰ সৈতে উদযাপন কৰা হয় যাতে বিষয়টোৰ দ্বাৰা বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে অধিক প্ৰচাৰ চলাব পাৰি। আৰু এই বিষয়টো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ তৰফৰ পৰা বাচনি কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১ৰ বিষয় হৈছে “এছ.টি.আইৰ ভৱিষ্যতঃ শিক্ষা, দক্ষতা আৰু কামৰ ওপৰত প্ৰভাৱ”(Future of STI: Impacts on Education, Skills and Work) অৰ্থাত্ শিক্ষা, দক্ষতা আৰু কামৰ ক্ষেত্ৰত বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যতৰ প্ৰভাৱৰ ওপৰত আলােকপাত কৰা। 

ৰমন পৰিঘটনাঃ

পদাৰ্থৰ অণুৰ দ্বাৰা পোহৰ ৰশ্মি বিচ্ছুৰিত হৈ তৰংগদৈৰ্ঘ্যৰ সলনি হোৱা প্ৰক্ৰিয়াকে ৰমন পৰিঘটনাৰূপে জনা যায়। যেতিয়া পোহৰ ৰশ্মি এটাই এটা স্বচ্ছ ৰাসায়নিক যৌগত আপতিত হয়, অতি ক্ষুদ্ৰ পৰিমাণৰ পোহৰ ৰশ্মি বিচ্ছুৰিত বৰ্ণালীতকৈ কিছু পৃথক হয় আৰু ইয়াৰ তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়।

এই পৰিঘটনাটোক ভাৰতীয় পদাৰ্থবিদ ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমনৰ নামেৰে নামাংকিত কৰা হৈছে, যিয়ে পোন প্ৰথমবাৰৰ বাবে এই পৰিঘটনাতো লক্ষ্য কৰিছিল আৰু ইয়াৰ সত্যতা প্ৰমাণ কৰি দেখুৱাইছিল। সেয়েহে এই ঘটনাটোক ‘ৰমন স্পেক্ট্রোস্কপি’ বুলিও কোৱা হয় যিটো এতিয়া ৰসায়নবিদ আৰু পদার্থবিদসকলে বিভিন্ন সামগ্রীৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰে।

উল্লেখযোগ্য যে, ৰমন পৰিঘটনাৰ আৱিষ্কাৰৰ আগলৈকে দৃশ্যমান পোহৰৰ বিচ্ছুৰণৰ ক্ষেত্ৰত দুটা পৰিঘটনাকে মানি চলা হৈছিল-১) ৰে’লেৰ বিচ্ছুৰণ আৰু ২) প্ৰতিপ্ৰভা। যি বিচ্ছুৰণত পোহৰৰ আপতিত ৰশ্মি আৰু বিচ্ছুৰিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য একে থাকে তাকে ৰে’লেৰ বিচ্ছুৰণ বোলা হয়। আকৌ কিছুমান পদাৰ্থত পোহৰ ৰশ্মি আপতিত হ’লে প্ৰতিপ্ৰভাৰ সৃষ্টি হয়। প্ৰতিপ্ৰভা ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য আপতিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যতকৈ চুটি। 

সাগৰৰ নীলা ৰঙৰ নতুন ব্যাখ্যাঃ

পদাৰ্থবিজ্ঞানী ৰমনে বিজ্ঞানী ৰে’লেৰ ধাৰণাটো ভুল বুলি প্ৰমাণিত কৰি ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্ণালী বীক্ষণৰ সহায়ত বিচ্ছুৰিত পোহৰ লক্ষ্য কৰি আপতিত নীলা ৰঙৰ সলনি নীলা আৰু সেউজীয়া অঞ্চলত দুডাল ৰেখা দেখিবলৈ পালে আৰু এই নতুন আৱিষ্কাৰৰ কথা ঘোষণা কৰিলে। তাত্বিকভাৱে এই পৰিঘটনা বুজাবলৈ তেওঁ সাগৰৰ পানী নীলা দেখাৰ কাৰণ ব্যাখ্যা কৰিছিল। ইয়াৰ আগলৈকে ‘আকাশৰ নীলা ৰঙৰ প্ৰতিফলনৰ বাবেই সাগৰৰ ৰং নীলা’ বুলি প্ৰচলিত ধাৰণাটোৰ নতুন ব্যাখ্যা কৰিছিল এইদৰে- “বায়ুৰ কণিকাবোৰত হোৱা সূৰ্যৰ ৰশ্মিৰ স্থিতিস্থাপক বিচ্ছুৰণৰ ফলত আকাশৰ ৰং যিদৰে নীলা দেখা যায়, ঠিক একেদৰে সাগৰৰ পানীৰ অণুবোৰত পোহৰ ৰশ্মিৰ স্থিতিস্থাপক বিচ্ছুৰণ সংঘটিত হোৱাৰ ফলতহে সাগৰৰ পানী নীলা হোৱা দেখা যায়। সূৰ্যৰ বগা পোহৰ যিহেতু সাতটা পোহৰৰ সমষ্টি, সেয়ে সাগৰৰ পানীৰ অণুবোৰে এই সাত ৰঙৰ কেৱল নীলা ৰংটোহে চৌদিশে বিচ্ছুৰিত কৰে আৰু আন ৰংবোৰ শোষণ কৰে।”    

চি.ভি. ৰমনঃ 

ভাৰতীয় পদাৰ্থ বিজ্ঞানৰ প্ৰবাদ পুৰুষ ছাৰ চি. ভি. ৰমনৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৭ নৱেম্বৰ তাৰিখে। হিন্দু পৰম্পৰা অনুসৰি, ৰমনক মূলতঃ এজন হিন্দু দেৱতাৰ নামত ভেঙ্কটৰমন নাম দিয়া হৈছিল, আৰু ইয়াৰ আগত তেওঁৰ পিতৃৰ প্ৰথম নাম চন্দ্ৰশেখৰ দিয়া হৈছিল। স্কুলত তেওঁৰ নাম চি. ভেঙ্কট ৰমনলৈ বিভক্ত কৰা হৈছিল, যি পিছত চি.ভি. ৰমন হৈ পৰিছিল। পদাৰ্থ বিজ্ঞান আৰু গণিতৰ অধ্যাপক পিতৃ আৰু সংস্কৃত পণ্ডিতসকলৰ পৰিয়ালৰ পৰা অহা মাতৃৰ সৈতে ৰমনে কম বয়সতে প্ৰচণ্ড মেধাশক্তিৰ পৰিচয় দিছিল। তেওঁ ১৬ বছৰ বয়সত মাদ্ৰাজৰ প্ৰেচিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছিল আৰু পদাৰ্থ বিজ্ঞানত সোণৰ পদক লাভ কৰিছিল।

ইয়াৰ পাছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰোতে, তেওঁ ১৮ বছৰ বয়সত ‘ফিলছ’ফিকেল মেগাজিন’ নামৰএখন প্ৰখ্যাত বিজ্ঞান পত্ৰিকাত তেওঁৰ প্ৰথম গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। এইখন প্ৰেচিডেন্সি কলেজৰ পৰা প্ৰকাশিত প্ৰথম গৱেষণা পত্ৰ আছিল।

ৰমনৰ চাকৰিকাল আৰু গৱেষণাঃ

স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে, তেওঁ উচ্চশিক্ষাৰ বাবে ইংলেণ্ডলৈ যাব পৰা নাছিল। ভাৰতত আৰু পঢ়িবলৈ নোপোৱাৰ বাবে, ১৯০৭ চনত তেওঁ বিত্তীয় অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু সহকাৰী একাউণ্টেণ্ট জেনেৰেল হিচাপে চাকৰিত যোগদান কৰিছিল।

চাকৰিকালত তেওঁ পদাৰ্থবিজ্ঞানৰ গৱেষণাও সমানে সমানে চলাই নিয়ে আৰু প্ৰথম ১০ বছৰত প্ৰায় অকলে কাম কৰি তেওঁ ২৭ খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল আৰু ‘ইণ্ডিয়ান এচ’চিয়েচন ফৰ দি কাল্টিভেচন অৱ চাইন্স’ নামৰ গৱেষণা প্ৰতিষ্ঠানটোক এক নতুন গতি দিছিল। এই প্ৰাৰম্ভিক কামৰ বেছিভাগ কম্পনৰ তত্ত্বৰ ওপৰত আছিল কিয়নো ই বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত আছিল। আৰু ৰমনে সংগীত তথা সুৰ খুব ভাল পাইছিল। তেওঁৰ ব্যক্তিগত জীৱনত এগৰাকী সংগীত শিল্পী লোকসুন্দৰী দেৱীক বিয়া কৰাইছিল। চাকৰিকালতে তেওঁ ১৯১২ আৰু ১৯১৩ চনত গৱেষণাৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। জনপ্ৰিয় বিজ্ঞানত তেওঁৰ ব্যাপক বক্তৃতাৰ সৈতে আই.এ.চি.এছৰ খ্যাতি বৃদ্ধি কৰিছিল, দৰ্শকসকলক তেওঁৰ কণ্ঠস্বৰ, জীৱন্ত প্ৰদৰ্শন, সুন্দৰ আৰু সমৃদ্ধ হাস্যৰসৰে মুগ্ধ কৰি ৰাখিছিল।

ৰয়েল চচাইটিলৈ ৰমনঃ

২৯ বছৰ বয়সত তেওঁ তেওঁৰ লোভনীয় অসামৰিক সেৱাৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোশ মুখাৰ্জীয়ে তেওঁক অধ্যাপকত্ব আগবঢ়াইছিল। আৰু ১৯২১ চনত তেওঁৰ প্ৰথম ইংলেণ্ড ভ্ৰমণৰ সময়লৈ, পদাৰ্থ বিজ্ঞানত তেওঁৰ খ্যাতি সুপৰিচিত হৈ উঠিছিল। তিনি বছৰ পিছত তেওঁ ৰয়েল চচাইটিৰ ফে’ল নিৰ্বাচিত হৈছিল – তেওঁ আছিল ৰয়েল চচাইটিত চতুৰ্থজন ভাৰতীয়। সেই বছৰেই তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল, ন’বেল বিজয়ী ৰবাৰ্ট মিলিকানৰ আমন্ত্ৰণৰ জৰিয়তে কেলিফৰ্ণিয়া ইনষ্টিটিউট অফ টেকন’লজীত চাৰি মাহ অতিবাহিত কৰিছিল।

১৯২৮ চনত ‘ৰমন পৰিঘটনা’ আৱিষ্কাৰ কৰাৰ পিছত, ১৯৩০ চনত পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰে। ইয়াৰ পাছত তেওঁ কলিকতাৰ পৰা বাংগালোৰলৈ ৰাওনা হৈছিল, য’ত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে কাম কৰিছিল। তাত তেওঁ ৰমন প্ৰভাৱৰ ওপৰত তেওঁৰ কাম অব্যাহত ৰাখিছিল আৰু স্ফটিক, বিশেষকৈ হীৰাৰ গাঁথনিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ১৯৩৪ চনত তেওঁ ‘ভাৰতীয় বিজ্ঞান একাডেমী’ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ কাম আৰম্ভ কৰে। ১৯৪৮ চনত ৰমনে নৱনিৰ্মিত ‘ৰমন গৱেষণা প্ৰতিষ্ঠান’ৰ পৰিচালক হৈছিল, য’ত তেওঁ নিৰন্তৰ সক্ৰিয় হৈ আছিল, তেওঁৰ মৃত্যুৰ মাত্ৰ দুসপ্তাহ আগতে তেওঁৰ অন্তিম বক্তৃতা প্ৰদান কৰিছিল। পৰৱৰ্তী বছৰবোৰত তেওঁৰ গৱেষণাৰ আগ্ৰহ সলনি হৈছিল আৰু তেওঁ মুখ্যতঃ ৰঙৰ ধাৰণা অনুসন্ধান কৰিছিল।

ৰমনৰ মৃত্যুঃ

বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে চি.ভি. ৰমনলৈ প্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰৱৰ্তন কৰা সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ আগবঢ়ায়। ১৯৭০ চনত এইগৰাকী মহান বিজ্ঞানী তথা ভাৰতীয় পদাৰ্থবিজ্ঞানৰ অন্যতম ধ্বজাবাহক চি.ভি. ৰমনৰ মৃত্যু হয়। সেয়েহে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা সমগ্ৰ দেশতে বিজ্ঞান আলোচনাৰ লগতে চি.ভি. ৰমনৰ বিশাল কৰ্মৰাজিৰ বিষয়েও আলোচনা কৰা হয়।

আৰু পঢ়ক- আনন্দৰাম বৰুৱা

4.5 2 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১ […]

1
0
Would love your thoughts, please comment.x
()
x