আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুখ্ৰাংফা -আহোমৰ পঞ্চমজন স্বৰ্গদেউ 

স্বৰ্গদেউ চুখ্ৰাংফা আছিল পঞ্চমজন আহোম ৰজা। আহোমৰ চতুৰ্থজন স্বৰ্গদেউ চুখাংফাৰ মৃত্যু ঘটাত ১৩৩২ খ্ৰীষ্টাব্দত তেওঁৰ বৰপুত্ৰ চুখ্ৰাংফা পঞ্চমজন স্বৰ্গদেউ হিচাপে আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হয়। চুখ্ৰাংফা ৰজাৰ দিনতেই সম্ভৱতঃ আহোম ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে স্বৰ্গদেউক সিংহাসনচ্যুত কৰাৰ ষড়যন্ত্ৰ চলিছিল কিন্তু চুখ্ৰাংফা ৰজাৰ দূৰদৰ্শিতাৰ বাবে এক সশস্ত্ৰ গৃহ বিদ্ৰোহৰ পৰা আহোম ৰাজ্য ৰক্ষা পৰিছিল।

সতীয়া ভাতৃ চাওপুলাইৰ বিদ্ৰোহ আৰু চাওপুলাইক চাৰিং ৰজাৰূপে নিযুক্তিঃ

চাওপুলাই আছিল চুখাংফা ৰজাৰ নুমলীয়া কোঁৱৰ। চাওপুলাইৰ মাতৃ আছিল কমতা কুঁৱৰী ৰাজনী (কোনো কোনো বুৰঞ্জীবিদৰ মতে ভাজনী)। চাওপুলায়ে চুখ্ৰাংফা আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হোৱা কথাটো মুঠেই ভাল পোৱা নাছিল আৰু সেইহেতুকে চুখ্ৰাংফাৰ বিৰুদ্ধে চাওপুলায়ে গৃহ বিদ্ৰোহৰ সূচনা কৰিলে।

চাওপুলায়ে বৰগোঁহাই চাওপাওবাণ্ডুক তথা অন্যান্য অভিজাত বিষয়াৰ সমৰ্থনত ৰাজপাটৰ পৰা চুখ্ৰাংফাক আঁতৰাবলৈ বিদ্ৰোহ কৰিলে। যিহেতু কমতা ৰাজ্যৰ ৰজা দুৰ্লভনাৰায়ণ চাওপুলাইৰ মোমায়েক আছিল, মোমায়েকক চাওপুলায়ে আহোম ৰাজ্যৰ বিৰুদ্ধে সঁচা-মিছা নানা কটু কথা লগাই আহোম ৰাজ্যৰ বিপক্ষে সৈন্যবাহিনী প্ৰেৰণ কৰিবলৈ সন্মত কৰিলে। চাওপুলায়ে বৰগোঁহাই চাওপাওবাণ্ডুক তথা আন অভিজাতসকলৰ লগতে কমতা ৰাজ্যৰ বাহিনী লৈ আহোম ৰাজ্যৰ ৰজা চুখ্ৰাংফাৰ বিপক্ষে বিদ্ৰোহ কৰিবলৈ আগুৱাই আহিল। ইফালে সেইসময়ত চুখ্ৰাংফা প্ৰায় অকলশৰীয়া হৈ পৰিল। যিহেতু চুখ্ৰাংফা এজন ইমান জনপ্ৰিয় ৰজা নাছিল সেয়ে দেশৰ সৈন্যবাহিনীও তেওঁৰ পক্ষে নহ’ব বুলি ধাৰণা কৰিয়েই চুখ্ৰাংফাই চাওপুলাইৰ লগত অহা কমতা বাহিনীৰ বিৰুদ্ধে মুখামুখি সংঘৰ্ষ কৰাৰ সলনি বুজাবুজি কৰিবলৈহে আপ্ৰাণ চেষ্টা কৰিলে। অৱশেষত,যুদ্ধ সংঘটিত নহ’ল আৰু চুখ্ৰাংফা আৰু চাওপুলাইৰ মাজত এটা বুজাবুজি সম্পন্ন হ’ল। ইয়াৰ জৰিয়তে চুখ্ৰাংফাই আহোম ৰাজ্যৰ অন্তৰ্গত চাৰিং অঞ্চল শাসন কৰিবলৈ আহোম ৰাজ্যত চাৰিং ৰজা অভিধাৰে এটা নতুন পদবীৰ সৃষ্টি কৰিলে আৰু চাওপুলাইক চাৰিং ৰজা হিচাপে নিয়োগ কৰিলে।

বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নিযুক্তি-

আহোম যুগত এটা নিয়ম আছিল যে মৰাণ লোকসকলে আহোম ৰজাক খৰি যোগান ধৰিব। ৰজাক আন আন মৰাণ ডেকাসকলৰ লগতে থাবুক বকুন নামৰ ডেকা মৰাণ যুৱকজনেও খৰি যোগান ধৰিছিল কিন্তু থাবুক বকুন এটা ক্ষেত্ৰত আন সকলোতকৈ পৃথক আছিল। বাকী সকলো মৰাণ ডেকাই দৈনন্দিন খৰিসমূহ জমা দি কাণ মাৰি থৈ যায় কিন্তু থাবুকে সদায় কাণমাৰিডাল পুনৰ লৈ যায়। ৰজাৰ খাদ্য প্ৰস্তুত কৰোঁতা চাংমায়ে এদিন থাবুকৰ কাণমাৰিডাল পৰীক্ষা কৰি চাবলৈ তাৰ পৰা কাঢ়ি ল’লে আৰু সেইয়া ফালিলত এখন ৰাজচিহ্নযুক্ত হেংদাং পালে। পিছত ৰজা লগতে সকলো অভিজাতে সেই হেংদাংখন চাই নিশ্চিত হ’ল যে এই হেংদাংখন চুবিনফা ৰজাৰ দিনত সন্ধানহীন হোৱা বুঢ়াগোঁহাই থাউৰুৰুৰ। তাৰপাছত থাবুকক হেংদাংখনৰ বিষয়ে সোধাত সি ক’ব নোৱাৰিলে। থাবুকৰ মাতৃক মাতি অনাৰ পাছতহে গম পোৱা গ’ল যে সেই হেংদাংখন থাউৰুৰু বুঢ়াগোঁহাইৰে হয় আৰু থাবুক হ’ল থাউৰুৰুৰ পুত্ৰ। সকলো গমি-পিতি লৈ চুখ্ৰাংফা ৰজাই থাউৰুৰুৰ পুত্ৰ থাবুকক চাওফ্রংডাম নাম দি আহোমৰ বুঢ়াগোঁহাই পাতিলে।

স্বৰ্গদেউ চুখ্ৰাংফাৰ বিৰুদ্ধে সতীয়া ভাতৃ চাওপুলায়ে কৰা বিদ্রোহত সহযোগিতা আগবঢ়োৱাৰ হেতুকে চাওপাংবাণ্ডুক বৰগোঁহাইক বৰগোঁহাই পদবীৰ পৰা  বৰ্খাস্ত কৰা হয় আৰু তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ লোকসকলকো হত্যা কৰা হয়। তাৰ সলনি পূৰ্বতে নিজ ইচ্ছাৰ বৰগোঁহাই পদবী ত্যাগ কৰা চাওবিন বৰগোঁহাইৰ পুত্ৰ তাফ্ৰিখিনক আহোমৰ নতুন বৰগোঁহাই পতা হয়।

ৰাজ্য শাসন আৰু মৃত্যুঃ

চুখ্ৰাংফাই আহোম ৰাজ্যৰ কাষৰীয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বহুতো জনজাতীয় অঞ্চল জয় কৰি আহোম ৰাজ্যৰ সীমা বিস্তাৰিত কৰিবলৈ সক্ষম হৈছিল। কেৱল চাওপুলাইৰ বিদ্রোহক বাদ দি চুখ্ৰাংফাৰ শাসনৰ আন সময়খিনি সুখ-সমৃদ্ধিৰেই পাৰ হৈছিল। প্ৰায় ৩২ বছৰ কাল ৰাজত্ব কৰি ১৩৬৪ খ্ৰীষ্টাব্দ(কোনো কোনো বুৰঞ্জীবিদৰ মতে ১৩৩৯ খ্ৰীষ্টাব্দ)ত স্বৰ্গদেউ চুখ্ৰাংফাৰ মৃত্যু ঘটে।

আৰু পঢ়ক- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২১

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x