তথ্যকোষসাময়িকী

জীৱনৰ পৰা আমি কি বিচাৰো- আব্ৰাহাম মাছলোৰ মনোবৈজ্ঞানিক তত্ত্বৰ আধাৰত

জীৱন! এটা আকৰ্ষণীয় শব্দ! এই জীৱনেই কেতিয়াবা আমাৰ বাবে হৈ পৰে সুন্দৰ আৰু উপভোগ্য। আকৌ কেতিয়াবা হৈ পৰে ভয়ংকৰ আৰু দুৰ্বিষহ। কেতিয়াবা আমাৰ বাৰু এনে নালাগেনে, জীৱনত যেন সকলো ফালে কেৱল হতাশা আৰু হুমুনিয়াহ? আমি যেন নিজকে নিজে হেৰুৱাই পেলাইছো! নিজৰ চকুতেই যেন নিজকে ভাল নলগা হৈ আহিছে! কিয় আমাৰ এনে হয়? কিয় আমি হঠাৎ কেতিয়াবা জীৱনৰ প্ৰতি হেৰুৱাই পেলাও সকলো আকৰ্ষণ? হয়তো আমি জীৱনত বিচৰাবোৰ নাপাওঁ বাবেই এনে হয়! এতিয়া কথা হ’ল জীৱনৰ পৰা বিচাৰো কি? কি পালে আমি সুখী হ’ম? সম্পূৰ্ণ হ’ম?

মাছলোৰ ক্ৰমবিভক্ত প্ৰয়োজনীয়তাৰ তত্ত্বঃ

মানৱ জীৱনৰ ইচ্ছা আৰু প্ৰয়োজনীয়তাৰ ওপৰত বহুবছৰীয়া গৱেষণাৰ অন্তত আমেৰিকাৰ এজন মানৱতাবাদী মনোবিজ্ঞানী আব্ৰাহাম মাছলোৱে এটা তত্ত্ব আগবঢ়াইছিল। মনোবিজ্ঞান তত্ত্বটোক জনা যায় ‘মাছলোৰ ক্ৰমবিভক্ত প্ৰয়োজনীয়তা তত্ত্ব’ নামেৰে। তেওঁ এই তত্ত্বটোত মানুহৰ প্ৰয়োজনীতাবোৰক পাঁচটা ক্ৰমিক স্তৰত ভাগ কৰিছে। 

দৈহিক প্ৰয়োজনীয়তাঃ

মানৱ জীৱনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আগবঢ়োৱা এই তত্ত্বটোত মাছলোৱে কৈছে যে,মানুহৰ প্ৰথম প্ৰয়োজনীয়তা হ’ল দৈহিক প্ৰয়োজনীয়তা। অৰ্থাৎ আমি জীৱনৰ পৰা পোনপ্ৰথমেই বিচৰা বস্তুবোৰ হ’ল পিয়াহত পানী, ভোকত এমুঠি ভাত, দৈনন্দিন ভাগৰ মাৰিবলৈ কিছু নিদ্ৰা, মল-মূত্ৰ ত্যাগৰ ব্যৱস্থা ইত্যাদি।  উদাহৰণস্বৰূপে এজন কেইবাদিনো ধৰি ভোকত থকা মানুহৰ কথা বিবেচনা কৰা যাওক– এজন মানুহে কেইবাদিনো ধৰি একো খাবলৈ পোৱা নাই। ভোকে পিয়াহে জৰ্জৰিত। তেওঁ সেইসময়ত জীৱনত বিচৰা প্ৰথমটো বস্তু হʼব কিবা এটা খাদ্যবস্তু। তেওঁক সেইসময়ত কোনো মানুহৰ মৰম-সান্নিধ্য বা সন্মানে সুখী কৰিব নোৱাৰে, তেওঁক সুখী কৰিব পাৰিব এটুপি পানী বা এসাঁজ ভাতেহে। আৰু হয়তো সেইসময়ত তেওঁ এসাঁজ ভাতৰ বাবে যিকোনো কামেই কৰিব পাৰে!

নিৰাপত্তাৰ প্ৰয়োজনীয়তাঃ

এই দৈহিক প্ৰয়োজনীয়তাখিনি পূৰণৰ পাছত মানুহে বিচৰা বস্তুবিধ হ’ল নিৰাপত্তা। এই নিৰাপত্তা হৈছে মানুহৰ দৈহিক অথবা জীৱনৰ নিৰাপত্তা, ব্যক্তিগত ধন-সম্পত্তিৰ নিৰাপত্তা, আৰ্থিক নিৰাপত্তা(যেনে এটা চাকৰি)ইত্যাদি। নিৰাপত্তাৰ প্ৰয়োজনীয়তা কিমান সেয়া এজন শিশুৱেহে ভালদৰে বুজিব পাৰে। শিশুবোৰ হয় দুৰ্বল,অসহায় আৰু তেওঁলোক সাধাৰণতেই একো একোজন অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে সাধাৰণতেই আন্ধাৰলৈ, বনৰীয়া জীৱ-জন্তুলৈ,অপৰিচিত ব্যক্তিলৈ আৰু মাক-দেউতাকৰ শাস্তিলৈ ভয় কৰে। এটা কথা ক’ব পাৰি যে, দৈহিক প্ৰয়োজনীয়তাবোৰ যেনেকৈ আমি বহুলাংশেই পূৰণ কৰিব পাৰো, ঠিক তেনেকৈ আমি নিৰাপত্তাৰ প্ৰয়োজনীয়তাবোৰ সম্পূৰ্ণৰূপে কেতিয়াও পূৰণ কৰিব নোৱাৰো। অৰ্থাৎ, মানুহ কেতিয়াও সম্পূৰ্ণৰূপে নিৰাপদ হব নোৱাৰে।

প্ৰেম আৰু আত্মীয়তাৰ প্ৰয়োজনীয়তাঃ

যেতিয়া মানুহ এজনে জীৱনৰ কাৰণে প্ৰয়োজনীয় নিৰাপত্তাখিনি কিছু পৰিমাণে পায়, তাৰ পাছতে এজন মানুহে বিচাৰে আন মানুহৰ সৈতে একাত্মতা আৰু প্ৰেম-ভালপোৱা। এইটো স্তৰত মানুহে বিচাৰে নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে একাত্মতা, বিচাৰে কিছু বন্ধু-বান্ধৱ, বিচাৰে এখন সমাজ আৰু তেওঁলোকৰ সৈতে একাত্মতা। ইয়াৰোপৰি বিচাৰে গোটেই জীৱনৰ বাবে এজন স্থায়ী সংগী আৰু সন্তান। যাৰ সৈতে জীৱনৰ সুখ-দুখবোৰ ভগাই ল’ব পাৰি। এই প্ৰেম আৰু আত্মীয়তাৰ প্ৰয়োজনীয়তা থকাৰ বাবেই মানুহক সামাজিক প্ৰাণী বুলি কোৱা হয়। এই প্ৰয়োজনীয়তাৰ বাবেই সংঘ,সংগঠন,দেশ বা ৰাষ্ট্ৰ আদি অনুষ্ঠানৰো সৃষ্টি হৈছে বুলি ভবা হয়। 

সন্মানৰ প্ৰয়োজনীয়তাঃ

আমাৰ সমাজৰ বেছিভাগ মানুহৰেই প্ৰয়োজনীয়তাবোৰ প্ৰেম-ভালপোৱা আৰু একাত্মতাতেই শেষ হৈ যায়। কিন্তু কিছুসংখ্যক মানুহে জীৱনৰ পৰা ইয়াতকৈ অধিক কিবা এটাও বিচাৰে,সেয়াই হৈছে মান-সন্মান। সামাজিক প্ৰতিষ্ঠা। এজন মানুহে যিবোৰ বন্ধু-বান্ধৱৰ মাজত থাকে বা যিখন সমাজত থাকে মানুহজনে সেইসকল মানুহৰ পৰা বিচাৰে এক প্ৰকাৰৰ আদৰ,মান-সন্মান আৰু প্ৰশংসা। এনেকুৱা এজন মানুহৰ নিজা কিছুমান গুণ থাকে যেনে-আত্মসন্মান,আত্মবিশ্বাস। এনে এজন মানুহে বিচাৰে সাফল্য। যি সাফল্যই তেওঁলৈ আনি দিব পাৰে সামাজিক প্ৰতিষ্ঠা। তেনে এজন মানুহে আনক সন্মান কৰিব জানে আৰু আনৰ পৰাও তেওঁ সন্মান লাভ কৰে। মাছলোৱে তেওঁৰ তত্ত্বত ‘সন্মানৰ প্ৰয়োজনীয়তা’ৰ দুটা স্তৰৰ কথা উল্লেখ কৰিছে। প্ৰথম স্তৰটো হৈছে প্ৰতিষ্ঠা বা মৰ্যদা আৰু দ্বিতীয় স্তৰটো হৈছে আত্ম-সন্মান। প্ৰয়োজনীয়তাৰ এই স্তৰটোলৈ সমাজৰ কিছুসংখ্যক মানুহহে যাব বিচাৰে অথবা ইচ্ছা কৰিলে যাব পাৰে। আৰু এই স্তৰটো যিসকলে অতিক্ৰম কৰিব পাৰে, তেওঁলোকে ইয়াৰ পাছৰ অৰ্থাৎ একেবাৰে শীৰ্ষৰ স্তৰটোৰ প্ৰৱেশদ্বাৰত ভৰি দিব পাৰে। যাক কোৱা হয় ‘আত্ম-বাস্তৱায়নৰ স্তৰ’ বুলি।

আত্ম-বাস্তৱায়নৰ প্ৰয়োজনীয়তাঃ

ইয়াৰ পাছৰ যিটো স্তৰৰ কথা আব্ৰাহাম মাছলোৱে কৈছে সেই স্তৰৰ প্ৰয়োজনীয়তাখিনি পৃথিৱীৰ এক নগন্যসংখ্যক মানুহেহে অনুভৱ কৰে বা কৰিব বিচাৰে আৰু এইসকলকে সঁচা অৰ্থত মহামানৱ বুলি ক’ব পাৰি। এইসকল মানুহে বিচাৰে নিজকে সম্পূৰ্ণ কৰিবলৈ অথবা আত্মোৎকৰ্ষ সাধন কৰিবলৈ। এইসকল মানুহে নিজকে সম্পূৰ্ণৰূপে বুজি পায় আৰু এওঁলোকে সমগ্ৰ জগত অথবা বিশ্বব্ৰহ্মাণ্ডৰ সৈতে এটা একাত্মতা অনুভৱ কৰিব বিচাৰে। এওঁলোকে কিবা এটা নতুনৰ সন্ধান কৰিব বিচাৰে। এওঁলোক হয় সৃষ্টিশীল। এওঁলোকে নিজৰ মনক সকলো ধৰণৰ কুসংস্কাৰৰ পৰা মুক্ত কৰি ৰাখে। কাৰো প্ৰতি পক্ষপাতমূলক আচৰণ নকৰে। এওঁলোকে নিজৰ সমুখত আহি পৰা সকলো সমস্যাকে সমাধান কৰিবলৈ আগ্ৰহী হৈ থাকে। এনেবোৰ মানুহৰ মনক কোনোধৰণৰ হতাশাই তলাব নোৱাৰে। এওঁলোকে যিটো সত্য আৰু বাস্তৱ তাক সহজে আদৰি ল’ব পাৰে। আব্ৰাহম মাছলোৱে এজন মানুহে অনুভৱ কৰা এই অৱস্থাটোক ‘আত্ম-বাস্তৱায়ন’ বুলি অভিহিত কৰিছে। অৰ্থাৎ তেওঁ নিজৰ নিজৰ মাজত নিহিত থকা সকলো গুণ বা প্ৰতিভাকেই বাস্তৱিকভাৱে পূৰ্ণ ৰূপ প্ৰদান কৰিছে।

এই পাঁচোটা স্তৰৰ ওপৰিও আব্ৰাহাম মাছলোৱে আৰু তিনিধৰণৰ প্ৰয়োজনীতা চিনাক্ত কৰিছে। সেইকেইটা হৈছে- নন্দনতাত্ত্বিক প্ৰয়োজনীয়তা, বৌদ্ধিক প্ৰয়োজনীয়তা আৰু নিউৰ’টিক প্ৰয়োজনীয়তা।

আব্ৰাহম মাছলোৰ বিষয়ে চমুকৈঃ

আব্ৰাহম মাছলো হৈছে এজন আমেৰিকান মানৱতাবাদী বিজ্ঞানী। তেওঁ ১৯০৮ চনত আমেৰিকাৰ নিউয়ৰ্কত এটা ইহুদী পৰিয়ালত জন্ম হৈছিল। তেওঁ বিশেষকৈ ‘ক্ৰমবিভক্ত প্ৰয়োজনীয়তাৰ তত্ত্ব’ৰ বাবে মনোবিজ্ঞানৰ জগতত অমৰ হৈ আছে। মাছলোৱে কেইবাখনো বিশ্ববিদ্যালয়ত যেনে- এলিয়ান্ট আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, ব্ৰেণ্ডাইজ বিশ্ববিদ্যালয়, ব্ৰুকলিন কলেজ, নিউ স্কুল ফ’ৰ ছছিয়েল ৰিচাৰ্ছ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত মনোবিজ্ঞানৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ মানুহৰ প্ৰকৃতি বিশ্লেষণ কৰিবলৈ মানুহৰ ভাল গুণবোৰৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথাটো সমৰ্থন কৰিছিল। যি সময়ত আন মনোবিজ্ঞানীবোৰে এইসমূহ গুণক কেৱল কিছুমান সাধাৰণ লক্ষণ হিচাপেহে বিবেচনা কৰিছিল। ‘ৰিভিউ অফ জেনেৰেল চাইক’জি’ আলোচনীখনে ২০০২ চনত চলোৱা এটা সমীক্ষাত আব্ৰাহাম মাছলোক কুৰি শতিকাৰ দহজন প্ৰভাৱশালী মনোবিজ্ঞানৰ ভিতৰত এজন বুলি অভিহিত কৰিছে। তেখেতে জীৱনকালত ব্যক্তি মনোবিজ্ঞানৰ প্ৰৱক্তা আলফ্ৰেড এডলাৰৰ বিশেষ সান্নিধ্য পাইছিল বুলি  জানিব পাৰি আৰু এই সান্নিধ্যই তেওঁৰ মনোবৈজ্ঞানিক তত্ত্ব সমূহকো প্ৰভাৱিত কৰিছিল বুলি কোৱা হয়। তেওঁ ১৯৭০ চনত আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত থকাৰ সময়ত হৃদজনীত ৰোগত আক্ৰান্ত হৈ ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰে।

মাছলোৰ কৰ্মৰাজিঃ

মাছলোৱে বিশেষকৈ মানুহৰ প্ৰকৃতি, প্ৰেৰণা, ব্যক্তিত্ব, ধৰ্ম আৰু বিজ্ঞানৰ দৰ্শনৰ ওপৰত চিন্তা আৰু গৱেষণা কৰিছিল। তেওঁ এই চিন্তা সমূহ যিকেইখন গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিছিল, সেই গ্ৰন্থকেইখন হ’ল-

১) এ থিয়ৰি অফ হিউমেন মটিভেশ্বন, ১৯৪৩

২) মটিভেশ্বন এণ্ড পাৰ্ছনেলিটি,১৯৫৪

৩) ৰিলিজিয়ন, ভেল্যুজ এণ্ড পিক এক্সপিৰিয়েনছেজ, ১৯৬৪

৪) ইউছাইকিয়ান মেনেজমেন্ট,১৯৬৫

৫) দা ছাইক’লজি অফ ছাইয়েন্স- এ ৰিক’নেছেনছ,১৯৬৬

৬) টুৱাৰ্ড এ ছাইক’লজি অফ বিইং,১৯৬২

৭) দা ফাৰদাৰ ৰিছেচ অফ হিউমেন নেছাৰ,১৯৭১

৮) ফাৰদাৰ ভিজনছ: দ্য আনপাবলিছড পেপাৰছ অফ আব্ৰাহাম মাছলো,১৯৯৬।

আৰু পঢ়ক- চুখ্ৰাংফা- আহোমৰ পঞ্চমজন স্বৰ্গদেউ

5 2 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- জীৱনৰ পৰা আমি কি বিচাৰো […]

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

1
0
Would love your thoughts, please comment.x
()
x