তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ

অষ্টম ভাগ

সংঘ ৰাজ্যক্ষেত্ৰসমূহ বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ

(২৩৯) সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ প্ৰশাসন- (১) সংসদৰ দ্বাৰা কৰা বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত ব্যৱস্থাৰ ব্যতিৰেকে, প্ৰত্যকখন সংঘ ৰাজ্যক্ষেত্ৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা, তেওঁ যি পৰ্যন্ত উচিত বুলি ভাবে সেই পৰ্যন্ত তেওঁৰ দ্বাৰা আৰু তেওঁ বিৰ্নিদিষ্ট কৰি দিয়া পদবীৰে নিযুক্ত কোনো প্ৰশাসকৰ জড়িয়তে প্ৰশাসিত হ’ব।

 (২) ষষ্ঠ ভাগত যিকোনো কথা থকা স্বত্ত্বেও ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ ৰাজ্যপালক পাৰ্শৱৰ্তী কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসক নিযুক্ত কৰিব পাৰে আৰু যেতিয়ানেকি কোনো ৰাজ্যপাল এনেদৰে নিযুক্ত হয়, তেতিয়া তেওঁ এনে প্ৰশাসক ৰূপে তেওঁৰ কাৰ্যাৱলীসমূহ তেওঁৰ মন্ত্ৰীপৰিষদৰ পৰা স্বতন্ত্ৰভাৱে পালন কৰিব।

(২৩৯(ক)) কোনো কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে স্থানীয় বিধান-মণ্ডলী বা মন্ত্ৰী পৰিষদ বা দুয়োটাৰে সৃষ্টি- সংসদে বিধিৰ দ্বাৰা পণ্ডিচেৰী সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে –

(ক) সংঘ ৰাজ্যক্ষেত্ৰ খনৰ বিধান মণ্ডল ৰূপে কাৰ্য কৰিবলৈ লাগিলে নিৰ্বাচিতই হওক অথবা আংশিক মনোনীত বা আংশিক নিৰ্বাচিতই হওক, এক নিকায়,অথবা

(খ) এক মন্ত্ৰী-পৰিষদ,

অথবা দুয়োটাকে প্ৰত্যেক ক্ষেত্ৰতে বিধিত বা যথা বিনিৰ্দিষ্ট কৰা অনুসৰি গাঁঠনি, ক্ষমতা আৰু কৃত্য সমূহৰ সৈতে সৃষ্টি কৰিব পাৰে।

(২) খণ্ড (১)ত নিৰ্দেশিত কৰা এনে কোনো বিধিক অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহব- লাগিলে তাত এনে কোনো উপবন্ধই অন্তৰ্বিষ্ট থাকক যিনেকি এই সংবিধান সংশোধন কৰে বা যাৰ নেকি এই সংবিধান সংশোধন কৰাৰ প্ৰভাৱ থাকে।

(২৩৯(ক(ক))) দিল্লীৰ সম্পৰ্কত বিশেষ উপবন্ধসমূহ- (১) সংবিধান( ঊনসপ্ততিতম সংশোধন) অধিনিয়ম,১৯৯১ ৰ প্ৰাৰম্ভিক তাৰিখৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ বুলি অভিহিত হ’ব(ইয়াৰ পাছত এই ভাগত ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ বুলি নিৰ্দেশিত) আৰু অনুচ্ছেদ ২৩৯ৰ অধীনত নিযুক্ত ইয়াৰ প্ৰশাসকক উপ ৰাজ্যপাল হিচাপে পদাভিহিত কৰা হ’ব।

(২)(ক) ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰখনৰ বাবে এখন বিশেষ বিধান সভা থাকিব আৰু এনে সভাক আসনসমূহ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত থকা প্ৰাদেশিক নিৰ্বাচন সমষ্টিসনূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা মনোনীত হোৱা সদস্যসকলৰ দ্বাৰা পূৰণ কৰা হ’ব।

(খ) বিধান সভাখনত মুঠ আখনৰ সংখ্যা, অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰখনৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টিসমূহত বিভাজন(এনে বিভাদনৰ কাৰণে ভিত্তিসমূহ অন্তৰ্গত কৰি) আৰু বিধান সভাখনৰ কাৰ্যকৰণ সম্বন্ধত আন সকলো বিষয় সংসদৰ দ্বাৰা প্ৰণীত কৰা বিধিৰ দ্বাৰা  বিনিয়মিত কৰা হ’ব।

(গ) অনুচ্ছেদ ৩২৪ ৰ পৰা ৩২৭ আৰু অনুচ্ছেদ ৩২৯ৰ উপবন্ধসমূহ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ বিধান সভা আৰু তাৰ সদস্যসকলৰ সম্বন্ধত প্ৰয়োগ হ’ব, যিদৰে সেইবোৰ কোনো কোনো ৰাজ্য, ৰাজ্যৰ বিধান সভা আৰু তাৰ সদস্য সকলৰ সম্বন্ধত প্ৰয়োগ হয় আৰু অনুচ্ছেদ ৩২৬ আৰু ৩২৯ত ‘সমূচিত বিধানমণ্ডল’লৈ কৰা কোনো নিৰ্দেশ সংসদলৈ কৰা নিৰ্দেশ বুলি গণ্য কৰা হ’ব।

(৩)(ক) এই সংবিধানৰ উপবন্ধসমূহৰ সাপেক্ষে, ৰাজ্যৰ সূচী প্ৰবিষ্টি ১,২ আৰু ১৮ আৰু সেই সূচীৰ প্ৰবিষ্টি ৬৪,৬৫, আৰু ৬৬ পৰ্যন্ত সেইবোৰ উক্ত প্ৰবিষ্টি ১,২ আৰু ১৮ সম্পৰ্কীয় হয় তাৰ ব্যয়তিৰেকে ৰাজ্যসূচী আৰু সমৱৰ্তী সূচীত সন্নিবিষ্ট যিকোনো বিষয়ৰ সম্বন্ধত, যি পৰ্যন্ত এনে কোনো বিষয় সংঘ ৰাজ্যক্ষেত্ৰত প্ৰযোজ্য হয়, ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনৰ সম্পূৰ্ণ বা কোনো অংশৰ বাবে বিধি প্ৰণয়ন কৰিবলৈ বিধান সভাৰ ক্ষনতা থাকিব।

(খ) উপখণ্ড(ক)ৰ কোনো কথাই কোনো সংঘ ৰাজ্য ৰাজ্যক্ষেত্ৰ বা ইয়াৰ কোনো ভাগৰ বাবে কোনো বিষয় সম্বন্ধত বিধি প্ৰণয়ন কৰিবলৈ এই সংবিধানৰ অধীনত সংসদৰ ক্ষমতাৰ অল্পীকৰণ নকৰিব।

(গ) কোনো বিষয় সম্বন্ধত বিধান সভাৰ দ্বাৰা প্ৰণীত বিধিৰ কোনো উপবন্ধ সেই বিষয় সম্বন্ধত সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ কোনো উপবন্ধ বিৰোধ হ’লে বিধান সভাৰ দ্বাৰা প্ৰণীত বিধিৰ পূৰ্বে বা পিছতেই পাৰিত কৰা হওক বা বিধান সভাৰ দ্বাৰা প্ৰণীত কোনো বিধি ভিন্ন, কোনো পূৰ্বৰ বিধিৰ কোনো উপবন্ধৰ যদি প্ৰতিকূল হয়, তেতিয়া উভয় ক্ষেত্ৰতে সংসদৰ দ্বাৰা প্ৰণীত বিধি বা ক্ষেত্ৰবিশেষে এনে পূৰ্বৰ বিধি বাহাল থাকিব আৰু বিধান সভাৰ দ্বাৰা প্ৰণীত বিধিৰ বিৰোধ পৰ্যন্ত বাতিল হ’ব।

পৰন্তু, বিধান সভাৰ দ্বাৰা প্ৰণীত এনে কোনো বিধি যদি ৰাষ্ট্ৰপতিৰ বিবেচনাৰ কাৰণে সংৰক্ষিত কৰা হৈছে আৰু তেওঁৰ সন্মতি পাইছে, এনে বিধি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত বাহাল থাকিব।

উপৰন্তু, এই উপখণ্ড কোনো কথাই বিধান সভাৰ দ্বাৰা এনেদৰে প্ৰণীত বিধিৰ পৰবৰ্দ্ধন, সংশোধন, পৰিৱৰ্তন বা নিৰসন কৰা বিধিৰ অন্তৰ্গত কৰি একেই বিষয়ৰ সম্বন্ধত কোনো সময়ত কোনো বিধি অধিনিয়মিত কৰাৰ পৰা সংসদক বাৰণ নকৰিব।

(৪) উপৰাজ্যপালক,  যি পৰ্য্যন্ত তেওঁ কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ স্ববিবেচনানুসাৰে কাৰ্য্য কৰিবলৈ অপেক্ষিত হয় তাৰ ব্যতিৰেকে যি বিষয়ৰ সম্বন্ধ বিধান সভাৰ বিধি প্রণয়ন কৰিবলৈ ক্ষমতা থাকে,  সেই বিষয় সম্পৰ্কত তেওঁৰ কৃত্যসমূহৰ প্ৰয়োগত সহায় কৰিবলৈ আৰু পৰামর্শ দিবলৈ শীৰ্ষত মুখ্যমন্ত্ৰীৰে সৈতে,  বিধান সভাৰ সদস্যসকলৰ মুঠ সংখ্যাৰ অনধিক দহ শতাংশ সদস্যৰে গঠিত এখন মন্ত্রী পৰিষদ থাকিব

পৰন্তু,  কোনো বিষয়ত উপৰাজ্যপাল আৰু তেওঁৰ মন্ত্ৰীসকলৰ মাজত মতভেদৰ ক্ষেত্ৰত, উপৰাজ্যপালে ইয়াক বিনিশ্চয়ৰ কাৰণে ৰাষ্ট্রপতিলৈ নির্দেশিত কৰিব আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা তাৰ ওপৰত দিয়া বিনিশ্চয় অনুসৰি কাৰ্য্য কৰিব আৰু এনে বিনিশ্চয় লম্বিত থকাৰ কোনো ক্ষেত্ৰত য’ত বিষয়টো তেওঁৰ অভিমত অনুযায়ী এনে জৰুৰী যে আশু কাৰ্যব্যৱস্থা লোৱাটো তেওঁৰ বাবে আৱশ্যকীয়,  তেনে কাৰ্যব্যৱস্থা লবলৈ বা বিষয়টোত তেওঁ আৱশ্যকীয় বুলি গণ্য কৰা তেনে নির্দেশ দিবলৈ উপৰাজ্যপাল ক্ষমতাযুক্ত হ’ব।

(৫) মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হ’ব আৰু আন মন্ত্রীবর্গ মুখ্যমন্ত্ৰীৰ পৰামর্শক্রমে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি হ’ব আৰু মন্ত্রীবর্গই ৰাষ্ট্রপতিৰ প্ৰসাদ পৰ্য্যন্ত পদ ধাৰণ কৰিব।

(৬) মন্ত্রী পৰিষদ বিধান সভাৰ প্ৰতি সামূহিকভাৱে দায়বদ্ধ হ’ব।

(৭)(ক) সংসদে, বিধিব দ্বাৰা পূর্ববর্তী খণ্ড সমূহত অন্তর্বিষ্ট উপবন্ধ সমূহ কাৰ্য্যকৰী কৰিবলৈ বা অনুপূৰণ কৰিবলৈ আৰু ইয়াৰ আনুষঙ্গিক বা পাৰিণামিক সকলো বিষয়ৰ বাবে উপবন্ধ কৰিব পাৰে।

(খ) অনুচ্ছেদ ৩৬৮ ৰ উদ্দেশ্যৰ বাবে উপখণ্ড (ক) ত নির্দেশিত কৰা হোৱা এনে যিকোনো বিধি এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহ’ব তৎসত্ত্বেও যে ইয়াত কোনো উপবন্ধ অন্তর্বিষ্ট আছে যি এই সংবিধান সংশোধন কৰিছে বা সংশোধন কৰাৰ প্ৰভাৱ আছে।

(৮) অনুচ্ছেদ ২৩৯ খৰ উপবন্ধ সমূহ , যিমানদূৰ সম্ভৱ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্র, উপৰাজ্যপাল আৰু বিধান সভাৰ সম্বন্ধত প্রয়োগ হ’ব যিদৰে সেইবোৰ পণ্ডিচেৰীৰ সংঘ ৰাজ্যক্ষেত্র, ইয়াৰ প্রশাসক আৰু বিধান সভাৰ সম্বন্ধত যথাক্রমে প্রয়োগ হয়; আৰু সেই অনুচ্ছেদত “ অনুচ্ছেদ ২৩৯ কৰ খণ্ড (১)” ৰ প্ৰতি কৰা কোনো নির্দেশক, ক্ষেত্রবিশেষে, এই অনুচ্ছেদ বা অনুচ্ছেদ ২৩৯ কখৰ প্রতি নির্দেশ বুলি গণ্য কৰা হ’ব।

(২৩৯ (ক)খ)) সাংবিধানিক যন্ত্ৰ বিফল হোৱাৰ ক্ষেত্ৰচ উপবন্ধ- উপৰাজ্যপালৰ পৰা কোনো প্রতিবেদন প্রাপ্তিত বা অন্যথা যদি ৰাষ্ট্রপতি সন্তুষ্ট হয়–

(ক) যে এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে য’ত ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ প্রশাসন অনুচ্ছেদ ২৩৯ (ক)(ক) বা সেই অনুচ্ছেদ অনুসৰণত প্রণীত কোনো বিধিৰ উপবন্ধসমূহ অনুসৰি চলাব নোৱাৰি;

(খ) যে ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ সমুচিত প্রশাসনৰ বাবে এনে কৰাতো আৱশ্যক বা সমীচীন,

ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা অনুচ্ছেদ ২৩৯ ককৰ যিকোনো উপবন্ধ বা সেই অনুচ্ছেদ অনুসৰণত প্রণীত কোনো বিধিৰ সকলো বা যি কোনো উপবন্ধৰ প্ৰৱৰ্তন, এনে সময়ৰ বাবে আৰু এনে বিধিত বিনির্দিষ্ট কৰা এনে চৰ্তাৱলী সাপেক্ষে স্থগিত ৰাখিব পাৰে আৰু এনে আনুষঙ্গিক আৰু পাৰিণামিক ব্যৱস্থা কৰিব পাৰে যি, অনুচ্ছেদ ২৩৯ আৰু অনুচ্ছেদ ২৩৯ (ক)(ক)ৰ উপবন্ধসমূহ অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰখন প্রশাসন কৰাৰ বাবে আৱশ্যক আৰু সমীচীন বুলি তেওঁৰ প্রতীয়মান হয়।

(২৩৯(খ)) বিধান মণ্ডলৰ বিৰতিৰ সময়ত অধ্যাদেশ প্ৰখ্যাপিত কৰিবলৈ প্ৰশাসকৰ ক্ষমতা- (১) অনুচ্ছেদ ২৩৯ক ৰ খণ্ড(১)ত উল্লিখিত কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলৰ অধিৱেশন চলি থকাৰ সময়ত যদি সেই সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসক এই বুলি সন্তুষ্ট হয় যে, এনে পৰিস্থিতি হৈছে য’ত তেখেতৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাটো আৱশ্যকীয় হৈ পৰিছে, তেতিয়া তেখেতে এনে অধ্যাদেশ প্ৰখ্যাপিত কৰিব পাৰে যি অধ্যাদেশ তেনে পৰিস্থিতিত তেখেতৰ বাবে আপেক্ষিত বোধ কৰে।

পৰন্তু, এই মৰ্মে ৰাষ্ট্ৰপতিৰ পৰা অনুদেশ প্ৰাপ্ত নোহোৱাকৈ প্ৰশাসকে এনে কোনো অধ্যাদেশ প্ৰখ্যাপন নকৰিব।

অধিকন্তু, যেতিয়া উক্ত বিধান মণ্ডল বিঘটিত হয়, অথবা অনুচ্ছেদ ২৩৯(ক)ৰ খণ্ড (১)ত উল্লেখিত এনে কোনো বিধিৰ অধীনত লোৱা কাৰ্য ব্যৱস্থাৰ ফলত উক্ত বিধান মণ্ডলৰ কৃত্য নিলম্বিত থাকে, প্ৰশাসকে এনে বিঘটনৰ বা নিলম্বনৰ কাল ছোৱাত কোনো অধ্যাদেশ প্ৰখ্যাপন নকৰিব।

(২) ৰাষ্ট্ৰপতিৰ আদেশানুসাৰে এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত কোনো অধ্যাদেশ, অনুচ্ছেদ ২৩৯(ক)ৰ খণ্ড(১)ত উল্লিখিত এনে কোনো বিধিত সেই মৰ্মে অন্তৰ্বিষ্ট উপবন্ধসমূহৰ অনুপালন পূৰ্বক সম্যক ৰূপে অধিনিয়মিত সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলৰ অধিনিয়ম বুলি গণ্য কৰা হ’ব কিন্তু এনে প্ৰত্যেক অধ্যাদেশ –

(ক) সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলত দাখিল কৰিব লাগিব আৰু বিধান মণ্ডল পুনৰ সমবেত হোৱাৰ ছয় সপ্তাহৰ অন্তত অথবা যদি সেই কাল অন্ত হোৱাৰ পূৰ্বে বিধান মণ্ডলৰ দ্বাৰা সেই অধ্যাদেশ অনুমোদন কৰি কোনো সংকল্প পাৰিত কৰা হয় তেনেহ’লে তেনে সংকল্প পাৰিত হ’লেই ইয়াৰ প্ৰৱৰ্তন নোহোৱা হ’ব আৰু

(খ) ৰাষ্ট্ৰপতিৰ দ্বাৰা সেই মৰ্মে আদেশ প্ৰাপ্ত হোৱাৰ পাছত প্ৰশাসকৰ দ্বাৰা প্ৰত্যাহূত হব পাৰে।

(৩) যদি আৰু যি পৰ্যন্ত, এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত হোৱা কোনো অধ্যাদেশত এনে কোনো উপবন্ধ কৰে যিটো  নেকি অনুচ্ছেদ ২৩৯(ক)ৰ খণ্ড(১)ত উল্লিখিত এনে কোনো বিধিত সেই মৰ্মে অন্তৰ্বিষ্ট উপবন্ধ সমূহ অনুপালন পূৰ্বক কৰা হোৱা সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলৰ কোনো অধিনিয়মত অধিনিয়মিত হ’লে বৈধ নহয় তেনেহ’লে সেই পৰ্যন্ত সেই অধ্যাদেশ বাতিল হ’ব।

(২৪০) কোনো কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে বিনিয়ম প্ৰণয়ন কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা (১) ৰাষ্ট্ৰপতিয়ে—

(ক) আন্দামান নিকোবৰ দ্বীপপুঞ্জ

(খ) লক্ষাদ্বীপ

(গ) দাদৰা আৰু নগৰ হাৱেলী

(ঘ) দমন আৰু দিউ

(ঙ) পণ্ডীচেৰী

এই সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ শান্তি, উন্নতি আৰু সুশাসনৰ বাবে বিনিয়ম প্ৰণয়ন কৰিব পাৰে।

পৰন্তু, যেতিয়া পণ্ডীচেৰী সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে বিধান মণ্ডল ৰূপে কৃত্য কৰিবলৈ অনুচ্ছেদ ২৩৯(ক)ৰ অধীনত কোনো নিকায় সৃষ্টি কৰা হয়, তেতিয়া বিধান মণ্ডলৰ প্ৰথম অধিবেশনৰ বাবে নিয়ত তাৰিখৰ পৰা ৰাষ্ট্ৰপতিয়ে সেই সংঘ ৰাজ্যক্ষেত্ৰৰ শান্তি, উন্নতি আৰু সুশাসনৰ বাবে কোনো বিনিয়ম প্ৰণয়ন কৰিব।

অধিকন্তু, যেতিয়া পণ্ডীচেৰী সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে বিধান মণ্ডল ৰূপে কৃত্য কৰি থকা নিকায় বিঘটিত হয় অথবা অনুচ্ছেদ ২৩৯(ক) ৰ খণ্ড(১)ত উল্লিখিত এনে কোনো বিধিৰ অধীনত লোৱা কাৰ্য ব্যৱস্থাৰ ফলত সেই নিকায়ে তেনে বিধান মণ্ডল হিচাপে কৃত্য কৰাটো নিলম্বিত হৈ থাকে তেতিয়া ৰাষ্ট্ৰপতিয়ে এনে বিঘটনৰ বা নিলম্বনৰ কালছোৱাত সেই সংঘ ৰাজ্যক্ষেত্ৰৰ শান্তি, উন্নতি আৰু সুশাসনৰ বাবে বিনিয়ম কৰিব পাৰিব।

(২) এনেদৰে প্ৰণয়ন কৰা যিকোনো বিনিয়মে সংসদৰ দ্বাৰা প্ৰণয়ন কৰা যিকোনো অধিনিয়মক বা আন যিকোনো বিধিক, যিবিলাক নেকি সেই সময়ত সেই সংঘ ৰাজ্যক্ষেত্ৰত প্ৰযোজ্য হৈ থাকে, তাক নিৰসণ বা সংশোধন কৰিব পাৰে আৰু যেতিয়া ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰখ্যাপিত হয় তেতিয়া তাৰ সেই ৰাজ্যক্ষেত্ৰত প্ৰযুক্ত সদনৰ কোনো অধিনিয়মৰ যি বল আৰু প্ৰভাব থাকে সেই একেই বল আৰু প্ৰভাব হ’ব।

(২৪১) সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ কাৰণে উচ্চ ন্যায়লয়– (১) সংসদে বিধিৰ দ্বাৰা কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ কাৰণে উচ্চ ন্যায়লয় গঠন কৰিব পাৰে বা যিকোনো প্ৰয়োজনৰ কাৰণে তেনে কোনো ৰাজ্যক্ষেত্ৰত থকা কোনো ন্যায়লয়ক উচ্চ ন্যায়লয় বুলি ঘোষণা কৰিব পাৰে।

(২) সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰিব পৰা তেনেকুৱা সাল-সলনি বা ব্যতিক্ৰম সমূহৰ সাপেক্ষে ষষ্ঠ ভাগৰ পঞ্চম অধ্যায়ৰ উপবন্ধ সমূহ অনুচ্ছেদ ২৪১ত নিৰ্দেশিত উচ্চ ন্যায়লয় সম্বন্ধে প্ৰয়োগ হোৱা খণ্ড (১)ত নিৰ্দেশিত প্ৰত্যেক উচ্চ ন্যায়লয় সম্বন্ধেও প্ৰয়োগ হ’ব।  

(৩) এই সংবিধানৰ উপবন্ধ সমূহ আৰু এই সংবিধানৰ দ্বাৰা বা অধীনত সমূচিত বিধান মণ্ডলক অৰ্পণ কৰা ক্ষমতাৰ আধাৰত সেই বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ অধীনত সংবিধান(সপ্তম সংশোধন) অধিনিয়ম,১৯৫৬ ৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে যিকোনো সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা প্ৰত্যেক উচ্চ ন্যায়লয়ে এনে প্ৰাৰম্ভণিৰ পিছতো সেই ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত এনে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিয়েই থাকিব।

(৪) এই অনুচ্ছেদৰ কোনো কথাই কোনো ৰাজ্যৰ কোনো ক্ষেত্ৰাধিকাৰক, কোনো সংঘ ৰাজ্যক্ষেত্ৰ বা তাৰ কোনো ভাগলৈ বিস্তাৰ কৰিবলৈ বা তাৰ পৰা বহিৰ্ভূত কৰিবলৈ সংসদৰ ক্ষমতাৰ অল্পীকৰণ নকৰিব।

(২৪২) নিৰসিত।

আৰু পঢ়ক – চিপকো আন্দোলনৰ হোতা সুন্দৰলাল বহুগুণা  

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x