তথ্যকোষসাময়িকী

অসম সাহিত্য সভা

(অসম সাহিত্য সভা হৈছে অসমীয়া সাহিত্যৰ বৰ নামঘৰ। অসম সাহিত্য সভা সম্পৰ্কে সাৰথিৰ পাঠকলৈ আমাৰ এক বিশেষ লেখা)

অসম তথা দেশ-বিদেশৰ বিভিন্ন ঠাইৰ অসমীয়াসকলৰ আৱেগ জড়িত হৈ থকা এটা অনুষ্ঠান অসম সাহিত্য সভা। অসমীয়া ভাষা-সাহিত্য তথা কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত চিৰজাগ্রত এটা অনুষ্ঠান অসম সাহিত্য সভা। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত অসম সাহিত্য সভা গঠন হৈছিল ৰায়চাহাব পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে চিৰপুৰোধা সাহিত্যিকৰ সভাপতিত্বত।

বহু দিনৰ পৰা অসমীয়া সাহিত্যিক সমাজৰ মাজত সদৌ অসম ভিত্তিত এটা সাহিত্যিক অনুষ্ঠান প্ৰতিষ্ঠা কৰিবৰ হেতু চলি থকা আলোচনাৰেই ফলশ্ৰুতিত গঠন হৈছিল অসম সাহিত্য সভা। প্ৰতিষ্ঠাকালৰে পৰা বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি অসম সাহিত্য সভাই গৌৰৱোজ্জ্বল ১০০ টা বৰ্ষ পাৰ কৰি আহি আজিও অসমৰ প্ৰধান সাহিত্যিক অনুষ্ঠানৰূপে বৰ্তি আছে। অসমৰ জাতীয় জীৱনৰ লগত প্ৰতিষ্ঠাকালৰে পৰাই অসম সাহিত্য সভা সংপৃক্ত হৈ আছে। অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হিচাপে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া কুলধৰ শইকীয়াই কাৰ্যনিৰ্বাহ কৰি আছে।

 অসম সাহিত্য সভা প্ৰতিষ্ঠাৰ ইতিহাস :-

অসম সাহিত্য সভা প্ৰতিষ্ঠাৰ ইতিহাস বৰ দীঘলীয়া।  ১৮৮৮ চনত কলিকতাত প্ৰতিষ্ঠা হোৱা “অসমীয়া ভাষা উন্নতি সাধিনী সভা“ক অসম সাহিত্য সভাৰ বীজ বুলি ক’ব পাৰি। লক্ষ্মীনাথ বেজবৰুৱা,হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আদিৰ দৰে কলিকতাৰ সেইসময়ৰ অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যৰ বিকাশৰ বাবে সেইসময়ত কলিকতাত এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু কালক্ৰমত অৱশেষত “অসম সাহিত্য সভা”ই জন্ম লাভ কৰিছিল। লগতে অসম সাহিত্য সভা প্ৰতিষ্ঠাত সেইসময়ৰ “আসাম এছোচিয়েচন”ৰ ভূমিকাও আছিল উল্লেখযোগ্য।

ইতিহাসে গৰকা ৰংপুৰ অৰ্থাৎ শিৱসাগৰকে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ স্থানৰূপে নিৰ্বাচন কৰা হয়। চন্দ্ৰনাথ শৰ্মাক সম্পাদকৰূপে লৈ গঠন কৰা হয় অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ অভ্যৰ্থনা সমিতি। চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত বিভিন্ন ঠাইত থকা অসমীয়া সাহিত্যৰ মুধাফুটা ব্যক্তিসকলক এই সভালৈ নিমন্ত্ৰণ জনোৱা হয়। অৱশেষত,১৯১৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত অৰ্থাৎ দুদিনীয়াকৈ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হয়। শিৱসাগৰৰ আসাম এছোচিয়েচনৰ সভা অনুষ্ঠিত হোৱা সভাঘৰতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। ২৬ ডিচেম্বৰত ঠিক একমান বজাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়।

ফণীধৰ চলিহাদেৱৰ প্ৰস্তাৱত আৰু হৰেশ চন্দ্ৰ ৰাজখোৱা আৰু দেৱেশ্বৰ চলিহাদেৱৰ সমৰ্থনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতিৰূপে আসন অলংকৃত কৰে পদ্মনাথ গোহাঞি বৰুৱাদেৱে। অসম সাহিত্য সভাৰ ১৯১৭বৰ্ষৰ এই প্ৰথম অধিৱেশনৰ সম্পাদক আছিল শৰত চন্দ্ৰ গোস্বামীদেৱ। প্ৰায় ৭০০ ৰ পৰা ৮০০ অসমীয়া সাহিত্যপ্ৰেমী লোকে অসম সাহিত্য সভাৰ এই প্ৰথম অধিৱেশনৰ সভাত অংশগ্ৰহণ কৰিছিল।  বহু অসমীয়া সাহিত্যনুৰাগী ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত অসম সাহিত্য সভা প্ৰতিষ্ঠা হয় আৰু সফলতাৰে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন সম্পন্ন হয়। অসম সাহিত্য সভাৰ শিৱসাগৰৰ এই প্ৰথম অধিৱেশনত অসম সাহিত্য সভাৰ প্ৰথমজন দাতাৰূপে ডাঃ হৰেকৃষ্ণ দাসে দহ(১০) টকাৰ বৰঙণি আগবঢ়ায়। তেওঁৰ এনে মহানুভৱতাৰ পাছতেই আৰু বিভিন্নজনে অসম সাহিত্য সভাৰ পুঁজিলৈ বৰঙণি যোগায়। আৰু সেইদিনাই অসম সাহিত্য সভাৰ পুঁজিত প্ৰায় ২২৪২ টকা গোট খায়।

১৯১৭ চনত প্ৰতিষ্ঠা হওঁতে অসম সাহিত্য সভাক “সদৌ অসম সাহিত্য সন্মিলনী” বুলি জনা গৈছিল।  ১৯২৩ চনত যোৰহাটত অমৃতভূষণ দেৱ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিৱেশনত অসম সাহিত্য সভাক চৰকাৰীভাৱে পঞ্জীয়ন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ১৯২৪ চনৰ ৫ মে’ত অসম সাহিত্য সভাক পঞ্জীয়ন কৰা হয় “আসাম সাহিত্য সভা” নামেৰে। ১৯৪৪ চনৰ পৰা “আসাম সাহিত্য সভা”ই বৰ্তমানৰ  “অসম সাহিত্য সভা” নামেৰে পৰিচিতি লাভ কৰে।

অসম সাহিত্য সভাৰ শাখা সাহিত্য সভাসমূহ :-

বৰ্তমান অসম সাহিত্য সভাৰ সৰ্বমুঠ বত্ৰিশ(৩২)খন জিলা সাহিত্য সভা আছে আৰু ইয়াৰ অন্তৰ্গত প্ৰায় হাজাৰোধিক শাখা সাহিত্য সভা আছে। অসমৰ উপৰিও ভাৰতবৰ্ষৰ আন আন ঠাইৰ লগতে বিদেশতো অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা আছে। এইবোৰ হ’ল – ক’হিমা,শ্বিলঙ,আইজল, কামেং, পাছিঘাট,নতুন দিল্লী,মুম্বাই, লণ্ডন,উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ আদি।

অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰথম শাখা সাহিত্য সভা হৈছে “যোৰহাট সাহিত্য সভা”। যোৰহাট সাহিত্য সভা অসম সাহিত্য সভা প্ৰতিষ্ঠাৰ পূৰ্বেই ১৯১৪ চনতে প্ৰতিষ্ঠা কৰা হৈছিল। যোৰহাট সাহিত্য সভাৰ পাছতেই গুৱাহাটী, তেজপুৰ,নগাঁও,উত্তৰ লক্ষীমপুৰ, নাজিৰা,নলবাৰী,শিৱসাগৰ,গৌৰীপুৰ, গোলাঘাট,মঙ্গলদৈ,ডিব্ৰুগড় আদিত প্ৰতিষ্ঠা লাভ কৰা সাহিত্য সভাই অসম সাহিত্য সভাৰ শাখা সাহিত্য সভাৰূপে স্বীকৃতি লাভ কৰে।

 অসম সাহিত্য সভাৰ কাৰ্য্যালয়সমূহ :-

অসম সাহিত্য সভাৰ বিভিন্ন কাম-কাজবোৰ চলাবলৈ অসমৰ ঠায়ে ঠায়ে কিছুমান কাৰ্য্যালয় আছে। অসম সাহিত্য সভাৰ এটা মুখ্য কাৰ্য্যালয় আৰু নটা আঞ্চলিক কাৰ্য্যালয় আছে।

অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়টো আছে যোৰহাটত। এইটোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন। চন্দ্ৰকান্ত সন্দিকৈদেৱৰ পিতৃ ৰাধাকান্ত সন্দিকৈদেৱে অকালতে মৃত্যুক সাৱটি লোৱা তেওঁৰ দুই  পুত্ৰৰ স্মৃতিত এই ভৱন নিৰ্মাণ কৰিবলৈ পুঁজিৰ যোগান ধৰিছিল। এই ভৱনটোৰ নিৰ্মাণকাৰ্য্য ১৯২৪ চনত আৰম্ভ হয়। ১৯২৬ চনৰ ২ ডিচেম্বৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় “চন্দ্ৰকান্ত সন্দিকৈ ভৱন”উদ্বোধন কৰে সেইসময়ৰ অসমৰ গৱৰ্ণৰ জন হেনৰী কাৰ চাহাবে। এই ভৱনটোৰ পৰিকল্পনা আছিল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীদেৱৰ।

অসম সাহিত্য সভাৰ নটা আঞ্চলিক কাৰ্য্যালয় থকা অসমৰ ঠাইকেইখন হৈছে – গুৱাহাটী, ডিফু,ডিব্ৰুগড়,ধুবুৰী,উত্তৰ লক্ষীমপুৰ। নগাঁও,শিলচৰ,জালাহ আৰু মঙ্গলদৈ।

অসম সাহিত্য সভাৰ গুৱাহাটীত অৱস্থিত কাৰ্য্যালয়টোৰ নাম হৈছে ভগৱতীপ্ৰসাদ বৰুৱা ভৱন। এই ভৱনটো নিৰ্মাণ কৰিবলৈ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই অৰ্থসাহাৰ্য্য প্ৰদান কৰে।  ১৯৬৫ চনৰ ২ জানুৱাৰীত এই ভগৱতী প্ৰসাদ বৰুৱা ভৱনটো  মুকলি কৰে সৰ্বভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ সভাপতি ডঃ বাসুদেৱ চৰণ আগৰৱালে। 

অসম সাহিত্য সভাৰ ডিফুত অৱস্থিত কাৰ্য্যালয়টোৰ নাম হৈছে ৰাংচিনা ভৱন। এই ভৱনটো ৰাংচিনা চাৰপো নামৰ এজন কাৰ্বি মনীষীৰ নামেৰে নামাকৰণ কৰা হৈছে। 

অসম সাহিত্য সভাৰ আৰম্ভণি গীতৰ বিষয়ে :-

চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত পাৱনী, আই॥

প্ৰকৃতি পৰশ ৰসে অমল কমল

চঞ্চল হৃদি জলে ঢালে পৰিমল

কোমল চম্পাৰ কলি

ঢৌৱে ঢৌৱে ঢৌৱে তুলি

ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ

হিয়াত বিলীন হয় হিয়াভৰা গান

কাৰ নিচুকনি শুনা

শুনি বাণী ব্যথা পমা

চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ

ৰসনা শিতানে বহি সিঁচা শতধাৰ

হেমোৰ মধুৰননা

মাগিছোঁ মাধুৰী কণা

দিয়া দিয়া দিয়া আই মধু ভাষিণী॥”

অসম সাহিত্য সভাৰ যিকোনো অনুষ্ঠানৰ আৰম্ভণিতে “চিৰচেনেহী মোৰ ভাষা জননী” শীৰ্ষক এই গীতটি গোৱা হয়। মিত্ৰদেৱ মহন্ত বিৰচিত এই গীতটিৰ সুৰ আৰু স্বৰলিপি যোৰহাটৰ ইন্দ্ৰেশ্বৰ শৰ্মাৰ। অসম সাহিত্য সভাৰ অনুষ্ঠানৰ বাহিৰে এই গীতটি আন কোনো অনুষ্ঠানতে পৰিৱেশন কৰিব নোৱাৰে।

অসম সাহিত্য সভাৰ প্ৰতীক :-

১৯২৪ চনৰ ১৩ মাৰ্চত অসম সাহিত্য সভাৰ প্ৰতীক সন্দৰ্ভত সভাৰ সভ্যসকলৰ মাজত আলোচনা কৰিবলৈ এটি কাৰ্য্যসূচী লোৱা হৈছিল কিন্তু ইয়াৰ বিষয়ে বিশদ আলোচনা নহ’ল। তাৰপাছতেই অসম সাহিত্য সভাৰ অধিৱেশনত এইটো নিৰ্ধাৰণ কৰা হয় যে অসম সাহিত্য সভাৰ প্ৰতীকত কোনো চিত্ৰ থাকিব নালাগে আৰু তাত ভাষাৰ বিষয়ে কোনো মধুৰ বাক্য উল্লেখ থাকিব পাৰে। তাৰপিছত শিল্পী যুগল দাসে অসম সাহিত্য সভাৰ এটা প্ৰতীক অংকন কৰি দিয়ে। ১৯৬০ চনৰ ২৮ অক্টোবৰত যুগল দাস অংকিত এই প্ৰতীকটো কিছু সাল-সলনি কৰি ব্যৱহাৰ কৰা হয়।অসম সাহিত্য সভাৰ ৰঙীন প্ৰতীকটো ১৯৯৮/৯৯ চনৰ আৰু বৰ্তমানো এই প্রতীকটোৱেই ব্যৱহাৰ কৰি আহিছে।

অসম সাহিত্য সভাৰ মুখপত্ৰ :-

অসম সাহিত্য সভাৰ মুখপত্ৰখনৰ নাম হ’ল “অসম সাহিত্য  সভা পত্ৰিকা”। প্ৰথমতে ইয়াৰ নাম আছিল “আসাম সাহিত্য সভা পত্ৰিকা”। ১৯২৫ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত সভাপতিত্ব কৰা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে অসম সাহিত্য সভাৰ মুখপত্ৰ এখন প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত ১৯২৬ চনত পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা পত্ৰিকা প্ৰকাশ পায়। স্বনামধন্য সাহিত্যিক চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথমজন সম্পাদক আছিল।

অসম সাহিত্য সভা পত্ৰিকাখন হ’ল এখন তিনিমহীয়া পত্ৰিকা। কিন্তু এই পত্ৰিকাখনৰ প্ৰকাশ প্ৰথম দশককেইটাত বৰ অনিয়মীয়া আছিল। কোনো কোনো অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদকে বছৰত এখনহে পত্ৰিকা কোনোমতে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। কোনো কোনো সম্পাদকে নিজৰ কাৰ্য্যকালত এখনো পত্ৰিকা প্ৰকাশ কৰিব নোৱাৰাৰো নজিৰ আছে। কিছুমান সম্পাদকে কিন্তু ব্যক্তিগত প্ৰচেষ্টাত হলেও বছৰৰ চাৰিওটা সংখ্যাই প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

১৯৭৩ চনত গিৰিধৰ শৰ্মা অসম সাহিত্য সভাৰ সভাপতি হওঁতে অসম সাহিত্য সভা পত্ৰিকাখন মাহেকীয়াকৈ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু তাৰ পৰৱৰ্তী বৰ্ষতেই অসম সাহিত্য সভা পত্ৰিকা পুনৰ তিনিমহীয়া কৰা হয়।

 অসম সাহিত্য সভাৰ পতাকা :-

অসম সাহিত্য সভাৰ পতাকাখন শুকুলা পাটৰ কাপোৰৰ। ই দীঘলে ১.৫ মিটাৰ আৰু পথালিয়ে ১ মিটাৰ। পতাকাখনৰ চাৰিওকাষে সেউজীয়া বৰণৰ সীমান্ত আছে। আৰু পতাকাৰ সোঁমাজত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো।

অসম সাহিত্য সভাৰ সকলো জিলা,শাখাৰ বাৰ্ষিক অধিৱেশন,সাহিত্য সভা সপ্তাহ আদিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ পৰা নিৰ্ধাৰণ কৰি দিয়া দিনটোতহে পতাকা উত্তোলন কৰিব পাৰে। অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত অসমৰ জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশ” গীতটি গোৱা হয়।

 অসম সাহিত্য সভাৰ প্ৰকাশন:-

প্ৰতিষ্ঠাকালৰে পৰাই অসম সাহিত্য সভাই অসমীয়া গ্ৰন্থৰ প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। তদুপতি,পৃথিৱীৰ ভিন ভিন ভাষাৰ ধ্ৰুপদী সাহিত্য, আধুনিক সাহিত্য আদিৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা,সমাজ,ভূগোল,ইতিহাস আৰু দৰ্শন শাস্ত্ৰ বিষয়ক একাধিক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ প্ৰকাশ কৰি আহিছে। ইয়াৰোপৰি অসম সাহিত্য সভাই অসমৰ বিভিন্ন জনজাতীয় ভাষাৰ গ্ৰন্থ প্ৰকাশ কৰি বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ এনাজৰী বান্ধি ৰখাৰ প্ৰয়াস কৰিছে।

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ নেতৃত্বতেই অসম সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থ হৈছে “নৰদেৱ গ্ৰন্থাৱলী”ৰ “শ্ৰীশ্ৰী দামোদৰদেৱ চৰিত”। এই গ্ৰন্থখন ১৯২৭ চনত পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল। এই গ্ৰন্থখন ৰচনা কৰিছিল নীলকণ্ঠ দাসে আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে নিজেই এই গ্ৰন্থৰ সম্পাদনা কৰিছিল। তাৰপাছত, অসম সাহিত্য সভাই “নৰদেৱ গ্ৰন্থাৱলী”ৰ আন দুখন গ্ৰন্থ “শ্ৰীশ্ৰী বনমালীদেৱ চৰিত” আৰু “শ্ৰীশ্ৰী ব্ৰহ্মবৈবৰ্ত পুৰাণ” প্ৰকাশ কৰিছিল।

অসম সাহিত্য সভাৰ তত্বাৱধানত ১৯৩৩ চনত “চন্দ্ৰকান্ত অভিধান” আৰু “ইন্দ্ৰকান্ত ব্যাকৰণ”  প্ৰকাশ কৰা হৈছিল। দুই সহোদৰ ভাতৃৰ পিতৃ ৰাধাকান্ত সন্দিকৈয়ে নিজ পুত্ৰদ্বয়ৰ অকাল মৃত্যুত পুত্ৰদ্বয়ৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ এই গ্ৰন্থ দুখন প্ৰকাশৰ হেতুকে মুক্তহস্তে দান দিছিল। তাৰ পৰৱৰ্তী পৰ্য্যায়ত অসমত বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ লক্ষ্যৰে ১৯৩৮ চনতে ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ “অসমীয়া বৈজ্ঞানিক পৰিভাষা” নামৰ গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে।

স্বাধীনতাৰ পূৰ্বৰে পৰা বৰ্তমানলৈকে অসম সাহিত্য সভাই প্ৰায় পাঁচশ(৫০০) মান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।

 অসম সাহিত্য সভাই প্ৰদান কৰা বিশেষ উপাধি :-

অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ বিভিন্ন দিশত অৱদান আগবঢ়োৱা চিৰনমস্য অসমীয়া ব্যক্তিক অসম সাহিত্য সভাই কিছুমান উপাধি প্ৰদানৰ যোগেদি সন্মান প্ৰদান কৰি আহিছে।

অসম সাহিত্য সভাই আগবঢ়োৱা দুটামান উপাধি হ’ল –

১) ৰসৰাজ :-

অসমীয়া ভাষা-সাহিত্যলৈ আজীৱন সেৱা আগবঢ়াই অসমীয়া সাহিত্যৰ সুদৃঢ় ভেঁটি প্ৰতিষ্ঠা কৰি অৱদান আগবঢ়োৱা বাবে লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই “ৰসৰাজ” উপাধিৰে বিভূষিত কৰে। ১৯৩১ চনৰ ২৯ ডিচেম্বৰত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাক এই “ৰসৰাজ” উপাধিৰে সন্মানিত কৰে।

২) কাব্য – ভাৰতী :-

অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতিস্বৰূপে ধৰ্মেশ্বৰী দেৱী বৰুৱানীক অসম সাহিত্য সভাই “কাব্য ভাৰতী” উপাধি প্ৰদান কৰে। ১৯৫২ চনত ধৰ্মেশ্বৰী দেৱী বৰুৱানীক এই উপাধি প্ৰদান কৰিছিল ডঃ সূৰ্যকুমাৰ ভূঞাদেৱে।

৩) ইতিহাস – আচাৰ্য :-

অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ ডঃ হেৰম্বকান্ত বৰপূজাৰীদেৱক অসমৰ ইতিহাসলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে তেখেতক “ইতিহাস-আচাৰ্য” উপাধি প্ৰদান কৰিছিল। ১৯৯৭ চনৰ ২৫ ডিচেম্বৰত হেৰম্বকান্ত বৰপূজাৰীদেৱক এই উপাধি প্ৰদান কৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত।

৪) সদস্য মহীয়ান :-

অসম সাহিত্য সভাৰ সৰ্বোত্তম উপাধি হৈছে “সদস্য মহীয়ান”। প্ৰাচ্যতত্ত্বৰ চৰ্চা আৰু অসমীয়া ভাষা-সাহিত্যৰ গৱেষণাত আগবঢ়োৱা একক আৰু অনন্য অৱদানৰ বাবে এই উপাধি প্ৰদান কৰা হয়।  বৰ্তমানলৈ অসম সাহিত্য সভাৰ “সদস্য মহীয়ান” উপাধি লাভ কৰা সাহিত্যিকসকল হৈছে – ডঃ কৃষ্ণকান্ত সন্দিকৈ,ডঃ মহেশ্বৰ নেওগ,ডঃ সত্যেন্দ্ৰনাথ শৰ্মা আৰু ডঃ মুকুন্দ মাধৱ শৰ্মা।

৫) সাহিত্যাচাৰ্য:-

অসম সাহিত্য সভাই আগবঢ়োৱা আন এটা উপাধি হৈছে “সাহিত্যাচাৰ্য”। অসমীয়া ভাষা তথা সাহিত্য-সংস্কৃতিৰ পথাৰলৈ মৌলিক বৰঙণি আগবঢ়োৱা লোকক এই উপাধি প্ৰদান কৰা হয়।  অসম সাহিত্য সভাৰ “সাহিত্যাচাৰ্য” উপাধি লাভ কৰা ব্যক্তিসকল হৈছে – শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, বিনন্দ চন্দ্ৰ বৰুৱা,যজ্ঞেশ্বৰ শৰ্মা,ডঃ সত্যেন্দ্ৰনাথ শৰ্মা,ছৈয়দ আব্দুল মালিক,যতীন্দ্ৰ নাথ গোস্বামী, ডঃ গোলোক চন্দ্ৰ গোস্বামী, মহিম বৰা,ডঃ ভূপেন হাজৰিকা আৰু ডঃ হৰিনাথ শৰ্মা দলৈ।

 অসম সাহিত্য সভাই আগবঢ়োৱা বিভিন্ন বঁটা :-

অসমীয়া ভাষা তথা সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত বিভিন্ন প্ৰকাৰে অৱদান আগবঢ়াই অহা ব্যক্তিক

১) অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা

২) অসম সংঘ(আমেৰিকা) বঁটা

৩) ৰামদেউ শৰ্মা বঁটা

৪) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা

৫) কমলা দেৱী বঁটা

৬) শৰৎ চন্দ্ৰ গোস্বামী বঁটা

৭) কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা

৮) গিৰিধৰ শৰ্মা বঁটা

৯) ডঃ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা

১০) ডঃ ইন্দিৰা গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা ইত্যাদি

১৯১৭ চনত প্ৰতিষ্ঠা হোৱাৰে পৰা বৰ্তমানলৈকে অসম সাহিত্য সভাই অহৰ্নিশে অসমীয়া জাতি,ভাষা,কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি আছে। অসমীয়া ভাষাৰ বিকাশ আৰু প্ৰচাৰ লক্ষ্যকেই সাৰোগত কৰি অসম সাহিত্য সভা গঠন হৈছিল আৰু আজিও সেই লক্ষ্য লৈয়েই অসমৰ জাতীয় জীৱনত অসম সাহিত্য সভা বৰ্তি আছে। অৱশ্যে এই দীৰ্ঘকালীন সময়ছোৱাত অসম সাহিত্য সভাৰ ওপৰত কিছু কিছু অভিযোগো উত্থাপন হৈছে।  

এচাম স্বার্থন্বেষী ব্যক্তিৰ ক্ষমতালিপ্সাৰ বাবে অসমৰ আটাইতকৈ পুৰণি এই সাহিত্যিক অনুষ্ঠানটোৰ গৰিমা কিছু লাঘৱ হৈছে। কিছুমানে অসম সাহিত্য সভাক ৰাজনৈতিক উদ্দেশ্যে পুৰণতো ব্যৱহাৰ কৰিছে। কিন্তু এই সকলো বাধা-বিঘিনি নেওচি অসম সাহিত্য সভাই অসমৰ প্ৰধান আৰু অনন্য জাতীয় সাহিত্যিক অনুষ্ঠান হিচাপে অসমীয়া ৰাইজৰ মাজত বৰ্তি আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু তাৰ লগতে অসম সাহিত্য সভা ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হোৱাটো অতিকে প্ৰয়োজনীয়। যোগ্য সাহিত্যিক তথা বিষয়-ববীয়াৰ তত্বাৱধানতহে অসম সাহিত্য সভাই পূৰ্বৰ গৰিমা ঘূৰাই পাব।

অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকসকল :-

১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতি,সম্পাদক আৰু অধিৱেশন অনুষ্ঠিত হোৱা স্থানসমূহ হৈছে –

বছৰ অধিৱেশনৰ স্থান সভাপতি প্ৰধান সম্পাদক
১৯১৭-১৮ শিৱসাগৰ পদ্মনাথ গোহাঞি বৰুৱা শৰত্‍ চন্দ্ৰ গোস্বামী
১৯১৮-১৯ গোৱালপাৰা চন্দ্ৰধৰ বৰুৱা পদ্মনাথ গোহাঞি বৰুৱা
১৯১৯-২০ বৰপেটা কালিৰাম মেধি সত্যনাথ বৰা
১৯২০-২১ তেজপুৰ হেমচন্দ্ৰ গোস্বামী শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২১-২৩ যোৰহাট অমৃতভূষণ দেৱ অধিকাৰী শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২৩-২৪ ডিব্ৰুগড় কনকলাল বৰুৱা শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২৪ গুৱাহাটী লক্ষীনাথ বেজবৰুৱা শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২৪-২৫ নগাঁও ৰজনীকান্ত বৰদলৈ শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২৫-২৬ ধুবুৰী বেণুধৰ ৰাজখোৱা শৰত্‍ চন্দ্ৰ গোস্বামী
১৯২৬-২৭ গোৱালপাৰা তৰুণৰাম ফুকন পূৰ্ণানন্দ শৰ্মা পাঠক
১৯২৭-২৯ যোৰহাট কমলাকান্ত ভট্টাচাৰ্য পূৰ্ণানন্দ শৰ্মা পাঠক
১৯২৯-৩০ গোলাঘাট মফিজুদ্দিন আহমদ হাজৰিকা কমলাকান্ত বৰুৱা
১৯৩০-৩১ শিৱসাগৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী দেবেশ্বৰ চলিহা
১৯৩১-৩৩ লক্ষীমপুৰ জ্ঞানদাভিৰাম বৰুৱা দেবেশ্বৰ চলিহা
১৯৩৩-৩৪ মংগলদৈ আনন্দ চন্দ্ৰ আগৰৱালা চন্দ্ৰধৰ বৰুৱা
১৯৩৪-৩৬ তেজপুৰ ৰঘুনাথ চৌধুৰী দেৱানন্দ শৰ্মা
১৯৩৬-৩৭ গুৱাহাটী কৃষ্ণকান্ত সন্দিকৈ ৰামেশ্বৰ বৰুৱা
১৯৩৭-৪০ যোৰহাট ময়িদুল ইচলাম বৰা পূৰ্ণানন্দ শৰ্মা পাঠক
১৯৪০-৪২ যোৰহাট ময়িদুল ইচলাম বৰা পূৰ্ণানন্দ শৰ্মা পাঠক
১৯৪২-৪৪ শিৱসাগৰ নীলমণি ফুকন ৰামেশ্বৰ বৰুৱা
১৯৪৫-৪৭ ডিব্ৰুগড় নীলমণি ফুকন ডিম্বেশ্বৰ নেওগ
১৯৪৭-৫০ মাৰ্ঘেৰিটা অম্বিকাগিৰী ৰায়চৌধুৰী মুক্তানাথ বৰুৱা
১৯৫০-৫৩ শ্বিলং সূৰ্যকুমাৰ ভূঞা কেশৱ নাৰায়ণ দত্ত
১৯৫৩-৫৪ যোৰহাট নলিনীৱালা দেৱী অতুল চন্দ্ৰ হাজৰিকা
১৯৫৪-৫৫ গুৱাহাটী যতীন্দ্ৰনাথ দুৱৰা অতুল চন্দ্ৰ হাজৰিকা
১৯৫৫-৫৬ ধুবুৰী বেণুধৰ শৰ্মা পৰাগধৰ চলিহা
১৯৫৬-৫৮ তিনিচুকীয়া পদ্মধৰ চলিহা ৰিনন্দ চন্দ্ৰ বৰুৱা
১৯৫৮-৫৯ নগাঁও অতুল চন্দ্ৰ হাজৰিকা যতীন্দ্ৰনাথ গোস্বামী
১৯৫৯-৬০ পলাশবাৰী ত্ৰৈলোক্য নাথ গোস্বামী মহেশ্বৰ নেওগ
১৯৬০-৬১ গোৱালপাৰা ত্ৰৈলোক্য নাথ গোস্বামী মহেশ্বৰ নেওগ
১৯৬১-৬৩ নাজিৰা ৰত্নকান্ত বৰকাকতি মহেশ্বৰ নেওগ
১৯৬৩-৬৪ ডিগবৈ মিত্ৰদেৱ মহন্ত মহেশ্বৰ নেওগ
১৯৬৪-৬৫ নলবাৰী ডিম্বেশ্বৰ নেওগ হৰিপ্ৰসাদ নেওগ
১৯৬৫-৬৬ উত্তৰ লক্ষীমপুৰ বিনন্দ চন্দ্ৰ বৰুৱা হৰিপ্ৰসাদ নেওগ
১৯৬৬-৬৭ ডিব্ৰুগড় নকুল চন্দ্ৰ ভূঞা হৰিপ্ৰসাদ নেওগ
১৯৬৭-৬৮ তেজপুৰ জ্ঞাননাথ বৰা হৰিপ্ৰসাদ নেওগ
১৯৬৮-৬৯ বৰপেটা আনন্দ চন্দ্ৰ বৰুৱা চৈয়দ আব্দুল মালিক
১৯৬৯-৭০ ধিং উপেন্দ্ৰনাথ লেখাৰু যতীন্দ্ৰনাথ গোস্বামী
১৯৭০-৭১ মাকুম তীৰ্থ নাথ শৰ্মা যতীন্দ্ৰনাথ গোস্বামী
১৯৭১-৭২ ধুবুৰী হেম বৰুৱা যতীন্দ্ৰনাথ গোস্বামী
১৯৭২-৭৩ ৰঙিয়া গিৰিধৰ শৰ্মা নগেন শইকীয়া
১৯৭৩-৭৪ মংগলদৈ মহেশ্বৰ নেওগ নগেন শইকীয়া
১৯৭৪-৭৫ তিতাবৰ সত্যেন্দ্ৰনাথ শৰ্মা নগেন শইকীয়া
১৯৭৫-৭৬ টিহু যজ্ঞেশ্বৰ শৰ্মা হেমন্ত কুমাৰ শৰ্মা
১৯৭৬-৭৭ অভয়াপুৰী চৈয়দ আব্দুল মালিক আব্দুছ ছাত্তাৰ
১৯৭৭-৭৮ গোলাঘাট প্ৰসন্নলাল চৌধুৰী লীলা গগৈ
১৯৭৮-৭৯ শুৱালকুছি অতুল চন্দ্ৰ বৰুৱা লীলা গগৈ
১৯৭৯-৮০ ৰহা যতীন্দ্ৰ নাথ গোস্বামী নগেন শইকীয়া
১৯৮০-৮১ তিনিচুকীয়া সীতানাথ ব্ৰহ্মচৌধুৰী দুৰ্গেশ্বৰ শৰ্মা
১৯৮১-৮২ ডিফু সীতানাথ ব্ৰহ্মচৌধুৰী নগেন শইকীয়া
১৯৮২-৮৩ বঙ্গাইগাঁও বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নগেন শইকীয়া
১৯৮৩-৮৫ বিহপুৰীয়া যোগেশ দাস প্ৰফুল্ল চন্দ্ৰ ভট্টাচাৰ্য
১৯৮৫-৮৬ কামপুৰ বীৰেণ বৰকটকী অমল হাজৰিকা
১৯৮৬-৮৭ পাঠশালা মহেন্দ্ৰ বৰা অমল হাজৰিকা
১৯৮৭-৮৮ হাইলাকান্দি কীৰ্তিনাথ হাজৰিকা অমল হাজৰিকা
১৯৮৮-৮৯ ডুমডুমা মহিম বৰা সতীশ চন্দ্ৰ চৌধুৰী
১৯৮৯-৯০ বিশ্বনাথ চাৰিআলি নৱকান্ত বৰুৱা সতীশ চন্দ্ৰ চৌধুৰী
১৯৯০-৯১ দুধনৈ নিৰ্মল প্ৰভা বৰদলৈ নাহেন্দ্ৰ পাদুন
১৯৯১-৯২ গোৰেশ্বৰ লক্ষ্যধৰ চৌধুৰী ৰামচৰণ ঠাকুৰীয়া
১৯৯২-৯৩ শিৱসাগৰ ভূপেন হাজৰিকা ৰামচৰণ ঠাকুৰীয়া
১৯৯৩-৯৪ মৰিগাঁও লীলা গগৈ সতীশ চন্দ্ৰ চৌধুৰী
১৯৯৪-৯৫ সৰ্থেবাৰী হিতেশ ডেকা সতীশ চন্দ্ৰ চৌধুৰী
১৯৯৫-৯৬ বোকাখাত লক্ষ্মীনন্দন বৰা সতীশ চন্দ্ৰ চৌধুৰী
১৯৯৬-৯৭ বিলাসীপাৰা নগেন শইকীয়া শৈলেন দাস
১৯৯৭-৯৮ হাওৰাঘাট নগেন শইকীয়া শৈলেন দাস
১৯৯৯-০১ হাজো চন্দ্ৰপ্ৰসাদ শইকীয়া বসন্ত কুমাৰ গোস্বামী
২০০১-০৩ ডিব্ৰুগড় হোমেন বৰগোহাঞি বসন্ত কুমাৰ গোস্বামী
২০০৩-০৫ লক্ষীমপুৰ বীৰেন্দ্ৰ নাথ দত্ত জগদীশ পাটগিৰী
২০০৫-০৭ ছিপাঝাৰ কনকসেন ডেকা জগদীশ পাটগিৰী
২০০৭-০৯ চাপৰ কনকসেন ডেকা প্ৰদীপ ভূঞা
২০০৯-১১ ধেমাজি ৰংবং তেৰাং পৰমানন্দ ৰাজবংশী
২০১১-১৩ দেৰগাঁও ৰংবং তেৰাং পৰমানন্দ ৰাজবংশী
২০১৩-১৫ বৰপেটা ৰোড ইমৰাণ শ্বাহ প্ৰহ্লাদ চন্দ্ৰ তাছা
২০১৫-১৭ কলিয়াবৰ ধ্ৰৱজ্যোতি বৰা পৰমানন্দ ৰাজবংশী
২০১৮-২০ বৰডুমচা পৰমানন্দ ৰাজৰংশী পদুম ৰাজখোৱা
২০২০-২২ শুৱালকুছি কুল শইকীয়া যাদৱ চন্দ্ৰ শৰ্মা

অসম সাহিত্য সভাৰ ৱেবছাইটassamsahityasabha.org

4 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] অসম সাহিত্য সভাৰ সৈতেও সত্যনাথ বৰা জন্ম লগ্নৰে পৰা জড়িত হৈ আছিল আৰু ১৯১৯ চনৰ বৰপেটা অধিৱেশনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। […]

Sri Banashree Thakuria
Sri Banashree Thakuria
2 years ago

Ok

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

2
0
Would love your thoughts, please comment.x
()
x