আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

স্বৰ্গদেউ চুজাংফা, চুফকফা আৰু চুচেনফা

আহোমৰ নৱমজন স্বৰ্গদেউ চুজাংফা

অষ্টমজন আহোম স্বৰ্গদেউ চুডাংফা ওৰফে বামুণী কোঁৱৰৰ মৃত্যু হয় ১৪০৭ খ্ৰীষ্টাব্দত। স্বৰ্গদেউ চুডাংফাৰ তিনি(৩)জন কোঁৱৰ আছিল। চুডাংফাৰ মৃত্যুৰ পাছত তেখেতৰ এজন কোঁৱৰে আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হয় আৰু আহোমমতে চুজাংফা নাম গ্ৰহণ কৰে। স্বৰ্গদেউ চুজাংফাৰ ৰাজত্বকালত আহোম ৰাজ্যত কোনো গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱা নাছিল।

বুঢ়াগোঁহাই আৰু বৰগোঁহাই :

স্বৰ্গদেউ চুজাংফাৰ ৰাজত্বকালত ত্যাতানবিঙ্গ বৰগোঁহাইৰ মৃত্যু হোৱাত তেখেতৰ পুত্ৰ নাংচুখামক বৰগোঁহাই পদত অধিষ্ঠিত কৰা হয়। স্বৰ্গদেউ চুজাংফাৰ ৰাজত্বকালত খেনপুংক আহোম ৰাজ্যৰ বুঢ়াগোঁহাই পদত অধিষ্ঠিত কৰা হৈছিল।

স্বৰ্গদেউ চুজাংফাই ১৪০৭ ৰ পৰা ১৪২২ খ্ৰীষ্টাব্দলৈ প্ৰায় পোন্ধৰ(১৫) বছৰ আহোম ৰাজ্য শাসন কৰে আৰু ১৪২২ খ্ৰীষ্টাব্দত চুজাংফা স্বৰ্গদেৱে মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত স্বৰ্গদেউ চুজাংফাই চাৰি(৪)জন পুত্ৰ সন্তান এৰি থৈ যায়।

অসম বুৰঞ্জীত চুজাংফাৰ ৰাজত্বকালৰ কোনো উল্লেখযোগ্য কৰ্ম তথা গুৰুত্বপূৰ্ণ ঘটনা সম্পৰ্কে একো উল্লেখ কৰা নাই। সেইফালৰ পৰা চাবলৈ গলে স্বৰ্গদেউ চুজাংফাৰ দিনত আহোম ৰাজ্যত পূৰ্বৰ স্থিতাৱস্থা বৰ্তি আছিল আৰু ৰাজ্যত কোনোধৰণৰ যুদ্ধ তথা বিদ্ৰোহৰ দৰে কাৰ্যকলাপ সংঘটিত হোৱা নাছিল।

আহোমৰ দশমজন স্বৰ্গদেউ চুফকফা

নৱমজন আহোম স্বৰ্গদেউ চুজাংফাৰ ১৪২২ খ্ৰীষ্টাব্দত মৃত্যু হোৱাৰ পাছত তেখেতৰ চাৰি(৪)জন কোঁৱৰৰ ভিতৰত চুফকফা কোঁৱৰ আহোম ৰাজসিংহাসনত অধিষ্ঠিত হয়। স্বৰ্গদেউ চুফকফাৰ ৰাজত্বকালতো আহোম ৰাজ্যত কোনো উল্লেখযোগ্য ঘটনা সংঘটিত হোৱা নাছিল।

বুঢ়াগোঁহাই আৰু বৰগোঁহাই :

স্বৰ্গদেউ চুফকফাৰ ৰাজত্বকালত তেখেতৰ পিতৃ চুজাংফাৰ সময়ত বুঢ়াগোঁহাই হিচাপে দায়িত্বত থকা খেনলুঙকে বুঢ়াগোঁহাইৰ দায়িত্ব দিয়ে। চুফকফা স্বৰ্গদেৱে আগৰজন বৰগোঁহাই নাংচুখামক পদচ্যুত নাংনিমক  আহোম ৰাজ্যৰ নতুন বৰগোঁহাইৰূপে নিযুক্তি দিয়ে।

স্বৰ্গদেউ চুফকফাৰ ৰাজত্বকালত আহোম ৰাজ্যত কোনো উল্লেখনীয় ঘটনা সংঘটিত হোৱা নাছিল। স্বৰ্গদেউ চুফকফাই ১৪২২ ৰ পৰা ১৪৩৯ খ্ৰীষ্টাব্দলৈ প্ৰায় সোতৰ(১৭) বছৰ আহোম ৰাজ্যৰ শাসনভাৰ চলায় আৰু ১৪৩৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুফকফাৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত স্বৰ্গদেউ চুফকফাই তেওঁৰ দুজন কোঁৱৰক এৰি থৈ যায়।

স্বৰ্গদেউ চুফকফাৰ ৰাজত্বকালটো শান্তিপূৰ্ণভাৱেই পাৰ হৈ গৈছিল বুলি ধাৰণা কৰা হয়। কিয়নো বুৰঞ্জীত তেওঁৰ ৰাজত্বকালৰ বিষয়ে পাবলৈ নাই। সেইফালৰ পৰা চাবলৈ গলে স্বৰ্গদেউ চুফকফাৰ ৰাজত্বকালত কোনো যুদ্ধ তথা ঘটনা সংঘটিত হোৱা নাছিল।

আহোমৰ একাদশজন স্বৰ্গদেউ চুচেনফা

১৪৩৯ খ্ৰীষ্টাব্দত দশমজন আহোম স্বৰ্গদেউ চুফকফাৰ মৃত্যু ঘটাত তেওঁৰ বৰজনা কোঁৱৰ ত্যাওফাচুফুকে আহোম ৰাজসিংহাসনত অধিষ্ঠিত হয় আৰু চুচেনফা নাম লয়। চুচেনফা আছিল স্বৰ্গদেউ চুফকফাৰ তিপমীয়া কুঁৱৰীৰ পুত্ৰ। চুচেনফা স্বৰ্গদেউৰ সময়ছোৱাত আহোম ৰাজ্যখন শান্তিপূৰ্ণভাৱেই পৰিচালিত হৈছিল যদিও কিছুসময় টংচু নগাসকলৰ বিদ্ৰোহৰ বাবে শান্তি বিঘ্নিত হৈছিল।

বুঢ়াগোঁহাই আৰু বৰগোঁহাই :

চুচেনফা স্বৰ্গদেউৰ ৰাজত্বকালত তেখেতৰ পিতৃৰ দিনত থকা বুঢ়াগোঁহাই আৰু বৰগোঁহায়েই দায়িত্ব পালন কৰিছিল। সেইসময়ত বুঢ়াগোঁহাই আছিল খেনলুং আৰু বৰগোঁহাই আছিল নাংনিম।

টংচু নগাৰ বিদ্ৰোহ :

স্বৰ্গদেউ চুচেনফাই আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পাছতেই টংচু নগাৰ এটা দলে আহোম ৰাজ্যৰ গাঁৱত আক্ৰমণ কৰি লুট-পাত কৰে আৰু ধন-জনৰ ব্যাপক ক্ষতি কৰে। তাৰপাছতেই খাম্পা নগায়ো টংচু নগাৰ বিৰুদ্ধে আহোম ৰজাক গোচৰ দিয়ে যে টংচু নগাৰ অত্যাচাৰত কোনো গাঁওবাসী শান্তিত থাকিব পৰা নাই।

সকলো প্ৰজাৰ বতৰা শুনি চুচেনফা স্বৰ্গদেৱে নিজে এটা সুদক্ষ আহোম বাহিনীৰ নেতৃত্ব লৈ টংচু নগাৰ বিৰুদ্ধে অগ্ৰসৰ হ’ল আৰু দুয়োপক্ষৰ মাজত বানৰুকত যুদ্ধ সংঘটিত হ’ল। স্বৰ্গদেউ চুচেনফাই নেতৃত্ব দিয়া আহোম বাহিনীটোৱে টংচু নগাক আক্ৰমণ কৰি বিধস্ত কৰিলে আৰু পুলিয়ে-পোখাই উচ্ছেদ কৰিলে। কিন্তু এই যুদ্ধত আহোম পক্ষৰো সাতকুৰি অৰ্থাৎ ১৪০ জন যোদ্ধা নিহত হ’ল। বানৰুকীয়া গোঁহাই আৰু পৰ্বতীয়া হাজৰিকা নামৰ দুজন আহোম বিষয়াই এই সংঘৰ্ষত প্ৰাণ হেৰুৱালে। চুচেনফাই সকলো টংচু নগাক পৰাস্ত কৰিলে আৰু টংচু নগাই আহোমৰ বশ্যতা স্বীকাৰ কৰিলে।

আহোম ৰজা চুচেনফাই টংচু নগাসকলক পৰাস্ত কৰাত খাম্পা নগাসকল আনন্দিত হ’ল আৰু আহোমসকলৰ বশ্যতা স্বীকাৰ কৰিলে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম :

চুচেনফা ৰজাৰ ৰাজত্বকালতে ১৪৪৯ খ্ৰীষ্টাব্দত বৰদোৱাৰ কুসুম্বৰ ভূঞাৰ গৃহত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। এইটো স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ঘটনা কিয়নো ইয়াৰ পাছৰ কালছোৱাত শংকৰদেৱে অসমৰ সমাজ-সংস্কৃতিৰ বিকাশত গুৰি ধৰিছিল।

সূৰ্যগ্ৰহণ :

চুচেনফা ৰজাৰ ৰাজত্বকালত প্ৰায় ১৪৮৬-৮৭ খ্ৰীষ্টাব্দমানত দিনতে আন্ধাৰ হৈ যোৱাৰ কথা বুৰঞ্জীসমূহত উল্লেখ আছে। আহোম বুৰঞ্জী আৰু দেওধাই অসম বুৰঞ্জীত উল্লেখ থকামতে হঠাতে দিনতে ৰাতিৰ দৰে অন্ধকাৰ হৈ গৈছিল। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ গলে দেখা যায় যে সেই ঘটনাটো নিশ্চয় সূৰ্যগ্ৰহণ আছিল,ইয়াৰ বাহিৰে আন কোনো ঘটনাই দিনতে ৰাতিৰ দৰে আন্ধাৰ কৰিব নোৱাৰে।

দৌল – দেৱালয় নিৰ্মাণ :

স্বৰ্গদেউ চুচেনফাই আনুমানিক ১৪৮০ খ্ৰীষ্টাব্দত নাগশংকৰ দেৱালয় নিৰ্মাণ কৰাইছিল। বৰ্তমানলৈকে উদ্ধাৰ হোৱা আহোম স্থাপত্য ইতিহাসৰ এইটোৱেই আছিল প্ৰথম ইটাৰ গাঁথনি।

স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালত আহোম ৰাজ্যত শান্তি-সম্প্ৰীতি বিৰাজ কৰিছিল। চুচেনফাৰ ৰাজত্বকালত বিভিন্ন স্থানীয় ৰজাৰ সৈতে আহোমৰ মিত্ৰতাও স্থাপন হৈছিল। স্বৰ্গদেউ চুচেনফাৰ নেতৃত্বত আহোম ৰাজ্য উন্নতিৰ পথলৈ আগুৱাই গৈছিল। ১৪৩৯ ৰ পৰা ১৪৮৮ খ্ৰীষ্টাব্দলৈ প্ৰায় ৪৯ বছৰকাল আহোম ৰাজ্যত ৰাজত্ব কৰি ১৪৮৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুচেনফাৰ পৰলোকপ্ৰাপ্তি ঘটে।

আৰু পঢ়ক ৯৩ তম অস্কাৰ বঁটা ২০২১ সম্পৰ্কে

সহায়ক গ্ৰন্থপঞ্জী

১) অসম বুৰঞ্জী -পদ্মনাথ গোহাঞিবৰুৱা
২) সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা
৩) আসাম বুৰঞ্জী – হৰকান্ত বৰুৱা সদৰামিন
৪) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৫) The History of Medieval Assam (1228-1603) – নগেন্দ্ৰনাথ আচাৰ্য

3 2 votes
Article Rating
Subscribe
Notify of
guest

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x