পৰ্যালোচনামনোৰঞ্জনসাময়িকী

৯৩ তম অস্কাৰ বঁটা,২০২১ৰ সম্পৰ্কে

একাডেমী বঁটা অৰ্থাৎ অস্কাৰ বঁটা প্ৰত্যেক বছৰে কেইবাটাও শিতানত বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক প্ৰদান কৰা হয়। অস্কাৰ বঁটা চলচ্চিত্ৰ জগতৰ আটাইতকৈ বিখ্যাত আৰু সন্মানীয় বঁটা। প্ৰত্যেক বছৰে “অকাডেমী অফ মচন পিকচাৰ্ছ আৰ্টছ এণ্ড চাইন্স”(Academy of Motion Pictures Arts and Scienceয়ে এই বঁটা আগবঢ়ায়। ১৯২৯ চনৰ পৰা বৰ্তমানলৈ প্ৰত্যেক বছৰে অস্কাৰ বঁটা প্ৰদান কৰি অহা হৈছে। 

৯৩ তম একাডেমী বঁটা অৰ্থাৎ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান যোৱা ২৫ এপ্ৰিলত অনুষ্ঠিত হয়। এই ৯৩তম অস্কাৰ বঁটা ২০২০ বৰ্ষৰ সকলো আৰু ২০২১ বৰ্ষৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহৰ মাজৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক প্ৰদান কৰা হয়। এই অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ দুটা স্থান, ডলবি থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হয়। চলচ্চিত্ৰ উদ্যোগত কৰণা ভাইৰাছৰ ব্যাপক প্ৰভাৱৰ বাবে এইবৰ্ষৰ অস্কাৰ বঁটা প্ৰদান প্ৰদান কৰাত দুমাহ পলম হ’ল। এইবাৰৰ অস্কাৰ বঁটাৰ বাবে মনোনীত ছবিসমূহৰ নাম যোৱা ১৫ মাৰ্চ তাৰিখেই ঘোষণা কৰা হৈছিল। 

৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত সৰ্বাধিক বঁটা লাভ কৰে ক্লৱি ঝাও (CHLOE JHAO) পৰিচালিত “ন’মাদলেণ্ড”(NOMADLAND) নামৰ আমেৰিকান চলচ্চিত্ৰখনে। এই ন’মাদলেণ্ডে সৰ্বাধিক তিনি(৩)টা অস্কাৰ বঁটা লাভ কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ন’মাদলেণ্ড চলচ্চিত্ৰখনৰ উপৰিও দা ফাদাৰ(The Father), জুডাছ এণ্ড দা ব্লেক মেচিয়াহ(Judas and the Black Messiah),মা ৰেইনীজ ব্লেক বটম(Ma Rainey’s Black Bottom),মাংক(Mank),চউল(Soul) আৰু চাউণ্ড অফ মেটেল(Sound of Metal) চলচ্চিত্ৰই দুটাকৈ অস্কাৰ লাভ কৰে আৰু আনাডাৰ ৰাউণ্ড(Another Round),কলেট(Colette),ইফ এনিথিং হেপেন্স আই লাভ ইউ(If Anything Happens I Love You),মিনাৰী(Minari),মাই অক্টোপাছ টিচাৰ(My Octopus Teacher),প্ৰমিছিং ইয়ং ৱমেন(Promising Young Woman),টেনেট(Tenet) আৰু টু ডিষ্টেণ্ট ষ্ট্ৰেনজাৰছ(Two Distant Strangers) চলচ্চিত্ৰই  এটাকৈ বঁটা লাভ কৰে। 

ডেভিড ফিন্সাৰ পৰিচালিত মাংক(MANK) চলচ্চিত্ৰই এইবাৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত সৰ্বাধিক দহ(১০)টা বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। 

আন বৰ্ষতকৈ ২০২১ বৰ্ষৰ ৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান কিয় ব্যতিক্ৰম ?

ইতিহাসত অস্কাৰ বঁটা প্রদান অনুষ্ঠান কেৱল মাত্ৰ তিনিবাৰৰ বাবে পিছুৱাই দিয়া হৈছিল। সেইবৰ্ষকেইটা আছিল – ১৯৩৮,১৯৬৮ আৰু ১৯৮১। ১৯৩৮ চনত লছ এঞ্জেলছত হোৱা বিধ্বংসী বানপানীৰ বাবে,১৯৬৮ চনত মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ হত্যাকাণ্ডৰ বাবে আৰু ১৯৮১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগনক কৰা হত্যাৰ অপচেষ্টাৰ বাবে তিনিবাৰ এই বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছিল। এইবাৰ কৰণা ভাইৰাছৰ বাবে চতুৰ্থবাৰ অস্কাৰ বঁটা প্রদান অনুষ্ঠান পিছুওৱা হয়। 

অস্কাৰৰ ইতিহাসত ১৯৩৪ চনৰ ষষ্ঠ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পাছত প্ৰথমবাৰৰ  বাবে ২০২১ চনৰ ৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান পৃথক পৃথক দুটা বৰ্ষৰ চলচ্চিত্ৰ অস্কাৰ বঁটা প্ৰদানৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ল। 

এই ২০২১ চনৰ ৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ২০০৬ চনৰ ৭৮ তম বঁটা প্ৰদান অনুষ্ঠানৰ পাছত প্ৰথমবাৰৰ বাবে কোনো এখন চলচ্চিত্ৰই তিনিটাতকৈ অধিক বঁটা লাভ কৰিবলৈ সক্ষম নহ’ল। 

লগতে ১৯৭২ চনৰ ৪৪ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পাছত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানৰ শেষত বৰ্ষটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা নহ’ল। 

এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা একাশী(৮১) বছৰীয়া এণ্টনী হপকিন্স এক ৰেকৰ্ডৰ অধিকাৰী হয়। হপকিন্স বৰ্তমানলৈকে অস্কাৰ বঁটাৰ ইতিহাসত শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা আটাইতকৈ বৰ্ষীয়ান ব্যক্তি। ইয়াৰ লগতে এইবাৰ ন’মাদলেণ্ড চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰা ক্লৱি ঝাও শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পোৱা দ্বিতীয় গৰাকী মহিলা তথা প্ৰথমগৰাকী অশ্বেতাঙ্গ মহিলা হিচাপে পৰিগণিত হয়। 

মনোনীত আৰু বিজয়ী চলচ্চিত্ৰসমূহ :

২০২১ বৰ্ষৰ ১৫ মাৰ্চৰ দিনাখন প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাছে অস্কাৰৰ অফিচিয়েল ৱেবচাইটৰ পৰা লাইভষ্ট্ৰীমিংৰ যোগেদি ৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ মনোনীত চলচ্চিত্ৰসমূহৰ নাম ঘোষণা কৰে। 

■ শ্ৰেষ্ঠ চলচ্চিত্ৰ – ন’মাদলেণ্ড(NOMADLAND)

                  পৰিচালনা – ক্লৱি ঝাও(CHLOE ZHAO)

শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত মনোনীত আন আন চলচ্চিত্ৰসমূহ আছিল –

দা ফাদাৰ(The Father),জুডাছ এণ্ড দা ব্লেক মেচিয়াহ(Judas and the Black Messiah), মাংক (Mank),মিনাৰী(Minari),প্ৰমিছিং ইয়ং ৱমেন(Promising Young Woman) চাউণ্ড অফ মেটেল(Sound of Metal),দা ট্ৰায়েল অফ দা চিকাগ’ 7(The Trial of the Chicago 7)

■শ্ৰেষ্ঠ পৰিচালক :- ক্লৱি ঝাও (CHLOE ZHAO)

                           চলচ্চিত্ৰ – ন’মাদলেণ্ড

শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত অন্য ব্যক্তিসকল –

থমাছ ভিণ্টাৰবাৰ্গ(Thomas Vinterberg)

চলচ্চিত্ৰ – আনাডাৰ ৰাউণ্ড(Another Round)

ডেভিড ফিন্সাৰ(David Fincher)

চলচ্চিত্ৰ – মাংক(Mank)

লী আইজাক চুং(Lee Issac Chung)

চলচ্চিত্ৰ – মিনাৰী(Minari)

এমেৰাল্ড ফেন্নেল(Emerald Fennell)

চলচ্চিত্ৰ – প্ৰমিছিং ইয়ং ৱমেন(Promisimg Young    Woman)

■ শ্ৰেষ্ঠ অভিনেতা :- এণ্টনী হপকিন্স(Anthony Hopkins)

                       চলচ্চিত্ৰ – দা ফাদাৰ(The Father)

শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত আন ব্যক্তিসকল –

ৰিজ আহমদ(Riz Ahmed)

চলচ্চিত্ৰ – চাউণ্ড অফ মেটেল(Sound of Metal)

চাদৱিক বছমেন(Chadwick Boseman)

চলচ্চিত্ৰ – মা ৰেইনীজ ব্লেক বটম(Ma Rainey’s Black Bottom)

গেৰী অল্ডমেন(Garry Oldman)

চলচ্চিত্ৰ – মাংক(Mank)

ষ্টিভেন ইয়ুন(Steven Yeun)

চলচ্চিত্ৰ – মিনাৰী(Minari)

■ শ্ৰেষ্ঠ অভিনেত্ৰী :- ফ্ৰান্সেছ মেকদৰমাণ্ড(Frances Mcdormand)

                      চলচ্চিত্ৰ – ন’মাদলেণ্ড(Nomandland)

শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত আন আন অভিনেত্ৰীসকল –

ভায়লা ডেভিছ(Viola Davis)

চলচ্চিত্ৰ – মা ৰেইনীজ ব্লেক বটম(Ma Rainey’s Black Bottom)

এন্দ্ৰা ডে(Andra Day)

চলচ্চিত্ৰ – দা ইউনাইটেড ষ্টেটছ ভাৰ্চ্চাচ বিলি হলীদে (The United States vs Billie Holiday)

ভেনিচা কিৰবী(Venessa Kirby)

চলচ্চিত্ৰ – পিচেছ অফ এ ৱমেন(Pieces of a Woman)

কেৰী মুলিগান(Carey Mulligan)

চলচ্চিত্ৰ – প্ৰমিছিং ইয়ং ৱমেন(Promising Young Woman)

■ শ্ৰেষ্ঠ সহঃঅভিনেতা :- ডেনিয়েল কালুয়া ( Daniel Kaluuya)

 চলচ্চিত্ৰ – জুডাছ এণ্ড দা ব্লেক মেচিয়াহ( Judas and the Black Messiah)

■ শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী :- য়ুহ জুঙ য়াওন (Yuh Jung Youn)

চলচ্চিত্ৰ – মিনাৰী(Minari)

■ শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য(Best Adapted Screenplay):- দা ফাদাৰ (The Father)

■ শ্ৰেষ্ঠ মূল চিত্ৰনাট্য(Best Original Screenplay):-

এমেৰাল্ড ফেন্নেল(Emerald Fennell)

চলচ্চিত্ৰ – প্ৰমিছিং ইয়ং ৱমেন(Promising Young Woman)

■ শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম :- চউল(Soul)

■ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম :- 

ডেনমার্কৰ চলচ্চিত্ৰ আনাডাৰ ৰাউণ্ড(Another Round)

■ শ্ৰেষ্ঠ তথ্যচিত্ৰ :- মাই অক্টোপাছ টিচাৰ(My Octopus Teacher)

■ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী :- মাংক (Mank)

■ শ্ৰেষ্ঠ কষ্টিউম ডিজাইন :- মা ৰেইনীজ ব্লেক বটম (Ma Rainey’s Black Bottom)

■ শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা(ফিল্ম এডিটিঙ) :- 

চাউণ্ড অফ মেটেল(Sound of Metel)

■ মেক আপ এণ্ড হেয়াৰষ্টাইলিং :- 

মা ৰেইনীজ ব্লেক বটম(Ma Rainey’s Black Bottom)

■ অৰিজেনেল স্কৰ :- ট্ৰেন্ত ৰেজনৰ,এতিকাছ ৰ’জ আৰু জন বাতিষ্টা(Trent Reznor,Atticus Ross and John Batiste)

চলচ্চিত্ৰ – চউল(Soul)

■ অৰিজেনেল চং :- ফাইট ফৰ ইউ(Fight for You)

চলচ্চিত্ৰ – জুডাছ এণ্ড দা ব্লেক মেছিয়াহ (Judas and the Black Messiah)

■ প্ৰডাকচন ডিজাইন :- মাংক (Mank)

■ শ্ৰেষ্ঠ চাউণ্ড :-চাউণ্ড অফ মেটেল(Sound of Metal)

■ ভিজুৱেল ইফেক্টছ :- টেনেট(Tenet)

■ তথ্যচিত্ৰ (সৰু বিষয়):- কলেটে(Colette)

■ শ্ৰেষ্ঠ লাইভ চুটি ছবি :- দা ডিষ্টেণ্ট ষ্ট্ৰেনজাৰ্ছ(The Distant Strangers)

■ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি :-ইফ এনিথিং হেপেন্স আই লাভ ইউ(If Anything Happens I Love You)

এনেদৰেই অন্ত পৰে ২০২১ ৰ ৯৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। কৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এইবাৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান সামাজিক দূৰত্ব মানি চলি পালন কৰা হয়। ৰেজিনা কিঙে আৰম্ভণি ঘটোৱা এই অনুষ্ঠানৰ সামৰণি পৰে জাঁকুইন ফনেক্সৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাৰ ঘোষণাৰ যোগেদি। এইবাৰৰ ৯৩ সংখ্যক অস্কাৰ বঁটা হোষ্টবিহীনভাৱে প্ৰদান কৰা হয়। ২০২১ বৰ্ষৰ ৯৩ তম অস্কাৰ বঁটা লাভ কৰা সকলো চলচ্চিত্ৰৰ কলা-কুশলীকে আমাৰ তৰফৰ পৰা শুভেচ্ছা তথা অভিনন্দন লগতে অস্কাৰৰ বাবে মনোনীত হোৱা সকলো চলচ্চিত্ৰৰ কলা কুশলীকো শুভেচ্ছা।

ডাউনলোড কৰক সাৰথিৰ নিৰ্বাচিত ৰচনা ২০২০-২১

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক ৯৩ তম অস্কাৰ বঁটা ২০২১ সম্পৰ্কে […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x