তথ্যকোষপৰ্যালোচনাসাময়িকী

অসমীয়াৰ প্ৰাণৰ ব’হাগ

ব’হাগ বিহু সন্দৰ্ভত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই গোৱা এটা গীতেৰেই অসমীয়া সমাজত ইয়াৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি –

“ব’হাগ মাথোঁ এটি ঋতু নহয়

নহয় ব’হাগ এটি মাহ,

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গণ জীৱনৰ ই সাহ। “

প্ৰতি অসমীয়াৰ প্ৰাণৰ বিহুটিৰ সম্পৰ্কে আমাৰ এই চমু লেখা সাৰথিৰ পাঠকলৈ-

বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দনেৰে প্ৰবাহিত হৈ থকা এক সাংস্কৃতিক ধাৰা। বিহু কেৱল মাত্ৰ অসমীয়াৰ জাতীয় উৎসৱেই নহয়,বিহু অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম নিদৰ্শন। বিহুতেই অসমীয়া সমাজ জীৱনৰ সকলো দিশ সোমাই আছে। কৌটিকালৰে পৰাই বিহু অসমত উদযাপিত হৈ আহিছে আৰু অসমীয়া জাতিৰ শেষ বিন্দুলৈকেও বিহু উদযাপিত হৈ যাব। বিহুৰ লগত জড়িত ৰীতি-নীতিবোৰে অসমীয়া গ্ৰাম্য জীৱনৰ লগতে কৃষিৰ লগত জড়িত লোকাচাৰৰ সকলো দিশ প্ৰতিফলিত কৰে।

বিহুৰ উৎপত্তিৰ মত :

বিহুত উৎপত্তি সন্দৰ্ভত বিভিন্ন পণ্ডিত তথা গৱেষকে ভিন ভিন মত প্ৰকাশ কৰিছে। ইয়াৰোপৰি, বিহু শব্দটোৰ উৎপত্তি সন্দৰ্ভতো নানা মতভেদ থকা লক্ষ্য কৰা যায়। তাৰে ভিতৰত সংস্কৃত “বিষুৱণ” শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে বোলা মতটো সর্বগ্রাহ্য বুলি ক’ব পাৰি।

অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুৰ সম্পৰ্কে :

ৰঙালী বিহু বা ব’হাগ বিহু অসমীয়াৰ হিয়াৰ আমঠু। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা ব’হাগ বিহু আৰম্ভ হয় আৰু ব’হাগ মাহৰ ষষ্ঠদিনা শেষ হয়। সাতদিন ধৰি পালন কৰা এই বিহুৰ প্ৰত্যেক দিনৰে একোটাকৈ পৃথক নাম আৰু পৰম্পৰা আছে। সেই সাতবিহু ক্ৰমানুসাৰে –

১) চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু,

২) ব’হাগৰ প্ৰথম দিনা মানুহ বিহু,

৩) ব’হাগৰ দ্বিতীয় দিনা গোঁসাই বিহু বা সাত বিহু

৪) ব’হাগৰ তৃতীয় দিনা চেনেহী বিহু,

৫) ব’হাগৰ চতুৰ্থ দিনা মাইকী বিহু বা জেং বিহু

৬) ব’হাগৰ পঞ্চম দিনা ৰঙালী বিহু আৰু

৭) ব’হাগৰ ষষ্ঠ দিনা এৰা বিহু বা চেৰা বিহু।

কিন্তু এই মূল সাতবিহুৰ বিভিন্ন জনগোষ্ঠীভেদে ভিন ভিন নাম আছে। জাতি-জনগোষ্ঠী ভেদে ভিন ভিন নাম হলেও সমগ্ৰ অসমীয়া জাতিয়ে ব’হাগ বিহু উলহ-মালহেৰে পালন কৰে।

গৰু বিহু:

ব’হাগ বিহু বা ৰঙালী বিহুৰ প্ৰথম দিনটোৱেই হ’ল গৰু বিহু। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। সমগ্ৰ অসমৰ লোকসকলে মূলতঃ গ্ৰাম্য সমাজৰ লোকে গৰু বিহু বৰ উলহ-মালহেৰে আৰু আধ্যাত্মিকতাৰে পালন কৰে। গৰু বিহুৰ পোনপটীয়াকৈ কৃষিৰ লগত সম্পৰ্ক আছে।

গৰু বিহুৰ দিনা পুৱাই দোকমোকালিতে শোৱাপাটীৰ পৰা উঠি গাঁৱৰ প্ৰত্যেকঘৰ মানুহেই লাও,বেঙেনা,কেৰেলা আদিৰে চাট সাজে। তাৰপাছতেই মাহ-হালধি পতাত পিহি লৈ গৰুৰ গাত ঘঁহি দিয়ে আৰু নিজৰ গোহালিৰ গৰুসমূহ দীঘলতী, মাখিয়তীৰে কোবাই কোবাই লৈ যায় আৰু নৈ,বিল,জান-জুৰিৰ কাষত বা মুকলি পথাৰত সমজুৱাকৈ ৰাইজ গোট খায়। তাৰপাছতেই আৰম্ভ হয় গৰু বিহুৰ প্ৰকৃত ৰং-ৰহইচ। সকলো ৰাইজ একেলগ হৈ গৰু গা ধুৱায় আৰু গৰুৰ গাত চাটৰ লাও,বেঙেনা, কেৰেলা ছটিয়ায় আৰু গায় –

“লাও খা, বেঙেনা খা

বছৰে বছৰে বাঢ়ি যা,

মাৰ সৰু,বাপেৰ সৰু

তই হ’বি বৰ বৰ গৰু। “

ইয়াৰ জৰিয়তে গৰুৰ শ্ৰীবৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰা হয়।

এই নীতি-নিয়মসমূহৰ পাছতেই সকলো লোকেই ইজনে সিজনলৈ আনন্দত পানী ছটিয়ায় খেলে আৰু নিজৰ নিজৰ গৰু চৰিবলৈ মেলি দিয়ে। তাৰপাছতেই সকলো লোকে নিজৰ চাট এজনে আনজনৰ লগত সলনি কৰে আৰু সকলো ঘৰমুৱা হয়। এই চাট গৃহস্থই সযতনে গোহালিৰ এটা চুকত ওলোমাই থয়। ঘৰত সকলোৱে মাহ-হালধিৰে গা-পা ধুই আজৰি হৈ কণী যুজঁ খেলে,যাৰ অবিহনে ব’হাগ বিহু অসম্পূৰ্ণ।

সন্ধিয়া গৰু ঘৰলৈ উভতি অহা সময়ত জপনামুখত আৰু গৰুৰ গোহালিৰ মুখত বিহলঙনী, টিকনি বৰুৱা,তুঁহ,খেৰ আদিৰে জুই জ্বলাই জাগ দিয়া হয়। এই জাগৰ ধোঁৱা বিচনীৰে বিচি গৰুক দিয়া হয়। গৰুবিহুৰ দিনা গৰুক নতুন পঘা পিন্ধোৱা হয়। এই পঘাক “তৰাপঘা” বুলি কোৱা হয়।

গৰু বিহুৰ দিনাই নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰৰ চুকত লগোৱা হয়। এই মন্ত্ৰটো হৈছে –

“দেৱ দেৱ মহাদেৱ,নীলগ্ৰীৱ জঁটাধৰ।

বাত বৃষ্টি হৰং দেৱ,মহাদেৱ নমস্ততে। । “

ঘৰখন যাতে বৰদৈচিলা বা আন যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰে,তাৰ বাবেই গৃহস্থই নাহৰ পাতত এই মন্ত্ৰ লিখি দুৱাৰত লগায়।

গৰু বিহুৰ দিনাই অসমীয়া লোকে এশ এবিধ(১০১) শাক বুটলি খোৱাটো এটা নিয়ম। এই দিনটোত আমৰলি টোপো খোৱা হয়। আমৰলি টোপ খালেও এশ এবিধ শাক খোৱাৰ দৰেই হয় বুলি কোৱা হয়। অসমৰ বহু ঠাইত সাত বিহুৰ দিনাহে এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে।

মানুহ বিহু :

ব’হাগ মাহৰ প্ৰথমটো দিনেই মানুহ বিহু হিচাপে পালন কৰা হয়। এই দিনটোৱেই অসমীয়া নৱবৰ্ষৰ পহিলা দিন। মানুহ বিহুৰ দিনা ৰাতিপুৱাই সকলোৱে গা-পা ধুই আজৰি হয় আৰু নতুন কানি-কাপোৰ পিন্ধে। কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনায় আৰু জ্যেষ্ঠসকলে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে। অসমীয়া শিপিনীয়ে কত দিনৰে পৰা কষ্ট কৰি তৈয়াৰ কৰা ফুলাম বিহুৱান এই দিনটোতেই প্রিয়জনক তথা জ্যেষ্ঠ আৰু কনিষ্ঠসকলক প্ৰদান কৰে।

মানুহ বিহুৰ দিনাই ৰাতিপুৱা নিমপাত চোবাই খোৱাৰ এটা প্ৰথা আছে যাতে গোটেই বছৰটোৰ বাবে ৰোগমুক্ত হৈ থাকে। এই দিনটোতেই ৰাইজ নামঘৰলৈ গৈ চাকি-বন্তি জ্বলায় আৰু নতুন বছৰটো শুভ হোৱাৰ কামনা কৰে। এইদিনাই পৰিয়ালৰ সকলো একেলগ হৈ জা-জলপান,পিঠা-পনা খায়।

এনেদৰেই ব’হাগ বিহুৰ সাতদিনৰ প্ৰতিটো দিনেই অসমীয়া ৰাইজে উলহ-মালহেৰে পালন কৰে। নামানুসৰি ব’হাগ বিহু সাতদিনীয়া যদিও সম্পূৰ্ণ ব’হাগ মাহটোয়েই অসমীয়া ৰাইজ বিহুত মচগুল হৈ থাকে।

বিহুৰ পিঠা পনা :

অসমীয়া লোকসকল খাদ্যৰসিক বুলি এটা সুনাম আছে। অসমীয়াৰ এই খাদ্যৰসিক সুনামৰ প্ৰতিফলন ঘটিছে অসমীয়াৰ প্ৰাণৰ ব’হাগৰ বিহুত। ব’হাগৰ বিহুত অসমীয়া গৃহিনীয়ে নানা তৰহৰ পিঠা পুৰে। চ’তৰ প্ৰায় দ্বিতীয়টো পষেকৰ পৰা অসমীয়া গৃহিনীসকল ধান শুকুওৱা, ধান বনা, ধান জৰা, ধান ভজা, পিঠা খুন্দা, পিঠা পুৰা আদি কাৰ্য্যত ব্যস্ত হৈ পৰে। আৰু এইবোৰ কাৰ্য্যই অসমীয়া সংস্কৃতি তথা পৰম্পৰাই সমৃদ্ধ কৰি আহিছে। বিহুত অসমীয়া গৃহিনীয়ে পুৰা দুবিধমান পিঠা হৈছে – তিল পিঠা,নাৰিকলৰ পিঠা,ঘিলা পিঠা,চুঙা পিঠা,সুতুলি পিঠা,তেল পিঠা,টেকেলি পিঠা,খোলা চপৰীয়া পিঠা ইত্যাদি। ইয়াৰ উপৰিও বিভিন্ন লাড়ু যেনে নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আদি বনোৱা হয়। ব’হাগ বিহুত গৃহিনীসকলে বিভিন্ন জলপান প্ৰস্তুত কৰে। যেনে – চিৰা, মুড়ি, কোমল চাউল,হুৰুম,সান্দহ আদি।

বিহু নাচ আৰু বিহুগীত:

বিহু অসমৰ লোক-সংস্কৃতিৰ পৰিচায়ক। বিহু নাচ আৰু বিহু নাম বিহুৰ অপৰিহাৰ্য অংগ। সেয়ে বিহুনাচ অসমৰ লোকনাচ আৰু বিহুনাম অসমৰ লোকনাম। বিহুনৃত্যৰ উৎপত্তিত অসমৰ চহা জীৱনৰ বহুতো অৱদান আছে। বিহুনাচত যিবোৰ মুদ্ৰা প্ৰদৰ্শিত হয় সেই মুদ্ৰাবোৰ অসমৰ কৃষিজীৱী সমাজৰ লগত জড়িত মুদ্ৰা বুলি কোৱা হয়। অসমত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰাই বিহুয়ে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আহিছে যদিও ঊনবিংশ শতিকাৰ অভিজাত শ্ৰেণীৰ অসমীয়া সকলে বিহু নাচক যৌনগন্ধী নৃত্য তথা অশ্লীল নৃত্য বুলি অভিহিত কৰিছিল। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এচাম অসমহিতৈষী ব্যক্তিৰ তৎপৰতাত বিহুনাচৰ বিৰুদ্ধে উত্থাপিত মনে সজা অভিযোগ নস্যাৎ হৈছিল আৰু ইয়াৰ যোগেদিয়েই প্ৰমাণ হৈছিল যে প্ৰকৃত অসমীয়া থাকে মানে কোনেও কেতিয়াও বিহুৰ অন্ত পেলাব নোৱাৰে।

বিহুগীতসমূহত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা ডেকা গাভৰুৰ প্ৰণয়কে ধৰি পৌৰাণিক অসমৰ সামাজিক, আৰ্থিক তথা ধৰ্মীয় বিষয়ৰ লগত সম্পৰ্কিত। বিহুগীতে অসমত সাৰ্বজনীনতা লাভ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুগীতৰ প্ৰচলন আছে আৰু এই বিহুগীতবোৰৰ তাৎপৰ্য আছে। বিহুনামত নানা ফল,ফুল,গছ,লতা আদিৰো বৰ্ণনা সন্নিৱিষ্ট হৈ থাকে।

বিহুগীতৰ তাৎপৰ্য তথা বৈশিষ্ট্য সম্পৰ্কে গণশিল্পী হেমাংগ বিশ্বাসে কোৱা এষাৰ কথাৰ পৰাই অনুমান কৰি ল’ব পাৰি। তেওঁ কৈছিল, “যি নাই অসমত,সি নাই বিহুগীতত। যি নাই বিহুগীতত,সি নাই অসমত। অসম আৰু অসমীয়াৰ জনমানসৰ নির্ভুল দাপোণ এই বিহু। “

ব’হাগ বিহুয়ে অসমীয়াৰ মাজলৈ প্ৰেম তথা আনন্দৰ বাৰ্তা কঢ়িয়াই আনে। ব’হাগ বিহুয়ে অসমক এক নতুন ৰূপ প্ৰদান কৰে। ব’হাগ বিহুৰ সময়তে প্ৰকৃতিয়েও নিজৰ ৰূপ সলনি কৰে। অসমীয়াই বিহু উদযাপন কৰি আহিছে আৰু কৰি গৈ থাকিব লগতে পালন কৰি গৈ থাকিব বিহুৰ লগত বিজড়িত কৃষ্টি-সংস্কৃতিবোৰ। বিহুয়ে অসমক বিশ্বৰ ভিতৰতে এটা চিনাকি প্ৰদান কৰিছে। ব’হাগ বিহুৰ মাদকতাই সুকীয়া। বিহুয়ে অসমীয়াৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে।

সঁচাই ব’হাগ অসমীয়াৰ বাবে কোনো দিন,ঋতু,মাহ বা বছৰ নহয়;ব’হাগ অসমীয়াৰ আৱেগ,ব’হাগ অসমীয়া জাতীয় জীৱনৰ এক পীঠস্থান,ব’হাগ অসমীয়া জাতিৰ পৰিচয়।

পৰিৱৰ্তনত বিহুঃ

জাতিৰ পৰিচয় দাঙি ধৰা আমাৰ আপোন বিহুটি তাহানিৰ গছতলৰ পৰা আহি আজিৰ মঞ্চবিহু তথা ইন্টাৰনেটৰ মজিয়া পালেহি। অসমৰ মঞ্চবিহুৰ ইতিহাস খুচৰি চালে দেখা যায় যে ১৯৫২ চনত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ লতাশিল খেলপথাৰত ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত আয়োজিত বিহুখনেই প্ৰথম অসমৰ মঞ্চবিহু। ইয়াৰ পাছৰ সময়খিনিত বিভিন্ন অসমীয়া দল-সংগঠনে মঞ্চ বিহুৰ আয়োজন কৰা তথা মঞ্চত বিহু প্ৰদৰ্শনৰ লগতে বিহুৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা আৰু খেল-ধেমালিৰো আয়োজন কৰা দেখা যায়। পাছলৈ মঞ্চবিহুক আৰু অধিক আকৰ্ষণীয় তথা উপভোগ্য কৰি তুলিবলৈ বিহু আয়োজন সমিতিসমূহে জনপ্ৰিয় গায়ক-গায়িকাৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিবলৈ ল’লে। 

বিহুৰ বাণিজ্যিকীকৰণঃ

বহু সময়ত দেখা যায় কৰ্পোৰেট হাউচ বা ঔদ্যোগিক প্ৰতিষ্ঠানবোৰে এই বিহু অনুষ্ঠানবোৰৰ পৃষ্ঠপোষকতা কৰে যাতে তেওঁলোকৰ নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰচাৰ হয়। তেওঁলোকে প্ৰতিযোগীসকলৰ পুৰষ্কাৰৰ লগতে আমন্ত্ৰিত শিল্পীৰ মাননি আদিত পৃষ্ঠপোষকতা কৰে আৰু তাৰ বিনিময়ত তেওঁলোকৰ ব্যৱসায়িক মুনাফা আদায় কৰে।

শেহতীয়াকৈ, স্থানীয় মিডিয়া হাউচবোৰেও বিহুৰ সময়ত ‘ৰিয়েলিটি শ্ব’ৰ ৰূপত বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাবোৰে কিছুমান ৰাষ্ট্ৰীয় দূৰদৰ্শনত আন কিছুমান জনপ্ৰিয় নৃত্য আৰু সংগীতৰ ৰিয়েলিটি শ্ব’ৰ চেনেলসমূহৰ নিয়ম আৰু ডিজাইন অনুসৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু গোট আৰু ব্যক্তিগত বিহু নৃত্যশিল্পী আহি এই অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাবোৰৰ সৈতে স্থানীয় চেনেলবোৰে তিনিওটা বিহুৰ এমাহমানৰ আগৰ পৰা প্ৰস্তুতি চলাই অনুষ্ঠান প্ৰদৰ্শন কৰা আৰম্ভ কৰে। এই চেনেলসমূহত অসমত বিহু নৃত্য আৰু সংগীত (যিটো কেৱল বহাগ বিহুত পৰিৱেশন কৰা হয়) দৰ্শকসকলক মনোৰঞ্জন প্ৰদান কৰিবলৈ গৈ তিনিওটা বিহুতে প্ৰায় সমান কৰি তুলিছে। একেদৰে, এটা কথা লক্ষ্যণীয় যে উক্ত প্ৰতিযোগিতা অথবা অনুষ্ঠানবোৰত অংশগ্ৰহণকাৰীসকল তেওঁলোকৰ আৱেগ আৰু সন্মানৰ বাবে নে কিছু খ্যাতি অৰ্জন কৰিবলৈ কিছু প্ৰদৰ্শনকামিতাৰ আশ্ৰয় লয় ?  

বিহুৰ এক নতুন ধাৰাৰ আমদানি কৰিছিল জনপ্ৰিয় বিহু নৃত্য নাটকৰ ভিচিডিৰ বিস্তৃত প্ৰচলনে। প্ৰায় ২০০৫ৰ পৰা ২০১৫ চনলৈ অসমৰ চহৰ আৰু গ্ৰাম্য পৰিৱেশ দুয়োটাতে বিহু ভিচিডিবোৰ মনোৰঞ্জনৰ এক নতুন ধাৰা হিচাপে উদ্ভৱ হৈছিল। এই নৃত্য আৰু কাহিনীসমূহত ৰোমাঞ্চ, বিচ্ছেদ, প্ৰায়ে এক সাধাৰণভাৱে দাম্পত্যতা আৰু পাৰিবাৰিক মিলনৰ অন্তিম টোকাসহ গ্ৰাম্য পৰিৱেশে বিশেষ স্থান লাভ কৰিছিল। যদিও ভিচিডিবোৰত বিহু উৎসৱৰ নৃত্য আৰু সংগীত ধৰি ৰাখিবলৈ কিছু পৰিমাণে সক্ষম হৈছিল, আধুনিক বিহুগীতৰ গুণাগুণ আৰু নৃত্যই বহু সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল।  

বিহুৰ বাণিজ্যিকীকৰণ সন্দৰ্ভত উত্থাপিত আন এটা বিষয় হৈছে বিহু কৰ্মশালা। প্ৰতি বছৰে কিছুমান চৰকাৰী শিক্ষাৰ্থী বা সামাজিক সংগঠনৰ সহযোগত মাৰ্চ-এপ্ৰিল মাহত ৭ ৰ পৰা ১৫ দিনৰ বাবে অসমৰ বহু ঠাইত বিহু কৰ্মশালাৰ আয়োজন কৰা দেখা যায়। কৰ্মশালাবোৰত বিহু নৃত্য আৰু সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষকসকলে বিহু নৃত্য আৰু সংগীতৰ বিষয়ে তত্ত্ব আৰু অনুশীলন দুয়োটা শিকায়। আগতে গ্ৰাম্য সমাজত কনিষ্ঠসকলে জ্যেষ্ঠসকলৰ পৰা বিহু শিকাৰ পৰম্পৰা আছিল, যিটো আজিকালি চহৰবোৰত সম্ভৱ নহয় বা সেই পৰিৱেশ এতিয়া নাই সেয়েহে কৰ্মশালাই তেওঁলোকক দিয়ে শিকাৰ এটা সুন্দৰ পৰিৱেশ।

মন কৰিবলগীয়া যে কৰ্মশালাবোৰো বহুতো ‘বিহু বিশেষজ্ঞ’ৰ বাবে উপাৰ্জনৰ এক মুখ্য উৎস হৈ পৰিছে। অৱশ্যে, এয়াও দেখা যায় যে, কিছুমান প্ৰশিক্ষকে নিজেই বিহুৰ সৈতে ভালদৰে পৰিচিত নহয়। লগতে অংশগ্ৰহণকাৰীৰ সংখ্যাবোৰ সাধাৰণতে বেছি হোৱা দেখা যায় গতিকে শিক্ষাৰ্থীসকলে প্ৰশিক্ষণত বিশেষ ভালদৰে শিকিব নোৱাৰে ফলত ই হৈ পৰে কেৱল আয়োজকসকলৰ বাবে এটা ধন উপাৰ্জনৰ ব্যৱসায়।

সেয়া যি হওক, বিহু উৎসৱ হৈছে অসমৰ সকলো সাংস্কৃতিক উত্সৱৰ ভিতৰত মধ্যমণি। দ্ৰুত আধুনিকীকৰণ, বিশ্বায়ন আৰু সংকৰকৰণৰ সৈতে প্ৰচুৰ পৰিৱৰ্তন বিহু নৃত্য আৰু সংগীতৰ ৰীতি-নীতি, পৰম্পৰালৈ আহিছে। ইয়াৰ মাজতো বিহুৰ পৰম্পৰা কেনেদৰে জীয়াই ৰাখিব লাগে সেই বিষয়ে ৰাজ্যৰ সচেতন লোকসকলৰ মাজত চিন্তা-চৰ্চা অটুট আছে। সেয়ে সংশ্লিষ্ট লোক আৰু বিহুৱা-বিহুৱতীৰ এটা গোটৰে ২৫ ডিচেম্বৰ, ২০১০ ত এখন সমিতি গঠন কৰা হৈছিল যাক ‘সদৌ অসম বিহুৱা বিহুৱতী সন্মিলনী’ নাম দিয়া হৈছিল, যিখন ১২ মাৰ্চ, ২০১১ত ‘বিহু সুৰক্ষা সমিতি’ বুলি পুনৰ নামাকৰণ কৰা হয়। সমিতিখনৰ মূল লক্ষ্য হৈছে বিহু উৎসৱৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ সংৰক্ষণ।

আধুনিকীকৰণ বা সাংস্কৃতিক আক্ৰমণ বুলি কওঁক – যেতিয়াৰ পৰা ৰঙালী বিহু মঞ্চলৈ আহিছে, ই সকলো দিশতে বহুদূৰলৈ ৰূপান্তৰিত হৈছে। বিহুগীতৰ কথাত এই পৰিৱৰ্তনবোৰ স্পষ্ট। এই পৰিৱৰ্তন অনিবাৰ্য কিয়নো এটা ভাষাৰ জন্ম হয়, বৃদ্ধি হয় আৰু সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তনো হয়। আন নৃত্যৰ প্ৰভাৱত বিহু নৃত্যৰ গতিবিধিও নিৰন্তৰ পৰিৱৰ্তন হৈ আহিছে। ৰঙালী বিহু দৃশ্য-শ্ৰাব্য মাধ্যমলৈ অহাৰ লগে লগে, বিশেষজ্ঞসকলে বিহু সংগীত আৰু নৃত্যৰ স্বকীয়তা জীয়াই ৰখাত অসুৰক্ষিত হোৱা যেন অনুভৱ কৰে। আনহাতে, বিহু অনুষ্ঠানবোৰো ব্যয়বহুল হৈ আহিছে, আৰু ৰাজ্যখনত বৃহৎ বাজেটৰ বিহু অনুষ্ঠান অনুষ্ঠিত হ’বলৈ আৰম্ভ কৰিছে। এনে ৰূপান্তৰ হোৱা স্বত্বেও বিহু জীয়াই থাকিব, যিহেতু বিহু আমাৰ প্ৰাণ – প্ৰতি অসমীয়াৰ প্ৰাণৰ আপোন। অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে জীয়াই থাকিব বিহু।

ডাউনলোড কৰক সাৰথিৰ নিৰ্বাচিত ৰচনা ২০২০-২১

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x