আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুবিনফা – আহোমৰ তৃতীয়জন স্বৰ্গদেউ

চুবিনফা আছিল আহোমৰ তৃতীয়জন স্বৰ্গদেউ। ১২৮১ চনত প্ৰায় তেৰ (১৩) বছৰ ৰাজত্ব কৰি দ্বিতীয়জন আহোম স্বৰ্গদেউ চুতেউফাৰ মৃত্যু হয়। চুতেউফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ চুবিনফাই আহোম ৰাজ্যৰ তৃতীয়জন স্বৰ্গদেউৰূপে সিংহাসনত আৰোহণ কৰে। চুবিনফা ৰজাৰ ৰাজত্বকাল বৰ বেছি দীঘলীয়া নাছিল যদিও তেওঁ পূৰ্বতে আহোম ৰাজ্যত চলি অহা অস্থায়ী ব্যৱস্থা কিছুমানৰ পৰিৱৰ্তে কিছুমান স্থায়ী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। ৰাজকাৰ্য্যত সুবিধাৰ হেতুকে চুবিনফা ৰজাই চুকাফাৰ লগত অসমলৈ অহা লোকসকলক নিৰ্দিষ্ট কিছুমান ভাগত ভগালে। 

ৰাজ্যৰ শাসনৰ বিভাজনঃ

চুবিনফা ৰজাই আহোম ৰাজ্যত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিলে। চুবিনফাই আহোম ৰাজ্যখন দুভাগত বিভক্ত কৰি উজনিৰ দায়িত্ব বুঢ়াগোঁহাইক আৰু নামনিৰ দায়িত্ব বৰগোঁহাইক প্ৰদান কৰিলে। লগতে চুবিনফা ৰজাই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ মাজত প্ৰজাসকলক নিৰ্দিষ্টকৈ ভগাই দিয়ে। লগতে স্বৰ্গদেউ চুবিনফাই বুঢ়াগোঁহাই আৰু বৰগোঁহাইক নিৰ্দিষ্ট অঞ্চল প্ৰদানৰ বিনিময়ত বাৰ্ষিক কৰ দাবী কৰে। 

সাতঘৰীয়া আহোমৰ গঠনঃ

স্বৰ্গদেউ চুবিনফাই আহোম লোকসকলক দায়িত্ব দিবলৈ নিৰ্দিষ্ট কিছুমান ব্যৱস্থা কৰি ভাগ কৰিছিল।  স্বৰ্গদেউ চুবিনফাই প্ৰথম সাতঘৰীয়া আহোমৰ সৃষ্টি কৰিছিল। সেইসময়ত গঠন কৰা সাতঘৰীয়া আহোমৰ খেলসমূহ আছিল – 

১) ৰাজকোঁৱৰ

২) বুঢ়াগোঁহাই

৩) বৰগোঁহাই

৪) দেওধাই

৫) মহন

৬) বাইলুং আৰু

৭) চোমচিৰিং

পাছলৈ পৰৱৰ্তী সময়ৰ আহোম স্বৰ্গদেউসকলৰ দিনত সাতঘৰীয়া আহোমৰ খেলসমূহ পৰিৱৰ্তন হয়। 

স্বৰ্গদেউ চুবিনফাই লুখুৰাখন খেলৰ সৃষ্টি কৰিছিল। লুখুৰাখন খেলৰ মানুহে মৈদাম দিবলৈ “ৰুংডাং”ৰ যোগান ধৰিছিল। চুবিনফাই মাউত ফমকিন আৰু বৰাহীৰ কালুং বৰাৰ বংশধৰৰ পৰা এই লুখুৰাখন খেলৰ সৃষ্টি কৰিছিল। 

স্বৰ্গদেউ চুবিনফাই এনেদৰে আহোমৰ নতুন নতুন খেলৰ সৃষ্টি কৰিছিল আৰু চুকাফাৰ লগত অহা আহোমসকলক শৃংখলাবদ্ধভাৱে সংগঠন কৰিছিল। 

থাউৰুৰু বুঢ়াগোঁহাইৰ নিৰুদ্দেশঃ

স্বৰ্গদেউ চুবিনফাৰ ৰাজত্বকালতে আহোম ৰাজ্যৰ দ্বিতীয়জন বুঢ়াগোঁহাই থাউৰুৰু বুঢ়াগোঁহাই নিৰুদ্দেশ হ’ল। তেওঁ নিৰুদ্দেশ হোৱাৰ বিষয়ে দুটা মত পোৱা যায়। 

প্ৰথম মত অনুসৰি,স্বৰ্গদেউ চুবিনফাক থাউৰুৰু বুঢ়াগোঁহায়ে সময়মতে কৰ যোগান ধৰিব নোৱাৰাত ৰজাই তেওঁক খঙৰ ভমকত গালি-শপনি পাৰিলে।  আৰু তাৰ ফলশ্ৰুতিত তেওঁ মনত বেজাৰ কৰি আহোম ৰাজ্য ত্যাগ কৰি গুচি গ’ল। তেওঁ কোনফালে গ’ল, কিয় গ’ল এইবোৰৰ বিষয়ে কোনেও সম্ভেদ নাপালে। 

দ্বিতীয় মত অনুসৰি,স্বৰ্গদেউ চুবিনফাই থাউৰুৰু বুঢ়াগোঁহাইক ৰাজ্যৰ বিভিন্ন বাট-পথ নিৰীক্ষণৰ বাবে নিয়োগ কৰিলে। কিন্তু থাউৰুৰু বুঢ়াগোঁহায়ে বাট-পথৰ দিশ পাহৰি এঠাইত পৰ্বতৰ পৰা পিছলি পৰিল আৰু মৰাণ এঘৰৰ ওচৰত পৰিল। সেই মৰাণ মানুহঘৰেই থাউৰুৰু বুঢ়াগোঁহাইক নানা ঔষধ-পাতি দি সুস্থ কৰিলে। তাৰপাছত,তেওঁ সেই মৰাণ মানুহঘৰৰে কন্যাগৰাকীক বিয়া কৰিলে। বিবাহৰ পাছত তেওঁৰ এটা পুত্ৰ সন্তানৰ জন্ম হ’ল। আৰু কিছুবছৰৰ পাছত তেখেতৰ মৃত্যু হ’ল। মৃত্যুৰ আগমুহূৰ্তত তেখেতে নিজৰ বুঢ়াগোঁহাই পদবীৰ চিনস্বৰূপে হেংদাংখন কাকবাঁহৰ চুঙা এটাত থৈ গ’ল। 

চাওবিন বৰগোঁহাইক পদত্যাগঃ

স্বৰ্গদেউ চুবিনফাই এদিন টিংৰাইত হাতী ধৰিবলৈ গৈছিল আৰু ৰজাদেৱে সেইদিনা তিনিটা হাতী ধৰিছিল। তাৰে দুটা হাতী ৰজাই নিজৰ কাৰণে ৰাখি বাকী থকা হাতীটো চাওবিন বৰগোঁহাইক দিলে। ৰজাৰ হাতীক সদায় বৰা-বুৰুকে ঘাঁহ যোগান ধৰে আৰু বৰগোঁহাইৰ হাতীটোক আহোমে ঘাঁহ যোগান ধৰে কিন্তু মন গ’লেহে দিয়ে,মন নগ’লে নিদিয়ে।  সেইহেতুকে বুঢ়াগোঁহায়ে নিজে ঘাঁহ কাটি আনিবলগাত পৰে। এদিন বুঢ়াগোঁহায়ে ঘাঁহ নাপাই নিশা ঘাঁহ কাটিবলৈ যোৱাত বতাহ-বৰষুণৰ মাজত ভালেমান বিলৈ হ’ল। তাৰপাছত,চাওবিন বৰগোঁহায়ে ৰজাৰ ওচৰলৈ আহি ক’লেহি যে হাতী লৈ তেওঁৰ দুখহে বেছি হৈছে সেয়ে তেওঁক হাতীও নালাগে আৰু বৰগোঁহাই বাবো নালাগে। 

স্বৰ্গদেউ চুবিনফাই তেওঁৰ বৰকুঁৱৰী হিংগুলিৰ পৰামৰ্শমতে তেওঁৰ ককাক চাওপাংবণ্ডুক বৰগোঁহাই পাতিলে। আৰু হাতীও প্রদান কৰিলে। এইজনা বৰগোঁহাইৰ পৰিয়ালক মিৰি বৰগোঁহাই নামেৰে জনা যায়। 

স্বৰ্গদেউ চুবিনফাৰ ১২৯৩ খ্ৰীষ্টাব্দত মৃত্যু হয়। প্ৰায় বাৰ(১২) বছৰ সফলতাৰে ৰাজত্ব কৰি স্বৰ্গদেউ চুবিনফাই মৃত্যুক সাৱটি লয়। আহোমসকলক শৃংখলাবদ্ধভাৱে সংগঠন কৰাত স্বৰ্গদেউ চুবিনফাৰ অৰিহণা আছিল উল্লেখযোগ্য। 

সহায়ক গ্ৰন্থপুঞ্জী –

১। আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা

২। ইতিহাসে সোৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ

৩। সাতসৰী অসম বুৰঞ্জী – সূৰ্যকুমাৰ ভূঞা

আৰু পঢ়ক- আনন্দৰাম বৰুৱা

4.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- চুবিনফা- আহোমৰ তৃতীয়জন স্বৰ্গদেউ […]

trackback

[…] আৰু পঢ়ক – স্বৰ্গদেউ চুবিনফা […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

2
0
Would love your thoughts, please comment.x
()
x