তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

নাগৰিকত্ব-(ভাৰতীয় সংবিধান-২)

অনুচ্ছেদ-৫ 

এই সংবিধানৰ প্ৰাৰম্ভণিৰ সময়ত নাগৰিকত্ব এই সংবিধানৰ প্ৰাৰম্ভণিত যাৰ ভাৰতৰ ৰাজ্যক্ষেত্ৰত অধিবাস থাকে আৰু 

(ক) ভাৰতৰ ৰাজ্যক্ষেত্ৰত যি জন্ম লাভ কৰিছিল; নাইবা 

(খ) যাৰ পিতৃ বা মাতৃৰ যিকোনাে এজনে ভাৰতৰ ৰাজ্য ক্ষেত্ৰত জন্ম লাভ কৰিছিল; কিম্বা 

(গ) এই প্ৰাৰম্ভণিৰ অব্যবহিত পূর্বে যি অন্ততঃ পাঁচ বছৰ কাল ভাৰতৰ ৰাজ্য ক্ষেত্ৰত সাধাৰণতে বাসিন্দা আছিল,এনে প্রত্যেক ব্যক্তিয়েই ভাৰতৰ নাগৰিক হ’ব।  

অনুচ্ছেদ-৬

পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা কিছুমান লোকৰ নাগৰিকত্বৰ অধিকাৰ- অনুচ্ছেদ-৫ ত যিকোনাে কথা থকা সত্ত্বেও, বর্তমানে পাকিস্তানৰ অন্তৰ্গত হােৱা ৰাজ্যক্ষেত্ৰৰ পৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰলৈ প্ৰব্ৰজন কৰা যিকোনাে ব্যক্তি এই সংবিধানৰ প্ৰাৰম্ভণিৰ সময়ত ভাৰতৰ নাগৰিক বুলি গণ্য হ’ব, যদিহে-

(ক) তেওঁ বা তেওঁৰ পিতৃ বা মাতৃৰ যিকোনাে এজন কিম্বা পিতামহ বা পিতামহীৰ যিকোনাে এজন ‘গৱৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট, ১৯৩৫’ ত (মূলতঃ অধিনিয়মিত অনুযায়ী) পৰিভাষিত হােৱা ভাৰতত উপজিছিল; আৰু 

(খ) i) যি ক্ষেত্ৰত এনে ব্যক্তি ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখৰ আগতে এনেকৈ প্ৰবজিত হৈ আহিছে, তেনে ক্ষেত্ৰত যদি তেওঁ প্ৰব্ৰজনৰ তাৰিখৰ পৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰত সাধাৰণতে বাসিন্দা হৈ আছে; কিম্বা

ii) যি ক্ষেত্ৰত এনে ব্যক্তিয়ে ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখে কিম্বা তাৰ পাছত এনেকৈ প্ৰব্ৰজন কৰিছে তেনেক্ষেত্ৰত এই সংবিধানৰ প্ৰাৰম্ভণিৰ আগতে ভাৰত ডমিনিয়নৰ চৰকাৰে বিহিত কৰি দিয়া প্ৰ-পত্ৰত আৰু ৰীতিমতে সেই ব্যক্তিজনে সেইমর্মে কৰা আবেদন অনুসাৰে এই কামৰ বাবে উক্ত চৰকাৰৰ দ্বাৰা নিযুক্ত হােৱা কোনাে পদাধিকাৰীয়ে তেওঁক ভাৰতৰ নাগৰিক হিচাপে পঞ্জীবদ্ধ কৰিছে: 

পৰন্তু, তেওঁৰ আবেদন পত্ৰৰ তাৰিখৰ ঠিক পূর্বে ভাৰতৰ ৰাজ্য ক্ষেত্ৰত অন্ততঃ ছমাহ কালৰ বাসিন্দা নােহােৱা কোনাে ব্যক্তি এনেভাৱে পঞ্জীবদ্ধ হব নােৱাৰিব। 

অনুচ্ছেদ-৭ 

পাকিস্তানলৈ প্ৰব্ৰজন কৰা কিছুমান লোকৰ নাগৰিকত্বৰ অধিকাৰ–অনুচ্ছেদ ৫ আৰু ৬ ত যিকোনাে কথা থকা সত্ত্বেও, ১৯৪৭ চনৰ মাৰ্চ মাহৰ পহিলা তাৰিখৰ পিছত ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ পৰা এতিয়া পাকিস্তানৰ অন্তৰ্গত হােৱা ৰাজ্যক্ষেত্ৰলৈ প্ৰব্ৰজন কৰা কোনাে ব্যক্তিক ভাৰতৰ নাগৰিক বুলি গণ্য কৰা নহবঃ

পৰন্তু, এতিয়া পাকিস্তানৰ অন্তৰ্গত হােৱা ৰাজ্যক্ষেত্ৰলৈ এনেদৰে প্ৰব্ৰজন কৰিও , কোনাে বিধিৰ দ্বাৰা বা বিধিৰ প্ৰাধিকাৰ অনুসৰি প্ৰদান কৰা পুর্নবসতিৰ কিম্বা স্থায়ী প্রত্যাৱর্তনৰ অনুজ্ঞা অনুযায়ী ভাৰতৰ ৰাজ্যক্ষেত্ৰলৈ ঘূৰি অহা কোনাে ব্যক্তিৰ ক্ষেত্ৰত এই অনুচ্ছেদৰ কোনাে কথা প্রযােজ্য নহ’ব , আৰু তেনে প্রত্যেকজন ব্যক্তিক অনুচ্ছেদ ৬ ৰ খণ্ড (খ) ৰ প্রয়ােজনার্থে ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখৰ পিচত ভাৰতৰ ৰাজ্যক্ষেত্রলৈ প্ৰব্ৰজন কৰা বুলি গণ্য কৰা হ’ব।  

অনুচ্ছেদ-৮

ভাৰতত জন্ম হোৱা কিন্তু ভাৰতৰ বাহিৰত থকা কিছুমান লোকৰ নাগৰিকত্বৰ অধিকাৰ– অনুচ্ছেদ ৫ ত যিকোনাে কথা থকা সত্ত্বেও , এনে কোনাে ব্যক্তি যি বা যাৰ পিতৃ বা মাতৃ বা পিতামহ বা পিতামহীৰ যিকোনাে এজন গৱর্ণমেন্ট অফ ইণ্ডিয়া এক্ট, ১৯৩৫ত ( মূলতঃ অধিনিয়মিত অনুযায়ী) পৰিভাষিত ভাৰতৰ বাহিৰৰ যিকোনাে দেশত সাধাৰণতঃ বসতি কৰি আছে তেওঁক ভাৰতৰ নাগৰিক বুলি গণ্য কৰা হ’ব , যদিহে এই সংবিধান প্ৰাৰম্ভণিৰ পূর্বে বা পিচতেই ভাৰতীয় ডমিনিয়নৰ চৰকাৰ বা ভাৰত চৰকাৰৰ দ্বাৰা বিহিত প্ৰ-পত্ৰ আৰ ৰীতিমতে ভাৰতৰ কূটনৈতিক বা বাণিজ্যদূত সম্বন্ধীয় প্রতিনিধিৰ ওচৰত তেওঁ কৰা আবেদনমৰ্মে যি দেশত তেওঁ সেইসময়ত বসতি কৰি থাকে সেই দেশতে ভাৰতৰ কুটনৈতিক বা বাণিজ্যদূত বাণিজ্যদূত সম্বন্ধীয় প্রতিনিধিয়ে তেওঁক ভাৰতৰ নাগৰিক ৰূপে পঞ্জীবদ্ধ কৰিছে । 

অনুচ্ছেদ-৯

স্বেচ্ছাই বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব অৰ্জন কৰা ব্যক্তিসকল নাগৰিক নহ’ব–যদি কোনাে ব্যক্তিয়ে স্বেচ্ছাই কোনাে বিদেশী ৰাজ্যৰ নাগৰিকত্ব অর্জন কৰে তেনেহলে তেনে ব্যক্তি অনুচ্ছেদ ৫ ৰ আধাৰত ভাৰতৰ নাগৰিক নহ’ব, কিম্বা অনুচ্ছেদ ৬ বা ৮ ৰ আধাৰত তেওঁ ভাৰতৰ নাগৰিক বুলি গণ্য কৰা নহ’ব ।  

অনুচ্ছেদ-১০

নাগৰিকত্ব অধিকাৰৰ অবিচ্ছিন্নতা-এই ভাগৰ পূর্ববর্তী উপবন্ধ সমূহৰ যিকোনােটোৰ মতে ভাৰতৰ নাগৰিক হােৱা বা নাগৰিক বুলি গণ্য কৰা প্ৰত্যেকজন ব্যক্তি সংসদে প্রস্তুত কৰা কোনাে বিধিৰ উপবন্ধ সাপেক্ষে অবিচ্ছিন্নভাবে এনে নাগৰিক হৈ থাকিব । 

অনুচ্ছেদ-১১

সংসদে বিধিৰ দ্বাৰা নাগৰিকত্ব অধিকাৰৰ বিনিয়মন কৰিব-নাগৰিকত্ব অর্জন আৰু সমাপ্তি আৰু নাগৰিকত্ব সম্বন্ধীয় অন্য সকলাে বিষয়ে সংসদে যিকোনাে উপবন্ধ প্রস্তুত কৰিব পৰা ক্ষমতা এই ভাগৰ পূর্বৱর্তী উপবন্ধ সমূহৰ একোৱেই হ্রাস কৰিব নােৱাৰিব ।

আৰু পঢ়ক – স্বৰ্গদেউ চুবিনফা

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

2
0
Would love your thoughts, please comment.x
()
x