তথ্যকোষসাময়িকী

টকিঅ’ অলিম্পিক ২০২০ আৰু ভাৰত

বিশ্বৰ সকলো ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত শ্ৰেষ্ঠতম বুলি কোৱা প্ৰতিযোগিতাখনেই হৈছে অলিম্পিক। “The Greatest Show on Earth” হিচাপে খ্যাত অলিম্পিক গেমছ বহু প্ৰত্যাশাৰ অন্তত যোৱা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে ১৬ দিনীয়াকৈ জাপানৰ ৰাজধানী টকিঅ’ত সুকলমে অনুষ্ঠিত হৈ যায়। সময়সূচী অনুসৰি ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলগীয়া অলিম্পিক এবছৰৰ বাবে স্থগিত কৰা হয় কোভিড ১৯ মহামাৰীৰ ভয়াৱহতাৰ বাবে। আৰু কোভিড ১৯ ৰ ভয়াৱহতাৰ মাজতেই ২০২০ চনৰ পৰিৱৰ্তে ২০২১ চনত জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হয় ৩২ তম অলিম্পিক গেমছ। এইবাৰৰ টকিঅ’ অলিম্পিকৰ মেছকট আছিল মিৰাইট’ৱা।

টকিঅ’ অলিম্পিক, ২০২০ ৰ অংশগ্ৰহণকাৰী দেশসমূহ-

টকিঅ’ অলিম্পিক, ২০২০ ত বিশ্বৰ সৰ্বমুঠ ২০৫ খন দেশে অংশগ্ৰহণ কৰিছিল। ইয়াৰ লগতে “Refugee Olympic Team”(EOR) অৰ্থাৎ বিশ্বৰ বিভিন্ন দেশৰ শৰণাৰ্থীসকলৰ অলিম্পিক দল এটায়ো টকিঅ’ অলিম্পিকত যোগদান কৰে। বিশ্বৰ ২০৬ টা দলৰ সৰ্বমুঠ ১১,০৯০ জন খেলুৱৈয়ে এই টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰে। এইবাৰৰ অলিম্পিকত ৩৩ টা ভিন ভিন খেলৰ ৩৩৯ টা ইভেণ্টত খেল খেলোৱা হৈছিল। এইবাৰৰ অলিম্পিক গেমছত কেইটামান নতুন নতুন খেল আৰু ইভেণ্টৰ সংযোজন ঘটোৱা হয়। টকিঅ’ অলিম্পিকত অংশগ্ৰহণকাৰী দেশসমূহৰ ভিতৰত আমেৰিকাৰ সৰ্বাধিক ৬১৩ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে আৰু এণ্ডৰা, বাৰ্মুদা, ব্ৰুনেই, ডমিনিকা, ছোমালীয়া আদিকে ধৰি ১৩ খন দেশৰ সৰ্বনিম্ন ২ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

জাপানৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত টকিঅ’ অলিম্পিক ২০২০ৰ শুভ উদ্বোধন কৰে জাপানৰ সম্ৰাট নাৰ’হিট’ই আৰু অলিম্পিক শিখা প্ৰজ্বলন কৰে বিশ্বৰ জনপ্ৰিয় জাপানীক টেনিছ তাৰকা নাওমি ওচাকাই। এইবাৰৰ টকিঅ’ অলিম্পিকৰ মূলমন্ত্ৰ আছিল “United by Emotion” অৰ্থাৎ “আৱেগৰ দ্বাৰা সংঘবদ্ধ”। টকিঅ’ অলিম্পিক, ২০২০ৰ বিজয়ীসকলক মেডেল প্ৰদানৰ সময়ত বাজি উঠা সংগীতৰ সুৰ প্ৰদান কৰে নাওকী চাটোয়ে।

টকিঅ’ অলিম্পিক, ২০২০ ৰ শীৰ্ষ দহত অৱস্থান কৰা দেশকেইখন হৈছে –

স্থান দেশৰ নাম সোণ ৰূপ ব্ৰঞ্জ মুঠ পদক
আমেৰিকা যুক্তৰাষ্ট্ৰ ৩৯ ৪১ ৩৩ ১১৩
চীন ৩৮ ৩২ ১৮ ৮৮
জাপান ২৭ ১৪ ১৭ ৫৮
গ্ৰেট ব্ৰিটেইন ২২ ২১ ২২ ৬৫
ৰাছিয়া ২০ ২৮ ২৩ ৭১
অষ্ট্ৰেলিয়া ১৭ ২২ ৪৬
নেডাৰলেণ্ড ১০ ১২ ১৪ ৩৬
ফ্ৰান্স ১০ ১২ ১১ ৩৩
জাৰ্মানী ১০ ১১ ১৬ ৩৭
১০ ইটালী ১০ ১০ ২০ ৪০
৪৮ ভাৰত

টকিঅ’ অলিম্পিক,২০২০ ত ভাৰত –

টকিঅ’ অলিম্পিক, ২০২০ ভাৰতৰ বাবে এক সপোনৰ অলিম্পিক কিয়নো এই অলিম্পিকতে ভাৰতৰ বহু আশা-প্ৰত্যাশাই পূৰ্ণতা লাভ কৰিলে। এইবাৰৰ অলিম্পিকলৈ ভাৰতে এটা ১২৭ জনীয়া এটা বৃহৎ দল প্ৰেৰণ কৰিছিল। এইবাৰ টকিঅ’ অলিম্পিকলৈ ভাৰতে প্ৰেৰণ কৰা দলটো বৰ্তমানলৈ ভাৰতে অলিম্পিকলৈ প্ৰেৰণ কৰা দলসমূহৰ ভিতৰত সৰ্ববৃহৎ দল।

টকিঅ’ অলিম্পিক, ২০২০ ভাৰতৰ বাবে বৰ্তমানলৈ ভাৰতে অংশগ্ৰহণ কৰা অলিম্পিকসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অলিম্পিক। এইবাৰৰ অলিম্পিকত ভাৰতে এটা স্বৰ্ণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ সৰ্বমুঠ সাতটা পদক দখল কৰে। এইবাৰৰ টকিঅ’ অলিম্পিকৰ পদক তালিকাত ভাৰতে ৪৮ তম স্থান দখল কৰে। টকিঅ’ অলিম্পিক, ২০২০ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিছিল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বক্সাৰ তথা ২০১২ চনৰ অলিম্পিক বক্সিংত ব্ৰঞ্জৰ পদক দখল কৰা এম চি মেৰীকম আৰু ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে। আৰু টকিঅ’ অলিম্পিক, ২০২০ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ ত্ৰিৰংগ পতাকা বহন কৰে এইবাৰৰ অলিম্পিকৰ মল্লযুঁজত ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াই।

টকিঅ’ অলিম্পিক, ২০২০ ত পদক লাভৰ দৌৰত বহু ভাৰতীয় খেলুৱৈয়ে আশাৰ সঞ্চাৰ কৰিছিল যদিও অৱশেষত কিছু কিছু ব্যৱধানৰ বাবে থমকি ৰ’ব লগা হ’ল।

মণিপুৰৰ জীয়াৰী মীৰাবাই চানুয়ে প্ৰথম দিনাই ৰূপৰ পদকেৰে টকিঅ’ অলিম্পিক ২০২০ ৰ পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰোৱালে আৰু অৱশেষত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্তিম দিনা ভাৰতক সোণৰ পদকৰ গৌৰৱেৰে গৌৰৱান্বিত কৰিলে হাৰিয়ানাৰ যুৱক নীৰজ চোপ্ৰাই। লগতে এই পদক তালিকাত নাম সংযোজন হ’ল হাৰিয়ানাৰ যুৱক ৰবি কুমাৰ দাহিয়া আৰু বজৰং পুনিয়া, অসমৰ যুৱতী লাভলীনা বৰগোঁহাই, তেলেংগানাৰ যুৱতী পি ভি সিন্ধু আৰু ভাৰতীয় পুৰুষ হকী দলৰ।

টকিঅ’ অলিম্পিকৰ ভাৰতৰ পদক বিজয়ীসকল –

■ নীৰজ চোপ্ৰা :- গ’ল্ডেন বয়(Golden Boy)ৰূপে খ্যাত হাৰিয়ানাৰ যুৱক নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক, ২০২০ ৰ জেভলিন থ্র’ প্ৰতিযোগিতাত ৮৭.৫৮ মিটাৰলৈ জেভলিন দলিয়াই ভাৰতৰ বাবে সোণৰ আজুৰি আনিবলৈ সক্ষম হয়। অলিম্পিকৰ এথলেটিক্সত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয়ৰূপে স্বীকৃতি পাইছে নীৰজ চোপ্ৰাই। ইয়াৰোপৰি, অভিনৱ বিন্দ্ৰাৰ পাছতেই নীৰজ চোপ্ৰা হৈছে অলিম্পিকৰ ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা দ্বিতীয় ভাৰতীয়।

■ চাইখম মীৰাবাই চানু :- মণিপুৰৰ যুৱতী চাইখম মীৰাবাই চানুয়ে টকিঅ’ অলিম্পিক, ২০২০ত ভাৰত্তোলনত মহিলাৰ ৪৯ কেজি শাখাত ২০২ কেজি ওজন দাঙি ভাৰতৰ বাবে ৰূপৰ পদক বুটলি আনিবলৈ সক্ষম হয়। এইবাৰৰ অলিম্পিকত তেওঁ ভাৰতক প্ৰথম দিনাই পদকৰ সোৱাদ দিবলৈ সক্ষম হৈছিল।

■ ৰবি কুমাৰ দাহিয়া :- হাৰিয়ানাৰ যুৱক ৰবি কুমাৰ দাহিয়াই টকিঅ’ অলিম্পিক, ২০২০ত মল্লযুঁজৰ পুৰুষৰ ৫৭ কেজি শাখাত ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।

■ লাভলীনা বৰগোঁহাই :- অসমৰ গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহায়ে টকিঅ’ অলিম্পিক, ২০২০ৰ মহিলাৰ বক্সিংৰ ৬৯ কেজিৰ ৱেল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। লাভলীনা বৰগোঁহাই হৈছে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া।

■ পি ভি সিন্ধু :- তেলেংগানাৰ যুৱতী পি ভি সিন্ধুয়ে টকিঅ’ অলিম্পিক, ২০২০ত বেডমিণ্টনৰ মহিলাৰ ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও সিন্ধুয়ে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ জৰিয়তে তেওঁ অলিম্পিকত দুটা পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় তথা প্ৰথম গৰাকী ভাৰতীয় মহিলাস্বৰূপে পৰিগণিত হয়।

■ বজৰংগ পুনিয়া :- হাৰিয়ানাৰ যুৱক বজৰং পুনিয়াই টকিঅ’ অলিম্পিক, ২০২০ত মল্লযুঁজত পুৰুষৰ ৬৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

■ ভাৰতীয় পুৰুষ হকী দল :- মনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতৰ পুৰুষ হকী দলটোৱে জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিক, ২০২০ত ব্ৰঞ্জৰ পদক দখল কৰে। ৪১ বছৰৰ মূৰত ভাৰতীয় পুৰুষ হকী দলটোৱে অলিম্পিকত পদক দখল কৰিবলৈ সক্ষম হয়। এইটো অলিম্পিকৰ ইতিহাসত ভাৰতীয় হকী দলৰ দ্বাদশটো পদক। মনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতৰ পুৰুষ হকী দলটোৰ আন সদস্যসকল আছিল – পি আৰ শ্ৰীজেশ, দীলপ্ৰীত সিং, ৰূপিন্দৰ পাল সিং, সুৰেন্দৰ কুমাৰ, হাৰ্ডিক সিং, গুৰজন্ত সিং, চিমৰনজিত সিং, মনদীপ সিং, হৰমনপ্ৰীত সিং, ললিত উপাধ্যায়, সুমিত, নীলকান্ত শৰ্মা, চমচেৰ সিং, বৰুণ কুমাৰ, বীৰেন্দ্ৰ লাকৰা, অমিত ৰহিদাস আৰু বিবেক প্ৰসাদ।

টকিঅ’ অলিম্পিক আৰু অলিম্পিকত ভাৰতৰ ভৱিষ্যত –

টকিঅ’ অলিম্পিক, ২০২০ত কেৱল পদকেই ভাৰতৰ প্ৰাপ্তি নহয়, এইবাৰৰ টকিঅ’ অলিম্পিকত ভাৰতে সাতটাকৈ পদকৰ উপৰিও আন বহুখিনি প্ৰাপ্তি লাভ কৰিলে যি প্ৰাপ্তিয়ে নিশ্চিতভাৱে আগন্তুক ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকত ভাৰতৰ পদক তালিকাৰ বৃদ্ধি ঘটাব।

টকিঅ’ অলিম্পিক, ২০২০ত ভাৰতৰ উল্লেখযোগ্য প্ৰাপ্তিসমূহ –

১) প্ৰথমতেই আমি নাম ল’ব লাগিব ভাৰতৰ মহিলা হকী দলৰ যি বিশ্বৰ দশম স্থানৰ দল হৈয়ো অলিম্পিকত ব্ৰঞ্জ মেডেলৰ যুঁজত অৱতীৰ্ণ হৈ চতুৰ্থ স্থান দখল কৰিলে। টকিঅ’ অলিম্পিক, ২০২০ত অংশগ্ৰহণ কৰা ৰাণী ৰামপল নেতৃত্বাধীন নৱভৰ্ণাখ্যাত ভাৰতীয় মহিলা হকী দলটোৰ আন খেলুৱৈসকল হৈছে – নৱজোত কৌৰ, গুৰজিত কৌৰ, দ্বীপ গ্রেছ এক্কা, মণিকা মালিক, শৰ্মিলা দেৱী, নিকি প্ৰধান, সবিতা পুনিয়া, নিশা ৱাৰ্ছি, বন্দনা কাটাৰিয়া, উদিতা দোহান, লালৰেমচিয়ামী, নৱনীত কৌৰ, সুশীলা চানু, চালিমা টেটে আৰু নেহা গোৱেল।

২) দ্বিতীয়তে আমি ক’ব লাগিব অদিতি অশোকৰ কথা যি গল্ফৰ দৰে খেলত বিশ্ব ৰেংকিংৰ ২০০তম স্থানত থাকিও অলিম্পিকৰ দৰে বিশ্বৰ আটাইতকৈ আগশাৰীৰ প্ৰতিযোগিতাত গল্ফ খেলত চতুৰ্থ স্থান দখল কৰিলে আৰু তেওঁ নামমাত্ৰ পইণ্টৰ বাবে পদকৰ পৰা বঞ্চিত হ’ল।

৩) তৃতীয়তে, আমি নাম ল’ব পাৰো ফাৱাড মিৰ্জাৰ যি ইকুয়েষ্ট্ৰিয়ানৰ দৰে খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি ফাইনেলত উপনীত হ’ল।

৪) চতুৰ্থতে, কমলপ্ৰীত কৌৰ যি ডিস্কাছ থ্র’ত ফাইনেলত প্ৰৱেশ কৰি ষষ্ঠ স্থান দখল কৰিলে।

৫) পঞ্চমতে, আমি নাম ল’ব লাগিব মহম্মদ আনাচ, নিৰ্মল টোম, আৰ’কিয়া ৰাজীৱ আৰু আমজ জেকবৰ ৪×৪০০ মিটাৰ পুৰুষৰ ৰীলে ৰেচৰ দলটোৰ। তেওঁলোক ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল যদিও ৩.০০.২৫ মিনিটত ৪×৪০০ মিটাৰ ৰীলে ৰেচ শেষ কৰি এছিয়ান ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হ’ল।

৬) ষষ্ঠতে, আমি ল’ব লাগিব অৰ্জুন লাল আৰু অৰবিন্দ সিঙৰ ভাৰতীয় ৰয়িং দলটোৰ। এই দলটোৱে নিজৰ সৰ্বস্ব উজাৰি দি ফাইনেলত প্ৰৱেশ কৰি একাদশ স্থান দখল কৰিলে।

৭)সপ্তমতে, আমি ক’ব লাগিব দীপক পুনিয়াৰ কথা। তেওঁ মল্লযুঁজৰ পুৰুষৰ ৮৬ কেজি শাখাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি নিচেই কম ব্যৱধানত ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হয়।

বহু প্ৰতিভাসম্পন্ন ভাৰতীয় খেলুৱৈ টকিঅ’ অলিম্পিক, ২০২০ত পদক লাভৰ পৰা বঞ্চিত হ’ল যদিও তেওঁলোকৰ প্ৰদৰ্শনে দেশবাসীক আপ্লুত কৰিলে। বিশেষকৈ গ’ল্ফ, ইকুয়েষ্ট্ৰিয়ান আদিৰ দৰে খেলত ভাৰতীয় খেলুৱৈৰ আশা কৰা ধৰণতকৈ অধিক প্ৰদৰ্শনে দেশবাসীক দিছে ভৱিষ্যতৰ বাবে এক ভৰসা। ভাৰতৰ খেলুৱৈসকলে নিশ্চয় অনাগত দিনত আৰু কঠোৰ অধ্যৱসায় তথা পৰিশ্ৰম কৰি যাব আৰু ২০২৪ চনত হ’ব লগা পেৰিছ অলিম্পিকত বৰ্তমানৰ টকিঅ’ অলিম্পিক, ২০২০তকৈ অধিক উন্নত প্ৰদৰ্শন কৰি ৰেকৰ্ডসংখ্যক মেডেল আজুৰি আনিবলৈ সক্ষম হ’ব।

টকিঅ’ অলিম্পিক, ২০২০ ভাৰতবাসীৰ বাবে তথা অসমবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। এই অলিম্পিক বৰ্তমান পৰ্যন্ত ভাৰতৰ শ্রেষ্ঠ অলিম্পিক। অসম তথা অসমীয়াৰ বাবে এই অলিম্পিক এইবাবেই চিৰস্মৰণীয় যে লাভলীনা বৰগোঁহায়ে পোনপ্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া হিচাপে অলিম্পিকত পদক দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ বাবে আন এটা গৌৰৱৰ কথা যে টকিঅ’ অলিম্পিক, ২০২০ত ভাৰতৰ চীফ অফ দা মিছন আছিল এজন অসমীয়া আৰু তেওঁ আছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পূৰ্বৰ তুলনাত আমূল সংস্কাৰ সাধন হৈছে আৰু সেয়ে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ অলিম্পিকৰ দৰে প্ৰতিযোগিতাত পূৰ্বতকৈ কিছু হ’লেও আগুৱাই গৈছে। বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ হৈয়ো অলিম্পিকৰ পদকৰ তালিকাত ৪৮তম স্থানত থকাতো ভাৰতৰ বাবে এক চৰম লজ্জাজনক কথা। কিন্তু বৰ্তমান সময়ত ভাৰতৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে। যাৰ ফল আমি নিশ্চয় অনাগত দিনৰ অলিম্পিকসমূহত লাভ কৰিম। টকিঅ’ অলিম্পিক, ২০২০য়ে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছে যে আমিও বিশ্বৰ আন শ্ৰেষ্ঠ দেশসমূহৰ লগত ক্ৰীড়াক্ষেত্ৰত ফেৰ মাৰিব পাৰো। আশা কৰোঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ ত্ৰিৰংগ পতাকাখন প্ৰতিদিনেই উত্তোলিত হওঁক ভাৰতৰ খেলুৱৈৰ বাবে আৰু অলিম্পিকৰ পথাৰত সকলোৱে সমস্বৰেৰে জোৰক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”।

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mail Tm
7 months ago

Awesome! Its genuinely remarkable post, I have got much clear idea regarding from this post

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x