তথ্যকোষসাময়িকী

অৰুণোদয় যুগৰ অসমীয়া ভাষা

(অৰুণোদয় যুগটো অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এক উল্লেখযোগ্য সময়। অৰুণোদই আলোচনীয়ে সূচনা কৰা অৰুণোদয় যুগৰ অসমীয়া ভাষা সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটি চমু লেখা-)

ভাৰতীয় আৰ্যভাষাৰ ইতিহাসত নব্যভাৰতীয় আৰ্যভাষাৰূপে অসমীয়া ভাষাটো সৰ্বভাৰতীয় ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত। চতুৰ্দশ শতিকাত হেম সৰস্বতীয়ে ৰচনা কৰা ‘প্ৰহ্লাদ চৰিত’কে অসমীয়া সাহিত্যৰ লিখিত নিদৰ্শন হিচাপে ধৰি অসমীয়া ভাষাই আজিৰ অৱস্থাত উপনীত হৈছে। অসমীয়া ভাষাৰ বিৱৰ্তনৰ গতি-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাষাতাত্বিকসকলে ইয়াক কিছুমান যুগত ভাগ কৰিছে। ১৮২৬ চনত অসম বৃটিছৰ শাসনাধীন হোৱাৰ পিছৰ পৰাই অসমীয়া ভাষা-সাহিত্যৰ আধুনিক যুগ আৰম্ভ হৈছে বুলি কোৱা হয় যদিও ১৮১৩ চনত আত্মাৰাম শৰ্মাই ‘বাইবেল’(প্ৰথম অসমীয়া ছপা পুথি) পুথি অনুবাদ কৰাৰ পৰাই দৰাচলতে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আৰম্ভণি ঘটে। ১৮৪৬ চনত শিৱসাগৰৰ পৰা বেপ্তিষ্ট মিছনেৰীসকলৰ উদ্যোগত প্ৰকাশ পোৱা ‘অৰুণোদই’ আলোচনীক কেন্দ্ৰ কৰি অসমীয়া ভাষাই আধুনিক ৰূপ পৰিগ্ৰহণ কৰে। ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই সময়চোৱাক অৰুণোদয় যুগ বুলি কোৱা হয়। এই যুগটো অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাসৰ এটা স্মৰণীয় যুগ।

অৰুণোদই কাকতে অসমীয়া ভাষা আৰু সাহিত্যক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। আদালতত অসমীয়া ভাষাৰ হেৰুৱা ঠাইৰ পুনৰোদ্ধাৰৰ যুঁজত অসম আৰু শক্তিশালী যুঁজাৰু হৈ, অসমীয়া লোকক নতুন অসমীয়া ভাষা লিখাত কলম ধৰাই, অসমীয়া শব্দাৱলীত ইংৰাজী সম্ভাৰ আৰু অসমীয়া বাক্যৰীতিত ইংৰাজী প্ৰভাৱ সোমোৱাই অসমীয়া ভাষাক মৃত-সঞ্জীৱনীৰে নৱ-জীৱন দিয়া বেপ্তিষ্টসকলৰ উদ্যোগতে প্ৰকাশ পোৱা অৰুণোদই আলোচনীকেন্দ্ৰিক আধুনিক অসমীয়া ভাষাৰ প্ৰথম উপস্তৰৰ লেখক শ্ৰেণীক ধৰ্ম আৰু ভাষাৰ ভিত্তিত তিনি শ্ৰেণীত ভাগ কৰিব পৰা যায়।

(ক) অনা-অসমীয়া খ্ৰীষ্টিয়ান লেখক
(খ) অসমীয়া খ্ৰীষ্টিয়ান লেখক
(গ) অসমীয়া অ-খ্ৰীষ্টিয়ান লেখক

বেপ্তিষ্ট মিছনেৰীসকলৰ সংবাদ-পত্ৰ অৰুণোদই প্ৰকাশ পোৱাৰ পিছৰে পৰা অসমীয়া ভাষা-সাহিত্যলৈ আধুনিকতাৰ আগমণ হৈছিল। কেইবাটাও দিশৰ পৰা অৰুণোদইৰ ভাষালৈ নতুনত্ব আহিছিল। সেই দিশসমূহ হ’ল-

(ক) আখৰ-জোঁটনি
(খ) শিৱসাগৰ অঞ্চলৰ কথিত ভাষিক ৰূপক মান্যৰূপ প্ৰদান
(গ) শব্দৰ ক্ষেত্ৰত বিভিন্ন নতুন বিষয়ক্ষেত্ৰৰ শব্দৰ আগমণ

সামগ্ৰিকভাৱে আধুনিক অসমীয়া ভাষাৰ এই স্তৰটোৰ বিশেষত্ব ধ্বনিগত, ৰূপগত, বাক্যগত আৰু শব্দগত এই চাৰিটা দিশৰ পৰা বিশ্লেষণ কৰি দেখুৱাব পাৰি।

(ক) ধ্বনিগত বিশেষত্ব –

মিছনেৰীসকলে অসমীয়া ভাষাটোক উচ্চাৰণ অনুযায়ী লিখিবলৈ যত্ন কৰাৰ ফলস্বৰূপে মান্য অসমীয়া ভাষাটোৰ ধ্বনিগত বৈশিষ্ট্যৰ ছবিখন অৰুণোদইৰ বুকুত অংকিত হৈছিল। ১৮৪৬ চনৰ পৰা ১৮৬১ চনলৈকে ওলোৱা অৰুণোদইৰ সংখ্যাবোৰত ব্যৱহাৰ হোৱা অসমীয়া আখৰবোৰলৈ লক্ষ্য কৰিলে অসমীয়া বৰ্ণমালাত থকা অথচ উচ্চাৰণ নথকা বহুতো আখৰৰ এই সময়ত ব্যৱহাৰ হোৱা দেখা যায়। স্বৰবৰ্ণৰ ভিতৰত ঈ, ঊ, ঋ এইেকইটাৰ ব্যৱহাৰ পোৱা নাযায়। ব্যঞ্জন বৰ্ণৰ পিছত ঈ হ’লে- যেনে শ্ৰী প্ৰাননাথ। ব্যঞ্জন বৰ্ণৰ ঙ ৰ ঠাইত ঙ্গ পোৱা যায়। ছ, ঝ, ঘ এই তিনিটা আখৰৰ ব্যৱহাৰ পোৱা নাযায়। মুঠতে মিছনেৰীসকলে শিৱসাগৰ অঞ্চলত প্ৰচলিত অসমীয়া ভাষাটো উচ্চাৰণ অনুযায়ী লিখিবলৈ প্ৰয়াস কৰাৰ বাবে মান্য অসমীয়াৰ ধ্বনিগত বৈশিষ্ট্যৰ ছবি এখন অৰুণোদইত পোৱা যায়। যেনে-

১) হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ কেৱল হ্ৰস্ব ৰূপৰ প্ৰয়োগ খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ এক উল্লেখযোগ্য ধ্বনিতাত্বিক বৈশিষ্ট্য। যেনে- অন্তৰিপ, পৃথিৱিৰ, বুৰঞ্জি, পিৰিতি, চিৰঞ্জিৱি, পানি আদি। কিন্তু যুক্ত ব্যঞ্জনৰ ক্ষেত্ৰত; বিশেষকৈ নামৰ আগত ‘শ্ৰী’ লিখোতে ঈ কাৰৰ প্ৰয়োগ দেখা যায়। যেনে শ্ৰী শ্ৰী মেহমেদ আলী, শ্ৰীযুত বাবু সম্ভূনাথ আদি।

২) শ্ৰুতিধ্বনি ৱ আৰু য় ৰ সীমিত ব্যৱহাৰ দেখা পোৱা যায়। যেনে- পিজুৰুৱে, হোআ, খোআ (আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাত দেখা যায়)। ইয়াৰ উপৰিও যেনে- উলোআ, গোআ, লোআ, সকলোএ ইত্যাদি কথা ক’ব পাৰি।

পদান্তৰ ‘ৱ’ ‘উ’ আৰু ‘অ’ লৈ ৰূপান্তৰ হোৱা দেখা যায়। যেনে-

ৱ > এ—কোনোৱে
ৱ > ও—স্বভাৱ
ৱ > আ—জোআ ইত্যাদি।
শব্দৰ মাজৰ ‘ৱ’, ‘আ’, ‘অ’ লৈ পৰিবৰ্তন হৈছিল-
জানোআৰি > জানুৱাৰী
হোআৰ > হোৱাৰ ইত্যাদি।

৩) ক্ষ > খ্য ধ্বনিলৈ পৰিৱৰ্তন হৈছিল। যেনে– ৰক্ষা > ৰখ্যা ; নক্ষত্ৰ > নখ্যত্ৰ ; শিক্ষা > সিখ্যা আদি।
৪) জ্ঞ > গ্য ধ্বনি হিচাপে ব্যৱহাৰ হৈছিল। যেনে– আজ্ঞা > আগ্যা ; জ্ঞানী > গ্যানী ; প্ৰতিজ্ঞা > প্ৰতিগ্যা ইয়াৰ উপৰিও শিৱসাগৰ অঞ্চলৰ মানুহৰ কথিত ভাষাৰ উচ্চাৰণ অনুসৰি গিয়ান, অগিয়ান আদি ৰূপৰ প্ৰয়োগ দেখা যায়।
৫) ‘অৰুনোদই’ৰ ভাষাত মধ্যযুগৰ বুৰঞ্জী সাহিত্য, ‘গুৰুচৰিত কথা’ ৰ ‘ঞ’ ৰ ঠাইত ‘ও’ প্ৰয়োগ হৈছিল। যেনে –তেঞ > তেও, যাঞ > জাও আদি।

৬) মধ্যযুগৰ বুৰঞ্জী বা ‘গুৰু চৰিত কথা’ ত প্ৰাপ্ত নিম্ন স্বৰধ্বনিৰ স্থানত উচ্চ স্বৰধ্বনিৰ প্ৰয়োগেৰে অৰুনোদইৰ ভাষাত কিছুমান শব্দই আধুনিক ৰূপ লৈছিল; যেনে—

আহম(বুৰঞ্জী) > আহোম(অৰুনোদই)
কাপৰ(বুৰঞ্জী) > কাপোৰ(অৰুনোদই)
গমচা(গুৰু চৰিত কথা) > গামোচা(অৰুনোদই)

৭) অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি ‘অ’ অস্তিত্বৰ প্ৰথম উল্লেখ অৰুনোদইতে পোৱা যায়। নাথান ব্ৰাউনে আৰু ‘মহ’ আৰু ‘ম’হ’ শব্দ দুটাৰ উদাহৰনেৰে অ আৰু অ’ ৰ পার্থক্য দেখুৱাইছে।

৮) শ আৰু ষ > স ৰ ব্যবহাৰ । যেনে- সান্ত , আশা , নিসা , সক্তি ইত্যাদি।

৯) পদৰ মাজ বা শেষৰ ষ,শ > খ হৈছিল। যেনে— বাৰিখা(বাৰিষা), বৰখি(বৰশী) বৰখুন (বৰষুণ), উখাহ(উশাহ) ইত্যাদি।

ব্ৰাউনৰ বৰ্ণবিন্যাস ৰীতিক অলপো হেৰফেৰ কৰিব নোখোজা নিধি লিবাই ফাৰৱেলৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাস ৰীতিক মানি লোৱাটো কঠিন হৈ পৰিছিল। ব্যক্তিগত এনে কেতবোৰ দৃষ্টিভংগী অৰুনোদইৰ লেখক শ্ৰেণীয়ে পৰিত্যাগ কৰিব নোখোজা বাবেই অৰুনোদইৰ বৰ্ণবিন্যাস ৰীতিয়ে আৰম্ভণিৰে পৰাই এক স্থিৰ ৰূপেৰে আত্মপ্ৰকাশ কৰিব খুজিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল। অসমীয়া খ্ৰীষ্টিয়ান নিধি লিবায়ে মিছনেৰী সকলক অনুকৰণ কৰিছিল; যাৰ বাবে তেওঁ শেষলৈকে উচ্চাৰণভিত্তিক বৰ্ণবিন্যাস ৰীতিক পৰিত্যাগ কৰা নাছিল।

(খ) ৰূপগত বিশেষত্ব-

অৰুনোদই যুগৰ ৰূপগত বিশেষত্বসমূহ হ’ল-
১) কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ নতুন প্ৰয়োগ দেখা যায়; যেনে-
ডৰা- ধান এডৰা
ডালি- এডালি চুলি
চপৰা- মাটি এচপৰা ইত্যাদি।
২) ব্যক্তিবাচক সৰ্বনামৰ ক্ষেত্ৰত অৰুনোদইত মান্য অসমীয়া ভাষাৰ বৰ্তমান ব্যৱহাৰ হোৱা ৰূপবোৰৰ লগতে কথিত ৰূপৰ দুই এটা প্ৰয়োগো দেখা যায়। যেনে — মই, আমি, তুমি, তোমাৰ, সিহঁত, তোমালোক, তাইহঁত আদি।
৩) দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থ বুজাবৰ বাবে প্ৰয়োগ হোৱা ব্যক্তিবাচক সৰ্বনাম তই, তোৰ, তহঁত, আদিৰ প্ৰয়োগ অৰুনোদইৰ অখৃষ্টীয়ানী অসমীয়া লেখকসকলৰ ভাষাত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়।
৪) মান্যাৰ্থ, তুচ্ছাৰ্থ উভয়তে ‘সিহঁত’ তৃতীয় পুৰুষৰ বহুবাচক ৰূপৰ ব্যৱহাৰ খ্ৰীষ্টীয়ানী অসমীয়া ভাষাৰ আন এক বিশেষত্ব। যেনে–“সিহঁত কিন্তু ইংৰাজ লোক এই কালত কিমান বেলেগ! সিহঁতেই প্ৰধান, ধনবান , বলবান আৰু দয়াবান হৈছে।”
৫) স্ত্রী প্ৰত্যয় ঈ – নী ব্যৱহাৰ পোৱা যায়। যেনে – জনী, নাগিনী।

৬) পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয় : এৰ/ৰ , এৰ- আ/ ৰ – আ এক / ক : যেনে — বোপাই , তোৰ ( বাপেৰ) , মাৰ , মাৰা, মাক ইত্যাদি
৭) কৃদন্তৰ উদাহৰণ : হওঁতা, হওঁতে , হোৱা আদি
৯) অসমাপিকা ক্ৰিয়াৰূপৰ উদাহৰণ— কৈ, লৈ, হ’লে আদি।
১০) পাঁচনি ধাতুৰ উদাহৰণ—- খুৱা , অনা আদি।
১১) ক্ৰিয়াবাচক পৰসৰ্গৰ উদাহৰণ— তো, নো আদি।

(গ) বাক্যগত বিশেষত্ব:

‘অৰুনোদই’ৰ বাক্যৰীতিয়ে আধুনিক অসমীয়া বাক্যৰীতিৰ বহুতো লক্ষণ দাঙি ধৰে। গঠন প্ৰণালী অনুসৰি অৰুনোদইৰ খ্ৰীষ্টিয়ানী আৰু অখ্ৰীষ্টিয়ানী উভয় লেখকৰে ভাষাৰ মাজত ক্ৰিয়াযুক্ত আৰু ক্ৰিয়াবিহীন বাক্য; গঠন অনুযায়ী সৰল, মিশ্ৰ, যৌগিক, ভাব অনুযায়ী বৰ্ণনাত্মক, প্ৰশ্নসূচক, আশ্চৰ্যপ্ৰকাশক, আদেশ, অনুৰোধসূচক আদি বিভিন্ন ধৰণৰ বাক্য দেখা যায়।

১) সামগ্ৰিকভাবে পৰ্যবেক্ষণ কৰিলে মিছনেৰীসকলৰ ৰচনাৰাজিৰ মাজত বিশেষভাবে সহজ-সৰল প্ৰকাশৰীতিৰ প্ৰাধান্য দেখা পোৱা যায়। চুটি চুটি বাক্যৰে খ্ৰীষ্টীয়ানী লেখকসকলে ভাব প্ৰকাশৰ যত্ন কৰিছিল। যেনে —
১। সিন্ধু নদী পাৰ হৈ তেওঁ লাহোৰ নগৰক প্ৰথমে আক্ৰমণ কৰিলে।
২। জাহাজ মেলিবৰ কিছুদিনৰ পাছতে, আমাৰ অতি দুৰ্ঘটনা হৈছিল।

২) যতি চিহ্নৰ প্ৰয়োগ, সংযোজক অব্যয়ৰ ব্যৱহাৰৰ দ্বাৰা অস্বাভাৱিকভাবে দীঘল এই বাক্য পৰ্যবেক্ষণ কৰিলে অনুধাৱন কৰিব পাৰি– মিছনেৰীসকলে অসমীয়া ভাষাৰ স্বাভাৱিক বাক্য-বিন্যাসৰীতি আৰু ঠাঁচ আয়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল। উপযুক্ত স্থানত উপযুক্ত শব্দ প্ৰয়োগৰ দক্ষতাৰো অভাৱ আছিল। সেয়ে বাক্যৰ আৰম্ভনীৰ পৰা শেষলৈকে এক কৃত্ৰিম সুৰ আৰু সাৱলীল ক্ৰমবিকাশৰ অভাৱ পৰিলক্ষিত হয়।

৩) কথোপকথনমূলক ৰীতিৰ ব্যৱহাৰ আৰু প্ৰত্যক্ষ উক্তিৰ প্ৰয়োগ ‘অৰুনোদই’ যুগৰ খ্ৰীষ্টীয়ানী লেখকসকলৰ আন এক বিশেষত্ব। যেনে — ” বায়েকে ক’লে , ভনী মই প্ৰাৰ্থনা কৰিব নে জানোঁ, তুমি জানা নে ? ভনীএকে বুলিলে, মই মই জানো , আৰু নিতৌ গধূলি পুআ প্ৰাৰ্থনা কৰিহে কাম কৰোঁ। “

৪) কাব্যধৰ্মিতা অৰুনোদই যুগৰ বাক্যত বিদ্যমান। বিশেষকৈ আনন্দৰাম ঢেকিয়াল ফুকনৰ অনেক ৰচনাৰ মাজত দেখা পোৱা যায়। যেনে— “বসন্ত কালৰ হাতে যেনেকৈ প্ৰিথিবিক জেনেকৈ ঢাকে , আৰু গ্ৰীষ্ম কালৰ দায়াত জেনেকৈ অনে শস্য উতপন হই …..গোলাপ ফুলৰ পৰা নিয়ৰৰ টোপাল মাটিত পৰিলে, যেনে দেখিবলৈ সুন্দৰ, মৰমিয়াল মানুহৰ চকুৰ পানী তাতকৈও সুন্দৰ। “

(ঘ) শব্দগত বিশেষত্ব:

‘অৰুনোদই’ যুগৰ ভাষাত পূৰ্বে ব্যৱহাৰ নোহোৱা বহুতো নতুন নতুন শব্দ সোমাই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ সমৃদ্ধ কৰে। অৰুনোদইৰ ভাষাত শব্দৰ বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। তৎসম , অৰ্ধতৎসম তদ্ভৱ শব্দৰ লগতে আৰবী , পাৰ্ছী, পৰ্তুগীজ আদি বিদেশী ভাষাৰ শব্দ আৰু নামনি অসমৰ উপভাষাৰ শব্দ , অসমীয়া শব্দ আদি বিভিন্ন শব্দৰ সমাবেশ ঘটিছিল। কোনো কোনো সময়ত আন ভাষাৰ শব্দ ধাৰ নকৰি অসমীয়া শব্দ কিছুমান সৃষ্টি কৰা হৈছিল।

যেনে– শিলপানী (বৰফ), লতা-পনিয়ল (আঙুৰ), নাগমাটি (কয়লা), ঘাম-কাল ( গ্ৰীষ্ম), মেঘৰ বিজুলি ( বজ্রপাত) , ধৰমপুথি ( বাইবেল), পাতল বায়ু ( গেছ) ইত্যাদি। কেতিয়াবা ইংৰাজী শব্দ এটাক কেইবাটাও অসমীয়া শব্দ ব্যৱহাৰ কৰি তাৰ অর্থটো বুজাবলৈ লোৱা হৈছে; যেনে — পল্টনৰ ইংৰাজী বাজানা ( বেণ্ড), জুইৰ তাপেৰে পমি যোৱা বস্তু ( লাভা) , ঈশ্বৰক ভজন কৰা নামঘৰ( গীৰ্জা)। সেই সময়ত অৰ্থাৎ আধুনিক অসমীয়া ভাষাৰ আদি স্তৰৰ ব্যৱহাৰ কৰা ইংৰাজী কেতবোৰ শব্দ যেনে- অফিচ, আফিন, কলেজ, প্ৰাইজ, ডিগ্ৰী, ৰুম, গিলাচ, কম্পাছ; পৰ্তুগীজ, শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছিল গীৰ্জা , পাদুৰী আদি।

অৰুনোদই যুগৰ ভাষাত তৎসম শব্দৰ ব্যৱহাৰো যথেষ্ট আছে। সেইবোৰৰ ভিতৰত ঈশ্বৰ, জগত, অনুগ্ৰহ, সুখ, মগ্ন, কৰ্তা, ৰাজ্য ইত্যাদি। অৰ্ধতৎসম শব্দ কিছুমান এনেধৰণৰ— গিয়ান, সবদ, মুকুতা, জতন, তিয়াগ, অনিয়াই, ধৰম, আদি। তদ্ভৱ শব্দৰ ৰূপ কেতবোৰ এনেকুৱা— দুপৰ, সোন, ঘৰ, দুই, তিনি, বাঘ, ঘোঁৰা আদি। হিন্দী, আৰবী, পাৰছী ভাষাৰ শব্দত যথেষ্ট ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়;

যেনে—-
পাৰছী-
আন্দাজ (আন্দাজ)
কমৰ (কমৰ)
চৰম (শৰ্ম)
হিন্দী-
চফেদ ( সফেদ)
চান্দা (চন্দা)
বাগিচা (বগীচা)
আৰবী—-
কইদ (কৈদ)
কানন (কানুন)
চন্দুক (সন্দুক)

গতিকে দেখা যায় যে, অৰুনোদই যুগতে বিভিন্ন দেশী – বিদেশী ভাষাৰ শব্দ গ্ৰহণ আৰু আৱশ্যক অনুযায়ী শব্দ নিৰ্মাণ ৰীতিৰ যি ব্যৱস্থা লোৱা হ’ল , সিয়ে আধুনিক অসমীয়া ভাষাৰ প্ৰতিস্থাৰ বাট মুকলি কৰিলে।

সহায়ক গ্ৰন্থপঞ্জী
১। উপেন্দ্ৰনাথ গোস্বামী : অসমীয়া ভাষাৰ উদ্ভৱ , সমৃদ্ধি আৰু বিকাশ।
২। ৰমেশ পাঠক: অসমীয়া ভাষাৰ ইতিহাস
৩। মহেশ্বৰ নেওগ : ‘অৰুনোদই’ ১৮৪৬-১৮৫৪ ( সংকলিত আৰু সম্পাদনা)

2.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
दिवियाश
2 years ago

The article you have written is very informative. We sincerely thank you for your efforts. Thank you for your hard work and dedication. All information about ICSE Board Result Declared check here

दिवियाश
2 years ago

your post is very useful and informative. thanks.. sarathi parivahan

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

2
0
Would love your thoughts, please comment.x
()
x