জ্যেক লাকান আৰু তেওঁৰ মনোবিশ্লেষণ

মনোবিশ্লেষণৰ ক্ষেত্ৰখনত ছিগমুণ্ড ফ্ৰয়েডৰ পাছতেই আটাইতকৈ চৰ্চিত ব্যক্তিজনেই হৈছে জ্যেক লাকান ( ফৰাচী উচ্চাৰণ মতে, জ্যেক লেকঁ)। ফ্ৰান্সৰ এই মনোবিশ্লেষকজনক আনকি বহুতে ‘ফ্ৰান্সৰ ফ্ৰয়েড’ বুলিও অভিহিত কৰিছে। ১৯৫৩ চনৰ পৰা ১৯৮০ চনলৈ জ্যেক লাকানে ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত একোখনকৈ বাৰ্ষিক চেমিনাৰৰ আয়োজন কৰিছিল, যিবোৰৰ মূল উদ্দেশ্য আছিল ফাৰ্ডিনাণ্ড দি চছ্যুৰ ভাষাবিজ্ঞান আৰু ক্লড লেভি-ষ্ট্ৰ’ছৰ গঠনাত্মক নৃতত্ত্বৰ ধাৰণাসমূহৰ জৰিয়তে ফ্ৰয়েডৰ দাৰ্শনিক চিন্তাৰাজীক পুনৰ্ব্যাখ্যা কৰা। 

১৯৬৬ চনত তেওঁৰ বক্তৃতা আৰু লেখাসমূহ একত্ৰিত কৰি ‘এক্ৰিটছ’ (‘Écrits) নামৰ গ্ৰন্থখন প্ৰকাশ কৰা হয়। এই গ্ৰন্থখনৰ প্ৰকাশেই তেওঁলৈ মনোবিশ্লেষক হিচাপে আন্তৰ্জাতিক খ্যাতি কঢ়িয়াই আনে। আজি বিশ্বৰ প্ৰায় ৫০ শতাংশ মনোবিশ্লষকেই লাকানৰ পদ্ধতিসমূহ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও লাকানৰ তত্ত্বসমূহে আধুনিক দৰ্শন, ভাষা বিজ্ঞান, নৃতত্ব, সাহিত্য সমালোচনা আদি ক্ষেত্ৰসমূহলৈও ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে। পিছে অসমীয়া ভাষাত লাকানৰ তত্বসমূহৰ চৰ্চা একেবাৰে নাই বুলিবই পাৰি, যি আছে সেয়াও বৌদ্ধিক পৰিমণ্ডলৰ মাজতে সীমাবদ্ধ। সেয়েহে তত্বৰ বিশেষ গভীৰতালৈ নোযোৱাকৈ অসমীয়া সাধাৰণ পাঠকক লাকানৰ চিন্তাৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াই হৈছে এই প্ৰবন্ধৰ মূল লক্ষ্য।

জ্যেক লাকানৰ জন্ম আৰু শিক্ষা

লাকানৰ জন্ম হৈছিল ১৯০১ চনৰ ১৩ এপ্ৰিল তাৰিখে ফ্ৰান্সৰ পেৰিছ মহানগৰীত। তেওঁ দেউতাক আলফ্ৰেড লাকান আছিল আছিল এজন ব্যৱসায়ী। তেওঁ বিশেষকৈ চাবোন আৰু তেল উদ্যোগৰ সৈতে জড়িত আছিল। তেওঁ মাতৃ এমিলি লাকান আছিল এগৰাকী কট্টৰ কেথলিক খ্ৰীষ্টান মহিলা। মাক-দেউতাকৰ তিনিটা সন্তানৰ ভিতৰত জ্যেক একেবাৰে ডাঙৰ আছিল। ১৯০৭ৰ পৰা ১৯১৮লৈ লাকানে পেৰিছৰ আগশাৰীৰ শিক্ষানুষ্ঠান Collège Stanislas de Parisত স্কুলীয়া শিক্ষা লাভ কৰিছিল। ছাত্ৰ অৱস্থাৰে পৰা লাকানৰ দৰ্শনৰ প্ৰতি বিশেষ আগ্ৰহ আছিল আৰু তেওঁ স্পিনোজাৰ দাৰ্শনিক চিন্তাৰাজিৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত আছিল বুলি জনা যায়। আৰু অত্যধিক দৰ্শনৰ অধ্যয়নে তেওঁক প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ পৰা আঁতৰাই আনি নাস্তিকহে কৰি তুলিছিল।

১৯১৯ চনত দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ লাকানে পেৰিছ বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ১৯২০ চনত তেওঁ ফ্ৰান্সৰ বাধ্যতামূলক সামৰিক সেৱাত যোগদান কৰাৰ কথা আছিল যদিও তেওঁৰ শৰীৰ একেবাৰে খীণ হোৱাৰ বাবে তেওঁক সামৰিক বাহিনীত যোগদানৰ বাবে অযোগ্য ঘোষণা কৰা হয়। ১৯২৪ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক শিক্ষা সমাপ্ত কৰে বুলি জনা যায়। এই সময়তে তেওঁ পেৰিছৰ শিল্পী, সাহিত্যিক আৰু দাৰ্শনিক সকলৰ বিশেষ সান্নিধ্য লাভ কৰে। তেওঁ আনকি কিছুদিনৰ বাবে বিশ্ববিখ্যাত চিত্ৰকৰ পিকাচোৰ ব্যক্তিগত চিকিৎসক আছিল বুলিও জনা যায়।

১৯২৭ চনত পুনৰ তেওঁ পেৰিছ বিশ্ববিদ্যালয়ৰ ফেকাল্টি অব মেডিচিনত চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। প্ৰথমতে তেওঁ স্নায়ু বিজ্ঞান বিভাগত অধ্যয়নৰ কৰিছিল যদিও পাছলৈ তেওঁ মনোৰোগ বিজ্ঞান বিভাগতহে স্থায়ীভাৱে অধ্যয়ন কৰিবলৈ লয়। ১৯৩১ চনত তেওঁ মনোৰোগ বিজ্ঞান বিভাগত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। এই সময়ছোৱাত তেওঁ পেৰিছৰ চেইন্ট-এন্নে হস্পিটেলত হেনৰি ক্লডৰ নামৰ এজন বিখ্যাত মনোচিকিৎসকৰ তত্বাৱধানত মনোৰোগ চিকিৎসাৰ অভিজ্ঞতা লাভ কৰে।

কৰ্মজীৱনৰ আৰম্ভনি

১৯৩১ চনত লাকান এজন অনুজ্ঞাপত্ৰপ্ৰাপ্ত ফৰেনছিক মনোৰোগ বিশেষজ্ঞ হিচাপে স্বীকৃতি পায় আৰু ১৯৩২ চনত তেওঁৰ জীৱনৰ প্ৰথমখন গৱেষণা পত্ৰ “On Paranoiac Psychosis in its Relations to the Personality” বাবে চিকিৎসা বিজ্ঞানৰ ডক্টৰেট অব মেডিচিন ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে, এই গৱেষণা পত্ৰখনৰ এটা কপি তেওঁ ছিগমুণ্ড ফ্ৰয়েডলৈও ডাক যোগে প্ৰেৰণ কৰিছিল আৰু ফ্ৰয়েডেও এটা ষ্টাম্প কাৰ্ড প্ৰেৰণ কৰি ইয়াৰ প্ৰাপ্তি স্বীকাৰ কৰিছিল।

১৯৩৪ চনত তেওঁ ‘পেৰিচ মনোবৈশ্লেষিক সমিতি’ৰ সদস্য পদ গ্ৰহণ কৰে আৰু ১৯৩৬ চনৰ পৰা তেওঁ চেইন্ট-এন্নে হস্পিটেলত চিকিৎসক হিচাপে সেৱা আগবঢ়াবলৈ লয়। ইয়াৰ সমান্তৰালভাৱে তেওঁ ব্যক্তিগত মনোবিশ্লেষণৰ অনুশীলনো আৰম্ভ কৰে। সেই বছৰতে মেৰিয়েনবাডত অনুষ্ঠিত ‘আন্তৰ্জাতিক মনোবৈশ্লেষিক সংস্থা’ৰ (আই পি এ) অধিবেশনত লাকানে ” দাপোন পৰ্যায়” ৰ ওপৰত তেওঁৰ প্ৰথমখন বিশ্লেষণাত্মক প্ৰতিবেদন দাখিল কৰে।

বৈবাহিক জীৱন

১৯৩৪ চনৰ জানুৱাৰী মাহত লাকানে মেৰী-লুইজ ব্লণ্ডিনক বিয়া কৰায় আৰু ১৯৩৭ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত প্ৰথম সন্তান কেৰ’লিনৰ (কন্যা) জন্ম হয়। ১৯৩৯ চনৰ আগষ্ট মাহত থিবাউটৰ (পুত্ৰ) আৰু ১৯৪০ চনৰ নৱেম্বৰ মাহত ছিবিলৰ (কন্যা) জন্ম হয়।

১৯৪০ চনত নাজী জাৰ্মানীয়ে ফ্ৰান্স দখলৰ কৰাত ‘পেৰিছ মনোবৈশ্লষিক সমিতি’ ভংগ কৰা হয়। লাকানকো যুদ্ধৰ সময়ছোৱাত সামৰিক বাহিনীত সেৱা আগবঢ়াবৰ বাবে আমন্ত্ৰণ জনোৱা হয়। সেই আমন্ত্ৰণ মৰ্মে তেওঁ ফ্ৰান্সৰ ভেল-ডি-গ্ৰেছ সামৰিক চিকিৎসালয়ত সেৱা আগবঢ়ায়, কিন্তু যুদ্ধৰ সময়তো তেওঁ ব্যক্তিগতভাৱে মনোবিশ্লেষণৰ অনুশীলন কৰি আছিল। যুদ্ধৰ সময়ছোৱাত লাকানে কোনো কিতাপ-পত্ৰ লিখা নাছিল যদিও সেই সময়ত তেওঁ চীনা ভাষা শিকাত মনোনিবেশ কৰিছিল।

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাত পেৰিছ মনোবৈশ্লষিক সমিতিৰ কাম-কাজত পুনৰ আৰম্ভ হয়। সেই বছৰতে তেওঁ পাঁচ সপ্তাহৰ বাবে শিক্ষামূলক ভ্ৰমণ উদ্দেশ্যে ইংলেণ্ডলৈ যায়, তাত তেওঁ কেইবাজনো সমসাময়িক মনোবিশ্লেষক লগ ধৰে।

মনোবিশ্লেষণৰ তত্ত্বসমূহৰ নিৰ্মাণ

১৯৫০ ৰ দশকতো আছিল লাকানৰ কেৰিয়াৰ বাবে টাৰ্ণিং পইণ্ট। ১৯৫১ চনৰ পৰা তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা পেৰিছৰ চেইন্ট-এন্নে হস্পিটেলতে একোখনকৈ সাপ্তাহিক চেমিনাৰ অনুষ্ঠিত কৰিবলৈ লয়। এই চেমিনাৰৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰিলে যে তেওঁ ‘ফ্ৰয়েডলৈ প্ৰত্যাৱৰ্তন’ কৰিব বিচাৰে । এই চেমিনাৰসমূহৰ মূল উদ্দেশ্য আছিল ফাৰ্ডিনাণ্ড দি চছ্যুৰ ভাষাবিজ্ঞান আৰু ক্লডৰ লেভিছ-ট্ৰছৰ গঠনাত্মক নৃতত্ত্বৰ ধাৰণাসমূহৰ জৰিয়তে ফ্ৰয়েডৰ দাৰ্শনিক চিন্তাৰাজীক পুনৰ্ব্যাখ্যা কৰা। ১৯৫৩ চনৰ পৰা তেওঁ এই চেমিনাৰসমূহ ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰিবলৈ ল’লে। প্ৰায় ২৭ বছৰ ধৰি চলা এই চেমিনাৰসমূহে তেওঁক ফ্ৰান্সত বহুলভাৱে জনপ্ৰিয় কৰি তোলে। ফ্ৰান্সৰ সাংস্কৃতিক জীৱনৰ লগতে মনোবৈশ্লেষিক তত্ত্ব আৰু মনোৰোগ চিকিৎসাৰ পদ্ধতিতো এই চেমিনাৰসমূহে গভীৰ প্ৰভাৱ বিস্তাৰ কৰে।

লাকানৰ মনোবিশ্লেষণৰ পদ্ধতিৰ তেওঁৰ সমসাময়িক আন মনোবিশ্লেষকতকৈ বহুখিনি পৃথক আছিল, সেয়ে তেওঁৰ ‘আন্তৰ্জাতিক মনোবৈশ্লেষিক সন্থা’ৰ সৈতে প্ৰায়ে মতবিৰোধ হৈছিল। তেওঁৰ থেৰাপী চেচনসমূহ আনবোৰ মনোবিশ্লেষকৰ তুলনাত আছিল একেবাৰেই চুটি। মাত্ৰ কেইমিনিটমান সময়ৰ। আনহাতে, লাকানেও প্ৰতি অভিযোগ কৰিছিল যে, তেওঁৰ সমসাময়িক আন মনোবিশ্লেষকসকলে ফ্ৰয়েডৰ মনোবিশ্লেষণৰ সিদ্ধান্তসমূহৰ পৰা বহুদূৰলৈ গুছি গৈছে। বিভিন্ন পক্ষৰ লগত হোৱা মনোমালিন্যৰ পাছত ১৯৬৪ চনত তেওঁ নিজাকৈ তেওঁৰ অনুগামীসকলক লগত লৈ ‘ফ্ৰয়েডীয়ান স্কুল অফ পেৰিছ’ গঠন কৰে আৰু ফ্ৰয়েডীয় নীতিসমূহক শুদ্ধৰূপত আগবঢ়ায় নিয়াৰ চেষ্টা চলায়। ১৯৮০ চন পৰ্যন্ত তেওঁৰ এই সংস্থা সূচাৰুৰূপে চলি আছিল বুলি জনা যায়।

১৯৬৬ চনত তেওঁৰ লেখা সমূহক একত্ৰিত ভাবে গ্ৰন্থ আকাৰে প্ৰকাশ কৰে। নাম ৰাখে- ‘এক্ৰিটছ’ (‘Écrits)। এই গ্ৰন্থখনেই তেওঁলৈ কঢ়িয়াই আনে আন্তৰ্জাতিক খ্যাতি । গ্ৰন্থখনৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি প্ৰকাশকে ১৯৬৯ চনত এই গ্ৰন্থখনৰে দুটা খণ্ডৰ এটা নতুন সংস্কৰণ প্ৰকাশ কৰে। ১৯৬৮ চনৰ মে’ মাহত ফ্ৰান্সত সংঘটিত হোৱা বামপন্থী ছাত্ৰ বিদ্ৰোহৰ প্ৰতিও লাকানে বিশেষভাৱে সমৰ্থন আগবঢ়াইছিল বুলি জনা যায়।
১৯৬৯ চনত লাকানে তেওঁৰ ৰাজহুৱা চেমিনাৰ সমূহৰ স্থান পেৰিছ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰে। আৰু ১৯৮০ চন পৰ্যন্ত তেওঁ এই চেমিনাৰ চলায় যায়।

১৯৭০ ৰ দশকতো আছিল লাকানৰ বাবে সফলতা আৰু স্বীকৃতিৰ দশক। এই সময়ছোৱাতে জাৰ্মান আৰু ইংৰাজী ভাষালৈ তেওঁৰ এক্ৰিটছ গ্ৰন্থখনৰ সংক্ষিপ্ত অনুবাদ হয়। এই অনুবাদৰ জড়িয়তে তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰে আৰু ইটালী, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশলৈ বক্তৃতা প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰে। ১৯৭৫ চনত তেওঁ আমেৰিকাৰ য়েল, কলম্বিয়া আৰু এম আই টিত বক্তৃতা প্ৰদান কৰে।

লাকানৰ মৃত্যু

১৯৮১ চনৰ ৯ ছেপ্টেম্বৰত কল’ন কেঞ্চাৰত আক্ৰান্ত হৈ পেৰিছ মহানগৰৰ হেনৰি -হাৰমেন ছাৰ্জিকেল চেন্টাৰত এইজন মহান মনোবিশ্লেষক আৰু মনোচিকিৎসকৰ মৃত্যু হয়।

লাকানৰ মনোবিশ্লেষণৰ মূল ধাৰণাসমূহ-

১) দাপোন পৰ্যায়

মনোবিশ্লেষণৰ জগতত লাকানৰ প্ৰথমটো উল্লেখযোগ্য উদ্ভাৱন আছিল ‘দাপোন পৰ্যায়’। এই ধাৰণাটো তেওঁ ১৯৩৬ চনত চেক গণৰাজ্যৰ মেৰিয়েনবাডত অনুষ্ঠিত হোৱা ‘আন্তৰ্জাতিক মনোবৈশ্লষিক সমিতি’ৰ ১৪ সংখ্যক অধিবেশনত ‘La Stde du mirror’ শীৰ্ষক গৱেষণা পত্ৰ খনৰ জৰিয়তে আগবঢ়াইছিল। সৰল ভাষাত ক’বলৈ গ’লে দাপোন পৰ্যায় হ’ল মানৱ জীৱনৰ সেইটো পৰ্ব বা সময় যি সময়ত এটা মানৱ শিশুৱে আইনা বা আইনা সদৃশ কোনো সজুঁলিত নিজৰ প্ৰতিচ্ছবি প্ৰথম বাৰৰ বাবে চিনাক্ত কৰে।

লাকানৰ মতে, এই সময় এটা শিশুৰ ৬ মাহ বয়সৰ পৰা ১৮ মাহ বয়সৰ পৰ্যন্ত থাকে। এই সময়ছোৱাতে শিশুৰ আত্মপৰিচয় আৰু আত্মসচেতনতা গঢ় লৈ উঠে। পিছে এই সময়ত শিশুৰ আত্মপৰিচয় গঠন হয় যদিও ই শিশুৰ মনৰ কাল্পনিক স্তৰটোতহে গঢ় লয়। এই সময়ত শিশুৱে নিজকে বাহ্যিক প্ৰতিচ্ছবিৰ জৰিয়তে চায় আৰু সেই প্ৰতিচ্ছবিৰ সৈতে তাৰ একধৰণৰ একাত্মতা গঢ়ি উঠে। এই পক্ৰিয়াৰ জড়িয়তেই শিশুৰ মৌলিক পৰিচয় গঠন হয়, যাক লাকানে ‘অহং’ বা ‘ইগো’ বুলি অভিহিত কৰিছে। দাপোন পৰ্যায়ৰ পাছত শিশুৰ মনে প্ৰতীকী ক্ৰমত প্ৰৱেশ কৰে, এই সময়ত ভাষা আৰু সামাজিক নিয়মৰ জড়িয়তে তাৰ পৰিচয় গভীৰ ভাবে গঢ় লৈ উঠে। কিন্তু শিশুৰ বিকাশৰ মূল ভিত্তিয়েই হ’ল এই দাপোন পৰ্যায়।

২) মানৱ মনৰ তিনিটা ক্ৰম (কাল্পনিক, প্ৰতীকী আৰু বাস্তৱ)

মানৱ মনৰ গঠন আৰু অভিজ্ঞতাৰ জটিলতা ব্যাখ্যা কৰিবলৈ লাকানে মানসিক প্ৰক্ৰিয়াটোক তিনিটা ক্ৰমত ভাগ কৰিছিল। লাকানৰ মতে, এই ক্ৰম বোৰ এটাৰ পৰা আনটো পৃথক নহয়। ইহঁত ইটোৱে সিটোৰ সৈতে সম্পৰ্কিত। আৰু পাৰস্পৰিক ক্ৰিয়াৰ জড়িয়তে ইহঁতে মানুহৰ চেতনা, অৱচেতনা আৰু সমাজৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। আহকচোন এই ক্ৰম কেইটাৰ বিষয়ে এতিয়া কিছু বিশদভাৱে আলোচনা কৰো।

ক) কাল্পনিক ক্ৰম-

কাল্পনিক ক্ৰমটো প্ৰতিচ্ছবি, কল্পনা আৰু মানুহৰ আত্মপৰিচয়ৰ সৈতে জড়িত। ই মানুহৰ শৈশৱৰ প্ৰাৰম্ভিক পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয়নো শিশুৱে এই সময়ত নিজৰ অস্তিত্বক দৃশ্যগত আৰু কল্পিত উপায়েৰে বুজিবলৈ চেষ্টা কৰে। মানৱ জীৱনৰ দাপোন পৰ্যায়টোও এই কাল্পনিক ক্ৰমৰ লগতে জড়িত, যাৰ বিষয়ে আমি কিছু পূৰ্বে উল্লেখ কৰি আহিছো। এই ‘দাপোন পৰ্যায়’ত যেতিয়া কাল্পনিক ক্ৰমটো সক্ৰিয় অৱস্থাত থাকে সেইসময়ত শিশুৱে নিজ মাতৃৰ সৈতে এটা জটিল সম্পৰ্কৰে সম্পৰ্কীত হৈ থাকে। এইসময়ত মাকক সি তাৰ নিজৰেই অংশ হিচাপে চায়। দাপোন পৰ্যায়টো এটা প্ৰাক-ভাষিক অৱস্থা, য’ত সকলোবোৰ মানসিক প্ৰক্ৰিয়া কল্পনা আৰু প্ৰতিচ্ছবিৰ ওপৰত নিৰ্ভৰশীল।

কাল্পনিক ক্ৰমে আমাৰ মনক এটা মিছা পূৰ্ণ তাৰ ভাৱ দিয়ে। কিন্তু যেতিয়াৰে পৰা মনে সামাজিক বাস্তৱ তাৰ সৈতে সংঘাত আহি পৰে, তেতিয়াৰে পৰা প্ৰতীকী ক্ৰমৰ কাম আৰম্ভ হয়। উদাহৰণস্বৰূপে, যেতিয়া আমি নিজৰ ফটো এখন চাই মনতে গৰ্ব কৰি থাকো বা আনৰ দৃষ্টিত নিজকে কল্পনা কৰো, তেতিয়া এই কাল্পনিক ক্ৰমটোৱে কাম কৰি থাকে।

ক) প্ৰতীকী ক্ৰম-

প্ৰতীকী ক্ৰমত ভাষা, সামাজিক গঠন, নিয়ম-কানুন আৰু সংস্কৃতিৰ প্ৰভাৱে মানৱ মনক গঢ় দিয়ে। লাকানৰ মতে, মানুহৰ পৰিচয় আৰু অস্তিত্ব সম্পূৰ্ণৰূপে ভাষাৰ ওপৰত নিৰ্ভৰশীল। এই ক্ৰমত প্ৰৱেশ কৰাটো শিশু এটাৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়। আৰু ইয়াক তেওঁ ‘ইডিপাছ পৰ্যায়’ বুলি কৈছে। (ফ্ৰয়েডৰ তত্বৰ পৰা প্ৰভাৱিত)

এই ক্ৰমৰ লগত জড়িত আন এটা মুখ্য ধাৰণা হৈছে ‘পিতৃ-নাম’(Name-of-the-father)। ই মানুহৰ মনৰ গঠনত পিতৃৰ ভূমিকাক বুজায়। লাকানৰ এই পিতৃ কেৱল জৈৱিক পিতৃ নহয়। ই সমাজৰ আইন, ক্ষমতা আৰু নিষেধ তাৰ প্ৰতীক। শিশুৱে যেতিয়া ভাষা শিকে আৰু সমাজৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰে, তেতিয়াই মাতৃৰ সৈতে থকা প্ৰাৰম্ভিক আৰু অবিভক্ত সম্পৰ্কৰ পৰা বিছিন্ন হৈ পৰে আৰু প্ৰতীকী জগতত প্ৰৱেশ কৰে। লাকানৰ বিখ্যাত উক্তি ‘অচেতন মন ভাষাৰ দৰে গঠিত।’ এই কথাষাৰেই হৈছে প্ৰতীকী ক্ৰমৰ মুখ্য ধাৰণা। ভাষাৰ জড়িয়তেই আমি আমাৰ ইচ্ছা, ভয় আৰু পৰিচয় আদি প্ৰকাশ কৰো যদিও ভাষাৰ সীমাবদ্ধতাৰ বাবেই আমি আমাৰ ভিতৰত সত্যক চিনাক্ত কৰিব নোৱাৰো। উদাহৰণস্বৰূপে যেতিয়া এটা শিশুৱে মা, দেউতা আদি শব্দ শিকে, তেতিয়া সি কেৱল শব্দটোৱে নিশিকে, ইয়াৰ লগত জড়িত সম্পৰ্ক আৰু সামাজিক ভূমিকাৰ ধাৰণাও আয়ত্ব কৰি লয়।

গ) বাস্তৱ ক্ৰম –

বাস্তৱ লাকানৰ তত্ত্বৰ আটাইতকৈ গভীৰ আৰু জটিল ধাৰণা। ইয়াৰ অৰ্থ আমি সাধাৰণতে ব্যৱহাৰ কৰা ‘বাস্তৱতাৰ সৈতে ৰিজালে নহ’ব।। ‘বাস্তৱ’ হৈছে সেইটো অৱস্থা বা অভিজ্ঞতা, যাক ভাষা আৰু প্ৰতীকৰ দ্বাৰা সম্পূৰ্ণৰূপে বুজাব পৰাটো সম্ভৱ নহয়। ই অবৰ্ণনীয়, অব্যক্ত আৰু বহু সময়ত ভয়ংকৰ। লাকানৰ মতে, আমি বাস্তৱৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰিব নোৱাৰো, কিয়নো আমাৰ সকলো অভিজ্ঞতা ভাষাৰ জড়িয়তে ফিল্টাৰ হৈ আহে।

বাস্তৱৰ সৈতে ইচ্ছাৰ এক নিবিড় সম্পৰ্ক আছে। বাস্তৱক প্ৰায়ে এক শূণ্যতা বা অভাৱ হিচাপে চোৱা যায়। যি আমাৰ ইচ্ছাৰ উৎস। আমি যি বিচাৰো সেয়া কেতিয়াও সম্পূৰ্ণৰূপে লাভ কৰিব নোৱাৰো। কাৰণ ই বাস্তৱত লুকাই থাকে। বাস্তৱৰ লগত আমাৰ সম্পৰ্ক প্ৰায়ে ট্ৰ’মা বা অপ্ৰত্যাশিত ঘটনাৰ জড়িয়তেই হয়। যিবোৰৰ আমি ব্যাখ্যা কৰিব নোৱাৰো। যেনে আকস্মিক মৃত্যুৰ ফলত লাভ কৰা শোক বা অবৰ্ণনীয় ভয়। যেতিয়া কোনো ব্যক্তিয়ে গভীৰ শোকৰ অভিজ্ঞতা লাভ কৰে আৰু তাক প্ৰকাশ কৰিব নোৱাৰে তেতিয়া অভিজ্ঞতাৰ সেই অংশটো বাস্তৱ ক্ৰমৰ ভিতৰত পৰে।

লাকানৰ তত্ত্বৰ এই তিনিটা ক্ৰমে পৃথকে পৃথকে কাম নকৰে বৰঞ্চ ইহঁত এক এৰাব নোৱাৰা সম্পৰ্কৰে সম্পৰ্কীত। ইয়াৰে যদি এটা ক্ৰমৰ ভাগি যায় তেনেহলে গোটেই গঠনটোৱে অস্থিৰ হৈ পৰিব।

৩) অন্য(The other)

জ্যেক লাকানৰ মনোবিশ্লেষণ তত্ত্বত “অন্য” (The Other) এটা কেন্দ্ৰীয় ধাৰণা, যাক তেওঁ প্ৰতীকী ক্ৰম (Symbolic Order) আৰু ব্যক্তিৰ মানসিক গঠনৰ সৈতে জড়িত কৰিছিল। লাকানৰ তত্ত্বত “অন্য”ক দুটা ভাগত ভাগ কৰা হৈছে: “সৰু অন্য” (little other, বা petit autre) আৰু “ডাঙৰ অন্য” (Big Other, বা Grand Autre)। এই দুয়োটা ধাৰণা বুজিলেহে তেওঁৰ তত্ত্বৰ মূল কথা স্পষ্ট হয়।

১. সৰু অন্য (little other):

“সৰু অন্য” হৈছে এনে এটা ধাৰণা যিটো লাকানে ব্যক্তিৰ কাল্পনিক ক্ৰম (Imaginary Order)ৰ সৈতে সংযুক্ত কৰিছে।এই “অন্য” ব্যক্তিজনৰ নিজৰ প্ৰতিচ্ছবিৰ দৰে, যিটো তেওঁ দাপোণৰ পৰ্যায় (Mirror Stage)ত প্ৰথম দেখে। দাপোণৰ পৰ্যায়ত শিশু এটাই দাপোণত নিজৰ প্ৰতিচ্ছবি দেখি নিজকে চিনি পায়, আৰু সেই প্ৰতিচ্ছবিৰ লগত এক ধৰণৰ সম্পৰ্ক গঢ়ি তোলে। এই “সৰু অন্য” ব্যক্তিৰ কল্পনাৰ জগতৰ ভিতৰতে থাকে আৰু ই নিজৰ পৰিচয় গঢ়াত সহায় কৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে নিজৰ ওচৰ-চুবুৰীয়া বা সমনীয়াৰ সৈতে তুলনা কৰি নিজৰ পৰিচয় গঢ়ি তুলিব পাৰে।

২. ডাঙৰ অন্য (Big Other):

“ডাঙৰ অন্য” লাকানৰ তত্ত্বত অধিক জটিল আৰু গভীৰ ধাৰণা। ই প্ৰতীকী ক্ৰমক (Symbolic Order) প্ৰতিনিধিত্ব কৰে, যিটো ভাষা, সংস্কৃতি, সমাজৰ নিয়ম-কানুন আৰু আইনৰ দ্বাৰা গঠিত।

এই “অন্য” কোনো ব্যক্তি নহয়, বৰং এটা অদৃশ্য শক্তি বা গঠন, যি ব্যক্তিৰ চিন্তা, আচৰণ আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে, সমাজৰ নৈতিকতা, ধৰ্ম, বা আইন ব্যৱস্থা এই “ডাঙৰ অন্য”ৰ উদাহৰণ হ’ব পাৰে।

লাকানৰ মতে, মানুহৰ ইচ্ছা (desire) আৰু পৰিচয় এই “ডাঙৰ অন্য”ৰ ওপৰত নিৰ্ভৰ কৰে। আমি যি বিচাৰো বা যি হ’ব বিচাৰো, সেয়া প্ৰায়ে এই প্ৰতীকী ক্ৰমৰ দ্বাৰা নিৰ্ধাৰিত হয়।

লাকানৰ মতে, ব্যক্তিৰ আত্মপৰিচয় কেতিয়াও পূৰ্ণ নহয়। “অন্য”ৰ জৰিয়তে আমি নিজৰ অভাৱ (lack) বা শূন্যতা অনুভৱ কৰোঁ। উদাহৰণস্বৰূপে, আমি “ডাঙৰ অন্য”ৰ পৰা স্বীকৃতি বা প্ৰেম পাবলৈ চেষ্টা কৰোঁ, কিন্তু সেই পূৰ্ণতা কেতিয়াও লাভ নকৰোঁ।

ভাষাৰ ক্ষেত্ৰতো “অন্য” গুৰুত্বপূৰ্ণ। লাকানে কৈছিল যে আমি ভাষাৰ জৰিয়তে নিজৰ ইচ্ছা প্ৰকাশ কৰোঁ, কিন্তু ভাষা নিজেই “ডাঙৰ অন্য”ৰ অংশ। তাৰ মানে আমাৰ চিন্তা আৰু ইচ্ছা কেতিয়াও সম্পূৰ্ণৰূপে নিজৰ নহয়।

উদাহৰণস্বৰূপে, এজন ল’ৰাই যদি ভাবে যে তেওঁ এজন ভাল গায়ক হ’ব বিচাৰে, তেন্তে তেওঁৰ এই ইচ্ছা “ডাঙৰ অন্য”ৰ পৰা আহিব পাৰে—যেনে সমাজৰ পৰা প্ৰশংসা পোৱাৰ আশা বা সাংস্কৃতিকভাৱ গায়ক হিচাপে সফলতাৰ ধাৰণা। একেদৰে, তেওঁ নিজৰ কণ্ঠ আৰু সুৰক আন গায়কৰ সৈতে তুলনা কৰি “সৰু অন্য”ৰ জৰিয়তে নিজৰ পৰিচয় গঢ়িব পাৰে।

লাকানৰ তত্ত্বত “অন্য” হৈছে ব্যক্তিৰ জীৱনৰ এক অপৰিহাৰ্য অংশ। “সৰু অন্য” আমাৰ কল্পনাৰ জগতত থাকে, আৰু “ডাঙৰ অন্য”ই আমাৰ সামাজিক আৰু প্ৰতীকী জগতখন গঢ়ি তোলে।

(৪) ইচ্ছা-

জ্যেক লাকানৰ তত্ত্ব অনুসৰি ইচ্ছা এটা মৌলিক আৰু অতি জটিল ধাৰণা। তেওঁৰ মতে, ইচ্ছা কেৱল সাধাৰণ শাৰীৰিক প্ৰয়োজনীয়তাৰ পৰাই উদ্ভৱ নহয়, বৰঞ্চ ই মানুহৰ মনৰ ক্ৰমিক গঠনৰ সৈতে জড়িত। তেওঁৰ তত্বত ইচ্ছা মনৰ তিনিটা মূল ক্ৰমৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল। লাকানৰ মতে, ইচ্ছাৰ জন্ম হয় অভাৱৰ পৰা। শিশুৰ জন্মৰ কিছু মাহৰ পিছতে মাকৰ সৈতে থকা প্ৰাৰম্ভিক বান্ধোন ভাঙি যায় আৰু এই অভাৱৰ পৰাই ইচ্ছাৰ সূচনা হয়। কিন্তু এই অভাৱ কেতিয়াও পূৰ্ণ নহয় কাৰণ ইচ্ছা সদায় ‘অন্য’ৰ সৈতে জড়িত। লাকানৰ মতে, ইচ্ছা কেতিয়াও নিজৰ মাজতে সম্পূৰ্ণ নহয়, ই সদায় অন্যৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে কিবা এটা বিচাৰে কাৰণ অন্যই তাক মূল্যবান বুলি গণ্য কৰে।

ইচ্ছা ভাষাৰ মাধ্যমেৰে প্ৰকাশ পায়। ভাষাৰ জড়িয়তে মানুহে নিজৰ অভাৱক প্ৰতীকী ভাৱে বৰ্ণনা কৰে, কিন্তু ইচ্ছাৰ পৰিপূৰ্ণতা সম্ভৱ নহয়, কাৰণ ভাষা নিজেই অসম্পূৰ্ণ।

ইচ্ছা স্থিৰ নহয়। ই সদায় গতিশীল আৰু ই এটা লক্ষ্যৰ পৰা আন এটা লক্ষ্যলৈ নিজকে স্থানান্তৰিত কৰি থাকে। লাকানৰ মতে, ইচ্ছাৰ চূড়ান্ত উদ্দেশ্য কোনো নিৰ্দিষ্ট বস্তু লাভ কৰা নহয়, বৰঞ্চ ইচ্ছাৰ প্ৰক্ৰিয়াটোৰ মাজতে ঘূৰি থকা।

লাকানৰ মতে, ইচ্ছা এনে এটা শক্তি যি মানুহক পৰিচালিত কৰি আছে, কিন্তু ইয়াৰ সম্পূৰ্ণ পৰিতৃপ্তি কেতিয়াও নহয়। ই অভাৱ, ভাষা আৰু সামাজিক সম্পৰ্কৰ মাজত জন্ম হয় আৰু ইহঁতৰ মাজতে লালিত-পালিত হয়।

লাকানৰ তত্ত্বত আৰু বহুতো জটিল ধাৰণা বিদ্যমান। ইয়াত তেওঁৰ দাৰ্শনিক চিন্তাৰাজিৰ সামান্য এটা আভাস হে দিয়াৰ চেষ্টা কৰা হৈছে। লাকানৰ এই তত্ত্বসমূহত আধুনিক গঠনবাদী দৰ্শন, ভাষা বিজ্ঞান, নৃতত্ব আদিৰ পোনপটীয়া প্ৰভাৱ পৰা দেখা যায় যদিও তেওঁ ফ্ৰয়েডৰ মূল দাৰ্শনিক তত্ত্বসমূহক সমালোচনা কৰা নাই, এইবোৰক তেওঁৰ নতুন ধৰণে ব্যাখ্যাৰহে চেষ্টা কৰিছে, যাতে আধুনিক মানুহে আকৌ এবাৰ অনুধাৱন কৰিব পাৰে ফ্ৰয়েডৰ যুগজয়ী প্ৰতিভাক।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x