সপ্তদশ ভাগ – ৰাজভাষা

(প্ৰথম অধ্যায়)

৩৪৩। সংঘৰ ৰাজভাষা –

(১) সংঘৰ ৰাজভাষা দেৱনাগৰী লিপিত লিখা হিন্দী হ’ব। সংঘৰ চৰকাৰী প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিব লগীয়া সংখ্যাৰ ৰূপ ভাৰতীয় সংখ্যাৰ আন্তঃৰাষ্ট্ৰীয় ৰূপ হ’ব।

(২) খণ্ড (১) ত যিকোনো কথা থকা সত্ত্বেও, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পোন্ধৰ বছৰ কালৰ বাবে, এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে সংঘৰ যিবোৰ চৰকাৰী প্ৰয়োজনৰ বাবে ইংৰাজী ভাষা ব্যৱহাৰ কৰা হৈছিল তেনে সকলোবোৰ চৰকাৰী প্ৰয়োজনৰ বাবে ইংৰাজী চলি থাকিব-

পৰন্তু, ৰাষ্ট্ৰপতিয়ে, উক্ত কালছোৱাৰ ভিতৰত আদেশৰ দ্বাৰা সংঘৰ যিকোনো চৰকাৰী প্ৰয়োজনৰ বাবে ইংৰাজী ভাষাৰ উপৰিও হিন্দী ভাষা আৰু আন্তঃৰাষ্ট্ৰীয় ৰূপৰ ভাৰতীয় সংখ্যাৰ উপৰিও সংখ্যাৰ দেৱনাগৰী ৰূপ ব্যৱহাৰ কৰিবলৈ প্ৰাধিকাৰ দিব পাৰে।

(৩) এই অনুচ্ছেদত যিকোনো কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা উক্ত পোন্ধৰ বছৰ কালৰ পিচতো এনে প্রয়োজনৰ বাবে –

(ক) ইংৰাজী ভাষা, অথবা

(খ) দেৱনাগৰী ৰূপৰ সংখ্যা,

ব্যৱহাৰ কৰিবলৈ উপবন্ধ কৰিব পাৰে, যিবিলাক প্রয়োজন সেই বিধিত বিনিৰ্দ্দিষ্ট কৰি দিয়ে।

৩৪৪। ৰাজভাষা সম্বন্ধত আয়োগ আৰু সংসদৰ সমিতি –

(১) ৰাষ্ট্ৰপতিয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পাঁচ বছৰৰ মূৰত আৰু তাৰ পিচত এনে প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত আদেশৰ দ্বাৰা এটা আয়োগ গঠন কৰিব যি আয়োগ ৰাষ্ট্ৰপতিৰ দ্বাৰা যথা নিযুক্ত এজন সভাপতি আৰু অষ্টম অনুসূচীত বিনিৰ্দ্দিষ্ট বিভিন্ন ভাষাক প্রতিনিধিত্ব কৰা এনে আন সদস্য সকলৰে গঠিত হ’ব আৰু সেই আদেশে আয়োগৰ দ্বাৰা অনুসৰণীয় প্রক্রিয়া পৰিভাষিত কৰি দিব।

(২) আয়োগৰ কৰ্ত্তব্য হ’ব।

(ক) সংঘৰ চৰকাৰী প্ৰয়োজন সমূহৰ বাবে হিন্দী ভাষাক উত্তৰোত্তৰ অধিক ব্যৱহাৰ কৰাত;

(খ) সংঘৰ সকলো বা যিকোনো চৰকাৰী প্ৰয়োজনৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰৰ ওপৰত নিৰ্বন্ধন আৰোপ কৰাত;

(গ) অনুচ্ছেদ ৩৪৮ত উল্লিখিত প্রয়োজন সমূহৰ সকলো বা যিকোনোটোৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ভাষাৰ ক্ষেত্ৰত;

(ঘ) সংঘৰ যিকোনোটো বা ততোধিক বিনিৰ্দ্দিষ্ট প্রয়োজন সমূহৰ বাবে ব্যৱহাৰ কৰিবলগীয়া সংখ্যাৰ ৰূপৰ সম্পর্কত;

(ঙ) সংঘৰ ৰাজভাষাৰ সম্বন্ধত আৰু সংঘৰ আৰু কোনো এখন ৰাজ্যৰ মাজত অথবা এখন ৰাজ্য আৰু আন এখনৰ মাজত যোগযোগৰ বাবে ভাষাৰ সম্বন্ধত আৰু তাৰ ব্যৱহাৰৰ সম্বন্ধত ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োগৰ প্ৰতি নির্দেশিত আন যিকোনো বিষয়ত; ৰাষ্ট্ৰপতিলৈ চুপাৰিছ কৰা।

(৩) খণ্ড (২) ৰ অধীনত চুপাৰিছ কৰোতে আয়োগে ভাৰতৰ ঔদ্যোগিক, সাংস্কৃতিক আৰু বৈজ্ঞানিক উন্নয়নৰ প্ৰতি আৰু লোকসেৱা সমূহৰ সম্বন্ধত অহিন্দী ভাষা-ভাষী অঞ্চল সমূহৰ লোক সকলৰ ন্যায় সংগত দাবী আৰু স্বাৰ্থৰ প্ৰতি যথাযোগ্য দৃষ্টি ৰাখিব।

(৪) যথাক্রমে লোক সভাৰ সদস্য সকলৰ দ্বাৰা আৰু ৰাজ্যসভাৰ সদস্য সকলৰ দ্বাৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্রমণীয় ভোটৰ দ্বাৰা নিৰ্বাচিত লোকসভাৰ কুৰিজন সদস্য আৰু ৰাজ্যসভাৰ দহজন সদস্যক লৈ মুঠ ত্রিশজন সদস্যৰে এখন সমিতি গঠিত হ’ব।

(৫) খণ্ড (১) ৰ অধীনত গঠিত আয়োগৰ চুপাৰিছ সমূহ পৰীক্ষা কৰা আৰু তাৰ ওপৰত তেওঁলোকৰ ৰায় দি ৰাষ্ট্ৰপতিলৈ প্রতিবেদন দিয়াটো সমিতি খনৰ কৰ্তব্য হ’ব।

(৬) অনুচ্ছেদ ৩৪৩ ত যিকোনো কথা থকা সত্ত্বেও, ৰাষ্ট্ৰপতিয়ে খণ্ড (৫) ত নির্দেশিত প্রতিবেদন বিবেচনা কৰাৰ পিচত, সেই সম্পূর্ণ প্রতিবেদন বা তাৰ কোনো ভাগ অনুসৰি নিৰ্দ্দেশ দিব পাৰে।

দ্বিতীয় অধ্যায় –

আঞ্চলিক ভাষাসমূহ

৩৪৫। কোনো ৰাজ্যৰ ৰাজভাষা বা ভাষাসমূহ –

অনুচ্ছেদ ৩৪৬ আৰু ৩৪৭ৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা সেই ৰাজ্যৰ ব্যৱহৃত ভাষাসমূহৰ যিকোনো এটা বা ততোধিক ভাষাক অথবা হিন্দীক সেই ৰাজ্যৰ চৰকাৰী প্ৰয়োজন সমূহৰ সকলোবোৰ বা যিকোনোটোৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ভাষা বা ভাষাসমূহ বুলি গ্রহণ কৰিব পাৰে।

পৰন্তু, ৰাজ্যৰ বিধান মণ্ডলে অন্যথা উপবন্ধ নকৰা পৰ্যন্ত ৰাজ্যখনৰ ভিতৰত এনেবোৰ চৰকাৰী প্রয়োজনৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ চলি থাকিব যিবোৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূর্বে সেই ভাষা চলি আছিল।

৩৪৬। এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত আৰু এখন ৰাজ্য আৰু সংঘৰ মাজত যোগাযোগৰ বাবে ৰাজভাষা-

সংঘৰ চৰকাৰী প্রয়োজন সমূহৰ বাবে ব্যৱহাৰৰ কাৰণে সম্প্ৰতি প্ৰাধিকৃত ভাষাটোৱেই এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত আৰু এখন ৰাজ্য আৰু সংঘৰ মাজত যোগাযোগৰ বাবে ৰাজভাষা হ’বঃ পৰন্তু, যদি দুই বা ততোধিক ৰাজ্য এই বুলি সন্মত হয় যে তেনে ৰাজ্যৰ মাজত যোগাযোগৰ বাবে হিন্দী ভাষাই ৰাজভাষা হোৱা উচিত তেনেহলে তেনে যোগাযোগৰ বাবে সেই ভাষা ব্যৱহাৰ কৰিব পাৰে।

৩৪৭। কোনো ৰাজ্যৰ জনসংখ্যাৰ কোনো এভাগৰ দ্বাৰা কথিত ভাষাৰ সম্বন্ধত বিশেষ উপবন্ধ-

সেই সম্পর্কে কোনো দাবী উত্থাপন কৰিলে, ৰাষ্ট্ৰপতি যদি সন্তুষ্ট হয় যে কোনো এখন ৰাজ্যৰ জনসংখ্যাৰ পৰ্য্যাপ্ত অনুপাত এটাই তেওঁলোকৰ দ্বাৰা কথিত কোনো এটা ভাষাক ব্যবহাৰ কৰাটো সেই ৰাজ্যৰ দ্বাৰা স্বীকৃত হোৱাটো কামনা কৰে, তেনেহলে তেওঁ নিৰ্দ্দেশ দিব পাৰে যে তেনে ভাষাও তেওঁৰ দ্বাৰা যথা বিনিৰ্দ্দিষ্ট প্রয়োজনৰ বাবে সেই ৰাজ্যৰ ভিতৰত বা তাৰ কোনো ভাগত চৰকাৰী ভাৱে স্বীকৃত হ’ব।

তৃতীয় অধ্যায় – উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আদিৰ ভাষা

৩৪৮। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহত তথা অধিনিয়ম, বিধেয়ক আদি ব্যৱহাৰ কৰিবলগীয়া ভাষা-

(১) এই ভাগৰ পূৰ্বোক্ত উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা অনাথা উপবন্ধ নকৰা পৰ্য্যন্ত —

(ক) উচ্চতম ন্যায়লয় আৰু প্রত্যেক উচ্চ ন্যায়ালয়ৰ সকলো কাৰ্য্যবাহী,

(খ) (i) সংসদৰ যিকোনোটো সদনত অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা যিকোনোটো সদনত উত্থাপন কৰিবলগীয়া সকলো বিধেয়কৰ বা প্ৰস্তাৱ কৰিবলগীয়া যিকোনো সংশোধনীৰ প্ৰাধিকৃত পাঠ,

(ii) সংসদৰ দ্বাৰা অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা পাৰিত সকলো অধিনিয়মৰ আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা অথবা কোনো ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা প্রখ্যাপিত সকলো অধ্যাদেশৰ প্ৰাধিকৃত পাঠ, আৰু

(iii) এই সংবিধানৰ অধীনত অথবা সংসদৰ দ্বাৰা বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ অধীনত জাৰি কৰা সকলো আদেশৰ, নিয়মাৱলীৰ, বিনিয়মৰ আৰু উপবিধিৰ প্ৰাধিকৃত পাঠ ইংৰাজী ভাষাত হ’ব।

(২) খণ্ড (১) ৰ উপখণ্ড (ক) ত যিকোনো কথা থকা সত্ত্বেও, কোনো ৰাজ্যৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি ক্রমে হিন্দী ভাষাক অথবা সেই ৰাজ্যৰ যিকোনো চৰকাৰী প্রয়োজন সমূহৰ বাবে ব্যৱহৃত আন যিকোনো ভাষাক সেই ৰাজ্যত মুখ্যস্থান থকা উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহীত ব্যৱহাৰৰ কাৰণে প্ৰাধিকাৰ দিব পাৰেঃ পৰন্তু, এনে উচ্চ ন্যায়ালয়ৰ দ্বাৰা পাৰিত বা দিয়া হোৱা কোনো নির্ণয়, ডিক্রী বা আদেশৰ বেলিকা এই খণ্ডৰ কোনো কথা প্রযোজ্য নহ’ব।

(৩) খণ্ড (১)ৰ উপখণ্ড (খ) ত যিকোনো কথা থকা সত্ত্বেও, য’ত নেকি কোনো ৰাজ্যৰ বিধান মণ্ডলে সেই ৰাজ্যৰ বিধান মণ্ডলত উত্থাপিত কোনো বিধেয়কত বা পাৰিত কোনো অধিনিয়মত অথবা ৰাজ্যখনৰ ৰাজপালৰ দ্বাৰা প্ৰখ্যাপিত অধ্যাদেশসমূহৰ নাইবা সেই উপখণ্ডৰ দফা (iii) ত নির্দেশিত কোনো আদেশ, নিয়ম, বিনিয়ম বা উপবিধিত ব্যৱহাৰৰ বাবে ইংৰাজী ভাষাৰ বাহিৰে কোনো ভাষা বিহিত কৰি দিয়ে, তেনে ক্ষেত্ৰত ৰাজ্যখনৰ ৰাজ্যপালৰ প্রধিকাৰৰ দ্বাৰা সেই ৰাজ্যৰ ৰাজপত্ৰত প্ৰকাশিত তাৰ ইংৰাজী অনুবাদ এই অনুচ্ছেদৰ অধীনত তাৰ প্রাধিকৃত ইংৰাজী পাঠ বুলি গণ্য কৰা হ’ব।

৩৪৯। ভাষা সম্বন্ধীয় যিকোনো বিধি অধিনিয়মিত কৰিবৰ বাবে বিশেষ প্ৰক্ৰিয়া-

এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পোন্ধৰ বছৰ কালাৱধিৰ ভিতৰত ৰাষ্ট্ৰপতিৰ পূৰ্ব মঞ্জুৰী বিনা, অনুচ্ছেদ ৩৪৮ৰ খণ্ড (১) ত উল্লিখিত প্রয়োজন সমূহৰ যিকোনোটোৰ বাবে ব্যৱহাৰ কৰিবলৈ ভাষাৰ উপবন্ধ কৰি কোনো বিধেয়ক বা সংশোধনী সংসদৰ যিকোনোটো সদনত উত্থাপিত বা প্ৰস্তাৱিত কৰিব নোৱাৰিব, আৰু ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৪৪ৰ খণ্ড (১) ৰ অধীনত গঠিত আয়োগৰ চুপাৰিছসমূহ আৰু সেই অনুচ্ছেদৰ খণ্ড (৪)ৰ অধীনত গঠিত সমিতিৰ প্ৰতিবেদন বিবেচনা নকৰাকৈ এনে কোনো বিধেয়ক উত্থাপন কৰিবলৈ বা এনে কোনো সংশোধনী প্রস্তাৱ কৰিবলৈ তেওঁৰ মঞ্জুৰি নিদিব।

চতুর্থ অধ্যায়- বিশেষ নির্দেশাৱলী

৩৫০। অভিযোগ মোচনৰ কাৰণে দিয়া অভিবেদনসমূহত ব্যৱহাৰ কৰিবলগীয়া ভাষা –

প্রত্যেক ব্যক্তিয়েই সংঘৰ বা কোনো ৰাজ্যৰ কোনো পদাধিকাৰী বা প্ৰাধিকাৰীৰ ওচৰত যথাস্থিতি সংঘ বা সেই ৰাজ্যত ব্যৱহৃত ভাষাসমূহৰ যিকোনোটো ভাষাত কোনো অভিযোগ মোচনৰ কাৰণে অভিবেদন দাখিল কৰিবলৈ হক্‌দাৰ হ’ব।

৩৫০ (ক)। প্ৰাথমিক স্তৰত মাতৃভাষাত শিক্ষাদানৰ বাবে সুবিধাসমূহ-

প্রত্যেক ৰাজ্যৰ আৰু ৰাজ্যৰ ভিতৰত থকা প্রত্যেক স্থানীয় প্ৰাধিকাৰীৰ এইটো প্রয়াস হব লাগিব যে ভাষিক সংখ্যালঘু সমষ্টি সমূহৰ লৰা-ছোৱালীৰ শিক্ষাৰ প্রাথমিক স্তৰত মাতৃভাষাত শিক্ষাদানৰ বাবে পর্যাপ্ত সা-সুবিধা দিব লাগিব; আৰু ৰাষ্ট্ৰপতিয়ে যিকোনো ৰাজ্যক এনে নিৰ্দ্দেশ দিব পাৰে যিটোনেকি এনে সুবিধাৰ উপবন্ধ সুনিশ্চিত কৰিবৰ বাবে তেওঁ আৱশ্যকীয় বা উচিত বুলি বিবেচনা কৰে।

৩৫০(খ)। ভাষিক সংখ্যালঘুসকলৰ বাবে বিশেষ পদাধিকাৰী-

(১) ভাষিক সংখ্যালঘু সকলৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন বিশেষ পদাধিকাৰী থাকিব।

(২) এই সংবিধানৰ অধীনত ভাষিক সংখ্যালঘু সকলৰ বাবে উপবন্ধিত ৰক্ষণাবেক্ষণ সম্বন্ধীয় সকলো বিষয়ে অনুসন্ধান কৰাটো আৰু এই বিষয় সমূহৰ ওপৰত ৰাষ্ট্ৰপতিৰ দ্বাৰা যথানিৰ্দেশিত সময়ৰ ব্যৱধানত ৰাষ্ট্ৰপতিৰ ওচৰত প্রতিবেদন দাখিল কৰাটো এই বিশেষ পদাধিকাৰী জনৰ কৰ্তব্য হ’ব আৰু ৰাষ্ট্রপতিয়ে এনে সকলো প্রতিবেদন সংসদৰ প্রত্যেক সদনতে দিয়াব আৰু সংশ্লিষ্ট ৰাজ্যখনৰ চৰকাৰলৈকো পঠোৱাব।

৩৫১। হিন্দী ভাষাৰ উন্নয়নৰ অৰ্থে নিৰ্দেশ-

হিন্দী ভাষাৰ প্ৰসাৰ বৃদ্ধি কৰি ভাৰতৰ মিশ্রিত সংস্কৃতিৰ সকলো উপাদানৰ অভিব্যক্তিৰ মাধ্যম ৰূপে সেৱা কৰিব পৰাকৈ ইয়াৰ উন্নতি সাধন কৰা আৰু এই ভাষাৰ নিজস্ব প্রতিভাৰ ওপৰত হস্তক্ষেপ নকৰাকৈ হিন্দুস্থানী আৰু অষ্টম অনুসূচীত বিনিৰ্দ্দিষ্ট ভাৰতৰ অন্যান্য ভাষাবোৰৰ ৰূপ, ঠাঁচ আৰু অভিব্যক্তিসমূহ আহৰণৰ যোগেদি আৰু ইয়াৰ শব্দকোষৰ বাবে য’তেই আৱশ্যকীয় বা বাঞ্চনীয় হয় ততেই মুখ্যতঃ সংস্কৃতৰ পৰা আৰু গৌণতঃ আন ভাষাবোৰৰ পৰা শব্দ সংগ্ৰহ কৰি হিন্দী ভাষাৰ সমৃদ্ধি সুনিশ্চিত কৰাটো সংঘৰ কৰ্তব্য হ’ব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top