(অসমীয়া ভাষা আৰু সংস্কৃতি শীৰ্ষক ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ গ্ৰন্থখনৰ পৰা অসম্পাদিত ৰূপত অসমীয়া ভাষা জন্মকথা নামৰ এই প্ৰবন্ধটি ইউনিক’ডীয় ৰূপত সাৰথিৰ পাঠক সমাজলৈ আগবঢ়ালো)
প্রাকৃত ভাষাৰ শেষ স্তৰ অপভ্রংশৰপৰাই আধুনিক ভাৰতীয় আৰ্য্য-ভাষাসমূহৰ জন্ম হৈছে। ঠিক কোন শতাব্দীৰ এই প্রাদেশিক ভাষাসমূহে স্বতন্ত্র ৰূপ পালে তাক নির্ণয় কৰা টান। এই ভাষাসমূহৰ সামান্য নিদর্শন অষ্টম শতিকাৰ শিলালিপি, তাম্রশাসন আদিত পোৱা গৈছে যদিও খৃষ্টীয় দশম-একাদশ শতিকাৰ পূর্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ লোৱা নাছিল। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম এটাৰ পিছত আনটোৰ, অৰ্থাৎ হিন্দীৰ পিছত বঙ্গলা, তাব পিছত অসমীয়া, এনে ধৰণে হোৱা নাই। ৰাজনৈতিক, ধার্মিক, সামাজিক, ভৌগোলিক আদি কাৰণৰ হেতু সম-সাময়িক ভাৱেই এই ভাষাসমূহৰ জন্ম হৈছিল।
প্রাচীন অসমীয়া ভাষা মাগধী অপভ্রংশৰপৰা উদ্ভৱ হৈছে। খৃষ্টীয় দশম শতিকাতে যদিও আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম বুলি অনুমান কৰা হৈছে তথাপি নিৰ্দিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্ব ৰূপ ল’লে, তাক স্থিৰ কৰা কঠিন। অৱশ্যে সকলো ভাষাৰ জন্ম সম্বন্ধে এই একে মন্তব্যই খাটে। কিয়নো কোনো ভাষাতেই জন্মৰ লগে লগেই সাহিত্য গঢ় লৈ নুঠে। সাহিত্য ভাষাৰ জন্ম-পত্রিকা। গতিকে জন্ম-পত্রিকা বা লিখিত নিদর্শন নহলে জন্মকাল নির্ণয় কৰা সহজ নহয়।
প্রখ্যাতকীৰ্ত্তি ভাস্কৰবৰ্ম্মাৰ ৰাজত্ব কালত চীন পৰিব্ৰাজক হিউ-ৱেন-চাং কামৰূপলৈ আহিছিল। তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লিখিছে, “তেওঁলোকৰ (কাম-ৰূপৰ মানুহৰ) ভাষাৰ মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য প্রভেদ আছে।” চীন পৰিব্ৰাজকৰ এই মন্তব্যৰপৰা আন নহ’লেও খৃষ্টীয় সপ্তম শতিকাৰপৰাই যে অসমীয়া ভাষাই সুকীয়া প্রাদেশিক গঢ় ল’বলৈ আৰম্ভ কৰিছিল, সেই কথা অনুমান কৰিব পাৰি।
ভাস্কৰবৰ্ম্মা আৰু তেওঁৰ পিছৰ কামৰূপৰ ৰজাসকলে ব্রাহ্মণক ভূমিদান দিয়া কেইখনিমান তামৰ ফলি উদ্ধাৰ হৈছে। অসমত এতিয়ালৈকে পোৱা প্রাচীন শিলালিপিসমূহৰ ভিতৰত নগাৱঁৰ কপিলী উপত্যকাত পোৱা মহা-ৰাজাধিৰাজ ভূতিবর্মাৰ দিনত (৫৫৪ খৃঃ) খোদিত শিলালিপিয়েই প্রাচীন। এই শিলালিপি আৰু অন্যান্য শাসনাৱলীৰ ভাষা সংস্কৃত। গতিকে সেই সময়ত অসমত সংস্কৃত ভাষাৰ প্রচলন আছিল বুলি সহজে অনুমান কৰিব পাৰি। কিন্তু এই সংস্কৃত প্রশস্তিৰ মাজতো সেই সময়ত জনসাধাৰণৰ মাজত প্রচলিত ভাষাৰ দুই চাৰিটি শব্দই অবাধে স্থান পাইছে। সেই শব্দবোৰ মানুহৰ নাম, গাৱঁৰ নাম, নদীৰ নাম, গছৰ নাম বুজোৱাত ব্যবহৃত হৈছে। ইয়াৰ ভিতৰত কালিয়া, ধনি, সনি, অনি, দক্ষিণপাট, শিঙৰি, পাবলি, জান, জোল আদি শব্দ মন কৰিবলগীয়া। এই শব্দসমূহে অসমীয়া ভাষাৰ জন্মকালৰ সূচনা কৰে। স্বর্গীয় মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রীয়ে ১৯১৭ চনত নেপাল ৰাজদৰবাৰৰ গ্রন্থাগাৰৰপৰা “চৰ্য্যা-চর্য্যবিনিশ্চয়” (চর্যাশ্চর্য্য-বিনিশ্চয়) নামৰ এখনি অতি পুৰণি পুথি সংগ্রহ কৰিছিল। অন্য এখন পুথিৰে সৈতে বঙ্গীয় সাহিত্য পৰিষদে “হাজাৰ বছৰেৰ পুরাণ বাঙ্গলা ভাষায় বৌদ্ধ গান ও দোহা” নাম দি এই পুথি প্রকাশ কৰিছে। চৰ্য্যাশ্চর্য্য-বিনিশ্চয় পুথিত ২৪ জন কবি বা সিদ্ধাচাৰ্য্যৰ ৰচিত ১৫টা দোহা বা গীত আছে।
গীতিবাচক সিদ্ধাচাৰ্য্যসকলৰ সময় খৃঃ ৯০০ ৰ পৰা ১২০০ ৰ ভিতৰত বুলি অনুমান হয়। বঙ্গদেশৰ ভাষাতত্ত্ববিদসকলে চৰ্য্যাপদৰ ভাষাক বিচাৰ বিশ্লেষণ কৰি সি যে প্রধানতে আৰু মূলতে বঙ্গলা ভাষা সেই কথা প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। ড০ কাকতিয়ে চৰ্য্যাপদৰ ভাষাৰ লগত প্রাচীন অসমীয়াৰ সাদৃশ্য আলোচনা কৰি ইয়াৰ ভাষা অসমীয়া আৰু বঙলা দুয়োৰে পূর্ব্বস্তৰ (পূর্ব মাগধী অপভ্রংশ) বুলি অনুমান কৰিছে। বিশেষতঃ এই দোহাৰ এজন বচক সিদ্ধাচার্য্য মীননাথ কামৰূপৰ লোক বুলি প্রমাণিত হোৱাত ড০ কাকতিৰ মত বিশেষভাৱে সমর্থনযোগ্য। সিদ্ধাচার্য্য মীননাথে ‘ব্যাহ্যান্তৰবোধি-চিত্তবন্ধো-প্রদেশ’ নামৰ পুথি এখনিও ৰচনা কৰিছিল। বিখ্যাত পণ্ডিত ৰাহুল সাংস্কৃত্যায়নে এই পুথি তিব্বতৰপৰা সংগ্ৰহ কৰিছিল। ‘ব্যাহ্যান্তৰবোধি-চিত্তবন্ধো-প্ৰদেশ’ৰ ভাষাৰ লগত প্রাচীন অসমীয়া ভাষাৰ সাদৃশ্য আছে বুলি ৰাহুলেদেৱে মত প্রকাশ কৰিছে।
ড০ কাকতিয়ে দোহাৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনি আৰু শব্দ-গঠনৰ ৰীতিতো মিল আছে বুলি দর্শাইছে। স্বৰসমীভৱনৰ নিয়ম অনুযায়ী পৰৱৰ্ত্তী অক্ষৰত (syllable) আ থাকিলে পূর্ব্বস্থিত আ-ধ্বনি অ-লৈ সলনি হয়। এই নিয়ম দোহাত আৰু অসমীয়া ভাষাত পৰিলক্ষিত হৈছে। যথা – চকা (চাকা) বপা (বাপা) ইত্যাদি। অসমীয়াৰ দৰে সংস্কৃত লাগ্ ধাতুৰপৰা উদ্ভূত-লই চৰ্য্যাপদৰো চতুর্থী বিভক্তিৰ চিন্। কৃত, কাৰ্য্য, কৰ শব্দৰপৰা সৃষ্টি হোৱা- এৰ, অৰ, ৰ বিভক্তিৰে ষষ্ঠীৰ পদ আৰু সংস্কৃত ‘ত্ৰ’ (>ও >ত) বা অন্তৰ পৰা উদ্ভূত ত-ৰে সপ্তমীৰ পদ দুয়ো ভাষাতে কৰা হৈছে। কৰ্ত্তৃ, কর্ম, কৰণ আৰু অধিকৰণ কাৰক কেতিয়াবা বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহৃত হয়। যেনে-“কাআ তৰুবৰ পঞ্চ বি ডাল।” অসমীয়াৰ কৰ্ম্মকাৰকত এই লক্ষণ আছে। মুখ্য কৰ্ম্ম অপ্রাণিবাচক অথবা অনিৰ্দিষ্ট প্রাণিবাচক হ’লে অসমীয়াত কর্মকাৰকত বিভক্তি যোগ নোহোৱাৰ নিয়ম। -ই, ইল প্রত্যয়েৰে অতীত কাল আৰু ই-প্রত্যয়েৰে ভৱিষ্যৎ কাল কৰা হৈছে।
অসমীয়াৰ দৰে ধাতুৰ পিছত- ই, আৰু তৃতীয় পুৰুষৰ স্বৰূপ ভূত কালত-ইলে প্রত্যয় সংযোগ কৰি অসমাপিকা ক্রিয়া, আৰু ধাতুৰ আগত ন যোগ দি নঞার্থক ধাতু সধা হৈছে। অসমীয়া সৰ্ব্বনামৰ লগতো দোহাৰ মিল আছে। যেনে- মই, মো, মোহোৰ, (সংস্কৃত ময়া আৰু মমৰপৰা উদ্ভূত), অপনা, অপনে (আত্মন শব্দৰপৰা সৃষ্টি হৈছে) অইসন, জৈসন, কিস, তহি, ইত্যাদি।
চৰ্য্যাগীতসমূহত ভৈৰৱী, কামোদ ধনসী বামফ্রী, শবৰী মল্লাৰী আদি বিভিন্ন ৰাগৰ উল্লেখ আছে। এই ৰাগসমূহৰ পিছৰ যুগত অসমীয়া গীতত, ঘাইকৈ বৰগীতত সংযোগ হৈছিল। কোনো কোনোৱে অসমীয়া পদ বা পয়াৰ ছন্দও দোহা ছন্দৰপৰা ওলোৱা বুলি অনুমান কৰে। দোহাৰ গীতসমূহ মাত্রাছন্দত ৰচিত, চৰণত ষোল্ল মাত্ৰা আৰু অষ্টম মাত্ৰাত সাধাৰণতে যতি পবিছে। অসমীয়া পদ-ছন্দৰ লক্ষণ হৈছে চৈধ্য মাত্ৰা আৰু চৈধ্য আখৰত যতি। অসমীয়া পদ-ছন্দত আখৰৰ সংখ্যা যিমানেই নহওঁক মাত্ৰাৰ সংখ্যা মুঠতে চৈধ্য হোৱা উচিত। পূর্ব্বে কিন্তু দোহাৰ দৰে অসমীয়াৰো মাত্ৰাৰ সংখ্যা ষোল্ল আছিল। অসমীয়া উচ্চাৰণত দীর্ঘ স্বৰ হ্রস্ব হোৱাৰ লগে লগে আৰু দ্বিতীয় যতিবে বিৰাম স্থলত দুই মাত্ৰাৰ লোপ হৈহে চৈধ্য মাত্ৰাত পৰিছেগৈ।
ওপৰত উল্লেখ কৰা এই নিদর্শনসমূহে লাহে লাহে অপভ্রংশ ভাষাই কেনেকৈ প্রাদেশিক ৰূপ ল’লে তাৰ আভাষ দিয়ে। পূর্ব মাগধী অপভ্রংশৰ এই পৰিবৰ্ত্তন-ক্ৰিয়া বহু বছৰ ধৰি চলিছিল, আৰু সম্ভৱতঃ কেইবা যুগো কথ্যভাষা স্বৰূপে চলাৰ পিছতহে ই নিৰ্দিষ্ট সাহিত্যিক ৰূপ লয়।