(লোক-সাহিত্য লোক জীৱনৰ দাপোন। লোক-সাহিত্য নামৰ এই প্ৰবন্ধটি অসমৰ লোক-সংস্কৃতি শীৰ্ষক ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ গ্ৰন্থখনৰ পৰা অসম্পাদিতভাৱে আৰু ইউনিক’ডীয় ৰূপত সাৰথিৰ পাঠক সমাজলৈ আগবঢ়ালো))
কবিগুৰু ৰবীন্দ্রনাথে কৈছে যে সিয়াই যেনেকৈ মাটিৰ তলত থাকি গছৰ পত্রে-পুষ্পে সুশোভিত কৰি ৰাখে, সেইদৰে সকলো দেশৰে সাহিত্যৰ মূলভাগ লোক-জীৱনৰ মাটিৰ তলত ঢাক খাই সজীৱ হৈ থাকে। লোক-জীৱনৰ লগত জড়িত এই সাহিত্য সম্পূর্ণভাৱে স্থানীয়; ই কেৱল দেশৰ জনসাধাৰণৰ উপভোগৰ আৰু উপলব্ধিৰ যোগ্য। কবিগুৰৰ মতে বাহিৰৰ লোকৰ তাত প্ৰৱেশৰ অধিকাৰ নাই। কিন্তু এই সংকীর্ণ প্রাদেশিক মূলৰ ওপৰতহে সাহিত্যৰ সাৰ্বভৌমিক শাখা-প্রশাখাৰ দিগন্তব্যাপী বিস্তৃতি সম্ভৱপৰ। এইখিনিতে এইটোও মন কৰিবলগীয়া যে জাতীয় সাহিত্যৰ এই ভাগত ব্যক্তিবিশেষৰ কল্পনাৰ স্ফুৰণৰ থল নাই; নতুবা কেৱল এজনৰ মনোৰঞ্জনৰ কাৰণেও ইয়াৰ সৃষ্টি নহয়। এই লোক-সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি, সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীর্থ; সমগ্র সমাজৰ আনন্দ বিনোদনৰ কলাক্ষেত্র। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক-সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ আছে।
লোক-জীৱনৰ লগত নিবিড়ভাবে সম্বন্ধ থকা সাহিত্যৰ ভিতৰত প্ৰধান হ’ল যোজনা-ফকৰা বা প্রবাদ, সাঁথৰ, নিচুকনি, জন্মৰপৰা মৃত্যুলৈকে পালন কৰা পৰ্বৰ লগত জড়িত গীতসমূহ, উৎসৱ-অনুষ্ঠানৰ গীত, লোকধর্ম সম্বন্ধীয় গীত, কর্মগীত, সাধুকথা, কিম্বদন্তী আৰু পুৰা-কাহিনী। যোজনা ফকৰাসমূহ লোক সাহিত্যৰ শুভাষিতাবলী। এইবোৰে জাতিৰ সামাজিক, আচাৰ-বিচাৰ, আয়ুর্বেদ আৰু কৃষি-সম্বন্ধীয় জ্ঞানৰ পৰিচয় দি লোক-জীৱন তাৰ মাজতে সম্পূর্ণভাৱে প্রতিফলিত কৰে। এই প্রবাদসমূহক স্থান, ভূগোল, জাতি, সমাজ, পুৰাণ কাহিনী, বুৰঞ্জী, লৌকিক আখ্যান, সাধুকথা, প্রকৃতি, ধর্ম, আচাৰ-ব্যৱহাৰ-এইকেইটা বিভিন্ন শ্রেণীত ভাগ কৰিব পাৰি। এইবোৰ লোক-পৰম্পৰা মুখে মুখে বাগৰি অহা জাতিৰ সমূহীয়া ব্যৱহাৰিক আৰু নৈতিক জ্ঞানৰ সঞ্চয় পুঁজি। সাধাৰণ সুবিধাৰ কাৰণে আৰু ইটো যুগৰ পৰা সিটো যুগলৈ হস্তান্তৰ কৰিবলৈ লোক-জ্ঞানৰ এই প্ৰবাদসমূহ গীতৰ আকাৰত ৰচা হয়। সৰহ সংখ্যক ফকৰা-যোজনা বা প্রবাদত ঘৰুৱা আৰু গাঁৱলীয়া জীৱনৰ এশ-এটা চিত্র আছে; কোনোটোত মুনিহ-তিৰোতাৰ দোষ-ত্রুটিক আঙুলিয়াই দিয়া হৈছে। তাৰে ফলত হাঁহি-কৌতুকৰো সৃষ্টি হৈছে। পানী অনা, ধান বনা, কাপোৰ বোৱা, ভাত ৰন্ধা আদি গৃহস্থালিৰ অলেখ সাধাৰণ চিত্ৰৰ উল্লেখ থকাৰ হেতু কোনো কোনোৱে এইবোৰ তিৰোতাৰ দ্বাৰা ৰচিত বুলি অনুমান কৰে।
প্ৰবাদসমূহৰপৰা গাঁৱৰ গছ-গছনি, ফল-ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, ঋতু-বতৰৰ মনোৰম বৰ্ণনা কৰিব পাৰি। প্ৰাকৃতিক গাঁৱলীয়া মানুহে কেৱল পূজা-অর্চনাই নকৰে, নতুবা উৎসৱ-অনুষ্ঠানত প্ৰকৃতিৰ মণ্ডন কাৰ্যত প্রয়োগ কৰিয়েই সন্তুষ্ট নহয়, তেওঁলোকৰ দৈনন্দিন জীৱনযাত্রাত প্রকৃতি অন্তৰঙ্গ সঙ্গী। এই কাৰণেই বিজ্ঞানৰ পাঠ নোহোৱাকৈ গাঁৱৰ মানুহে প্ৰকৃতিৰ বহু ৰহস্য, সত্য, নীতি-নিয়ম উদঘাটন কৰিবলৈ সমৰ্থ। প্ৰকৃতিৰ লগত এই নিবিড় সংযোগ ঘটাত গাঁৱলীয়া মানুহৰ ভাষাও সহজভাবেই প্রকৃতিৰ উপমা প্রতীকেৰে সমৃদ্ধ।
এই বিষয়ে সাঁথৰবিলাকো মনত ৰখাৰ সুবিধা কাৰণে ছন্দত ৰচনা কৰা হয়। এশাৰীত সুধিব পৰা প্রশ্ন এটাকো সেইদেখি শ্রুতিমধুৰ কৰিবলৈ দীঘলীয়া শ্লোকত ৰচনা কৰা হয়:
শদিয়ালৈ নেযাবা সতফুল নেখাবা
কেঁচাপাতত নেবান্ধিবা লোণ
উপজিয়েই লৰ মাৰে কোন ?
ইয়াৰপৰা সাধাৰণৰ ছন্দ বা কবিতা-প্রীতিৰ মনোভাৱ বুজিব পাৰি। অৱশ্যে এই সাঁথৰবোৰ মনোৰঞ্জকেই নহয়; মন্ত্র, আখ্যান, সাধুকথা আৰু প্ৰৱচনৰ দৰে ই মানুহৰ বুদ্ধি আৰু চিন্তাৰো এক অতি প্রাচীন ৰূপ।
লোক-ধর্ম সম্বন্ধীয় অন্য এক শ্ৰেণীৰ গীত হ’ল মনসা বা বেউলা-লখিন্দৰৰ গীত। মনসাৰ বাহিৰেও হিন্দু আৰু লৌকিক ভালেমান দেব-দেৱীৰ পূজা-পাতল গাঁৱৰ মানুহে ঘৰুৱা আৰু সমূহীয়াভাবে পালন কৰে আৰু কেইবাগৰাকীয়ে লগলাগি (সবাহ-পাতি) নাম গায়। দেব-দেৱী আৰু পূজা-পার্বণৰ সম্বন্ধীয় নাম হ’ল আইনাম; অপেচৰী সবাহৰ গীত; ‘শুকানী অপেচৰাৰ গীত; তুলসীতলৰ গীত; দেউলৰ গীত; হুঁচৰি গীত আদি। দেহ-বিচাৰৰ গীতসমূহো ধর্মগীতেই।
বাৰমাহী ঋতুগীত যদিও ইয়াৰ মাজত নাৰীৰ বিৰহব মূর্তিয়েই স্পষ্টভারে প্রকাশ পাইছে। নাৰী জীৱনৰ নানা আশা-আকাঙক্ষা এই বিৰহৰ গীতত মূর্তিমান হৈ উঠিছে। সৃষ্টিৰ আদিৰেপৰা প্ৰকৃতি আৰু মানুহৰ মাজত অন্তৰঙ্গ সম্বন্ধ গঢ়ি উঠিছে, বাৰমাহী তাৰেই বন্দনা গীত। নাৰীহৃদয় আৰু প্রকৃতি পৰিচয়ৰ বাহিৰেও বাৰমাহী গীতত সামাজিক-ধার্মিক জীৱনৰো যে চিত্র আছে, সেই কথা তলৰ উদ্ধৃত পদ কেইফাঁকিয়েই প্রমাণ কৰিব।
আঘোণৰ মাহতে নেকাটিলা পাত।
খাবলৈ নাপালো প্রভু নবীন ধানৰ ভাত ।।
(ন খোৱা উৎসৱৰ উল্লেখ)
মাঘৰ মাহতে ধৰমৰ তিথি।
ডাক দালিম শ্রীফল খাইতে নেদে বিধি।।
ফাগুনৰ মাহত ফাগুনৰ বাতৰি।
দেউলৰ ওপৰত দেউল তুলিয়া মগৰি।।
আহিনৰ মাহত তুলসীৰ গোৰে চাতি।
বিধবা ব্রাহ্মণী পুজে হাতে লৈয়া বাতি।।
আহিনৰ মাহতে দেৱীৰ অষ্টমী।
হাঁহ কাটে পাঠা কাটে পাব জাকে জাকে।।
কৰ্ম আৰু পৰিশ্ৰমে ই গাঁৱলীয়া জীৱনৰ দৰ্শন। পৰিশ্ৰম যাতে বিৰক্তিকৰ আৰু অৱসাদদায়ক নহয় তাৰ কাৰণে দৈনন্দিন সকলো কামতে গীতৰ ব্যৱহাৰ হয়। মুখৰ গীতে শৰীৰৰ ভাগৰ পাহৰাই কাম কৰাত উদ্দীপনা আৰু অনুপ্ৰেৰণা যোগায়। যঁতৰৰ গীত, ধান দোৱা, মৰণা মৰা, ধান বনা, উৰলৰ গীত-কর্ম সঙ্গীতৰ ভিতৰত প্ৰধান। ইয়াৰ বাহিৰেও মাছমৰা, নাওবোৱা বিষয়ৰ গীতৰো প্ৰচলন আছে। এই গীতবোৰৰ সুৰ আৰু বিষয়বস্তুৰ আলোচনা কৰিলে জীৱন নিৰ্বাহৰ বিভিন্ন কাৰ্যাৱলীৰ প্ৰতি গাঁৱলীয়া মুনিহ-তিৰোতাৰ কি ধাৰণা কল্পনা আৰু সেইবোৰ কেনেকৈ পালন কৰা হয় তাক বুজিব পাৰি। বিভিন্ন শাৰীৰ এই গীতবোৰৰপৰা সাধাৰণ জীৱনৰ আবেগ অনুভূতি, গীত-নৃত্যমুখৰ (এই গীতবোৰৰ নৃত্য ছন্দত ভৰি-হাত মিলাই গোৱা হয়) মন-প্ৰাণৰ পৰিচয় ফুটি ওলায়।
এই গীতবোৰ অকণি অকণি বাখৰৰ দৰে মানুহৰ জীৱন আঙঠিটো এই বাখৰেৰে সৰ্বতিকাল উজ্জ্বল। এই গীতত ব্যৱহাৰ কৰা ভাষাও লক্ষ্য কৰিবলগীয়া। এই গীতত যি ভাষা ব্যৱহাৰ কৰা হয়, সি বহুলাংশে প্রতীক-প্রধান।
এই লোক-গীতবোৰত জনসাধাৰণৰ পৰম্পৰাগত ৰুচিৰ পৰিচয় আছে, জনঐতিহ্যসমূহৰ লক্ষণ যিমান সাহিত্যমূলক, তাতকৈ অধিক সামাজিক। ইয়াত কলা আৰু নীতি-বিজ্ঞানৰ সামাজিক ঠাঁচৰ খোজত ব্যক্তিগত সৃষ্টি প্ৰেৰণাই খোজ মিলাব লাগে। এই কলা আৰু নীতি-বিজ্ঞান সাধাৰণতে হ’ল বিৰাট জনসাধাৰণৰ কলা আৰু নীতিবিজ্ঞান। ইয়াৰ ফলত যে গীতবোৰ জনপ্রিয় আৰু জাঁকজমকীয়া হয়, সেই বিষয়ে কোনো সন্দেহ নাই; কিন্তু লগে লগে ইয়াক মানুহে সহজে সাহিত্যিক সৃষ্টিসমূহ গণ্ডীবদ্ধ হৈ পৰে। লোক-সাহিত্যত ব্যক্তিগত কবিৰ মুক্ত কল্পনাৰ উদ্দাম গতি নাই, নাই ভাবাবেগৰ গভীৰত্ব, বাধাহীন প্রকাশ আৰু সবাতোপৰি দৃষ্টি। লোক-সাহিত্যৰ বিষয় নির্বাচনো সীমাবদ্ধ। প্রকাশভঙ্গী ধৰাবন্ধা। কোনো এটা বিশেষ বিষয় বর্ণাবলৈ পূর্বাপৰ চলি অহা ধৰাবন্ধা নিয়ম পালন কৰা হয়। কলাৰ মাজেদি সাহিত্যৰ সৃষ্টি কৰোঁতে অভিজ্ঞতাৰপৰা পোৱা ঘটনাই প্ৰকাশৰ বিষয়বস্তু হয় আৰু ভাব হয় প্ৰকাশৰ আহিলা। জনসাহিত্যত অৱশ্যে অভিজ্ঞতাৰ প্রাথমিক ভিত্তি হ’ল পূর্বাপৰ চলি অহা লোকাচাৰ। এই লোকাচাৰসমূহকেই শব্দ আৰু প্রকাশভঙ্গীৰ ৰূপক-প্ৰয়োগৰ মাজেদি প্রকাশ কৰা হয়।
অধিক সংখ্যক অসমীয়া লোক-গীতৰ প্রধান উপজীব্য হ’ল প্রেম; সেই কাৰণে এইবোৰ গীত বহুলভাৱে প্রতীকৰ প্রয়োগ আছে। কিয়নো প্ৰেমৰ কথা মন্ত্ৰৰ দৰে গোপনীয়। সেই ভাষাৰ অৰ্থ কেৱল প্রেমিক-প্রেমিকাৰহে উপলব্ধিৰ বিষয়। কেতবোৰ চৰাই-চিৰিকটিৰ নাম অসমীয়া লোক-গীতত সেই কাৰণে বিশেষ অর্থত প্রতীকৰূপে ব্যৱহৃত হৈছে। যেনে- মউ, মউমাখি, মইনা, কোৱা, শালিকা, ভাটো, কুলি, কাউৰী, ম’ৰাচৰাই, কপৌ, হাঁহ, কামচৰাই, চাকৈ-চকোৱা। মউ, মউমাখি আৰু প্রজাপতি সকলো দেশৰ সাহিত্যত প্রেমৰ প্রতীক; সংস্কৃতত প্রাকৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। বিহুগীতত আছেঃ
চৰাই হৈ পৰিম গৈ ছালত।।
আমি জুৰণীয়া মৌ……।।”। ইত্যাদি।
ময়ূৰ সৌন্দৰ্যৰ প্রতীক। মাছৰ নাম কেৱল সৌন্দৰ্যৰ প্ৰসঙ্গতে উল্লেখ হোৱা নাই; এই নামবোৰ প্ৰজননৰো প্রতীক।
শক্তি আৰু সৌষ্ঠৱৰ আদৰ্শৰূপে হাতীৰ নামৰ প্ৰয়োগ হৈছে (মাক নাই মাউৰা, তিৰী নাই বৰলা, হাতী ধৰিবলৈ যায়।) নেমুটেঙা, সুমথিৰা, জৰা, তিয়ঁহ, জালিকোমোৰা, জলকীয়া, বগীজামু এইবোৰ শব্দই নাৰী আৰু পুৰুষৰ শৰীৰৰ অঙ্গৰ ইংগিত দিয়ে। শিমলু উৰণীয়া মনৰ সংকেত (চ’তে মাহতে শিমলু ফুলিলে, ওপৰে উৰিলে তুলা; কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, তেনেকৈ উৰিবৰ মন)। অকণমান বতাহত বাঁহ হালে জালে। বাৰীৰ বাঁহ কাটি আনি ইচ্ছানুযায়ী ব্যৱহাৰত লগাব পাৰি। লোকৰ ঘৰৰ ছোৱালী বিয়া কৰি আনি ঘৰৰ যিকোনো বন-বাৰীত লগাব পাৰি-এয়ে ইঙ্গিত। বগৰি জেং প্ৰেমৰ প্ৰতিবন্ধক। সেন্দুৰ, জেতুকা, হালধি এইবোৰ আৰু ইয়াৰ বৰ্ণ—যৌৱন, আনন্দ, মিলনৰ প্রতীক। চাকি, বন্তি, সলিতা, তেল—এই শব্দবোৰ প্রেম নিবেদন, বিবহৰ বৰ্ণনাত। তোলৈ মনত পৰে, চকুপানী দুধাৰে বয়; তললৈ মূৰকই গুণিবলৈ ধৰিলে ব্যৱহাৰ হয়। (ৰাতি পৰে পৰে তোলৈ মনত পৰে, চকুপানী দুধাৰে; তললৈ মূৰকৈ গুণিবলৈ ধৰিলে আগতে চাকিটো থৈ)। মধ্যযুগৰ সন্ত কবিসকলৰ পদাৱলীত আৰু পাহাৰী চিত্রাঙ্কনতো চাকি তেল সলিতা বিশেষ অর্থব্যঞ্জক।
এই গীতবোৰত নামকো প্রতীকৰূপে লোৱা হৈছে। অসমীয়া বিয়ানামত ৰামকৃষ্ণ, সীতা, ৰুক্মিণী আদিৰ উল্লেখ আছে, এইবোৰৰপৰা লোক-সাহিত্যত বৈষ্ণৱ ধৰ্মৰ প্রভাৱ লক্ষ্য কৰিব পাৰি; বৈষ্ণৱধর্মই আমাৰ সামাজিক আৰু জাতীয় জীৱনত যিদৰে সংস্কাৰ সাধিলে, সেইদৰে অসমীয়া লোক-গীতকো সংস্কৃত কৰিলে। নৰ-নাৰী প্রেম-প্রসঙ্গত নামৰ উল্লেখ হোৱাত, বিহুগীত অতি বাস্তৱধর্মী হৈছে। আধুনিক কাব্য-ৰীতিত স্কুল প্ৰেমৰ বৰ্ণনাত সোণপাহী, অলকানন্দা আদি নামৰ উল্লেখ মন কৰিবলগীয়া। অসমীয়া জাতীয় জীৱনৰ লগত লুইত, দিখৌ, জাঁজি, ধনশিৰিৰ অঙ্গাঙ্গী সম্বন্ধ। এই নদীবোৰে অসমীয়াৰ আৰ্থিক আৰু সামাজিক জীৱনত বহুৰূপে ক্রিয়া কৰিছে, এই নদীসমূহৰ তৰঙ্গৰ অসমীয়া জীৱনৰ হর্ষ-বিষাদ আনন্দ-উৎসৱ চিৰকাল তৰঙ্গায়িত।
প্রত্যেক লোক-গীতৰেই নিজস্ব সুৰ আৰু লয় আছে। বিয়ানাম আৰু বিহুগীত একেটা সুৰতেই গোৱা নহয়। আনকি, একেখন বিয়াৰে বিভিন্ন প্রসঙ্গত গোৱা বিভিন্ন নামৰ সুৰৰ মাধুৰীও বেলেগ। গাঁঠিয়ান খুন্দা বা সুৱাগুৰি তোলাৰ গীতৰ সুৰ আৰু লয়, পানীতোলা বা দৰা আদৰা সময়ত গোৱা গীতৰ সুৰ আৰু লয়ৰ লগত নিমিলে। গাঁৱৰে জীৱনৰ দ্রুত পৰিৱৰ্তন হৈছে তাৰে ফলত বোলছবিৰ গানে আজি লোক-গীতৰ ঠাই দখল কৰিছে। এই লোক-গীতৰ সুৰবোৰ শীঘ্ৰে ৰেকৰ্ড কৰি ৰক্ষা কৰা উচিত; নহ’লে চিৰদিনলৈ ই লোপ পাব।
ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতবোৰৰ দৰে গল্প গীতিৰ উপকৰণৰ প্রাধান্য থকা প্রণয়গাথা বা কবিতাও অসমীয়াত আছে। ইয়াৰে কিছুমান বিস্ময়কৰ বীৰৰসাত্মক অথবা প্রেম-ৰোমাঞ্চপূর্ণ; যেনে— জনা গাভৰুৰ গীত মন্ত্ৰৰ দৰে বিস্ময়কৰ উপাদানেৰে গঁথা। কিছুমান ঐতিহাসিক; যেনে–বদন বৰফুকনৰ গীত। আকৌ খুহুটীয়া কথাৰে ভৰা আৰু আমোদদায়ক মলুৱা বান্দৰৰ গীত।
জন-সাহিত্যৰ অন্য এক ডাঙৰ শাখা সাধুকথা। এই সাধুকথাবোৰৰ সঠিক সূত্র দিয়া কঠিন। সাধুকথাবোৰৰ এটা বিশিষ্ট লক্ষণ, ইবোৰ পৰম্পৰাগত। ইজনৰপৰা সিজনলৈ, এযুগৰপৰা আন যুগলৈ, এখন সমাজৰপৰা আন সমাজলৈ বাগৰি অহা; ইয়াৰ ঐতিহ্য একেবাৰে মৌখিক। সাধুটো শুনিলে শুনোতাই তেওঁৰ মনৰপৰা একো যোগ নিদিয়াকৈ বা তাৰ কোনো সলনি নকৰাকৈ আন এজনৰ আগত তাৰ পুনৰাবৃত্তি কৰে। মাজে সময়ে এই ঐতিহ্য সাহিত্যৰ যোগেদিও জীয়াই থাকে। প্রমাণস্বৰূপে, অসমীয়া ভাষাত প্রচলিত বহুতো সাধুকথা, হিতোপদেশ, পঞ্চতন্ত্র আৰু আনকি বৌদ্ধ জাতকতো পোৱা যায়। ইউৰোপীয় পণ্ডিতসকলে সাধুকথাৰ বিভিন্ন ৰূপৰ মাজত পাৰ্থক্য দেখুৱাবৰ কাৰণে মার্চেন, চেজেন আদি কিছুমান নাম ব্যৱহাৰ কৰিছে। কিন্তু অসমীয়া সাধুকথা বুলিলে উপাখ্যান, পৰম্পৰাগত আখ্যান—এই সকলো ধৰণৰ মাজত প্রচলিত আখ্যানকেই ধৰা হয়। উপাখ্যান, পুৰণি আখ্যান আৰু পৰম্পৰাগত আখ্যানৰ ভিতৰত কেইবা প্ৰকাৰৰো সুস্পষ্ট কাহিনী পৰে। যেনে– (১) সৃষ্টি বা প্রকৃতিৰ ব্যাখ্যামূলক উপাখ্যান, (২) অপেশ্বৰী, ভূত-প্রেত আলৌকিক জীৱৰ লগত জড়িত কাহিনী, (৩) বুৰঞ্জীমূলক বা বুৰঞ্জীমূলক বুলি বিশ্বাস কৰা চৰিত্ৰ সম্বন্ধে থকা উপাখ্যানবোৰ। কোনো কোনো উপাখ্যান বা পৰম্পৰাগত কাহিনী কওঁতে সঁচা-ঘটনাৰূপে তাক বর্ণনা কৰা হয় আৰু কওঁতাই নিজেও তেনেদৰে বিশ্বাস কৰে।
পুৰণি আখ্যানবোৰো সাধুকথাৰ শাৰীতেই পৰে। পৃথিৱী সৃষ্টি হোৱাৰ কাহিনী লৈয়েই পুৰণি আখ্যানৰ জন্ম। ই সৃষ্টি আৰু প্ৰকৃতিৰ পদার্থসমূহৰ আলোচনা কৰে; গতিকে ই সৃষ্টিধর্মী আৰু মৌলিক উপাখ্যানৰ শাৰীৰ সাহিত্য। দেৱতাসকলৰ বিজয় অভিযান সম্বন্ধে যেতিয়া ই আলোচনা কৰে, তেতিয়া ই ৰূপকথাৰ শাৰীত পৰে। বহুতো অসমীয়া সাধু, মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ আখ্যান-উপাখ্যানৰ অসমীয়া ভাঙনি।
অসমীয়া সাধুকথা প্রধানতঃ জীৱ-জন্তু, প্রাকৃতিক পদার্থ, ঠাট্টা-বিদ্রূপ আৰু টেটোন সম্বন্ধীয়। প্রায় সকলো জাতিৰ মাজতে জীৱ-জন্তু সম্বন্ধে সাধু আছে। এসময়ত জন্তু-জগতখনৰ লগত সাধাৰণ মানুহৰ ঘনিষ্ঠ সম্বন্ধ আছিল; গতিকে স্বভাৱতেই প্ৰকৃতি আৰু জন্তুৰ স্বভাৱ সম্বন্ধে তেওঁলোকে ভালকৈ জানিছিল। কিন্তু জন্তু সম্বন্ধে বর্ণনা কৰোঁতে তেওঁলোকে সৰু-সুৰা একো কথাকে বাদ নিদিয়াকৈ খৰচি মাৰি কৈছিল। জন্তু জগতত সম্বন্ধে সাধাৰণ মানুহৰ কি ধাৰণা আছিল সেই কথাও এই সাধুকথাত পোৱা যায়। ড° প্রফুল্লদত্ত গোস্বামীয়ে অসমীয়া সাধুকথাৰ বিজ্ঞানসন্মত অনুশীলন কৰিছে। কিন্তু এই বিষয়ে বহু কাম এতিয়াও অসম্পূর্ণ হৈ আছে। এই অসম্পূর্ণতা কেৱল সাধুকথা সংগ্ৰহৰ ফালৰপৰাই নহয়; অসমীয়া সাধুকথা কেনেকৈ ঠাই বাগৰি ফুৰিছে আৰু ইয়াৰ ওপৰত জনজাতীয় সাহিত্যৰ কেনেকৈ প্ৰভাৱ পৰিছে সেই সম্বন্ধে চর্চা আৰু অনুসন্ধান কৰাৰ অৱকাশো আছে। সকলো দেশৰ সাধুকথাৰপৰা জাতীয় চৰিত্ৰ আৰু মনোবিশ্লেষণ কৰিব পাৰি।
লোক-সংস্কৃতি আৰু লোক-সাহিত্য প্রসঙ্গত ভাষাৰ আলোচনাও তাৎপর্যপূর্ণ। সকলো ভাষাৰে ঘাইকৈ দুটা ৰূপ-এটা সংস্কৃত, অন্যটি প্রাকৃত; অর্থাৎ এটি সাহিত্যকৰ, পুথি-পত্ৰৰ আৰু মাৰ্জিত ৰুচিৰ লোকৰ; আনটি সাধাৰণ, অর্থাৎ গাঁৱলীয়া মানুহৰ ভাষা (কথিত বা উপভাষা)। সৰহ সংখ্যক মানুহে এই প্রাকৃত অর্থাৎ সাধাৰণ মানুহৰ ভাষাটোকেই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। এই ভাষাৰ উচ্চাৰণ, শব্দৰ প্রয়োগ আৰু অর্থ, বাক্যৰীতি সুকীয়া; ই ব্যাকৰণৰ বিধি-নিষেধৰপৰা বহুখিনি মুক্ত। ভাষাতত্ত্বৰ পিনৰপৰা কিন্তু দুয়োটা ৰূপৰেই বিশেষ মূল্য আছে। সাধাৰণ মুখৰ ভাষাৰপৰাও শব্দ আৰু উচ্চাৰণ বিৱৰ্তনৰ মনোৰঞ্চক বুৰঞ্জী সংকলন কৰিব পাৰি। ভাষাতত্ত্বৰ আঁত হেৰাই যোৱা ভালেমান সূত্র এই লোক-ভাষাৰপৰা উদ্ধাৰ কৰা সম্ভৱ।
লোক-সংস্কৃতিৰ তথ্য-পাতি আহৰণ কৰোঁতে এই ভাষাৰো সংগ্ৰহ প্রয়োজনীয়। বিভিন্ন সম্প্ৰদায়ৰ গাঁৱলীয়া পুৰুষ-তিৰোতাৰ মাজত আজিও বিশেষকৈ খেতি-বাতি, মাছমৰা, বোৱা-কটা, এড়ি-পলু পোহা, ৰন্ধা-বঢ়া সম্বন্ধীয় অলেখ বাক্যাংশ বা জতুৱা-ঠাঁচ প্রয়োগ হয়; সেই শব্দ আৰু জতুৱা ঠাঁচবোৰ সাহিত্যৰ ভাষাত বিপুল অর্থ ব্যঞ্জনাৰে ব্যৱহাৰ কৰিব পাৰি। কমাৰ, কুমাৰ, বাঢ়ৈ, খনিকৰ, মৰিয়া-সোণাৰীয়ে নিজৰ ব্যৱসায়ত সদা-সর্বদা প্রয়োগ কৰা শব্দসমূহ চয়ন কৰিব পাৰিলে অসমীয়া পৰিভাষিক শব্দৰ ভঁৰাল নিশ্চয় চহকী হ’ব।
লোক ভাষা সম্পর্কে আৰু এটি বিষয় মন কৰিবলগীয়া। প্রধান আর্য ভাষা অসমীয়াৰ বাহিৰেও সম্প্রদায় বিশেষে কোনো কোনোৱে গোষ্ঠীৰ উপভাষাকো; মাতৃভাষাস্বৰূপে ব্যৱহাৰ কৰে; যেনে-লালুং, চুটিয়া, দেউৰী, বড়ো, কছাৰি, মিকিৰ, মিৰি ভাষা। ওচৰা-উচৰি গাঁৱত বাস কৰা হেতু, আৰু এই সম্প্রদায়ৰ সকলোৱে শিক্ষা-সংস্কৃতি আৰু ৰাষ্ট্ৰীয় জীৱনত অসমীয়া ভাষাক গ্রহণ কৰাত আৰ্য অসমীয়া আৰু আৰ্যেতৰ উপভাষাসমূহৰ সদা-সর্বদা আদান-প্রদান ঘটিছে। তাৰে ফলত অসমীয়া ভাষালৈ এই উপভাষাসমূহৰপৰা নানা শব্দ, খণ্ডবাক্য, মনোৰম ফকৰা-যোজনা আহিছে। ফলত অসমীয়া ভাষাৰ সৌষ্ঠৱ বাঢ়িছে, লগে লগে অসমৰ সকলো জাতি-উপজাতিয়ে এক উমৈহতীয়া পৰিণতিৰ পথত আগবাঢ়িছে। এই উপ-ভাষাসমূহৰপৰা শব্দ আৰু জতুৱা-ঠাঁচ চয়ন কৰি অসমীয়া ভাষাক সমৃদ্ধিশালী আৰু সাৰ্বজনীন কৰা বৰ্তমান সকলো অসমীয়া লিখকৰ কৰ্তব্য।