আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুহেনফা – আহোমৰ দ্বাদশজন স্বৰ্গদেউ

একাদশজন আহোম স্বৰ্গদেউ চুচেনফাৰ ১৪৮৮ খ্ৰীষ্টাব্দত মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পাছতে তেখেতৰ পুত্ৰই চুহেনফা নাম লৈ আহোম ৰাজসিংহাসনত আৰোহণ কৰে। চুহেনফা স্বৰ্গদেউৰ ৰাজত্বকালৰ সময়ত আহোম ৰাজ্যত বহুকেইটা উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। স্বৰ্গদেউ চুহেনফাৰ ৰাজত্বকালৰ দুটামান উল্লেখযোগ্য ঘটনা হৈছে – কোঁচৰ সৈতে যুঁজ টংচু নগাৰ সৈতে যুঁজ আৰু কছাৰীৰ সৈতে যুঁজ।

স্বৰ্গদেউ চুহেনফাৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বুঢ়াগোঁহাই আৰু বৰগোঁহাই :-

স্বৰ্গদেউ চুহেনফাৰ ৰাজত্বকালত তেখেতৰ পিতৃ স্বৰ্গদেউ চুচেনফাৰ সময়ৰ বুঢ়াগোঁহাই খেনলুং বুঢ়াগোঁহায়েই কাৰ্যনিৰ্বাহ কৰিছিল। স্বৰ্গদেউ চুহেনফাই ত্যাওকাংবানৰেক বৰগোঁহাইক আহোম ৰাজ্যৰ বৰগোঁহাইৰ পদত অধিষ্ঠিত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত টংচু নগাৰে হোৱা ৰণত ত্যাওকাংবানৰেক বৰগোঁহাইৰ মৃত্যু ঘটাত নাঙৰাং বৰগোঁহাইক আহোমৰ নতুন বৰগোঁহাইৰূপে নিযুক্তি দিয়া হৈছিল।

কোঁচৰ সৈতে সংঘৰ্ষ :-

স্বৰ্গদেউ চুহেনফাই সিংহাসনত অধিষ্ঠিত হোৱাৰ পাছতেই কোঁচসকলৰ ৰজা বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণ কৰে কিন্তু যুদ্ধত পৰাজিত হৈ কোঁচ ৰজা বিশ্বসিংহ পুনৰ নিজৰ ৰাজ্যলৈ উভতি যায়।

টংচু নগাৰ লগত যুদ্ধ :-

টংচু নগাৰ সৈতে হোৱা যুদ্ধ স্বৰ্গদেউ চুহেনফাৰ ৰাজত্বকালত সংঘটিত হোৱা এটা অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। স্বৰ্গদেউ চুহেনফাৰ পিতৃ স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালতো টংচু নগাই আহোম ৰাজ্য আক্ৰমণ কৰি মুখথেকেছা খাবলগীয়া হৈছিল কিন্তু পুনৰ টংচু নগাই আহোম ৰাজ্যত প্ৰৱেশ কৰি অসমীয়া গাঁৱত আক্ৰমণ কৰি লুট-পাত কৰি লৈ গৈছিল। পৰিস্থিতি লক্ষ্য কৰি স্বৰ্গদেউ চুহেনফাই ত্যাওকাংবানৰেক বৰগোঁহাইৰ নেতৃত্বত এদল সৈন্যক টংচু নগাক আহোম ৰাজ্যৰ সীমাৰ পৰা বাহিৰ কৰিবলৈ পঠিয়ায়। কিন্তু উগ্ৰ টংচু নগাই উভতি ধৰি ত্যাওকাংবানৰেক বৰগোঁহাইক শিৰচ্ছেদ কৰে আৰু তেওঁৰ কটা মূৰ লৈ যায়। এই খবৰ লাভ কৰি আহোমৰাজ চুহেনফাই ততালিকে নাঙৰাংক বৰগোঁহাইৰূপে নিযুক্তি দি টংচু নগাৰ বিৰুদ্ধে পঠিয়ায়। নাঙৰাং বৰগোঁহায়ে টংচু নগাক পৰাজিত কৰে আৰু সম্পূৰ্ণৰূপে আহোমৰ কৰতলীয়া কৰে। আৰু এই বশ্যতাৰ চিনস্বৰূপে নাঙৰাং বৰগোঁহায়ে কেইঘৰমান নগাক বন্দী কৰি আহোম ৰাজ্যলৈ লৈ আনিছিল। ইয়াৰ ভিতৰত আছিল টংচু এঘৰ,লেফেৰা এঘৰ,মৌপিয়া এঘৰ আৰু কেইঘৰমান।

কছাৰীৰ লগত যুদ্ধ :-

আনুমানিক প্ৰায় ১৪৯০ খ্ৰীষ্টাব্দত আহোম আৰু কছাৰীৰ যুদ্ধ হয়। চুহেনফাই আহোম ৰাজ্যৰ সীমা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেইসময়ত উজনি অসমৰ এটা বৃহৎ শক্তি কছাৰীয়ে আহোমসকলক বাধা প্ৰদান কৰিছিল। ১৪৯০ খ্ৰীষ্টাব্দৰ চ’ত মাহত কছাৰীয়ে আহোম ৰাজ্যৰ বিৰুদ্ধে টংচুত যুদ্ধৰ বাবে সাজু হ’লহি। এই বাৰ্তা লাভ কৰি আহোম স্বৰ্গদেউ চুহেনফাই চেলাওচেন নেওগ নামৰ বিষয়াজনক টংচুত গড় বান্ধিবলৈ প্ৰেৰণ কৰে আৰু খেনলুং বুঢ়াগোঁহাইৰ নেতৃত্বত যুদ্ধ কৰিবলৈ পঠালে। খেনলুং বুঢ়াগোঁহাই নেতৃত্বাধীন যুঁজাৰু আহোম সেনা গৈ টংচুৰ গড়তে যুঁজৰ বাবে অপেক্ষা কৰিলেগৈ। স্বৰ্গদেউ চুহেনফাই খেনলুং বুঢ়াগোঁহাইক চাওপ্লেংলুক আৰু প্লায়লুং নামে দুটা হাতী দি পঠিয়ালে। কছাৰীয়ে কিন্তু আহোমেৰে মুখামুখি সংঘৰ্ষত লিপ্ত নহ’ল আৰু পাছফালৰ পৰা আহি আহোমক আক্ৰমণ কৰিলেহি। খেনলুং বুঢ়াগোঁহায়ে বহু যুঁজ দিওঁ কিন্তু আহোম সেনাৰ শেষ ৰক্ষা কৰিব নোৱাৰিলে। কছাৰীয়ে আহোম সেনাক মাৰিবলৈ খেদি নি দিখৌ নদী পাৰ কৰালে। খেনলুং বুঢ়াগোঁহায়ে নিজৰ হাতী এৰি আহি দিখৌ সাঁতুৰি পাৰ হ’ল আৰু কোনোমতে নিজৰ শেষ ৰক্ষা কৰিলে।

এই যুদ্ধৰ পাছতেই আহোম ৰজা চুহেনফাই কছাৰী ৰজাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ কছাৰী ৰজালৈ এগৰাকী আহোম ৰাজকুমাৰী বিয়া দিয়ে। কছাৰী ৰজালৈ আহোম ৰাজকুমাৰীক বিয়া দিয়াৰ প্ৰতিদানস্বৰূপে কছাৰী ৰজাই আহোমক মৰঙী এৰি দিয়ে। ছাৰ এডৱাৰ্ড গেইটৰ “A History of Assam” অনুসৰি আহোম স্বৰ্গদেউ চুহেনফাই এগৰাকী আহোম ৰাজকুমাৰী কছাৰী ৰজালৈ বিয়া দিয়ে। আকৌ ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাৰ “অসমৰ বুৰঞ্জী” মতে কছাৰী ৰজালৈ বিয়া দিয়া আহোম ৰমণীগৰাকী কোনো ৰাজকুমাৰী নাছিল আৰু সেই আহোম ৰমণীৰ নাম আছিল লাংজী।  একেদৰে,হৰকান্ত বৰুৱা সদৰামিনৰ “আসাম বুৰঞ্জী” অনুসৰিও কছাৰী ৰজালৈ বিয়া দিয়া এই গাভৰুগৰাকী এগৰাকী  সাধাৰণ তিৰোতাহে আছিল কোনো ৰাজকন্যা নাছিল। ইতিহাসত এইটোৱেই আছিল আহোম আৰু কছাৰীৰ মাজৰ প্ৰথম বৈবাহিক সম্পৰ্ক।

স্বৰ্গদেউ চুহেনফাৰ মৃত্যু :-

স্বৰ্গদেউ চুহেনফাৰ মৃত্যু বৰ দুৰ্ভাগ্যজনক আছিল। টাই তুৰুবান ফৈদৰ এজন আহোম যুৱক লানতুৰুবানে আহোম ৰাজভঁৰালত ধান চুৰ কৰোঁতে ধৰা পৰিল। স্বৰ্গদেউ চুহেনফাই এই কথা গম পাই লানতুৰুবানক এশ ৰূপৰ শাস্তি বিহিলে। লানতুৰুবানে এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ চেগ চাই আছিল। লানতুৰুবান আৰু তেওঁৰ সংগীসকল ৰাজপ্ৰাসাদৰ মেৰামতি কাৰ্য্যত নিযুক্ত হৈ আছিল। লানতুৰুবানে ৰজাক হত্যা কৰিবলৈ বাঁহৰ জোঙ এডাল লুকুৱাই লৈ গৈছিল আৰু ১৪৯৩ খ্ৰীষ্টাব্দত চেগ চাই তেওঁ স্বৰ্গদেউ চুহেনফাক বাঁহৰ জোঙে হানি-খুচি হত্যা কৰে। কোনো কোনোৰ মতে স্বৰ্গদেউ চুহেনফাক হত্যা কৰিবলৈ লাংতুৰুবানক খেনলুং বুঢ়াগোঁহায়ে পাচিছিল।

১৪৮৮ ৰ পৰা ১৪৯৩ লৈ কেৱল মাত্ৰ পাঁচবছৰ ৰাজত্ব কৰিয়েই চুহেনফাই দুৰ্ভাগ্যজনকভাৱে অকালতে মৃত্যুক সাৱটি লয়। স্বৰ্গদেউ চুহেনফাৰ ৰাজত্বকাল আহোম সাম্ৰাজ্যৰ বাবে বহু ক্ষেত্ৰত উল্লেখনীয় আছিল। কছাৰীৰ সৈতে মিত্ৰতা কৰি মৰঙী লাভ চুহেনফাৰ ৰাজত্বকালৰ এক অন্যতম সফলতা আছিল। লগতে টংচু নগাসকলক চুহেনফাই সম্পূৰ্ণৰূপে বশ কৰিছিল।

সহায়ক গ্ৰন্থপঞ্জী :
১) ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ
২) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৩) অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা
৪) আসাম বুৰঞ্জী – হৰকান্ত বৰুৱা সদৰামিন
৫) A History of Assam – Sir Edward Gait

আৰু পঢ়ক শংকৰী যুগৰ অসমীয়া কবিতা

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- চুহেনফা – আহোমৰ দ্বাদশজন স্বৰ্গদেউ […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x