ডাকৰ বচন

(ডাকৰ বচন অসমীয়া সমাজৰ এক বিশেষ জনপ্ৰিয় জনশ্ৰুতি। ডাকৰ বচন সম্পৰ্কে সাৰথিৰ পাঠকসকলৰ বাবে আমাৰ এক চমু লেখা)

ডাক কোন ?

অসমীয়া ব্যৱহাৰিক জীৱনত, বিশেষকৈ কৃষিজীৱী সমাজত ডাকৰ বচনবোৰৰ মূল্য আৰু প্ৰভাৱ বিশেষভাৱে দেখা যায়। ডাকৰ বচন সমূহ কেৱল অসমতেই নহয় বংগদেশ, বিহাৰ আদি ঠাইতো বিশেষভাৱে প্ৰচলিত আছে আৰু সেই সেই ঠাইবোৰে ডাক পুৰুষক নিজৰ বুলিও দাবী কৰি আহিছে। ডাক পুৰুষ অসমৰ বুলি এটা জন বিশ্বাস আছে আৰু ডাকপুৰুষৰ জীৱনী থকা এখন অবাৰ্চীন চৰিতপুথিও পোৱা গৈছে। জনপ্ৰবাদ আৰু উক্ত চৰিত মতে ডাক পুৰুষে বৰপেটা অঞ্চলৰ লেহি ডাঙৰা গাঁৱত জন্ম লাভ কৰে। ডাক চৰিত মতে, ডাক কুমাৰনীৰ সন্তান। মাকৰ বহুদিনলৈকে সন্তান জন্ম হোৱা নাছিল। এদিন মিহিৰ মুনি তীৰ্থ কৰিবলৈ আহি কুমাৰৰ ঘৰত অতিথি ৰূপে থাকে আৰু সন্তানহীন কুমাৰনীয়ে ভালকৈ সেৱা-শুশ্ৰূষা কৰাত সন্তান হ’বলৈ বৰ দি যায়। সেই বৰ অনুসাৰেই ডাকৰ জন্ম হয়। উপজিয়েই প্ৰসূতি গৃহৰ নাৰীবিলাকক মাত দিয়াত তেওঁৰ নাম থয় ডাক। চৰিত মতে, ডাকক ল’ৰা কালতে ভেঁট তুলিবলৈ যাওঁতে লগৰ ল’ৰাই পানীত পেলাই মাৰে।

ডাকে ‘এদিন-এনিশালৈকে’ জন্ম গ্ৰহণ কৰা বুলিও প্ৰবাদ পোৱা যায়। এই কথাৰ লগত ভেঁট তুলিবলৈ গৈ পানীত পৰি মৰাৰ সামঞ্জস্য ক’ত? ডাক-চৰিত আৰু জনপ্ৰবাদৰ পৰস্পৰ বিৰোধী বৰ্ণনা আৰু অলৌকিক আৰু অবিশ্বাস্য ঘটনাৰ উল্লেখে উক্ত চৰিতক বুৰঞ্জীমূলক সত্য নিৰ্ধাৰণৰ অনুপযোগী সমল ৰূপে পতিপন্ন কৰিছে। অজ্ঞাত লেখকৰ ‘ডাক-চৰিত’ অৰ্বাচীন ৰচনা। গতিকে সেই চৰিত-পুথিৰ ওপৰত একান্ত নিৰ্ভৰ কৰি ডাকক নিৰ্দিষ্ট স্থানত আৰু ঘৰত জন্ম লাভ কৰা ঐতিহাসিক ব্যক্তিৰূপে মানি লোৱা টান। ডাক শব্দৰ অৰ্থ হ’ল উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা। গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে সকিয়ায় দিয়ে, সিয়েই হয়তো ডাক-ৰচনা ৰূপে প্ৰসিদ্ধ লাভ কৰে। কালক্ৰমত সেই ডাক-ৰচনাবোৰৰ এজন উদ্ভাবক কল্পনা কৰি ল’লে। অবশ্যে ডাক নামৰ কোনো ঐতিহাসিক ব্যক্তি থাকিলেও তেওঁৰ জন্মস্থান আৰু কাল নিৰ্ণয় কৰা কঠিন। ডাক ঐতিহাসিক ব্যক্তি হওক নহওক আৰু ঐতিহাসিক ব্যক্তি হ’লেও গোটেইখিনি প্ৰবচন তেওঁৰ ৰচনা হওক বা নহওক ডাকভণিতাখিনিৰ ভাষাৰ অসমীয়াত্ব সম্বন্ধে সন্দেহৰ কোনো থল নাই।

ডাকৰ বচনখিনি কোনখিনি সময়ৰ ?

ডাক-চৰিতত উল্লেখ কৰা মিহিৰ মুনিৰ সময়লৈ দৃষ্টি ৰাখি কোনোৱে ডাকৰ উদ্ভৱ কাল খ্ৰীষ্টীয় চতুৰ্থ-ষষ্ঠ শতিকাৰ ভিতৰত অৰ্থাত্‍‍‍ গুপ্তযুগত স্থাপন কৰিব খোজে। কোনোৱে আকৌ ডাক-ভণিতাৰ ভাষা আৰু আৰৱী-ফাৰ্চী শব্দৰ ব্যৱহাৰলৈ লক্ষ্য ৰাখি চতুৰ্দশ-পঞ্চদশ শতিকামানলৈ ডাকৰ বচনক ঠেলে। আন কোনো কোনোৱে আকৌ ৮০০-১২০০ খ্ৰীষ্টাব্দৰ ভিতৰত বচনবোৰৰ ৰচনাকাল নিৰ্ণয় কৰিব খোজে। এই পৰস্পৰ বিৰোধী মতৰ মাজত সামঞ্জস্য স্থাপন কৰি এটা স্থিৰ সিদ্ধান্তলৈ অহা টান।এই কথা অৱশ্যে কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে, বৰ্তমান আমি ডাক-ভণিতাসমূহত যি ভাষা পাওঁ সেই ভাষা ষোড়শ সপ্তদশ শতিকাৰ আগৰ ভাষা নহয়, কিন্তু মানুহৰ মুখে মুখে চলি অহা প্ৰবচনবোৰৰ ৰচনাকাল নিৰ্ণয়ত ভাষাই একমাত্ৰ নিৰ্ণায়ক প্ৰমাণ হ’ব নোৱাৰে।

ডাক-ভণিতাবোৰ হয়তো বহুকাল মুখে মুখে প্ৰচলিত হৈ আহি ষোড়শ-সপ্তদশ শতিকামানত লিপিবদ্ধ হৈছে। মুখে মুখে বাগৰি আহোতে যেনেকৈ ভাষাই ৰূপ সলাই আহিছে তেনেকৈ ন ন প্ৰবচনো ডাক-ভণিতাত অন্তৰ্ভুক্ত হৈছে। কৃষ্ণ দ্বৈপায়ন ব্যাসৰ নামত যেনেকৈ ত্ৰয়োদশ শতিকাত ৰচিত হোৱা পুৰাণো আৰোপ কৰা হয়, তেনেকৈ হয়তো বিভিন্ন যুগৰ সঞ্চিত অভিজ্ঞতা ডাকৰ নামত সংযুক্ত হৈছে। ডাকৰ বচনত ৰাষ্ট্ৰীয় শাসনৰ প্ৰভাৱ দেখা নাযায়। আহোম শাসন, কোচ শাসন নাইবা মুছলমান শাসন একোৰে কোনো প্ৰকাৰৰ গভীৰ প্ৰভাৱ আৰু উল্লেখ পোৱা নাযায়। ইয়াৰ পৰা আমি অনুমান কৰিলে বোধকৰোঁ ভুল নহ’ব যে, বেছিভাগ ডাকৰ বচনেই পঞ্চদশ শতিকাৰ আগতেই ৰচিত হৈছিল।

ডাকৰ বচনত কি আছে ?

সমাজৰ বিশেষকৈ কৃষি প্ৰধান সমাজৰ সকলো লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ জ্ঞান ডাকৰ বচনত থূপাই থোৱা আছে। শ শ বছৰ ধৰি জাতিয়ে লাভ কৰা ব্যৱহাৰিক অভিজ্ঞতা, ৰুচি-অভিৰুচি, শুভাশুভৰ ধাৰণা আৰু বিশ্বাসৰ আধাৰভূমি এই ডাকৰ বচন। ধৰ্ম প্ৰকৰণ, নাতি প্ৰকৰণ, ৰাজনীতি প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, পৰিত্যাগ কথন, স্বাস্থ্য প্ৰকৰণ, বৃষলক্ষণ, কৃষি লক্ষণ,বৰ্ষা লক্ষণ, জ্যোতিষ প্ৰকৰণ, খেতি বৰ্ণনা আদি সমাজৰ সকলো লাগতিয়াল বিষয়ৰ অভিজ্ঞতা প্ৰসূত উপদেশ পোৱা যায়। যদিও ডাকৰ বচনবোৰত মানুহৰ সৌন্দৰ্যবোধত দোলন দি যাব পৰা সুকুমাৰ ভাৱ কল্পনাৰ প্ৰকাশ ঘটা নাই; কিন্তু কম কথাতে বা থোৰতে ব্যৱহাৰিক সত্য বা অভিজ্ঞতা একোটি ৰূপ দিয়াৰ অসামান্য দক্ষতা ফুটি উঠিছে। তাতেই ইয়াৰ মূল্য। বচনবোৰত কৃষিজীৱী সমাজ এখনৰহে চিত্ৰ প্ৰধানকৈ প্ৰতিফলিত হৈছে।

বচনবোৰৰ পৰা অনুমান কৰিব পাৰি যে, এইবোৰ ৰচিত হৈছিল এনে এটা সময়ত যেতিয়া সমাজে জনজাতীয় কৌলিক কৃষি ব্যৱস্থা বা পদ্ধতি অতিক্ৰম কৰি সামন্ততান্ত্ৰিক ব্যৱস্থাত উপনীত হৈছিল। হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থা, পাপ-পুণ্য,স্বৰ্গ-নৰকৰ ধাৰণা, ধৰ্মশাস্ত্ৰৰ বিধান, নাৰীধৰ্ম, সতীৰ ধাৰণা, তীৰ্থ ভ্ৰমণ, দান-দক্ষিণাৰ ফল, জ্যোতিষৰ ফলাফলত বিশ্বাস, কমাৰ,কুমাৰ,ধোবা আদি বৃত্তিৰ উদ্ভৱ, কৃষি সম্পৰ্কীয় বিশদ অভিজ্ঞতালবদ্ধ জ্ঞান—এই সকলোবোৰ ডাকৰ বচনত প্ৰতিফলিত হৈছে। নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ বা ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনো বচনত লক্ষ্য কৰা দেখা যায়, কিন্তু ৰজাৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাই। তিব্বতীয় ভাষাত ডাক মানে জ্ঞান, গতিকে ডাকৰ বচন মানে জ্ঞানবচন। উদাহৰণস্বৰূপে ‘ডাকাৰ্ণৱ’ নামৰ গ্ৰন্থখনৰ অৰ্থ হৈছে জ্ঞানৰ সাগৰ। এই গ্ৰন্থত জ্ঞান-উপদেশ বিধিত হৈছে।

কেইটিমান ডাক-প্রবচনৰ সৰল ব্যাখ্যা – 

(১) ঔসচ বাঝে মঙ্গল্য কৰি ।
সূৰ্যক দেখাইবা নয়ন ভৰি ।

ব্যাখ্যা- অশৌচ যোৱাৰ পিছত মাঙ্গলিক কার্যাদি সম্পন্ন কৰি নৱজাতকক বাহিৰলৈ আনি সূৰ্য্যক দেখুৱাব লাগে (সূৰ্য্যশুদ্ধি)।
(২) সিজনে পাৰে জদি ইন্দ্রিয় জিনিত।
তেবে বিন্ধ্যাগিৰি পাৰে সাগোৰ তৰিত।

ব্যাখ্যা- যিজনে দধি-দুগ্ধ আৰু শালি ধানৰ অন্ন ভোজন কৰে আৰু তেওঁ যদি নিজ ইন্দ্রিয়াদিক দমন কৰিব পাৰে তেন্তে তেওঁ অনায়াসে বিন্ধ্য পর্বত আৰু সাগৰ অতিক্ৰম কৰিব পাৰে অর্থাৎ দুষ্কৰ কাৰ্যত সিদ্ধি কৰিব পাৰে।

(৩) ভেদ দণ্ড সাম দান।
চাৰি ৰুপে ন্যায়ক জান।

ব্যাখ্যা- ন্যায়ৰ মূল ভিত্তি ভেদ অর্থাৎ শত্রু বশীকৰণৰ উপায়; দণ্ড অর্থাৎ শাস্তি, শিক্ষা, দমন আৰু শাসন, সাম অর্থাৎ সন্ধি আৰু দান অর্থাৎ ত্যাগ-বিসর্জন ।

(৪) যেবে জসি জস বখানে আনে।
তেবেসে গৃহস্ত আটি খাই ধানে।
ব্যাখ্যা- সেইজনেই যশস্বী ব্যক্তি যাৰ যশ আনে প্রশংসা কৰে আৰু সেইজনেই প্রকৃত গৃহস্থ যিজনে ঘৰৰ ধানেৰে বছৰটো খাব পাৰে ।

(৫) সৰ্ব্ব গুনিয়াক ভাতে নাটে।
দুষ্ট পুত্র জাৰ নিতে কান্দে ।।
ব্যাখ্যা- সর্ব গুণযুক্ত লোকক অর্থাৎ সর্ব গুণীয়াক কোনো দিনে ভাতে নাটে আৰু যি মাক বাপেকৰ পুত্ৰ দুষ্ট তেওঁলোকে সদায় চকুলো টুকিব লগা হয়।

(৬) অপোচ পাত্র নোহে ভাল।
দন্ত খসিলে কিলৰ গিতাল ।।
ব্যাখ্যা- যি বিষয়া বা মন্ত্ৰীয়ে সুধি মেলি প্ৰশাসনীয় কাম নকৰে তেওঁক ভাল বুলিব নোৱাৰি তেনেদৰে দাঁত সৰাজন কেতিয়াও গীতাল অর্থাৎ গায়ক হব নোৱাৰে।

(৭) ৰান্ধন সালত যাৰ নাবাজিল পটা।
স্নানৰ সময়ত জাৰ নভৈল ফোটা।।
সিত কালত যাৰ নাহিকে বস্ত্ৰ।
যুদ্ধ সময়ত নাহিকে অস্ত্ৰ।।
যজ্ঞ অৱসানে নাহি দক্ষিনা।
বোলন্ত ডাকে পাচো বিড়ম্বনা ।
ব্যাখ্যা- যি ৰান্ধনী ঘৰত ভাত ৰন্ধাৰ সময়ত পটাত মচলা বটাৰ শব্দ নহয়, স্নানৰ পিছত যিজনে ফোটা নলয়, শীত কালত গাত ল’বলৈ যাৰ কাপোৰ নাই, অস্ত্র-শস্ত্র নোহোৱাকৈ যুঁজ কৰিবলৈ যোৱা কাৰ্য্য আৰু যজ্ঞৰ সমাপ্তিত দক্ষিণা নোহোৱা— এই পাঁচোবিধ কাৰ্যই বিড়ম্বনা মাথোন ।

(৮) জুইক দৃষ্টি সূৰ্যক পিঠি।
কৰাই মুঠি মাহ গুটি।
ব্যাখ্যা- জুই পুৱাব লাগে জুইকুৰা সমুখত ৰাখি, সূৰ্যৰ ফালে পিঠি দি ৰ’দ লব লাগে। মুঠি মাৰি কৰাই খাব লাগে আৰু মাহৰ চেই এটি এটিকে খাব লাগে।

(৯) সকলে নিলে কিহৰ নিয়া।
পাছে পাসে কিহৰ বিয়।।
ব্যাখ্যা- বলী আৰু নিৰ্বলীৰ মাজত সম্পর্ক নিষ্ফল । পঞ্চাশ বছৰীয়া দৰাৰ লগত পাঁচ বছৰীয়া কন্যাৰ বিয়াও সেইদৰে নিস্ফল।

(১০) নিধনি ককা বেঙ্গেনা পকা।
দৰিদ্ৰৰ সোদৰ ভাই।
ব্যাখ্যা- দুখীয়া ককাই (বা ককা/আতা), পকা বেঙেনা আৰু দৰিদ্ৰজনৰ সহোদৰ ভাইৰো কোনো মূল্য নাই।

(১১) কেসৰি নষ্ট গেল টিপচিক পুসি।
মানুহ নষ্ট গেল অন্যোন্যে দুসি।।
ব্যাখ্যা- পোহনীয়া টিপচি চৰাই এটিয়ে সিংহক বিপদত পেলাইছিল, মানুহেও পৰস্পৰে পৰম্পৰক দোষাৰোপ কৰি বিপদত পৰে ।

(১২) মহ বামুন বৰা। পানি নাপালে তিনিও মৰা।।
চাগ চাএ চাই।
বৰুসন হলে তিনিকো নাপাই।।

ব্যাখ্যা- ম’হ , বামুণ আৰু গাহৰি — এই তিনিৰো বাবে পানী অপৰিহাৰ্য। বৰষুণ দি থকা অৱস্থাত ছাগলি , ছাঁ আৰু ছাই বাহিৰত পোৱা নাযায়।

(১৩) আসাঢ়ৰ নৱমী শুক্লপক্ষত। যদি বৰিসে ভুমি তলত।।
হাল তুল বেচি চিন্তিয়ো দেৱ।
ৰাজ গৃহত কৰিয়ো সেৱ।।
ব্যাখ্যা- আহাৰ মাহৰ শুক্ল পক্ষ নবমী তিথিত বৰষুণ হলে সেই বছৰত খেতি-বাতি নহয়। গতিকে খেতিৰ আশা এৰি ৰাজসেৱা কৰা উচিত।

(১৪) চৈত্ৰৰ চতুৰ্দসি যদি সমতুল।
ডাকে বোলে বর্ষা হোৱে বহুল।।
ব্যাখ্যা- যি বছৰত চ’ত মাহত দুটা চতুর্দশী তিথি পৰে সেই বছৰত বৰকৈ বৰষুণ হয়।

(১৫) তিথি বৃদ্ধিয়ে শস্যক নাসে।
ঋক্ষ বৃদ্ধিয়ে তিল নাসে।
ব্যাখ্যা- যি বছৰৰ কোনো এটি মাহত তিথিৰ সংখ্যা বেছি হয় সেই বছৰতে খেতি-বাতি নষ্ট হয় আকৌ তেনেদৰে নক্ষত্ৰৰ বৃদ্ধিয়ে তিলৰ খেতি নষ্ট কৰে।

(১৬) উদয়ে সিন্দুৰ পচিমে কালা।
তেবে জানা বহু বাৰিষাৰ মালা ।।
ব্যাখ্যা- যি বছৰত সেন্দুৰৰ দৰে ৰঙা হৈ সূৰ্য উদয় হয় আৰু পাটত বহাৰ সময়ত ক’লা হয়— সেই বছৰত দুৰ্ঘোৰ বাৰিষা হয়।

(১৭) ধনু মিন কন্যা তৰনিৰ বাস।
হাথি ঘোড়া গৰু মানুহ নাস।।
ব্যাখ্যা-যি বছৰত ধনু, মীন আৰু কন্যা ৰাশিত আদিত্য থাকে সেই বছৰত হাতী, ঘোঁৰা, গৰু, মানুহ আদি মৰি দেশত হাহাকাৰৰ সৃষ্টি কৰে।

(১৮) তুলা কৰ্কট মেষ মকৰ।
এই চাৰি ৰাশি গ্ৰহৰ সাগৰ।।
ব্যাখ্যা- জন্ম কুণ্ডলীৰ তুলা, কর্কট, মেষ আৰু মকৰ ৰাশিৰ ঘৰক গ্রহৰ সাগৰ বোলে।

(১৯) শুক্ৰ গুৰু চান্দ বাৰক চাই।
পঞ্চ ৰেখা আগে কৰিব জাই।।
ব্যাখ্যা- শুক্রবাৰ, বৃহস্পতিবাৰ আৰু সোমবাৰ প্ৰথম হ’ল কৰ্ষণৰ বাবে প্ৰশস্ত দিন ।
(২০) সাতে পাতাল পাচে ঘন।
চয়ে তামোল নন্দন বন্দন ।।
ব্যাখ্যা- সাত হাতৰ আঁতৰে আঁতৰে তামোল ৰোপণ কৰিলে পাতল হয় আৰু পাঁচ হাৰ আঁতৰে আঁতৰে তামোল ৰুলে ঘন হয়। ছয় হাতৰ আঁতৰে আঁতৰে তামোল ৰোৱা উচিত।

সহায়ক গ্ৰন্থঃ

১) ডাক প্ৰবচন আৰু ডাক পৰম্পৰা – ড০ নবীন চন্দ্ৰ শৰ্মা 

আৰু পঢ়ক- চুহেনফা – আহোমৰ দ্বাদশজন স্বৰ্গদেউ

5 1 vote
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] প্ৰচলিত প্ৰবাদ মতে ডাকপুৰুষ নামৰ এজন সাধাৰণ গঞা এজনে কৰা উক্তি(quote) সমূহক ডাকৰ বচন বুলি কোৱা হয়। আনহাতেদি বহু লোকৰ মতে ডাকপুৰুষ বুলি কোনো ব্যক্তি নাছিল, গঞা জীৱনত বিভিন্ন লোকে সন্মুখীন হোৱা বিভিন্ন ঘাত প্ৰতিঘাত নেওচি, সেইবোৰৰ পৰা শিক্ষা লৈ দিহা পৰামৰ্শৰ বাবে ৰচনা কৰা লোকক্তি বোৰেই হৈছে ডাকৰ বচন। […]

Nabin
8 months ago

আমি ইয়াত প্ৰায় ৩০০ টা অৰ্থ সম্বলিত ফকৰা যোজনাৰ সংকলন কৰি উলিয়ছো।

Last edited 8 months ago by Nabin
3
0
Would love your thoughts, please comment.x
()
x