আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুত্যিনফা বা নৰিয়া ৰজা – আহোমৰ ঊনবিংশতিতম স্বৰ্গদেউ

আহোম ৰাজ্যৰ অষ্টাদশজন স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাক সিংহাসনচ্যুত কৰি বন্দী কৰাৰ পাছত সেইসময়ৰ আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰ উদ্যোগত ১৬৪৪ খ্ৰীষ্টাব্দত ঊনবিংশতিতম আহোম স্বৰ্গদেউৰূপে চুত্যিনফাই আহোম ৰাজ্যৰ ৰাজসিংহাসনত আৰোহণ কৰে। স্বৰ্গদেউ চুত্যিনফাৰ স্বাস্থ্যৰ অৱস্থা বৰ এটা সন্তোষজনক নাছিল, তেওঁ প্ৰায়ে নৰিয়াত পৰিছিল। সেয়ে স্বৰ্গদেউ চুত্যিনফাক নৰিয়া ৰজা নামেৰেও জনা যায়। স্বৰ্গদেউ চুত্যিনফা কিছু কুজা আছিল বাবে তেওঁক কেঁকোৰা ৰজা বুলিও জনা গৈছিল। তেওঁৰ ৰাজত্বকালত কাষৰীয়া জনজাতিবোৰৰ লগত সৰু-সুৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল। স্বৰ্গদেউ চুত্যিনফা বিষয়াৰ ভঙা-পতাত পাকৈত আছিল।

স্বৰ্গদেউ চুত্যিনফা বা নৰিয়া ৰজাৰ ৰাজত্বকালৰ আহোম ডা-ডাঙৰীয়াসমূহ:-

চুত্যিনফা বা নৰিয়া ৰজাৰ ৰাজত্বকালত এজনৰ পাছত আনজনকৈ তিনিজন লোকে বুঢ়াগোঁহাইৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল যথাক্ৰমে সৰিয়হ,শুকুলাহুদু আৰু হাতীপোৱালি। তেওঁৰ ৰাজত্বকালত এজনৰ পাছত আনজনকৈ দুজন লোকে আহোম ৰাজ্যৰ বৰগোঁহাইৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল যথাক্ৰমে সৰুবুঢ়া আৰু চপৰাখোৱা। তেওঁৰ ৰাজত্বকালত এজনৰ পাছত আনজনকৈ দুজন লোকে বৰপাত্ৰগোঁহাই পদতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল যথাক্ৰমে লাকু মৰাণ আৰু টেমা।
স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকালত তিনিজন লোকক বৰবৰুৱা পতা হৈছিল। তেওঁলোক আছিল যথাক্ৰমে লাহো,হাতী পোৱালি আৰু টংচু সন্দিকৈ। এই হাতী পোৱালিক পৰৱৰ্তী সময়ত আহোম ৰাজ্যৰ বুঢ়াগোঁহাই পতা হৈছিল। তেওঁৰ ৰাজত্বকালত দুজন লোকে আহোম ৰাজ্যৰ বৰফুকনৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল যথাক্ৰমে লাঙি পানিসিয়া আৰু চেংধৰা।

স্বৰ্গদেউ চুত্যিনফা বা নৰিয়া ৰজাৰ ষড়যন্ত্ৰকাৰীক দমন –

স্বৰ্গদেউ চুত্যিনফাই লাকু বৰপাত্ৰগোঁহাইৰ দুহিতাক বৰকুঁৱৰী পাতিছিল। স্বৰ্গদেউ চুত্যিনফাৰ বৰকুঁৱৰীৰ পুত্ৰ আছিল লাপলুপ গোঁহাই।এইজনেই আছিল চুত্যিনফা ৰজাৰ বৰপুত্ৰ।স্বৰ্গদেউ অধিকাংশ সময় নৰিয়াত পৰি থকা বাবে তেওঁৰ বৰপুত্ৰ লাপলুপ গোঁহায়ে নিজকে সদম্ভে ৰজা বুলি ঘোষণা কৰি ফুৰা-চকা কৰিছিল।আৰু তেওঁৰ এই কাৰ্যত হাত উজান দিছিল লাকু বৰপাত্ৰগোঁহায়ে। তেনেসময়তে স্বৰ্গদেউৰ সৰু কুঁৱৰীয়ে ছল চাই স্বৰ্গদেউক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি লাপলুপ গোঁহাইক শাস্তি দিয়াৰ মন্ত্ৰণা দিলে। স্বৰ্গদেউ চুত্যিনফাই ১৬৪৫ খ্ৰীষ্টাব্দৰ ১৭ আঘোণৰ দিনা নিজ পুত্ৰ লাপলুপ গোঁহাইক ভোজলৈ নিমন্ত্ৰণ জনাই বন্দী কৰি ভোগবাৰীত নি হত্যা কৰিলে।তাৰপাছতে ষড়যন্ত্ৰত হাত উজান দিয়া বাবে লাকু বৰপাত্ৰগোঁহাইকো হত্যা কৰিলে আৰু বৰকুঁৱৰীক পদচ্যুত কৰি সৰু কুঁৱৰীক বৰকুঁৱৰী পদত স্থলাভিষিক্ত কৰিলে।

ইয়াৰ পাছতেই, নতুনকৈ বৰকুঁৱৰী হোৱা সৰুকুঁৱৰীয়ে স্বৰ্গদেউ চুত্যিনফাক তেওঁৰ পুত্ৰ খহুৱা গোঁহাই(পৰৱৰ্তী আহোম ৰজা জয়ধ্বজ সিংহ)ৰ বিৰুদ্ধে নানা কটু কথা লগালে।ককায়েক সৰিয়হ বুঢ়াগোঁহাইৰ জৰিয়তে বৰকুঁৱৰীয়ে খহুৱা গোঁহাইক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু ব্যৰ্থ হ’ল আৰু স্বৰ্গদেউ চুত্যিনফাই গম পাই সৰিয়হৰ পৰা বুঢ়াগোঁহাই পদবী কাঢ়ি ললে আৰু খহুৱা গোঁহাইক ৰাজধানীৰ পৰা নাই ভোগবাৰীত থাপিলেগৈ।

ডফলাৰ লগত সংঘৰ্ষ –

স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকালত বৰ বিশেষ সংঘৰ্ষ হোৱা নাছিল। যি এক দুই সংঘৰ্ষ হৈছিল সেয়া আছিল প্ৰায় সাময়িক। তেনে এক সংঘৰ্ষ হৈছিল ডফলাৰ লগত। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ডফলাসকলে আহোম ৰাজ্যৰ সীমামূৰীয়া অঞ্চলৰ গাঁওসমূহত উপদ্ৰৱ কৰিছিল। এই বিষয়ে অৱগত হৈ স্বৰ্গদেউ চুত্যিনফাই বুঢ়াগোঁহাই, বৰগোঁহাই আৰু বৰপাত্ৰগোঁহাই তিনিওজন বিষয়াকে ডফলাসকলক দমন কৰিবলৈ প্ৰেৰণ কৰিলে। তেওঁলোক দিক্ৰং নৈয়েদি গৈ মাঘনোৱাত ৰ’লগৈ। কিন্তু ডফলাসকলে প্ৰত্যাক্ৰমণ কৰি ভালেমান আহোম সৈন্য বধ কৰিলে আৰু বলে নোৱাৰি আহোম ডাঙৰীয়াসকল উভতি আহিল। স্বৰ্গদেউ চুত্যিনফাই পুনৰ নতুন বিষয়া নিযুক্তি দি এটা শক্তিশালী সৈন্যবাহিনী ডফলাক বশ কৰিবলৈ প্ৰেৰণ কৰিলে। ডফলাসকলে মিৰিসকলৰ লগত লগ লাগি এই যুঁজত অৱতীৰ্ণ হৈছিল যদিও আহোম সৈন্যৰ হাতত পৰাভূত হয় আৰু আহোম স্বৰ্গদেউ চুত্যিনফাৰ বশ্যতা স্বীকাৰ কৰে।

কছাৰী ৰাজ্যৰ লগত বাদানুবাদ –

স্বৰ্গদেউ চুত্যিনফাৰ পূৰ্বসূৰী স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাৰ ৰাজত্বকালতে আহোম-কছাৰীৰ মাজত মাজত বিবাদ হৈছিল। পুনৰ স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকালতো এই বিবাদে গা কৰি উঠে। ঠিক পূৰ্বৰ দৰেই নতুন কছাৰী ৰজা বীৰদৰ্প নাৰায়ণে সিংহ মোহৰ মাৰি আহোম ৰজালৈ মিত্ৰতা স্থাপনৰ হেতুকে পত্ৰ প্ৰেৰণ কৰে। আহোম স্বৰ্গদেউ চুত্যিনফাই অপমানবোধ কৰি কছাৰী কটকীক আহোম ৰাজসভাৰ পৰা উলিয়াই পঠিয়ালে।কছাৰী ৰজা আৰু আহোম স্বৰ্গদেউৰ মাজত ইয়াকে লৈ মিত্ৰতাৰ বাবে বহু পত্ৰৰ আদান-প্ৰদান হ’ল আৰু অৱশেষত আহোম ৰজা আৰু কছাৰী ৰজাৰ মাজত বৈবাহিক আদান-প্ৰদানৰ জৰিয়তে মিত্ৰতা স্থাপন হ’ল।

নগা বিদ্ৰোহ দমন:-

স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকালত লখমা নগাসকলেও বিদ্রোহ কৰিছিল। তেওঁলোকে আহোম ৰাজ্যৰ অভ্যন্তৰত সোমাই প্ৰজাক অত্যাচাৰ কৰিছিল আৰু নানা সা-সম্পত্তি লুণ্ঠন কৰিছিল। আহোম স্বৰ্গদেউ চুত্যিনফাই নগাসকলক দমন কৰিবলৈ এটা শক্তিশালী আহোম বাহিনী প্ৰেৰণ কৰিলে। এই ৰণত নগাসকল পৰাস্ত হয় আৰু আহোম স্বৰ্গদেউ চুত্যিনফাৰ বশ্যতা স্বীকাৰ কৰে।

স্বৰ্গদেউ চুত্যিনফা বা নৰিয়া ৰজাক ভঙা –

স্বৰ্গদেউ চুত্যিনফা তেওঁৰ ৰাজত্বকালৰ অধিকাংশ সময় নৰিয়াত পৰি আছিল। তেওঁৰ বৰকুঁৱৰীৰ পুত্ৰ আছিল কুকুৰেখোৱা গোঁহাই। কুকুৰেখোৱা গোঁহাই বৰ অত্যাচাৰী আছিল। স্বৰ্গদেউ চুত্যিনফাৰ অকৰ্মন্যতাৰ সুযোগ লৈ তেওঁ বিভিন্ন কুকৰ্মত লিপ্ত হৈ আছিল। ৰজাই নিজেও কুকুৰেখোৱা গোঁহাইক শাসন কৰিব পৰা নাছিল। কুকুৰেখোৱা গোঁহায়ে ডা-ডাঙৰীয়া, বিভিন্ন বিষয়া, সাধাৰণ প্ৰজা সকলোকে অত্যাচাৰ কৰি আনন্দ লাভ কৰিছিল।

কুকুৰে খোৱা গোঁহাইৰ পৰা পৰিত্ৰাণ পাবলৈ শুকুলাহুদু বুঢ়াগোঁহাই, সৰুবুঢ়া বৰগোঁহাই আদি লগ হৈ আলোচনা কৰি স্বৰ্গদেউ চুত্যিনফাক ৰজা ভাঙি খহুৱা গোঁহাইক আহোম ৰাজ্যৰ ৰাজসিংহাসনত বহুৱাবলৈ ঠিৰাং কৰিলে। অতি সন্তৰ্পণে তেওঁলোকে আন আন বিষয়াবৰ্গৰ লগত আলোচনা কৰি সকলো একেলগ হৈ স্বৰ্গদেউ চুত্যিনফাক ৰজা ভাঙিলে আৰু খহুৱা গোঁহাইক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিলে। ইয়াৰ পাছতেই কুকুৰেখোৱা গোঁহাই আৰু তেওঁৰ মাতৃ বৰকুঁৱৰীক হত্যা কৰোৱা হয় বুলি জনা যায়।

স্বৰ্গদেউ চুত্যিনফাৰ মৃত্যু :-

স্বৰ্গদেউ চুত্যিনফাই ১৬৪৪ খ্ৰীষ্টাব্দৰ পৰা ১৬৪৮ খ্ৰীষ্টাব্দলৈ চাৰিবছৰ কাল আহোম ৰাজ্যত ৰাজত্ব কৰিলে। তেওঁক ৰজা ভাঙি ৰণচেখামৰ ৰমণীবাৰীত থোৱা হ’ল। তাতেই তেওঁক ভাতৰ লগত বিহ খুৱাই হত্যা কৰা হৈছিল বুলি জনা যায়।

স্বৰ্গদেউ চুত্যিনফাই কেৱল চাৰিবছৰহে আহোম ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁ ৰাজত্বকালৰ অধিক সময় তেওঁ নৰিয়াতেই পৰি আছিল। তেওঁৰ সকলো ক্ষমতা নিজৰ বৰকুঁৱৰী আৰু পুত্ৰৰ হাততেই আছিল আৰু ইয়াৰ বাবেই সকলো বিষয়া-বৰ্গ অসন্তুষ্ট হৈ তেওঁক ৰজা ভাঙি খহুৱা গোঁহাইক চুতামলা বা জয়ধ্বজ সিংহ নাম দি আহোম ৰাজ্যৰ নতুন ৰজা পাতিলে। স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকাল বৰ ঘটনাবহুল নাছিল। নগা বিদ্ৰোহ, ডফলা বিদ্ৰোহ তথা কছাৰীৰ সৈতে বিবাদৰ বাদে কোনো উল্লেখযোগ্য ঘটনা স্বৰ্গদেউ চুত্যিনফাৰ ৰাজত্বকালত হোৱা নাছিল।

সহায়ক গ্ৰন্থপঞ্জী –

১)আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
২)অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা

1 1 vote
Article Rating
Subscribe
Notify of
guest

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

1
0
Would love your thoughts, please comment.x
()
x