আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

জয়ধ্বজ সিংহ বা চুতাম্লা – আহোমৰ বিংশতিতম স্বৰ্গদেউ

(জয়ধ্বজ সিংহ বা চুতাম্লা আছিল বিংশতিতম আহোম স্বৰ্গদেউ। নিজ কন্যাক মোগললৈ বিয়া দি দেশ ৰক্ষা কৰা এইজনা স্বৰ্গদেউ জয়ধ্বজ সিংহ সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দলৈ-)

ঊনবিংশতিতম আহোম স্বৰ্গদেউ চুত্যিনফা বা নৰিয়া ৰজাক ১৬৪৮ খ্ৰীষ্টাব্দত পদচ্যুত কৰি তেখেতৰ পুত্ৰ খহুৱা গোঁহায়ে আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে। সিংহাসনত আৰোহণ কৰি খহুৱা গোঁহায়ে আহোমমতে চুতাম্লা আৰু হিন্দুমতে জয়ধ্বজ সিংহ নাম গ্ৰহণ কৰে। হিন্দুমতে নাম গ্ৰহণ কৰা প্ৰথমজন আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকাল ঘটনাবহুল আছিল। তেওঁৰ ৰাজত্বকালতে মিৰজুমলাই অসম আক্ৰমণ কৰে আৰু আহোমসকল এই ৰণত পৰাভূত হয়। স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী গড়গাঁও এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়ে, ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলিও জনা যায়।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ আহোম ডা-ডাঙৰীয়া –

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত তিনিজন লোকে এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বুঢ়াগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল যথাক্ৰমে শুকুলাহুদু, লেচাম আৰু আতন বুঢ়াগোঁহাই।

স্বৰ্গদেউ জয়ধ্বজসিংহৰ ৰাজত্বকালত তিনিজন লোকে এজনৰ পাছত আনজনকৈ বৰগোঁহাই পদবীত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল যথাক্ৰমে সৰুবুঢ়া, লেচাই আৰু লাঙিচং বৰগোঁহাই।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত চাৰিজন লোকে এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বৰপাত্ৰগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল যথাক্ৰমে টেমা, লাই, চেৰেলীয়া আৰু ভগা বৰপাত্ৰগোঁহাই।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত দুজন লোকে এজনৰ পাছত আনজনকৈ বৰবৰুৱা পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল যথাক্ৰমে টংচু আৰু চেংধৰাৰ বেংখোৱা বৰবৰুৱা।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত দুজন লোকে এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বৰফুকন পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল যথাক্ৰমে চেংধৰাৰ লুথুৰি আৰু ৰজাশহুৰ বৰফুকন।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীসকলক দমন –

স্বৰ্গদেউ জয়ধ্বজ সিংহই সিংহাসনত অধিষ্ঠিত হ’বলৈ লওঁতেই তেওঁ বহুকেইটা ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল।আহোম ৰাজ্যৰ ৰজা হৈ পোনপ্ৰথমে তেওঁ ষড়যন্ত্ৰকাৰীসকলক দমনৰ বাবে ব্যৱস্থা হাতত লয়। তেওঁ অত্যন্ত নিষ্ঠুৰভাৱে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীসকলক হত্যা কৰোৱায়। তেওঁ কুকুৰেখোৱা গোঁহাই আৰু তেওঁৰ মাতৃ বৰকুঁৱৰীক হত্যা কৰোৱায় আৰু মাতৃৰ বুকুত পুতেকক পুতি মৈদাম দিয়ে। ইয়াৰ লগতে কুকুৰেখোৱা গোঁহাইৰ মোমায়েক সৰিয়হ বুঢ়াগোঁহাইক আৰু চেলেং বেজক হত্যা কৰে।

ৰজাঘৰীয়া দুখন সত্ৰ আউনীআটী আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা –

স্বৰ্গদেউ জয়ধ্বজ সিংহ হিন্দু ধর্মৰ একান্ত অনুগত আছিল। তেওঁৰ ৰাজত্বকালৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্ম অধিক শিপাবলৈ লয়। তেওঁ নিজৰ ৰাজত্বকালত আহোম ৰাজ্যত দুখন ৰাজসত্ৰ প্ৰতিষ্ঠা কৰে। তেওঁ নিৰঞ্জন বাপুক সত্ৰাধিকাৰ পাতি মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল। সেইবাবে তেওঁক “শৰণীয়া ৰজা” বুলিও অভিধা দিয়া হয়।

স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰা দ্বিতীয়খন সত্ৰ হৈছে দক্ষিণপাট সত্ৰ। মাজুলীতে মাটি-ভেঁটি দান কৰি বনমালীদেৱক সত্ৰাধিকাৰ পাতি জয়ধ্বজ সিংহই দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰে।

নগাৰ বিৰুদ্ধে অভিযান –

নগাসকলে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাকালৰে পৰাই মাজে-সময়ে উপদ্ৰৱ চলাইছিল। প্ৰতিবাৰেই আহোম ৰজাই তেওঁলোকক বশ্যতা স্বীকাৰ কৰোৱাইছিল কিন্তু তেওঁলোকে বশ মনা নাছিল। ১৬৫০ চনত পুনৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত নগাসকলে আহোম ৰাজ্যৰ অন্তৰ্গত সীমামূৰীয়া গাঁৱত সোমাই উপদ্ৰৱ কৰে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নগাসকলক দমন কৰিবলৈ অতি শীঘ্ৰে সৈন্যবাহিনী প্ৰেৰণ কৰিলে। আহোম সৈন্যই নগাসকলক অসমৰ ভূমিৰ পৰা বাহিৰ কৰিলে আৰু তেওঁলোকক অত্যাচাৰ কৰিলে যাতে ভয় খাই তেওঁলোকে পুনৰ আহোম ৰাজ্যত আক্ৰমণ নকৰে। কিন্তু কিছুদিনৰ বাবে শান্ত হৈ থাকি নগাসকলে পুনৰবাৰ আহোম ৰাজ্যৰ সীমান্তৱৰ্তী গাঁওসমূহত আক্ৰমণ চলালে। এইবাৰ পুনৰ স্বৰ্গদেউ জয়ধ্বজ সিংহই আহোম সৈন্য প্ৰেৰণ কৰিলে কিন্তু এইবাৰ নগাবিলাকে অতৰ্কিতে আক্ৰমণ কৰি আহোম সৈন্যৰ ক্ষতিসাধন কৰিলে। অৱশেষত, আহোম সৈন্যৰ নেৰানেপেৰা আক্ৰমণত নগাবিলাক জংঘললৈ পলায়ন কৰিলে আৰু নগা মুখিয়ালে আহোমৰ বশ্যতা স্বীকাৰ কৰিলে। আহোম বিষয়া-বৰ্গই নগাবিলাকক সন্তুষ্ট কৰিবলৈ এটা সৰু পাহাৰ তেওঁলোকক এৰি দিয়ে আৰু নগাসকলে ইয়াৰ বাবদ আহোম ৰাজ্যক কৰ শোধাই থাকিবলৈ গাত লয়।

মিৰিৰ বিৰুদ্ধে অভিযান –

১৬৫৫ খ্ৰীষ্টাব্দত মিৰিসকলে আহোম ৰাজ্যৰ সীমান্তৱৰ্তী গাঁও এখনত প্ৰৱেশ কৰি উপদ্ৰৱ চলালে আৰু আহোম ৰাজ্যৰ দুজন প্ৰজাক হত্যা কৰিলে। এই ঘটনাত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ ক্ৰোধিত হ’ল আৰু মিৰিসকলৰ বিপক্ষে আহোম সৈন্যবাহিনী প্ৰেৰণ কৰিলে। আহোম সৈন্যৰ আক্ৰমণত মিৰিসকল চেদেলি-ভেদেলি হৈ পৰিল। মিৰিসকলে আহোমসকলৰ বশ্যতা স্বীকাৰ কৰিলে আৰু বছৰি কৰ শোধাবলৈ সন্মত হ’ল।

জয়ন্তীয়া ৰাজ্যৰ সৈতে সম্পৰ্ক –

আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত জয়ন্তীয়া ৰাজ্যৰ সীমাত লাগি থকা দুটামান অঞ্চল আহোমৰ কৰতলীয়া আছিল। এই অঞ্চলকেইটা আছিল – ডিমৰুৱা, নেলী, গোভা আৰু শলা। জয়ন্তীয়া ৰাজ্যৰ ৰজাই আহোম ৰজালৈ এই অঞ্চলকেইটা খুজি কটকী পঠাইছিল। কিন্তু আহোম ৰজা জয়ধ্বজ সিংহই এই প্ৰস্তাৱ পোনতে নাকচ কৰে। সেইবাবে, জয়ন্তীয়া ৰজাই তেওঁলোকৰ সীমাত বেহা-বেপাৰ কৰা এজন আহোম বণিক জয়হৰি মুদৈক ধৰি লৈ যায় আৰু বন্দী কৰি ৰাখে। স্বৰ্গদেউ জয়ধ্বজ সিংহই এই বাৰ্তা পাই জয়ন্তীয়া ৰাজ্যলৈ কটকী প্ৰেৰণ কৰি অতি শীঘ্ৰে জয়হৰি মুদৈক মুক্তি দিবলৈ দাবী জনায়। জয়ন্তীয়া ৰজাই জয়হৰি মুদৈক মুকলি কৰি দিলে যদিও তেওঁৰ বেহা-বেপাৰৰ সকলো সামগ্ৰী ৰাখি থলে। আহোম ৰজা জয়ধ্বজ সিংহ এই ঘটনাত ক্ষুণ্ণ হয় আৰু সোণাপুৰত বেহা-বেপাৰ কৰা সকলো জয়ন্তীয়া লোকক বন্দী কৰে আৰু জয়ন্তীয়া ৰাজ্যৰ সৈতে বেহা-বেপাৰৰ সকলো পথ বন্ধ কৰি দিয়ে। প্ৰায় আঠবছৰ ধৰি আহোম-জয়ন্তীয়াৰ সকলো সম্বন্ধৰ ওৰ পৰিছিল। অৱশেষত, জয়ন্তীয়া ৰজাই আহোম ৰজালৈ কটকী প্ৰেৰণ কৰি মিত্ৰতাপাশত আবদ্ধ হৈ দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পেলায়।

নামনি অসম মোগলৰ হাতৰ পৰা অধিকাৰ –

স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হোৱা কলিয়াবৰৰ সন্ধিৰ পৰা বৰনদী আৰু অসুৰ আলি আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ হৈছিল। ফলত নামনি অসম মোগলৰ অধীনত আছিল। ১৬৫৮ চনত দিল্লীত মোগল সিংহাসনৰ বাবে খোৱা কামোৰা আৰম্ভ হৈছিল। মোগল সম্ৰাট ছাহজাহানৰ টান নৰিয়া হোৱাত তেওঁৰ চাৰিজন পুত্ৰৰ মাজত মোগল সাম্ৰাজ্যৰ সিংহাসনক লৈ গৃহযুদ্ধৰ সৃষ্টি হৈছিল। ফলত নামনি অসমত থকা মোগল সৈন্য সামন্তও অধিকাংশই দিল্লীলৈ বাট বুলিছিল। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই এই সোণালী সুযোগ এৰিব নুখুজিলে। কিন্তু ভৱিষ্যতে এই সুযোগ গ্রহণেই আহোম ৰাজ্যলৈ দুৰ্যোগ নমাই আনিছিল। পাত্ৰ-মন্ত্রীৰে আলোচনা কৰি জয়ধ্বজ সিংহই নামনি অসম অধিকাৰ কৰা অভিযান আৰম্ভ কৰিলে।

এটা শক্তিশালী সৈন্যবাহিনী লৈ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই গুৱাহাটী অভিমুখে বাট বুলিলে। আহোম সৈন্যই অতি মসৃণভাৱে গুৱাহাটী অধিকাৰ কৰিলে। সেইসময়তে কোঁচ ৰাজ্যৰ ৰজা প্ৰাণনাৰায়ণেও এই পৰিস্থিতিৰ সুবিধা লৈ মোগল শাসন উফৰাবলৈ যত্নপৰ হৈছিল। তেওঁ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যে আহোম আৰু কোঁচ একত্ৰিত হৈ যুদ্ধ কৰি মোগলক অসমৰ পৰা খেদিব আৰু জয়ী হোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ হ’ব কোঁচ ৰাজ্যৰ আৰু দক্ষিণপাৰে গুৱাহাটীলৈকে হ’ব আহোম ৰাজ্যৰ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ এই প্ৰস্তাৱত সন্মত নহ’ল আৰু গুৱাহাটীৰ পৰা আগুৱাই গ’ল। আহোম সৈন্যই কোঁচসকলক দুখন যুদ্ধত পৰাস্ত কৰিলে আৰু অৱশেষত সোণকোষ নদী পৰ্যন্ত আহোম ৰাজ্যৰ সীমা প্ৰসাৰিত কৰিলে। আহোমসকলে পৰৱৰ্তী প্ৰায় তিনিটা বছৰ শান্তিৰে এই নামনি অসম নিজৰ দখলত ৰাখিছিল। মোগল সম্ৰাট ঔৰংজেৱে মোগল সাম্ৰাজ্যৰ গৃহ বিবাদৰ বাবে এইক্ষেত্ৰলৈ মন-কাণ দিব পৰা নাছিল। আহোম সৈন্যই বংগদেশৰ বিভিন্ন অঞ্চল আৰু ঢাকা পৰ্যন্তও লুট-পাত চলাইছিল।

মিৰজুমলাৰ অসম আক্ৰমণ –

মিৰজুমলাৰ অসম আক্ৰমণ অসমৰ বাবে এক বেদনাদায়ক ঘটনা। মোগল সম্ৰাট ঔৰংজেৱে সাম্ৰাজ্যৰ আভ্যন্তৰীণ সকলো সমস্যা সমাধান কৰি তেওঁৰ একান্ত বিশ্বাসৰ পাত্ৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিলে। ১৬৬১ চনৰ নৱেম্বৰত মিৰজুমলাই লগত ১২০০০ অশ্বাৰোহী, ৩০০০০ পদাতিক সৈন্য, ৩২৩ খন যুদ্ধ নাওঁ আৰু এটা শক্তিশালী অস্ত্ৰ ভাণ্ডাৰ লৈ অসম আক্ৰমণ কৰে। প্ৰথমতে তেওঁ কোঁচ ৰাজ্য আক্ৰমণ কৰে আৰু কোঁচ ৰাজ্যৰ ৰজা প্ৰাণনাৰায়ণে ভয়ত বিতত হৈ মোগল সাম্ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰে।

কোঁচ ৰাজ্যক অধীন কৰি এইবাৰ মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দৰ ৪ জানুৱাৰীত আহোম ৰাজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। পোনপ্ৰথমে তেওঁ আহোম ৰজা জয়ধ্বজ সিংহক গুৱাহাটী মোগলৰ হাতত আত্মসমৰ্পণ কৰিবলৈ কৈ পত্ৰ প্ৰেৰণ কৰে কিন্তু স্বৰ্গদেউ জয়ধ্বজ সিংহই এই প্ৰস্তাৱ অগ্রাহ্য কৰে আৰু ইয়েই আহোম-মোগলৰ সংঘৰ্ষক চূড়ান্ত ৰূপ দিয়ে।

মিৰজুমলাই প্ৰথমে যোগীঘোপাৰ দুৰ্গ দখল কৰে। তাৰ আহোম সৈন্যবাহিনী পাণ্ডু আৰু শৰাইঘাটলৈ পিছুৱাই আহে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ এই বাতৰি পাই কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰু এজন কণিষ্ঠ আহোম বিষয়া মন্থীৰ ভঁৰালী বৰুৱাক আহোম সৈন্যৰ প্ৰধান সেনাপতি হিচাপে নিযুক্তি দিয়ে। আৰু এইটো তেওঁৰ এটা বৃহৎ ভুল আছিল। বহু জ্যেষ্ঠ আহোম বিষয়াই এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসহযোগ কৰিলে আৰু ইয়াৰ ফলত আহোম সৈন্যসকলৰ মাজত যোগাযোগৰ অভাৱ হ’ল। ফলত মোগল সৈন্যই হেলাৰঙে পাণ্ডু আৰু শৰাইঘাটৰ দুৰ্গ অধিকাৰ কৰিলে আৰু আহোম সৈন্য কাজলীলৈ পিছুৱাই আহিল। এইবাৰ আহোম সৈন্যই পূৰ্ণ শক্তিৰে চামধৰা আৰু শিমলুগড়ত অৱস্থান কৰিলে। আহোম সৈন্যই ব্যাপকভাৱে পিছুৱাই অহাত স্বৰ্গদেউ জয়ধ্বজ সিংহ অসন্তুষ্ট হ’ল।

চামধৰা দুৰ্গৰ পতন

এনেসময়তে এদিন নিশা আহোমৰ বেলতলা দুৰ্গত নিশা অতৰ্কিতে মোগলে আক্ৰমণ কৰে আৰু ১৬৬২ চনৰ ৪ ফেব্ৰুৱাৰীত গুৱাহাটী অধিকাৰ কৰে। এইবাৰ মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিবলৈ আগবাঢ়ে। ২০ ফেব্ৰুৱাৰীৰ দিনা মিৰজুমলা নেতৃত্বাধীন মোগল সৈন্য শিমলুগড়ত উপস্থিত হয় আৰু ২৫ ফেব্ৰুৱাৰীত শিমলুগড় অধিকাৰ কৰে। শিমলুগড়ৰ দৰে শক্তিশালী গড় এটা হেৰুওৱা আহোম পক্ষৰ বাবে মুঠেই ভাল ইংগিত নাছিল। শিমলুগড়ৰ পতন ঘটাত আহোম সৈন্যৰ মাজত ত্ৰাসৰ সৃষ্টি হ’ল আৰু চামধৰাত থকা আহোম সৈন্যবাহিনীয়ে তাত থকা সামগ্ৰীসমূহ নষ্ট কৰি সেই দুৰ্গ ত্যাগ কৰিলে। এনেদৰে চামধৰা দুৰ্গৰো পতন ঘটিল।

ইয়াৰ পাছতেই কলিয়াবৰত আহোম নৌ সৈন্যই ভয়ানক পৰাক্ৰমেৰে যুঁজ দিলে। প্ৰথমচোৱাত আহোম নৌ বাহিনীয়ে ভয়ানক বীৰত্ব প্ৰদৰ্শন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত মোগল নৌ বাহিনীয়ে জয়লাভ কৰে। মিৰজুমলা ক্ৰমান্বয়ে গড়গাঁৱলৈ আগুৱাই আহিল। মোগল সৈন্যই শলাগড় আৰু লখৌগড় অধিকাৰ কৰিলে। এনেসময়তে ডা-ডাঙৰীয়াৰ সৈতে মিলিত হৈ জয়ধ্বজ সিংহই মিৰজুমলালৈ শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিলে যদিও মিৰজুমলাই গড়গাঁৱত প্ৰৱেশ কৰিহে সন্ধিৰ কথা বিবেচনা কৰিব বুলি ক’লে।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পলায়ন আৰু মিৰজুমলাৰ গড়গাঁৱত প্ৰৱেশ –

পৰিস্থিতি বিষম দেখি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই তিনিজন গোঁহাইক ৰাজ্য ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰি পৰিয়ালসহ পাঁচ হাজাৰ লোক লৈ চৰাইদেউলৈ গ’ল আৰু তাৰপৰা টিপামলৈ আৰু শেষত নামৰূপত আশ্ৰয় গ্ৰহণ কৰিলে।

এনে সময়তে মিৰজুমলাই আহোম ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিলে আৰু তাত টাকাশাল পাতি ঔৰংজেৱৰ নামত মুদ্ৰা মাৰিলে। তাৰপাছত গড়গাঁৱত মীৰ মূর্তজাৰ নেতৃত্বত এটা সৈন্যবাহিনী থৈ মিৰজুমলাই মথুৰাপুৰত বাহৰ পাতিলে। এনেসময়তে অসমত বাৰিষাকাল আৰম্ভ হ’ল আৰু ই মোগল সৈন্যৰ মাজলৈ অসংখ্য দুখ-দুৰ্গতি কঢ়িয়াই আনিলে। মোগল সৈন্যৰ যোগাযোগ, খাদ্য সকলো বন্ধ হৈ পৰিল। মহামাৰী হৈ বহু সৈন্যই প্ৰাণ হেৰুৱাব লগা হৈছিল। মোগল সৈন্যসকলে নিজৰ লগত বাহন হিচাপে অনা ঘোঁৰাৰ মাংস খাবলগীয়াত পৰিল আৰু এনেসময়তে আহোম সেনাই গেৰিলা যুদ্ধ পদ্ধতি অৱলম্বন কৰিছিল আৰু ৰাতি ৰাতি চেগ বুজি মোগলক আক্ৰমণ কৰিছিল।

মীৰজুমলাৰ সৈতে সন্ধিৰ প্ৰস্তাৱ

অৱশেষত, মোগলৰ লগত কেৱল গড়গাঁও আৰু মথুৰাপুৰহে থাকিল। কিন্তু পুনৰ খৰালি কাল অহাত মোগল সৈন্য আকৌ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ তৎপৰ হ’ল। তেতিয়াই বাদুলী ফুকনে নিজ মাতৃভূমিক বিশ্বাসঘাটকতা কৰি মিৰজুমলাৰ লগত লগ হ’ল। মিৰজুমলাই বাদুলী ফুকনক কেঁকোৰা দোলা প্ৰদান কৰি ডেকাৰজা পাতিলে আৰু বাদুলী ফুকনে আহোম ৰজাক ধৰি মিৰজুমলাৰ সন্মুখত হাজিৰ কৰোৱাৰ পণ ললে। ইয়াৰ লগে লগেই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ লগত থকা একাংশ আহোম বিষয়াই মিৰজুমলাৰ পক্ষত যোগদান কৰিলে।

এনে সময়তে আহোম ৰজা জয়ধ্বজ সিংহই ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ জৰিয়তে মীৰজুমলালৈ সন্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰে। এনেদৰে কিছুদিন ধৰি সন্ধিৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰা হয়। আহোম ৰাজ্যৰ জলবায়ু মোগল সৈন্যই শুজিব নোৱাৰা, বংগদেশত হোৱা দুৰ্ভিক্ষ আৰু নিজৰ ৰোগাক্ৰান্ত শৰীৰৰ বাবে মিৰজুমলাই শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

ঘিলাঝাৰিঘাটৰ সন্ধি –

আহোম আৰু মোগলৰ মাজত যুদ্ধৰ সমাপ্তি ঘটাবলৈ স্বাক্ষৰিত হৈছিল ঘিলাঝাৰিঘাটৰ সন্ধি। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই বুকুত শিল থৈ একমাত্ৰ পুলিন-পুথাওৰ ৰাজ্যৰ অস্তিত্ব ৰক্ষা কৰিবলৈ এই সন্ধিত সন্মতি জনাইছিল। এই সন্ধি স্বাক্ষৰিত হৈছিল ১৬৬৩ খ্ৰীষ্টাব্দৰ ২২ জানুৱাৰীত। আহোম পক্ষৰ আতন বুঢ়াগোঁহাই আৰু মোগল পক্ষৰ ডিলিৰ খানে এই সন্ধিখনত স্বাক্ষৰ কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ আছিল –

১) আহোম ৰজা জয়ধ্বজ সিংহ আৰু টিপামৰ ৰজাই নিজৰ নিজৰ জীয়েকক দিল্লীৰ মোগল হেৰেমলৈ পঠিয়াব লাগিব।

২) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে আহোম ৰজাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ২০ হাজাৰ তোলা সোণ, ১ লাখ ২০ হাজাৰ তোলা ৰূপ আৰু ২০ টা হাতী(১৪ টা দঁতাল আৰু ৬ জনী মাখুন্দি) মোগলক দিব লাগিব।

৩) আহোম ৰজাই ৩০ হাজাৰ তোলা ৰূপ আৰু ৯০ টা হাতী মোগল সম্রাটলৈ এবছৰৰ ভিতৰতে তিনিটা সমান সমান কিস্তিত প্ৰেৰণ কৰিব লাগিব।

৪) ক্ষতিপূৰণৰ সকলো কিস্তি পূৰণ নোহোৱা পৰ্যন্ত বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই আৰু বৰফুকনৰ পুত্ৰক জামিনস্বৰূপে মোগল সাম্ৰাজ্যলৈ প্ৰেৰণ কৰিব লাগিব।

৫) আহোম ৰজাই বছৰি ২০ টাকৈ হাতী বাৰ্ষিক কৰ হিচাপে মোগল সাম্ৰাজ্যলৈ প্ৰেৰণ কৰিব লাগিব।

৬) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ভৰলী নদী আৰু দক্ষিণ পাৰে কলং নদী আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ সীমা হ’ব।

৭) আহোম ৰজাই দেশদ্ৰোহী বাদুলী ফুকনৰ লগতে সকলো বন্দীকে মুকলি কৰি দিব লাগিব।

স্বৰ্গদেউ জয়ধ্বজ সিংহই অত্যন্ত কঠোৰ হৃদয় লৈ নিজৰ জীয়ৰী ৰমণী গাভৰুক ঘিলাঝাৰিঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি মোগল হেৰেমলৈ পঠিয়াব লগা হৈছিল। মোগল হেৰেমলৈ গৈ তেওঁৰ নাম হৈছিল ৰহমত বানু বেগম। ঔৰংজেৱৰ পুত্ৰ আজমতৰালৈ তেওঁক বিয়া দিয়া হৈছিল।

মিৰজুমলাৰ উভটনি যাত্ৰা আৰু মৃত্যু –

ঘিলাঝাৰিঘাটৰ সন্ধিৰ পাছতেই মিৰজুমলাই আহোম ৰাজ্যৰ পৰা বংগদেশৰ ঢাকা অভিমুখে যাত্ৰা কৰে। ৰাছিদ খানক গুৱাহাটীৰ ফৌজদাৰ আৰু মহম্মদী বেগক কাজলীৰ থানাদাৰ পাতি মিৰজুমলাই অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰে। সেইসময়ত মিৰজুমলা অত্যাধিক ৰোগাক্ৰান্ত হৈ আছিল আৰু তেওঁ ঢাকাত উপস্থিত হ’বলৈ নাপালে। ১৬৬৩ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চ তাৰিখে মিৰজুমলাৰ মৃত্যু হয়।

ইতিহাসমতে মিৰজুমলাক মৰিবলৈয়ে মোগল সম্ৰাট ঔৰংজেৱে অসমলৈ পঠিয়াইছিল কিয়নো তেওঁৰ সাহাৰ্যতে ঔৰংজেৱ মোগল সম্ৰাট হৈছিল আৰু ঔৰংজেৱে ভয় খাইছিল যে মিৰজুমলাই ইচ্ছা কৰিলে তেওঁক সিংহাসনৰ পৰা নমাবও পাৰে। সেইসময়ত অসম যাদু-মন্ত্ৰৰ দেশ হিচাপে বিখ্যাত আছিল আৰু মিৰজুমলা অসমলৈ আহিলে পুনৰ যে ঘূৰি যাব নোৱাৰে সেই কথা ঔৰংজেৱে জানিছিল আৰু মিৰজুমলাক মৃত্যুমুখত পেলাবলৈয়ে তেওঁ মিৰজুমলাক অসম অভিযানৰ দায়িত্ব দিছিল।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ প্ৰত্যাৱৰ্তন –

মিৰজুমলাই গড়গাঁও এৰি যোৱাৰ পাছতেই আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নামৰূপৰ পৰা চৰাইদেউলৈ আহিল আৰু তাৰপৰা বকতালৈ আহিল। তেওঁ আহোম ৰাজধানী গড়গাঁৱলৈ গৈ তাৰ ধ্বংসাত্মক পৰিস্থিতি দেখি শোকত ব্যাকুল হ’ল আৰু গড়গাঁৱত থাকিবলৈ ইচ্ছা নকৰিলে। স্বৰ্গদেউ জয়ধ্বজ সিংহই বকতাতে থাকিলে।

অকৰ্মণ্য আৰু বিশ্বাসঘাটকসকলক শাস্তি আৰু বন্দীসকলক মুকলি চেষ্টা –

স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজকাৰ্যলৈ উভতি আহি পহিলাতে অকৰ্মণ্য আৰু বিশ্বাসঘাটক বিষয়াসকলক পদচ্যুত কৰিলে। মিৰজুমলাৰ আক্ৰমণৰ সময়ত সৈন্য ভালদৰে পৰিচালনা নকৰি গড় এৰি পলাই অহাৰ অপৰাধত তেওঁ বৰগোঁহাইক পদচ্যুত কৰি নিজ হাতে তৰোৱাল লৈ পিঠিত কোবাইছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ আন আন বিষয়াবৰ্গক পদচ্যুত কৰিছিল আৰু শাস্তি দিছিল।

ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ লগত আলচ কৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলৰ হাতত বন্দী হোৱা আহোমৰ বিষয়াসকলক পুনৰ মুকলি কৰি নিজ দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা হাতত ল’লে। অৱশেষত, ৰাছিদ খাঁক এক লাখ টকা দিয়াতহে বহুকেইজন আহোম বিষয়াক মুকলি কৰি দিলে।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ স্থাপত্য কলা –

বিংশতিতম আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই আহোম ৰাজ্যৰ প্ৰজাৰ উন্নয়নৰ হেতুকে ভালেমান প্ৰজাহিতকৰ কাম কৰি থৈ গৈছে। তেওঁ বিভিন্ন গড়, পুখুৰী আৰু আলি নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহই বাদুলী ফুকনৰ হতুৱাই চেউনি আলি নিৰ্মাণ কৰোৱাইছিল। ইয়াৰ বাহিৰেও তেওঁ আলিকেঁকুৰিৰ পৰা নামদাঙলৈ এটা আলি আৰু ভোমোৰাগুৰি আলি নিৰ্মাণ কৰোৱাইছিল।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত বন্ধোৱা কেইটামান গড় হৈছে মিছিমি, মাছখোৱা আৰু কেৰিমেৰি গড়। ১৬৫৩ খ্ৰীষ্টাব্দত তেওঁ অথাইসাগৰ পুখুৰী খন্দোৱাইছিল। তেওঁ ভটীয়াপাৰতো এটা পুখুৰী খন্দোৱাইছিল।

স্বৰ্গদেউ জয়ধ্বজ সিংহ এজন ধাৰ্মিক ব্যক্তি আছিল। হিন্দু ধর্মৰ বৈষ্ণৱ পন্থাৰ প্ৰতি তেওঁ অনুৰক্ত আছিল। বৰ্তমান বাসুদেৱ থানৰূপে বিখ্যাত নৰোৱা সত্ৰত থকা বাসুদেৱ মূৰ্তিটো স্বৰ্গদেউ জয়ধ্বজ সিংহই শদিয়াৰ পৰা আনি তাত স্থাপন কৰোৱাইছিল বুলি “ঠাকুৰ চৰিত্ৰ” নামৰ সাঁচিপতিয়া পুথি এখনত উল্লেখ আছে। ইয়াৰোপৰি তেওঁ স্থাপন কৰা দুখন ৰাজসত্ৰ আউনীআটী আৰু দক্ষিণপাট সত্ৰই আজিও গৌৰৱময় ঐতিহ্য বহন কৰি আছে।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যু –

মোগলৰ লগত হোৱা এই সংঘৰ্ষৰ সময়ত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ যথেষ্ট চিন্তাক্লিষ্ট হৈছিল আৰু তেওঁৰ শাৰীৰিক কষ্ট হৈছিল। স্বৰ্গদেউ বকতাতে বৰ টান নৰিয়াত পৰিল আৰু উঠিব নোৱাৰা হ’ল। তেওঁৰ ৰোগৰ কোনো উপশম নহ’ল। স্বৰ্গদেউ জয়ধ্বজ সিংহই নিজৰ জীয়াই থকাৰ কোনো আশা নেদেখিলে আৰু ডা-ডাঙৰীয়াসকলৰ সৈতে আলোচনা কৰি তেওঁৰ ভাতৃ চাৰিং ৰজাক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিবলৈ ক’লে। অৱশেষত ১৬৬৩ চনৰ নৱেম্বৰ মাহত প্ৰায় পোন্ধৰ বছৰ আহোম ৰাজ্যত ৰাজত্ব কৰি হৃদয়ত পৰাজয়ৰ শেল লৈ স্বৰ্গদেউ জয়ধ্বজ সিংহ স্বৰ্গগামী হ’ল।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকাল আছিল অতিকৈ ঘটনাবহুল। ৰাজ্যৰ বিস্তাৰ, ৰাজ্য হেৰুৱাই নিথৰুৱা হোৱা আদি সকলোয়েই তেওঁৰ মাত্ৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালত সন্নিৱিষ্ট হৈ আছে। অসমৰ ইতিহাসত স্বৰ্গদেউ জয়ধ্বজ সিংহক ভগনীয়া ৰজা হিচাপে জনা যায় আৰু তেওঁৰ ওপৰতে জাপি দিয়া হয় মিৰজুমলাৰ আক্ৰমণত পৰাজয়ৰ সকলো দুখ। জয়ধ্বজ সিংহ সেইজনেই আছিল যি শিৰনত কৰি নিজৰ আপোন পুত্ৰী ৰমণী গাভৰুক মাত্ৰ পাঁচ বছৰ বয়সতে মোগল হেৰেমলৈ পঠিয়াই দিছিল কিন্তু নিজৰ পিতৃ-পিতামহৰ ৰাজ্য ৰক্ষা কৰিছিল। জয়ধ্বজ সিংহ আছিল এজন স্বাধীনচিতিয়া ৰজা যি আহোম ৰাজ্যৰ সীমা বঢ়োৱাৰ সুযোগ লাভ কৰি সোণকোষ নদীলৈকে আহোম ৰাজ্যৰ সীমা পুনৰবাৰ প্ৰসাৰিত কৰিছিল।

সহায়ক গ্ৰন্থপঞ্জী –

১) ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ
২) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৩) A Comprehensive History of Assam – S L Barua

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] জয়ধ্বজ সিংহ বা চুতাম্লাৰ মৃত্যুৰ পাছত তেওঁৰ […]

Farhana Khatun
Farhana Khatun
2 years ago

History

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

2
0
Would love your thoughts, please comment.x
()
x