আজিৰ সংবাদ শীৰ্ষ
ৰাজ্যিক –
১) অসমৰ বিদ্যালয়সমূহত অন্ত পৰিছে গ্ৰীষ্ম বন্ধৰ। কিন্তু কোভিড পৰিস্থিতিৰ অন্ত নোহোৱালৈকে বন্ধ থাকিব বিদ্যালয়সমূহ। এতিয়া চলি থাকিব অনলাইন পাঠদান।
২) ছিপাঝাৰৰ ধলপুৰৰ অবৈধ বাংলাদেশীৰ দ্বাৰা বেদখলীকৃত ভূমি পৰিদৰ্শন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। অতি শীঘ্ৰে এমাহৰ ভিতৰতে আৰম্ভ হ’ব ইয়াৰ কাম।
৩) আৰম্ভ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ উপনদীসমূহ খননৰ অভিলাষী প্ৰকল্প। শদিয়াৰ কুণ্ডিল আৰু বালিজান নদীত আৰম্ভ কৰা হ’ব খনন।
৪) অসমৰ প্ৰতিজন মন্ত্ৰীৰ সৈতে গঠন কৰা হৈছে শাসকীয় দল চাৰি-পাঁচজন বিধায়কৰ গোট। প্ৰত্যেক মাহতেই দ্বিতীয় আৰু চতুৰ্থ মঙ্গলবাৰে বহিব এই গোটসমূহৰ বৈঠক।
৫) বিজুলী ভৱনত বৈঠকৰ পাছতে সংবাদমেলত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী বিমল বৰাৰ। বিদ্যুৎ চুৰি কাৰ্যৰ বাবে ৰাজ্যৰ শক্তি বিভাগৰ প্ৰতিমাহেই হৈছে প্ৰায় তিনিশ কোটি টকাৰ লোকচান। ৰাজ্য চৰকাৰে বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ ল’ব কঠোৰ পদক্ষেপ।
ৰাষ্ট্ৰীয়
১. দৈনিক ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দেশত মুদ্ৰাস্ফীতিৰ হাৰ বাঢ়িছে- প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমে কয়।
২. দেশত সোমবাৰে ৫৮,৪৬৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয় আৰু মৃত্যু হয় ২,৬৯৮ জন লোকৰ।
৩. ২৮ মে’ত কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা জাননীৰ সৈতে ‘কা’ৰ কোনো সম্পৰ্ক নাই- কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উচ্চতম ন্যায়লয়ক জনাই এই কথা। কেন্দ্ৰৰ এই জাননীখনত ৫ খন ৰাজ্যৰ ১৩ খন জিলাৰ উপায়ুক্তসকলক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অমুছলমান প্ৰবজনকাৰীসকলক নাগৰিকত্ব দিয়াৰ কথা কৈছিল।
৪. প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ এখন উচ্চ স্তৰীয় আলোচনাচক্ৰত মৰুভূমিকৰণ, ভূমিৰ অৱক্ষয় আৰু খৰাঙৰ ওপৰত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখে্তে কয়- মৰুভূমিকৰণ আৰু ভূমিৰ অৱক্ষয় উন্নয়নশীল দেশসমূহৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
৫. “ভগবান ৰামৰ নামত বিশ্বাসঘাকতা অধৰ্মীতাৰ লক্ষণ”- অযোধ্যাৰ ভূমি লেন-দেনৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়। ইতিমধ্যে কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু আম আদমী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলে অভিযোগ কৰিছে যে, শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ২ কোটি টকা মূল্যৰ এডোখৰ মাটি ১৮.৫ কোটি টকাত ক্ৰয় কৰিছে।
আন্তঃৰাষ্ট্ৰীয়
১. ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হব পুটিন আৰু বাইডেনৰ প্ৰথমখন মুখা-মুখি বৈঠক। ১৬ জুনত অনুষ্ঠিত হব এই বৈঠক।
২. ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ঘোষণা- আৰু চাৰি সপ্তাহলৈ দেশত চলি থাকিব লকডাউন। কৰোণা ভাইৰাছৰ ‘ডেল্টা ভেৰিয়েণ্টে’ ইংলেণ্ডত বৰ্তমানেও অব্যাবত ৰাখিছে সংহাৰ।
৩. বেলজিয়ামৰ ব্ৰাছেলছত অনুষ্ঠিত হৈছে নাটো সন্মিলন। ৩০ খন পশ্চিমীয়া দেশৰ সন্মিলিত সামৰিক শক্তি হৈছে নাটো। ৰাছিয়া আৰু চীনৰ কাৰ্যকলাপক লৈ বিশেষভাবে উদ্বিগ্ন হৈ পৰিছে নাটো।
৪. জি-৭ দেশৰ নেতাসকলৰ যুটীয়া বিবৃতিক লৈ অসন্তুষ্ট চীন। চীনে তেওঁলোকৰ দেশৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ আৰু তেওঁলোকৰ ওপৰত মিছা অপবাদ জাপি নিদিবলৈ জি-৭ দেশসমূহক আহ্বান জনাইছে।
৫. ব্ৰাজিলত নতুনকৈ ৩৭,৯৪৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১,১২৯ জনৰ। দেওবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে ঘোষণা কৰিছে এই কথা।
ক্ৰীড়া –
১)ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ’বলগা প্ৰথম বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী দলে লাভ কৰিব ১.৬ মিলিয়ন আমেৰিকান ডলাৰ আৰু টেষ্ট গদা(টেষ্ট মেক)।
২)ফুটবলৰ ৰম্যভূমিত অনুষ্ঠিত হৈছে কোপা আমেৰিকা। আৰ্জেন্টিনা-চিলিৰ ড্ৰ ১-১ গ’লত। পাৰাগুৱে, কলম্বিয়া আৰু ব্ৰাজিলৰ জয়লাভ।
৩)২০০৮ চনৰ বেইজিং অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী ইণ্ডোনেছিয়াৰ শ্বাটলাৰ মার্কিছ কিডোৰ মৃত্যু। কেৱল ৩৬ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰতিভাৱান শ্বাটলাৰগৰাকী।
৪)চলি আছে ইউৰো কাপ ফুটবল প্ৰতিযোগিতা,২০২১:চেক গণৰাজ্য, শ্লভাকিয়াৰ জয়লাভ। স্পেইন আৰু ছুইদেনৰ ড্ৰ ০-০ গ’লত।
৫)আই চি চিৰ মন্তব্য:এটা ব্যস্ত সময়সূচীৰ মাজত সম্ভৱ নহয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বেষ্ট অফ থ্ৰীৰ ফাইনেল।