আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চক্ৰধ্বজ সিংহ বা চুপুংমুং- একবিংশতিতম স্বৰ্গদেউ

( চক্ৰধ্বজ সিংহ বা স্বৰ্গদেউ চুপুংমুং আছিল আহোমৰ একবিংশতম স্বৰ্গদেউ। শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰা এই স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ)

স্বৰ্গদেউ জয়ধ্বজ সিংহ বা চুতাম্লাৰ মৃত্যুৰ পাছত তেওঁৰ অন্তিম ইচ্ছানুসৰিয়েই আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকলে তেওঁৰ সম্পৰ্কীয় ভাতৃ চাৰিং ৰজাক একবিংশতিতম আহোম স্বৰ্গদেউ হিচাপে আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰে। আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিয়েই চাৰিং ৰজাই হিন্দুমতে চক্ৰধ্বজ সিংহ আৰু আহোমমতে চুপুংমুং নাম গ্ৰহণ কৰে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আছিল চুহুংমুং বা দিহিঙীয়া ৰজাৰ পুত্ৰ দেওৰজা চুৰেংৰ নাতিয়েক। চক্ৰধ্বজ সিংহ এজন স্বাধীনচিতীয়া আৰু সাহসী ৰজা আছিল। তেওঁ অদম্য সাহসিকতাৰ নিদৰ্শন দাঙি ধৰি মোগলৰ বিৰুদ্ধে মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত এটা বিশাল সৈন্যবাহিনী গঠন কৰিছিল। তেওঁৰ ৰাজত্বকালত ভালেমান সৰু-বৰ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকল –

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বুঢ়াগোঁহাই আছিল আতন। আতন বুঢ়াগোঁহায়ে অত্যন্ত দুৰদৰ্শিতা প্ৰদৰ্শন কৰি স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ৰাজকার্য চলোৱাত সহায় কৰিছিল। লাঙিচঙ আছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালৰ বৰগোঁহাই।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দুজন লোকে এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বৰপাত্ৰগোঁহাই পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল লাঙি আৰু ল্যাত্যাও।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দুজন লোক এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল ক্ৰমে বেংখোৱা আৰু ঘোঁৰাকোঁৱৰ। তেওঁৰ ৰাজত্বকালত তিনিজন লোক এজনৰ পাছত আনজনকৈ বৰবৰুৱাৰ পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল ক্ৰমে ৰজাশহুৰ, ঘোঁৰাকোঁৱৰ আৰু লাচিত।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত নগাৰ বিৰুদ্ধে অভিযান –

পূৰ্বৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দৰেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহয়ো নগাসকলক দমন কৰিবলৈ অভিযান প্ৰেৰণ কৰিছিল। সেইসময়ত বানচঙীয়া নগাই বানফেৰা নগাক আক্ৰমণ কৰি তেওঁলোকৰ গাঁৱত উপদ্ৰৱ চলাইছিল। বানফেৰা নগাই বানচঙীয়া নগাক বলে পৰা নাছিল। সেইহেতুকে তেওঁলোকে আহোম ৰজা চক্ৰধ্বজ সিংহক বানচঙীয়া নগাৰ বিৰুদ্ধে সাহাৰ্য বিচাৰে। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই বানচঙীয়া নগাক দমন কৰিবলৈ এটা অভিযান প্ৰেৰণ কৰিলে। আহোম সেনাই বানচঙীয়া নগাক অতি কষ্টৰে পৰাস্ত কৰিলে আৰু তেতিয়াৰ পৰাই বানচঙীয়া নগা আৰু বানফেৰা নগাই চিৰদিনলৈ আহোম ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰিলে।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত মিৰিৰ বিৰুদ্ধে অভিযান –

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত মিৰিসকলৰ বিৰুদ্ধেও অভিযান প্ৰেৰণ কৰিছিল। সেইসময়ত মিৰিসকলে ডফলা আৰু চুতীয়াসকলৰ লগ লাগি আহোম ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ যো-জা কৰিছিল। কিন্তু আহোম ৰজা চক্ৰধ্বজ সিংহই প্ৰেৰণ কৰা বৃহৎ সৈন্যদল দেখি মিৰিসকলে আহোমসকলৰ বশ্যতা স্বীকাৰ কৰে।

মোগল সম্ৰাট ঔৰংজেৱৰ আহোম ৰজা চক্ৰধ্বজ সিংহক অপমান –

আহোম ৰাজ্যৰ লগত মোগল সাম্ৰাজ্যৰ সন্ধি স্থাপন হোৱাত মোগল সম্ৰাট ঔৰংজেৱে দূৰবেগ, ৰুস্তমবেগ, তাজা খা আৰু শ্বেইখ কমল কটকীৰ হতুৱাই আহোম ৰজা জয়ধ্বজ সিংহলৈ বঁটা-বাহন আৰু বশ্যতাৰ চিনৰূপে শিৰপাও প্ৰেৰণ কৰিলে। কিন্তু তেতিয়ালৈ জয়ধ্বজ সিংহৰ মৃত্যু হৈছিল আৰু চক্ৰধ্বজ সিংহ আহোম সিংহাসনত আৰোহণ কৰিছিল। সেয়ে গুৱাহাটীৰ ফৌজদাৰ ৰাছিদ খাই এই বঁটা-বাহন আৰু শিৰপাও চক্ৰধ্বজ সিংহলৈ প্ৰেৰণ কৰিলে।

চক্ৰধ্বজ সিংহ এজন স্বাধীনচিতীয়া আৰু আত্মঅভিমানী ৰজা আছিল তেওঁ কেতিয়াও আনৰ তলত থাকিব ইচ্ছা প্ৰকাশ কৰা নাছিল। দিল্লীৰ পৰা মোগল সম্ৰাট ঔৰংজেৱে প্ৰেৰণ কৰা উপহাৰ আৰু শিৰপাও গ্ৰহণ কৰিবলৈ অমান্তি হ’ল। কিন্তু সেইসময়ত আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰ লগত আলোচনা কৰি ৰাজ্যৰ ভৱিষ্যতৰ কথা ভাবি মোগল কটকীয়ে অনা সেই উপহাৰ আৰু শিৰপাও গ্ৰহণ কৰিলে কিন্তু চল কৰি শিৰপাও পাছফালে নি বৰভাণ্ডাৰত থলে কিন্তু পৰিধান নকৰিলে। ঔৰংজেৱৰ কটকীয়ে আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক সেৱা নকৰিলে কিন্তু পৰিৱেশ-পৰিস্থিতিৰ কথা চিন্তা কৰি সকলোৱে সৌজন্যতা প্ৰদৰ্শন কৰিলে। মোগল কটকী উভতিব লওঁতে আহোম ৰজাই মোগল সম্ৰাট ঔৰংজেৱলৈ বিভিন্ন উপহাৰ প্ৰেৰণ কৰিলে আৰু কটকীক ২০০ সোণ আৰু ২০০০ ৰূপ দি বিদায় দিলে। তেওঁলোকৰ লগতে অসমৰ সনাতন আৰু চন্দ্ৰ কন্দলীক কটকীৰূপে দিল্লীৰ মোগল ৰাজসভালৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছতেই পুনৰ ৰাছিদ খাই শ্বেইখ কমলক কটকীৰূপে আহোম ৰাজসভালৈ প্ৰেৰণ কৰিলে আৰু মোগলক দিবলৈ বাকী থকা কৰ দিবলৈ ক’লে। সেইসময়ত ৰাছিদ খাৰ কটকীৰূপে অহা শ্বেইখ কমলে আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক সেৱা কৰা নাছিল কিন্তু বাধ্যত পৰি সেৱা জনালে। আহোম ৰজা চক্ৰধ্বজ সিংহই এনেদৰে মোগলক কেইবাটাও কিস্তিত তেওঁলোকৰ পাব লগা ধন প্ৰেৰণ কৰিলে কিন্তু সকলো ধন নোপোৱাৰ অজুহাতত জামিনস্বৰূপে নিয়া আহোম ডা-ডাঙৰীয়াৰ পুত্ৰসকলক এৰি নিদিলে।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মোগলৰ বিৰুদ্ধে যুদ্ধৰ যো-জা –

এই সকলো পৰিস্থিতিৰ মুখামুখি হৈ স্বাধীনচিতীয়া আহোম ৰজা চক্ৰধ্বজ সিংহৰ ধৈৰ্যৰ বান্ধ খোল খোৱাৰ উপক্ৰম হ’ল। মোগলক অসমৰ পৰা বাহিৰ কৰাৰ উদ্দেশ্যেৰে উপায় উলিয়াবলৈ ১৬৬৫ চনৰ মাৰ্চ মাহত পাত্ৰ-মন্ত্ৰীসকলৰ বৈঠক আহ্বান কৰিলে। তেওঁ এই বৈঠকত মন্ত্ৰীসকলক উদ্দেশ্যি তেওঁ যে মোগলৰ কৰতলীয়া হৈ থাকিব নোৱাৰে সেই কথা জনালে। ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহায়ে তেতিয়া ক’লে যে একেদিনাই মোগলক পৰাভূত কৰা সম্ভৱ নহয় ইয়াৰ বাবে আমাক সঠিক পৰিকল্পনা আৰু সময় লাগিব।

ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ দূৰদৰ্শী পৰামৰ্শ অনুসৰিয়েই মোগলক অসমৰ পৰা খেদিবলৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই দুবছৰব্যাপী যুদ্ধৰ আয়োজন কৰে আৰু বৰফুকন অৰ্থাৎ আহোম সৈন্যৰ প্ৰধান সেনাপতিৰূপে নিযুক্তি দিয়ে লাচিত বৰফুকনক। এই ৰণৰ আয়োজনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নিজেই তত্বাৱধান লৈছিল আৰু প্ৰশিক্ষণো প্ৰদান কৰিছিল। দিনে-নিশাই ৰণুৱা আৰু বনুৱা সকলো ব্যস্ত হৈ পৰিছিল যুদ্ধৰ প্ৰস্তুতিত নিজৰ অৱদান দিয়াত। অস্ত্ৰ তৈয়াৰী কাৰখানা আৰু কমাৰশাল স্থাপন কৰি ব্যাপকভাৱে অস্ত্ৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰোপৰি খাৰ, গোলা, বৰটোপ, নৌকা আদিও প্ৰস্তুত কৰা হৈছিল। সৈন্যবাহিনীৰ সংগঠনত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিল। অৱশেষত ১৬৬৭ খ্ৰীষ্টাব্দত ৰণৰ প্ৰস্তুতি প্ৰায় অন্ত পৰিছিল আৰু মোগলক খেদিবলৈ আহোম সেনা ব্যগ্ৰ হৈ পৰিছিল।

গুৱাহাটী উদ্ধাৰ আৰু মানাহলৈ সীমা বিস্তাৰ –

সকলো ধৰ্মীয় কাৰ্য সমাপন কৰি ১৬৬৭ খ্ৰীষ্টাব্দৰ ৩ ভাদৰ দিনা লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰৰ বাবে যাত্ৰাৰম্ভ কৰিলে। আহোম সৈন্যই কলিয়াবৰত শিবিৰ পাতিলে আৰু পোনপ্ৰথমে লাচিত বৰফুকনৰ নেতৃত্বত কাজলী আৰু বাঁহবাৰী দুৰ্গ আহোমে পুনৰুদ্ধাৰ কৰে আৰু মোগল সৈন্য পিছুৱাই যায়। মোগল সৈন্য এই আকস্মিক আক্ৰমণৰ বাবে কেতিয়াও সাজু হৈ থকা নাছিল। আহোম সৈন্যই এই আক্ৰমণত মোগলৰ হাতৰ পৰা যথেষ্ট অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিলে। ইয়াৰ পাছতেই লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই গুৱাহাটী আৰু পাণ্ডুৰ মোগলৰ কোঠ অৱৰোধ কৰে আৰু দুমাহৰ অন্তত এই কোঠ অধিকাৰ কৰি ভালেমান ধন-বিতৰ লগতে অস্ত্ৰ-শস্ত্ৰ অধিকাৰ কৰে। সৈন্যবিলাকৰ উৎসাহ বৃদ্ধি কৰিবলৈ লাচিত বৰফুকনে এই টকা সৈন্যৰ মাজত বিলাই দিছিল।

ইয়াৰ পাছতেই লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই দুঃসাধ্য সাধন কৰে ইটাখুলি দুৰ্গ অধিকাৰ কৰি। ইটাখুলি অধিকাৰ কৰাৰ পাছতেই নামনি অসমৰ বিস্তৰ আহোম সৈন্যই দখল কৰে আৰু মোগল সৈন্যক মানাহ নদী পাৰ কৰি থৈ আহেগৈ। এই আক্ৰমণত চৈয়দ চানা, মীৰ বক্সি আৰু চৈয়দ ফিৰোজকে ধৰি অসংখ্য মোগল সৈন্য আহোম সৈন্যই বন্দী কৰে। মাত্ৰ দুমাহৰ ভিতৰতে আহোম সৈন্যই মোগলক খেদাই নামনি অসম পুনৰুদ্ধাৰ কৰে। এই বাৰ্তা পাই স্বৰ্গদেউ চক্ৰধ্বজ সিংহ প্ৰফুল্লিত হয় আৰু কয় “এতিয়াহে মই ভাতমুঠি শান্তিৰে খাব পাৰিম।”

অসমলৈ ৰামসিংহৰ আগমন –

নামনি অসম পুনৰ আহোম সৈন্যই অধিকাৰ কৰাৰ বাতৰি পাই মোগল সম্ৰাট ঔৰংজেৱে ৰামসিংহক সেনাপতি পাতি অসমলৈ প্ৰেৰণ কৰে। সেই বিষয়ে অৱগত হৈ আহোম সৈন্যই লাচিত বৰফুকনৰ নেতৃত্বত দুগুণ উৎসাহেৰে ৰণৰ প্ৰস্তুতিত লাগিল। আমিনগাঁৱৰ ওচৰৰ এটা দুৰ্গ একেৰাতিতে নিৰ্মাণ কৰা কাৰ্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে নিজে মোমায়েক(কিছুমানে মতে মোমেই অৰ্থাৎ সেইসময়ৰ গড় নিৰ্মাণকাৰী অভিযন্তা)ক কাটি দুছেও কৰে আৰু সেই গড়ক আজিও মোমাই কটা গড় নামে জনা যায়। এই কঠোৰতম শাস্তিৰ ফলত সকলো সৈন্যই নিয়মানুৱৰ্তী হ’ল।

১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহ ৰঙামাটিত উপস্থিত হ’ল। তাৰপৰা মানাহত আহোম আৰু মোগল সৈন্য মুখামুখি হয় কিন্তু মোগল সৈন্যই আহোম সৈন্যক পৰাভূত কৰে। সেই দেখি আহোম সৈন্য গুৱাহাটীলৈ পিছুৱাই আহিল। ৰামসিংহই আগুৱাই আহি হাজোত সৈন্য শিবিৰ স্থাপন কৰিলে। আহোম সৈন্যৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাছিল বাবে লাচিত বৰফুকনে ৰণ কিছু পিছুৱাবলৈ চেষ্টা কৰিলে। ৰামসিংহই সন্ধিৰ প্ৰস্তাৱ দিছিল যদিও আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অস্বীকাৰ কৰিলে।

সেইসময়তে লাচিত বৰফুকনে সকলোকে সাৱধানবাণী শুনালে যে কৰ্তব্যত অৱহেলা কৰা ব্যক্তিক তেওঁ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বিনা অনুমতিতেই শিৰচ্ছেদ কৰিব। ৰাজদূতে এই বিষয়ে চক্ৰধ্বজ সিংহক জনায়। তেওঁ গম পাই মন্ত্ৰী পৰিষদৰ সৈতে আলোচনাত বহে। তেতিয়া চক্ৰধ্বজ সিংহৰ কুঁৱৰীয়ে পৰ্দাৰ আঁৰৰ পৰাই কয় যে লাচিত বৰফুকনৰ অভিলাষী প্ৰকল্পমতে আগুৱাই গলেহে আহোম ৰাজতন্ত্ৰ ৰক্ষা পৰিব আৰু বঙালক খেদাব পৰা যাব। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই গমি-পিতি লৈ লাচিত বৰফুকনৰ এই কাৰ্যক সমৰ্থন কৰিলে।

ইয়াৰ পাছত ৰামসিংহ আৰু লাচিত বৰফুকনৰ মাজত তৰ্কযুদ্ধ চলি থাকিল আৰু আহোম-মোগল সৈন্যৰ মাজত সৰু-সুৰা যুদ্ধ সংঘটিত হ’ল কিন্তু তাৰ পৰা কোনো ফলাফল নোলাল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ধৈৰ্যৰ বান্ধ খোল খালে। তেওঁ লাচিত বৰফুকনক আদেশ দিলে যে অতি সোনকালে মোগলৰ লগত যুদ্ধ শেষ কৰিব লাগে।

আলাবৈৰ ৰণ –

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশ লাভ কৰি লাচিত বৰফুকন যুদ্ধৰ বাবে ইচ্ছা নথকা স্বত্বেও সাজু হ’ল আৰু আলাবৈ পৰ্বতৰ দক্ষিণফালে আহোম মোগলৰ মাজত তয়া-ময়া ৰণ লাগে। এই যুদ্ধত প্ৰথম অৱস্থাত আহোম সৈন্যই অগ্ৰগতি লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত আহোম সৈন্য ধ্বংসস্তুপত পৰিণত হয় আৰু একেদিনাই ১০ হাজাৰ তেজাল আহোম সৈন্য ৰণত পৰে। লাচিত বৰফুকন এই যুদ্ধত পৰাজিত হৈ হতাশ হয় আৰু সেইসময়তে লাচিতক সাহস দিয়ে আতন বুঢ়াগোঁহায়ে।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু –

আলাবৈ যুদ্ধত পৰাজয়ৰ বাতৰি পাই আহোম ৰজা চক্ৰধ্বজ সিংহ ব্যথিত হৈছিল আৰু এই দুখৰ ফলতে তেওঁ ভাগি পৰে আৰু ১৬৭০ চনৰ এপ্ৰিল মাহত স্বৰ্গদেউ চক্ৰধ্বজ সিংহ স্বৰ্গী হয়। অসমক মোগলৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰাৰ সপোন বুকুত লৈয়েই মাত্ৰ সাতবছৰ ৰাজত্ব কৰিয়েই এই স্বাধীনচিতীয়া ৰজাজন মৃত্যুমুখত পৰে।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সকলোৰে বাবে আদৰ্শ। তেওঁ যি স্বাধীনচিতীয়া মনোভাৱ প্ৰদৰ্শন কৰি আহোম ৰাজ্যৰ পৰা বিদেশী মোগলক বহিষ্কাৰ কৰাৰ পৰিকল্পনা কৰিছিল সেইয়া সেইসময়ত তেওঁৰ বাদে আন কোনোবা স্বৰ্গদেউ হোৱাহেঁতেন কৰিব নোৱাৰিলেহেঁতেন। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৰিকল্পনাৰ বাবেই তেওঁৰ মৃত্যুৰ পাছতো  শৰাইঘাটৰ ৰণত আহোম সৈন্যই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁ কিছুমান ক্ষেত্ৰত অদূৰদৰ্শী আছিল। তেওঁৰ অদূৰদৰ্শিতাৰ বাবেই আলাবৈ ৰণত একেদিনাই দহ হাজাৰ আহোম সৈন্য ৰণত পৰিছিল। মোগলৰ পৰা গুৱাহাটী তথা নামনি অসম উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ থকা বাবে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আহোম ৰাজ্যৰ আন আন কাৰ্যত বৰ বিশেষ মনোযোগ দিব পৰা নাছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালতে মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰই প্ৰতিষ্ঠা লাভ কৰে। এজন স্বাধীনচিতীয়া তথা সাহসী স্বৰ্গদেউ হিচাপে চক্ৰধ্বজ সিংহৰ চিনাকি চিৰদিনৰ বাবে থাকি যাব।

সহায়ক গ্ৰন্থপঞ্জী –

১)ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ

২)লাচিত বৰফুকন – ডঃ সূৰ্যকুমাৰ ভূঞা

৩)সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা

৪) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা

2.5 2 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত একবিংশতিতম আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ স্বৰ্গগামী হয়। তেখেতৰ মৃত্যুৰ […]

1
0
Would love your thoughts, please comment.x
()
x